ডাঃ নিতুল বৈশ্য
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে “Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.” অর্থাৎ দেহত ৰোগৰ অনুপস্থিতি মানেহ সুস্বাস্থ্যক নুবুজায় ৷ দেহটো নিৰোগী হোৱাৰ উপৰি স্বাস্থ্য হল এগৰাকী ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থিৰতা বা কল্যাণাৱস্থা ৷
প্রাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ মতে–
সমদোষ, সমাগ্ণি, সমধাতু, মলক্রিয়াহ্ ,
প্রসন্ন ইন্দ্রিয় আত্মা মন স্বাস্থ্য হতি অৱিধিয়তে৷ সুশ্রুত সংহিতা ৷
ইয়াত সমদোষ মানে বাত, পিত্ত আৰু কৃ দেহৰ এই ত্রিদোষৰ সাম্যাৱস্থাক বুজাইছে ৷ সমাগ্ণিয়ে শৰীৰৰ জঠৰাগ্ণি বা পাচন ক্ষমতাক বুজাইছে ৷ সমধাতুৱে দেহৰ ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্রধাতুৰ সাম্যাৱস্থাক বুজাইছে ৷ মলক্রিয়া শব্দাংই দেহৰ ৰেচন তন্ত্র(Excretory System) অর্থাৎ ঘর্ম, শৌচ, প্রস্রাৱ আদিৰ বাধাবিহীন নিঃসৰণক বুজাইছে ৷ এই আটাইখিনি শব্দপুঞ্জই একেলগে আমাৰ আভ্যন্তৰীণ শৰীৰ ক্রিয়া (Physiology) আৰু বাহ্যিক শৰীৰ গাঁথি (Anatomy) ৰ সুস্থিৰ অৱস্থাক নির্দেশ কৰিছে৷
হন্দ্রিয় মুখ্যতঃ দুহ প্রকাৰৰ পাঁচটা কর্মেন্দ্রিয় পায়ু বা শৌচদ্বাৰ, উপস্থ বা জননেন্দ্রিয়, হস্ত বা হাত পদ বা ভৰি আৰু বাক বা মুখ আৰু পাঁচটা জ্ঞানেন্দ্রিয় চকু, কাণ, নাক, জিভা, ছাল ৷ প্রসন্ন ইন্দ্রিয়ই এই সমস্ত ইন্দ্রিয়সমূহৰ সুস্থিৰ স্বয়ংক্রিয়তাক সূচাইছে ৷ মনক উভয়–হন্দ্রিয় বুলি কোৱা হৈছে ৷ মনৰ সুস্থিৰাৱস্থাহ মানসিক স্বাস্থ্যক নির্দেশ কৰে ৷ লগতে সূত্রটোত আত্মা শব্দই ভাৰতীয় দর্শনৰ গভীৰতাৰে আধ্যাত্মিক স্বাস্থ্যক নির্দেশ কৰিছে ৷
আয়ুর্বেদৰ বিশেষত্ব ইয়াতেই যে ই কেৱল ৰোগৰ চিকিৎসকেই নির্দেশ নকৰে, বৰং ৰোগ কেনেকৈ নোহোৱাকৈ ৰাখিব পৰা যায়, সেই কথাৰ ওপৰতো আয়ুর্বেদে সমানে গুৰুত্ব আৰোপ কৰে ৷ Ayurveda not only deals with treatment of diseases, but also deals with procedures for prevention of diseases.
