ভার্গৱ কলিতা
সাম্প্রতিক সময়ত মেদবহুলতাই সমগ্র বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ৷ মেদবহুলতাক এই কাৰণে মাৰাত্মক বোলা হৈছে কাৰণ মেদবহুলতাৰ ফলত বহু বেমাৰৰ জন্ম হয় ৷ মেদবহুলতাই জীৱনী শক্তি হ্রাস কৰে ৷ শাৰীৰিক–মানসিক সতেজতা ম্লান কৰি মেদবহুলতাই ব্যক্তি এজনক নানা কষ্ট ভোগ কৰায় ৷ মেদবহুল ব্যক্তিৰ কর্মশক্তি হ্রাস পায় ৷ আলস্য আৰু দীর্ঘসূত্রিতা জীৱনৰ অংগ হৈ পৰে ৷
মেদবহুলতাৰ লক্ষণঃ
- কিছুসময় কাম কৰাৰ পিছতেই উশাহ ঘন হবলৈ ধৰা ৷
- কম কষ্টতেই বেছিকৈ ঘাম ওলোৱা ৷
- নিদ্রাৰত অৱস্থাত হুতৰণি আহে ৷
- আৱশ্যকতকৈ কম বা বেছি নিদ্রা ৷
- খোজকািিলে সহজতে ভাগৰ লগা ৷
- কঁকাল, নিতম্ব, উদৰত চর্বি জমা হোৱা ৷
- পেটফুলা, কোষ্ঠকাঠিন্য, গেছৰ সমস্যা আদিত সঘনে ভুগি থকা ৷
- মনোবৈজ্ঞানিক কু–প্রভাৱ যেনে আত্মবিশ্বাসৰ অভাৱ, নিজৰ ওপৰত ধিক্কাৰ আদি সমস্যাই দেখা দিয়ে ৷
মেদবহুলতাৰ কাৰণঃ
- অসন্তুলিত আহাৰ ৷
- ব্যায়াম নকৰা ৷
- পর্যাপ্ত টোপনি নমৰা ৷
- আলস্য ৷
- বিপাক প্রণালীৰ দুর্বলতা ৷
- বংশগত ৷
- কিছুমান ঔষধ সেৱনৰ পার্শ্বক্রিয়া ৷
মেদবহুলতাৰ বাবে হোৱা আন বেমাৰঃ
- হাই কলেষ্টৰেল ৷
- ছুগাৰ ৷
- উচ্চ ৰক্তচাপ ৷
- হূদৰোগ ৷
- ষ্ট্রোক ৷
- শ্বাস–প্রশ্বাসত অসুবিধা ৷
- মহিলাসকলৰ বন্ধ্যাত্ব আৰু অনিয়মীয়া মাহেকীয়া ঋতুস্রাৱ ৷
- ফেটি লিভাৰ আদি ৷
মেদবহুলতাৰ পৰা কেনেদৰে বাচিবঃ
- সন্তুলিত আহাৰ খোৱা ৷
- দৈনিক আসন প্রাণায়াম ৷
- বেছি তেলযুক্ত খাদ্য বর্জন ৷
- আমিষ আহাৰ বর্জন ৷
- জাংক ফুড, ফাষ্ট ফুড বর্জন ৷
- পানী প্রচুৰ খাওক ৷
- বেছি নিমখীয়া খাদ্য পৰিহাৰ কৰক ৷
- বেছি মাত্রাত ফাইবাৰ থকা খাদ্য গ্রহণ কৰক ৷
- বোকা স্নান কৰক ৷
- মেদবহুলতা দূৰ কৰিবলৈ কুঞ্জল ক্রিয়া অতি প্রভাৱী৷ পুৱা খালী পেটত নিমখ মিশ্রিত কুহুমীয়া পানী খাই বমন কৰি উক্ত পানী বাহিৰ কৰি দিয়াটো হৈছে কুঞ্জল ক্রিয়া ৷
- মেদবহুলতা নাশ কৰিবলৈ সূর্যনমস্কাৰ ৰামবাণস্বৰূপ৷ সূর্যনমস্কাৰৰ আৰু আছে উপকাৰিতা ৷ যেনে–
- পাচন তন্ত্র মজবুত কৰে ৷
- হাডৰ বাবে উপকাৰী ৷
- মানসিক উদ্বিগ্ণতা হ্রাস কৰে ৷
- কোষ্ঠকাঠিন্য দূৰ কৰে ৷
- মাংসপেশী সবল কৰে ৷
- অনিদ্রাৰ সমস্যা দূৰ কৰে ৷
- মনৰ একাগ্রতা বৃদ্ধি কৰে ৷
গতিকে মাথোঁ মেদবহুলতা দূৰ কৰিবৰ বাবেই নহয়, অনেক সুফল পাবৰ বাবে দৈনিক সূর্যনমস্কাৰৰ অভ্যাস কৰিব লাগে ৷ এজন অভিজ্ঞ যোগবিদৰ তত্ত্বাৱধানত সূর্যনমস্কাৰ শিকিব লাগে ৷
- মেদবহুলতা দূৰীকৰণৰ এনিমা অতি ফলপ্রসূ ৷
- সূর্যনমস্কাৰৰ উপৰি আন কেইটিমান আসন প্রাণায়াম আছে, যিকেইটা আসন প্রাণায়াম মেদবহুলতা নাশ কৰিবৰ বাবে বহুত উপযোগী৷ যেনে– পষ্চিমোত্তানাসন, পৱনমুক্তাসন, নৌকাসন, ত্রিকোণাসন, অর্ধচক্রাসন, কপালভাটি প্রাণায়াম, নাডীশোধন প্রাণায়াম আদি ৷
ফোনঃ ৯৯৫৪৮-১০৫২৯