দর্শনা বৰুৱা
কেইজনমান দুৰন্ত তৰুণ ৷ চখতে চলাবলৈ নিয়া গাডীখনৰ টেংকি খালী ৷ ইন্ধন নোহোৱাকৈ যে গাড়ী চলাব নোৱাৰি, সেই কথাটো সকলোৱেই বুজি উঠিছে ৷ গাড়ীখন মিলিজুলি ঠেলি–মেলি আধাদূৰ আহিল বাৰু ৷ তাৰ পিছত
পেট্ৰল ডিপোত কর্মচাৰী এজনে তেওঁৰ ফালৰ পৰা দান ! দিয়া টকা দুটা মিলাই গাড়ীখনতে খুঁচৰি–মুচৰি পোৱা পইচাৰে মুঠ বিশ টকাৰ তেল ভৰাই বিন্দাছ হৈ থকা যুৱককেইজন ৷
ইফালে দ্বিতীয় হাত গাড়ী এখন কিনি সুখে–সন্তোষে আনন্দৰে জীয়াই থকা ভাৰাঘৰৰ মালিকজন ৷ দ্বিতীয় হাত গাড়ী মাে ! বুজাসকলে তৎক্ষণাৎ বুজি উঠে ৷ মানে গাড়ীখন ছেকেণ্ডহেণ্ড ৷
চিনেমাখনৰ আঢ্যৱন্ত দায়িত্বশীল পিতৃৰ কর্মোদ্যমী ছোৱালীজনী, তাইৰ প্রেমাস্পদৰ প্রতি থকা মৰম, আনহাতে টকা–সম্পত্তি আৰু ষ্টেটাছকে জীৱনৰ সুখ আৰু সর্বস্ব বুলি ভাবি থকা কেইজনমানে শেষত নিজৰ ভুল বুজি পোৱা, ঘোচ নিদিলে এতিয়াও কিছুক্ষেত্রত চৰকাৰী চাকৰি নোপোৱা কিছুমান অপ্রিয় বাস্তৱ সত্যৰ বাবে টকাৰ যোগাৰ কৰিবলৈ নিজৰ কিড্নী বেচি টকা উপার্জন কৰিবলৈকো কুণ্ঠাবোধ নকৰা উচ্চশিক্ষিত এজন যুৱকৰ ভায়েকৰ প্রতি থকা অপাৰ মৰম আদিৰ হাস্যৰস পৰিপূর্ণ উপস্থাপনৰে ১৩ মেত ছবিগৃহত মুক্তি লাভ কৰিলে নতুন অসমীয়া চিনেমা লোকেল উৎপাত ৷
প্রথমটি দৃশ্যৰ পৰাই দর্শকে হাঁহি ৰখাব নোৱাৰা চিনেমাখনৰ কাহিনীটোত আছে কিছু নতুনত্ব ৷ কেনী দৈমাৰী বসুমতাৰীৰ চিনেমাত সাধাৰণতে লোকেল শব্দটো থাকেই ৷ এই লোকেল উৎপাতো কেনী বসুমতাৰীৰে চিনেমা ৷ জনামতে কেনী বসুমতাৰীৰ আগৰ চিনেমাকেইখনৰো বাজেট বেছি নাছিল যদিও দর্শকে আদৰি লৈছিল ৷
লোকেল উৎপাতৰ টীমটোৰ অভিনয় আৰু অন্যান্য ট্ৰিটমেণ্ঢৰ বাবে দর্শকে ছবিখন উপভোগ কৰি বিৰক্তি নাপায় ৷ ক্রাউডফাণ্ডিং কৰি সীমিত বাজেটত চিনেমা নির্মাণ কৰিব পৰাটো সহজ কথা নহয় ৷
কোনো বিশেষ ষ্টাৰকাষ্ট নোহোৱাকৈ কিন্তু কষ্ট কৰিব পৰা অভিনয় শিল্পীৰ দ্বাৰা স্বাভাৱিক অভিনয় কৰোৱাবলৈ পৰিচালকৰ যি দক্ষতা লাগে, সেয়া লোকেল উৎপাতৰ পৰিচালকৰ ক্ষেত্রত দেখা গল ৷ এইখন হৈছে লোকেল কুংফু আৰু হেভী বাজেট দলৰ বেনাৰত নির্মাণ কৰা চতুর্থখন পূর্ণদৈর্ঘ্যৰ চিনেমা ৷
