সুৰঞ্জনা শইকীয়া কোঁৱৰ
অফিচৰ পৰা আহি ফ্রেচ হৈ কফীৰ কাপটো হাতত লৈ টিভিটো অন কৰি সন্মুখৰ ছোফাখনত সুনয়না বহিল ৷ তেনেতে মবাইলটো বাজিল সুনয়নাৰ৷ সুৰজিতৰ ফোন ৷ ফোনটো ৰিচিভ কৰি তাই তাই লাহেকৈ কলে
উম কোৱা ৷ আহিছানে ঘৰ
মই তলতে আছোঁ গেটৰ ওচৰত ৷
নয়না ডাঙৰ ঘটনা এটা হল ৷
কি হল সুৰজ তুমি ঠিকে আছাতো
- মই ঠিকে আছোঁ নয়না ৷
নয়না আকাশে ছুইচাইড কৰিলে৷ নন্দিনী, সাৰংগ, সুকন্যাহঁত গৈ আছে, তুমি আহা ৷
কথাটো শুনাৰ লগে লগে থানবান হৈ গল সুনয়নাৰ বুকুৰ ভিতৰখন ৷ তাই যেন বাক্শক্তি হেৰুৱাই পেলালে ৷
- হেল্ল নয়না শুনিছানে
তাই থতমত খাই থোকাথুকি মাতেৰে কলে মই গৈ আছোঁ সুৰজ ৷
ফোনটো কাটি টিভিটো অফ কৰি দর্জাখন লক কৰিব লৈ থৰথৰকৈ কঁপিব ধৰিলে সুনয়নাৰ হাতখন ৷ দৌৰাদৌৰিকৈ গৈ গাড়ীত বহিল ৷
এইবোৰ কেনেকৈ হল সুৰজ
- ময়ো নাজানো অ৷ মোক সাৰংগই ফোন কৰি কলে ৷ ঠিক মই অফিচৰ পৰা ওলাইছোঁ আৰু ৷ তোমাক কলে তুমি বেছি উত্তেজিত হৈ যোৱা বুলি ঘৰ পায়ে ফোন কৰিলোঁ ৷
- সি কিয় এনেকুৱা এটা কাম কৰিলে সুৰজ মই কালিও তাৰ লগত কথা পাতিছোঁ ৷ ইমান ভালকৈ কথা পাতিছিল সি ৷ হঠাতে তাৰ কি হল ৷
- তাকেতো ময়ো ভাবিছোঁ নয়না ৷ কি হল তাৰ ৷
সুনয়নাৰ দুচকুৰে নামি আহিছিল বাৰিষাৰ ধল৷ আকাশৰ ঘৰ পোৱালৈকে কোনেও আৰু একো কথা কোৱা নাছিল ৷
বাটত প্রচণ্ড ট্ৰেফিক জাম ৷ হবই দেৱালী সমাগত ৷ যিমান সোনকালে তাইৰ আকাশৰ ঘৰ পাবলৈ মন গৈছে, সিমানেই দেৰি হৈ গৈ আছে ৷ সুকন্যাহঁত পালেগৈ নে নাই বা ৷ ফোন কৰিবলৈও বেয়া লাগে ৷ কি পৰিস্থিতি আকাশৰ ঘৰত ৷
সুকন্যা, নন্দিনী, সাৰংগ, আকাশ বহুত ভাল বন্ধু ৷ সুৰজিৎ ছিনিয়ৰ আছিল কলেজত ৷ তথাপি সিয়ো বহুত ক্লজ আছিল সিহঁতৰ ৷ অৱশ্যে সুনয়নাৰ লগত প্রেমৰ সম্পর্ক হোৱাৰ পিছত বেছি ক্লজ হৈছিল সকলোৰে ৷
সুনয়নাৰ মনটো বহুত কথাৰে ভাৰাক্রান্ত হৈ পৰিল ৷
কি হল আকাশৰ তাৰ দৰে ইমান স্ফূর্তিবাজ লৰা এটাই এনেকুৱা কাম কৰিব পাৰেনে কি বিষাদ আছিল তাৰ জীৱনত আছিল নেকি গোপন ৰহস্য কিবা তাৰ জীৱনত সি মোৰ বহুত ওচৰৰ বন্ধু আছিল ৷ চব কথাই মোক কৈছিল ৷ ইমান ডাঙৰ ঘটনাৰ আঁৰত কি সোমাই আছিল তাৰ মনত ৷ কি মানসিক অশান্তি আছিল মোক এবাৰ যদি কলি হয় তই ৷
