পৰীক্ষাৰ সময়ত হোৱা হতাশা

নিমি বৰগোহাঁই

  • মোৰ সন্তানটো পপাত ভাল ৷ কিন্তু পৰীক্ষাৰ সময়ত বহুত নার্ভাছ কৰে ৷ বহুত চেষ্টা কৰিও এহ নার্ভাছনেছ দূৰ কৰিব পৰা নাই ৷

বিদিশা বৰুৱা

তিনিচুকীয়া

  • পৰীক্ষাৰ সময়ত নার্ভাছ হোৱাটো স্বাভাৱিক লক্ষণ এজন ছাত্র বা ছাত্রীৰ৷ অনিয়মিত হেঁচা হৈ থাকে বাবে উৎকণ্ঠাটো বাঢ়ি যায়৷ যিহেতু সি এনেয়ো নার্ভাছ হয়, তাক আপুনি নিতৌ মনৰ উৎকণ্ঠা দূৰ কৰিবলৈ প্রাণায়াম থেৰাপী কৰিব পাৰে৷ ইয়াৰ যোগেদি মনৰ উৎকণ্ঠা নির্মূল হয় আৰু পপাত মনোযোগ অনাত সহায় কৰে ৷ বহুতৰে পৰীক্ষা ভয় যাক Examination Phobia বুলি কোৱা হয় ৷ এনেবোৰ অসুবিধাৰ পৰা মুক্তি পাবলৈ এজন মানসিক পৰামর্শদাতাৰ সহায় লোৱাটো উচিত ৷
  • মোৰ লৰাটোৰ পৰীক্ষা আগমুহূর্তত গা বেয়া হয় ৷ প্রতিবাৰে এই সমস্যাত ভোগে ৷ পেটৰ বিষ, বমি এইবোৰ তেনেই সাধাৰণ কথা ৷

ধীৰেন শর্মা

নাজিৰা

  • আপোনাৰ লৰাৰো পৰীক্ষাৰ ভয় হয়, যাৰ কাৰণে তাৰ পৰীক্ষাৰ আগমুহূর্তত পেটৰ বিষ, বমি ইত্যাদি হয় ৷ মনৰ উৎকণ্ঠাৰ কাৰণেই এনেকুৱা অসুবিধাবোৰ হয় ৷ তাকো আপুনি এজন অভিজ্ঞ পৰামর্শদাতাৰ ওচৰলৈ গৈ তাক কাউন্সেলিং কৰাওক, নিশ্চয় তাৰ ভয় আঁতৰিব ৷
  • মোৰ ছোৱালীজনী খুব মেধা যদিও পৰীক্ষাত ফলাফল ভাল নহয়৷ তাই নিজেও কয় যে মই ইমান পঢ়ো কিন্তু লিখিব ললে উত্তৰবোৰত তেনেই সাধাৰণ ভুল ৰৈ যায় ৷

প্রাঞ্জল শহকীয়া

তিতাবৰ

  • শইকীয়া আপোনাৰ ছোৱালীজনীৰ হয়তো স্মৃতিশক্তি দুর্বল ৷ যাৰ কাৰণে তাই বহুত পঢ়াৰ পিছতো পাহৰি যায় ৷ তাইৰ এটা বুদ্ধি পৰীক্ষা কৰালে নিশ্চয় বুজিবলৈ সহজ হব কথাটো ৷ বুদ্ধি পৰীক্ষাৰ দ্বাৰা বুদ্ধিৰ মাপ জুখিব পাৰি৷ আপুনি এগৰাকী মনস্তত্ত্ববিদৰ দ্বাৰা এই পৰীক্ষা কৰাব পাৰিব ৷
  • মই এগৰাকী চাকৰিয়াল মাতৃ ৷ কর্মব্যস্ততা বাবে যিমান পাৰোঁ নিজৰ সন্তানকেহটাক পঢ়া–শুনাখিনি চাওঁ ৷ কিন্তু যিমান যত্ন কৰিলেও ঘৰত খুব সুন্দৰকৈ লিখা–মেলা কৰে, কিন্তু মন কৰিছোঁ পৰীক্ষাত অৱতীর্ণ হোৱাৰ সময়তে সৰু সৰু ভুলৰ কাৰণে নম্বৰ কমকৈ লাভ কৰে ৷

