তৰালি ঘৰফলীয়া
ছেঃ, এনেয়ে দেৰি হৈছে ৷ এইযোৰ আক এতিয়াহে ছিগিবলৈ পালে ৷ কি যে কুক্ষণত পৰিলোঁ অ ৷ সুক্টীৰ চাবিপাত হাতত লৈ বকি বকি চোতালৰ পৰা বাৰাণ্ডালৈ উঠি আহিল মায়া ৷ ছিগা চেণ্ডেলযোৰ সোলোকাই অইন এযোৰ পিন্ধি ললে ৷ ইফালে ঘড়ীৰ কাঁটাই পিছলৈ নোচোৱাকৈ দৌৰিবলৈ আৰম্ভ কৰিলেই ৷ যেন ৰৈ দিলেই স্তব্ধ হৈ পৰিব সকলো ৷ অকণমান যদি কাঁটাডাল লাহে লাহে ঘূৰিলেহেঁতেন অ ৷ কিমানখিনি কাম যে আগবাঢ়িলহেঁতেন ঘৰখনত ৷ এতিয়াতো গোটেহখন কাম কুৰুক্ষেত্র ৰণত মৰা সৈন্যবোৰৰ নিচিনা ছেদেলি–ভেদেলি হৈ পৰি আছে ৷ উপায়ো নাই ৷ সেইসোপা চিজিল কৰি ওলাই যায় মানে দিনটোলৈ হৈছেগৈ আৰু৷ গতিকে যৰ বস্তু ততে এৰি গৈ থাকা আৰু এক্সেলত পাক মাৰি মাৰি ৷ নহলে আক সিফালেও এখন কুৰুক্ষেত্র আৰম্ভ হয়েই নহয় ৷ আগ–গুৰি নাইকিয়া কথাবোৰ পাগুলি পাগুলি মায়া খৰধৰকৈ সুক্টীত বহিল গৈ ৷ পিছে লেথা লাগিলেহ নহয় ৷ ছেল্ফ মাৰি মাৰি ভাগৰি যোৱালৈকে সুক্টীয়ে গাটোকে নলৰালে ৷ অৱশেষত সমস্ত বলেৰে কিক মাৰিবলৈকে সাজু হল ৷ নহলে সেইভাগৰ গা লৰাবলৈ সেই মুহূর্তত ঘৰখনত অন্য এটা প্রাণী নাই ৷ প্রায় পোন্ধৰ মিনিটৰ যুঁজ–বাগৰৰ অন্তত যেনিবা সেহখনে কেৰমেৰনি তুলিলে ৷ গতিকে ৰৈ থকাৰ আহৰিয়ে বা কত উৰা মাৰিলে মায়া গন্তব্যস্থল অভিমুখে ৷ উৰা মৰা বুলি নকৈ যে উপায়ো নাই ৷ সময় মিলাই মিলাই গৈ থাকোঁতে অর্জুনে চৰাইৰ চকু দুটা দেখাৰ দৰে সুক্টী ৰখোৱা ঠাইকণহে দেখেগৈ ৷ বাটৰ খাল–বামলৈ চকু দিবলৈও সময়ে নাটে ৷ পিছে গৈ পোৱাৰ পিছতো জানো লেথা ছিগে ৰজাৰ হুকুম শুনিবলৈ দেখোন সাজু হৈয়ে থাকিব লাগে ৷ এৰা, ৰজাৰ হুকুম নহয়নো কি
নিয়মবোৰ নিয়মমতে পালন কৰিলে মহ ভাল পাম ৷ ঘৰুৱা লেথানো কাৰ নাথাকে সেইবুলি সময়ৰ লগত খোজ মিলাব নোৱাৰিলে হবনে
এহবোৰ বাক্যবাণ আজিকালি মায়াৰ এখন কাণেৰে সোমাই আনখনেৰে ওলাই নাযায় ৷ বুকুৰ কোনোবাখিনিতে বহি লয় গজগজীয়াকৈ ৷ তথাপি ওঁঠত হাঁহি এটা ওলোমাই নতশিৰে সকলো কথা সামৰি লয় ৷ ৰজা হলেও যে সকলোৰে আগত কিছুমান কথাৰ কৈফিয়ৎ দিব নোৱাৰি ৷ দি জানো কিবা লাভ আছে যদিহে তেওঁ কোনো সহমর্মিতাই প্রকাশ নকৰে ৷ নিজৰ জীৱনৰ লগত সাঙুৰ খাই থকা কথাবোৰ, সুখ অথবা দুখবোৰ দ্বিতীয় এজনে বুজি পাব বুলিও তাহৰ মনে নধৰে ৷
