মে মাহৰ বিশেষ দেওবাৰটো

পল্লৱী  শইকীয়া

জন্ম আৰু মৃত্যু এই দুইমূৰ সংযোগী জীৱনটো অতিবাহিত কৰিবলৈ যাওঁতেই আমি বহুতো সম্বন্ধৰে বান্ধ খাই পৰোঁ ৷ প্রথমে কাৰোবাৰ জীয়ৰী, তাৰ পিছত কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী আৰু সময়ৰ প্রবাহত গৈ মাতৃত্ব অর্জনৰ সুখখিনিও এই জীৱনেই দান কৰে ৷ এটি সন্তান গর্ভত ধাৰণ কৰাৰ পৰা এগৰাকী নাৰীৰ এটা নতুন পৰিচয় হয় এগৰাকী মাতৃ হিচাপে ৷ মা এটি মাথোঁ শব্দ নহয়, মা হৈছে মৰমৰ সাগৰ, ধৈর্যৰ ভঁৰাল, শক্তিৰ অন্য এক ৰূপ ৷ Every mother in the world has gigantic hearts” এগৰাকী মাতৃৰ হূদয়ৰ বিশালতাক কেতিয়াও কোনেও জুখিব নোৱাৰে ৷ এগৰাকী মাতৃৰ বাবে জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰটিয়েই হৈছে তেওঁৰ সন্তান ৷ সন্তানৰ সুখেহ তেওঁৰ হূদয়খন পোহৰাই ৰাখে ওৰে জীৱন ৷ জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্রজ্ঞ হৈ ৰয় প্রতিগৰাকী মাতৃ ৷

বিশ্বৰ বিভিন্ন প্রান্তৰ ইতিহাসত বিভিন্ন সময়ত মাতৃসকলৰ অৱদানক সন্মান জনাই একো একোটা উৎসৱ পালন কৰা হৈ আহিছে ৷ আনকি গ্রীক আৰু ৰোমান সভ্যতাতো এনে ধৰণৰ উৎসৱ পালন কৰাৰ উদাহৰণ আছে ৷ ইংলেণ্ডত এসময়ত মাদাৰিং ছানডে বুলি এক বিশেষ উৎসৱ প্রচলিত আছিল ৷ বিশ্বায়নৰ ইতিবাচক প্রভাৱে বিশ্বৰ অন্য প্রান্তত ঘটা ভাল ঘটনাৰ দ্বাৰা আমাকো প্রভাৱিত হবলৈ শিক্ষা দিয়ে ৷ বিশ্বৰ অন্য প্রান্তত প্রচলিত ভাল ভাল দেশাচাৰবোৰৰ বিষয়ে আমি অৱগত হোৱাৰ লগতে অনুসৰণ কৰাও সুচল হৈ পৰিল ৷ মাতৃ দিৱসেই ইয়াৰ উৎকৃষ্ট নিদর্শন ৷ মাতৃসকলৰ কষ্ট আৰু মহত্ত্বপূর্ণ ত্যাগক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া তথা তেওঁলোকক উপযুক্ত সন্মান আৰু শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্রৰ আন্না জাৰৱিছ (Anna Jarvis) নামৰ মহিলাগৰাকীয়ে ১৯০৮ চনত তেওঁৰ মাতৃ এন মাৰিয়া জাৰৱিছৰ সোঁৱৰণত যুক্তৰাষ্ট্রৰ পশ্চিম ভার্জিনিয়া প্রদেশৰ গ্রেফটন চহৰত থকা ছেইণ্ঢ এণ্ডব্রুজ মেথডিষ্ট চার্চ নামৰ গির্জাঘৰটোত এক ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে ৷ আন্নাৰ মাতৃ এন মাৰিয়া জাৰৱিছ আছিল আমেৰিকাৰ চিভিল ৱাৰত আঘাতপ্রাপ্ত সৈনিকসকলৰ সহায়ৰ বাবে নিয়োজিত এগৰাকী শান্তিকর্মী ৷ এগৰাকী সমাজকর্মী হিচাপেও সুখ্যাতি আছিল এন মাৰিয়া জাৰৱিছৰ ৷ এঘাৰটা কণ কণ সন্তানৰ লালনপালন আৰু নিজৰ ব্যক্তিগত কর্তব্য সুচাৰুৰূপে পালন কৰিবলৈ সকলো সময়তে দৌৰাঢপৰা কৰি ফুৰা মাকৰ কষ্ট আৰু ত্যাগ সৰুৰে পৰাহ প্রত্যক্ষ কৰিছিল আন্নাই ৷ সেয়ে আন্না আছিল সৰুৰে পৰাই মাকৰ প্রতি অত্যন্ত মৰমিয়াল আৰু শ্রদ্ধাশীল ৷ মাকৰ চেষ্টা আৰু অনুপ্রেৰণাত নিজকে এগৰাকী সফল মহিলাৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আন্নাই এদিন মাকক সুধিছিল জীয়ৰী হিচাপে তেওঁৰ পৰা মাকে কি বিচাৰে ৷ আন্নাৰ এহ প্রশ্নৰ উত্তৰত মাতৃ এন জাৰৱিছে কৈছিল, ব্যক্তিগতভাৱে মই তোমাৰ পৰা একো নিবিচাৰোঁ ৷ কিন্তু মাতৃ হিচাপে এগৰাকী মহিলাই পৰিয়াল, সমাজ আৰু ৰাষ্ট্র নির্মাণত গ্রহণ কৰা অনানুষ্ঠানিক ভূমিকাক শ্রদ্ধাসহকাৰে সন্মান জনোৱাৰ স্বার্থতেই এটা বিশেষ দিন, যাতে মাতৃসকলৰ নামত উৎসর্গিত হয় তাৰ কাৰণে তুমি কিবা এটা পদক্ষেপ আগববাব ৷ প্রতিগৰাকী মাতৃয়ে সম্পূর্ণ অনানুষ্ঠানিকভাৱে পালন কৰি অহা গধুৰ দায়িত্ব আৰু কর্তব্যক স্বীকৃতি দিয়া হওক আনুষ্ঠানিকভাৱে, সেয়াই মোৰ ইচ্ছা ৷ জন্মদাত্রী মাতৃৰ লগতে সমগ্র মাতৃ জাতিটোৰ প্রতি গভীৰভাৱে শ্রদ্ধাশীল আন্না জাৰৱিছে সেয়ে যৎপৰোনাস্তি চেষ্টা কৰিছিল মাকৰ এই ইচ্ছাক বাস্তৱায়িত কৰিবলৈ ৷ ইতিমধ্যে ১৯০৫ চনৰ ৯ মে মে মাহৰ দ্বিতীয় দেওবাৰ তাৰিখে আন্নাৰ মাতৃ এন জাৰৱিছৰ মৃত্যু হৈছিল ৷ মাকৰ মৃত্যুৰ পিছত আন্নাই মাকৰ প্রতি শেষ শ্রদ্ধা তর্পণৰ একমাত্র উপায় হিচাপে বাছি লৈছিল মাকৰ ইচ্ছাক বাস্তৱায়িত কৰাৰ সংকল্প ৷ আন্নাৰ নেৰানেপেৰা চেষ্টা আৰু প্রচাৰৰ ফলস্বৰূপে ১৯০৮ চনত প্রথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ গ্রেফটন চহৰত থকা ছেইণ্ঢ এণ্ডব্রুজ মেথডিষ্ট চার্চত আনুষ্ঠানিকভাৱে অথচ সীমিত পৰিসৰত মাতৃ দিৱস উদ্যাপন কৰা হয় ৷ গ্রেফটনৰ গির্জাঘৰত সীমিত পৰিসৰত আয়োজন কৰা মাতৃ দিৱসৰ এই অনুষ্ঠানে অতি সোনকালেই আমেৰিকাৰ ফিলাডেলফিয়া, পেনচিলভেনিয়া