মুনীন্দ্র বৈশ্য
ছোৱালীজনী ভূমিষ্ঠ হৈছিল ১৯৮০ চনৰ ২৩ ছেপ্টেম্বৰত আমেৰিকাৰ এটা নিঃসম্বল পৰিয়ালত ৷ তাইৰ মাক–দেউতাক দুয়ো আছিল ড্রাগ্ছ আসক্ত, যি পিছলৈ এইডছ ৰোগত আক্রান্ত হয় ৷ চকু মেলাৰে পৰা তাই এনে এটা পূতিগন্ধময় ঘৰুৱা পৰিৱেশত ডাঙৰ–দীঘল হৈছিল, যত উদয়াস্ত চলিছিল মাৰাত্মক ড্রাগ্ছৰ অবাধ ৰাজত্ব ৷ তদুপৰি অনাহাৰী দিন–ৰাতিবোৰ আছিল পৰিয়ালটোক দৰিদ্রতাই কেঁকোৰাচেপা দিয়াৰ সাক্ষী ৷ তাৰ পৰা পৰিত্রাণ পাবলৈ তাই ন বছৰ বয়সতে অত–তত কাম কৰিবলৈ বাধ্য হৈছিল ৷ ঘৰখনত খাদ্যবস্তুৰ ইমানেই অভাৱ হৈছিল যে মাজে মাজে তাই বৰফৰ টুকুৰা চোবাই খাইছিল, যাতে তাই অন্ততঃ কিবা এটা খাদ্যবস্তু খোৱাৰ অনুভৱ কৰিব পাৰে ৷
অভাৱগ্রস্থতাই পৰিয়ালটোক এনেকৈ আক্রমণ কৰিছিল যে এটা সময়ত তেওঁলোকৰ ভেটি–মাটিও উছন হল ৷ উপায়ান্তৰ হৈ তাইৰ মাক আৰু ভনীয়েক মোমায়েকৰ ঘৰত থাকিবলৈ গুচি গল, কিন্তু তাই থাকি গল ৰুগীয়া দেউতাকৰ কাষত ৷ এটা সামাজিক সংস্থাই দেউতাকক লৈ যোৱাৰ পিছত তায়ো মোমায়েকৰ ঘৰলৈ গুচি যায় ৷ পিছে তাতেই তাহৰ মাক মৃত্যুমুখত পৰে ৷ ইফালে দেউতাকো আছে আশ্রয় শিবিৰত ৷ ফলস্বৰূপে মাত্র পোন্ধৰ বছৰ বয়সতেহ ছোৱালীজনী হৈ পৰে গৃহহীন ৷
ছোৱালীজনীৰ আছিল পঢ়ি–শুনি জীৱনটো গঢ় দিয়াৰ অদম্য হেঁপাহ ৷ পিছে যত থাকিবলৈয়ে তাইৰ এটা ভেটি নাই, পেট ভৰাই এসাঁজ খাবলৈ সামর্থ্য নাই, তেনে এক অনির্বচনীয় দুর্দশাগ্রস্ত পৰিৱেশে সেই সুবিধা জানো দিব সেয়ে তাই ঘৰে ঘৰে বস্তু বিক্রী কৰাৰ কাম এটাত হাত দিলে ৷ তাই ভালদৰেই উপলব্ধি কৰিছিল এজনী মাউৰা গৃহহীন কিশোৰীৰ বাবে এই কামটো কিমান গুৰুত্বপূর্ণ ৷ গতিকে কামটোত তাই ইমান দক্ষতাৰে কৰিলে যে মাত্র দুটা মাহৰ ভিতৰতে তাই ৮০০০ ডলাৰ উপার্জন কৰিবলৈ সক্ষম হল ৷
এতিয়া যেন তাইৰ সপোন ফলিওৱাৰ সংকেতধবনি বাজি উঠিল ৷ সেয়ে আন লৰা–ছোৱালীৰ তুলনাত বহুত পলমকৈ হলেও তাই স্কুলত নাম ভর্তি কৰিলে ৷ ১৫৮জন শিক্ষার্থীৰ ভিতৰত সর্বোচ্চ ৯৫ শতাংশ নম্বৰ লাভ কৰি তাই স্কুলীয়া শিক্ষা সমাপ্ত কৰিলে ৷ এনে ঈর্ষণীয় সফলতাই তাইক সন্মানীয় হার্ভার্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ দুর্লভ সুযোগ হাতত তুলি দিলে ৷ ইফালে দ্য নিউৱর্ক টাইমছে দৰিদ্র শিক্ষার্থীসকলৰ বাবে প্রদান কৰা বৃত্তিও প্রদান কৰিলে ৷ আলোচনীখনে আনকি তাইৰ এই সংগ্রামী আৰু প্রেৰণাদায়ক কাহিনী ‘From homeless to Harvard’ শীর্ষক প্রচ্ছদ কাহিনী হিচাপেও প্রকাশ কৰিলে ৷
