পুষ্পাঞ্জলি শিৱমশর্মা
বনস্নান শব্দটো এক শাৰীৰিক আৰু মনোবৈজ্ঞানিক অভ্যাসৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয়, যাক প্রথমতে ১৯৮০ চনতে জাপানত প্রচলিত হৈছিল ৷ ই হৈছে এনে এক অভ্যাস যাক শিনৰিন–য়কু নামেৰেও জনা যায় ৷ ইয়াৰ প্রধান লক্ষ্য হৈছে প্রকৃতিৰ বস্তুবোৰৰ সৈতে আত্মিক একাত্মতা ৷ তাৰ বাবেহ হয়াৰ প্রচলন কৰা হৈছিল ৷ হতাশা মুক্তি আৰু দেশৰ লোকসকলক সেউজীয়া প্রদেশবোৰৰ লগত সংযুক্ত কৰি তেওঁলোকক মানসিক আৰু শাৰীৰিক সুৰক্ষাৰ প্রতি সচেতন কৰি তোলাই হৈছে ইয়াৰ অন্যতম লক্ষ্য ৷
শিৰোনামত লিখাৰ দৰে বনস্নান মানে বন বা হাবিত গৈ স্নান কৰাৰ দৰে কথাটো নহয় ৷ ই হৈছে প্রকৃতিৰ সেউজীয়াবোৰক আমাৰ ইন্দ্রিয়ৰ জৰিয়তে অনুভৱ কৰা আৰু তাক হূদয়ত ধাৰণ কৰা ৷ গৱেষণাৰ পৰা এইটো প্রমাণিত হৈছে যে মাটি, ঘাঁহ, বালি আদি যিকোনো বস্তুত চিধাই নিজৰ ভৰিৰে স্পর্শ কৰিব পাৰিলে পৃথিৱী আৰু ভৰিৰ পোনপটীয়া সংস্পর্শই পুৰণি যিকোনো বিষ, হতাশাৰ পৰা মুক্তি আৰু ভাল টোপনি অনাৰ দৰে কামবোৰত যথেষ্ট সহায় কৰে ৷ প্রতিখন ভৰিৰ তলুৱাত থকা দুই লাখ তন্ত্রিকাই পৃথিৱীৰ পৰা স্থানান্তৰিত ইলেট্ৰনক বহন কৰে ৷
খালী ভৰিৰে খোজকাঢ়িলে ব্যক্তিৰ তন্ত্রিকা তন্ত্র শান্ত থাকে আৰু ই নিয়ন্ত্রিত হৈ থাকিলে ব্যক্তিয়ে আত্মনিয়ন্ত্রণ আৰু আত্ম–উপচাৰ সক্ষমতা লাভ কৰে ৷ জুলিয়া পেলভিন ইয়াক ফলপ্রসূ কৰিবলৈ প্রথমতে আমি এনেকুৱা এটা প্রাকৃতিক পৰিৱেশ বিচাৰিব লাগিব, যত হাই–উৰুমি আৰু কোলাহলৰ পৰা আঁতৰত হোৱাটো ভাল ৷ মবাইল ফোন আৰু কেমেৰা লগত নিব নোৱাৰিব ৷ তাৰ পিছত কোনো লক্ষ্য নোহোৱাকৈ লাহে লাহে খোজ পেলাব ৷ আৰম্ভ কৰিব লাগে ৷ লগত কোনো সামগ্রী বা বয়–বস্তুৰ প্রয়োজন নাই ৷ কেৱল নিজৰ শৰীৰকে নিজৰ পথ প্রদর্শক হব দিব লাগে ৷ মনপূতি নিজৰ মন আৰু শৰীৰৰ কথা শুনক ভৰি দুখনে কলৈ লৈ গৈ আছে, তাক মনোযোগ দি আগবাঢ়ি গৈ থাকিব লাগে চাৰিওফালৰ প্রকৃতিৰ ৰূপ ৰস সুবাসৰ অনুভৱ কৰাৰ প্রয়াস কৰাব লাগে৷ আশে–পাশে থকা পার্ক নাইবা সমুদ্রৰ পাৰ আদি ঠাইবোৰ উত্তম এইক্ষেত্রত ৷ অর্থাৎ বর্তমানত সম্পূর্ণ ধ্যান কেন্দ্রীভূত কৰাৰ দৰকাৰ ৷
