ডাঃ জোনালী শর্মা
কি যে আচৰিত প্রশ্ণ নহয়নে বাৰু এনে এটি প্রশ্ণৰ সন্মুখীন হলে যিকোনো মানুহৰ মনলৈ এনে ভাব আহিব, হয়তো অলপ খঙো উঠিব৷ কাৰণ স্বাভাৱিকভাৱে জীৱন যাপন কৰা এজন সুস্থ মানুহক এনে এটি প্রশ্ণ কৰাটো নিতান্তই অপ্রয়োজনীয়৷ লগতে বিৰক্তিকৰো৷ কাৰণ আপুনি জানো নিয়াৰিকৈ কাম কৰি নিজৰ তথা আনৰো দায়িত্ব লৈ, পৰিয়ালৰ অথবা সমাজৰ যিকোনো অনুষ্ঠান বা উৎসৱ–পার্বণ আদিতো অংশ লোৱা নাই তেনেহলেতো আপুনি মানসিকভাৱে অসুস্থ হোৱাৰ প্রশ্ণই নুঠে৷
হয়, আপোনাৰ মনলৈ অহা এনেবোৰ কথা উৰুৱাই দিব নোৱাৰি৷ মানসিক স্বাস্থ্য বুলি কলেই আমাৰ মনলৈ এখন অলপ বেলেগ ধৰণৰ ছবি আহে৷ নিজকে আমি মানসিকভাৱে অসুস্থ বুলি ভাবিব পাৰোঁনে বাৰু তেনে এজন ব্যক্তিক আমি হয়তো চিকিৎসাৰ পৰামর্শ লবলৈ কম৷ মানসিক ৰোগত ভোগা এজন ব্যক্তিয়ে উপযুক্ত চিকিৎসা কৰালে অতি সোনকালে ৰোগ নিৰাময় কৰিব পাৰে আৰু পুনৰ স্বাভাৱিক জীৱন যাপন কৰিব পৰা হয়৷ পৰিয়ালৰ লোকসকলো এই বিষয়ত সজাগ হোৱা প্রয়োজন, কাৰণ যিকোনো বয়সৰ ব্যক্তিয়ে মানসিক ৰোগৰ চিকাৰ হব পাৰে৷ এই লেখাত কিন্তু আপোনাৰ মানসিক সুস্থতা আৰু মানসিক স্বাস্থ্যই আলোচ্য বিষয়, কাৰণ মানসিক সুস্বাস্থ্যইহে এজন ব্যক্তিক সঁচা অর্থত সুখী কৰি তুলিব পাৰে৷
যিদৰে আমাৰ শাৰীৰিক সুস্থতা নির্ভৰ কৰে আমাৰ দৈহিক অংগ–প্রত্যংগবোৰৰ সুচল কার্যক্ষমতাৰ ওপৰত, সেইদৰেই আমাৰ মানসিক সুস্থতা নির্ভৰ কৰে আমাৰ স্বভাৱজাত প্রকৃতি, পৰিৱেশ তথা আমাৰ শাৰীৰিক সুস্থতাৰ ওপৰত৷ পুৱাৰ পৰা ৰাতিলৈকে এক কর্মব্যস্ত জীৱন পাৰ কৰা এজন ব্যক্তিৰো কেতিয়াবা মানসিক সুস্থতা নাথাকিব পাৰে যদিহে তেওঁ কিবা অসুখ বা অশান্তি ভোগ কৰি থাকে৷ যিকোনো কাৰণতে এজন ব্যক্তি মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে৷ তেওঁৰ দৈনন্দিন জীৱনৰ কার্যক্রমণিকা হয়তো একেবাৰে নিখুঁত নির্দিষ্ট দায়িত্ব কিছুমানৰ বাবে তেওঁৰ দিনটোৰ সময়খিনি ধৰা–বন্ধা৷ তাৰ মাজতে পৰিয়াল তথা সমাজৰ বহুবোৰ কামো হয়তো সুচাৰুৰূপে আপুনি কৰি আহিছে৷ এনে এজন ব্যক্তিক বাৰু আমি মানসিক সুস্থতাত নাই বুলি কব পাৰোঁনে কিন্তু এনে বহুবোৰ ব্যস্ততাৰ মাজতো আমাৰ মনবোৰ কেতিয়াবা ভাৰাক্রান্ত হৈ পৰে আৰু হতাশাই মন আগুৰি ধৰে৷ আমি উদাস হৈ পৰোঁ আৰু খেলিমেলি ভাববোৰে মনত স্থান লয়৷ নিজৰ আৰু লগতে আমাৰ আপোনজনৰ সমস্যাবোৰে আমাৰ মনোজগতখন আচ্ছন্ন কৰি ৰাখে আৰু এক স্বাভাৱিক জীৱনৰ অবিৰত যাত্রাৰ মাজতে আমি অসুস্থ হৈ পৰোঁ৷ মনৰ কোনো কোণত থিতাপি লোৱা বিক্ষিপ্ত ভাব কিছুমানে আমাৰ অৱচেতনাত সাংঘাতিকভাৱে ক্রিয়া কৰে৷ ফলত যদিও দেখাত আমি সুস্থ হৈ থাকোঁ, মনৰ গভীৰতাত প্রভাৱিত হৈ থাকে দুষ্চিন্তা, উদ্বিগ্ণতা আৰু অস্থিৰতাৰ কোবাল সোঁত৷ তেনে এজন ব্যক্তিয়ে কেতিয়াও নিজকে মানসিকভাৱে সুস্থ বুলি কব নোৱাৰে৷
এইখন পৃথিৱীৰ প্রতিজন ব্যক্তিৰ বাবেই এনে ধৰণৰ মানসিক অসুস্থতা আধুনিক জীৱন যাত্রাৰেই অৱধাৰিত প্রতিফল৷ জীৱনৰ যিকোনো পর্যায়তে মানসিক অৱসাদে আগুৰি ধৰিব পাৰে৷ কোৱা যিমানেই সহজ এনে এক অৱস্থাৰ সন্মুখীন হোৱাজনে ভালদৰেই বুজি পায় কেনে দুর্বিষহ হৈ পৰে তেনেবোৰ মুহূর্ত খুব কম ভাগ্যশালী ব্যক্তি জীৱন যুদ্ধৰ চাকনৈয়াৰ মাজতো বিচাৰি লব পাৰে সুস্থিৰ এক মাজুলী৷ তেনে মুষ্টিমেয় ব্যক্তিসকলে যিকোনো পৰিস্থিতিৰেই সন্মুখীন হব পাৰে আৰু নিজৰ মানসিক সন্তুলন অপৰিৱর্তিতভাৱে ৰাখিব পাৰে৷ হয়তো তাৰ বাবে তেওঁলোকে কঠোৰ অনুশীলন কৰিছে আৰু নিজকে ইমানেই দৃমনা কৰি তুলিছে যে পৰিস্থিতি বা পৰিৱেশ যিয়েই নহওক, ই তেওঁলোকৰ মানসিক স্থিৰতাত বিশেষ প্রভাৱ নেপেলায়৷
আমিও বাৰু তেনে কেইজনমান সৌভাগ্যশালী ব্যক্তিৰ মাজৰ এজন হব নোৱাৰোঁ জানো নিজকে জীৱন যুঁজত জয়ী কৰিবলৈ হলে আমি আমাৰ মনটোৰ ওপৰত নিয়ন্ত্রণ ৰাখি সমস্যাবোৰৰ সন্মুখীন হবলৈ যত্ন কৰিব লাগে৷ ইয়াৰ বাবে প্রয়োজন কিছু প্রস্তুতি৷ সদায় কৰি থকা কামবোৰকেই যদি আমি অলপ বেলেগ ধৰণেৰে কৰিব পাৰোঁ আমি নিশ্চয় আমাৰ মানসিক স্বাস্থ্যৰ হিত সাধিব পাৰিম৷
আপুনি সদায়েই মনত ৰাখিব যে আপুনি এজন বিশেষ ব্যক্তি, হব পাৰে আপুনি বিশ্বৰ অগণন মানুহৰ মাজৰেই এজন আৰু কবিৰ ভাষাত হয়তো আপুনি এক ধূলিকণাহে মাথোঁ, কিন্তু তথাপি আপুনি বিশেষ কাৰণ আপুনি এজনেই আপোনাৰ এই বিশেষত্বক কেতিয়াও পাহৰি নাযাব আৰু সেই কাৰণে কেতিয়াও নিজকে বেলেগৰ লগত তুলনা নকৰিব যদিহে তেনে কৰিলে আপোনাৰ অপকাৰ হয়৷ আপুনি যিদৰে এজন বিশেষ ব্যক্তি, ঠিক সেইদৰেই অন্য কাৰোবাৰ কথাও ভাবক, এই মনোভাবে আপোনাক হীনমন্যতা বা উচ্চাত্মিকাবোধৰ দৰে ক্ষতিকাৰক চিন্তাবোৰৰ পৰা দূৰত ৰাখিব, আপোনাৰ মানসিক জগতখনো লগে লগে সুস্থিৰ হৈ পৰিব৷
