পংকজ কুমাৰ নেওগ
মেহমানোকো খুশ কৰ জায়ে খাৰ্–ৰাম্, খুৰ্–ৰাম্,
মজেদাৰ ইজ্জতদাৰ, স্বাদ স্বাদ মে লিজ্জত পাপৰ,
সেক কে খায়ে, তল কে খায়েখুৰ্–ৰাম্, খাৰ্–ৰাম্!!
যি সময়ত মধ্যবিত্ত ভাৰতীয় পৰিয়ালত টেলিভিছন ছেটসমূহৰ প্রৱেশ ঘটিছিল পাপৰৰ বাবে দিয়া মাত্র ৩০ ছেকেণ্ডৰ উপৰিউক্ত বিজ্ঞাপনটি ৯০ৰ দশকৰ আটাইতকৈ আকর্ষণীয় পদ্যবোৰৰ Jingle এটা বুলি বিবেচিত হৈছিল ৷ মানুহৰ আকাৰৰ শহাপহু এটাৰ সৈতে এই বিজ্ঞাপনটো হয়তো বহুতৰে এতিয়াও মনত আছে ৷ যদি বিজ্ঞাপনৰ সুৰীয়া পদ্যটিয়ে দর্শকৰ মনত ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল বিজ্ঞাপনৰ পণ্যবিধেও লক্ষ লক্ষ ভাৰতীয়ৰ হূদয় সমানে জয় কৰিছিল ৷ ৰচনাত অনির্বচনীয় স্বাদৰ সৃষ্টি কৰা আৰু মাটিমাহৰ দাইল, ৰঙা জলকীয়া, নহৰু, মগু, পাঞ্জাবী মছলা, জালুক আৰু জিৰাৰে প্রস্তুত লিজ্জত পাপৰ অবিহনে বোধকৰো কোনো গুজৰাটী পৰিয়ালৰ আহাৰ সম্পূর্ণ নহয় ৷ পাপৰৰ এই ব্রেণ্ড গুজৰাটৰ সাতগৰাকী গৃহিণীয়ে মাত্র ৮০ টকাৰ ঋণেৰে প্রতিষ্ঠিত কৰিছিল ৷ ফেমিনা আলোচনীখনৰ মতে পাপৰৰ এই ব্যৱসায় এতিয়া দ্রতগতিত ১৬০০ কোটি টকালৈ বৃদ্ধি পাইছে ৷
১৯৫৯ চনৰ কথা ৷ সেই সময়ৰ বোম্বে মহানগৰীৰ গ্রীষ্মকালৰ কোনোবা এটা সুন্দৰ আবেলি ৷ সাতগৰাকী গুজৰাটী মহিলা একগোট হৈ ঘৰৰ টেৰেচত খুব ব্যস্ততাৰে কথা পতাত মগ্ণ ৷ এই অনানুষ্ঠানিক বৈঠকৰ কার্যসূচী আছিল কিবা এটা ঘৰুৱা ব্যৱসায় আৰম্ভ কৰি নিজ নিজ পৰিয়ালৰ আর্থিক চাপ কমোৱা ৷ মহিলাকেইগৰাকী আছিল অর্ধ–সাক্ষৰ আৰু তেওঁলোকৰ কোম্পানী চলোৱাৰ কোনো অভিজ্ঞতা নাছিল ৷ গতিকে পাপৰ বনাবলৈ জনা নিজৰ দক্ষতাৰ ওপৰত ভৰসা কৰি তেওঁলোকে সুস্থিৰ উপার্জনৰ বাট এটা উলিওৱাৰ সিদ্ধান্ত লয় ৷ এই সিদ্ধান্তৰ পিছতেই তেওঁলোকে পাপৰ বনাবলৈ আৰম্ভ কৰে আৰু নিমিষতে চাৰিটা পেকেট প্রস্তুত কৰি টেৰেচৰ পৰা প্রস্থান কৰে ৷ যশৱন্তী বেনপোপাট, জয়াবেনবিঠালানি, পার্বতীবেনথোদানি, উজামবেনকুণ্ডলিয়া, বানুবেনতন্না, চুতাডবেনগাৱাডে আৰু লাগুবেনগোকানীয়ে স্থানীয় বজাৰলৈ গৈ তেওঁলোকৰ সদ্যপ্রস্তুত পাপৰ বিক্রী কৰে আৰু এইদৰেই তেওঁলোকৰ ব্যৱসায়ৰ শুভাৰম্ভ হয় ৷ আমি অর্ধ–সাক্ষৰ বাবে আমাৰ চাকৰি পোৱাৰ সম্ভাৱনা অতিসীমিত আছিল কিন্তু আমি উপলব্ধি কৰিলোঁ যে আমাৰ পাপৰ বনোৱা কৌশলেৰে কিছু পৰিমাণে ধন উপার্জন কৰি আমাৰ স্বামীক তেওঁলোকৰ আর্থিক দায়িত্ব হ্রাস কৰাত সহায় কৰিব পাৰোঁ যশৱন্তীবেনে বিবিচিক এইদৰে কয় ৷