আদিকে ধৰি আন আন প্রদেশবোৰৰ পৰাও সঁহাৰি লাভ কৰিলে ৷ এই সঁহাৰি আৰু সমর্থনত উৎসাহিত হৈ আন্নাই তেওঁৰ মাতৃ এন জাৰৱিছৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি প্রত্যেক বছৰৰ মে মাহৰ দ্বিতীয় দেওবাৰৰ দিনটো মাতৃ দিৱস হিচাপে উদ্যাপন কৰি চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ আমেৰিকাৰ তদানীন্তন চৰকাৰক আহ্বান জনায় ৷ কিছুদিন কথাবতৰা, যুক্তিতর্কৰ অন্তত জাৰৱিছৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁৰ গৃহৰাজ্য পষ্চিম ভার্জিনিয়া প্রদেশ চৰকাৰে ১৯১০ চনত মাতৃ দিৱসৰ দিনটোত স্থানীয় বন্ধ ঘোষণাৰে মাতৃ দিৱসক চৰকাৰীভাৱে আনুষ্ঠানিকতা প্রদান কৰি বাটকটীয়াৰ নিদর্শন দাঙি ধৰে ৷

ইতিমধ্যেই আন্না জাৰৱিছৰ এই চিন্তাই এক সুদূৰপ্রসাৰী প্রচাৰ লাভ কৰিছিল ৷ ১৯১২ চনত আন্না জাৰৱিছে ছেকেণ্ড ছানডে ইন মে আৰু মাডার্ছ ডে ইণ্টাৰনেচনেল এছচিয়েচন গঠন কৰে ৷ বিশ্বৰ  বহুকেইখন দেশে আন্নাৰ এই মহৎ চিন্তাৰ সমর্থনত আগবাঢ়ি আহি মাতৃ দিৱস উদ্যাপনৰ আনুষ্ঠানিক কার্যসূচী হাতত লৈছিল ৷ ১৯১৪ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ তদানীন্তন ৰাষ্ট্রপতি উদ্র উইলছনে আন্না জাৰৱিছৰ এই চিন্তা আৰু প্রচেষ্টাক আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় স্বীকৃতি প্রদান কৰে আৰু এক ঘোষণাৰ জৰিয়তে মে মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোত সমগ্র দেশখনতে মাতৃ দিৱস উদ্যাপনৰ জৰিয়তে মাতৃসকলক প্রাপ্য সন্মান আৰু শ্রদ্ধা জ্ঞাপনৰ ব্যৱস্থা কৰি চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে ৷ ইয়াৰ লগে লগে মাতৃৰ ইচ্ছা তথা আন্নাৰ সপোনে এক সার্থক ৰূপ লাভ কৰে ৷ পৰৱর্তী পর্যায়ত অষ্ট্রেলিয়া, কানাডা, চীন, ডেনমার্ক, ভাৰত, ছিংগাপুৰ, বাংলাদেশ, পাকিস্তান, বেলজিয়াম, ইটালী আদিকে ধৰি বিশ্বৰ অধিকাংশ দেশে আমেৰিকা যুক্তৰাষ্ট্রৰ আর্হিতে প্রত্যেক বছৰৰ মে মাহৰ দ্বিতীয় দেওবাৰটোত মাতৃ দিৱস পালন কৰিবলৈ সিদ্ধান্ত লয় ৷ অৱশ্যে বিশ্বৰ বেছিভাগ দেশেই মে মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোত মাতৃ দিৱস পালন কৰি আহিছে যদিও বর্তমানলৈকে মাতৃ দিৱস উদ্যাপনৰ বাবে আন্তর্জাতিকভাৱে কোনো উমৈহতীয়া তাৰিখ সুনির্দিষ্ট কৰা হোৱা নাই ৷