মনত ৰাখিব সদায়েই যে আপোনাৰ জীৱনটো হয়তো কাৰোবাৰ বাবে এক সপোন আপুনি সেই বিশেষ ব্যক্তি যি এনে এটি জীৱন উপভোগ কৰিব পাৰিছে৷ বহুতেই হয়তো বিচাৰে আপোনাৰ দৰে এটি জীৱন লাভ কৰাৰ, কিন্তু তেওঁলোকৰ ক্ষেত্রত সেয়া সম্ভৱ হোৱা নাই৷ বিভিন্ন কাৰণত আর্থিক, শাৰীৰিক বা মানসিক কাৰণত তেওঁলোকে হয়তো আপোনাৰ দৰে এটি জীৱন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে আপুনি আপোনাৰ জীৱনটোৰ বাবে কৃতজ্ঞ হওক৷ ভালে–বেয়াই যে আপোনাৰ একান্ত নিজৰ আৰু আপুনি বিচৰাৰ দৰে সকলাবোৰ যদিও হৈ উঠা নাই তথাপি আৰু বহুতৰ বাবে এনে এটি জীৱনো যে দূৰ আকাশৰ তৰা হৈ ৰয়৷
সদায় মনত ৰাখিব যে আপুনি আপোনাৰ সুবিধা বা অসুবিধা অনুযায়ী যিকোনো পৰিকল্পনা সলনি কৰিব পাৰে৷ কেতিয়াও এই কথাটোৰ কাৰণে মানসিক চাপত নুভুগিব যে আপুনি হয়তো আন বহুতৰ দৰে নিয়াৰিকৈ কাম কৰিব পৰা নাই৷ আপুনি ভবাৰ দৰে আপোনাৰ জীৱনৰ সকলো কথা বা কাম হয়তো সঠিক সময়ত হৈ উঠা নাই৷ নির্দিষ্ট সময়ত ধৰা–বন্ধাকৈ কাম কৰিব পৰাটোৱে আমাক এক সুকীয়া আমেজ দিয়ে, কিন্তু তেনে কৰিবলৈ যাওঁতে যদি আপোনাৰ মানসিক চাপ দুগুণ হয়, তেতিয়া আপুনি অলপ থমকি ৰোৱা উচিত, নিজৰ জীৱনশৈলী তথা কর্মপদ্ধতিবোৰ আকৌ এবাৰ ফঁহিয়াই চাওক আৰু তাৰ মাজতেই বিচাৰি পাব সেইবোৰ আসোঁৱাহ, যিবোৰে আপোনাৰ কাৰণে অত্যধিক মানসিক চাপ আনিছে৷
সৰু সৰু কাৰণতে খং কৰা বাৰু আপোনাৰ স্বভাৱ হৈ পৰিছে নেকি, এদিন কিছুমান কাৰণে আত্মবিশ্লেষণ কৰি চাবচোন৷ দিনটোৰ ভিতৰত কিমান সময় খং উঠাৰ কাৰণে নষ্ট কৰিলে হিচাপে কৰি চালে দেখিব, বহুকেইটা কাৰণ হয়তো আপুনি গুৰুত্ব নিদিয়াহলেও ক্ষতি নহলহেঁতেন৷ আপোনাৰ তলতীয়া কর্মচাৰী বা পৰিয়ালৰ কাৰোবাৰ ওপৰত উঠা খং আৰু নহলে হকে–বিহকে যিকোনো কথাতে যাৰে তাৰে ওপৰত উঠা খং ইয়াৰ বেছিভাগেই অপ্রয়োজনীয় আৰু অর্থহীন৷ ইয়াৰ ফলত হোৱা শাৰীৰিক ক্ষতিৰ উমান আপাত দৃষ্টিত আমি নাপাব পাৰোঁ, কিন্তু খঙৰ ভমকত কৰা কাম বা মুখেৰে ওলোৱা কথাৰে আমি আনৰ লগতে নিজৰো প্রচুৰ ক্ষতি কৰোঁ৷ আমাৰ ব্যক্তিত্বৰো প্রতিফলন হয় এনেবোৰ মুহূর্ততে৷
ইংৰাজী ভাষাত সততেই ব্যৱহাৰ হোৱা এটি বাক্য–Let go অর্থাৎ এৰি দিয়া৷ আপোনাৰ জীৱনত এই কথাষাৰ প্রয়োগ কৰি চাবচোন, যিবোৰ কার্য বা কথাৰে আপোনাৰ মন অশান্ত হয়, তেনেবোৰ পৰিস্থিতি এৰাই চলিব হয়তো নোৱাৰিবও পাৰে, কিন্তু পৰৱত্ সময়ত সেইবোৰ ঘটনাৰ ৰেশ তিলমানো আপোনাৰ মনত লৈ নাথাকিব৷ সহজ নহব সদায় কিন্তু অভ্যাসেই জানো স্বভাৱ গগ নিদিয়ে পৰিস্থিতি আৰু প্রয়োজন সাপেক্ষে আপুনি কিছুমান বাহিৰা অৱলম্বনৰ সহায় লওক আৰু আপোনাৰ শুভাকাংক্ষী বন্বুূ–বান্ধৱীৰ সংগ লৈ অথবা আপোনাৰ ভাল লগা কামত মনোনিৱেশ কৰি নিজকে সুস্থিৰ কৰিবলৈ যত্ন কৰিব৷
