পংকজ কুমাৰ নেওগ
অসমৰ চাহ সংসৃক্তি ১৮০০ চনত ব্রিটিছ যুগৰ পৰাই আৰম্ভ হয় আৰু চাহ বাগিচাৰ বেছিভাগ বাংলোই ভিক্টোৰিয়ান শৈলীৰ স্থাপত্যৰ প্রতিফলন ঘটাইছে ৷ ঘৰবোৰ সাধাৰণতে দুমহলীয়া আৰু কাঠৰ ওখ ষ্টিচ্ট, একচেটিয়া জুহশালেৰে বাঁহ আৰু কাঠেৰে সজ্জিত আহল–বহল কোঠা, প্রাচীন আচবাব–পত্র আৰু বৃহৎ বাৰাণ্ডাৰে এই বাংলোবোৰ সজা হৈছে ৷ বাংলোৰ আৰামদায়ক পৰিসীমাৰ পৰা বিখ্যাত অসম চাহৰ কেতিয়াও অন্ত নপৰা পিয়লা উপভোগ কৰি লেহেমীয়া গতিৰ চাহ বাগিচাৰ জীৱনৰ সোৱাদ লব পাৰি আৰু লগতে এটি কলি দুটি পাত ছিঙিবলৈ নিয়োজিত মহিলা কর্মীসকলৰ চাহপাত তোলা দৃশ্য, দূৰ দিগন্তত বেলি ডুবাৰ লগে লগে ঝুমুইৰ আৰু মাদলৰ তালে আচ্ছন্ন কৰা চাহ বাগিচাৰ শ্রমিকসকলৰ মনোৰঞ্জন ইত্যাদিও সমানে আকর্ষণীয় ৷ অসমত ইংৰাজসকলে এবিধ অতি চহকী সম্পদ এৰি থৈ যায় আৰু ই হল চাহ বাগিচাৰ জীৱন আৰু ঐতিহ্য ৷ যিহেতু চাহ খেতিয়কসকলৰ বেছিভাগেই ব্রিটিছ বা স্ক্টিছ আছিল তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতত ব্রিটিছ জীৱনশৈলী পুনৰ সৃষ্টি কৰাৰ ৷ ৰাজ যুগৰ শ্রেষ্ঠ নমুনা হল চাহ বাগিচাৰ এই অসাধাৰণ বাংলোবোৰ আৰু সিহঁতৰ নিজস্ব কাহিনী ৷ অসমত ৮৩০খনৰো ডাঙৰ চাহ বাগিচাত বিশ্বৰ প্রায় ১৬ শতাংশ আৰু ভাৰতবর্ষৰ ৫৪ শতাংশ চাহ উৎপাদন হয় ৷ অসমৰ চাহ পর্যটনৰ দৃশ্যপট সঁচাকৈয়ে অতি বৃহৎ তথা বিস্ময়কৰ ৷
এখন কমিটী গঠনৰ দ্বাৰা অসমৰ চাহ বাগিচাৰ প্রায় ৪০০ বাংলোৰ এখন দীঘলীয়া তালিকাৰ পৰা ঐতিহাসিক ১৫০টা বাংলো বাছনি কৰি সেহবোৰৰ তথ্য সযতনে নথিভুক্ত কৰা হৈছে ৷ এই গৱেষণাৰ ফলত ২০১২ চনত Burra Bungalows and All That’ নামৰ কিতাখন প্রকাশ পায় ৷ একেদৰে উত্তৰ বংগৰ চাহ বাগিচাৰ বাংলোসমূহৰ ওপৰতো আন এখন কিতাপ প্রকাশ পাইছে ৷ বডা বাংলোবোৰক দুটা ভাগত শ্রেণীভুক্ত কৰিব পাৰি মাটিৰ ওপৰৰ বাংলো আৰু চাং বাংলো ৷ মাটিৰ ওপৰৰ বাংলোবোৰ মাটিৰ স্তৰতে নির্মিত হোৱা বাবে সেই নাম পায়, আনহাতে চাং বাংলোবোৰ মাটিৰ পৰা ১০ৰ পৰা ১৪ ফুট ওপৰত