আমেৰিকা যুক্তৰাষ্ট্রত মাতৃ দিৱসৰ দিনটো এটা চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ পিছত বাণিজ্যিক প্রতিষ্ঠানসমূহে, বিশেষকৈ হলমার্ক কার্ডচ্ নামৰ এটা প্রতিষ্ঠানে নানান ৰকমৰ গ্রিটিংচ কার্ড আৰু জাকজমকীয়া উপহাৰ বজাৰত মুকলি কৰি দিয়ে ৷ লাহে লাহে গোটেই উৎসৱটোৱেই বাণিজ্যকেন্দ্রিক হৈ পৰিল ৷ ইয়াকে দেখি আন্না জাৰৱিছ উদ্বিগ্ন  হৈ পৰে আৰু মাতৃ দিৱসৰ প্রকৃত অর্থ বাণিজ্যিকীকৰণৰ প্রভাৱত লোপ পোৱাৰ আশংকাত হলমার্ক কার্ডচ্ৰ ওপৰত আহনী ব্যৱস্থা গ্রহণ কৰাৰ কথা ঘোষণা কৰে ৷ মাতৃ দিৱস আৰম্ভ হৈছিল মাতৃৰ প্রতি থকা মৰমচেনেহক মূল ভেটি হিচাপে লৈ ৷ কিন্তু বাণিজ্যিকীকৰণে ইয়াৰ  অর্থটো নাইকিয়া কৰি মুনাফাকেন্দ্রিক জাকজমকীয়া দিনলৈ ৰূপান্তৰিত কৰিলে ৷ মুনাফাৰ গহনা লৈ বাণিজ্যিক প্রতিষ্ঠানসমূহে সমগ্র বিশ্বতে মাতৃ দিৱসক জনাজাত কৰায় যদিও আমি আজি যি মাতৃ দিৱস উদ্যাপন কৰিছোঁ, সেয়া আন্না জাৰৱিছৰ অক্লান্ত পৰিশ্রমৰ বাবেহে সফল হৈছে ৷ সম্প্রতি পৃথিৱীৰ মুঠ ৪৬ খন দেশে এই উৎসৱ পালন কৰে ৷ আধুনিক বিশ্বত মে মাহৰ দ্বিতীয় দেওবাৰটো মাতৃ দিৱস (Mother’s Day) হিচাপে পালন কৰা হয় ৷ মা দিৱস বা মাতৃ দিৱস এটি সন্মান প্রদর্শনমূলক অনুষ্ঠান, যত এগৰাকী মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈর্যৰ বিভিন্ন দিশ প্রতিফলিত কৰা হয় ৷ কিন্তু এই কথাও সত্য যে মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈর্যক বছৰত এদিন উদ্যাপন কৰা এটা অনুষ্ঠানৰ মাজেদি জুখি চোৱাটো কেতিয়াও সম্ভৱ নহয় ৷ মাতৃ প্রেম এনেকুৱা এক প্রেম, যিয়ে কেতিয়াও আমাক দূৰলৈ নপঠিয়ায় ৷ মাতৃত্বত এনেকুৱা পৱিত্রতা আছে, যাক কোনো কলংকই স্পর্শ কৰা সম্ভৱ নহয় ৷

