প্রীতিৰেখা দাস
ফোনটো ক্রেডেলত থৈ অভিজ্ঞান বৰুৱাই এইবাৰ সমুখত থিয় হৈ থকা ছোৱালীজনীলৈ চালে ৷ ওঠৰ কি ঊনৈশ বছৰ বয়স চাগে ছোৱালীজনীৰ ৷ মুখখন মৰমলগা ৷ অথচ চকুযুৰি কৰুণ ৷ হঠাতে কিয় জানো অভিজ্ঞানৰ ভাব হল ছোৱালীজনীৰ গোটেহ অৱয়বজুৰি কিবা এক বিষণ্ণতা বিয়পি আছে ৷
নমস্কাৰ দি কলে তাই ?
মোৰ নাম অভিলাষা বৰঠাকুৰ ৷ আজিৰ বাতৰিকাকতত আপোনাৰ অফিচত পদ এটা খালী হৈ থকা বুলি জানিব পাৰিলোঁ ৷ এয়া মোৰ অর্হতা ছাৰ ৷
ছোৱালীজনীয়ে ফাইল এটা আগুৱাই দিলে ৷
অভিজ্ঞানে মনোযোগেৰে চালে ফাহলটো ৷ বহুত ভাল পার্চেণ্টেজ পোৱা ছোৱালী ৷ সকলো ঠিকেই আছে ৷
এনেকুৱা চোকা প্রার্থী এজনে বিচাৰি আছিল তাৰ কোম্পানীয়ে ৷
তথাপি সুধিলে সি,
- পঢ়া এৰি হঠাতে জব কৰিব ওলাইছা যে ?
- মোক চাকৰি এটাৰ বৰ প্রয়োজন ছাৰ৷ মোৰ অর্হতাখিনি যদি উপযুক্ত বুলি ভাবে দয়া কৰি মোক চাকৰি এটা দিয়ক ছাৰ ৷
একমুহূর্ত ছোৱালীজনীৰ মুখলৈ মূৰ তুলি চালে অভিজ্ঞানে আৰু বুজিবলৈ চেষ্টা কৰিলে এনে কি সংঘাত আহি পৰিল এই সৰু ছোৱালীজনীৰ জীৱনলৈ যে তাইক চাকৰি এটাৰ খুবেই প্রয়োজন আহি পৰিছে ৷
সকলো ঠিকেই আছেতো হঠাতে খুউব আপোনভাৱে সুধি পেলালে অভিজ্ঞানে ৷ কাৰণ সি বুজে কিমান বেছি প্রয়োজন আহি পৰিলে মানুহ এনেকৈ আতুৰ হৈ পৰিব পাৰে এটা চাকৰিৰ বাবে ৷
- ঠিকেহ নাহ ছাৰ ৷ মোৰ চাকৰি এটাৰ বৰ প্রয়োজন হৈ পৰিছে ৷ মাৰ অসুখ৷ হার্টৰ প্রব্লেম ৷ দিনে দিনে মা বেছি দুর্বল হৈ পৰিছে ৷ যাৰ বাবে মায়ে কৰি থকা চাকৰিটোও ৰিজাইন দিব লগা হৈছে ৷ মাৰ মেডিচিন, মোৰ পপাৰ খৰচ, ঘৰৰ খৰচ ৷ বহুত অসুবিধা ছাৰ, তথাপি মায়ে নিবিচাৰে মই কলেজৰ পঢ়া বাদ দি চাকৰি কৰোঁ ৷ কিন্তু মই মাক এনেকৈ কেনেকৈ চাই থাকিম মাক ভাল চিকিৎসাৰ প্রয়োজন ৷ বহু ঠাইত চাকৰি এটা বিচাৰিলো ৷ কিন্তু নাপালোঁ ৷ আজি হঠাতে আপোনাৰ কোম্পানীত পদ এটা খালী হৈ আছে বুলি পেপাৰত এডটো পাই মাক কলেজলৈ যাম বুলি কৈ ইণ্ঢাৰভিউ দিবলৈ গুচি আহিলোঁ ৷
বয়সতকৈও অধিক পৰিপক্ব হৈ পৰা ছোৱালীজনীলৈ কিবা এক অহৈতুক প্রীতি জাগি উঠিল অভিজ্ঞানৰ মনত৷ ইমান কম বয়সতে কিমান দায়িত্বশীল হৈ পৰিব লগা হৈছে তাহ ৷
- হব ৷ চিন্তা নকৰিবা ৷ চাকৰিটো হব ৷ মই তোমাৰ ডকুমেণ্টখিনি চাহছোঁ ৷ এই পদটোৰ বাবে উপযুক্ত তুমি৷ কাহলৈ আহিFormalitiesখিনি পূৰাই joining letterখন লৈ যাবা অফিচৰ পৰা ৷