ষ্টিচ্টৰ ওপৰত থিয় হৈ থাকে ৷ এনে ধৰণৰ চাঙৰ ওপৰত বনোৱা ঘৰে জোক, পোক–পৰুৱা, সাপ ইত্যাদিৰ পৰা সুৰক্ষিত ৰখাৰ উপৰি মেলেৰিয়া ৰ আৰু আৰু অন্য বেমাৰৰ বেয়া বতাহ আঁতৰাই ৰাখে বুলি বুলি বিশ্বাস কৰা হৈছিল ৷ বডা বাংলোবোৰ অকল ঘৰেহ নহয় সেইবোৰ আছিল পদমর্যাদাসূচক প্রতীকী ৷ সামগ্রিকভাৱে ঘৰবোৰৰ এটা উমৈহতীয়া পৰিকল্পনা আছিল ভালদৰে বায়ু চলাচল কৰা ডাঙৰ ডাঙৰ কোঠা, ওখ চিলিং আৰু মূল ভৱনৰ কাষেৰে দীঘল বাৰাণ্ডা ৷ বড়া বাংলোছ এণ্ড অল ডেট কিতাপখনৰ পাতবোৰ লুটিয়াহ যাওঁতে নামদাং চাহ বাগিচাৰ ভূত থকা চাং বাংলো, ১৯০৪ চনত লর্ড কার্জনে ভ্রমণ কৰা পাহাৰৰ শিখৰৰ মার্ঘেৰিটা চাহ বাগিচাৰ বাংলো, পোহনীয়া জন্তুৰ কবৰস্থান সমন্বিতে ডিগবৈৰ পোৱাই বাংলো ইত্যাদিৰ আমোদজনক কাহিনী আৰু বিৱৰণ পঢ়িবলৈ পোৱা যায় ৷
কিতাপখনত চাহ বাগিচাৰ মেনেজাৰৰ পত্নীসকলে লিখা নানা ধৰণৰ লেখাবোৰে সেই প্রকাণ্ড বাংলোবোৰত তেওঁলোকৰ দৈনন্দিন জীৱনৰ এটা ধাৰণা দিয়ে ৷ মার্জৰী জেন হমৰিছ নামৰ মহিলা এগৰাকীয়ে ১৯৪০ চনৰ তেওঁৰ টোকাবহীত কোনোবা এজন দর্জীয়ে কেটেলগ চাহ আৰু বাৰাণ্ডাতে ভৰি দুখন কোঁচাহ বহি মাত্র এঘণ্টাৰ ভিতৰতে মেমচাহাবৰ বাবে কেনেকৈ পোছাক এটা প্রস্তুত কৰি উলিয়াইছিল, সেই কথা বর্ণনা কৰিছে ৷ বাৰাণ্ডাখন আছিল কাঠমিস্ত্রীসকলে গোটেহ বছৰ ধৰি হাতুৰী–বটালিৰে কাৰুকার্য চলোৱা এখন ঠাই ৷ এই বাৰাণ্ডাতে কাপোৰ ধুবলৈ নিয়া ধোবীসকলে টোপোলাবোৰ খুলি কাপোৰৰ হিচাপ–নিকাচ কৰিছিল আৰু ফেৰীৱালাবোৰে নানাধৰণৰ বস্তু বেচিবলৈ আহি সেইবোৰৰ পোহাৰ মেলিছিল ৷ কিতাপখনত বাংলোবোৰৰ ভিতৰৰ কোঠাবোৰৰ বিশদ ছবি নাহ যদিও বহুতো চিৰিৰ ফটো আছে ৷ সেই দিনবোৰত ব্রহ্মদেশত চেগুন গছৰ কাঠ প্রচুৰ পৰিমাণে পোৱা গৈছিল আৰু সেয়েহে চিৰিৰ পৰা আৰম্ভ কৰি কাঠৰ মজিয়ালৈকে সকলো কাঠৰ কাম চেগুনেৰে কৰা হৈছিল ৷ কিতাপখনৰ পৃষ্ঠা লুটিয়ালে বাংলোবোৰত থকা সেই সময়ৰ বিভিন্ন ধৰণৰ চকীবোৰৰ ছবি দেখি আচৰিত হব লাগে ৷ এইবোৰৰ ভিতৰত প্লেণ্টাৰৰ চকী, হেলনীয়া আসনযুক্ত আৰু হাত দুখন ভিতৰলৈ বা বাহিৰলৈ ভাঁজ কৰিব পৰা চাপৰ আৰামী চকী, ষ্ট্রেইটবেক, লাভ–ছিট আৰু অইন কেইবাবিধো চকীৰ কথা উল্লেখ কৰিব পাৰি ৷