এহ যে সূর্যদেৱতাই ভুমুকি মৰাৰ লগে লগে ভৰি দুখন মাটিত পৰে, টাকুৰি ঘূৰাদি ঘূৰিয়েই থাকে ৷ ঘড়ীৰ কাঁটাৰ লগত বন্ধা থাকে সময় ৷ অকণমান ইফাল–সিফাল হলেই যে তিক্ত বাক্যবাণে বাট কাটে বুকুলৈ ৷ তাইৰ পৃথিৱীখনৰ সকলো সমস্যাৰ সমাধান কেৱল তাইহে কৰিব পাৰে ৷ কেৱল তাইৰে কিয়, সকলোৰেতো এখন নিজা পৃথিৱী থাকে ৷ সেইখন পৃথিৱী নিজৰ মতে চলাব পাৰি, সজাবও পাৰি নিজৰ মতে৷ তাত অন্য এজন ৰজাৰ হুকুম নচলে ৷ কব নোৱাৰে কোনেও যে সময়ৰ লগত খোজ নিমিলালে নচলিব ৷ দুখ লাগে মায়াৰ ৷ সময়ক নিজৰ দৈনন্দিন ৰুটীনখনৰ লগত বান্ধোতে বান্ধোতে নিজা বুলিবলৈ একোৱেই নাথাকেগৈ তাইৰ ৷ আনৰ ৰুচিৰ কথা মনত ৰাখোঁতে ৰাখোঁতে নিজেনো কি খাই ভাল পাইছিল, সেই কথা পাহৰি যোৱাও বহুদিনেই হল ৷ নিজৰ ৰুচিবোৰ জিভাখনেও নিয়ন্ত্রণত ৰাখিবলৈ ললে ৷ আবদাৰ নোহোৱাকৈ ৷
মায়া, সুদা মুখে দিনটোলৈ ওলাই যাব নাপায় ৷ ভাত এগৰাই খাই যোৱা ৷ সেয়া তাইৰ শহুৰেক ৷ তাইৰ খৰখেদাবোৰ দেখি তেওঁৰ মনে নসহে ৷ পিছে, কিবা অকণ গিলি যাব পৰাকৈ তাইৰ মানসিক প্রস্তুতি থাকেগৈ জানো বাহীবন কৰি উঠি পাকঘৰৰো প্রায়খিনি জঞ্জাল সামৰি মানুহজনক কর্মস্থলীলৈ যাবলৈ সাজু কৰাৰ পাছত তাহ শাহুৱেকৰ কোঠাত সোমায়গৈ ৷ তাই ঘৰ সোমোৱাৰ দিন ধৰি মানুহগৰাকীক শয্যাগত ৰূপতেহ পাই আহিছে ৷ পক্ষাঘাতে কোঙা কৰা তেওঁৰ দেহাটো আনৰ অবিহনে লৰচৰ নহয় ৷ প্রথমেই মায়াই শাহুৱেকক বিছনাৰপৰা দাঙি হুইল চেয়াৰখনত বহুৱায় ৷ প্রায় হাড়ে–ছালে লগা মানুহগৰাকীক দাঙিবলৈ বৰ বেছি কষ্টও নহয় ৷ তাতে অতদিনৰ অভ্যাস ৷ তাৰ পিছতে বিছনাৰ কাপোৰ–কানি সলনি কৰাৰ লগতে তেওঁকো ধুৱাই–পখলাই কাপোৰসাজ সলাই মূৰটো আঁচুৰি দিয়ে ৷ খাবলৈ কিবা অকণমান যোগাৰ কৰে ৷ লাহে লাহে চামুচখন ওঁঠৰ ফাঁকত ভৰাই দিয়ে ৷ কেতিয়াবা ধুনীয়াকৈ খোৱা মানুহগৰাকীয়ে কেতিয়াবা আকৌ একো নোখোৱাকৈয়ে মুখখন বিকটাই দিয়ে ৷ দুই–এষাৰ অস্পষ্ট কথাৰেহে নিজৰ অস্তিত্বকণ ৰক্ষা কৰিব পৰা মানুহগৰাকী কিছুমান সৰু সৰু কথাতে বৰকৈ অসন্তুষ্টও হৈ পৰে কেতিয়াবা ৷ মায়াক গালি পাৰে, শহুৰেকক গালি পাৰে, গালি পাৰে নেদেখাজনকো ৷ গেঙনি হৈ বাহিৰ হোৱা তেওঁৰ গালিবোৰে মায়াক দুখী কৰি তোলে৷ বৰ দুখী ৷ অকল গালি পাৰোঁতেই কিয়, আজিকালি দেখোন মায়াৰ হাঁহিবলৈ সময়ে নাথাকে ৷ আগতে মাকে তাইক খুব গালি পাৰিছিল অনবৰতে খিলখিলাই থকাৰ বাবে ৷ কিন্তু তাইৰ বাবে চাগে সেয়াই সুখ আছিল ৷ নহলে জানো বুকুজুৰি হাঁহিৰ ফোঁৱাৰা এটা বৈ থাকিব পাৰে অবিৰত আজিকালি দেখোন হাঁহি এটা থাপ মাৰি ধৰিও খন্তেকৰ বাবে নিজৰ কৰিব নোৱাৰে ৷