এনে এখন বহুল প্রচাৰিত আগশাৰীৰ আলোচনীত প্রকাশিত কাহিনীটোৱে তাইৰ জীৱনলৈ কটিয়াই আনিলে অভূতপূর্ব পৰিৱর্তনৰ জোৱাৰ ৷ কেউপিনৰ পৰা মানুহে তাইলৈ আগবঢ়ালে সাহায্যৰ হাত ৷ তাৰ পিছত তাই আৰু কোনোদিনে পিছলৈ ঘূৰি চাবলগীয়া নহল ৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তাই মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰি শৈশৱৰ সপোনত অন্তিম পৰশ ঢালিলে৷ আজি সেই সর্বহাৰা ছোৱালীজনী এলিজাবেথ মুৰে ওৰফে লিজা মুৰে নামেৰে সমগ্র বিশ্বত জনপ্রিয় ৷ বর্তমান তেওঁ আমেৰিকাৰ দ্য আর্থাৰ প্রজেক্ট নামৰ এটা যুৱ পৰামর্শদাতা সংগঠনৰ সহঃ প্রতিষ্ঠাপক আৰু কার্যবাহী সঞ্চালক ৷ তাতোকৈ তেওঁৰ ডাঙৰ চিনাকিটো হৈছে‘The Washington Speakers Bureau’ৰ এগৰাকী অনুপ্রেৰণামূলক বক্তা, যত টনি ব্লেয়াৰ, মিখাহল গর্বাচেভ আৰু দালাহ লামাৰ দৰে মহান মনীষীসকলো জড়িত ৷
কিন্তু গুৰুত্বপূর্ণ কথাটো হৈছে মুৰেৰ অনুপ্রেৰণামূলক বত্তৃণতাসমূহ যিমান প্রেৰণাদায়ক, তাতকৈ কেইবাগুণেই অধিক প্রেৰণাদায়ক খোদ তেওঁৰ জীৱন–কাহিনী ৷ যি কাহিনীয়ে বিশ্বৰ কোটি কোটি জনতাক দিছে জীয়াই থকাৰ অমল সাহস ৷ লক্ষজনৰ মন–মননেৰে বোৱাহ নিছে অফুৰন্ত প্রেৰণাৰ নির্মল নিজৰা ৷ সেইবাবেই তেওঁ লিখা‘ My Journey from Homeless to Harvard’ শীর্ষক গ্রন্থখন ২০১০ চনত প্রকাশ পোৱাৰ মাত্র এটা সপ্তাহৰ ভিতৰতেThe New York Times–ৰ বেষ্ট ছেলাৰ তালিকাত অন্তর্ভুক্ত হয়৷ তদুপৰি গ্রন্থখন ৮টা ভাষাত বাৰখন দেশত আন্তর্জাতিক বেষ্ট ছেলাৰ তালিকাতো অন্তর্ভুক্ত হয় ৷ গ্রন্থখনৰ সমালোচনাত আমেৰিকাৰKirkus Review আলোচনীয়ে এহদৰে লিখিছিল Admirable story of a teen who overcame homelessness through sheer grit and the kindness of friends
