শ্বেয়াৰেণ্টিংঃ অভিভাৱকত্বৰ এক আধুনিক যাত্রা

অনুপমা বৰগোহাঁই

অভিভাৱকত্ব হৈছে এক আনন্দকৰ অথচ জটিল যাত্রা ৷ এই যাত্রা যুগে যুগে বিকশিত হৈ আহিছে ৷ আজিৰ ডিজিটেল যুগত অভিভাৱকত্বৰ যাত্রাৰ এই বিকাশে অন্য এটা দিশ পাইছে ৷ অভিভাৱকত্ব অর্থাৎ ইংৰাজীৰ পেৰেণ্ঢিং শব্দটোৰ লগত শ্বেয়াৰেণ্টিং নামৰ এটা নতুন শব্দও সঘনে উচ্চাৰিত হৈছে ৷ শ্বেয়াৰেণ্টিং হৈছে  পিতৃ–মাতৃয়ে অনলাইন সামাজিক মাধ্যমত সন্তানৰ দৈনন্দিন জীৱনৰ কার্যকলাপ দর্শক আৰু অনুগামীৰ সৈতে ভাগ–বাটোৱাৰা কৰাৰ কার্য ৷

সন্তানৰ সকলো ব্যক্তিগত তথ্য ৰাজহুৱাভাৱে প্রচাৰ কৰা বা অতিমাত্রা তথ্য শ্বেয়াৰ কৰাৰ পৰিঘটনা শ্বেয়াৰেণ্ঢিংক লৈ উন্নত দেশবোৰত বহু বিতর্ক আৰু আলোচনা হৈছে ৷ আমাৰ দেশতো এই বিষয় লৈ অধিক আলোচনা আৰু সজাগতাৰ সৃষ্টি কৰা উচিত ৷ শ্বেয়াৰেণ্টিংক বহু লোকে অনুচিত আৰু বিপজ্জনক বুলি গণ্য কৰে যদিও বহু লোকে ইয়াক স্মৃতি ভাগ–বাটোৱাৰা কৰা আৰু দূৰত থকা আত্মীয় তথা বন্ধু –বান্ধৱীক নিজৰ সন্তানটিৰ বিষয়ে অৱগত কৰি ৰখাৰ সর্বশ্রেষ্ঠ উপায় হিচাপে লয় ৷ আগৰ দিনত অভিভাৱকে নিজৰ সন্তানৰ জীৱনৰ মধুৰ মুহূর্তবোৰ সংৰক্ষিত আৰু শ্বেয়াৰ কৰিবলৈ স্ক্রেপবুক বা ফটো এলবামৰ ওপৰত নির্ভৰ কৰিছিল ৷ এতিয়া মার্ক জুকাৰবার্গে মানৱ জাতিক পতিয়ন নিয়াইছে যে মানুহে নিজৰ বা সন্তানৰ জীৱনৰ প্রতিটো মুহূর্ত ডিজিটেল ৰূপত সামাজিক মাধ্যমত প্রকাশ কৰিলে সহজে সংৰক্ষিত হৈ থাকে ৷

ডাঃ মিছাইল ডি মার্কো নামৰ এগৰাকী বিখ্যাত লেখক আৰু ক্লিনিকেল থেৰাপিষ্টে অষ্টিন নামৰ এজন শিশুৰ  কাহিনী কৈছিল অষ্টিন ইণ্টাৰনেটৰ পৃথিৱীত থাকিব নে নাথাকিব, সেই অধিকাৰ সি পৃথিৱীত অহাৰ আগৰে পৰা খর্ব কৰা হৈছিল ৷ IVF ৰ দুটা ৰাউণ্ডৰ পৰা আৰম্ভ কৰি অৱশেষত দুটা গোলাপী ৰেখাক ধৰি ৰখা প্লাষ্টিকৰ লাঠীডালৰ ফটো, ছনোগ্রাফী কৰা সময়ৰ ভিডি, আনকি বাহিৰৰ পৃথিৱীত প্রথম উশাহ লোৱাৰ আগতেই  মাকৰ পেটত উশাহ লোৱাৰ ভিডিকে ধৰি অষ্টিনৰ সকলো কাহিনী ইতিমধ্যে মাতৃয়ে অনলাইন সামাজিক মাধ্যমত লিখি পেলাইছিল ৷

