তপন দাস
বর্তমান সময়ত মেদবহুলতা এনেকুৱা এটা ভয়াৱহ সমস্যা হৈ ধৰা দিছে যে তাৰ পৰা পৰিত্রাণ পাবলৈ খুবেই কঠিন হৈ পৰিছে ৷ ভালকৈ চাবলৈ গলে শতকৰা নবৈব শতাংশ মানুহ ইয়াৰ চিকাৰ হৈ পৰিছে ৷ যদিও কোনো মানুহেই ইচ্ছাকৃতভাৱে মেদবহুল হব নিবিচাৰে, তথাপি তেওঁ অজানিতে কৰা কিছুমান ভুলৰ বাবে সেইফালে ক্রমে গতি কৰে ৷
সচৰাচৰ দেখা পোৱা যায় বহু লোক দীর্ঘদিন ধৰি ব্যায়াম কৰি থকাৰ পিছতো তেওঁলোকৰ কোনোধৰণৰ চকুত পৰা নাযায়৷ ইয়াৰ ফলত এইসকল লোকক দেখি নতুনকৈ ব্যায়াম কৰিব বুলি খোজা লোকসকল পিছহুঁহকি ৰয় ৷ তেওঁলোকে ভাবে যে এইসকল লোকৰ যেতিয়া ইমান বছৰ ধৰি ব্যায়াম কৰি থকা সত্ত্বেও কোনো ধৰণৰ পৰিৱর্তন নহল, তেন্তে এনেই সময় নষ্ট কৰি লাভ নাই ৷ সাধাৰণতে চাবলৈ গলে পিছৰচাম মানুহে বেয়া ভবা নাই, তথাপি কথাবোৰ যদি ভালকৈ বিচাৰ–বিশ্লেষণ কৰি চোৱা যায়, তেতিয়া তাৰ বিপৰীত ছবি এখনো আমাৰ চকুত পৰে ৷
তেওঁলোকে ব্যায়ামাগাৰত কছৰৎসমূহতো ঠিকেই কৰে ৷ কিন্তু ঘৰত আহি গো–গ্রাসে কোনো বাছনি নোহোৱাকৈ পৰিমাণ–প্রয়োজনৰ কথা নাভাবি এফালৰ পৰা খোৱা আৰম্ভ কৰে ৷ তেওঁলোকৰ মনত স্বয়ংক্রিয়ভাৱে খোদিত হৈ ৰোৱা এটা ধাৰণা আছে যে কষ্টটো কৰা গৈছেই এতিয়া যি ইচ্ছা তাকেই খাব পৰা যায় চব হজম হৈ যাব ৷ ঠিকেই সকলো হজম হৈ যাব, কিন্তু তাৰ পৰা উৎপত্তি হোৱা কেলৰিসমূহৰ কি হব এই কেলৰিসমূহ যেতিয়া লগাতকৈ বেছি হব তেতিয়াইতো মানুহ শকত হবলৈ আৰম্ভ কৰে ৷ গতিকে সহজ কথাত কবলৈ গলে এই কেলৰিসমূহ নিয়ন্ত্রণ কৰিব জানিলেই আপুনি নিজকে মেদবহুলতাৰ পৰা বচাই ৰাখিব পাৰিব ৷
কেলৰিসমূহ নিয়ন্ত্রণ কৰা মানেই হল খোৱা–বোৱাত নিয়ন্ত্রণ কৰা ৷ খোৱা–বোৱাত নিয়ন্ত্রণ কৰাটোৱেই হল অতি জটিল কাম ৷ যিটো কৰাটো বহুতৰ বাবে প্রায় অসম্ভৱ বুলি কব পাৰি ৷ এটা কথাতো আমি সকলোৱে জানো যে কিবা পাবলৈ কিবা এটা এৰাটো বাঞ্ছনীয় ৷ ত্যাগৰ মহানতা সম্পর্কে আমি গীতাতো আগতে পাই আহিছোঁ ৷ ত্যাগ কৰাটো সকলোৰে বাবে ইমান সহজ নহয়, তাৰ বাবে লাগিব প্রচুৰ মানসিক শক্তি আৰু যুক্তিসংগত ৰুচি–ভিৰুচি ৷ এনেও মনৰ দৃতা নহলে কোনো বিষয়তে আমি সফল হব নোৱাৰোঁ ৷ গতিকে এলবার্ট আইনষ্টাইনে কোৱা, Learn the rule than play better.’ কথাষাৰ সাৰোগত কৰি কামটো ভালদৰে সম্পন্ন কৰিবলৈ যিটো নিয়ম লাগে সেই নিয়ম যথেষ্ট কষ্টসাধ্য হলেও কামটো সফল কৰাৰ স্বার্থত তাক অৱলম্বন কৰাটো নিতান্তই প্রয়োজন ৷
