দৈনন্দিন জীৱনত ৰামধেনু ৰঙৰ শাক–পাচলি আৰু ফলমূলৰ প্রভাৱ

নমী মোহন

আমাৰ দেশৰ প্রত্যেকজন নাগৰিকেই এটা সুস্বাস্থ্যৱান জীৱনশৈলী বিচাৰে ৷ বর্তমান যান্ত্রিকতাৰ যুগত প্রত্যেকজন নাগৰিকে ইমান ব্যস্ততাত থাকে যে স্বাস্থ্যৰ প্রতি মন কৰা নহয় ৷ স্বাস্থ্য ভালে থাকিলেহে এক সুন্দৰ জীৱনৰ অধিকাৰী হব পাৰি ৷ এক সুন্দৰ আৰু স্বাস্থ্যৱান জীৱনশৈলীৰ কাৰণে দিনে শৰীৰ চর্চা কৰাৰ উপৰি এক সুষম আহাৰ খোৱাটো প্রয়োজন ৷ খাদ্যগোটৰ যি পাঁচটা গোট আছে , সেই প্রত্যেকটো গোটৰ পৰা খাদ্য ঠিক অনুপাতত খালে এক সুস্বাস্থ্যৰ গৰাকী হোৱাটো নিশ্চিত ৷ পুষ্টিকৰ খাদ্যৰ অভাৱত বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হবলগীয়া হয় ৷ স্বাস্থ্য ভালে ৰাখিবলৈ হলে বতৰৰ ফলমূল আৰু শাক–পাচলি খোৱাটো অতি দৰকাৰী ৷ বতৰৰ ফলমূলৰ লগতে যিবোৰ স্থানীয় ফলমূল আৰু শাক–পাচলি আছে সেইবোৰৰ গুণাগুণ বহুত বেছি ৷ এনে ফলমূল আৰু শাক–পাচলি বিভিন্ন প্রাকৃতিক ৰঙেৰে ভৰপূৰ ৷ সদায় আমাৰ খাদ্য তালিকাত ৰামধেনু ৰঙৰ দৰে বতৰৰ যি প্রাকৃতিক ৰঙৰ বিভিন্ন ফলমূল আৰু শাক–পাচলি আছে, সেইবোৰ অন্তর্ভুক্ত কৰিব লাগে ৷ প্রত্যেকটো ৰঙৰে নিজস্ব গুণাগুণ আছে, যি শৰীৰত বিভিন্ন ধৰণে সহায় কৰে আৰু বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে ৷ শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকলৈকে দিনে ৰং–বিৰঙৰ ফলমূল আৰু শাক–পাচলি অন্তর্ভুক্ত কৰিব লাগে ৷ এই ফলমূল আৰু শাক–পাচলিবোৰে নিজস্বভাৱে ৰাসায়নিক প্রক্রিয়াৰে দেহত Phyto পুষ্টি তৈয়াৰ কৰে, যাৰ ফলত শাক–পাচলি আৰু ফলমূলবোৰৰ ৰঙৰ উজ্জ্বলতা বাঢ়ে ৷ তলত প্রত্যেকটো ৰঙৰ গুণাগুণ আৰু বিশেষত্ব উল্লেখ কৰা হল ৷

ৰঙা ৰংঃ  ৰঙা ৰঙৰ ফলমূল আৰু শাক–পাচলিত লাইকপিন নামৰ ফাইটকেমিক থাকে, যিয়ে কেঞ্চাৰ প্রতিৰোধক হিচাপে কাম কৰে ৷ ৰঙা ৰঙৰ ফলমূল আৰু শাক–পাচলিবোৰত লাইকপিনৰ উপৰি ফলেট, পটাচিয়াম, ভিটামিন–এ, ভিটামিন–চি, ভিটামিন–কে আদিবোৰ পুষ্টিৰে উপাদান পোৱা যায় ৷ ৰঙা ৰঙৰ ফলমূল আৰু পাচলিবোৰ দিনে খালে ভিন্ন ছালৰ সমস্যা, হূদৰোগ আদি হোৱাৰ সম্ভাৱনা কম থাকে ৷ ইয়াৰ উপৰি শৰীৰত তেজৰ চলাচল সুচাৰুৰূপে কৰে ৷  এইবোৰ ফলমূল আৰু পাচলিয়ে দেহত এণ্টি–ক্সিডেণ্ট হিচাপে কাম কৰে ৷ যেনে– বিলাহী, তৰমুজ, গুলপীয়া মধুৰি, ৰঙা আঙুৰ, ৰঙা কেপচিকাম, ষ্ট্রবেৰী, আপেল, ৰাজমাহ, চেৰী, ৰঙা পিঁয়াজ, ডালিম, বীট আদি উল্লেখযোগ্য ৷