- সঁচাহ সঁচাহ কৈছেনে ছাৰ মোৰ চাকৰিটো হব আপুনি নাজানে ছাৰ মোৰ মনৰ কিমান ডাঙৰ চিন্তা এটা আপুনি আঁতৰাহ দিলে ৷ চাকৰি এটাৰ বাবে আজি কেইমাহমানৰ পৰা মই কিমান হাবাথুৰি খাবলগীয়া হৈছে ৷ এতিয়াও বিশ্বাস হোৱা নাই ইমান ডাঙৰ কোম্পানী এটাত মোৰ চাকৰি হল বুলি ৷
ছোৱালীজনীয়ে হাঁহিলে ৷
চমকি উঠিল অভিজ্ঞান ৷
আ ইমান চিনাকি এই হাঁহি বুকুৰ দেৱালত আজিও খোদিত হৈ আছে যি হাঁহি ৷
পুনৰ নমস্কাৰ দি ছোৱালীজনী যাবলৈ ওলাল ৷
- অলপ ৰবা ৷
তাই ৰৈ উভতি চালে,
অভিজ্ঞানে মানীবেগৰ পৰা টকা দুহেজাৰ উলিয়াই দি কলে,
- এয়া লোৱা, মাৰ কাৰণে কিবা মেডিচিন লাগিলে আৰু ফলমূল অলপ লৈ যাবা ৷
- কিন্তু ছাৰ এয়া মই কেনেকৈ লব পাৰোঁ ৷
- একো নাই অহা মাহত যেতিয়া তুমি দৰমহা পাবা মোক ঘূৰাই দিবা ৷ হব, এতিয়া লোৱা ৷
সেমেনা সেমেনিকৈ তাই পইচাখিনি হাত পাতি লৈ ওলাই গল কোঠাটোৰ পৰা ৷
খুউব ভাগৰুৱা মানুহৰ দৰে শীত–তাপ নিয়ন্ত্রিত কোঠাটোত থকা কলা ৰঙৰ ৰিভলিং চকীখনত বহি পৰিল কোম্পানীটোৰ মালিক অভিজ্ঞান বৰুৱা ৷ এক নামহীন অনুভূতিয়ে বুকুখন বিষাই তুলিলে ৷ অফিচত আৰু থাকিবৰ মন নগল ৷ হঠাতে উঠি পার্কিং প্লেচৰ পৰা গাড়ীখন উলিয়াই ঘৰ অভিমুখে ৰাওনা হল ৷
অভিজ্ঞানৰ গাড়ীখন যেতিয়া তাৰ বাংলোটোৰ চৌহদত প্রৱেশ কৰে তেতিয়া আবেলি চাৰি বাজিছিল ৷
সুদৃশ্য বাংলোটোৰ মুখ্য দুৱাৰখন খুলি দিলে সি ৷ নিঃসংগতাত ডুব গৈ আছিল অভিজাত কোঠাটো ৷ খিৰিকীৰ নীলা ৰঙৰ পর্দাখিনি আঁতৰাই দিলে সি ৷ সোমাই আহিল কোঠাটোলৈ শেষ সূৰুযৰ সোণালী ৰেঙনি আৰু উজলি উঠিল দেৱালত আঁৰি থোৱা অনুৰাধাৰ ফটোখন ৷ সদায় চোৱাৰ দৰে আজিও চকুৰ পলক নেপেলোৱাকৈ অভিজ্ঞানে চাই থাকিল অনুৰাধাৰ হাঁহি থকা মুখখন ৷ সি কাষ চাপি যায় ফটোখনৰ ৷ আৰু দুহাত বুলাই কৈ উঠে
অনু, মোৰ অনু কত আছা তুমি তোমাৰ অবিহনে মই বৰ অকলশৰীয়া অনু ৷
থোকাথুকি হৈ পৰে তাৰ মাত ৷ অলস খোজেৰে সি পুনৰ বাহিৰলৈ আহি ঘাঁহনিত থকা চকী এখনত বহি পৰে ৷ হঠাতে আজি বেছি উদাস হৈ পৰিল তাৰ মনটো ৷ আজি অফিচলৈ চাকৰি বিচাৰি অহা ছোৱালীজনীলৈ পুনৰ মনত পৰে তাৰ ৷ কেনে আছে বাৰু ছোৱালীজনীৰ মাক মাকৰ বাবেই কিমান যে দুখত আছে তাহ ৷ কিয় জানো কাৰোবাৰ দুখবোৰেই কাতৰ কৰি তোলে তাৰ বুকুখন ৷ দুখ যে তাৰ আজন্ম সহচৰ ৷ তাক দেখিলে কোনেও অনুধাৱন কৰিব নোৱাৰে তাৰ বুকুৰ দুখৰ গভীৰতা ৷ সকলোৱে ভাবে ইমান ডাঙৰ বিজনেছ মেন এজনৰ কিবা দুখ আছেনে নাছিল ৷ কোনো দুখ নাছিল তাৰ যেতিয়া অনুৰাধা তাৰ কাষত আছিল ৷ তাই থকাৰ সময়ত পৃথিৱীৰ ভিতৰত সিয়েইতো সুখী ব্যক্তি আছিল ৷