আগতে স্কুললৈ যোৱাৰ আগত মাকে বাঢ়ি দিয়া গৰম ভাতকেহটা পৰম তৃপ্তিৰে খাইছিল মায়াই ৷ শুকান ভাতকেইটাৰ লগত পাঁচফুৰণ দিয়া আলুভাজিকণ তাইৰ খুব প্রিয় আছিল ৷ দাইল নোখোৱাৰ বাবে যে কত গালি হজম কৰিবলগীয়া হৈছিল মাকৰ পৰা ৷ পিছে, সেই গালিত কাহানিও জঁয় নপৰিছিল তাহৰ কলিজা ৷ কলিজাটোও চাগে আজিকালি বৰ ঠুনুকা হৈ পৰিল ৷ এতিয়া শহুৰেকে মাকৰ সেই স্থানত থাকি কৈ উঠে তাহক ভাত এগৰাহ খাই যোৱা৷ তাই বুজে তেওঁৰ মর্মবেদনা ৷ কোনোদিন বোৱাৰী বুলি নভবাকৈ নিজৰ কন্যাৰ স্থানত স্থাপন কৰা অসহায় মানুহজনলৈ তাইৰ বৰ দুখ লাগে ৷ দুখবোৰ আজিকালি তাহৰ চাৰিওফালে অনবৰতে পিয়াপি দি ফুৰে৷ এই যেন মন গলেই বহি লব বুকুৰ কোনোবা কোণত ৷ নিজৰ প্রয়োজনখিনিৰ বাবে কোনোদিন তাইৰ ওচৰত একো দাবী নকৰা মানুহজনলৈ মায়াৰহে আক্ষেপ থাকি যায়, শাহুৱেকৰ লগত লাগি থাকোঁতে সময়মতে তেওঁক চাহকাপো যাচিব নোৱৰাৰ আক্ষেপ ৷ শুদামুখে সদায় ওলাই যাবলৈ তাইৰো মন নাযায় ৷ কিন্তু ভাতকেইটা গিলিবলৈকে যে তাই সময় মিলাব নোৱাৰে ৷ ঘৰখনৰ মুঠ ছটা মানুহৰ আবদাৰখিনি পূৰণ কৰাৰ একমাত্র মানুহজনীয়ে মায়া৷ কলেজীয়া দেওৰেকটো আৰু ননদজনৰ বাবে তাই দ্বিতীয়জনী মাক ৷ গতিকে, পুৱাই ইমানখিনি আবদাৰ পূৰণ কৰি নিজলৈ বুলি সময় অকণ সাঁচিবলৈ তাহৰ বৰ কষ্ট হয় ৷ পুৱা ওলাই যোৱা মানুহজন গধূলিহে সোমায়হি ৷ ভাগৰুৱা মানুহজনক দিনটোৰ খতিয়ান দিবলৈ তাইৰ মনে নকয় ৷ তেওঁ ওলাই যোৱাৰ পিছতে দেওৰেক আৰু ননদজনী ওলাই যায় ৷ ঘড়ীৰ কাঁটাৰ আগত নিজক বান্ধি খৰখেদাকৈ তায়ো ওলাই যায় ৷ নগলে জানো হব কেতিয়াবা ভাবে কি সুখত তাই কর্মস্থলীলৈ সদায় অহা–যোৱা কৰি আছে ৷ যত মনৰ শান্তি নাই, তাত সুখে খেলা কৰাৰ কথা দেখোন ভাবিবই নোৱাৰি ৷ তথাপি, মায়া ওলাই যায় ৷ নির্দিষ্ট সময়ত ঘৰখনৰ পৰা ওলাই যাবলৈ সদায় চেষ্টা কৰে ৷ কাৰণ, সেই হেঁপাহৰ ঘৰখনত তাহলৈ অপেক্ষা কৰে এজাক ৰঙীন পখিলাই ৷ পাখি মেলি উৰি আহিব খোজে কোলালৈ ৷ সেই যে উৰণীয়া পখিলাজাক, যিয়ে তাইলৈ সদায় অপেক্ষা কৰে, সিহঁতেহতো তাইৰ এধানমান সুখৰ আধাৰ, প্রাণৰ স্পন্দন ৷ সেয়ে তাই সিহঁতক গাফিলতি কৰিব নোৱাৰে ৷ কেতিয়াও নোৱাৰে ৷ কিন্তু, ইমানৰ পিছতো