গৱেষণাৰ পৰা স্পষ্টভাৱে বুজা যায় যে বাংলোবোৰৰ প্রাণকেন্দ্র আছিল ৰান্ধনিশালা ৷ এই পাকঘৰবোৰ আছিল বিশাল আৰু ঘৰৰ পিছফালে প্রায়েই এটা বেকাৰী আৰু শাক–পাচলিৰ এখন বাগিচা আছিল ৷ এই বাগিচাত বতৰৰ শাক–পাচলিৰ লগতে চেলেৰি, দিল, চাইভছ, এনিছিড ইত্যাদিবোৰৰ খেতি কৰা হৈছিল ৷ ঘৰত থকা মালীহঁতে লিচু, আম, আতলছ, মধুৰী, কলা জামু আদি গছবোৰৰ লালন–পালন কৰিছিল ৷ খেতি কৰিব নোৱাৰা আন সকলো ধৰণৰ বস্তু স্থানীয় প্রভিজন ষ্টৰ বা লণ্ডনৰ পৰা চালানি হৈ আহিছিল ৷ জাম, জেলী, প্রিজার্ভেটিভ, চীজ, জিন, পর্ট ৱাহন, ব্রেণ্ডী, চিগাৰ ইত্যাদি সামগ্রী কলিকতা হৈ বিদেশৰ পৰা আহিছিল ৷ এই কথা উল্লেখ কৰা আছে যে ফ্রীজৰ অনুপস্থিতিত সেই সময়ত বীয়েৰৰ বটলবোৰ বস্তাত ভর্তি কৰি কুঁৱাত ডুবাই থৈ ঠাণ্ডা কৰি ৰখা হৈছিল ৷ নয়নতৰা পালচৌধুৰী ভাৰতীয় চাই সন্থাৰ উপাধ্যক্ষ আৰু পশ্চিমবংগৰ চতুর্থ প্রজন্মৰ চাহ খেতিয়ক ৷ আলিপুৰদুৱাৰৰ ৱাছাবাৰী, তৰাইৰ মোহৰগং আৰু গুলমাত তেওঁৰ চাহ বাগিচা আছে ৷ তেওঁ এনে ধৰণৰ বহুতো বড়া বাংলোত জীৱন কটোৱাৰ লগতে পুৰণি চকীদাৰ আৰু মালীসকলৰ পৰা সেইবোৰ ঘৰৰ পুৰণি বাসিন্দাসকলৰ কাহিনী শুনি ডাঙৰ–দীঘল হৈছে ৷ ইমান বছৰৰ পিছত এতিয়া কোনবোৰ কথা সঁচা বা বিশ্বাসযোগ্য সেয়া ঠাৱৰ কৰা কঠিন যদিও টুকুৰা–টুকুৰ ছবিবোৰেৰে সেই সময়ৰ দৃশ্য অনুধাৱন কৰা অসম্ভৱ নহয় ৷
পালচৌধুৰীয়ে কোৱামতে মেনেজাৰসকলৰ বেছিভাগেই আছিল স্ক্টিছ ৷ তেওঁলোকৰ বহুতে বিনাপৰিয়ালে অকলে আহিছিল আৰু সেইবাবে ক্লাব জীৱনহে তেওঁলোকৰ বেছি প্রিয় আছিল আৰু উপভোগ কৰিছিল ৷ বড়া বাংলোৰ ওপৰত লিখিত গ্রন্থখনত ১৮৭৬ চনত স্থাপন কৰা যোৰহাট জিমখানা ক্লাব, ১৮৭৫ চনত স্থাপিত তেজপুৰ ষ্টেচন ক্লাব আৰু ১৮৯০ চনত স্থাপন কৰা মঙলদৈ পলো এণ্ড জিমখানা ক্লাবৰ ফটো আছে ৷ একেবাৰে শেষৰ ক্লাবটোত ১৯ শতিকাৰ শেষৰ ফালে