মাক হৈছে সেইগৰাকী বিশেষ নাৰী, যিয়ে আমাক জীয়াই থাকিবলৈ শিকায়, পৃথিৱীৰ প্রথম ব্যক্তি যাক আমি কেৱল স্পর্শৰ দ্বাৰা অনুভৱ কৰোঁ সেয়া হৈছে মাতৃ ৷ এগৰাকী মাতৃয়ে অফুৰন্ত মৰম আৰু যত্নৰে সন্তানক ডাঙৰদীঘল আৰু লালনপালন কৰে ৷ ন মাহ গর্ভত ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি সন্তানক লালনপালন কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলালৈকে সন্তানৰ নামত হোৱা সকলো শাৰীৰিক, মানসিক পৰিশ্রম আৰু দুখকষ্ট হাঁহিমুখে স্বীকাৰ কৰি লয় মাতৃগৰাকীয়ে ৷ সন্তানৰ প্রতি পালন কৰা দায়িত্বৰ উপৰি নিজৰ মমতাৰ বান্ধোনেৰে পৰিয়াল এটাক সুগঠিত আৰু সুশৃংখলিত কৰি ৰখাতো মাতৃগৰাকীৰ ভূমিকা সর্বশ্রেষ্ঠ ৷ সেইদৰে এখন সুসভ্য, সুস্থিৰ আৰু সংসৃক্তিৱান সমাজ গঢ়াতো এগৰাকী মাতৃৰ ভূমিকা অপৰিসীম ৷ কাৰণ সমাজৰ প্রতিগৰাকী সদস্যই প্রথমে এগৰাকী মাতৃৰ সন্তান, তাৰ পিছতহে সমাজৰ সদস্য ৷ মাতৃৰ পৰা আহৰণ কৰা আচাৰব্যৱহাৰ, সংসৃক্তি আৰু নৈতিকতাৰ শিক্ষা ইত্যাদিবোৰেই সমাজলৈ আৰু সমাজৰ পৰা ৰাষ্ট্রলৈ প্রৱাহিত হয় ৷ সেয়ে সমাজ আৰু ৰাষ্ট্র গঠনতো মাতৃগৰাকীৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হয় ৷ ৰাষ্ট্র আৰু সমাজ সংগঠনত মাতৃৰ এই গুৰুত্বপূর্ণ ভূমিকাৰ কথা উপলব্ধি কৰি বিশ্বৰ এগৰাকী অন্যতম শ্রেষ্ঠ সেনানায়ক তথা ৰাষ্ট্রনেতা নেপোলিয়ন বোনাপার্টেও কৈ গৈছে, মোক এগৰাকী শিক্ষিত মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংসৃক্তিৱান জাতি দিম (Give me an educated mother, I shall promise you a civilized educated nation)

মাতৃস্নেই হল মানৱজাতিৰ দৃশ্যমান ভগৱানস্বৰূপ ৷ প্রতিগৰাকী উপযুক্ত মাতৃয়েই তেওঁৰ সন্তানৰ ওপৰত পেলোৱা সুদীর্ঘ দিনৰ শক্তিশালী প্রভাৱৰ ৰূপত ই আত্মপ্রকাশ কৰে ৷ সংসাৰৰ সংগ্রাম, চিন্তা, উত্থানপতনৰ দোমোজাত ক্লান্তজনে সংকটৰ সময়ত উপদেশ নাহবা সাত্ব্ন্নাৰ অচিলা লৈ মাকৰ কাষ চাপে ৷ বাল্যাৱস্থাত তেওঁলোকৰ মনত সুমুৱাই দিয়া সজ চিন্তাচেতনাবোৰ মাক এই সংসাৰৰ পৰা বিদায় মগাৰ পিছতো তেওঁলোকৰ সৎকার্যত প্রতিফলিত হয় আৰু সুদীর্ঘ কালৰ পিছত মাকৰ স্মৃতিৰ বাহিৰে যেতিয়া আন একোৱেই নাথাকে, সতিসন্ততিয়ে তেওঁৰ আশিসধন্য হৈ তেওঁক শ্রদ্ধাৰে স্মৰণ কৰে ৷