তোমাৰনো ঘৰত কি কাম আছেহে লৰা–ছোৱালীৰ জঞ্জাল নায়েই দেখোন ৷ সদায় ইমান দেৰি হব লাগে নে আমাৰ কথা বাৰু বেলেগ ৷ লৰা–ছোৱালীৰ পৰা নিজলৈ সময়ে মিলাব নোৱাৰোঁ ৷
সময়ত আহিব নোৱাৰিলে চাকৰি এৰি দিয়াই ভাল দেখোন ৷ আমি হলে এনেকৈ সদায় সদায় পাল মাৰিব নোৱাৰোঁ দেহ ৷ এনেবোৰ কথাই সঁচাই শেল হৈ নিবিন্ধাকৈ থাকেনে বুকু মোচৰ খাই নুঠে জানো কলিজাৰ কোনোবাডোখৰ সময়ৰ মূল্য কি সঁচাই নুবুজে তাই সময়ৰ পিছত দৌৰি থাকোঁতেই দেখোন নিজলৈ বুলি একো নাথাকেগৈ ৷ সময়মতে মানুহজনক উলিয়াই পঠিওৱা, সময়মতে দেওৰেকহঁতক বিদায় দিয়া, সময়মতে শাহুৱেকৰ আলপৈচান ধৰা এইবোৰ কি কামৰ ভিতৰৰ কাম নহয় কেৱল লৰা–ছোৱালীৰ জঞ্জালকহে জঞ্জালৰ শাৰীত ধৰা সহকর্মীৰ কথাৰ সুৰ খুব ভালকৈ বুজে তাই ৷ মাথোঁ মুখ চুপতিহে মাৰিব নোখোজে ৷ কথাত কথা ববাই জানো কিবা লাভ আছে তেওঁলোকেতো তাইৰ সংসাৰখন দেখা নাই ৷ তাইক কেন্দ্র কৰি ঘূৰি থকা বৃত্তটোৰ লগতো তেওঁলোকৰ পৰিচয় নাই ৷ পৰিচয়তো বাদেই, সেই বৃত্তৰ কাষেদি পৰিভ্রমণ কৰাৰ ধৃষ্টতাও সেইসকলৰ নাই ৷ সময়ক হাতৰ আঙুলিত গণি গণি নিজৰ ঘৰখনৰ সকলো দায়িত্ব পালন কৰি তাই যি সুখ পায়, সেই সুখৰ ভৰ তেওঁলোকে বহন কৰিব নোৱাৰে ৷ সেইকণ সুখ যে সৰগীয় ৷
সদায়নো কত দেৰি হয় মায়াৰ কেতিয়াবা মাত্র পাঁচ বা দহ মিনিট নতুবা খুব বেছি হলে আধা ঘণ্টা ৷ ইমান মিলোৱাৰ পিছতো যেতিয়া সময়কণ নিমিলে, তেতিয়াই বেয়া লাগে তাইৰ ৷ কিন্তু উপায়ো যে নাই ৷ এয়াতো তাইৰ মাত্র চাকৰি নহয় ৷ এয়া তাইৰ পৰিচয় ৷ সেই পৰিচয়েৰে তাই আগুৱাব খোজে, কণমানি পখিলাজাকৰ পাখিকেইখন পূৰঠ কৰি উৰণীয়া কৰিব খোজে ৷ সিহঁতক নিজৰ খোজৰ লগত খোজ মিলাহ লৈ যাব খোজে সুদূৰলৈ ৷ যৰ পৰা আকাশ চুব পাৰি ৷ হাজাৰ সংঘাতে জুৰুলা কৰিলেও, হাজাৰ অসহনীয় বাক্যবাণে কোঙা কৰিলেও সেয়ে তাই হাউলি নপৰে, হাউলি পৰিব নোখোজে ৷ তাইৰ স্থিতপ্রজ্ঞতাই তাইক পৰিণত কৰে এজোপা বৃক্ষলৈ ৷ যাৰ ছত্রছায়াত হাজাৰ পখিলাই জিৰণি লয় ৷ সেই উৰন্ত পখিলাৰ সাম্রাজ্যখনৰ ৰাজৰাণী মায়া ৷ তাইক কেন্দ্র কৰিয়েই উৰি ফুৰা সিহঁতৰ পাখিবোৰত বহুৰঙী প্রলেপ সানি সেয়ে তাই সুখৰ গান গায় আৰু সেই গানৰ সুৰ বিয়পি পৰে বুকুজুৰি ৷ পখিলাজাকক জীৱনৰ দৌৰত চামিল কৰাবলৈকে যে তাইৰ অন্তহীন প্রয়াস ৷
ফোনঃ ৯৮৬৪৯-৫৩৫৯১
Comments are closed, but trackbacks and pingbacks are open.