ব্যৱহাৰ হোৱা এটা বৰতোপসদৃশ পানী ছটিওৱা মেচিন দেখিবলৈ পোৱা যায় ৷ চাহ বাগিচাৰ জোপোহাবোৰত ইয়াৰে জলসিঞ্চন কৰা হৈছিল ৷ সপ্তাহৰ মাজভাগত মেনেজাৰ আৰু তেওঁৰ লোকসকলক একপ্রকাৰৰ সকাহ দিবলৈ ক্লাবৰ সন্ধিয়াৰ মজলিছবোৰ আয়োজন কৰা হৈছিল ৷ কিতাপখনৰ মতে ক্লাব সংসৃক্তিৰ অলিখিত নিয়ম আছিল এনেধৰণৰ মেনেজাৰসকল বাৰৰ ওচৰত একেলগে গোট খাইছিল, আনহাতে সহকাৰী মেনেজাৰসকল তলত পৃথকে বহিছিল আৰু ওপৰৱালাসকলে গিলাচ ওপৰলৈ তুলি প্রথম চুমুক নিদিয়ালৈকে তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছিল ৷ সন্ধিয়াৰ শেষৰ ফালেও ছিনিয়ৰসকলে তেওঁলোকৰ পানপর্ব শেষ কৰি উভতি নোযোৱালৈকে জুনিয়ৰসকলে ক্লাব এৰিব নোৱাৰিছিল !’
চাহ বাগিচাৰ কেন্দ্রীয় চৰিত্রবোৰ হয়তো টী–প্লেণ্টাৰ আৰু তেওঁলোকৰ পৰিয়ালবর্গই আছিল কিন্তু বিভিন্ন পার্শ্ব চৰিত্রবোৰেহে এই নির্জন ভৌগোলিক স্থানসমূহত এক সজীৱ ছন্দৰ সঞ্চাৰ কৰিছিল ৷ কিতাপখনত ঘোঁৰাগাড়ী চলোৱা চাইচে বা ছহিছৰ কথা উল্লেখ কৰা হৈছে, যিজন ঘোঁৰাগাড়ীৰ ঠাহত মটৰ গাড়ী লোৱাৰ পিছত গাড়ী ধোৱা মানুহ হৈ পৰিছিল ৷ মেমচাহাবক ডাঙৰ সঁচৰ ডালিয়া খেতি কৰাত সহায় কৰা বা বার্ষিক ফুল প্রদর্শনীৰ বাবে ক্রিচেন্থিমাম ফুলৰ আয়োজন কৰা মালীজন, থাণ্ডাৰ বক্স টয়লেট বাকচবোৰ চফা কৰা মানুহজন বা কেঁচুৱাক গান গাহ শুৱাবলৈ ৰখা আয়াগৰাকী এই সকলো আছিল চাহ বাগিচাৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৷ এন পেড্রিচিয়া ৱাল্শ্ব নামৰ এগৰাকীয়ে লিখিছে এইটো নিচুকনি গীত মোক আয়া দিদিয়ে সদায় নিশা গাই শুনাইছিল নীনি বাবা নীনি, ৰটি, মক্খন, চিনি ৰটি মক্খন হোগয়া, চোটা বাবা শো গয়া !! মার্জৰীয়ে তেওঁৰ টোকাবোৰত বৰদিনৰ সময়ত ছাণ্টাক্লজ কেনেকৈ সদায় নতুন নতুন বাহনেৰে আহিছিল, সেই কথা উল্লেখ কৰিছে ৷ মোৰ মনত আছে এবাৰ তেওঁ হাতীৰ পিঠিত উঠি আহিছিল আৰু আন এবাৰ মহৰ গাড়ী এখনত উঠি আহিছিল ৷