মহিলাসকলে প্রস্তুত কৰা পাপৰ বজাৰত বিক্রী কৰাত সহায় কৰিবলৈ পুৰুষোত্তম দামোদৰদত্তানি নামৰ এজন ভদ্রলোক আগবাঢ়ি আহে ৷ তেওঁ মহিলাসকলৰ পৰামর্শদাতাও আছিল ৷ এখন দোকানৰ পৰা আন এখন দোকানলৈ ঘূৰি–ফুৰি দত্তানিয়ে অৱশেষত গিৰগাঁও চৌপাটীৰ আনন্দজী প্রেমজী এণ্ড কোম্পানী নামৰ স্থানীয় ষ্টৰ এখনত পাপৰবোৰ বিক্রী কৰিবলৈ সক্ষম হল ৷ আনন্দজীয়ে তুলনামূলকভাৱে অনভিজ্ঞ মহিলাৰ দল এটাক কিয় বিশ্বাস কৰাৰ সিদ্ধান্ত লৈছিল সেই সন্দর্ভত তেওঁৰ পুত্র হিম্মতভাইয়ে এইদৰে কয় মোৰ দেউতাই মহিলাৰ দলটোক অতি সৎ আৰু কঠোৰ পৰিশ্রমী বুলি বিবেচনা কৰিছিল ৷ দত্তানিজীয়ে যেতিয়া আত্মবিশ্বাসেৰে দেউতাকে আগধন দাবী কৰিলেতেও অতি আপ্লুত হল ৷ দত্তানিজীয়ে নিজেই আমাৰ দোকানত দিনটোক টাইকেইঘণ্টামানৰ ভিতৰতে সকলো পাপৰৰ পেকেট বিক্রী কৰি দিছিল ৷ সেইটোৱেই আছিল সমবায়খনৰ সৈতে আমাৰ সম্পর্কৰ আৰম্ভণি, আজিআমি দৈনিক প্রায় ২৫ কিলোগ্রাম লিজ্জত পাপৰ ক্রয় কৰোঁ ৷ যশৱন্তীবেনে কয় যে তেওঁলোকে প্রথম দিনাইএক কিলো পাপৰ বিক্রী কৰি আঠ অনা উপার্জন কৰিছিল ৷ তেওঁ নেচনেল জিগ্রাফিকক দিয়া এটা সাক্ষাৎকাৰত কয় পিছদিনা দুই কিলো পাপৰ বেচি আমি এটকা পাইছিলো ৷ আমাৰ স্থানীয় মহিলাসকলে ইয়াক লাভজনক বুলি বিবেচনা কৰিছিল ৷ আমাৰ ব্যৱসায়ৰ কথা মুখে মুখে বাগৰি পৰাত আমি দল এটা গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিলো ৷ পৰৱর্তী ৩-৪ মাহত দলটো ২০০গৰাকীলৈ বৃদ্ধি পায় আৰু সমবায়টোৱে ৱাডালাত দ্বিতীয়টো শাখা মুকলি কৰে ৷ ১৯৫৯ চনত বার্ষিক বিক্রী ৬ হাজাৰ টকা অতিক্রম কৰিছিল, সেই সময়ত ই আছিল যথেষ্ট বৃহৎ পৰিমাণৰ ধন ৷
বজাৰত তেওঁলোকৰ সামগ্রীৰ গ্রহণযোগ্যতালৈ চাই সাতভনীৰ দলে ছগনলালকৰমছি পাৰেখৰ পৰা ধন ধাৰে লয় ৷ পাৰেখ ডাঙৰীয়াও তেওঁলোকৰ পৰামর্শদাতা হৈ পৰিছিল ৷ মৰমেৰে ছগনবাপ্পা নামেৰে পৰিচিত পাৰেখ ডাঙৰীয়া এজন বিখ্যাত সমাজকর্মী আছিল ৷ ১৯৫০ চনত অসম আৰু কচ্ছৰ ভূমিকম্পকে ধৰি একাধিক সাহায্য অভিযানত তেখেতে সেৱা আগবঢ়াইছিল ৷ সাতভনীৰ সৰু দলটোৱে কোনো বিপণন দল, প্রচাৰক বা কর্মশক্তি নিয়োগত সম্পদ খৰচ কৰা নাছিল বৰঞ্চ নিজৰ সকলো শক্তি গুণগতচেতনাৰ দিশত ঢাল খুৱাবলৈ চেষ্টা কৰিছিল ৷ ক্রমান্বয়ে দলত