মাইণ্ডফুলনেছ হৈছে এনে এক গুণ যি প্রথমৰ পৰাইএজন ব্যক্তিৰ গাত নিহিত থাকে, ইয়াক নতুনকৈ গঢ়িব নালাগে, মাত্র শিকিব লাগে যে কিদৰে তাক প্রকাশ বা ব্যক্ত কৰিব লাগে ৷ মননশীলতা হৈছে জানি–বুজি আপোনাৰ মনোযোগ বা ধ্যান বর্তমানৰ প্রতি কেন্দ্রীভূত কৰোৱাৰ এক অভ্যাস ৷ ডাক্তৰ গেলার্ডে এই মাইণ্ডফুলনেছৰ প্রক্রিয়াটো কৰাৰ সম্পর্কত কৈছিল যে এটা শান্ত পৰিৱেশ বা স্থান বিচাৰি তাত নিজক নিজে কিছুসময় দিয়ক ৷ এটা কুচন বা এখন চকীত বহি নিজৰ হাত দুখন জংঘা বা কোলাত ৰাখক ৷ নিজৰ উশাহ–নিশাহক মন কৰক ৷ কাৰণ উশাহ বাহিৰ–ভিতৰ কৰি থাকে৷ যিদৰে সাধাৰণ উশাহ–নিশাহ লোৱা হয় সেহদৰেই লব ধৰক ৷
বনস্নানৰ ক্ষেত্রত কব পাৰি যে খালী ভৰিৰে বাহিৰলৈ খোজকাঢ়ি ওলাই আহক আৰু ধ্যান কেন্দ্রীভূত কৰক যে আপোনাৰ মনটো শান্ত হৈছে আৰু ক্রমান্বয়ে আপুনি আপোনাৰ নিজস্বতাক গভীৰতালৈ অনুভৱ কৰিব সক্ষম হৈছে ৷ ধৰণীত এটি এটি খোজ এনেকৈ পেলাওক যাতে প্রতিটো খোজ এটি প্রার্থনাহে ৷ এয়াই ইয়াৰ প্রকৃতস্বৰূপ ৷ এক হতাশামুক্ত জীৱন যাপনত ই যথেষ্ট সহায়ক হয় ৷ যদি আপোনাৰ মন উৰি ফুৰিব ধৰিছে বা কিবা শব্দৰ দ্বাৰা বিচলিত হৈছে, তাক লাহে লাহে এৰাই কেৱল নিজৰ শ্বাস–প্রশ্বাসত মনটোক কেন্দ্রীভূত কৰক ৷ বাৰে বাৰে এনেকৈ অভ্যাস কৰি যাব লাগে ৷ শেষত আপুনি আপোনাৰ বর্তমানক অনুভৱ কৰিব পৰাকৈ সমর্থ হৈ পৰিব ৷ গন্তব্যস্থানত উপস্থিত হোৱাৰ লগে লগে দীঘলকৈ টানি উশাহটো লৈ নিজকে নিজৰ প্রতি কেন্দ্রীভূত কৰিব লাগে ৷ এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে যে আচলতে ইন্দ্রিয়সমূহে কি গ্রহণ কৰি আছে ৷ লাগিলে সেয়া স্বচ্ছ জলধাৰাৰ পৰা নিঃসৰিত মৃদু মলয়াৰ সুবাস নাইবা পক্ষীৰ সুললিত কণ্ঠৰ পৰা নিগৰা মধুৰ সংগীত৷ অলপ সময় মাত্র কেৱল আশে–পাশে থকা পৰিৱেশটো চায়েই কটাই দিব লাগে ৷ লাহেকৈ বহি লৈ সূক্ষ্ম নিৰীক্ষণ কৰিব লাগে যে ভৰি দুখনে কিদৰে আলফুলকৈ বতাহৰ সোঁতত হালি–জালি লৰাইছে ৷ যদি বহিব মন নকৰে কেৱল খোজকাঢ়ি কাঢ়ি কোনো নির্দিষ্ট লক্ষ্য নির্ধাৰণ নকৰি শান্তভাৱে মাথোঁ গৈ থাকিব লাগে ৷ ইন্দ্রিয়সমূহক সজাগ কৰি যি গ্রহণ কৰিব খোজে তাক মুক্ত কৰি দিব লাগে ৷ মাত্র অনুভৱবোধেৰে আগুৱাই গৈ থাকিব লাগে ৷ এয়া অতিকৈ গুৰুত্বপূর্ণ ৷