কমলা আৰু হালধীয়া ৰংঃ  এই ৰঙৰ ফলমূল বা শাক–পাচলিত কেৰটিনয়ড্ছ নামৰ এবিধ পুষ্টিৰ উপাদান থাকে, যাৰ কাৰণে এনেকুৱা শাক–পাচলি নাইবা ফলমূলৰ ৰং কমলা হয় ৷ ইয়াৰ উপৰি অন্যান্য উপাদান যেনে– আঁহ, ফলেট, পটাচিয়াম, ভিটামিন–এ, ভিটামিন–চি আদি পোৱা যায় ৷ কমলা টেঙাত থকা হেচপেৰিডিন নামৰ উপাদানে দেহত তেজৰ চলাচল সুচাৰুৰূপে কৰাত সহায় কৰে ৷ আৰু লগতে ষ্ট্রোক হোৱাৰ সম্ভাৱনা কম কৰায় ৷ হালধীয়া ফলমূলবোৰত লিউটিন আৰু জিয়ানথানথিন নামৰ Phyto পুষ্টিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে ৷ এনেকুৱা ৰঙৰ ফলমূল আৰু শাক–পাচলিয়ে কেঞ্চাৰ প্রতিৰোধক হিচাপেও কাম কৰে ৷ এনেবোৰ ফলমূল আৰু শাক–পাচলিত যথেষ্ট পৰিমাণৰ এণ্টি–ক্সিডেণ্ট পোৱা যায়, যিয়ে শৰীৰত ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰায়৷ যেনে– গাজৰ, মিঠাআলু, হালধীয়া কেপচিকাম, কল, আনাৰস, ৰঙালাউ, ঠাণ্ডাৰ স্কোৱাচ, মাকৈ, কল, অমিতা, কমলা টেঙা ইত্যাদি ৷

সেউজীয়া ৰংঃ  সেউজীয়া ৰঙৰ শাক–পাচলিবোৰৰ মুখ্য Phyto পুষ্টি হৈছে ক্লৰফিল আৰু কেৰটিনয়ড আৰু পাচলিবোৰত I sothiocyanates, Glucosinolates, Indoles, Vitamin-K আদি যথেষ্ট পৰিমাণে পোৱা যায় ৷ এই পুষ্টিৰ উপাদানসমূহে শৰীৰত তেজ আৰু হাড় গঠনত সহায় কৰে ৷ ইয়াৰ উপৰি তেজত কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্রণ কৰে ৷সেউজীয়া শাক–পাচলিয়ে হূদৰোগ, কেঞ্চাৰ, ৰক্তহীনতা আদি দূৰীকৰণত বাধা প্রদান কৰে ৷ যেনে– পালেং শাক, কল, ব্রকলি, সেউজীয়া বন্ধাকবি, সেউজীয়া ৰঙৰ পাতশাক ইত্যাদি ৷

নীলা আৰু বেঙুনীয়াঃ  এই ৰঙৰ ফলমূল আৰু শাক–পাচলিৰ মুখ্য পুষ্টিৰ উপাদান হৈছেAnthoeganial, Resveratrol, Tanail আৰু অন্যান্য ভিটামিন যেনে– ভিটামিন–ব্ছি, ভিটামিন–কেৰ, খনিজ পদার্থ যেনে– মেংগানিজ, পটাচিয়াম আৰু আঁহ আদিবোৰ পোৱা যায় ৷ এনেবোৰ ফলমূল আৰু শাক–পাচলিৰ বহুতো গুণাগুণ আছে ৷ এনেবোৰ ফলমূল আৰু শাক–পাচলিয়ে শৰীৰত স্নায়ুবিষ সমস্যা দূৰ কৰাৰ উপৰি এণ্টি–ক্সিডেণ্ট হিচাপে কাম কৰে৷ হূদৰোগ, কেঞ্চাৰ, ষ্ট্রোক আদি ৰোগৰ প্রতিৰোধকাৰী হিচাপে কাম কৰে ৷ ইয়াৰ উপৰি মগজুৰ স্মৃতিশক্তি বৃদ্ধি কৰে ৷ আঙুৰ, বেঙেনা, কলা জামুক, প্লাম, নুনী টেঙা ৷

বগা আৰু মুগা ৰংঃ  এনেবোৰ পাচলিয়ে কেঞ্চাৰ হূদৰোগৰ প্রতিৰোধক হিচাপে কাম কৰাৰ লগতে হাড়ৰ গঠন শক্তিশালী কৰাত সহায় কৰে ৷ ফুলকবিত  পোৱা Phyto পুষ্টি Subforaphane কেঞ্চাৰ প্রতিৰোধক হিচাপে কাম কৰে৷ বগা মাশ্বৰুমত পোৱা Phyto পুষ্টিয়ে স্তন কেঞ্চাৰ প্রতিৰোধক হিচাপে কাম কৰে ৷ নহৰু আৰু পিঁয়াজত পোৱা Querecetin–এ তেজত কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্রণ কৰাৰ উপৰি দেহত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ এই ৰঙৰ পাচলিবোৰ হৈছে নহৰু, আলু, আদা, ফুলকবি, মাশ্বৰুম, বগামূলা ৷

আমাৰ দৈনিক খাদ্য তালিকাত দুই বা ততোধিক ৰঙৰ ফলমূল বা পাচলিৰে তৈয়াৰী খাদ্যবস্তু ৰখাটো অতি প্রয়োজনীয় ৷

ফোনঃ  ৯৯৫৪৫-৩৬৫৭৪

You might also like
Leave A Reply

Your email address will not be published.