এমাৰচনে ঠিকেই কৈছিল সভ্যতাৰ বহুলাংশ সৎ নাৰীৰ প্রভাৱৰে পৰিণতি ৷ মাকৰ কোলাত শুই থকা কেঁচুৱাটিতেই আমাৰ ভৱিষ্যৎ অন্তর্নিহিত হৈ থাকে ৷ শিক্ষাদান কৰোঁতাসকলৰ ভিতৰত মাতৃ এগৰাকীয়েই আটাইতকৈ অধিক দৰদী ৰূপত শিক্ষা দান কৰে ৷ পুৰুষ হল মানৱজাতিৰ মগজু আৰু নাৰী হল হয়াৰ অন্তৰ ৷ পুৰুষ হল বিচাৰ বুদ্ধি, নাৰী হল অনুভূতি ৷ পুৰুষ শক্তি, কিন্তু নাৰী আচৰণৰ মাধুর্য, শোভা আৰু সাত্ব্ন্না ৷ শ্রেষ্ঠ মহিলাসকলৰ বিচাৰ বৃত্তিয়েও তেওঁৰ আৱেগনুভূতিৰ যোগেদিহে ক্রিয়া কৰে ৷ এইদৰেই পুৰুষে চিৎবৃত্তি আৰু স্ত্রীয়ে হূদবৃত্তিৰ কর্ষণ কৰে ৷  প্রধানতঃ ইয়াৰ পৰাই চাৰিত্রিক বৈশিষ্ট্যই গঢ় লয় ৷ পুৰুষ যদি স্মৃতিশক্তিৰ অধিকাৰী তেন্তে নাৰী সমস্ত অন্তৰখনৰ অধিকাৰী ৷ পুৰুষে যিটো কথা আমাক বিশ্বাস কৰিবলৈ শিকায়, নাৰীয়ে সেই একেখিনিকে আমাক ভাল পাবলৈ শিকায় ৷ গতিকে নাৰীৰ জৰিয়তে প্রধানকৈ নৈতিক উৎকর্ষ সাধনৰ বাট স্পষ্ট হৈ উঠে ৷

ৰামায়ণত উল্লেখ আছে জননী জন্মভূমিষ্চ স্বর্গাদপি গৰীয়সী অর্থাৎ মাতৃ আৰু মাতৃভূমি স্বর্গতকৈও শ্রেষ্ঠ৷ মাতৃপিতৃ আৰু গুৰুজনাৰ সেৱা কৰায়ে মানুহৰ প্রধান কর্তব্য বুলি মহাভাৰততো উল্লেখ আছে ৷ অথর্ব বেদে কৈছে যে পুত্র নিজ পিতৃভক্ত আৰু তেওঁৰ অন্তৰ মাতৃৰ দৰে হোৱা উচিত ৷ কোৰানত আছে, মই মানুহক তেওঁৰ পিতৃমাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবলৈ আদেশ দিছোঁ ৷ হজৰত মহম্মদেও কৈছিল, মাতৃৰ চৰণৰ তলত সন্তানৰ স্বর্গ ৷ বুদ্ধদেৱে মাতৃৰ প্রেমৰ উদাহৰণ দি কৈছিল, যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ জীৱন হানি হলেও তেওঁৰ সন্তানক প্রেম কৰে আৰু ৰক্ষা কৰে তেনেকৈ প্রত্যেক মানুহে পৃথিৱীৰ সকলো লোককে ভাল পোৱা উচিত ৷ বাহবেলে কৈছে, পিতৃমাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হব আৰু দেশত দীর্ঘায়ু হব ৷ অসমীয়া সমাজতো মাতৃৰ বিশেষ স্থান আছে ৷ কবি আনন্দচন্দ্র আগৰৱালাই কবিতা লিখি গৈছে, কোনে মোক তুলিতালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ ৷ কৰিছিল স্নেহ দুগালত চুমা খাই, তেওঁ মোৰ পূজনীয়া মৰমৰ আহ ৷ কথাতে কোৱা হয়, নৈৰ সমান বব কোন, আহৰ সমান হব কোন