ওপৰত উল্লেখিত চাহ বাগিচাৰ এহ পার্শ্ব চৰিত্রসকল ডাঙৰ ডাঙৰ বাংলোবোৰৰ সিপাৰে ক্লাব, হাস্পতাল, গির্জা আৰু কবৰস্থানৰ পৰা দূৰৈত বাস কৰিছিল ৷ তেওঁলোক দৃষ্টিৰ বাহিৰত থাকিলেও কেতিয়াও মনৰ আঁতৰত নাছিল ৷ পালচৌধুৰীৰ মতে ১৯ শতিকাতো চাহ বাগিচাৰ শ্রমিক শক্তিৰ অধিকাংশ চীন দেশৰ পৰা আহিছিল৷ তেওঁ কয়, চীন দেশত চাহ বাগিচা বহুত আছিল বাবে চীনা শ্রমিকসকলৰ চাহ খেতিৰ কিছু অভিজ্ঞতা আছিল ৷ ২০ শতিকাৰ আৰম্ভণিতে বাংলোবোৰত নিয়োজিত ৰান্ধনিসকল এতিয়াৰ বাংলাদেশস্থিত চট্টগ্রামৰ পৰা আহিছিল ৷ শৈশৱকালত আৰু প্রাপ্তবয়স্ক্ অৱস্থাত শুনা চাহ বাগিচাৰ বহুতো ভূতৰ কাহিনীৰ কথা মনত পেলাই পালচৌধুৰীয়ে কয় এজন চকীদাৰে মোক কৈছিল যে তেওঁ সদায় ৰাতি ঘোঁৰাৰ খুৰাৰ শব্দ শুনিবলৈ পায় ৷ এজন মালীয়ে কয় যে তেওঁ বাংলো চৌহদত এগৰাকী মহিলাৰ কুঁৱলীময় ছাঁ এটা ঘূৰি ফুৰা কেইবাবাৰো দেখিছে ৷ ভূত থাকক বা নাথাকক বড়া বাংলোবোৰৰ ইতিহাস আৰু অতীতে স্পষ্টভাৱে সকলোৰে মনোযোগ আকর্ষণ কৰে ৷
অসমৰ পাহাৰীয়া জিলা আৰু উত্তৰ বংগৰ দৰে ভৌগোলিক স্থানসমূহ বিস্তৃত চাহ বাগিচাৰ দ্বাৰা চিত্রিত কৰা হৈছে ৷ ৰাজযুগৰ চিত্রময় বাংলো, ক্লাবঘৰ, চিকিৎসালয়, গির্জা ইত্যাদিৰ পটভূমিয়ে চাহ বাগিচাবোৰৰ সৌন্দর্যত সুৱগা চৰাইছে আৰু এহ মনোৰম দৃশ্য হিমালয় পর্বতৰ পটভূমিতকৈ কোনোগুণে কম নহয় ৷ এতিয়াও বড়া বাংলো বুলি সচৰাচৰ উল্লেখ কৰা এই বাংলোসমূহ আছিল বড়া চাহাব বা চাহ বাগিচাৰ পৰিচালকসকলৰ ঘৰ৷ বড়া বাংলোবোৰৰ দৰে সহকাৰী পৰিচালকসকলৰ আৱাসিক ঘৰ হিচাপে চোটা বাংলোও আছিল ৷ ইণ্ডিয়ান নেচনেল ড্রাষ্ট ফৰ আর্ট এণ্ড কালচাৰেল হেৰিটেজ বা ইণ্টাচ(Intach) নামৰ এটা অলাভজনক দাতব্য সংস্থাৰ জি এম কাপুৰৰ মতে এই বাংলোবোৰৰ বহুতো এতিয়া নাই ৷ কিছু বছৰ পূর্বে ভাৰতীয় চাহ বর্ডৰ এজন প্রাক্তন অধ্যক্ষ বাসুদেৱ বেনার্জীয়ে এই সন্দর্ভত তেওঁৰ ক্ষোভ প্রকাশ কৰিছিল ৷ তেওঁৰ মতে টী–প্লেণ্টাৰ বা চাহ খেতিয়কসকলে চাহ বাগিচাবোৰক বিয়া কৰাহছিল আৰু স্থাপত্য আৰু ঐতিহাসিক তাৎপর্যৰ বাংলো নির্মাণ কৰিছিল ৷ ইণ্টাচৰ কাপুৰে কয়, তেওঁলোকৰ আৱেগ–নুভূতিৰ প্রতি সন্মান জনাই পৰৱর্তী সময়ত আমি বাংলোবোৰৰ নথিভুক্তকৰণৰ কাম হাতত লওঁ ৷
