মঞ্জুলা বর্মন
অসময়ত হঠাতে কলিংবেলটো বাজি উঠাত নন্দিনীয়ে চক খাই উঠিল ৷ তাই তিতা হাতখন গাত লৈ থকা দুপাট্টাখনেৰে মচি দুৱাৰমুখ পালেহি ৷ হুকটো খুলি দি চকুৰ আগত পুৰণি বান্ধৱী মৌচুমীক দেখি নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই ৷ ই সপোন নে বাস্তৱ ৷ ক্ষন্তেক পিছতেহ সম্বিৎ ঘূৰাহ পাই দুয়ো দুয়োকে সাবটি ধৰিলে ৷
হঠাতে খবৰ নিদিয়াকৈ এনেকৈ ওলালিহি যে কৰ পৰা
হয়াতেই সকলো প্রশ্ন সুধিবি নে ভিতৰলৈ মাতিবি
হয়তো ময়ো যে আৰু কি
আহ আহ ভিতৰলৈ সোমাই আহ ৷
দুয়ো আহি ড্রয়িং ৰুমৰ ছোফাত বহিল ৷ নন্দিনীয়ে নানান কথা পাতি গম পালে যে আজি মৌচুমী তাইৰ ঘৰত থকাকৈ আহিছে ৷ মনটো ভাল লাগি গল দুয়ো বান্ধৱী আজি কিমান দিনৰ পিছত যে একেলগে থাকিব ৷ ইউনিভার্ছিটীৰ দিনবোৰলৈ ঘূৰি গল মনটো ৷ কি যে এক নষ্টালজিয়া ৷ কিন্তু তাই মন কৰিলে যে মৌচুমীৰ যেন সেই আগৰ ৰৌদ্রোজ্জ্বল পুৱাৰ দৰে মুখখন এচপৰা কলা ডাৱৰে আৱৰি ৰাখিছে ৷ আকাশত যিমান বেছি মেঘ থাকিব পাৰে তাতকৈ যেন বহুত বেছি মেঘ আছিল তাহৰ হূদয়ত ৷ লগে লগে একো প্রশ্ন নকৰি তাই চাহ কৰিবলৈ সোমাই গল ৷
চাহ লৈ দুয়ো সন্মুখৰ বেলকনিখনত বহি ললে ৷ তেতিয়ালৈ সন্ধিয়া নামিল ৷ আকাশত পঞ্চমীৰ শেঁতা পৰা জোন ৷ শৰৎ অহাৰ বাতৰি লৈ শেৱালিজোপাত ফুলা দুই এপাহ ফুলে সুগন্ধি বিয়পাই দিছে ৷ দুয়ো কথা পতাত লাগিল আৰু মৌচুমীৰ মনৰ মাজত দোলা দি থকা ভাববোৰ নন্দিনীয়ে নিমিষতে উলিয়াই পেলালে ৷ মৌচুমী এজন পুৰণি বন্ধুৰ নিচেই কাষ চাপি আহিছে ৷ ঠিক প্রেমত পৰা বুলি কবও নোৱাৰি ৷ এই বয়সত সংসাৰ কৰাৰ স্বপ্নও দেখা নাই ৷ দুয়োৰে সংসাৰ আছে ৷ কি কৰা যায় তাই একো উপায় পোৱা নাই ৷ তাইৰ এক ধৰণৰ খং আৰু অপ্রকাশিত নীৰৱতাই মনৰ মাজত স্থান লৈছে ৷ নন্দিনীয়ে ভাবিলে কি কৰা যায় ইমান সৰলমনা মৌচুমীজনীয়ে ভুলবশতঃ কিবা কৰি পেলাই যদি জীয়াই থকাৰ এটা প্রধান অৱলম্বনেই হল মানুহৰ সৈতে বন্ধুত্ব ৷ বহুত ভাবি–চিন্তি তাই এটা সমিধান বিচাৰি উলিয়ালে ৷
মৌচুমী তই এটা কাম কৰিলে কেনে হয় তোৰ মনৰ মাজত থূপ খাই থকা ভাববোৰ প্রণয়ক জানিবলৈ নিদিয় কিয়
কেনেকৈ