বনস্নানৰ মুখ্য উদ্দেশ্যই হৈছে যে যিকোনো ব্যক্তিৰ অনুভৱবোধক জগাই তুলি তাৰ জৰিয়তে জীৱনবোধক ধাৰণ কৰা ৷ মানুহে নিজৰ ভৰি দুখনৰ দৰেই যত উশাহ–নিশাই লয়, যত পানীৰে নিজৰ পিয়াই নিবাৰণ কৰে আৰু যি খাদ্য গ্রহণ কৰে ক্ষুধা নিবাৰণৰ হেতু এই সকলোবোৰৰ জৰিয়তে পৃথিৱীৰ লগত এক এৰাব নোৱাৰা সুদৃ সম্পর্ক ৰক্ষা কৰে । সেইবাবেই আমেৰিকাৰ বিখ্যাত প্রকৃতিবিদ জন বৰজে যে কৈছিল, আমি আমাৰ হাঁওফাঁওৰ মাধ্যমৰে বায়ুত আৰু পেটৰ মাধ্যমৰে মাটিৰে জড়িত হৈ আছোঁ ৷ আমি চলন্ত বৃক্ষ আৰু সাঁতুৰি থকা গছ–গছনিৰ দৰে ৷ যেতিয়াই আমি ইয়াক পাহৰি যাওঁ তেতিয়াই আমি সংযোগ হেন আৰু নিৰাধাৰ হৈ পৰোঁ ৷ আমি পৃথিৱী আৰু ব্রহ্মাণ্ডৰ পৰা উর্জা অর্থাৎ শক্তিক লৈ আৰু আমাৰ শৰীৰৰ ভিতৰত নিহিত হৈ থকা উর্জাক মুক্ত কৰি সেহ সম্বন্ধক পুনৰ স্থাপিত কৰাৰ প্রয়োজনীয়তা আছে ৷ উর্জাই তেতিয়াই তাৰ সর্বোত্তম কার্য সম্পাদিত কৰে যেতিয়া সি প্রবাহৰ বাবে স্বতন্ত্র হয় ৷
বনস্নান প্রকৃততে এনে এক হিতকাৰী জাপানী অভ্যাস যি বিশ্রামৰ এক প্রক্রিয়াক দর্শায় ৷ জাপানত ইয়াক শিনৰীন য়কু নামেৰে জনা যায় ৷ গছ–গছনিৰ মাজত শান্ত আৰু শান্তি আহৰণ কৰাৰ ই এক সৰল বিধি আৰু গভীৰ উশাহ–নিশাহ গ্রহণৰ অভ্যাসেৰে চাৰিওফালৰ প্রকৃতিক অৱলোকন কৰি নিজ নিজ মনক চাপমুক্ত কৰাৰ প্রয়াসেই হৈছে বনস্নানৰ প্রকৃত অর্থ ৷ গৱেষণাৰ দ্বাৰা সময়ে সময়ে বিভিন্ন অৰণ্যত কৰা এনেকুৱা কিছুমান পৰীক্ষণৰ সহায়ত দেখা পোৱা গৈছে যে অৰণ্যৰ পৰিৱেশত কটোৱা সময়ত ব্যক্তিৰ নাডীৰ চাপ কমি যায়, ৰক্তচাপ নিয়ন্ত্রিত হয় আৰু পেৰাছিম্পেথিক তন্ত্রিকাৰ গতিবিধি বাঢ়ে ৷ যাৰ ফলত ব্যক্তিজনৰ শাৰীৰিক–মানসিক ইত্যাদি । বিভিন্ন দিশত লাভদায়ক প্রভাৱবোৰ বিকশিত হয় ৷ প্রকৃতিৰ কোলাত দৈনিক কেহটামান মুহূর্ত পাৰ কৰাৰ অভ্যাস কৰিব পাৰিলে ই যথেষ্ট শান্তি প্রদান কৰে আমাৰ মন–মগজুক ৷