স্বাস্থ্যস্য স্বাস্থ্যৰক্ষণম,
আতুৰস্য বিকাৰ প্রশমনম্
অর্থাৎ, স্বাস্থ্যৱান ব্যক্তিৰ স্বাস্থ্যৰক্ষা কৰা(Preventive and Restorative aspect) আৰু ৰোগাক্রান্ত ব্যক্তিৰ ৰোগ প্রশমন বা নিৰাময় কৰা(Treatment and Curative aspect) এহ দুহ হল আয়ুর্বেদৰ মুখ্য উদ্দেশ্য ৷
আয়ুর্বেদত মানুহৰ স্বাস্থ্য ৰক্ষাৰ বাবে দিনচর্যা স্বাস্থ্য ৰক্ষার্থে দিনৰ ভাগত মানি চলিবলগীয়া নীতি–নিয়ম, ৰাত্রিচর্যা স্বাস্থ্য ৰক্ষার্থে ৰাতিৰ বেলিকা মানি চলিবলগীয়া নীতি–নিয়ম আৰু ঋতুচর্যা স্বাস্থ্য ৰক্ষার্থে পৰিৱর্তিত ঋতু অনুসৰি মানি চলিবলগীয়া নীতি–নিয়ম আদিৰ উল্লেখ আছে ৷
আয়ুর্বেদত কৈছে
য়ত পিণ্ডে, তত্ ব্রহ্মাণ্ডে
অর্থাৎ, ব্রহ্মাণ্ডৰ প্রতিটো উপাদানেই মানৱ শৰীৰত বিৰাজমান ৷ প্রকৃতিৰ সৈতে মানৱ দেহৰ এক এৰাব নোৱাৰা সম্পর্ক আছে ৷ কিন্তু সাম্প্রতিক সময়ৰ পৰিৱর্তিত জীৱনশৈলীয়ে বহুক্ষেত্রত প্রকৃতি উলংঘা কৰে, যাৰ বাবে কেতবোৰ জীৱনশৈলীজনিত ৰোগ বা লাইফ ষ্টাইল ডিজিজে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ডায়েবেটিছ বা মধুমেহ, উচ্চ ৰক্তচাপ, কেঞ্চাৰ, ষ্ট্রোক, হূদৰোগ, মেদবহুলতা, আর্থ্রাহটিছ, কঁকালৰ বিষ, আঁঠুৰ বিষ আদি ৰোগে আধুনিক সমাজখন ছানি ধৰিছে ৷ সেয়েহে ৰোগসমূহ দেখা দিয়াৰ আগতেই জীৱনশৈলীৰ পৰিৱর্তনৰ জৰিয়তে এই ৰোগসমূহ সম্পূর্ণ প্রতিৰোধ কৰিব পাৰি ৷ ৰোগ হোৱাৰ পিছতো জীৱনশৈলীৰ পৰিৱর্তনৰ জৰিয়তে এই ৰোগসমূহ সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰিব পৰা যায় ৷ তেনেক্ষেত্রতেই আমাৰ আয়ুর্বেদত উল্লেখিত দিনচর্যা, ৰাত্রিচর্যা আৰু ঋতুচর্যাৰ প্রয়োজনীয়তাৰ কথা আহি পৰে ৷
দিনটোৰ ভিন্ন সময়ত শৰীৰৰ ত্রিদোষৰ তাৰতম্য ঘটে ৷ সেয়েহে দিনচর্যা অনুপালনীয়৷ ৰাতিৰ ভিন্ন সময়তো শৰীৰৰ ত্রিদোষৰ তাৰতম্য ঘটে ৷ সেয়েহে ৰাতিচর্যাও অনুপালনীয় ৷