তোৰ মনৰ মাজত দোলা দি থকা সকলো ভাব প্রকাশ কৰি আজি মোৰ ঘৰৰ পৰাই মেইল কৰ তেওঁলৈ ৷ তাৰ পিছতো যদি তহঁতে এনেদৰে থাকিব পাৰ সেয়া ভগৱানৰ ইচ্ছা বুলি মানি ল ৷ প্রেম কেতিয়াও পাপ হব নোৱাৰে ৷ তোৰ মন ভাল ৰখাৰ উপায় মাত্র দুটা অতীতৰ মধুৰ স্মৃতিত ডুবি যা বা ভৱিষ্যতৰ মধুৰ দিবাস্বপ্নত সোমাই পৰ ৷ মৌচুমীয়ে যেন বহুত সকাহ পালে ৷ তাই যে এনেকুৱা এটা কথাই ভাবি আছিল বহুত দিনৰ পৰা ৷
নন্দিনীয়ে ভাত ৰান্ধি শেষ কৰে মানে তায়ো চিঠিখন লিখি শেষ কৰি পেলালে ৷ অন্তৰ খুলি বুজাই দিছে মনৰ ভাববোৰ আৰু আনি লগে লগে পাঠ কৰিলে নন্দিনীৰ সন্মুখত ৷
শুন এতিয়া
পঢ়ি যা
মৌচুমীয়ে পঢ়া আৰম্ভ কৰিলে
মৰমৰ
প্রণয়
বহুত দিনৰ পৰা ভাবি থকা কথাবোৰ আজি তোমালৈ লিখি পেলাওঁ বুলিয়েই সিদ্ধান্ত ললোঁ ৷ এই নিৰিবিলি সন্ধিয়াটো কিবা বৰ উদাস উদাস লাগিছে ৷ সন্মুখৰ বেলকনিখনত বহি তোমাৰ কথাকে ভাবি আছোঁ ৷ কেনেকৈ যে অপ্রত্যাশিতভাৱে তোমাক লগ পালো সেই দিনাৰ পার্টীটোত ৷ আমি হেনো একেখন স্কুলতে পঢ়িছিলোঁ ৷ মেট্ৰিক পৰীক্ষা দি তুমি গুৱাহাটীলৈ গুচি গৈছিলা ৷ অত–তত ঘূৰা–পকা কৰি চাকৰি সূত্রে আহি পুনৰ একেখন চহৰৰ বাসিন্দা হলাহি সুদীর্ঘ চল্লিশ বছৰৰ পিছত ৷ কতা মই দেখোন তোমাৰ নাম, চেহেৰা একোৱেই মনত পেলাব পৰা নাছিলো, কিন্তু সেহদিনা তুমি প্রথম দেখাতেই মোৰ দৃষ্টি আকর্ষণ কৰিছিলা ৷ এই বয়সতো তুমি দুর্দান্ত তৰুণ৷ তোমাৰ ওচৰত যেন সকলো ম্লান হৈ গৈছিল ৷ কি এক মোহনীয় শক্তি আছে তোমাৰ মুখত, তোমাৰ হাঁহিত আৰু অলপ চঞ্চল কৌতুক মিশ্রিত চকুত ৷ ঠিক চিত্রকৰে আঁকি থোৱাৰ দৰে ৷
সেইদিনা তুমি মোলৈ তোমাৰ হাত আগবঢ়াহ দিছিলা তোমাৰ লগত এটা ড্রিংকছ লবলৈ ৷ বিনাদ্বিধাই মৃদু সংগীতৰ তালে তালে আমি দুয়ো ছন্দ মিলাই আগবাঢ়ি গৈছিলোঁ ৷ তেতিয়া কিন্তু মোৰ একো অনুভৱ হোৱা নাছিল ৷ আমি যেন বহুদিনৰ পুৰণি বন্ধু ৷ এটা দিন ভালদৰে উপভোগ কৰিছিলোঁ আৰু কথা পাতি বুজিছিলো যে তোমাৰ আৰু মোৰ ৰুচিৰ সাংঘাতিক ধৰণৰ এটা মিল আছে ৷ এটা আনন্দময় দিন অতিবাহিত কৰি আটায়ে ইজনে সিজনৰ পৰা বিদায় লৈছিলোঁ ৷ কেহটামান দিন আমি আমাৰ কামতেই ব্যস্ত হৈ পৰিলোঁ ৷ তাৰ পিছত আমি কেনেকৈ যে আকৌ ওচৰ চাপি আহিলোঁ মই একেবাৰে মনত পেলাব পৰা নাই ৷ কত কেনেকৈ বাৰু ভাবি একোৱেই নাপাওঁ দেখোন ৷ প্রশ্নবোৰ বাৰে বাৰে প্রশ্ন হৈয়েই উভতি আহে মোৰ ওচৰলৈ ৷