চৈধ্য বছৰৰ পিছতো অষ্টিনৰ কাহিনীটো এনেদৰে চলি আছে খোজ কাঢ়িবলৈ শিকা, #poopingonthepotty ৰ কাহিনী, ডায়েৰীয়াৰ দৰে শিশুৰ সৰু সুৰা বেমাৰত মাকৰ ফেচবুক বন্ধু সকলৰ পৰা নিৰাময়ৰ পৰামর্শ লোৱা, প্রথম  স্কুলৰ বাবে সাজু হোৱা, প্রথম নৃত্যৰ বাবে সাজু হোৱা, পার্কত প্রথম কোনোৱা বান্ধৱীৰ লগত কথা পতা, ইমোজি আৰু “ALL Best” ৰে ভৰি থকা ৰিপর্ট কার্ড ইত্যাদি ৷

এবাৰ অষ্টিনে মাকৰ ইনষ্টাগ্রাম পেজৰ পৰা তাৰ জন্মদিনৰ কেক খোৱা এখন ফটো বেয়া লগাত ডিলিট কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু  মাকে অষ্টিনক উত্তৰ দিলে, ন বেবী, ইটচ চ কিউট ! ইমান মানুহে লাইক কৰিছে, লাভ ৰিয়েকচন কৰিছে মই ডিলিট কৰিব নোৱাৰোঁ দেহ ৷ শ্বেয়াৰেণ্টিঙত আসক্ত এগৰাকী মাকৰ বাবে হাজাৰ হাজাৰ লাইক থকা ফটো এখনৰ গুৰুত্ব সন্তানৰ ভাল লগা বেয়া লগাৰ অনুভূতিতকৈ অধিক !

নিজৰ সন্তানক লৈ প্রতিজন পিতৃ–মাতৃয়ে গৌৰৱ অনুভৱ কৰিব বিচাৰে ৷ বহু লোকেই যুক্তি দিয়ে যে পিতৃ–মাতৃয়ে নিজৰ সন্তানৰ জীৱনৰ কিছুমান আনন্দ, দুখ, প্রত্যাহ্বান তথা তেওঁলোকৰ ব্যক্তিগত জীৱনৰ আভ্যন্তৰীণ কথা অন্তৰংগ বৃত্তৰ সৈতে ভাগ কৰিব বিচৰাটো স্বাভাৱিক ৷ কিন্তু ফেচবুক, ইনষ্টাগ্রাম আদি ছচিয়েল মিডিয়া অহাৰ আগতে, এমুঠি অন্তৰংগ মানুহৰ সৈতে শ্বেয়াৰ কৰা এনেবোৰ আভ্যন্তৰীণ কথাত এতিয়া ৫০০  ৫০০০  ৫০০০০ বা তাতকৈ অধিক পৰিচিত আৰু অপৰিচিত লোক অন্তর্ভুক্ত হয় ৷

হার্ভার্ড বিশ্ববিদ্যালয়ৰ ইউনিভার্ছিটি অৱ নিউ হামশ্বায়াৰ ল  স্কুলৰ সহযোগী অধ্যাপিকা আৰু Berkman Klein Center for Internet and Society ৰ সদস্যা লিয়া প্লাংকেটৰ গ্রন্থ Sharenthood  Why We Should Think Before We Talk About Our Kids Online কিতাপখনত যুক্তি দিছে যে শিশুৰ মংগলৰ দায়িত্বত থকা এজন প্রাপ্তবয়স্কই   ডিজিটেল মাধ্যমৰ জৰিয়তে শিশুৰ বিষয়ে ব্যক্তিগত তথ্য প্রকাশ কৰিলে অর্থাৎ শ্বেয়াৰেণ্টিং  কৰিলে এটা ডিজিটেল তথ্যৰ সৃষ্টি হয় ৷ প্রযুক্তিৰ জগতত থকা বেয়া উদ্দেশ্যৰ মানুহ বা তথাকথিত টেক ডেভিলছসকলে সহজলভ্য সেই তথ্য সংগ্রহ কৰি নানা বেয়া কাম কৰিব পাৰে ৷ প্লাংকেটৰ মতে শ্বেয়াৰেণ্টিঙৰ  দ্বাৰা অভিভাৱকে পৰোক্ষভাৱে টেক ডেভিলছৰ হাতত নিজৰ সন্তানৰ তথ্য সমর্পণ কৰে আৰু তাৰ অভাৱনীয় পৰিণতিৰ প্রতি চকু মুদি থাকে ৷

তথ্যৰ অপপ্রয়োগ প্রাপ্তবয়স্ক্ৰ বাবে যিমান চিন্তনীয় শিশুৰ বাবে ততোধিক চিন্তনীয় ৷ নিজৰ শিশুটিৰ সকলো তথ্য অনলাইন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অভিভাৱকসকলে শিশুক তেওঁলোকৰ অনুমতিৰ অবিহনেই  ডিজিটেল জীৱনত প্রৱেশ কৰোৱায় ৷ এটা অধ্যয়নত দেখা গৈছে যে ২০৩০ চনৰ ভিতৰত পৰিচয়–প্রৱঞ্চনাৰ্ প্রায় দুই–তৃতীয়াংশ গোচৰ শ্বেয়াৰেণ্টিঙৰ ফলতেই হব ৷