বিনীত চলিহা

শিৱসাগৰ

  • হয়তো আপোনাৰ সন্তানৰ পৰীক্ষাৰ সময়ত মনোযোগৰ বিসংগতি হয় ৷ যাৰ বাবে সৰু সৰু ভুল কৰি আহে ৷ মনোযোগ বৰ দৰকাৰী বিশেষকৈ পঢ়া–শুনাত ৷ বহুতো লৰা–ছোৱালীয়ে মনোযোগৰ অভাৱত পৰীক্ষাত জনাখিনিও ভুল কৰি থৈ আহে ৷ আপুনি চাওক আপোনাৰ সন্তানৰ মনোযোগ কেনেকুৱা ৷ যদি মনোযোগত অসুবিধা হৈছে বুলি আপুনি ভাবে, তাৰ কাৰণে কিছুমান নিয়মশৈলী আছে, যিখিনি আপুনি এগৰাকী মানসিক পৰামর্শদাতাৰ পৰা শিকিব পাৰে অথবা আপোনাৰ সন্তানক শিকাব পাৰে ৷
  • পৰীক্ষা আৰম্ভ হোৱা লগে লগে মোৰ ছোৱালীজনী খুব ভয়, শংকাত ভোগে ৷ বহুত চিন্তাত ভোগে৷ খাবলৈ একো মন নকৰে ৷

 দেৱেন্দ্র নাথ

নগাঁও

  • নাথ, আপোনাৰ উত্তৰ মই আগতেই উল্লেখ কৰিছোঁ ৷ ছোৱালীজনী মনৰ উৎকণ্ঠাত ভুগিছে ৷ সেই কাৰণে তাইৰ পৰীক্ষাৰ সময়ত ভয়, শংকা ইত্যাদিত ভোগে ৷ পৰীক্ষাৰ আগত নহয়, যিহেতু আপুনি তাইৰ অসুবিধাৰ বিষয়ে অৱগত দেৰি নকৰি এগৰাকী মানসিক পৰামর্শদাতা অথবা চাইকলজিষ্টৰ ওচৰ চাপক৷ নিশ্চয় সুফল পাব৷ আৰু লগতে তাইৰ ভয়, শংকাৰ পৰা মুক্ত হব ৷ এই ভয় যদি বেছি হৈ থাকে আৰু নিজকে কণ্ড্রল কৰিব নোৱাৰে, তেতিয়া হয়তো তাইৰ দৰবৰ প্রয়োজন হব পাৰে ৷ গতিকে দেৰি নকৰি আপুনি পৰামর্শ লওক ৷
  • পৰীক্ষা আগমুহূর্তত এনজাইটি দূৰ কৰাৰ উদ্দেশ্যে মেডিটেচন, যোগ আদিৰ লগতে আৰু কি উপায়েৰে ভয়, শংকাৰ পৰা মুক্ত হব পাৰি ৷

দীপাংকৰ তামুলী

গোলাঘাট

  • পৰীক্ষাৰ আগত বুলিয়েই নহয়, সকলো সময়তে মেডিটেচন, যোগ কৰাটো অত্যন্ত প্রয়োজন ৷ তাৰ লগতে মাইণ্ডফুলনেছ মেডিটেচনে যথেষ্ট সহায় কৰে ৷ আমাৰ মনটোক ঠিক কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ লগতে যোগ, মেডিটেচন, সংগীতে যথেষ্ট সহায় কৰে ৷ আজিৰ যুগত মানুহ বহুতো মানসিক স্বাস্থ্যৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ মানসিক স্বাস্থ্য ঠিক কৰি ৰাখিলেহে শাৰীৰিক স্বাস্থ্য উন্নতি কৰিব পাৰি ৷ এষাৰ কথা আছে যতেই মানসিক স্বাস্থ্য তাতেই শাৰীৰিক স্বাস্থ্য৷ গতিকে সকলোৱে মানসিক স্বাস্থ্যৰ প্রতি গুৰুত্ব দি আগবাঢ়ি যোৱাটো মই উচিত বুলি ভাবোঁ ৷
  • এজন অভিভাৱক হিচাপে এটা প্রশ্ণ কৰিব বিচাৰিছোঁ ৷ মোৰ ছোৱালীজনী পঢ়াত মধ্যমীয়া৷ মই কাৰো লগত তুলনাও নকৰোঁ ৷ কিন্তু পৰীক্ষাৰ সময়ত নিজে বেছি চিন্তাত ব্রতী হৈ পৰোঁ ৷ এটা ইতিবাচক মন লৈ মই আগবাঢ়ো ভাবো আগলৈ পঢ়াত ভাল ৰিজালচ্ট কৰিব ৷ হলেও কিছু চিন্তাৰ অৱকাশ থাকে ৷

