পূবালী বৰা
আন্তর্জাতিক খ্যাতিসম্পন্ন চলচিচত্র পৰিচালিকা অসম গৌৰৱ ৰীমা দাসৰ শেহতীয়া কথাছবি তৰাছ হাজবেণ্ড অসমীয়া চলচিত্র জগতত এক অভিনৱ সংযোজন ৷ বিগত প্রায় দুটা বছৰত কভিড মহামাৰীয়ে বিশ্বৰ প্রতিজন মানুহৰে জীৱনৰ ছন্দপতন ঘটাইছিল ৷ সেই বিষয়টোৰ আধাৰতে এহাল স্বামী–স্ত্রীৰ মনোজগত আৰু বাহ্যিক পৃথিৱীখনৰ বিভিন্ন সমস্যাসমূহক তৰাছ হাজবেণ্ড ছবিখনৰ জৰিয়তে পৰিচালিকাগৰাকীয়ে উপস্থাপন কৰিবলৈ প্রয়াস কৰিছে ৷
ব্যৱসায়িক কাম–কাজেৰে নিজৰ পৰিয়ালটোক আৰু সন্তান দুটিক প্রয়োজনীয় সকলোখিনি দিবলৈ সক্ষম হোৱা জান মূল চৰিত্রৰ লকডাউনৰ পাছৰ সময়ছোৱাত ব্যৱসায়ে মন্দাৱস্থা পাইছিল ৷ বহু কষ্ট কৰিও নিজৰ ব্যৱসায়িক ক্ষেত্রসমূহৰ উন্নতি ঘটাব নোৱাৰাৰ বাবে বিভিন্নজনৰ পৰা টকা ধৰা লব লগা পৰিস্থিতিও আহি পৰিছে ৷ এনেধৰণৰ বিষয়বোৰে জানক মানসিকভাৱে যথেষ্ট অস্থিৰ কৰি তুলিছে আৰু এনে চিন্তা–দুশ্চিন্তাৰ পৰা মুক্তি পাবলৈ তেওঁ দৈনিক মদ্যপান কৰিবলৈও আৰম্ভ কৰে ৷ স্বামীৰ এই বদ অভ্যাসৰ বাবেই তৰাই মনত যথেষ্ট কষ্ট পায়৷ অৱশ্যে সমাজৰ সচেতন নাগৰিক হিচাপে জান আছিল এজন সহূদয়ৱান, কোমল অন্তৰৰ ব্যক্তি ৷
ইফালে তৰাই অকলে ঘৰৰ সকলো কাম–কাজ কৰাৰ লগতে লৰা–ছোৱালী দুটাৰ প্রতিটো কাম কৰি কোনোবা সময়ত ভাগৰি পৰে ৷ সেই সময়ত তেওঁ স্বামীৰ এষাৰি মৰমৰ মাতৰ বাবে বাট চাই ৰয়৷ কিন্তু তাৰ বিপৰীতে নিশা কামৰ শেষত মদ্যপান কৰি যতে–ততে পৰি ৰোৱা মানুহটোক বিচাৰি বিচাৰি ঘৰলৈ অনাটো এগৰাকী পত্নীৰ বাবে অতি দুর্ভাগ্যজনক৷ বহু বুজায়ো তৰাই জানৰ এই স্বভাৱটো সলনি কৰিব পৰা নাছিল ৷ এজন ভাল স্বামী নোপোৱাৰ আক্ষেপত তেওঁ প্রায়ে চকুপানী টুকিছিল আৰু কৈছিল, মানুহ হিচাপে তেওঁ বৰ ভাল, কিন্তু হাজবেণ্ড হিচাপে ভাল নহয় ৷
আমি দেখা পাওঁ ছবিখনৰ মূল চৰিত্র জানে অহর্নিশে কঢ়িয়াই ফুৰিছে এখন অশান্ত পৃথিৱী ৷ অর্থনৈতিক মন্দাৱস্থাই তেওঁৰ ব্যক্তিগত জীৱনটোক থৰকবৰক কৰি তুলিছিল ৷ যিবোৰ কথা তেওঁ পত্নী তৰাৰ আগতো খুলি কব পৰা নাছিল, সেই বেদনাসিক্ত ব্যথাবোৰৰ বহিঃপ্রকাশ ঘটিছিল কেৱল তেওঁৰ চকুপানীত, অত্যন্ত গোপনে ৷
তৰা আৰু জানৰ অশান্তময় দুখন পৃথিৱীৰ বিপৰীতে তেওঁলোকৰ সন্তান দুটিৰ নিভাঁজ মৰমৰ মাজত শৈশৱৰ এক সোণোৱালী ছবি জিলিকি উঠা দেখিবলৈ পোৱা যায়হ্ল, যত কোনো দুখৰ ডাৱৰ নাই, যত কোনো চিন্তাৰ অৱকাশ নাই ৷ শিশু দুটিৰ সৰু সৰু ধেমালিবোৰে ছবিখনক এক অনন্য মাত্রা প্রদান কৰিছে ৷