স্বার্থহীনভাৱে আনৰ কাৰণে কৰা কাম কিছুমানেও মনলৈ কি যে এক আনন্দৰ ভাব আনে৷ পৰৰ উপকাৰৰ বাবে ব্যয় কৰা এটি দিন আমি অতি সুন্দৰ আৰু সার্থক দিন বুলি ভাবিব নোৱাৰো জানো শান্তিৰ যি অনুভৱ আমি উপলব্ধি কৰোঁ, সেয়া আমাৰ মানসিক স্বাস্থ্য উত্তৰণৰ কাৰণে সঞ্চিত এক বহুমূলীয়া সম্পদ৷ কিন্তু জ্ঞানীজনে কৈ যোৱাৰ দৰে সোঁহাতেৰে দিয়া দান যাতে আমাৰ বাঁওহাতখনেও গম নাপায়, তাৰ বাবে সতর্ক হৈ প্রচাৰৰ তাগিদাত এনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে৷
আপুনি যিয়েই নকৰক কিয় দিনটোৰ ভিতৰত কিছু সময় নিজৰ বাবে আচুতিয়াকৈ ৰাখক, আৰু এইখিনি সময় ব্যৱহাৰ কৰক নিজৰ মানসিক উৎকর্ষ সাধিবলৈ, এই সময়খিনি আপুনি স্বার্থপৰভাৱে একান্ত নিজৰ কৰি লওক আৰু আপোনাৰ ভাল লগা যিকোনো কামতেই মনোনিৱেশ পাহৰি যাওক বাহিৰৰ জগতখনৰ কথা আৰু তাৰ পিছত এটি সতেজ মন লৈ পুনৰ সন্মুখীন হওক জীৱনৰ৷ দেখিব মানসিক অৱসাদ যেন বতাহতে বিলীন হৈ গল৷
কেতিয়াও পাহৰি নাযাব যে আপোনাৰ জীৱনটো আপোনাৰ বাবে শ্রেষ্ঠতম উপহাৰ৷ এই জীৱনৰ প্রতিটো পল উপভোগ কৰক আনন্দেৰে আৰু লগতে কৃতজ্ঞ হৈ ৰওক সেই অদৃশ্য শক্তিৰ ওচৰত, যি আপোনাৰ বাবে এই বহুমূলীয়া জীৱনটো তৈয়াৰ কৰিছে৷ হাহি–চকুলো, দুখ–সুখ, খং–বেজাৰ, কৃতকার্যতা বা বিফলতা আপোনাৰ পৰিয়াল, আত্মীয়–স্বজন, বন্বুূ–বান্ধৱী সকলোবোৰৰ সমাহাৰ এই জীৱনটোতেই আৰু সেই কাৰণেই এনে এক অমূল্য দানৰ বাবে কৃতজ্ঞ হওক৷ এই কৃতজ্ঞভাৱে আপোনাৰ মন পৰিতৃপ্ত কৰিব আৰু আপুনি অনুভৱ কৰিব এক স্নিগ্ধ পৰিপূর্ণতা৷
এনেবোৰ সৰু সৰু অথচ সচেতনভাৱে কৰা কিছু গুৰুত্বপূর্ণ প্রচেষ্টাই কলীয়া ডাৱৰখিনি আঁতৰাই আপোনাৰ মনোজগতখন ফৰকাল কৰি তুলিব৷ এক সমাহিত সমর্পণৰ অনুভৱ আৰু স্নিগ্ধ প্রশান্তিৰে আপোনাৰ মনটো ভৰি উঠাৰ লগে লগে আপুনি মানসিকভাৱে সুস্থ আৰু সবল হৈ উঠিব৷ যেতিয়াই আপুনি নিজৰ অন্তর্নিহিত শক্তিৰ উমান পাব, তেতিয়াই আপুনি আপোনাৰ অস্তিত্বৰ তাৎপর্য হূদয়ংগম কৰিব পাৰিব৷ আপুনি লাহে লাহে আধ্যাত্মিকতাৰ দিশে আগবািি যাব আৰু এই বিশ্বৰ প্রতিটো জীৱৰ সতে একাত্মবোধ কৰিব৷ এক সহমর্মিতাৰ শক্তিয়ে আপোনাক পৰিচালিত কৰিব আৰু আপুনি তেতিয়া যিকোনো পৰিস্থিতিতেই বিতত নহৈ নিজকে নিয়ন্ত্রণত ৰখাত কৃতকার্য হব৷ মানসিক শান্তি আৰু সুস্থতা তেতিয়া আপোনাৰ অভিন্ন সংগী হৈ ৰব৷