- অনুৰাধা অনুৰাধা
মনটো উৰা মাৰি গল তাৰ আজিৰ পৰা বিশ বছৰ আগৰ দিনবোৰলৈ ৷
ধেমাজিৰ এখন সৰু গাঁৱৰ পৰা সি কটন কলেজত পঢ়িবলৈ আহিছিল ৷ অসমৰ ভিতৰতে মে়ট্ৰিকত প্রথম স্থান লাভ কৰা অভিজ্ঞানৰ অকণো অসুবিধা হোৱা নাছিল কটন কলেজত ছীট পাবলৈ ৷ দিনবোৰ গৈ আছিল ৷ পপাত চোকা বুদ্ধিৰ হলেও তাৰ কোনো বন্বুূ–বান্ধৱী নাছিল কলেজত ৷ চহৰৰ আদব–কায়দা একো নজনা, আমন–জিমনকৈ অকলে থকা লৰাটোলৈ হঠাতে এদিন বন্বুূত্বৰ হাত আগ ববাহছিল কলেজৰ আটাহতকৈ ধুনীয়া ছোৱালীজনীয়ে ৷
- হাই মই অনুৰাধা বৰঠাকুৰ ৷
- তোমাৰ সতেই একেই ক্লাছৰ ৷ মোৰ সতে তুমি বন্ধুত্ব কৰিবলৈ পছন্দ কৰিবানে
- হা
দুচকু বহল কৰি সি চাহছিল তাহলৈ ৷
- এনেকৈ নাচাবা বেঙা যেন লাগে তোমাক ৷ ইমান ধুনীয়া লৰা ৷ অলপ স্মার্ট হৈ থাকা ৷ কটনত পঢ়িব আহিছা তুমি ৷ কটনত ৷ নামে যাৰ পৰিচয় ৷ তুমি জানানে কটনত পঢ়া লৰা–ছোৱালীবোৰেইতো এদিন বিখ্যাত বিখ্যাত ব্যক্তি হয় ৷
তাইৰ নাটকীয় ধৰণে কোৱা কথাখিনিত সি হোহোৱাই হাঁহিলে ৷ এই প্রথম সি এনেকৈ মনখুলি হাঁহিলে, তাকো অচিনাকি ছোৱালী এজনীৰ কথাত ৷ অচিনাকি নাইতো অলপো অচিনাকি যেন লগা নাই তাইক ৷ যেন চিনাকি বহু দিনৰ ৷ হয়, এনেকুৱা হয় ৷ আমাৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান মানুহ লগ পোৱা যায় ৷ তেওঁৰ সৈতে অলপ সময় কথা পাতিলেই এনেকুৱা লাগে যেন তেওঁ আপোন বহু যুগৰ ৷ হয়, অনুৰাধা নামৰ ছোৱালীজনীকো তাৰ খুব আপোন যেন লাগিল ৷ লাহে লাহে দুয়ো খুউব ভাল বন্ধু হৈ পৰিল ৷ প্রতিটো কথাত তাৰ কাষে কাষে থাকে অনুৰাধা ৷ তাৰ কাপোৰ–কানিৰ পৰা চুলিৰ ষ্টাহল, ব্যৱহাৰ–পাতি সকলো সলনি কৰি পেলালে তাই ৷ তাৰ নিজৰেই আচৰিত লাগিছিল এয়া সিয়েই নে লাহে লাহে লাহে তাৰ বন্ধু–বান্ধৱীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে ৷ পঢ়াত চোকা, দেখিবলৈ সুদর্শন, ভাল ছবি আঁকিব পৰা লৰাজনৰ প্রেমত বহুত ছোৱালীয়ে পৰিব খুজিছিল ৷ বিনয়েৰে সি না কৰে ছোৱালীবোৰৰ প্রেমৰ প্রস্তাৱ ৷ কোনো ছোৱালীয়ে যে তাৰ হূদয় চুব পৰা নাছিল ৷ এদিন অনুৰাধাই জোকালে তাক বা হেণ্ডচাম কাৰণে অহংকাৰ হৈছে যেন পাহছোঁ ৷ ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ প্রস্তাৱ নাকচ কৰি আছা যে ।