মুৰেই বহুতো সন্মান আৰু বঁটা লাভ কৰিবলৈ সক্ষম হয়, যাৰ ভিতৰত হোৱাইট হাউছ প্রকল্পৰ আদর্শ বঁটা, ২০০৪ চনত অপ্রা উহনফ্রেৰ প্রথম চুটজপা বঁটা, ২০০৮ চনত এপালেচিয়ান উহমেনফাণ্ডৰ ৱমেন অৱ ভিজন বঁটা আৰু ২০১১ চনত এলে বঁটা উল্লেখযোগ্য ৷ উইনফ্রেৰ চুটজপা বঁটা সেইসকল মহিলালৈ আগবেোৱা হয় যিসকলে অত্যন্ত সাহসিকতাৰ পৰিচয় প্রদর্শন কৰি প্রতিকূলতাৰ বিৰুদ্ধে গৈ মহানতা অর্জন কৰে ৷ ইয়াৰ উপৰি ২০১৩ চনৰ ১৯ মেত তেওঁক ৰাজহুৱা সেৱাৰ সন্মানীয় ডক্টৰেট উপাধি প্রদান কৰা হয় ৷
আগতেই উল্লেখ কৰা হৈছে যে নিউৱর্ক টাহমছত তেওঁৰ এই প্রেৰণাদায়ক কাহিনীটো প্রকাশ পোৱাৰ পিছতে মুৰেলৈ সহস্রজনে উদাৰতাৰে মেলি দিছিল সহায়ৰ হাত ৷ কোনোবাই টকা–পহচা, কোনোবাই কাপোৰ–কানি, কোনোবাই থকাৰ ব্যৱস্থা কৰি দিছিল ৷ কোনোবাই দিছিল অধ্যয়নৰ সুবিধা কৰি, কোনোবাই খোৱা–লোৱাৰ আৰু আন কোনোবাই দিছিল বেমাৰ–আজাৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি ৷ মুঠতে সকলোৱে নিজা নিজা ধৰণে তেওঁলৈ আগববাহছিল নিঃস্বার্থ সহায়ৰ হাত ৷ আটাহৰে প্রতি তেওঁ সানুনয় কৃতজ্ঞতা প্রকাশ কৰিছিল ৷
কিন্তু তেওঁৰ জীৱনত গভীৰ ৰেখাপাত কৰিছিল এগৰাকী সাধাৰণ মহিলাই, যিগৰাকী মহিলাই তেওঁক এটা ডাঙৰ শিক্ষা দিয়া বুলি মুৰেহ স্বীকাৰ কৰিছে ৷ মহিলাগৰাকীয়ে সহায়ৰ হাত আগবঢ়াই দিছিল বহু পলমকৈ ৷ এদিন মহিলাগৰাকী আহি মুৰেক লগ কৰিলে ৷ প্রথমে তেওঁ মুৰেক ক্ষমা খুজিলে আৰু তাৰ পিছত কলে নিউৱর্ক টাহমছত আপোনাৰ বিষয়ে প্রকাশিত কাহিনীটো পঢ়িছোঁ ৷ লেখাটো মোৰ ঘৰৰ বেৰত লগাই থৈছোঁ ৷ লেখাটোলৈ চাহ চাহ মই সদায় নিজকে কৈ থাকোঁ আপোনাক ময়ো সহায় কৰা উচিত ৷ কিন্তু ভাবোঁ কেনেকৈ কাৰণ মোৰ না টকা–পইচা আছে, না সদায় কিবা কামত সহায় কৰি দিবলৈ সময় আছে৷ কাৰণ মই পেটে–ভাতে খাই থকা এগৰাকী সাধাৰণ মহিলা ৷ কিদৰে আপোনালৈ সহায়ৰ হাত দুখন মেলি দিব পাৰোঁ তাকে ভাবি থাকোঁতে বহুদিন পাৰ হল ৷ এনেতে এদিন ব্রহ্মপুৱাতে কাপোৰ ধুই থাকোঁতে মোৰ মনলৈ আহিল মহ দেখোন আপোনাক কাপোৰ–কানি ধুয়ে সহায় কৰি দিব পাৰোঁ ৷ সেয়ে মই ঠিক কৰিলোঁ, আপোনাৰ কাপোৰ–কানিখিনি সপ্তাহত এদিনকৈ মই ধুই দিম ৷ এইদৰে সহায়ৰ হাত দুখন উদাৰতাৰে মেলি তেওঁ কলে,”I can’t do much, but I can do that.”