লাহে লাহে আমাৰ ফোনকল, মেছেজ আৰম্ভ হল৷ কথা পাতি ভাল পোৱা হলোঁ ৷ দিনটোৰ অন্তত সদায় নির্দিষ্ট সময়লৈ বাট চাওঁ তোমাৰ মেছেজলৈ ৷ কেতিয়াবা দেৰি হলে অলপ অভিমান হয় ৷ চাট উইনড খুলি দুয়ো কথা পতাত লাগো সংগোপনে ৷ মোৰ সোনকালে শোৱাপাটীলৈ যোৱা অভ্যাসটো লাহে লাহে নোহোৱা হৈ গল, নোহোৱা হৈ গল ৰাতি কিতাপ পঢ়া অভ্যাসটো আৰু মোৰ একান্ত ব্যক্তিগত সময়খিনি তোমাৰ মৰমে কাঢ়ি লৈ গল ৷ আক্ষেপ কৰা বুলি নাভাবিবা ৷ বহুত দেৰিলৈকে তোমাৰ লগত কথা পতা হলোঁ ৷ এৰিয়েই যেন নিদিম এনে লাগে ৷ ইতিমধ্যে আমি দুয়ো দুয়োৰে প্রতি আকর্ষিত হৈ পৰিছো, কিন্তু এই বয়সত ই জানো শোভনীয় হয় আইনাত নিজৰ প্রতিবিম্ব দেখি চক খাই উঠো ৷ বলিৰেখা আৰু ওলমিবলৈ ধৰা ছালে মোক যেন তাচিছল্য কৰে ৷ কিন্তু তোমাক কলে তুমি কোনো গুৰুত্বই নিদিয়া, মনটোহে হেনো গুৰুত্বপূর্ণ ৷ তোমাৰ মৰম মিহলি কিছুমান কথাহ মোৰ বাক্শক্তি ৰহিত কৰি তোলে ৷ সঁচাকৈয়ে এয়া বাস্তৱ নে মোৰ বিভ্রম ৷ এই সম্পর্ক অকল বন্ধুত্ব হব পাৰে জানো যি বুকুত চাকনৈয়াৰ সৃষ্টি কৰে ৷ শান্ত নিস্তৰংগ পুখুৰী এটাত শিলগুটি এটা দলিয়াই দিলে যেনেকুৱা হয় ঠিক তেনেকুৱাকৈ ৷ আচৰিত অনুভূতি এটাই আচ্ছন্ন কৰি ৰাখে ৷ এয়াই নেকি প্রেম প্রেম হেনো স্বর্গীয়, সংগোপনে আহে ৷ প্রেমে হেনো কোনো বয়সৰ পৰিধি নামানে ৷ ইয়াত কোনো বৈধ–বৈধ নীতি–নিয়ম সামাজিকতা থাকে জানো মাথোন সামাজিকতাৰ ভয়ত ই অপ্রকাশিত হৈ ৰৈ যায় ৷ আমিয়েই দেখোন তাৰ প্রমাণ ৷ প্রত্যক্ষ সংযোগ আৰু বিয়োগৰ এটা নির্দিষ্ট ক্ষণ থাকে ৷ এই ক্ষণ এতিয়া আমাৰ বাবে নেকি জোৰকৈ কৈ উঠিছিলোঁ নাই নাই ই কেতিয়াও হব নোৱাৰে ৷ মোৰ এখন সুখৰ সংসাৰ আছে ৷ অত বছৰেতো মই মোৰ ত্যাগেৰে অলপো আউল নলগাকৈ আগবঢ়াই আনিলোঁ মোৰ সংসাৰ৷ স্বাচ্ছন্দ্যৰ জীৱন বিচাৰো যদিও বিলাসিতাও মোৰ কাম্য নাছিল ৷ সেয়ে সুখীয়েই আছিলোঁ ৷ ঠিক তেনেদৰে আছে তোমাৰো এখন সুখৰ সংসাৰ ৷ এয়া বাৰু অন্যায় নহবনে দুটা পৰিয়ালৰ সন্মান আৰু শান্তি জড়িত আছে ৷ মনটোক ইমান মেলি দিয়া উচিত জানো সপোনত ভাবিব নোৱাৰা কথা দিঠকত ঘটে কাৰণেই জীৱনটো অধিক ৰহস্যময় ৷