কালি সি মোক ফোন কৰোঁতে যে কৈছিল ঐ ছোৱালী পৰহিলৈ তোৰ বার্থডে নহয় ৷ তোৰ বাবে মোৰ এটা ডাঙৰ ছাৰপ্রাইজ আছে বান্দৰী৷ তোক মই বৰ ভাল পাওঁ ৷ তই সদায় সুখী থাকিবি ৷ সুখী মানুহৰ দৰে ৷ তেতিয়া ময়ো সুখী হম৷ যতেই নাথাকোঁ লাগে ৷
মইহে কথাটো ধেমালিত উৰুৱাই দিছিলোঁ ৷ সি কোৱা ছাৰপ্রাইজটো এইটো নহয়তো অণ্ঠ–কণ্ঠ শুকাই গৈছিল তাইৰ কথাবোৰ ভাবি ৷ সি মোক প্রায়ে কৈছিল কোনোবা ছোৱালী এজনী সি ভাল পাইছিল ৷ কিন্তু সি মনৰ কথা কোৱাৰ আগতেই আন কাৰোবাৰ হৈ গৈছিল হেনো তাই ৷ মোৰ দৰেই হেনো তাই চব ফালৰ পৰা ৷ কোন আছিল তাই ময়ে নাছিলোতো সেই অচিনাকি ছোৱালীজনী সেইবাবে বাৰু চিনাকি নিদিলে নেকি তাইৰ
গাড়ীৰ ব্রেকৰ শব্দত উচাপ খাই বাস্তৱলৈ ঘূৰি আহিল সুনয়না ৷
কি হল সুৰজিৎ ৰৈ গলা
আকাশৰ ঘৰ পালোঁ নয়না ৷
আকাশৰ মাক সুস্থ অৱস্থাত নাছিল ৷ একমাত্র ভনীয়েকক সোধা–পোছা কৰি আছিল পুলিচে ৷ টিভি চেনেল, পেপাৰৰ মানুহে ঘৰ ভৰি আছিল ৷ সাৰংগহঁতৰ পৰা গম পালোঁ ছুইচাইড নোটত নিজৰ ইচ্ছাত মৰা বুলি লিখি থৈ গৈছে ৷ ঘৰখনত কেৱল কান্দোনৰ ৰোল৷ ঘৰৰ প্রতিটো কোণৰ সুখ, হাঁহিবোৰ থানবান হৈ পৰিছিল ৷ ইতিমধ্যে বডীটো পোষ্টমর্টেমৰ বাবে নিবলৈ সাজু ৷ সুৰজিৎ, সাৰংগ বডীৰ লগত গল ৷ সুকন্যা, সুনয়নাহঁত আকাশৰ ঘৰত থাকিল ৷ আকাশৰ ভনীয়েকে সুনয়নাক সাবটি ধৰি বহুত কান্দিলে ৷ বা দাদাৰ কি হল বা সুনয়নাৰ দুচকু ভৰি পৰিল পানীৰে ৷ কি বুলিনো সাত্ব্ন্না দিব ৷
সিহঁত সকলো সাজু হল দুখৰ এটা উজাগৰী ৰাতি কটাবলৈ ৷ আকাশৰ নামত ৷ কিন্তু সকলোৰে মনত এটাই প্রশ্ন আকাশে কিয় ছুইচাইড কৰিলে
কলিংবেলৰ শব্দ শুনি সাগৰিকা উঠি গৈ দর্জা খুলি দিলে এটা মিঠা হাঁহিৰে ৷
আহিলা ৷
প্রত্যুত্তৰত সীমান্তৰো এটা মিঠা হাঁহি ৷
সাগৰিকা বহুত মূৰৰ বিষ ৷ তোমাৰ হাতৰ একাপ চাহ স্পেচিয়েল চাহ ৷ ঠিক আছে, তুমি ফ্রেচ হোৱা মই বনাওঁ ৷
সীমান্ত ৷
কোৱা ডার্লিং ৷
মেগাজিনত যে মই গল্প এটা দিম বুলি কৈছিলোঁ জাষ্ট কমপ্লিট হল ৷
বঢ়িয়া ৷ তেন্তে চাহৰ লগত মোৰ ছুইটহার্টৰ গল্প হৈ যাওক আজি ৷
সাগৰিকাৰ মনত স্বস্তিৰ হাঁহি ৷
সীমান্ত চাহ ৷
গৈ আছোঁ এক মিনিট ৷
ফোনঃ ৮১৩৩৯-৪৬৬৮৪