কি গভীৰ চিন্তা অকল মুৰেকে নহয় মহিলাগৰাকীৰ এই চিন্তাই মানৱ সমাজলৈয়ে এটা অর্থপূর্ণ বতৰা প্রেৰণ কৰিছে মানুহৰ সৰু–বৰ, শিক্ষিত–শিক্ষিত, ধনী–দুখীয়া বুলি কথা নাহ, আমি প্রত্যেকেই প্রত্যেকক বহুতো সৰু সৰু উপায়েৰে সহায় কৰিব পাৰোঁ, ঠিক মহিলাগৰাকীয়ে কোৱাৰ দৰে I can’t do much, but I can do that যদি আমি প্রত্যেকেই তেনে এটা চিন্তাৰ কর্ষণ কৰিব পাৰোঁ, তেতিয়া দেখোন এই পৃথিৱী নামৰ গ্রহটো সুখ–শান্তিৰ এটা অমল উৎস হৈ পৰিব ৷
সেহবাবেই যেতিয়াই আমি কাৰোবাক সহায় কৰাৰ সুযোগ পাওঁ, আমি সাধ্য অনুযায়ী সহায়ৰ হাত দুখন উদাৰচিত্তে আগববাহ দিয়া উচিত ৷ কাৰণ মানুহৰ সুখ–শান্তি নিহিত থাকে দিয়াতহে, লোৱাত নহয় ৷ প্রখ্যাত কানাডিয়ান খেলুৱৈ পিটাৰ বুর্ৱাছে ঠিকেই কৈছিল” People who are the happiest in the world are those who are doing things for other.” কিন্তু আমি মনত ৰখা উচিত যে মানুহক তেতিয়াহে সহায় কৰিব লাগে যেতিয়া সহায়ৰ প্রয়োজন হয় ৷ মানুহজনে নিজে সকলো কৰিব পৰা অৱস্থাত তেওঁলৈ সহায় কৰিব যোৱা উচিত নহয় ৷ কিয়নো এনে কার্যই তেওঁক উপকাৰ নকৰে, অপকাৰহে কৰিব ঠিক হিতাধিকাৰীৰ দৰে ৷
আমি মানুহক সেইবোৰ ক্ষেত্রত সহায় কৰিব লাগে যিবোৰ তেওঁলোকে নিজে কৰিব নোৱাৰে ৷ অনুপ্রেৰণা, উৎসাহ–উদ্দীপনা, সাহস, আশা, বিশ্বাস আদি হৈছে এনে কিছুমান বস্তু যিবোৰ আমি প্রতিদিনে প্রতিমুহূর্ততে আনক দিব পাৰোঁ উদাৰচিত্তে ৷ আৰু কাৰোবাৰ বাবে এইবোৰেই হৈ পৰে এটা শকত ধনৰ টোপোলাতকৈও বহুত বেছি মূল্যৱান ৷ এনে নিঃস্বার্থ কার্যই মানুহক মহানৰ শাৰীলৈ উন্নীত কৰে ৷ সেইবাবেইতো মহাত্মা গান্ধীয়ে কৈছিল “The best way to find yourself is to lose yourself in the service of others..”
ফোনঃ ৯৮৬৪৬-৭০৮৬৭