বনস্নানৰ দ্বাৰা প্রকৃতিৰ মাজেৰে বাট বুলিলে বর্তমান সময় আৰু ক্ষণৰ বিষয়ে জাগৰণ আনিব পাৰি ৷ অতি ব্যস্ত কাম তথা ঘৰ–সংসাৰৰ বিভিন্ন সমস্যা আদিৰ পৰা ই সকাহ প্রদান কৰে ৷ সেহবাবে হেনৰী ডেভিদ থৰৱে কৈছিল, আপুনি বর্তমানত জীয়াই থাকিব লাগে, প্রতিটো লহৰত নিজক তুলি ধৰিব লাগে, প্রতিটো পলত নিজৰ অনন্ততাৰ সন্ধান কৰি যাব লাগে বর্তমানত জীয়াব লাগে ৷
বনস্নান মানে দীঘল পদযাত্রা বা যোগাসনৰ দৰে ব্যায়ামৰ স্বৰূপক নদর্শায়৷ এয়া হৈছে অৰণ্যত খোজকাঢ়ি যোৱাৰ অনুভৱত ডুবি থকাৰ সময়ত সচেতন হৈ ইন্দ্রিয়সমূহৰে আশে–পাশে থকা পৰিৱেশৰ পৰা আত্মপৰিচয়প্রাপ্ত কৰাৰ এক প্রক্রিয়া বিশেষ ৷ ব্যক্তিক ই চাপমুক্ত কৰাত সহায় কৰে, তদুপৰি এক চাপমুক্ত জীৱন যাপনৰ অভ্যাস কৰাত বনস্নানে এক শক্তিশালী ভূমিকা লব পাৰে সাম্প্রতিক সময়ত ৷ বনস্নানে বুজাই আমাক কিদৰে প্রকৃতিৰ মাজত নিজকে বিলীন কৰি দি প্রকৃতিৰ ৰূপ ৰস গোন্ধ ধবনি আৰু স্থানবোৰৰ সৈতে একাত্ম হব পাৰি ৷ এই বনস্নানৰ অভ্যাসে বনৰ পৰিৱেশৰ সৈতে একাত্ম হৈ সহানুভূতি তন্ত্রিকাক এক সুস্থিৰ গতি প্রদান কৰে ৷ যাৰ পৰা এইটো প্রমাণিত হৈছে যে পেৰাছিম্পেথিক নামৰ তন্ত্রিকাৰ গতিবিধিত বৃদ্ধি ঘটায় যিয়ে নেকি মানুহৰ হূদয়সম্বন্ধীয় কার্যবোৰত লাভদায়ক প্রভাৱ বিস্তাৰ কৰে৷ তদুপৰি যিসকল মধ্যম আয়ুসৰ ব্যক্তি আছে তেওঁলোকৰ হূদয় আৰু চাপৰ উচ্চমানক কমাই ৰখাত গুৰত্বপূর্ণ ভূমিকা পালন কৰে ৷
বনস্নান কেৱল যে প্রকৃতিপ্রেমীসকলৰ বাবে তেনেকুৱা নহয় ৷ ইয়াক সকলো ব্যক্তিয়েই অভ্যাস কৰিব পাৰে ৷ এই অভ্যাস যিকোনো প্রাকৃতিক পৰিৱেশত চলিবলৈ আৰু আশে–পাশে থকা বস্তুবোৰৰ লগত সংজ্ঞাত্মকভাৱে জডিত হোৱাৰ দৰেই সইজ ৷ এইক্ষেত্রত প্রশিক্ষকৰ তত্ত্বাৱধানত হকথেৰাপী ভ্রমণ কৰিলে এক ফলপ্রসূ উপকাৰ পাব পাৰি ৷
ফোন ঃ ৮৪৮৬৮-৯৪৯১৬
Comments are closed, but trackbacks and pingbacks are open.