- কাৰণ মই তোমাক ভাল পাওঁ অনুৰাধা ৷ সেই প্রথম তোমাক দেখাৰ দিনাই মোৰ হূদয়খন তোমাৰ নামত অর্পণ কৰিছো ৷ সেই হূদয়খন মই আন কাৰোবাক দিব পাৰোঁ নেকি কোৱা ।
কি কব অনুৰাধাই তাৰ কথাত তাইৰ ধুনীয়া মুখখন লাজত ৰঙা পৰিছিল ৷ সলাজ হাঁহি এটি মাৰি তাই দৌৰিছিল তাৰ কাষৰ পৰা ৷ সেয়াই আৰম্ভণি প্রেমৰ চহৰত দুটি যেন প্রেমিক চৰাই ৷ উৰি ফুৰে আকাশ ধিয়াই ৷ অনুৰাধাই সুন্দৰতাৰে সজাই তুলিছিল তাৰ জীৱনটো ৷ তাৰ মাকৰ দৰে মৰম যত্ন লয় তাই ৷ ভনীয়েকৰ দৰে কৰে তাক আব্দাৰ–ভিমান ৷ প্রেমিকা হৈ বুৰাই ৰাখে হূদয়ৰ উষতাৰে ৷ অনুৰাধা নোহোৱাকৈ সি এটা মুহূর্তও কটাব নোৱাৰা হল ৷
এবাৰ হঠাতে তাৰ টান ৰ হল ৷ একো খাব নোৱাৰে ৷ বিছনাৰ পৰা উঠিব নোৱাৰে ৷ ৰুমমেটে গৈ কলেজত খবৰ দিছিল অনুৰাধাক ৷ বাউলী হৈ তাৰ ভাৰাঘৰলৈ দৌৰি আহিছিল অনুৰাধা ৷ তাৰ অৱস্থা দেখি কান্দি উঠিছিল তাই ৷ মূৰত জলপতি দিছিল ৷ নিজে ৰান্ধি অলপ অলপকৈ খুৱাইছিল ৷ অনুৰাধাৰ আদৰ–যত্নত অসুখে শেঁতা পেলোৱা লৰাটোৰ মুখখন অলপ সতেজ হৈছিল ৷ অভিজ্ঞানে বহুত কোৱাৰ পিছতো অনুৰাধা সিদিনা তাক তেনেকৈ এৰি ঘৰলৈ নগল ৷ PCO এটাৰ পৰা ঘৰত ফোন কৰি তাই বান্ধৱীৰ ঘৰত থাকিব বুলি জনাহছিল ৷ গোটেহ ৰাতি তাক বুকুৰ উমেৰে সাবটি ৰাখিছিল তাই ৷
সেইটো আছিল সিহঁতৰ কলেজৰ শেষৰটো বছৰ ৷ পৰীক্ষালৈ আৰু কিছুদিন বাকী আছিল ৷ তেনেকুৱাতে অনুৰাধাই তাক কৈছিল,
- অভি তুমি চাকৰি এটা বিচাৰা ৷ ঘৰত মোৰ বিয়াৰ আলোচনা চলি আছে ৷ দুই–এদিনতে লৰা চাব অহাৰ কথা ৷ তোমাৰ বাহিৰে মই কাৰো সৈতে বিয়া হব নোৱাৰোঁ ৷ মই মৰি যাম অভি কিবা এটা কৰা তুমি ৷
ধৰফৰাই উঠিছিল তাৰ বুকুখন ৷ সি জীয়াই থাকিব পাৰিবনে তাৰ অনুৰাধাৰ অবিহনেই
বিচাৰিছিল ৷ সি সকলোতে বিচাৰিছিল চাকৰি এটা ৷ সি অনুৰাধাক হেৰুৱাব নোৱাৰে ৷ দিহিঙে–দিপাঙে সি উদ্বাউল হৈ বিচাৰিছিল চাকৰি এটা ৷ বৰ প্রয়োজন তাৰ এটা চাকৰিৰ ৷ কিন্তু সি হতাশ হৈছিল ৷ কতো পোৱা নাছিল চাকৰি এটা৷ অনুৰাধাই বুজিছিল তাৰ মনৰ কষ্টখিনি ৷ তাই সাহস দিছিল তাক ৷ হব দিয়া কিবা এটা হব ৷
- না অনু মই তোমাক হেৰুৱাব নোৱাৰোঁ মোৰ আকাশ তুমি অনুৰাধা ৷ শুনা, মই তোমাৰ দেউতাক লগ পাব খোজোঁ ৷ তেওঁক সকলো খুলি কম ৷ তেওঁ নিষ্চয় আমাৰ ভালপোৱাৰ গভীৰতাখিনি বুজিব ৷ মোক অলপ সময় দিব ৷ মই জানো ৰিজাচ্ট অহাৰ পিছত মই এটা ভাল চাকৰি পাম ৷ তেওঁক কাতৰ অনুৰোধ কৰিম ৷ লাগিলে ভৰিত পৰি কম, মোৰ অনুক মোৰ পৰা আঁতৰ নকৰিব বহুত ভাল পাওঁ তাইক ৷ গোটেই জীৱন সুখত ৰাখিম তাইক ৷ ৰিজাচ্ট ওলোৱাৰ পিছতেই মোৰ চাকৰি এটা হব ৷ মাথোঁ অলপ সময় দিয়ক মোক ৷