অশান্ত, ধূসৰ এখন পৃথিৱীৰ মাজত থাকিলেও, সুন্দৰ শান্ত পৃথিৱী এখন সকলোৰে কাম্য ৷ বাস্তৱ জীৱনৰ বিভিন্ন সমস্যাই তৰা আৰু জানৰ মানসিক জগত দুখন পৃথক কৰিলেও, ই আছিল কেৱল খন্তেকীয়াহে ৷ কভিডত আক্রান্ত হোৱাৰ বাবে যেতিয়া তৰাই স্বামী আৰু সন্তান দুটিক এৰি কিছুদিনৰ বাবে আঁতৰত থাকিব লগা হৈছিল, তেতিয়া তৰাৰ স্বামী জানে বুজি উঠিছিল তেওঁৰ প্রতি থকা পত্নীৰ মৰম আৰু গুৰুত্ব ৷ আঁতৰত থাকিও মানসিকভাৱে দুয়ো দুয়োৰে ওচৰ চাপি আহিবলৈ চেষ্টা কৰিছিল ৷ লাহে লাহে যেন সেউজীয়া হবলৈ ধৰিছিল তেওঁলোকৰ আপোন পৃথিৱীখন, ৰঙীন হবলৈ ধৰিছিল তেওঁলোকৰ সুখবোৰ, হাঁহিবোৰ ৷
এনেদৰেই এক শৃংখলিত ৰূপত উপস্থাপিত হৈছে এহাল স্বামী–স্ত্রীৰ মনোজগত আৰু বাহ্যিক জগতৰ বহুতো ঘটনা–পৰিঘটনা ৷ কভিড মহামাৰীয়ে নিস্তেজ কৰি তোলা পৃথিৱীখনত নিজকে জীয়াই ৰাখিবলৈ মানুহবোৰ যি প্রত্যাহবানৰ সন্মুখীন হৈছিল, তাৰ মাজত দর্শকে নিজকে বিচাৰি পাবলৈ সক্ষম হৈছে ৷ বর্তমান সময়ত মচলাদাৰ বিনোদনধর্মী ছবিৰ বিপৰীতে গভীৰ জীৱনবোধক অতি সহজ–সৰলভাৱে প্রতিফলিত কৰা এই ছবিখনে অসমীয়া ছবিক এক স্তৰলৈ লৈ গৈছে আৰু ইয়াতে পৰিচালিকাগৰাকী সফল হোৱা বুলি আমি কব পাৰোঁ ৷
ছবিখনে পূর্ণতা পোৱাৰ মূলতে হৈছে প্রতিজন অভিনেতা–ভিনেত্রীৰ সাৱলীল অভিনয় ৷ বিশেষকৈ শিশু দুটিৰ অভিনয় এতি প্রশংসনীয় ৷ তদুপৰি ছবিখনৰ শেষৰ দৃশ্যকেইটিৰ লগত সংযোজিত হোৱা বিশ্রুত শইকীয়াৰ গীতটিয়ে দর্শকৰ মনত যি আৱেগ–নুভূতিৰ সৃষ্টি কৰিছে, তাক শব্দৰে প্রকাশ কৰাটো বৰ কঠিন ৷
তৰাছ হাজবেণ্ড ছবিখনে ইতিমধ্যে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত বহুতো সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ সেই উল্লেখনীয় মহোৎসৱসমূহ হল টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল–, হাইনান আইচলেণ্ড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল–, কলকাতা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, ৱর্ল্ড ফিল্ম ফেষ্টিভেল বেংকক, পুনে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল আদি ৷
আমি আশা কৰিম ৰাষ্ট্রীয় চলচিচত্র বঁটাপ্রাপক এইগৰাকী পৰিচালিকাই অনাগত দিনবোৰতো অসম, ভাৰত তথা বিশ্বৰ চলচিত্র জগতলৈ ন–চিন্তা, ন–উন্মেষেৰে সু–সমৃদ্ধ অলেখ চলচিত্র উপহাৰ দি যাওক৷ তেওঁলৈ অশেষ ধন্যবাদ ৷
ফোন ঃ ৭৬৩৫৯-১৭৪৩১
Comments are closed, but trackbacks and pingbacks are open.