কল্যাণী ডেকা
লাইব্রেৰী, পুথিভঁৰাল অথবা গ্রন্থাগাৰৰ গুৰুত্ব শিশুৰ পৰা বুুালৈ কৈ শেষ কৰিব নোৱাৰি ৷ যিজন লাইব্রেৰী গৈ পোৱা নাই, লাইব্রেৰীত গৈ কিতাপ এখনৰ পৃষ্ঠা লুটিয়াই পোৱা নাই অথবা লাইব্রেৰীত বহি কিতাপ এখন পঢ়ি পোৱা নাই তেওঁ হয়তো বুজি নাপাব লাইব্রেৰীৰ মাদকতা ৷ প্রতিবছৰে ১২ আগষ্টক নেচনেল লাইব্রেৰী ডে হিচাপে পালন কৰা হয় ৷ আজিকালি পথৰ কাষৰ খোলা লাইব্রেৰীয়ে বহুতৰে দৃষ্টি আকর্ষণ কৰিছে ৷ বিভিন্ন গাঁৱত কিছু সচেতন ব্যক্তিয়ে নিজৰ একক প্রচেষ্টাৰে একো একোটা লাইব্রেৰী স্থাপন কৰি এক সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছে ৷ এয়া মানৱ সভ্যতাৰ বাবে এক ইতিবাচক দিশ ৷ আজি এনে এগৰাকী মহিলাৰ বিষয়ে কবলৈ আগবাঢ়িছোঁ যিগৰাকীক ৱাকিং লাইব্রেৰিয়ান ৰূপে জনা যায় ৷
কে পি ৰাধামণি, বয়স ৬৫ বছৰ, কেৰালাৰ ৱায়ানাৰ জিলাৰ মোঠাক্কাৰা নামৰ পাহাৰীয়া গাঁওখনৰ বাসিন্দা ৷ গাঁওখনৰ মানুহৰ বাবে লাইব্রেৰীত গৈ কিতাপ পঢ়াটো এক প্রত্যাহ্বানস্বৰূপ ৷ পাহাৰীয়া গাঁওখনত প্রতিদিনেই প্রায় চাৰি কিলোমিটাৰ পথ খোজ কাঢ়ি কিতাপ বিলাই ফুৰা ৰাধামণিৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তোলাই নহয় তেওঁৰ বিষয়ে জানিবলৈ হয়তো আমাৰ দৰে বহুতৰে ইচ্ছা জাগে ৷ আহকচোন তেওঁৰ মনৰ মাজলৈ সোমাই যাওঁ কিছু আমোদজনক কথাৰ মাজেৰে ৷
কেৰালাৰ উক্ত পাহাৰীয়া গাঁওখনত ১৯৬১ চনত এটা লাইব্রেৰী স্থাপন কৰা হয় প্রতিভা পাব্লিক লাইব্রেৰী নামেৰে ৷ উক্ত লাইব্রেৰীটোত লাইব্রেৰিয়ান হিচাপে কর্মত যোগদান কৰে কে পি ৰাধামণিয়ে ২০১২ চনত ৷ কর্মত যোগদান কৰি তেওঁ দেখে যে গাঁওখনৰ মানুহৰ পপাৰ প্রতি দুর্বাৰ হেঁপাহ, কিন্তু অভাৱ আৰু কামৰ বাবে লাইব্রেৰীলৈ আহিব নোৱাৰে শিকিব খোজে, কিন্তু সময়ে আৰু আর্থিক অনাটনে অনুমতি নিদিয়ে ৷ তেনে পৰিপ্রেক্ষিতত আহকচোন জানো তেওঁ কেনেকৈ হৈ পৰিল ৱাকিং লাইব্রেৰিয়ান