একেদৰে ঋতু পৰিৱর্তনৰ লগে লগেও আমাৰ দেহৰ ত্রিদোষৰ বাত, পিত্ত আৰু কফৰ তাৰতম্য ঘটে ৷ সেয়া ঋতুচর্যা পালনেৰে নিয়ন্ত্রণ কৰিব পৰা যায় ৷ ঋতুচর্যা হৈছে পৰিৱর্তিত ঋতু অনুসৰি পালন কৰিবলগীয়া কিছুমান খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ লগত জড়িত নীতি–নিয়ম, যিসমূহ পালনেৰে ঋতুগত ব্যাধিসমূহ আঁতৰত ৰাখিব পৰা যায় ৷
পৃথিৱীৰ দুই ধৰণৰ গতি আছে ৷ নিজৰ মেৰুদণ্ডৰ ওপৰত পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ২৪ ঘণ্ঢাত এপাক ঘূৰে ৷ ইয়াক আহ্ণিক গতি বুলি কোৱা হয় ৷ আহ্ণিক গতিৰ ফলত পৃথিৱীত দিন–ৰাতি হয় ৷
আকৌ পৃথিৱীয়ে ৩৬৫ দিনত সূর্যৰ চাৰিওফালে নিজৰ কক্ষপথেৰে এপাক ঘূৰে ৷ ইয়াক বার্ষিক গতি বুলি কোৱা হয় ৷ বার্ষিক গতিৰ ফলত পৃথিৱীত ঋতু পৰিৱর্তন হয় ৷
ঋতু পৰিৱর্তনৰ ওপৰত ভিত্তি কৰি বছৰটোৰ ১২ টা মাহক ৬টা ঋতু প্রতি ঋতুত দুটাকৈ মাহ সামৰি আৰু দুটি অয়নত প্রতি অয়নত ৩ টাকৈ ঋতু অর্থাৎ ৬টাকৈ মাহ সামৰি বিভক্ত কৰা হৈছে উত্তৰায়ণ আদান কাল আৰু দক্ষিণায়ন বিসর্গ কাল ৷
উত্তৰায়ণঃ
জানুৱাৰীৰ ১৫ তাৰিখৰ পৰা জুলাইৰ ১৫ তাৰিখলৈ এই ছয় মাহ সময় শীত ৰপ্ত জানুৱাৰী – ১৫ মার্চ, বসন্ত ৰপ্ত মার্চ – ১৫ মে আৰু গ্রীষ্ম ঋতু ৰপ্ত মে – ১৫ জুলাহ–ৰে গঠিত ৷ এই সময়ছোৱাত পৃথিৱীৰ বার্ষিক গতিৰ বাবে পৃথিৱী আৰু সূর্যৰ মাজৰ দূৰত্ব হ্রাস পায় বাবে পৃথিৱীত সূর্যৰ উত্তাপ প্রখৰ আৰু বতাহৰ প্রকোপ প্রবল হয় ৷ পৰিৱেশত কটু, তিক্ত আৰু কষায় ৰসৰ আধিক্য ঘটে বাবে ই শৰীৰলৈ শুষ্ক্তা আনে ৷ ফলস্বৰূপে শৰীৰৰ বল–শক্তি স্বাভাৱিকভাৱেই কমি যায় ৷ এইখিনি সময়ক সেয়েহে উত্তৰায়ণ বা আদান কাল বুলি কোৱা হয় ৷
দক্ষিণায়ণঃ
জুলাইৰ ১৫ তাৰিখৰ পৰা জানুৱাৰীৰ ১৫ তাৰিখলৈ এই ছয় মাহ সময় বর্ষা ৰপ্ত জুলাই – ১৫ ছেপ্টেম্বৰ, শৰৎ ১৫ নৱেম্বৰ আৰু হেমন্ত ঋতু ৰপ্ত নৱেম্বৰ– ১৫ জানুৱাৰী–ৰে গঠিত ৷ এই সময়ছোৱাত পৃথিৱীৰ বার্ষিক গতিৰ বাবে পৃথিৱী আৰু সূর্যৰ মাজৰ দূৰত্ব বৃদ্ধি পায় বাবে পৃথিৱীত সূর্যৰ উত্তাপৰ প্রখৰতা হ্রাস পায় আৰু বতাহৰ প্রবলতা কমি যায় ৷ চন্দ্রৰ প্রবলতা অধিক হয় ৷ পৰিৱেশত অম্ল, লৱণ আৰু মধুৰ ৰসৰ আধিক্য ঘটে ৷ জলবায়ুত আর্দ্রতাই বিৰাজ কৰে ৷ শৰীৰৰ বল–শক্তি স্বাভাৱিকভাৱেই বৃদ্ধি পায় ৷ এইখিনি সময়ক সেয়েহে দক্ষিণায়ণ বা বিসর্গ কাল বুলি কোৱা হয় ৷
