কৰবী গগৈ শর্মা
দক্ষিণ এছিয়াৰ লোকসকলৰ এটি অন্যতম জনপ্রিয় আৰু প্রধান প্রাতঃআহাৰ হৈছে ৰুটী ৷ আমাৰ ইয়াতো প্রাতঃআহাৰ বুলিয়েই পোনপ্রথমেই মনলৈ আহে ৰুটী–ভাজিৰ কথাই ৷ আবেলিৰ চাহকাপৰ লগত আৰু টিফিন আহাৰ হিচাপেও ই অন্য স্নেকছৰ লগতে সমানেই জনপ্রিয়৷ ভাৰতৰ কেতবোৰ ৰাজ্যত আকৌ ভাতৰ সলনি ৰুটীকেই মুখ্য খাদ্য হিচাপে গ্রহণ কৰাও দেখা যায় ৷ সাধাৰণতে আটা বা ময়দাৰে ৰুটী তৈয়াৰ কৰা হয় যদিও ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত মাকৈ, বাজৰা মিলেট আদিৰ পৰাও পৰম্পৰাগত পদ্ধতিৰে ৰুটী তৈয়াৰ কৰা হয় ৷ ৰুটী খোৱাটো শৰীৰৰ বাবে অত্যন্ত উপকাৰী আৰু বর্তমান স্বাস্থ্য সচেতনসকলৰ খাদ্য–তালিকাতো অন্তর্ভুক্ত ৷ ভাৰতবর্ষৰ লগতে পাকিস্তান, নেপাল, শ্রীলংকাৰ, ইৰান, ইৰাক, আফগানিস্তান, মালদ্বীপ, বাংলাদেশ আদি দেশত বহুল পৰিমাণে ৰুটীৰ প্রচলন দেখা যায় ৷ দক্ষিণ আফ্রিকা আৰু দক্ষিণ কেৰিবিয়ান বিশেষকৈ ত্রিনিদাদ, গিয়ানা আৰু ফিজিৰ লোকসকলৰো আছে ৰুটীৰ প্রতি অপৰিসীম দুর্বলতা ৷ ৰুটীৰ জনপ্রিয়তাৰ প্রতি লক্ষ্য ৰাখিয়েই প্রায় ঠাইতেই আজিকালি Roti soap গঢ়ি উঠাও পৰিলক্ষিত হৈছে ৷
ৰুটীৰ ইতিহাস খুঁচৰি চালে দেখা যায় ৰুটীৰ প্রচলন আনুমানিক প্রায় পাঁচ হাজাৰ বছৰৰ পূর্বতে হৈছিল ৷ কোৱা যায় যে হৰপ্পা সভ্যতাত মানুহে যেতিয়া জীৱিকা হিচাপে কৃষিকর্ম কৰিছিল তেতিয়া ঘেঁহুৰ উৎপাদন যথেষ্ট পৰিমাণে হৈছিল৷ তাৰ পিছৰ পৰাই হেনো ৰুটী নামৰ এই খাদ্যবিধৰ উল্লেখ পোৱা গৈছিল ৷ বর্তমানেও ৰুটীৰ লগত সম্পর্কিত বহুতো মুখৰোচক কাহিনীৰ প্রচলন আছে ৷ সি যি কি নহওক, বিশ্বত ৰুটীৰ প্রচলন পোনপ্রথমে ভাৰতবর্ষতে হৈছিল আৰু বর্তমান ই পৃথিৱীব্যাপী এক সার্বজনীন খাদ্যৰূপে পৰিচিত হৈছে ৷ বহুতেই ৰুটী তাৱাত সেকি বা ফ্রাহ কৰি খোৱাতকৈ বেক কৰি খোৱাটো শৰীৰৰ বাবে বেছি উপকাৰী বুলি ভাবে ৷ বহলাই নকলেও ৰুটী যে এবিধ অত্যন্ত শক্তিদায়ক আৰু পুষ্টিৰে ভৰা খাদ্য তাক নুই কৰিব নোৱাৰি ৷ খাদ্যৰ গুণাগুণ বিচাৰ কৰিলে ৰুটীত উচ্চ মাত্রাত ভিটামিন, আইৰন, কেলছিয়াম, পটাছিয়াম ইত্যাদি উপলব্ধ ৷ তদুপৰি ইয়াত যথেষ্ট পৰিমাণে অদ্রবণীয় আঁহ আছে, যি কেঞ্চাৰ ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে ৷ ৰুটী অতি সোনকালে হজম হয়, শুকান ৰুটীত অতি কম মাত্রাত কেলৰি থাকে ৷ ইয়াত থকা জটিল কার্বহাইড্রেটৰ বাবে ই অত্যন্ত শক্তিদায়ক ৷
ৰুটী এই শব্দটো আহিছে সংসৃক্ত শব্দ ৰুটীকাৰ পৰা ৷ ঠাইভেদে ইয়াৰ নাম ভিন্ন ৷ ভাৰতীয় সংসৃক্তিয়ে সামৰি লৈছে বিভিন্ন পদ্ধতিৰে প্রস্তুত কৰা ভিন ভিন প্রকাৰৰ ভিন ভিন সোৱাদৰ পৰম্পৰাগত ৰুটী ৷ যেনে– পুৰী, চাপাটি, ফুলকা, পুৰণফলি, পৰঠা, নান, কুলচা, থেপলা, বাজৰা, ৰুমালী ৰুটী, ভটুৱা ইত্যাদি ৷ ভাৰতৰ বাহিৰেও শ্রীলংকাত জনপ্রিয় একপ্রকাৰৰ ৰুটী হৈছে পল ৰুটী বা নাৰিকল ৰুটী ৷ ময়দাৰে তৈয়াৰী এই প্রকাৰৰ ৰুটী খাবলৈ অত্যন্ত সোৱাদলগা ৷ এইবিধ ৰুটীৰ উপৰি শ্রীলংকাবাসীয়ে কট্টু নামেৰে নামাংকিত আন এবিধ বিশেষ ৰুটী খায় ৷ বার্মাত আকৌ ৰুটীৰ ওপৰত চেনি ছটিয়াই ডেজার্ট হিচাপেহে খায় ৷ আনহাতেদি থাইসকলে কল, কণী আৰু কনডেন্স মিল্ক্ৰ সংমিশ্রণেৰে একপ্রকাৰৰ মিঠা ৰুটী তৈয়াৰ কৰি খায় ৷ ৰুটী সাধাৰণতে মাখন, চাটনি, দৈ, ৰাহটা, আচাৰ, কেটছআপ, মাংস বা পাচলিৰ আঞ্জা আদিৰ লগতেই খোৱা হয় ৷ বহুতেই আকৌ পূৰ stuff দিও ৰুটীক এক অনন্য ৰূপ দিছে ৷ মুঠতে বিবিধ প্রকাৰৰ ৰুটীৰ সম্ভাৰে দক্ষিণ এছিয়াৰ খাদ্যশৈলীক অত্যন্ত সমৃদ্ধিশালী কৰি তুলিছে ৷
ফোনঃ ৭০০২১-৫৩৮৩০
Comments are closed, but trackbacks and pingbacks are open.