কিতাপ জোৰ জোৰকৈ পপাটো কে পি ৰাধামণিৰ সৰু কালৰে অভ্যাস ৷ তেওঁ নিজৰ কিতাপৰ উপৰি বিভিন্ন কিতাপ, আলোচনী, আনকি বয়–বস্তু বান্ধি অনা বাতৰিকাকতৰ পৃষ্ঠাবোৰ লুটিয়াই লুটিয়াই জোৰ জোৰকৈ সকলোৱে শুনাকৈ মাতিছিল ৷ আনকি তেওঁ দেউতাকৰ বাবে তেওঁলোকৰ সম্বন্ধীয় লোকসকললৈ বিভিন্ন ধৰণে চিঠি–পত্রও লিখি দিছিল ৷ মুঠৰ ওপৰত শৈশৱৰ পৰাই তেওঁ কিতাপৰ প্রেমত পৰিছিল ৷ তেওঁ অনবৰতে বিভিন্ন বিষয়ৰ কিতাপৰ মাজত বুৰ গৈ থাকি ভাল পাইছিল ৷ আৰু কব নোৱাৰাকৈয়েই এদিন লাইব্রেৰিয়ান হিচাপে গৈ প্রতিভা পাব্লিক লাইব্রেৰীত যোগদান কৰিছিল ৷
তেওঁৰ নিজৰ মুখেৰে শুনো আহকচোন এই যাত্রাৰ বিষয়ে ২০১২ চনত যোগদান কৰাৰে পৰা লাইব্রেৰীৰ সদস্যসকললৈ মহ সপ্তাহৰ ছয় দিন কিতাপ দিবলৈ যাওঁ ৷ প্রতিদিনাই মই দুখন নতুন কিতাপ দি আহোঁ একোজন সদস্যক আৰু আঠ দিন পিছত গৈ লৈ আহোঁ ৷ এই হিচাপবোৰ লাইব্রেৰীৰ ৰেজিষ্টাৰত লিখি ৰাখোঁ ৷ মই লাইব্রেৰীৰ প্রশাসক মণ্ডলীয়ে ঠিক কৰি দিয়া দিহা–পৰামর্শ মতেই কাম কৰোঁ ৷ কোনো নিয়মৰ বাহিৰত মই একো কামেই নকৰোঁ ৷ গাঁওবাসীৰ পৰা পোৱা মৰমে মোক অধিক কর্মঠ কৰি তোলে ৷
আচলতে গাঁওখন সৰু সৰু জলপ্রপাত, বিভিন্ন কৃষি পাম, সেউজীয়া পাহাৰ, বিভিন্ন চৰাই, সৰু সৰু নদীৰে পৰিপূর্ণ ৷ গাঁওখনৰ মানুহে কৃষিকর্মৰ বাবে, দূৰত্বৰ বাবে আৰু আর্থিক অনাটনৰ বাবে লাইব্রেৰীলৈ গৈ কিতাপ আনি পঢ়াটো কঠিন হৈ পৰে ৷ গতিকে তেওঁলোকক সকাহ দিবলৈ মই কষ্ট কৰি গৈছোঁ ৷ পাহাৰীয়া পথত কিতাপৰ মোনাখন কঢ়িয়াই লৈ যাওঁতে নানানজনৰ লগত মত বিনিময় হয়, যিয়ে মোক সদায় সুখী কৰি ৰাখে ৷ মাত্র পঁচিশ টকাৰ বাবে ইচ্ছা কৰিও লাইব্রেৰীৰ সদস্য পদ লব নোৱাৰা বিষয়টোৱে মোক মর্মাহত কৰি তোলে ৷ সেয়েহে মই নিজৰ উপার্জনৰ পৰা আমাৰ লাইব্রেৰীৰ সদস্য পদ লবলৈ প্রয়োজনীয় পঁচিশ টকা দি বহুতকে সদস্য কৰি লৈছোঁ ৷
আমাৰ লাইব্রেৰীটোত প্রায় ১১০০০খন কিতাপ আছে ৷ সৰহসংখ্যকেহ ইংৰাজী, মালয়ালম, হিন্দী ভাষাৰ আৰু আমাৰ বর্তমান প্রায় ১০২জন সদস্য আছে, যত কিছুসংখ্যক জ্যেষ্ঠ নাগৰিকো আছে ৷ মই সদায় ২৫-৩০খন কিতাপ কাপোৰৰ মোনা এখনত লৈ যাওঁ যত বিভিন্ন সোৱাদৰ কিতাপ থাকে ৷ ৱায়ানাৰৰ ঠাণ্ডা পৰিৱেশে খোজ কাত মোক যথেষ্ট সহায় কৰিছে ৷ মোৰ গাঁওখনৰ মানুহখিনিয়ে এতিয়া কামৰ পৰা আহি কিতাপ পঢ়ে ৷ তেওঁলোক এতিয়া মোৰ বুকুৰ আপোন হৈ পৰিছে ৷ তেওঁলোকে নানান বিষয়ৰ কিতাপ পঢ়ি, নানান বিষয়ত পার্গত হৈ উঠিলে মোৰ মন সুখেৰে ভৰি পৰে ৷ কাম কৰাৰ শক্তি বাঢ়ি আহে ৷