এতিয়া আমি পৰিৱর্তিত ঋতু অনুসৰি অনুপালনীয় নীতি–নিয়মসমূহ কেনেকুৱা, সেই বিষয়ে আলোচনা কৰোহঁক ৷
শীত ঋতুঃ
আদান কালৰ অন্তর্গত প্রথম ঋতু হল শীত ঋতু ৷ ১৫ জানুৱাৰীৰ পৰা ১৫ মার্চলৈ এই সময়ছোৱা শীতকালৰ ভিতৰত পৰে ৷ এইখিনি সময়ত ঠাণ্ডা জলবায়ু আৰু বতাহে শৰীৰলৈ ৰুক্ষতা আনি দিয়ে আৰু ফলস্বৰূপে শৰীৰৰ বল–শক্তি কমি যায় ৷
শীত ঋতুৰ বাবে উপযোগী আহাৰঃ
- মধুৰ ৰস, স্নিগ্ধ দ্রব্য আৰু জলজ জীৱৰ মাংস যেনে– মাছ আদি খাব লাগে৷
- নতুন চাউল, আদা, নহৰু, শিলিখা, পিপ্পলী, কুঁহিয়াৰ আৰু কুঁহিয়াৰৰ পৰা তৈয়াৰী খাদ্যবস্তু, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্যবস্তু খাব লাগে৷
- অম্ল ৰসযুক্ত খাদ্যবস্তু গ্রহণ কৰা উচিত৷
- কটু, তিক্ত আৰু কষায় লা, তিতা আৰু কেঁহা– এহ তিি ৰসযুক্ত খাদ্যবস্তু পৰিহাৰ কৰা উচিত৷
শীত ঋতুৰ বাবে উপযোগী বিহাৰঃ
- মূৰ আৰু সর্বশৰীৰত অভ্যংগ অর্থাৎ তেল মালিচ কৰিব লাগে ৷
- সূর্যৰ ৰশ্মিৰ কোমল উত্তাপ গাত লগাব লাগে৷
- কুহুমীয়া গৰম পানীৰে গা ধুব লাগে৷
- বাত–প্রকোপক দৈনন্দিন জীৱনশৈলী যেনে– ব্যায়াম, অত্যধিক খোজ কা, শীতল বতাহৰ সংস্পর্শত অহা, ৰাতি বহু দেৰিলৈকে উজাগৰে থকা আদি অভ্যাস বর্জন কৰিব লাগে ৷
বসন্ত ঋতুঃ
আদান কালৰ অন্তর্গত দ্বিতীয়টো ঋতু হল বসন্ত ঋতু ৷ ১৫ মার্চৰ পৰা ১৫ মেলৈ এই সময়ছোৱা বসন্ত ঋতুৰ ভিতৰত পৰে৷ শৰীৰত স্বাভাৱিকভাৱেই কফদোষৰ আধিক্য ঘটে বাবে জঠৰাগ্ণি বা হজমশক্তি মন্দ হৈ পৰে ৷ শৰীৰৰ পৰা অতিৰিক্ত কফ নিষ্কাশনৰ অর্থে এই সময়ছোৱাত বমনকর্মৰ নির্দেশ আছে ৷
বসন্ত ঋতুৰ বাবে উপযোগী আহাৰঃ
- সহজে হজম হোৱা খাদ্যবস্তু খাব লাগে ৷
- স্থলজ পশু–পক্ষীৰ মাংস, মৌ–জোল, মগু দাহল, ঘেঁহু আৰু য়ৱ আদি খাব লাগে ৷
- গুৰু, শীত, স্নিগ্ধদ্রব্যৰ লগতে অম্ল আৰু মধুৰ ৰসযুক্ত খাদ্যবস্তু যেনে– বাহি খাদ্য, দৈ, শীতল পানীয় আদি খাব নালাগে ৷
বসন্ত ঋতুৰ বাবে উপযোগী বিহাৰঃ
