অপেক্ষাৰ অন্তঃ থমাছ কাপত খিতাপ জিনিলে ভাৰতে

যোগেশ কলিতা

বেডমিণ্ঢনৰ বিশ্বকাপ থমাছ কাপত প্রথমবাৰ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিলে ভাৰতে ৷ বেংককত অনুষ্ঠিত ফাইনেলত ১৪বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক  পৰাস্ত কৰি চেম্পিয়ন হয় ভাৰত ৷ ৭৩ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে ফাইনেলত প্রৱেশ কৰি ভাৰতীয় পুৰুষ দলটোৱে খিতাপো আঁজুৰি আনি গৌৰৱান্বিত কৰে ভাৰতবাসীক ৷ সন্মানজনক এই প্রতিযোগিতাখনত ইয়াৰ আগতে ভাৰতে ছেমিফাইনেলৰ পর্যায়ো পাবলৈ সক্ষম হোৱা নাই ৷ কিন্তু শ্রীকান্তহঁতে যেন জিকিবলৈহে নামিছিল কর্টত ৷ প্রথমখন মেচত লক্ষ্য সেন পিছপৰি থাকিও দর্শনীয় প্রত্যাৱর্তনেৰে বিজয় সাব্যস্ত কৰে ৷ প্রথমটো গেমত ৮-২১ ব্যৱধানত জিনটিঙৰ হাতত পৰাজিত হয় লক্ষ্য ৷  কিন্তু মৰণপণ যুঁজ দিয়ে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ চমকপ্রদ খেলেৰে তেওঁ মেচখনত ৮-২১ ২১-১৭ ২১-১৬ ব্যৱধানত বিজয়ী হয় ৷ লক্ষ্যৰ বিজয়ৰ পিছত চিৰাগ ছেট্টী আৰু সাত্ত্বিক ছৈৰাজ ৰণকিৰেড্ডী যুটিটো ইণ্ডোনেছিয়ান তাৰকাদ্বয় মহম্মদ এহছান আৰু ছুকামুলিৰ বিৰুদ্ধে পিছপৰি আছিল ৷ কিন্তু হাৰ মানিব নোখোজা ছিৰাগহঁতে শেষ পর্যন্ত যুঁজ অব্যাহত ৰাখিলে ৷ ছিৰাগৰ উপস্থিত বুদ্ধিয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰে ৷ শ্বট খেলাৰ মাজতে তেওঁ যিদৰে ৰেকেট সলনি কৰে, তাকে দেখি অবাক হৈ পৰে দর্শক ৷ স্তম্ভিত হৈ পইণ্ঢ হেৰুৱায় বিপক্ষ হণ্ডোনেছিয়ান খেলুৱৈয়ে৷ ডাবলছ মেচখনত ভাৰত বিজয়ী হয় ১৮-২১ ২৩-২১ ২১-১৯ ব্যৱধানত ৷ ক্রমাগত দুখন মেচত জয়লাভ কৰি ভাৰতে ২-১ত অগ্রগতি লাভ কৰে ৷ তৃতীয়খন মেচত অৱতীর্ণ হয় কিদাম্বি শ্রীকান্ত ৷ বিপক্ষ খেলুৱৈক থিয় হোৱাৰো সুযোগ নিদি পোনপটীয়া ছেটত তেওঁ মেচখনত বিজয়ী হয় ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটো ৩-০ ব্যৱধানত বিজয়ী হৈ চিৰঈপ্সিত খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

থমাছ কাপৰ নাম এজন ইৰাজ খেলুৱৈ জর্জ এলান থমাছৰ নামেৰে ৰখা হৈছে, যিয়ে ফুটবল বিশ্বকাপ আৰু টেনিছৰ ডেভিছ কাপৰ পৰা এই আর্হিত বেডমিণ্ঢনৰ বাবে চেম্পিয়নশ্বিপ টুর্নামেণ্ঢৰ ধাৰণা প্রস্তাৱ কৰিছিল ৷ ১৯৪৮ চনত এই চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ভাৰতে ইয়াৰ ৩২টা সংস্ক্ৰণৰ ভিতৰত মাত্র ১৩টা সংস্ক্ৰণৰ বাবেহে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে ৷ সাত দশকৰ দীঘলীয়া ইতিহাসত এই চেম্পিয়নশ্বিপৰ খিতাপ হয়াৰ আগলৈকে কেৱল পাঁচখন দেশৰ মাজতেই সালসলনি হৈ আছিল ৷ সেই দেশকেহখন ক্রমে চীন, মালয়েছিয়া, ইণ্ডোনেছিয়া, জাপান আৰু ডেনমার্ক ৷ কিন্তু ভাৰতে এইবাৰৰ খিতাপ জয় কৰি এই অভিজাত ক্লাবত প্রৱেশ কৰা ষষ্ঠখন দেশ হিচাপে পৰিগণিত হৈছে ৷ মন কৰিবলগীয়া যে ভাৰতীয় খেলুৱৈসকলে এই প্রতিযোগিতাখনত সাধাৰণ য়োনেক্স জার্ছীত উপস্থিত হোৱা একমাত্র দল আছিল ৷ কাৰণ দলটোৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক পৃষ্ঠপোষক স্পনছৰ নাই ৷ হয়তো এই জয়ৰ পিছতে দলটোক স্পনছৰ কৰিবলৈ বিভিন্ন কোম্পানী আগবাঢ়ি আহিব ৷ ক্রিকেট উন্মাদনাত ব্যস্ত ভাৰতত বেডমিণ্ঢন এতিয়াও দক্ষিণৰ ৰাজ্যবোৰতে সীমাবদ্ধ, মুখ্যতঃ হায়দৰাবাদ আৰু বেংগালুৰু চহৰত ইয়াৰ দুটা মুখ্য কেন্দ্র আছে ৷