নাভাবো বুলি মন স্থিৰ কৰিব খুজিলেও বাৰে বাৰে তোমাৰ মুখখন আৰু সেইদিনা দেখা তোমাৰ চাল–চলন, কথা–বতৰা সকলোতে ফুটি উঠা অদ্ভুত ভাল লগা ব্যক্তিত্বটো মনলৈ আহে ৷ কেনেকৈ যে মোৰ অন্তৰত কুৰুকি কুৰুকি সোমাই পৰিলা ৷ হূদয়ৰ ধমনীৰ কপাটকেইখন আপোনা আপুনি বন্ধ হৈ গৈছে ওলাই আহিব নোৱাৰাকৈ ৷ মানুহক সম্পূর্ণ ৰূপে আৱিষ্কাৰ কৰিবলৈ বহুত সময়ৰ প্রয়োজন ৷ তেনে ক্ষেত্রত মই বাৰু তোমাক সঁচাকৈয়ে বুজি উঠিছোঁ জানো কেতিয়াবা নিজৰ ওপৰতেই সন্দেহ হয় যে তোমাক বুজাত ভুল কৰিছেছা ৷ তোমাৰ কিছুমান কথায়ো মোক সন্দেহৰ মাজলৈ লৈ যায়৷ তুমি হয়তো সুধিবা কি কথা সেইবোৰ পিছলৈ থলোঁ ৷ মনত পৰেনে এদিন তুমি বাহিৰলৈ ফুৰিবলৈ যাওঁতে হোটেলৰ ৰুমৰ পৰা ফোনত বহুত প্রশ্ন কৰিছিলা যি প্রশ্ন ইমান কম দিনৰ চিনাকিত মই আশা কৰা নাছিলোঁ ৷ তুমি মোৰ শৰীৰৰ দাবীৰ বিষয়ে জানিব বিচাৰিছিলা ৷ মই অলপ হতস্ততঃবোধ কৰিছিলোঁ৷ মোৰ মনৰ মাজত তোমাৰ যিখন ছবি আঁকি পেলাহছিলো, সেই ছবিৰ মাজত মই তোমাৰ মিল বিচাৰি পোৱা নাছিলোঁ ৷ তথাপি তোমাক মই বেয়াও পোৱা নাছিলোঁ ৷ ইতিমধ্যে তুমি যে মোৰ অন্তৰ দখল কৰি লৈছিলা ৷ সেয়ে মই তোমাৰ প্রশ্নৰ উত্তৰ দি গৈছিলো ৷ জানা প্রণয় যত প্রেম নাথাকে তাত জানো শৰীৰৰ মিলন উপভোগ কৰা যায় ভালপোৱা আৰু প্রেম একে নহয় ৷ বেয়া পাবলৈ একো কাৰণ নাথাকিলেই ভাল পাব পাৰি, তেওঁৰ লগত সংসাৰো আগবাঢ়ি যায়, কিন্তু সেই ভালপোৱাত প্রেম নাথাকিবও পাৰে ৷ কেতিয়াবা মোৰ স্বামীৰ ওপৰতেই সন্দেহ জাগে ৷ তেওঁৰ ব্যৱহাৰত মোৰ প্রতি থকা মৰম বা সহানুভূতি কেতিয়াও পৰিস্ফুট নহয় ৷ বৰ স্বার্থপৰ, চেডিষ্টিক যেন লাগে ৷ কিন্তু তোমাৰ মাজত মই ইমান দিনে নোপোৱা বহুত কিবা বিচাৰি পাওঁ ৷ বিশ্বাসভৰা এখন বহল বুকু আৰু চেনেহভৰা এখন কান্ধ প্রত্যেক নাৰীৰে কামনা ৷ তথাপি বেলেগৰ অধিকাৰখিনি কাঢ়ি আনিবলৈ মোৰ মনে নকয় ৷ সেয়ে মই আশা কৰো তুমি মোৰ শৰীৰক নহয়, শৰীৰৰ পৰা ভিতৰলৈ যোৱা আৰু