বিভাষ সিন্হা, কেনী বসুমতাৰী, পুনম গুৰুং, বিভূতি ভূষণ হাজৰিকা, শর্মিষ্ঠা চক্রৱর্তী, টনী দেউৰী বসুমতাৰী, হিমাংশু গগৈ, কৌশিক নাথ, বনী দেউৰী, জনী দেউৰী, মন্টু দেউৰী, মৃগেন্দ্র কোঁৱৰ, যথার্থ অগ্ণিহোত্রী আদিৰ লগতে আন কেহবাজনেও অভিনয় কৰা লোকেল উৎপাত এখন প্রকৃততেহ হাস্যমধুৰ চিনেমা ৷ শিল্পীসকলৰ অভিনয়ো সুন্দৰ ৷ জঠৰতা চকুত নপৰিল ৷
উল্লেখ্য যে চিনেমাখন নির্মাণৰ সহায়ক হোৱাকৈ ১২৭০গৰাকীৰো অধিক লোকে আর্থিক অৰিহণা–বৰঙনি আগবঢ়াইছিল ৷ বলীউডৰ একচন তাৰকা বিদ্যুৎ জামেলেও লোকেল উৎপাত নির্মাণত যথেষ্ট সহায় কৰিছিল বুলি পৰিচালকে আমাক জানিবলৈ দিলে ৷
আশা কৰা ধৰণৰেহ লোকেল উৎপাতত মার্চিয়েল আর্টছৰ প্রচুৰ সমাহাৰ আছে ৷ প্রায় প্রতিটো চৰিত্রই সমৰকলাত নিপুণ ৷
এটা ছিৰিয়াছ প্রেম কাহিনীৰ মাজতো কমেডীৰ সমাহাৰ, কিছুমান বাস্তৱ সত্যৰ মুখামুখি হওঁতেও দর্শকৰ ওঁঠত হাঁহি এটি বাগৰি যায় ৷ সত্য কথাবোৰতো যে হাস্যৰসৰ প্রলেপ সানি উপস্থাপন কৰিব পাৰি, সেয়া লোকেল উৎপাত চাই অনুভৱ হল ৷
সংলাপ আকর্ষণীয় ৷ বিশেষকৈ চৰিত্রকেহটামানৰ মুখত অসমীয়া টনত কোৱা হিন্দী আৰু ইংলিছ সংলাপে দর্শকৰ মাজত হাঁহিৰ জোৱাৰ তোলে ৷
আধুনিক পৰিৱেশৰ লগত খাপ খোৱা মানসিকতাৰে পুষ্ট চৰিত্রসমূহৰ মাজত আৰু এটা কথা ভাল লাগিল যে লিংগবৈষম্যৰ স্থান নাই তেওঁলোকৰ মাজত ৷ লৰা বন্ধুকেইজনৰ লগত খুবেই কমফর্টেব্লি মায়া নামৰ ছোৱালীজনীয়ে সময় কটাইছে ৷ চিনেমাখনত প্রেম, মৰম–ভালপোৱা আদি সকলোখিনি থাকিলেও কোনোধৰণৰ শ্বফ্ নাহ ৷ সকলো সম্পর্কই শালীন ৷ আমাৰ জীৱনৰ সকলো ক্ষেত্রত থকাৰ দৰে চিনেমাখনতো দুটা বা তিনিটা প্রতিপক্ষক দেখুওৱা হৈছে যদিও তেওঁলোকৰ কাম– কাজে দর্শকক দিছে বিমল হাস্যৰসৰ সোৱাদ ৷ চিনেমাখনত এনে কিছু অভাৱনীয় পৰিৱেশ–পৰিস্থিতিৰ দৃশ্য সংযোজন কৰা হৈছে যে সেয়া চালে দর্শকৰ হাঁহি নুঠাকৈ নাথাকে ৷ উদাহৰণস্বৰূপে বৰজেজাৱায়েকে শহুৰেকক উপহাৰ দিয়া আইফোনটোক পানীৰ পৰা তুলি আনি চাউলৰ মাজত সুমুৱাই থৈ দিয়াৰ পাছৰখিনি
সদায়েই ভালদৰে বস্তু নোধোৱাকৈ ৰন্ধা কাম কৰা বাইগৰাকীয়ে কি কৰিলে বাৰু ৷
ভায়েকৰ হবলগীয়া শহুৰেকক ইম্প্রেছ কৰিবলৈ গৈ ককায়েকে পৰিৱেশন কৰা ভাতৰ কাঁহীত উদ্ধাৰ হল সিজোৱা আইফোনটো ৷ দর্শকে নাহাঁহি পাৰেনে