- ব্যায়াম আৰু ঊধর্বতন ঔষধি পাউডাৰেৰে মালিচ কৰি কুহুমীয়া গৰম পানীৰে গা ধুব লাগে৷
- গা ধুই উঠি সুগন্ধি ঔষধি দ্রব্য যেনে– কর্পূৰ, চন্দন, কুমকুম বা আজিকালি এইবোৰেৰে তৈয়াৰী পাৰফিউম ব্যৱহাৰ কৰিব লাগে ৷
- দিনৰ ভাগত শুব নালাগে ৷
গ্রীষ্ম ঋতুঃ
গ্রীষ্ম ঋতু আদান কালৰ অন্তিমটো ঋতু ৷ ১৫ মেৰ পৰা ১৫ জুলাহলৈ এই সময়ছোৱা গ্রীষ্ম ঋতুৰ ভিতৰত পৰে ৷ এই সময়ছোৱাত কফদোষ প্রশমিত হয়, বাতদোষ সঞ্চয় হয় ৷ জঠৰাগ্ণি বা হজমশক্তি মধ্যম হয় বাবে শাৰীৰিক বল–শক্তি হ্রাস পায় ৷
গ্রীষ্ম ঋতুৰ বাবে উপযোগী আহাৰঃ
- মধুৰ ৰসযুক্ত, ঠাণ্ডা তথা স্নিগ্ধ খাদ্যদ্রব্য যেনে– ঘি, দৈ, দৈৰ লাচ্চী, ঠাণ্ডা পানী, শর্কৰাযুক্ত শীতল পানীয়, শালি চাউলৰ ভাত, স্থলজ পশু–পক্ষীৰ মাংস, মাংসৰ চুপ , আম বা অন্যান্য ফলৰ ৰস, মিচিৰি, গাখীৰ আদি খাব লাগে ৷
- লৱণ, কটু আৰু অম্ল ৰসযুক্ত খাদ্য আৰু উষ দ্রব্যৰ সেৱন পৰিহাৰ কৰা উচিত ৷
- গ্রীষ্ম ঋতুৰ বাবে উপযোগী বিহাৰ
- ঠাণ্ডা পানীৰে গা ধুব লাগে ৷
- শীতল কোঠাত শুব লাগে ৷
- কম সময়ৰ বাবে দিনত শুব পাৰে ৷
- গছ–গছনি থকা শীতল ঠাহ, নৈৰ পাৰ আদিত সময় কটাব লাগে ৷
- শুভ্রবস্ত্র অর্থাৎ বগা ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে৷
- অত্যধিক ব্যায়াম কৰিব নালাগে ৷
- অত্যধিক যৌন সম্ভোগ আৰু মাদক দ্রব্য সেৱনৰ পৰা দূৰত থাকিব লাগে ৷
বর্ষা ঋতুঃ
বর্ষা ঋতু বিসর্গ কালৰ অন্তর্গত প্রথম ঋতু ৷ ১৫ জুলাইৰ পৰা ১৫ ছেপ্ঢেম্বৰলৈ এই সময়ছোৱা বর্ষা ঋতুৰ ভিতৰত পৰে ৷ বর্ষা ঋতুত আমাৰ শৰীৰৰ জঠৰাগ্ণি অর্থাৎ হজম শক্তি মন্দ হৈ ত্রিদোষ প্রকোপিত হয় বাবে শাৰীৰিক শক্তি হ্রাস পায় ৷
বর্ষা ঋতুৰ বাবে উপযোগী আহাৰঃ
- স্নেহযুক্ত তথা অম্ল টেঙা আৰু লৱণ ৰসযুক্ত খাদ্যবস্তু খাব লাগে ৷
- সহজে হজম হোৱা খাদ্য, পুৰণি চাউল, ঘেঁহু, বার্লি, স্থলজ পশু–পক্ষীৰ মাংসৰস, মগুদাহলৰ চুপ আদি খাব লাগে ৷
- বর্ষা ঋতুৰ বাবে উপযোগী বিহাৰ
- গা ধোৱাৰ পষ্চাৎ শৰীৰত তেল লগাব লাগে ৷
- অত্যধিক শাৰীৰিক পৰিশ্রম, ব্যায়াম, মাত্রাধিক যৌন সম্ভোগ আৰু দিবাস্বপ্ণ দিনত শোৱাৰ অভ্যাস পৰিহাৰ কৰিব লাগে ৷