অভিৰ কপালত মৰমৰ এটা চুমা দি পিছদিনা আবেলি সিহঁতৰ ঘৰলৈ মাতিছিল অনুৰাধাই ৷ গৈছিল ৷ পিছদিনা অভি অটো এখন লৈ গৈছিল অনুৰাধাৰ ঘৰলৈ ৷ অটোৰ পৰা নামি অভিজাত ঘৰটোৰ বিশালাকায় কলা ৰঙৰ গেটখন খুলিবলৈ লৈ কিয় জানো তাৰ বুকুখন অলপ কঁপি উঠিছিল ৷ প্রেমে হেনো মানুহক সাহসী কৰে ৷ পিছমুহূর্ততে নিজক সবল কৰি সি কলিংবেল টিপিছিল ৷ সাদৰী মানুহ এগৰাকীয়ে দুৱাৰখন খুলিছিল ৷ তেওঁ তাক বহিবলৈ দি ঠাণ্ডা পানী এগিলাচ দিছিল ৷ নকলেও সি চিনি পাইছিল তেওঁ অনুৰাধাৰ মাক ৷
- তুমি হবলা আমাৰ অনুৰ লগত কলেজত একেলগে পঢ়া
হয় ৷
তেতিয়ালৈকে সি সহজ হৈ পৰিছিল ৷ তেনেতে কোঠাটোলৈ সোমাই আহিছিল গম্ভীৰ খোজেৰে অনুৰাধাৰ দেউতাক ৷ মাজনীয়ে কলে, তুমি বোলে মোক লগ পাবলৈ বিচাৰিছা ৷ কোৱাচোন কিয় লগ পাব বিচাৰিলা কি কথা আছে মোৰ সতে তোমাৰ
অভিজ্ঞানৰ জিভাখন দোৰোল খাই পৰিল ৷ একো কথা ওলাই নাহে এতিয়া তাৰ৷ ভৰি–হাত যেন কঁপিব ধৰিছে ৷ তেনেতে সি দেখিলে ভিতৰৰ কোঠাৰ পৰা পর্দাৰ ফাঁকেৰে অনুৰাধাই তাক সাহস দি আছে কথাখিনি কবলৈ ৷
- মহ আপোনাৰ ছোৱালী অনুৰাধাক ভাল পাওঁ ৷
আচম্বিতে ওলাই আহিল তাৰ মুখৰ পৰা কথাষাৰ ৷ আচৰিত হৈ মাক–দেউতাকে তাৰ ফালে চাই থাকিল ৷
- হয় ৷ মই তাকে কবলৈ আহিছিলোঁ ৷ শুনিছোঁ আপোনালোকে তাহৰ বাবে লৰা চাই আছে ৷ প্লীজ তেনেকুৱা নকৰিব ৷ আমি দুয়ো দুয়োকে বহুত ভাল পাওঁ ৷ ইজনৰ অবিহনেই সিজন জীয়াই থাকিব লগা হলে সেই জীৱন জীৱন হৈ নাথাকে ৷ মোক অলপ সময় দিয়ক ৷ পৰীক্ষাৰ ৰিজাচ্ট ওলালেই মই এটা ভাল চাকৰি পাম ৷ বহুত মৰম আৰু যত্নৰে ৰাখিম আপোনাৰ ছোৱালীক, অকণো কষ্ট পাব নিদিওঁ কথা দিছো আপোনাক ৷
- কি কি কলি তই ভিকহু এটাই মোৰ ছোৱালীক ভাল পাৱ বিয়া কৰাবি তোৰ ইমান সাহস ওলা ৷ এতিয়াই ওলাই যাই মোৰ ঘৰৰ পৰা ৷
গঁতিয়াহ গঁতিয়াহ তাক কোঠাৰ বাহিৰ কৰি দিছিল মানুহজনে৷ লাজ–পমানত বাৰাণ্ডাত থিয় হৈ কঁপিছিল সি ৷ মাক দৌৰি আহিছিল তাৰ কাষলৈ ৷
- বাবা তুমি এতিয়া যোৱা৷ মাজনীয়ে পিছত তোমাৰ সতে কথা পাতিব৷ হাতযোৰ কৰিছেছা তোমাক ৷ এতিয়া যোৱা ৷
