আপোনাৰ মাজত আপোনাক বিচাৰি চাওক
ডাঃ কৰুণা হাজৰিকা
আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে আপুনি সুখী হয়নে নহয় যদি হয় তেনেহলে ভাবি চাইছেনে আপুনি সন্তুষ্ট হয়নে নহয় যদি নহয়, কিয় নহয় তাৰ উত্তৰ নিশ্চয় আপোনাৰ ওচৰত নাহ বা আপুনি ইয়াক অনুধাৱন কৰিব পৰা নাই বা তাক ফঁহিয়াই চাবলৈ আহৰি নাই বা প্রয়োজনবোধ কৰা নাই ৷ আপুনি এবাৰ ভাবি চাওক, আমি প্রত্যেকেই কিবা নহয় কিবা কাম কৰি জীৱন নির্বাহ কৰিবৰ বাবে হাবাথুৰি খাই থাকোঁ ৷ নে কিহবাৰ সন্ধানত আমি দিনে–নিশাই আজিৰ ক্ষেত্রত প্রযোজ্য নিজৰ টোপনি এৰি বা সময়ত নিজৰ খাদ্যাভাস সলনি কৰি দৌৰি থাকোঁ আমি সকলো কিহবাৰ পিছত দৌৰি আছোঁ , কিন্তু তাৰ সদুত্তৰ পাবলৈ নাই ৷ আজি আমাৰ লক্ষ্য কি আমি কোনেও নাজানো ৷ কিন্তু এইটো ঠিক যে আমি কিবা বিচাৰি আছে ৷ তাকে যদি আওপকীয়াকৈ ভাবি চাওঁ ই গৈ নিশ্চয় এনে এটা শব্দৰ ওচৰত ৰৈ যাব, তাক কোনেও নুই কৰিব নোৱাৰে ৷ সেই মেজিক শব্দটো হৈছে সুখ ৷ হয়, ই মাত্র এটা শব্দ, কিন্তু ইয়াৰ ভাব বা অর্থ বৰ জটিল৷ আজিৰ ধামখুমীয়া জীৱনশৈলীৰ মাজত ইয়াকে বিচাৰি ধনী–দুখীয়া সকলো মানুহেই হাবাথুৰি খাহ ফুৰে ৷ হয়তো বহুতেহ ইয়াক বিচাৰি পাইছে নতুবা পাইছে যদিও হয়াক অনুধাৱন কৰিব পৰা নাই আৰু সময়ৰ গতিত বিলীন হৈ গৈছে ৷
সুখৰ অর্থ হৈছে সুখী হৈ থকা এটা অৱস্থা ৷ আৰু যদি কিছু ভিতৰলৈ যাওঁ ইয়াৰ অর্থ এনে ধৰণে বর্ণনা কৰিব পাৰি, আনন্দ বা তৃপ্তি অনুভৱ কৰা বা প্রকাশ কৰাকেই সহজ অর্থত সুখ বুজায় ৷ এতিয়া ইয়াক যদি বিস্তাৰভাৱে চাবলৈ যাওঁ গম পাম যে সুখ এটা অৱস্থা ই কেতিয়াও চিৰস্থায়ী নহয় আৰু ই সম্পূর্ণভাৱে একান্ত ব্যক্তিগত, সঘনাই সলনি হব পৰা ক্ষণস্থায়ী আৰু ব্যক্তিত্ব বৈশিষ্ট্য মাত্র ৷ ইয়াক আমি আনন্দ বা পৰমানন্দৰ লগত বা তীব্র অনুভূতিৰ লগত মিলাই চালে নহব ৷ কিন্তু এইটোও ঠিক যে সুখ মানুহৰ বাহ্যিক বা অন্তর্নিহিত সত্যও নহয় ই দুয়োটাৰে সংমিশ্রণ মাত্র ৷ কিন্তু সুখৰ সংজ্ঞাৰ মাজত বিতর্ক নোহোৱা নহয় ৷ বিজ্ঞানীসকলৰো মতভেদ নোহোৱা নহয় ৷ সেয়ে এটা নির্দিষ্ট বৈজ্ঞানিক সংজ্ঞা আজিও দিবলৈ কোনো সক্ষম হোৱা নাহ ৷ সেয়ে এই ব্যৱস্থাৰ বিষয়ে কোনো কোনোৱে কৈছে সুখ হৈছে অতীতৰ আৱেগিক অভিজ্ঞতাৰ স্মৰণ বা অনুধাৱন কৰা, জীৱনৰ সামগ্রিক দিশৰ মূল্যায়ন কৰা আৰু ই জীৱনৰ সময়–সাপেক্ষে গোটোৱা আৱেগিক অনুভূতিৰ সমষ্টি ৷ সকলোৱে একমুখে স্বীকাৰ নকৰিলেও এহটোও ঠিক যে ভাল মানসিকতা লৈ, যোগাত্মকভাৱে আৱেগিক সন্তুষ্টি লোৱা বা সন্তুষ্টি লাভ কৰা আদিয়ে জীৱনৰ বা বর্তমান পৰিস্থিতিৰ লগত ৰজিত হোৱা অনুভৱেই হল সুখ বা সুখৰ ব্যৱস্থা ৷
সুখ বুলিলেই আনন্দ নহয় বা আনন্দ বুলিলেই সুখ নহয় ৷ যদিও সুখ এটা চিৰস্থায়ী ব্যৱস্থা নহয়, তথাপিতো ই আনন্দতকৈ এটা সুস্থ বাতাৱৰণ ৷ কিয়নো আনন্দ মুহূর্ততে আহে আৰু যায়, ই তেনেই ক্ষণস্থায়ী ৷ যদিও আনন্দই আমাক কিছু সময়ৰ বাবে সুখ দিব পাৰে আৰু সময়ত এই সুখেও আমাক আনন্দৰ ম্যাদ কিছু হলেও গভীৰ কৰি তুলিব পাৰে ৷ কেতিয়াবা আমাৰ এনে পৰিস্থিতি বা ঘটনা ঘটে যি আমাক ক্ষন্তেকৰ বাবে আনন্দ দিয়ে, কিন্তু সাময়িকভাৱে আমাক সুখ দিব নোৱাৰে ৷ যেনে ধৰক আমি আমাৰ বন্ধু মহলত কেতিয়াবা কোনো বন্ধুৰ মজাক উৰাবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা হয়েই গৈ এনে এটা ডাঙৰ অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সকলোৱে পিছত ইয়াক লৈ অনুশোচনা কৰিবলৈ বাধ্য হওঁ ৷ এই ব্যৱস্থাৰ দ্বাৰাই আমি আমাৰ মনত ক্ষন্তেকীয়া আনন্দ নিশ্চয় লাভ কৰোঁ, কিন্তু সামগ্রিকভাৱে কোনেও সুখ নাপাওঁ, বৰঞ্চ পিছত সকলোৱে নিজৰ দোষৰ বাবে অনুশোচনা কৰোঁ ৷ আকৌ এনে হয় কিছু গতানুগতিক কামৰ বাবে আমি সুখী হওঁ যদিও সেই কামৰ বাবে আমি কিন্তু আনন্দ নাপাবও পাৰোঁ ৷
এতিয়া আঁহো সন্তোষনো কি ইয়াৰ অর্থ হৈছে আপুনি আপোনাক লৈ যিকোনো পৰিস্থিতিতে সুখী হোৱাটো ৷ আপুনি নিজকে আনৰ লগত তুলনা নকৰি নিজৰ জীৱনৰ গতি নিজেই নির্ধাৰণ কৰা আৰু বর্তমানৰ পৰিস্থিতিৰ ওপৰত আস্থা নাৰাখি নতুন জীৱন ব্যৱস্থাৰ সন্ধান কৰা আদি পৰিত্যাগ কৰিব পৰাটোতেই আপুনি সন্তুষ্ট হব পাৰে ৷ নতুবা আপুনি আপোনাৰ বর্তমানৰ পৰিস্থিতিক আঁকোৱালি লওক আৰু আহিবলগা সকলো সুবিধাৰ আৰু আপোনাৰ অভিজ্ঞতাৰ সদ্ব্যৱহাৰ কৰক ৷ এই ব্যৱস্থাই আপোনাক যি পৰিস্থিতিৰ সূচনা কৰিব হয়েই নিশ্চয় আপোনাক আপোনাৰ কামৰ সন্তোষ দিব ৷ এই ব্যৱস্থাতো প্রত্যেকৰে নিজৰ অন্তৰাত্মাৰ অনুধাৱন মাত্র ৷ কেনেকৈ নিজৰ কামৰ দ্বাৰা নিজৰ উদ্দেশ্য সিদ্ধি হয়, তাক অনুসৰণ কৰা বা যিকোনো জটিল পৰিস্থিতিতেই কেনেকৈ নিজক চম্ভালি লৈ কামত আগবাঢ়ি যোৱা আৰু তাৰ মাজতে আনৰ সহায়ৰ বাবে কৃতজ্ঞতা বা মৰম, ভাল পোৱা প্রকাশ কৰা আদিয়েই আপোনাক সন্তুষ্ট হোৱাত সহায় কৰিব ৷ আপুনি আপোনাৰ সন্তুষ্টি, যিকোনো ভ্রমণৰ লগত তুলনা কৰিব পাৰে , যেনে ধৰক আপুনি কোনো এখন ঠাইলৈ ফুৰিবলৈ গৈছে আপুনি তাত হুৰমূৰ নকৰি যাব লাগে বাবেই গৈছে এনে ভাব নলৈ, আপোনাৰ যাত্রাৰ আমেজ লওক আৰু নতুন ঠাইৰ নতুন পৰিৱেশৰ আনন্দ লওক আৰু দেখিব আপোনাৰ মন সন্তোষেৰে ভৰি পৰিব ৷ ইয়াৰ আটাইতকৈ আশ্চর্যজনক কথাটো হল আপোনাৰ অন্তৰাত্মাই যি সন্তোষ পাব সেয়া প্রতিফলিত হৈছে মাত্র আপোনাৰ বাহ্যিক সংঘর্ষপূর্ণ জীৱনশৈলীৰে প্রভাৱ ৷ কিয়নো সন্তোষ মানুহৰ অন্তর্নিহিত সুখ আৰু তাক পাবৰ বাবে কৰা বিভিন্ন প্রকাৰৰ কর্মপন্থা ৷ কিন্তু প্রতিজন মানুহৰে সন্তুষ্টি বিভিন্ন হব পাৰে আৰু ইয়াৰ সীমা নির্ধাৰণ কৰাও সহজ নহয় ৷ আৰু ইয়াৰ পৰিসৰ ইমানেই বেছি বা অন্তহীন যে আজি যত সন্তুষ্টি লাভ কৰিব তাত অহাকাইলৈ সেই একেই সন্তুষ্টি নাপাবও পাৰে ৷ কিয়নো মানুহৰ মনটো নিৰৱচিছন্নভাৱে বিভিন্ন দিশে গতি কৰি থাকে আৰু প্রায় অস্থিৰ ৷ গতিকে আজিৰ সন্তুষ্টি বহু দিন টিকি নাথাকিবও পাৰে আৰু সদায়েই নতুনৰ বাবে মানুহ আগ্রহী হয় ৷ কিন্তু এইটোও ঠিক যে সন্তোষ খেদি ফুৰা বস্তুও নহয়, ইয়াক অনুধাৱন কৰা আৰু ইয়াৰ লগত সহাৱস্থান কৰিব পৰা মানসিক স্থিতিৰ সৃষ্টি কৰা আৰু হাতত থকা প্রতিটো বস্তু বা ব্যৱস্থাৰ আনন্দ লোৱা আৰু যিকোনো নোপোৱাৰ প্রতি বেছি আগ্রহী নোহোৱাকৈ থাকিব পৰাটোৱেই সন্তুষ্টি লভাৰ উপায় ৷