অসম পর্যটন বিভাগে অসম চাহ নিগমৰ সৈতে লগ হৈ প্রাক–স্বাধীনতা যুগৰ তেওঁলোকৰ কিছুমান পুৰণি বাংলো চাহ বাগিচাৰ হেৰিটেজ বাংলো স্থানলৈ ৰূপান্তৰিত কৰিব পাৰে ৷ চাহ বাগিচাবোৰ ভ্রমণকাৰীৰ বাবে নতুন গন্তব্য স্থানৰূপে ৰূপান্তৰিত কৰিব পাৰিলে ৰাজ্যিক পর্যটন উদ্যোগেও উত্থান লাভ কৰিব ৷ অসম পর্যটন বিভাগৰ লগতে চাহ বাগিচাসমূহেও চাহ খণ্ডত পর্যটকৰ একচেটিয়া গোটটোক আকর্ষণ কৰাৰ বাবে প্রচেষ্টা লোৱাৰ সময় সমাগত ৷ চাহ বাগিচা ব্যৱস্থাপনা সমিতিৰ সৈতে সমন্বয়েৰে ৰাজ্যত চাহ পর্যটনৰ প্রসাৰৰ ক্ষেত্রত ফলপ্রসূভাৱে বহুখিনি কাম কৰিব পৰা সম্ভৱ ৷ আজিকালি কেইবাটাও ব্যক্তিগত পর্যটন অনুষ্ঠানে অসমৰ চাহ বাগিচা আৰু হেৰিটেজ চাহ বাগিচা বাংলোবোৰৰ সুসংহত পর্যটনৰ ব্যৱস্থা কৰিছে ৷ যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্রুগড, ডুমডুমা, কাজিৰঙা, বালিপৰা, চাৰিদুৱাৰ আদি ঠাইৰ চাহ বাগিচাৰ বাংলোবোৰত এতিয়া পর্যটক হিচাপে এৰাতি বা দুৰাতি থাকি তাহানিৰ ব্রিটিছ যুগলৈ কিছু সময়ৰ বাবে উভতি যোৱা সম্ভৱ ৷ বর্তমান যুগৰ এখন দেশৰ অর্থনীতিত চাহ পর্যটনে এক উল্লেখযোগ্য স্থান দখল কৰি আৰু মুদ্রা উপার্জন কৰি ৰাষ্ট্রীয় অর্থনীতিক শক্তিশালী কৰি তুলিছে ৷ অসমত পর্যটনে সেউজ পৰিৱেশ বজাহ ৰখাৰ আৰু ঐতিহ্য আৰু সংসৃক্তি ৰক্ষা কৰাৰ উপৰি গোটেহ ৰাজ্যখনত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি গ্রাম্য অর্থনীতিৰো উন্নতি সাধন কৰিব ৷ ইয়াৰ ফলত ৰাজ্যত অন্যান্য আর্থ–সামাজিক সমস্যাসমূহৰো প্রশমন হব ৷ চাহ পর্যটনক সঠিক পৰিকল্পনা আৰু সঠিক সম্ভাৱনাৰে আলোকপাত কৰিব পাৰিলে ই ৰাজ্য চৰকাৰক বহু ৰাজহ আহৰণ কৰাত সহায় কৰিব পাৰে আৰু লগতে বিশ্ব পর্যটনৰ মানচিত্রত অসমৰ দৰে এখন ৰাজ্যক এক নতুন উচ্চতালৈ নিব ৷
ফোন ঃ ৯৬৮-৯৯৬৭-২৭৮১
Comments are closed, but trackbacks and pingbacks are open.