এগৰাকী মাকৰ বাবে সন্তানৰ মৰমেই হৈছে অমূল্য উপহাৰ ৷ কিন্তু যান্ত্রিকতাৰ গ্রাসত আজিৰ অধিকসংখ্যক সন্তানে পাহৰি গৈছে মাকক এষাৰি মৰমৰ মাত দিবলৈ৷ আমি যদি আজি নিজকে এবাৰ প্রশ্ন কৰোঁ, প্রতিদিনে বা সপ্তাহত এবাৰ হলেও মাক কৈছোঁনে মা তোমাক বহুত ভাল পাওঁ, তেতিয়া নিশ্চয় এই প্রশ্নৰ উত্তৰ ওলাই পৰিব ৷ এই বিশাল পৃথিৱীৰ সৌন্দর্য উপভোগ কৰিব পাৰিছোঁ আমি কেৱল মাৰ বাবে ৷ অকৃত্রিম মৰমৰ ভাণ্ডাৰ থাকে আহৰ উমাল বুকুত ৷ এগৰাকী মাতৃয়ে সীমাহীন বেদনা সহ্য কৰি এটি শিশু ভূমিষ্ঠ কৰে ৷ সেইবাবেই হয়তো হাজাৰ ত্যাগ আৰু যন্ত্রণাক মৌনতাৰে স্বীকাৰ কৰিও সন্তানৰ মুখত এমোকোৰা হাঁহি অহৰহ বিৰিঙি থকাটো কামনা কৰে ৷ জন্মৰ পৰা আজিলৈ যদি হিচাপ কৰোঁ আমি বহু বসন্ত পাৰ কৰিলোঁ, অজানিতে এনে বহু সময় পাৰ কৰি দিলো মাৰ ত্যাগ, মাৰ যন্ত্রণাক, মাৰ মমতাক উপলব্ধি কৰিবৰ অৱকাশ নোহোৱাকৈয়ে ৷ গতিকে আগন্তুক জীৱনৰ প্রতিটো দিনেই আমি মাতৃ দিৱসৰ দৰে পালন কৰিম বুলি যদি প্রতিজ্ঞাবদ্ধ হওঁ আহকচোন, তেতিয়া নিশ্চয়কৈ সমাজৰ প্রতিগৰাকী মা সঁচা অর্থত সুখী হব পাৰিব ৷ মাতৃগৰাকী সুখী হোৱা মানে প্রতিটো পৰিয়াল সুখী হোৱা আৰু পৰিয়াল সুখী মানে দেশ সুখী হোৱা ৷ সেয়ে ডঃ এ পি জে আব্দুল কালামে কৈ গৈছে When mother is happy, family is happy. When family is happy, nation is happy”

তাৰিখ বা বাৰ যিয়েই নহওক, মাতৃ দিৱস উদ্যাপনৰ উদ্দেশ্য হৈছে মাতৃসকলক প্রাপ্য সন্মান, মৰম আৰু শ্রদ্ধা জ্ঞাপন কৰা ৷ এগৰাকী মাতৃয়ে পৰিয়াল, সমাজ আৰু ৰাষ্ট্রলৈ আগবঢ়োৱা অসামান্য বৰঙণিক স্বীকৃতি তথা আনুষ্ঠানিকভাৱে সন্মান প্রদানৰ ব্যৱস্থা কৰা হয় এহ বিশেষ দিনটোত ৷ লগতে সর্বস্তৰৰ লোকক সোঁৱৰাই দিয়া হয় মাতৃজাতিৰ অতুলনীয় অৱদান আৰু মহত্ত্বম ত্যাগৰ কথা ৷ সন্তানৰ লালনপালন, ব্যক্তিত্ব আৰু চৰিত্র গঠন আদিকে ধৰি পৰিয়াল আৰু সমাজৰ প্রতি মাতৃৰ মহৎ বৰঙণিৰ কথা সর্বস্তৰৰ লোকক সোঁৱৰাই দি তেওঁক প্রাপ্য মর্যাদা প্রদান কৰাটোৱেই হৈছে মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য ৷ অৱশ্যে এইখিনিতে এটা কথা উল্লেখনীয় যে বছৰৰ যিকোনো এটা দিনত মাতৃ দিৱস পালন কৰি ভক্তিত গদগদ হৈ পৰা