দৌৰি আহিছিল সি গেটৰ বাহিৰলৈ ৷ আহিয়ে গেটত ধমকৈ মাৰি দিছিল হাতখন ৷ আঙুলি ফাটি তেজ নিগৰিছিল ৷ অনুৰাধা তাৰ ৷ কেৱল তাৰ ৷ তাৰ পৰা তাইক কোনেও কাঢ়ি নিব নোৱাৰে৷ কিন্তু কি কৰিব সি ৷ কি কৰিব অসহায় হৈ সি ৰাজপথৰ মাজত হুকহুকাই কান্দিছিল ৷ এদিন দুদিন নহয় ৷ পুৰা এসপ্তাহ পিছতো অনুৰাধা কলেজলৈ অহা নাছিল ৷ তাইক এবাৰ লগ পাবলৈ সি ছটফটাই আছিল ৷ তেনেতে অনুৰাধাৰ লগৰ বিদিশাই দিছিল সেই খবৰটি ৷ অনুৰাধা কলেজ এৰি গুচি গৈছে ৷ অকল কলেজ এৰি নহয় ঘৰ–মাটি বিক্রী কৰি তেওঁলোক বেলেগ কৰবালৈ গুচি গৈছে ৷ বজ্রপাত পৰা মানুহৰ দৰে সি থৰ লাগিছিল ৷ নাই এনে হব নোৱাৰে ৷ অনুৰাধাই তাক এৰি থৈ যাব নোৱাৰে ৷ উচুপি উচুপি কান্দিছিল অভিজ্ঞানে ৷ মূৰৰ ওপৰত তাৰ আকাশ নাছিল ৷ তাৰ আকাশ অনুৰাধা ৷ দিনবোৰ পাৰ হৈ থাকিল ৷ বহুত চেষ্টা কৰিও অনুৰাধাৰ কোনো সন্ধান উলিৱাব নোৱাৰিলে সি ৷ সি জানে জোৰ কৰি লৈ গৈছে হয়াৰ পৰা অনুৰাধাক দেউতাকে ৷ এদিন ৰিজাচ্ট ওলাল ৷ আশা কৰাতকৈও ভালকৈ পাছ কৰাৰ পিছতো সি সুখী হব নোৱাৰিলে ৷ নোৱাৰিলে সুখী হব ডাঙৰ কোম্পানী এটাত চাকৰিত জহন কৰাৰ দিনাও ৷ উদাসীনতাৰে সি কটাই আছে জীৱন ৷ মাত্র কাম কৰি গৈ আছে সি ৷ পাৰ হৈ থাকে বছৰবোৰ ৷ তাৰ বিয়াখন চোৱাৰ হেঁপাহ বুকুত লৈয়ে মাক–দেউতাকো গুচি গল পৃথিৱীৰ পৰা ৷ কি কৰিব সি তাৰ হূদয়জুৰি যে অনুৰাধাই আছে ৷ সেহ হূদয়ত কেতিয়াও সি কাকো যে প্রৱেশ কৰিব দিব নোৱাৰে ৷ আৰু নোৱাৰে বাবেই সি ৰৈ গল অকলশৰে ৷ তাৰ কষ্ট আৰু অধ্যৱসায়ৰ ফলত এদিন তাৰ নিজা কোম্পানী হল ৷ বাংলো এটা সাজি কোঠাত নিজ হাতে অনুৰাধাৰ এখন ডাঙৰ পেইণ্ঢিং আঁকি আঁৰি থলে ৷ আৰু তাইৰ ফটোখনৰ সতে সি সদায় কথা পাতে৷ হাঁহে ৷ অভিমান কৰে ৷ দিনটোৰ সকলো কথা কয় ৷ ওঁঠৰ মিঠা হাঁহিটোৰে তাই চাই থাকে তাৰ ফালে ৷ তাৰ এনে লাগে অনুৰাধা যেন তাৰ লগতেই আছে ৷ হঠাতে কিনকিনকৈ বৰষুণ এজাকনি পৰিল ৷ সম্বিৎ ঘূৰি আহিল অভিজ্ঞানৰ ৷ চৌপাশে চালে ৷ এন্ধাৰ নামিছে ৷ কিমান সময় কিমান সময় বাৰু সি ডুবি ৰৈছিল অতীতত বিষণ্ণ মন এটাৰে লাহে লাহে উঠি সি ভিতৰলৈ আহিল ৷
পিছদিনা ছোৱালীজনী অফিচলৈ নাহিল ৷ তাৰ পিছদিনাও ৷ পুৰা এসপ্তাহ যোৱাৰ পিছত সি ভাবিলে কিবা অসুবিধা হোৱা নাহতো ছোৱালীজনীৰ সি তাই দি থৈ যোৱা নম্বৰটোত ডায়েল কৰিলে ৷
- হেল্ল অভিলাষা মই অভিজ্ঞান বৰুৱা ৷AB কোম্পানীৰ পৰা কৈছোঁ ৷ তুমি আমাৰ অফিচত জহন কৰাৰ কথা আছিল ৷ নকৰিলা যে সকলো ঠিকেই আছে
তাৰ প্রশ্নত হুকহুকাই কান্দি উঠিল ছোৱালীজনী ৷
- ঠিকেহ নাই ছাৰ একো ঠিকেই নাই ৷ মোৰ মাৰ গা বেছি বেয়া হৈ গৈ আছে ৷ মাক হাস্পতালত ভর্তি কৰিছোঁ ৷ ডাক্তৰে কৈছে অতি সোনকালে হার্টৰ অপাৰেচন নকৰিলে মাক বচাব নোৱাৰিম ৷ মই এতিয়া কি কৰোঁ একো বুজি পোৱা নাই ৷ এইখন চহৰত আমাৰ কোনো আপোন মানুহ নাই ৷ আপুনিও চাগে মোক কি বুলি ভাবিলে ৷ মোক সিদিনা আপুনি দুহেজাৰ টকা দিলে ৷ অথচ মই অফিচলৈ নগলোঁ ৷ যাব নোৱাৰিলোঁ ছাৰ ৷
- টকাৰ কথা মই ভবা নাই অভিলাষা ৷ মানুহতকৈ পইচা কেতিয়াও ডাঙৰ হব নোৱাৰে ৷ তুমি একো চিন্তা নকৰিবা ৷ কোনখন হাস্পতালত আছা কোৱা মই এতিয়াহ গৈ আছো ৷
হাস্পতালৰ কৰিডৰত উদভ্রান্তৰ দৰে খোজ কাঢ়ি থকা অভিলাষাই তাক দেখি দৌৰি আহিল ৷ তাইৰ মূৰত হাত বুলাই আশ্বাস দি অভিজ্ঞান সোমাই গল ডাক্তৰৰ কোঠালৈ ৷ সকলো ফর্মেলিটিজ পূৰ কৰি ডাক্তৰে আগুৱাই দিয়া কাগজখনত চহী কৰিবলৈ গৈ ৰৈ গল সি ৷ অনুৰাধা বৰঠাকুৰ ৷ কলমটো পৰি যায় হাতৰ পৰা ৷ কঁপা কঁপা হাতেৰে সি চহী কৰে৷ অলপ পিছতে অনুৰাধাক লৈ যোৱা হয় অপাৰেচন থিয়েটাৰলৈ ৷ বুকুখন জোৰেৰে খামুচি ধৰে সি ৷ এয়া কোন অনুৰাধা হে ভগৱান যিয়েহ নহওক তেওঁক ভালদৰে ঘূৰাই দিবা প্রভু ৷ চকু মুদি ভগৱানক প্রার্থনা কৰিলে সি ৷
- ছাৰ ছাৰ মোৰ মা ভাল হবনে মোৰ মাৰ বাহিৰে যে পৃথিৱীত কোনো নাই ৷ উচুপি উচুপি সুধিলে অভিলাষাই ৷
- হব ৷ কিয় নহব ৷ চাবা সম্পূর্ণ ভাল হৈ তোমাৰ কাষলৈ মা ঘূৰি আহিব ৷ ভগৱানৰ ওপৰত বিশ্বাস ৰাখা ৷ সকলো ঠিক হৈ যাব ৷
বাৰু কোৱা তোমাৰ পৰিয়ালৰ আৰু কোনো মানুহ নাই
- আছে ছাৰ ৷ কিন্তু মায়ে বহু বছৰ আগতে ঘৰৰ মানুহৰ সতে সম্পর্ক ছেদ কৰে ৷
- কিয়
- মায়ে হেনো লৰা এজন ভাল পাইছিল ৷ ঘৰত কথাটো জানিব পাৰি ঘৰৰ মানুহে লৰাটোৰ পৰা আঁতৰাই আনি বেলেগত বিয়া দিব বিচাৰিছিল ৷ কিন্তু তেতিয়া হেনো মা সন্তানসম্ভৱা আছিল ৷ ঘৰৰ মানুহে কৰা খং–তিৰস্কাৰত অতিষ্ঠ হৈ এদিন ওলাই আহে মা ঘৰৰ পৰা ৷ তাৰ পিছত দূৰ সম্পর্কীয় মাহীয়েক এজনীৰ ঘৰত থাকি হেনো মোক জন্ম দিয়ে ৷ মই অকণমান ডাঙৰ হোৱাৰ পিছত বেলেগ এখন চহৰলৈ গুচি আহো আমি ৷ মায়ে চাকৰি এটা যোগাৰ কৰি মোক ডাঙৰ কৰে ৷ স্কুলত দিয়ে ৷ জানে ছাৰ মই সৰুৰে পৰা মাৰ চকুত সদায় চকুপানী দেখি থাকিলোঁ ৷ দুখবোৰে মোৰ মাৰ বুকুত ঘৰ কৰি পেলালে ৷ বহুত দুখ বুকুত কঢ়িয়াই মাৰ বুকুৰ বিষ হৈ গল ৷ মা ভাল হবনে ছাৰ ?