আমাৰ দৈনিক জীৱনত সুখী হৈ থাকিব পৰাটো অতিকৈ জৰুৰী, কিয়নো আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ যথেষ্ট প্রভাৱ আছে ৷ বিভিন্ন বৈজ্ঞানিক পৰীক্ষা আৰু সমীক্ষা আদিত প্রকাশিত বহু তথ্যৰ ওপৰত নির্ভৰ কৰি তলৰ কথাখিনি উল্লেখ কৰিলোঁ ৷
- সুখী জীৱনে মানুহৰ ৰোগ আৰু অক্ষমতা দূৰ কৰাত সহায় কৰে ৷ বহু ক্ষেত্রত প্রমাণ পোৱা গৈছে যে সুখী বয়সীয়া মানুহৰ ক্ষেত্রত ষ্ট্রকৰ মাত্রা কম হোৱা দেখা যায়, বিশেষকৈ মতা মানুহৰ ক্ষেত্রত৷ লগতে জটিল আৰু দীঘলীয়া বেমাৰৰ ক্ষেত্রত সুখী মানুহৰ বহুতো উপসর্গৰ উপশম হোৱা দেখা যায় ৷
- সুখী জীৱন যাপনৰ পৰা পাবলগীয়াৰ ক্ষেত্রত অতি উপযোগী হৈছে আমাৰ ৰোগ নিৰাময় কৰিব পৰা ব্যৱস্থাৰ উন্নত আৰু শক্তিশালী কৰা ৷ গতিকে সুখী মানুহৰ ক্ষেত্রত কম বেমাৰ–আজাৰ আদি হোৱা দেখা যায় ৷ কিয়নো তেওঁলোকৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি পায় ৷
- সুখী মনৰ মানুহৰ ষ্ট্রেছ বহু ক্ষেত্রত কম দেখা যায় ৷ ষ্টেছে মানুহৰ হৰমন ব্যৱস্থাত প্রভাৱ পেলায় আৰু ফলস্বৰূপে ব্লাড প্রেছাৰ বৃদ্ধি কৰে আৰু এইটো বিভিন্ন সময়ত প্রমাণিত হৈ আহিছে ৷
- সুখী মানুহৰ বহু সময়ত হার্টৰ অসুখ কম পৰিমাণে হোৱা দেখা গৈছে ৷
- প্রত্যেক মানুহেই বিষ আৰু ব্যথা অনুভৱ কৰে, কিন্তু সুখী মানুহে অন্যৰ তুলনাত কমকৈ অনুভৱ কৰে বুলি বৈজ্ঞানিক বিশ্লেষণ আদিত প্রকাশ পাইছে ৷ তেওঁলোকৰ পেশীৰ বিষ বা যন্ত্রণা, মূৰঘূৰণি বেমাৰ বা বুকু চমচমাই থকা বেমাৰ আদিও কম ৷
- যি মানুহ সুখী সাধাৰণতে তেওঁলোক দীর্ঘজীৱী হোৱা দেখা যায় ৷
- সুখী মানুহে আনকো সুখী ৰাখিব বিচাৰে৷ আৰু এহটোও ঠিক যে যি ভাল কৰে সি ভাল ভাবেও ৷
- আপুনি বাহিৰলৈ ওলাই গলে আনন্দ পাবই আৰু বিশেষকৈ লক্ষ্য কৰিব নদীৰ পাৰত বহিলে আপুনি সুখী হবই ৷