থমাছ কাপৰ খিতাপ দখল কৰিবলৈ ভাৰতীয় দলটোৰ যুঁজাৰু মানসিকতাক সকলোৱে প্রশংসা কৰে ৷ কেইবাখনো খেলত মৰণপণ যুঁজ দি খেল নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হৈছিল দলটো আৰু এই যুঁজাৰু মানসিকতাৰ ফল ভাৰতবাসীলৈ কঢ়িয়াই আনিলে দলটোৱে ৷ মন কৰিবলগীয়া যে চেম্পিয়ন হোৱাৰ পিছত খেলুৱৈসকলে লাভ কৰা পদক নিজে নিপিন্ধি ইজনে আনজনক ডিঙিত পিন্ধাই দিছিল ৷

ভাৰতীয় বেডমিণ্টন দলৰ এই ঐতিহাসিক জয়ত গৌৰাৱান্বিত বিশ্ববাসী ৷ দলটোৰ এই বিজয়ৰ পিছতে ভাৰতৰ বিভিন্ন ক্ষেত্রত বিভিন্ন ব্যক্তিয়ে সন্মান জনাইছে দলটোক ৷ ইয়াৰ ভিতৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, তাৰকা ক্রিকেটাৰ বিৰাট কোহলি, প্রাক্তন অলিম্পিয়ান শ্বুটাৰ অভিনৱ বিন্দ্রা অন্যতম৷ লগতে কেন্দ্রীয় ক্রীডা মন্ত্রালয়ে এই ঐতিহাসিক কৃতিত্বৰ বাবে যাচিলে সন্মান ৷ দলটোৰ প্রত্যেক খেলুৱলৈ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এক কোটি টকাৰ আর্থিক পুৰস্কাৰ আগববাইছে ৷

সর্বভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায়ো এই আকাংক্ষিত সফলতাৰ বাবে দলটোলৈ আগবঢ়ালে এক কোটি টকাৰ আর্থিক পুৰস্কাৰ ৷ লগতে ডঃ শর্মাই দলটোৰ সহায়কসকললৈও আগবঢ়ালে ২০ লাখ টকাৰ পুৰস্কাৰ ৷ এই ঐতিহাসিক বিজয়ৰ আনন্দত ডঃ শর্মাই মনোভাৱ ব্যক্ত কৰি কয় ভাৰতীয় বেডমিণ্টনৰ বাবে এয়া এক গৌৰৱৰ মুহূর্ত ৷ আমি বহুতো ব্যক্তিগত বিজয় লাভ কৰিছোঁ যদিও থমাছ কাপৰ খিতাপ জয় কৰাটো অনন্য আৰু বিশেষ ৷ এই বিজয়ে প্রমাণ কৰিছে আমাৰ মাজত আছে গভীৰ দক্ষতাসম্পন্ন খেলুৱৈ ৷ এই জয়ৰ বাবে খেলুৱৈৰ লগতে প্রশিক্ষকসকলো কৃতিত্বৰ দাবীদাৰ ৷

চন ১৯৪৯ ৷ প্রথমবাৰৰ বাবে আৰম্ভ হৈছিল এই ঐতিহাসিক প্রতিযোগিতাখন ৷ ভাৰতে এই প্রতিযোগিতাখনত এইবাৰ ফাইনেলত চেম্পিয়ন হোৱাৰ আগলৈকে ছেমিফাইনেললৈকেও উন্নীত হব পৰা নাছিল ৷ কিন্তু শ্রীকান্ত, লক্ষ্য সেন, ছিৰাগ, সাত্বিকহঁতৰ দমনীয় প্রদর্শনৰ বাবে এই গৌৰৱৰ অধিকাৰী হল ভাৰতবাসী ৷

ক্রিকেটৰ টেষ্টক বাদ দি বাকী সকলো সংস্ক্ৰণতে খিতাপ দখল কৰি ভাৰতক গৌৰৱান্বিত কৰাৰ সময়তে থমাছ কাপৰ দৰে এক সন্মানজনক প্রতিযোগিতাত ভাৰতীয় দলে খিতাপ আঁজোৰা বিষয়টো চর্চিত হৈছে ৷ ইয়াৰ বিপৰীতে ফুটবলৰ জগতখনক বহু তাৰকা ভাৰতে জন্ম দিয়াৰ বিপৰীতে আন্তঃৰাষ্ট্রীয় পর্যায়ত ফুটবলৰ ক্ষেত্রখনত ভাৰতৰ স্থান নিম্নমানৰ হোৱা বিষয়টো অৱধাৰিত হোৱা বাবে চর্চিত হোৱাৰ প্রয়োজন ৷ বিশ্বকাপ ক্রিকেট তথা বেডমিণ্টনৰ বিশ্বকাপত ভাৰতে খিতাপ জয় কৰাৰ বিপৰীতে ফুটবলৰ জগতখনতো ভাৰতৰ প্রভুত্ব বিস্তাৰৰ সোণালী সময়ৰ বাবে অপেক্ষিত ভাৰতবাসী ৷

ফোনঃ ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.