ধৰিত্রী কাশ্যপ

মৰিগাঁও

  • অভিভাৱক হিচাপে আপুনিও শংকা–ভয়ৰ পৰা মুক্ত ৰখাটো উচিত ৷ আপোনাৰ উৎকণ্ঠাই আপোনাৰ ছোৱালীজনীৰ মনত প্রভাৱ পেলাব পাৰে ৷ আপুনি উৎকণ্ঠাৰ পৰা দূৰত থাকিবলৈ প্রাণায়াম, যোগ, মাইণ্ডফুল সংগীত আদিত মনোযোগ দিয়ক ৷ যিহেতু আপুনি আপোনাৰ ছোৱালীৰ পপাৰ ক্ষমতাখিনিৰ বিষয়ে অৱগত, তাইৰ পৰা বেছি আশা নকৰি তাইক আপুনি উৎসাহ দি আগুৱাই লৈ যাওক ৷ মানুহৰ মনত চিন্তাৰ অৱকাশৰ অন্ত নাই ৷ সেই কাৰণে মনটো ভাল কৰি ৰাখিবলৈ মাইণ্ডফুলনেছ থেৰাপী কৰক ৷ অৱকাশৰ পৰা মুক্ত হব পাৰিব ৷
  • মোৰ লৰাটো অত্যন্ত চঞ্চল ৷ দ্বিতীয় শ্রেণীত পঢ়ে ৷ অলপ মন দিলেই সকলো পাৰে ৷  কিন্তু এই চঞ্চল স্বভাৱৰ কাৰণে পৰীক্ষাত আধা প্রশ্নৰ উত্তৰ লিখিলেই ওলাই আহে ৷ মানে একেবাৰে জিভাৰ আগত থকা উত্তৰকেহটাহ লিখি ওলাই আহে ৷  অলপ নোৱাৰাকেইটা চেষ্টাও নকৰে ৷ ঘৰত আহি সেই নোৱাৰা প্রশ্ন উত্তৰকেইটাও সঠিক উত্তৰ দিয়ে ৷ সুধিলে কয় মহ পাৰিম বুলি ভবা নাছিলোঁ ৷

 ৰীতা গোহাই

ধেমাজি

  • আপোনাৰ লৰাৰ মনোযোগৰ দুর্বলতা আছে ৷ মনোযোগ দিব নোৱাৰে বেছি সময় ৷ মনটো চঞ্চল হৈ থাকে ৷ এই বয়সত সাধাৰণতে এনেকুৱা অসুবিধা সর্বসাধাৰণ ৷ ইয়াক আচৰণৰ দোষ বুলি কোৱা হয় ৷ এই অসুবিধাটোকADMD (Attention Deficit Hyperactive Disorder) বুলি কোৱা হয় ৷ এই অসুবিধাটো থাকিলে লৰা–ছোৱালীয়ে বেছি সময় মনোযোগ দিব নোৱাৰে, বহি থাকিব নোৱাৰে, জঁপিয়াই, বগাই থাকে ৷ একেলেথাৰিয়ে এটা ঠাইত স্থিৰ হৈ থাকিব নোৱাৰে ৷ ইহঁতৰ মনোযোগ স্পেচ সীমিত হয় ৷ এই অসুবিধাটো দুই ধৰণে নির্মূল কৰিব পৰা যায় ৷ প্রথম, আচৰণ সংশোধন আৰু দ্বিতীয় ঔষধ ৷ আচৰণ সংশোধনৰ নিয়ম প্রণালী আছে ৷ সেইখিনি অভিভাৱকে শিকিব লাগে ৷ লগতে লৰা–ছোৱালীৰ ওপৰত প্রযোজ্য কৰিব লাগে ৷ এই প্রণালীখিনি এজন মনোবৈজ্ঞানিকৰ দ্বাৰা আহৰণ কৰিব পাৰি৷ আৰু যদি সংশোধনৰ দ্বাৰা আচৰণৰ উন্নতি নহয়, তেতিয়া ঔষধৰ প্রয়োজন হয় ৷ বহুতো ঔষধ দিবলৈ সংকোচবোধ কৰে ৷ কিন্তু ঔষধৰ গুণ অতুলনীয় ৷ সকলোকে ঔষধ দৰকাৰ নহয় ৷ যাক দৰকাৰ হয় তাকেহে দিয়া হয় আৰু এই ঔষধ এজন মানসিক চিকিৎসকেহে দিব পাৰে ৷ গতিকে আপুনি এবাৰ মনোবৈজ্ঞানিকৰ পৰা পৰামর্শ লওক৷ নিশ্চয় উপকৃত হব ৷

You might also like
Leave A Reply

Your email address will not be published.