গভীৰতাক চুবলৈ সমর্থ হোৱা৷ তোমাৰ মোৰ বন্ধুত্ব মানেতো এইটো নহয় যে দুটা বিপৰীত লিংগৰ আকর্ষণ ৷ এনেয়ে সান্নিধ্য ভাল পাওঁ ৷ নিঃসংগ মৰুভূমিৰ দৰে মোৰ জীৱনলৈ মৰীচিকা হৈ আহি তুমিয়েই ফুলালাহি কেকটাছৰ ফুল ৷ জীপাল কৰি তুলিলা মোৰ দিনবোৰ ৷ কেতিয়াবা ভয় হয় তুমি মোৰ পৰা আঁতৰি যাবা নেকি –Fear of missing out নোপোৱাৰ বেদনাতকৈ পাহ হেৰুওৱাৰ বেদনা বেছি কষ্টকৰ ৷ তুমি প্রতিশ্রুতি দিছা মোৰ লগত সদায় থাকিবা বুলি ৷ সেয়েই মোৰ সাহস ৷ মন যায় কেতিয়াবা তোমাৰ বুকুত সোমাই অকণমান কান্দিবলৈ, তোমাৰ বাহুবন্ধনৰ মাজত সোমাই থাকিবলৈ আৰু গালে–মুখে অজস্র চুমা আঁকি দিবলৈ ৷ তুমিও যেন তোমাৰ বাহুবন্ধনেৰে মোক পিষ্ট কৰি পেলোৱা ৷ মোৰ আউলি–বাউলি চুলিৰ মাজত তোমাৰ আঙুলিৰ পৰশ বুলাই মোৰ মৰম আকলুৱা মনটোক শান্ত কৰা ৷ তাতকৈ আৰু আগবঢ়াৰ কথা মই কেতিয়াও ভাবিব নোৱাৰোঁ ৷ নিজৰ দৃষ্টিতেই যেন বহুত তল পৰি যাম ৷
বহুত কথাই লিখি পেলাইছোঁ ৷ তুমি নিশ্চয় বেয়া নোপোৱা ৷ আচলতে মহ বহুত খোলা মনৰ, ঠিক এখন খোলা কিতাপৰ দৰেই ৷ ভালকৈ পঢ়িবলৈ চেষ্টা কৰা মোক সম্পূর্ণ ৰূপে বুজি উঠিবা ৷ তোমাক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ ৷ ভালপোৱা যিকোনো বস্তু মানুহে সযতনে ৰাখিবলৈ বিচাৰে ৷ ময়ো তোমাক সযতনে অন্তৰৰ নিভৃত কোণত ৰাখি থৈছো কেতিয়াও ওলাব নোৱাৰাকৈ ৷ আমি লাহে লাহে বহুত ওচৰ চাপি আহিছো ৷ ইজনে সিজনক লগ পাবলৈ বিচাৰোঁ ৷ বহু ৰাতিলৈকে উজাগৰে থাকি কথা পাতো ৷ এৰিবলৈ দেখোন মনেহ নাযায় ৷ কি যে এক মিঠা অভিজ্ঞতা, মন সাগৰত সৰু–বৰ ঢৌৰ সৃষ্টি কৰা ৷ সকলো অভিজ্ঞতা সুখৰ নহবও পাৰে কিন্তু সকলো অভিজ্ঞতাৰে জীৱনত প্রয়োজন আছে ৷ কেতিয়াবা হয়তো যন্ত্রণাও পাব পাৰো তাৰ বাবেও মহ সাজু থাকিম বুলি ভাবোঁ ৷ বহুত কষ্ট হব তেতিয়া ৷ ভগৱানে যেনেকৈ যন্ত্রণা দিয়ে ঠিক তেনেকৈ প্রকাশ কৰাৰ বাণীও দিয়ে ৷ তেনেকৈয়েতো সৃষ্টি হয় কবি, শিল্পীৰ৷ মই কিন্তু এতিয়ালৈকে ঋণাত্মক একো ভবা নাই কাৰণ তুমি মোক সাহস দিছা সদায় মোৰ লগত থাকিবা বুলি, মোক মৰম, যত্ন আৰু সন্মান দিবা বুলি ৷ তাতকৈ আৰু মই কি বিচাৰিব পাৰোঁ ৷ মাথোন