ওফাহদাং বা ওস্তাদি মাৰি ফুৰা লোকৰ যি পৰিণাম হয়, সেয়া সকলোৱেই জানে ৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব জানিলে, শিকিলে যে বিপদৰ পৰা হাত সাৰিব পাৰি, সেয়াও চিনেমাখনৰ কাহিনীত আছে ৷ বর্তমান সময়ত নিজকে যিকোনো বিপদৰ পৰা বচাবলৈ সকলোকে জৰুৰী সমৰকলাৰ শিক্ষা ৷ লোকেল উৎপাতৰ নায়িকাগৰাকী এইক্ষেত্রত যথেষ্ট পটু ৷ এগৰাকী দক্ষ সমৰকলাৰ প্রশিক্ষক তৰুণীগৰাকীৰ প্রেমিকৰ প্রতি থকা মৰমৰ খাতিৰতে পিতাকৰ পৰাও পইচা চুৰ কৰি নিজে অনুশোচনাত দগ্ধও হৈছে নিজে কৰা ভুলৰ কাৰণে ৷ তথাপি চৰকাৰী চাকৰিটো নহল বুলিয়েই তাই প্রেমাস্পদক এৰি যোৱা নাই ৷ ইজনে সিজনৰ সাহস হৈ পৰিস্থিতিৰ মোকাবিলা কৰিছে ৷ আচলতে চিনেমাখনত নায়ক বুলি কব পৰা পক্ষটোৰ চৰিত্রসমূহৰ মাজত দলীয় বান্ধোন আৰু একতাক সুন্দৰভাৱে তুলি ধৰা হৈছে ৷ হাঁহিৰ মাজেৰেও চিনেমাখনে কিন্তু দিছে কিছু গভীৰ চিন্তাৰ খোৰাক ৷ সামান্য দুই–এক খুঁটিনাটিৰ বাদে চিনেমাখন আমাৰ দৃষ্টিত উপভোগ্য হৈছে ৷ এইখিনিতে এটা কথা উল্লেখনীয় যে সকলো চিনেমাই সকলোৰে বাবে নহয় ৷ গতিকে ভিন্নৰুচিৰ দর্শক–ৰাহজে চিনেমাখনক কিদৰে গ্রহণ কৰে, সেয়া অন্য এক বিষয় ৷
স্বাভাৱিক পৰিৱেশত নেচাৰেল এক্টিং, তেনেই সামান্য ৰূপসজ্জা, অতিনাটকীয়তা পৰিহাৰ আদিৰ বাবে দর্শকে চিনেমাখন চাই ভাল পোৱাৰ থল আছে ৷
এহ লেখা যুগুত কৰাৰ সময়ত চিনেমাহললৈ দর্শক টানিছে লোকেল উৎপাতে৷ হাস্যৰস আস্বাদন কৰিব পৰা দর্শকেও আদৰি লৈছে লোকেল উৎপাতক ৷
চিনেমাখনত কৰা হৈছে সমৰকলাৰ বহুল ব্যৱহাৰ ৷ একচন মুভী নহলেও কিন্তু এনে একচনে দর্শকক মনোৰঞ্জন দিবলৈ সক্ষম ৷
ছবিখনৰ চিনেমাটোগ্রাফী সুৰজ ডেকাৰ ৷ চিনেমাখনৰ শীর্ষগীতটি লিখিছে আৰু গাইছে ৰেপ গায়ক কুল–ডিয়ে ৷ ছবিখনৰ সম্পাদনা আৰু কাহিনী কেনী বসুমতাৰীৰ ৷
লোকেল উৎপাতক দর্শকে আদৰি ললে ভৱিষ্যতে কেনী বসুমতাৰীয়ে লোকেল কুংফু–৩ নির্মাণৰ কাম আৰম্ভ কৰিব বুলিও জানিবলৈ দিছে ৷ ছবিখনৰ সন্দর্ভত আমাৰ সৈতে কৰা বার্তালাপত প্রতিভাৱান পৰিচালক তথা অভিনেতাগৰাকীয়ে টীমৰ সকলোৰে প্রতি কৃতজ্ঞতাও প্রকাশ কৰে ৷
আমিও আশাবাদী লোকেল উৎপাত দর্শকে চাওক আৰু মনোৰঞ্জনৰ সোৱাদ লওক ৷
ফোনঃ ৭০৮৬৫-২১৩০৭