২০১২ চনৰ পৰা আজিলৈকে মই প্রায় ৫০০-৫৫০খন কিতাপ প্রতিমাহতে কঢ়িয়াই লৈ ফুৰোঁ আৰু সদস্যসকলৰ ঘৰত দি আহো ৷ কিন্তু ২০২০ চনৰ লকডাউনৰ সময়ৰ পৰা মই ৩০০-৩৫০খন কিতাপহে দি থাকিব পাৰিছোঁ ৷ এই কঠিন সময়ত মই বিভিন্ন ট্ৰাইবেল শিশুকো কিতাপ দিছোঁ ৷ আৰু সিহঁতে মই পৰৱর্তী কোন সপ্তাহত কিতাপ লৈ যাম, ফোন কৰি সোধে ৷ যিয়ে মোক আৱেগিক কৰি তোলে ৷ এই সময়ত মোৰ লাইব্রেৰীৰ সদস্যসকলৰ লগত এক অবুজ বান্ধোনৰ সৃষ্টি হৈছে ৷ তেওঁলোকে বিভিন্ন কিতাপ পঢ়ি ৰিভিউ দিয়ে, মোক পঢ়িবলৈ কয় ৷ মই সেহবাৰ লিখি থৈ পৰৱর্তী সময়ত পঢ়িবলৈ চাওঁ ৷ যিয়ে মোৰ বৌদ্ধিক ক্ষেত্রত অসামান্য বৰঙনি আগবঢ়াই আহিছে ৷
মই মোৰ কামটোক লৈ বিৰাট সুখী ৷ লাইব্রেৰীৰ সদস্যসকলৰ বাবে মই বহুত চিন্তা কৰোঁ, সেই কাৰণে তেওঁলোকে মোক বহুত মৰম কৰে ৷ ২০১৪ চনৰ পিছত মই ট্যুৰিষ্ট গাইড ৰূপেও আত্মপ্রকাশ কৰিছোঁ ৷ বিভিন্ন ভ্রমণ সম্বন্ধীয় কিতাপ পঢ়ি সদস্যসকলৰ লগত মত বিনিময় কৰি মোৰ ইংৰাজী কোৱাৰ দক্ষতা বৃদ্ধি হৈছে ৷ গতিকে ট্ৰেভেল গাইড হিচাপে মোৰ এইক্ষেত্রত সহায়ক হৈছে ৷ বিভিন্ন দেশৰ পৰা অহা বিভিন্ন ট্যুৰিষ্টৰ লগত মত বিনিময় কৰি এক অনাবিল আনন্দ লাভ কৰোঁ ৷
শেষত এটা কথাই সকলোৰে বাবে কওঁ জীৱনত তুমি যিমানেই দিবা, সিমানেই সঞ্চয় কৰিবা বা গোটাবা ৷ এই কথাষাৰ মানি চলি মানৱতাৰ হকে কাম কৰি গলে জীৱন সার্থক হয় ৷
মবাইলৰ যুগত, ইণ্ঢাৰনেটৰ যুগত কে পি ৰাধামণি এক সুকীয়া সত্তা ৷ আহক আমি পাৰিলে নিজৰ ঘৰটোৰ এটা সৰু কোঠাতেই আৰম্ভ কৰোঁ লাইব্রেৰীৰ বুনিয়াদ, যি পিছৰ পর্যায়লৈ এক অনুষ্ঠান হৈ পৰিব পাৰে ৷ আমি নানান অমূল্য কিতাপ লাইব্রেৰীৰ যোগেৰে পঢ়িব পাৰোঁ যিটো আমি সুক্লীয়া, কলেজীয়া বা বিশ্ববিদ্যালয়ৰ দিনবোৰত এক অভ্যাস ৰূপে গঢ়ি তুলিছিলোঁ ৷ কে পি ৰাধামণি হৈ পৰক আমাৰ দৰে প্রতিগৰাকী শিকাৰু বা পপুৱৈৰ বাবে উজ্জ্বল নিদর্শন, যিগৰাকীয়ে এই ৬৫ বছৰ বয়সতো আনে জ্ঞান লব পৰাকৈ কষ্ট কৰি গৈছে ৷ তেওঁ কুশলে থাকক, সমাজ কিতাপৰ জ্যোতিৰে আলোকিত হঁওক ।
ফোনঃ ৬০০০৪-৫১৫৯০