ছোৱালীজনীৰ প্রশ্নত অন্তৰখন কান্দি উঠিল অভিজ্ঞানৰ ৷ একো উত্তৰ দিব নোৱাৰিলে সি ৷
অভিলাষাৰ মাকৰ জীৱন কাহিনী শুনি তাৰ মনটো বিষাদেৰে উপচি পৰিল ৷ পৃথিৱীত কেৱল সিয়েই দুখী নহয় ৷ কিমান মানুহ যে প্রতিপল জীয়াই থাকে বুকুত পাহাৰসম দুখ–বেদনা সামৰি ৷ অনুৰাধা নামৰ অচিনাকি মানুহজনীৰ প্রতি তাৰ হূদয়ত অনুকম্পা জাগি উঠিল ৷ ভাল হৈ আহক তেওঁ ৷ ভাল হৈ আহক ৷
সম্পূর্ণ আঠ ঘণ্ঢাৰ পিছত অনুৰাধাক অপাৰেচন থিয়াটাৰৰ পৰা কেবিনলৈ উলিয়াই দিয়া হয় ৷ জ্ঞান অহাৰ পিছত তেওঁক দেখা কৰিবলৈ অনুমতি দিয়ে ডাক্তৰে ৷
- বলক ছাৰ আপুনিও বলক ৷ আপোনাৰ বাবে আজি মোৰ মায়ে নতুন জীৱন পালে ৷ আপুনি আমাৰ কাৰণে যি কৰিলে গোটেহ জীৱন মই সেই ধাৰ শোধ কৰিব নোৱাৰিম ছাৰ ৷ কিন্তু মই অন্তৰেৰে ভগৱানৰ ওচৰত প্রার্থনা কৰিছোঁ তেওঁ যেন বহুত সুখ দিয়ে আপোনাক ৷
অভিলাষাৰ পিছে পিছে গৈ কেবিনটোত প্রৱেশ কৰিলে অভিজ্ঞানে ৷ সেউজীয়া ৰঙৰ কাপোৰ এখন উৰি মানুহজনী শুই আছিল ৷
মা মাতিলে অভিলাষাই ৷ লাহে লাহে দুচকু মেলিলে মাকে ৷
আৰু চকু মেলিয়ে জীয়েকৰ পিছফালে অভিজ্ঞানক দেখি চমকি উঠিল অনুৰাধা ৷
অভি তুমি কঁপি উঠে অনুৰাধাৰ মাত ৷ বিস্ময় বিমূূ অভিজ্ঞান ৷ এয়া সি সঁচাকৈ দেখিছেনে তাৰ সমুখত অনুৰাধা তাৰ অনুৰাধা ।
অনু অনু মোৰ অনু দৌৰি গৈ তাইৰ হাতখন খামুচি ধৰিলে সি ৷ মূৰে–কপালে হাত বুলাই চুই চালে অনুৰাধাক ৷ আনন্দৰ আতিশয্যত তাৰ চিঞৰি চিঞৰি কান্দিবৰ মন গল ৷ অভিলাষাই একো নুবুজি চাই থাকে দুয়োলৈ ৷ অনুৰাধাই অভিজ্ঞানক কয়, অভি এয়া তোমাৰ ছোৱালী ৷ মাইনা তুমি সদায় সুধি থাকা ন দেউতাৰ কথা এয়া তোমাৰ দেউতা অভিজ্ঞান বৰুৱা ৷ একে কোবেই দৌৰি আহি অভিলাষাই দেউতাকক সাবটি ধৰি কান্দি পেলায় ৷ সৰসৰাহ চকুপানী বৈ আহে অভিজ্ঞান আৰু অনুৰাধাৰ দুচকুৰেও ৷ ৰাতিটো শেষ হৈছিল ৷ পূব দিশত এটি ৰঙা সূৰুযে পোহৰ ছটিয়াবলৈ আৰম্ভ কৰিছিল ৷
ফোনঃ ৮১০৫২-৫২৩৫০