শৰৎ ঋতুঃ
বিসর্গ কালৰ অন্তর্গত দ্বিতীয়টো ঋতু হল শৰৎ ঋতু ৷ ১৫ ছেপ্ঢেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এই সময়ছোৱা শৰৎ ঋতুৰ ভিতৰত পৰে ৷ এই ঋতুছোৱাত শৰীৰত পিত্তদোষৰ প্রকোপ হয় ৷
শৰৎ ঋতুৰ বাবে উপযোগী আহাৰঃ
- তিতা আৰু মিঠা ৰসযুক্ত লঘু খাদ্যদ্রব্য সেৱন কৰিব লাগে ৷
- স্থলজ পশু–পক্ষীৰ মাংস, শালি চাউল, ঘেঁহু, বার্লি আদি খাব লাগে ৷
- আচাৰ, জলকীয়া, নিমখীয়া খাদ্য, পাপৰ, সংশোধিত খাদ্য, সংৰক্ষিত খাদ্য, তেল, চর্বি, স্নেহ, ক্ষাৰ, দৈ আদি খাব নালাগে ৷
শৰৎ ঋতুৰ বাবে উপযোগী বিহাৰঃ
- শৌচ ঢিলাকৈ ৰাখিব লাগে ৷ চিকিৎসকৰ পৰামর্শ অনুসাৰে বিৰেচন আৰু ৰক্তমোক্ষণ বিধিৰ চর্চাও প্রয়োগ কৰিব লাগে ৷
- নিশাৰ ভাগত জোনৰ পোহৰত কিছুসময় খোজ কাৰ অভ্যাস কৰিব লাগে ৷
- অত্যধিক শাৰীৰিক পৰিশ্রম, ব্যায়াম, মাত্রাধিক যৌন সম্ভোগ আৰু পূব দিশৰ পৰা অহা বতাহৰ পৰা আঁতৰত থাকিব লাগে ৷
হেমন্ত ঋতুঃ
বিসর্গ কালৰ অন্তিমটো ঋতু হল হেমন্ত ঋতু ৷ ১৫ নৱেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ এই সময়ছোৱা হেমন্ত ঋতুৰ ভিতৰত পৰে ৷ এই সময়খিনিত শৰীৰৰ জঠৰাগ্ণি সক্রিয় হৈ পৰে বাবে পিত্তদোষৰ প্রশমিত হয় ৷ মানুহৰ শাৰীৰিক বল–শক্তি বৃদ্ধি পায় ৷
হেমন্ত ঋতুৰ উপযোগী আহাৰঃ
- মিঠা, টেঙা আৰু নিমখীয়া খাদ্যবস্তু সেৱন কৰিব লাগে ৷
- চর্বি, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী সামগ্রী, কুঁহিয়াৰ, কুঁহিয়াৰৰ পৰা তৈয়াৰী সামগ্রী, মাংস, নতুন চাউল, গৰম পানী, মগু দাইল আদি খাব লাগে ৷
- লঘু আৰু ঠাণ্ডা খাদ্যবস্তু খাব নালাগে ৷
হেমন্ত ঋতুৰ উপযোগী বিহাৰঃ
- দিনত শুব নালাগে ৷
- ব্যায়াম আৰু শাৰীৰিক পৰিশ্রম কৰিব লাগে ৷
- গা আৰু মূৰত তেল লগাব লাগে ৷
- গাত পুৱাৰ কোমল ৰদ লগাব লাগে ৷
ঋতুচর্যা পালনেৰে সাম্প্রতিক সময়ৰ ঋতুজনিত অনেক ব্যাধিৰ পৰা আঁতৰত থাকিব পৰা যায় ৷
ফোনঃ ৭৮৯৬২-৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.