কৃত্রিম নইবা ৷ কৃত্রিমতা থাকিলে সম্পর্কবোৰ নকল হৈ যায় ৷ তুমি যেনেকুৱা মোৰ আগত তেনেকৈয়ে প্রকাশ কৰা ৷ মই তেনেকৈয়ে গ্রহণ কৰিম ৷ তোমাৰ বাৰু কেতিয়াবা ভাব হয়নে আমি ভুল কৰিছোঁ বুলি মই জানা নিজৰ ইচ্ছা, আকাংক্ষা, ৰুচি–ভিৰুচিবোৰ স্বামীৰ সাঁচত ঢালি দিয়া ধৰণৰ দুর্বল নাছিলো, কিন্তু মই বাধ্য হলোঁ ৷ তথাপি তেওঁক সন্তুষ্টি দিব নোৱাৰিলোঁ ৷ এয়াই মোৰ পৰাজয় ৷ তোমাৰতো তেনে কিবা আছিল বুলি মোৰ মনে নধৰে ৷ তোমাৰ এখন সুন্দৰ সংসাৰৰ ছবিয়েই মই দেখিবলৈ পাহছোঁ ৷ তেনেহলে আমি কিয় এই Post marital affair–পৰকীয়া প্রেমত সোমাই পৰিলোঁ ৷ বহুত দোমোজাত আছো ৷ আচলতে আমি দুয়ো দুয়োৰে সংগ উপভোগ কৰোঁ ৷ মোৰ জীৱনত স্বামীৰ বাহিৰে কেতিয়াও দ্বিতীয় এজন ব্যক্তিক প্রৱেশ কৰিবলৈ দিয়া নাছিলোঁ ৷ কাকো এনেকুৱা এটা শব্দ কোৱা নাছিলো যি প্রেমৰ বীজ অংকুৰিত কৰিব পাৰে আনৰ হূদয়ত ৷ তোমাৰ এনে কি যাদু আছে যে মই হাৰি গলো তোমাৰ ওচৰত৷ হয়তো এয়াই ভগৱানৰ ইচ্ছা ৷
শেষত এটা কথা কওঁ দেই ৷ তোমাৰ মেছেজৰ নটিফিকেচন টন কি দিছো জানা এটা বাঁহীৰ সুৰ ৷ বাঁহীৰ সুৰ মোৰ বৰ প্রিয় ৷ নির্জনতাৰ মাজত বাঁহীৰ সুৰ শুনিলে মোৰ মন উন্মনা হৈ পৰে ৷ ঠিক তেনেকৈ তোমাৰ মেছেজ নটিফিকেচনৰ সুৰ শুনিলেই মই উত্রাৱল হৈ পৰোঁ ৷ লগে লগেই ফোনটো হাতত তুলি লওঁ আৰু উত্তৰ দিওঁ ৷ তুমি হয়তো মন কৰিছা ৷ দিনটোত কেহবাৰ যে বাট চাওঁ সেহ সুৰ শুনিবলৈ, ঠিক শ্রীকৃষৰ প্রেমিকা ৰাধাৰ দৰে ৷ আমাৰ কেতিয়াও মিলন সম্ভৱ নহয় ৷ সেই কথা আমি দুয়োজনেই জানো Only we enjoy our companionship- ৰাধা–কৃষৰোতো কেতিয়াও মিলন নহল ৷ পাৰিবানে তুমি সদায় মোৰ কাষত তেনেদৰে ছায়া হৈ থাকিবলৈ, এটা নামবিহীন সম্পর্ক লৈ উত্তৰলৈ বাট চালোঁ৷
তোমাৰ
মৌচুমী৷
বাঃ সুন্দৰ হৈছে৷ নন্দিনীয়ে চিঞৰি উঠিল ৷
এতিয়াই মেইল কৰ আৰু অপেক্ষা কৰ উত্তৰলৈ ৷
মুকলি হৈ পৰিল দুয়ো বান্ধৱীৰ মন ৷ এজাক মুষলধাৰে অহা বৰষুণে যেন মৌচুমীৰ মুখৰ কলা ডাৱৰখিনি আঁতৰাই পেলালে৷ বিয়পি পৰিল ৰাঙলী আভা গোটেই মুখমণ্ডলত ৷ সমস্ত দেহাটো এৰি দিলে ৰকিং চেয়াৰখনত ৷ এক প্রশান্তিত ৷
ফোনঃ ৯৪৩৫৪-০৮৬৬৪