শিশুৰ বিষয়ে অভিভাৱকৰ নিৰীহ পোষ্টে কেনেকৈ বাস্তৱ জগতত অসুবিধাৰ সৃষ্টি কৰিব পাৰে  জানো আহক

যদি আপুনি  আপোনাৰ সন্তানৰ বাবে এটা অনলাইন চৰিত্র বা সত্তা সৃষ্টি কৰিছে, তেন্তে ই সন্তানৰ নিজৰ কাহিনী আৰু আত্মবোধ গঢ়ি তোলাৰ ক্ষমতাত প্রভাৱ পেলোৱাৰ সম্ভাৱনাই বেছি ৷

যেতিয়া আপোনাৰ সন্তানে নিজৰ বিষয়ে কব বিচৰা কাহিনীটো আপুনি ইতিমধ্যে কোৱা কাহিনীটোৰ লগত নিমিলে, যদি আপুনি নিখুঁত বুলি ভবা সামাজিক মাধ্যমৰ সুন্দৰ ছবিখনৰ লগত সন্তানে খাপ খাব নোৱাৰে, যদি আপোনাৰ সন্তানে আপুনি প্রকাশ কৰা সেই ভাল ছোৱালী, বেয়া লৰা বা  আপুনি সৃষ্টি কৰা আন কোনো চৰিত্র হব নিবিচাৰে তেতিয়া সন্তানৰ মনোজগতত বিৰূপ প্রভাৱ পৰে৷

আনহাতে আপুনি কোৱা কাহিনীটোকে যদি সন্তানে নিজৰ কৰি লয় আৰু নিজৰ কাহিনীটো বুজিবলৈ আৰু কবলৈ চেষ্টা কৰাটো বন্ধ কৰে, তেন্তে সন্তানৰ সৃষ্টিশীলতা বন্ধ হয় ৷ কাহিনীয়ে কেৱল জীৱনটোক প্রতিফলিত নকৰে, ই আমাক গঢ় দিয়ে ৷ ডাঙৰ হৈ পিতৃ–মাতৃ বা কর্তৃত্বশীল ব্যক্তিৰ পৰা নিজকে পৃথক কৰি  নিজে নিবিচৰা বা ভাল নোপোৱা এটা কাহিনীৰ চৰিত্র হোৱাটো বৰ কঠিন ৷ শ্বেয়াৰেণ্টিঙে শিশুসকলক বহুতো গুৰুত্বপূর্ণ আৰু অপৰিহার্য জীৱন দক্ষতাৰ পৰা বঞ্চিত কৰে ৷

এটা কথা সঁচা– আপুনি এই পৃথিৱীলৈ এটি শিশু আনিছে আৰু আপুনিয়েই সেই শিশুক জীৱনত প্রতিটো খোজত আগবাঢ়ি যোৱাত সহায় কৰে ৷ তথাপি সেই শিশুৰ জীৱনৰ কাহিনীক তেওঁলোকৰ ইচ্ছামতে গঢ় দিয়া আৰু কোৱাৰ অধিকাৰ আপুনি খর্ব কৰাটো উচিত নহয় ৷ প্রতিজন শিশুক নিজৰ কাহিনী নিজৰ মতে লিখাৰ অধিকাৰ দিব লাগে তেতিয়াহে শিশুৰ বিকাশৰ প্রতিটো পর্যায় সুস্থ আৰু উপযুক্ত হব ৷

আন এটা অধ্যয়নত দেখা গৈছে যে সামাজিক মাধ্যমত সন্তানৰ বিষয়ে অতিমাত্রা ভাগ–বাটোৱাৰা কৰা পিতৃ–মাতৃৰ সন্তানসকলৰ উদ্বেগৰ হাৰ বেছি ৷ এনে সন্তানৰ স্বনির্ভৰশীলতা আৰু আত্মসন্মান কম হয় ৷ মনোচিকিৎসক জেন জেনকিন্সে কয়, যেতিয়া অভিভাৱকে সন্তানৰ অনুমতি অবিহনে অহৰহ পোষ্ট কৰি থাকে, তেতিয়া  সন্তানৰ এনে অনুভৱ হব পাৰে যে তেওঁৰ নিজৰ জীৱন কাহিনীৰ ওপৰত কোনোধৰণৰ গোপনীয়তা বা নিয়ন্ত্রণ নাই ৷