আৰু বাকী সময়খিনিত মাতৃগৰাকীক চৰম অৱহেলা, অশ্রদ্ধা আৰু লাঞ্ছনা কৰাটো কেতিয়াও মাতৃ দিৱস উদ্যাপনৰ উদ্দেশ্য হব নোৱাৰে ৷ অপ্রিয় হলেও সত্য আমাৰ সমাজত দিনে দিনে বাঢ়ি অহা বৃদ্ধাশ্রমবোৰে মাতৃ আৰু জ্যেষ্ঠসকলৰ প্রতি পুত্রবোৱাৰী অথবা আত্মীয় লোকৰ অৱহেলাৰ কথাই যেন প্রমাণ কৰি আহিছে ৷ বৃদ্ধাশ্রমবোৰত অসহায় বৃদ্ধা মহিলাৰ বর্ধিত উপস্থিতিয়ে মাতৃসকলৰ প্রতি সন্তান আৰু আত্মীয় লোকৰ অনাদৰ, অৱহেলাৰ কথা লজ্জাজনকভাৱে প্রমাণ কৰাৰ লগতে মাতৃ দিৱসৰ সমগ্র আনুষ্ঠানিকতাখিনিকেই যেন ভেঙুচালি কৰি দেখুৱাহছে৷ প্রতিদিনে বর্ধিত হাৰত বৃদ্ধি পাহ অহা নাৰী নির্যাতন অথবা নাৰী ধর্ষণৰ ঘটনাবোৰও যেন মাতৃ দিৱস উদ্যাপনৰ আনুষ্ঠানিকতাৰ প্রতি এক বৃহৎ প্রত্যাহ্বান হৈ থিয় দিছে ৷ তদুপৰি বর্তমান সময়ত মাতৃ দিৱস উদ্যাপনৰ সমগ্র ব্যৱস্থাটোৰেই বাণিজ্যিকীকৰণ ঘটা বুলিও বহুতেই প্রকাশ কৰি আহিছে ৷ তেওঁলোকৰ মতে বছৰৰ এটা দিনত জাকজমকতাৰে মাতৃ দিৱস পালনৰ নামত কিছুমান আনুষ্ঠানিকতা পালন কৰাটোৱেই মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য বা উদ্দেশ্য হব নোৱাৰে ৷ এগৰাকী নাৰী বা মাতৃয়ে পাব লগা মৰম, আদৰ, সন্মান আৰু শ্রদ্ধা সকলো সময়তে যিকোনো পৰিস্থিতিতে পাৰিবাৰিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি সকলো ক্ষেত্রতে সমানে পোৱাটোৱেই মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য হোৱা উচিত ৷ এগৰাকী মাতৃ এইবাবেই আমাৰ সকলোৰে কাৰণে বিশেষ যে সুন্দৰ ছবি এখন আঁকি, বিখ্যাত কিতাপ এখন লিখি বা মনোৰম নাটক এখন লিখি তেওঁলোকে সমাজলৈ যিমান বৰঙণি আগববাব পাৰে, নিজৰ সন্তানক সৎ হিচাপে গঢ়ি তুলি এগৰাকী মাতৃয়ে তাতকৈ বহুগুণে বেছি সমাজৰ উপকাৰ সাধন কৰে ৷ মাতৃ সমাজক প্রতিমুহূর্ততে সুৰক্ষিত অনুভৱ কৰোৱাটোৱেই মাতৃ দিৱস উদ্যাপনৰ মহৎ লক্ষ্য হোৱা উচিত ৷ আন্না জাৰৱিছে নিজৰ মাতৃলৈ উপহাৰস্বৰূপে আগবঢ়োৱা মাতৃ দিৱস হৈ উঠক প্রতিগৰাকী সন্তানৰ মাতৃলৈ আগবেোৱা এক জীৱনজোৰা উপহাৰ ৷

ফোনঃ  ৮৬৩৮২৩৮১২১

You might also like

Comments are closed, but trackbacks and pingbacks are open.