লোক এজন যেতিয়া জীমলৈ যায়, তেওঁৰ মনত লগে লগে এটা কথাই আহি ভুমুকি মাৰে, যে তেওঁ এতিয়াৰে পৰা ডায়েটিং কৰিব লাগিব ৷ ছচিয়েল মিডিয়া বা ইউটিউব আদিৰ জৰিয়তে আমাৰ মনত এটা ভাব সোমাই পৰিছে যে ডায়েটিং কৰাটো হল এটা অতি জটিল প্রক্রিয়া, ইয়াত প্রায় লঘোনে থাকিব লাগে ৷ আচলতে ডায়েটিং কৰা মানে হল খাদ্যবোৰ সঠিককৈ পৰিপুষ্টিত নজৰ দি প্রয়োজন আৰু পৰিমাণ অনুযায়ী খোৱাহে ৷ প্রথম অৱস্থাত যদিও ইয়াক অৱলম্বন কৰিবলৈ কিছু কষ্ট হয়, তথাপি লাহে লাহে অভ্যাসত পৰিণত হৈ ই সহজ হৈ পৰিব ৷ মাথোঁ লাগিব এটা স্থিৰ লক্ষ্য যিটো লক্ষ্যত উপনীত হোৱালৈ আপুনি মনে–প্রাণে বিচাৰে ৷
সাধাৰণতে ডায়েটিং কৰা মানুহবোৰক দুটা ভাগত ভগাব পাৰি ৷ প্রথম ভাগৰ মানুহখিনিয়ে জানে কোনবোৰ খাব লাগে আৰু নালাগে যদিও তেওঁলোকৰ দুয়োবোৰ খাদ্যবস্তুলৈয়ে প্রবল লোভ এটা থাকে, যেনিবা দেহাটো বেয়া হোৱাৰ স্বার্থত খাব নলগাবোৰ নোখোৱাকৈ থাকে ৷ মাজে মাজে এই চাম মানুহৰ ধৈর্যৰ বান্ধটো কেতিয়াবা খোল খাই পৰে, তাৰ পিছত দহ দিনৰ ডায়েটিং এদিনতে শেষ হয় ৷
দ্বিতীয় ভাগৰ মানুহখিনি কিন্তু এই ভাগৰ মানুহখিনিতকৈ বহুতেই বেলেগ ৷ এইখিনি মানুহেও ভালদৰে জানে বেয়া–ভাল সকলো খাদ্যৰ বিষয়ে যদিও তেওঁলোকে কঠোৰ সাধনা আৰু সদ–ভ্যাসৰ ফলত বেয়াবোৰক বেয়া বুলিয়ে ভাবি লয় আৰু দেহৰ বাবে যিবোৰ খাদ্য তিলমানো বেয়া সেইবোৰ খাদ্যক তেওঁলোকে বিহ বুলিয়ে ভাবি লয়, কাৰণ তেওঁলোকে জানে দেহ ধবংস কৰিবলৈ অলপেই খোৱা যায় ৷ গতিকে এই দ্বিতীয় ভাগৰ ভিতৰৰ এজন হবলৈ চেষ্টা কৰক, কাৰণ এই দ্বিতীয়জন হব পাৰিলে আপুনি কেৱল ডায়েটিং বুলিয়ে নহয় জীৱনৰ আন আন বিষয়তো সফল হোৱাটো খাটাং ৷
শেষত কওঁ যিকোনো কাম এটা সুচাৰুৰূপে সম্পাদন কৰিবলৈ আত্ম–নুশাসন নিতান্তই প্রয়োজন ৷ অনুশাসন নহলে আপুনি কোনো কামতে সম্পূর্ণৰূপে সফল হব নোৱাৰে ৷ অনুশাসন আৰু অনুশোচনা এটা মুদ্রাৰ ইপিঠি–সিপিঠি ৷ আপুনি যদি অনুশাসনেৰে কামটো নকৰে, তেন্তে এদিন আপুনি অনুশোচনাত দগ্ধ হবই ৷ গতিকে আপোনাৰ লগত কথা আপুনি কোনটো বিচাৰে ৷ এতিয়া কিছু ধৈর্য আৰু কষ্ট কৰি অনুশাসনেৰে কামটো সম্পাদন কৰি তাৰ ফল সুনিশ্চিত কৰা নে, সাময়িক আনন্দ দিয়াকৈ কামবোৰ হেলাৰঙে কৰি ভৱিষ্যতে অনুশোচনাত দগ্ধ হৈ জীৱনটো কটোৱা ৷ মই ভাবোঁ প্রথমবিধ আপুনি মানি চলিব ৷
Comments are closed, but trackbacks and pingbacks are open.