- আটাইতকৈ ডাঙৰ কথাটো হল সুখী মানুহৰ লগত থাকিলে আপুনি অলপ হলেও সুখী হবই, কিয়নো সুখক সোঁচৰা ৰোগৰ লগত তুলনা কৰা হৈছে ৷
আমি সুখী হৈ থাকিবলৈ হলে নিজে কিছু পন্থা বাছি লব লাগিব আৰু সেহমতেহ নিজক সদায়েই পৰিচালনা কৰিব লাগিব ৷ দৈনন্দিন কামৰ মাজতে আপুনি আপোনাৰ সময় উলিয়াই লৈ কিদৰে আপুনি সহজ হব পাৰিব, তাৰ ব্যৱস্থা আপুনিয়েই কৰিব লাগিব আৰু ইয়াৰ বাবে আনক দোষ দি থাকিলে আপুনি পৰিত্রাণ নাপায় ৷ যিটো কাম কৰি কষ্ট পাইছে বা আমনি পাইছে, তাক আপোনাৰ বাদে অন্যই ভালদৰে কৰিব নোৱাৰে বুলি ভাবি আনন্দ লবলৈ চেষ্টা কৰক ৷ ষ্টেছ অনুভৱ কৰিছে কোনো কথা নাই, ভালকৈ কুহুমীয়া পানীৰে গা ধোৱক, মনৰ পছন্দৰ গান শুনক আৰু লগে লগে গাবলৈ চেষ্টা কৰক ৷ মন ভাল লগা নাই নতুন কিবা বনাই খাওক মন পছন্দ অনুসৰি ৷ যদি কিবা কাৰণত কাৰোবাৰ লগত বাক–বিতণ্ডা হৈছে কৰবাত বহি চাহ/কফি একাপ বা আইচক্রীম খাওক আৰু মনটো পাতলোৱাৰ ব্যৱস্থা কৰক ৷ এই সকলোবোৰৰ মাজতে আছে সুখী জীৱনৰ আচল চাবিকাঠী ৷ এইটোও ঠিক যে সুখী জীৱনৰ বাবে আমি আমাৰ ইচ্ছা আৰু আসক্তিৰ মাজত এটা সমতা স্থাপন কৰিব লাগিব আৰু সেইমতেই আমাৰ কার্যপ্রণালী ঠিক কৰিব লাগিব ৷ আমি জীৱনত সুখী হবৰ বাবে নিজৰ লগতে আনৰো উপকাৰ কিদৰে সাধন কৰিব পাৰিম তাৰো চিন্তা–চর্চা কৰাৰ দৰকাৰ হব ৷ আৰু ইয়াক আমাৰ সামাজিক ব্যৱহাৰৰ দ্বাৰাই প্রতিষ্ঠাপন কৰিব লাগিব ৷ এই সকলো আমাৰ আৱেগিক বুদ্ধিমত্তাৰ ওপৰত নির্ভৰ কৰিব ৷ ই আকৌ সামাজিক বুদ্ধিমত্তাৰ লগত জড়িত ৷ এইটো হৈছে আমাৰ নিজৰ আৰু লগতে আনৰ আৱেগিক ভাবৰ সামঞ্জস্যতা ৰাখি বৈষম্যৰ পার্থক্য অনুধাৱন কৰি আনৰ চিন্তাৰ লগত নিজৰ ভাৱধাৰাৰ সমিলমিল ঘটাই কিদৰে কামত আগবাঢ়িব পৰা যায় আৰু তাৰ সুফল পাবৰ বাবে যতন কৰা কর্মপন্থা ৷ এই বিষয়ত নিজৰ সচেতনতা, নিজৰ প্রতিভা, প্রেৰণা, সহমর্মিতা আৰু সামাজিক দক্ষতা আদিৰ প্রচুৰ প্রয়োজন আছে ৷ এইবোৰ কিন্তু সাৱধানতাৰে নিজৰ কার্যপন্থাৰ লগত ৰোপণ কৰিব পৰা যায় আৰু ইয়াৰ সুব্যৱহাৰৰ দ্বাৰা অনাগত দিনত সকলো কামতে ফলপ্রসূ ৰূপ দেখা পোৱা যাব ৷ এই বিষয়ত যদি সকলোৱে কাণসাৰ দিওঁ আৰু আমি আমাৰ পৰিয়ালৰ সকলোৱেই মিলি আগবাঁঢ়ো, তেতিয়া পৰিয়ালৰ মাজত আমাৰ ব্যৱধান আৰু খামখেয়ালি নাইকিয়া হব আৰু আমিও নিয়াৰিকৈ আমাৰ কার্যপন্থাত কোনো বিঘিনি নোহোৱাকৈ চলি থাকিব পাৰিম ৷
গতিকে সুখী হৈ থাকিবলৈ হলে আমি আমাক সংশোধন কৰিব লাগিব ৷ আমি আনক কি ধৰণে লওঁ বা পক্ষপাতমূলক ভাবধাৰাৰ দ্বাৰা প্রভাৱিত নেকি আৰু আমাৰ কামৰ প্রতিফলন বিনীত হয় নে নহয়, আৰু আমি সকলো সময়তে আমাৰ সততাৰ ওপৰত প্রতিষ্ঠিত হয়নে নহয় বা আমি আমাৰ কামৰ দায়িত্ব নিজে লওঁনে নলওঁ আৰু সময়ত ক্ষমাপ্রার্থী হবলৈ কুণ্ঠাবোধ নকৰা আদি ৷ ইয়াৰ মাজতে আমি এইটোও চাব লাগিব যে আমাৰ কামৰ দ্বাৰাই আনৰ কি ক্ষতি হব পাৰে আৰু তাৰ বাবে আমি কিমান সাজু ৷ ঠিক তেনেদৰে আমি সন্তুষ্ট হবৰ বাবে সদায় আনক কৃতজ্ঞতা প্রকাশ কৰা অতিকৈ জৰুৰী আৰু ই প্রথম পদক্ষেপ ৷ নিজৰ কৃতকার্যতা আনৰ আগত প্রকাশ কৰা বা তাৰ ফল বিভিন্ন সময়ত আনৰ লগত সময়োচিত ভাগ–বাটোৱাৰা কৰা আদিয়ে মনত যোগাত্মক অনুভূতি ঘটায় আৰু জীৱনৰ সার্থকতা প্রকাশ পোৱাত সহায় কৰে ৷ পুৰণি যিকোনো অভাৱনীয় পৰিস্থিতি পৰিহাৰ কৰাই শ্রেয় আৰু বর্তমানৰ লগত জড়িত হৈ নিজৰ কর্মত মন দিলেই সকলো সময়তে সুফল পোৱাৰ সম্ভাৱনা থাকে আৰু যিকোনো কামৰে সন্তুষ্টি পোৱাৰ বাট মুকলি থাকে ৷ এই সকলো এজন আৱেগিক বুদ্ধিমত্তা থকা, আত্মসন্মান থকা আৰু সততাপূর্ণ ব্যক্তিৰ লক্ষণ আৰু যি নেকি নিজৰ কামৰ দ্বাৰাই নিজৰ সুখী জীৱন যাপন কৰিবলৈ সক্ষম হব ৷ সুখ আৰু সন্তুষ্টি আপোনাৰ আৰু মোৰ হাতৰ মুঠিতে, তাক মাত্র অনুধাৱন কৰা আৰু তৃপ্তি লোৱাৰ ব্যৱস্থা অনেক আৰু ভিন্ন, মানুহ ভেদে ৷ আহক আমি সকলোৱে মিলি এখন সুখী সমাজ গঢ়িবলৈ চেষ্টা কৰোঁহঁক আৰু নিজেও সুখী হৈ থাকোঁ ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.