শিশুৰ আত্ম–মূল্যবোধৰ ওপৰত শ্বেয়াৰণ্ঢিঙে যথেষ্ট প্রভাৱ পেলায়৷ বেছিভাগ অভিভাৱকে নিজৰ সন্তানৰ জীৱনৰ উল্লেখযোগ্য দিশৰ বিষয়ে পোষ্ট কৰিলে কেতিয়াবা অতিমাত্রা বা কেতিয়াবা কমকৈ শ্বেয়াৰ কৰাৰ আশংকা থাকিব পাৰে, যাৰ ফলত শিশুৱে হয় অত্যধিক গুৰুত্ব দিয়া বা কম মূল্য দিয়া অনুভৱ কৰিব পাৰে ৷ এনেবোৰ কথাই শিশুৰ মানসিক স্বাস্থ্যত কু–প্রভাৱ পেলায় ৷

আজিৰ ডিজিটেল যুগত অভিভাৱকসকলে শিশুৰ অনলাইন উপস্থিতিৰ সৈতে খাপ খোৱাৰ লগতে তেওঁলোকৰ সন্তানক সম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা সঁজুলিসমূহো আয়ত্ত কৰাৰ সময় আহি পৰিছে ৷

সন্তানৰ গোপনীয়তা ৰক্ষা আৰু তেওঁলোকৰ গৌৰৱৰ অংশীদাৰ হোৱাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ কেতবোৰ উপায় জানো আহক

  •  অভিভাৱকসকলে সামাজিক মাধ্যমত কি পোষ্ট কৰে, সেই বিষয়ে চিন্তাশীল হোৱাটো আৰু সন্তানক যাতে অচিনাকি লোকে সহজে চিনাক্ত কৰিব নোৱাৰে বা যোগাযোগ কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰখাটো প্রয়োজন ৷ সামাজিক মাধ্যমৰ গোপনীয়তাৰ ছেটিংসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে, যাতে কেৱল আপোনাৰ নির্বাচিত লোকেহে সেইবোৰ চাব পাৰে ৷
  • আপোনাৰ সন্তানৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ নিজৰ বিষয়বস্তু শ্বেয়াৰ কৰাৰ লাভ–লোকচান বুজিবলৈ সহায় কৰক ৷ ডিজিটেল নাগৰিকত্বৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাটো প্রায়ে আমাৰ শিশুৰ শিক্ষাত অন্তর্ভুক্ত নহয় ৷ সেয়ে সামাজিক মাধ্যমত শিষ্টাচাৰৰ প্রয়োগ কৰা, ইতিবাচক আদর্শ দাঙি ধৰাটো প্রাপ্তবয়স্ক্সকলৰ দায়িত্ব ৷
  • সামাজিক মাধ্যমৰ পোষ্টবোৰ কেতিয়াও আপোনাৰ সন্তানক অনুশাসন কৰিবলৈ বা ভয় দেখুৱাবলৈ ব্যৱহাৰ কৰা উচিত নহয় ৷ আপোনাৰ লৰা–ছোৱালীক অসৎ আচৰণৰ বাবে ৰাজহুৱাভাৱে লাজ দিয়াটো শিশুৰ  সংশোধনৰ এক প্রথা হিচাপে লব বিচাৰে যদি মনত ৰাখিব যে এই ধৰণৰ ৰাজহুৱাভাৱে লাজ দিলে সন্তানৰ আত্মসন্মানত আঘাত লাগে আৰু অভিভাৱক হিচাপে আপোনাৰ ওপৰত থকা বিশ্বাসত এক স্থায়ী নেতিবাচক প্রভাৱ পৰে ৷

সঠিক পদ্ধতিৰে, সঠিক মাত্রাত সামাজিক মাধ্যমত সন্তানৰ বিষয়ে ভাগ–বাটোৱাৰা কৰাটো পৰিয়াল আৰু বন্ধু –বান্ধৱীৰ সৈতে সংযুক্ত হৈ থকাৰ এক উত্তম উপায় হব পাৰে আৰু আপোনাৰ সন্তানকো জীৱনৰ মূল্যবোধ  অনুভৱ কৰাত সহায় কৰিব পাৰে ৷ কিন্তু আপোনাৰ সন্তানৰ জীৱনৰ সবিশেষ বন্ধু –বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভাগ–বাটোৱাৰা কৰোঁতে তেওঁলোকৰ গোপনীয়তাৰ লগতে আপোনাৰ গোপনীয়তাও সুৰক্ষিত কৰিবলৈ সদায় প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ কেতিয়াও নাপাহৰিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.