অধিক মহিলাই যোগদানৰ আগ্রহ প্রকাশ কৰাৰ লগে লগে প্রতিষ্ঠাপকসকলে বিধিগতভাৱে স্বীকৃতি লোৱাৰ সিদ্ধান্ত লয় ৷ ১৯৬৬ চনত তেওঁলোকে ছচাইটী ৰেজিষ্ট্রেচন এক্ট, ১৮৬০ আৰু বোম্বে পাব্লিকড্রাষ্ট এক্ট, ১৯৫০ৰ অধীনত ছচাইটী হিচাপে পঞ্জীয়ন কৰে ৷ একে বছৰতে খাদী আৰু গ্রামোদ্যোগ আয়োগে ইয়াক কুটীৰ শিল্প হিচাপে চিহ্ণিত কৰে৷ প্রতিষ্ঠাপকসকলৰ বাবে ই আছিল এটা উল্লেখযোগ্য মাইলৰ খুঁটি ৷ প্রায় ৬৩ বছৰৰ পিছত সাতগৰাকী মহিলাৰ সৈতে আৰম্ভ হোৱা এই উদ্যোগটোত এতিয়া প্রায় ৪৫ হাজাৰ মহিলাই কর্মসংস্থাপন লাভ কৰিছে আৰু ই ভাৰতৰ আটাইতকৈ পুৰণি সর্বমহিলা সমবায়লৈ ৰূপান্তৰিত হৈছে৷ ১৯৬৮ চনত লিজ্জতে মহাৰাষ্ট্রৰ বাহিৰত গুজৰাটৰ ৱালোডত প্রথমটো শাখা স্থাপন কৰে ৷ ৱেবছাইটটোৰ মতে সমগ্র ভাৰতত উদ্যোগটোৰ বর্তমান ৮টা শাখা আছে আৰু ১৫খন দেশলৈ পণ্য ৰপ্তানি কৰা হয় ৷ এই পাপৰ উদ্যোগটো স্বাদ আৰু গুণগতমানৰ ধাৰাবাহিকতাৰ বাবে সকলোৰে সুপৰিচিত হৈ পৰিছে ৷
তাৰকা পণ্য পাপৰৰ উপৰি প্রতিষ্ঠানটোৱে অন্যান্য সামগ্রী যেনে মছলা, ঘেঁহুৰ আটা, চাপাটি বাঘেঁহুৰ ৰুটী, এপ্পালাম, ডিটাৰজেণ্ঢ পাউডাৰ, কাপোৰ ধোৱা চাবোন ইত্যাদি তৈয়াৰ কৰে ৷ আমাৰ এটা নিয়ম হল পাপৰ বনাওঁতে কেৱল উত্তম মানৰ কেঁচামালৰ ব্যৱহাৰ নিশ্চিত কৰোঁ আৰু এই দিশটোত কোনো আপোচ কৰা নহয় ৷ যোৱা ৬০ বছৰে এই গুণগতমান বজাই ৰাখিব পৰা আমাৰ সফলতাৰ এটা ডাঙৰ কাৰণ প্রতিষ্ঠানটোৰ পৰা লবলগীয়া শিক্ষা হল ভালমানৰ সামগ্রী আগবঢ়াই গ্রাহকৰ শুভেচ্ছা জয় কৰা ৷ এইটোৱেই হৈছে প্রতিষ্ঠানটোৰ সফলতাৰ ৰহস্যমহিলা গৃহ উদ্যোগ লিজ্জত পাপৰৰ সভানেত্রী স্বাতীপৰদকাৰে কয় ৷ এই নীতি নিযুক্তি প্রক্রিয়াতো প্রতিফলিত হৈছে ৷ প্রতিগৰাকী মহিলাই গুণগতমানৰ নির্দেশনা কঠোৰভাৱে মানি চলাৰ বাহিৰে আন কোনো পূর্বচর্ত নাই ৷
বতৰৰ পৰিস্থিতি, ভূ–প্রকৃতি, পানীৰ গুণাগুণ ইত্যাদিৰ বাবে প্রতিখন ৰাজ্যতে কেঁচামালৰ স্বাদ বেলেগ বেলেগ হব পাৰে ৷ সেয়েহে সমগ্র কেঁচামাল একে ঠাইৰ পৰাক্রয় কৰি সকলো শাখাতে বিতৰণ কৰা হয় ৷ এইদৰে সোৱাদ একে ৰখাৰ লগতে চূড়ান্ত পণ্য সামগ্রী অঞ্চল নির্বিশেষে সামঞ্জস্যপূর্ণ হয় ৷ মাটিমাহ বা উৰদ দালি ম্যানমাৰৰ পৰা, হিং আফগানিস্তানৰ পৰা আৰু জালুক কেৰালাৰ পৰা আহে ৷ হিং ভাৰতীয় ব্যঞ্জনৰ এবিধ প্রধান উপাদান ৷ ইয়াক সাৱধানে বাছি গুডি কৰা হয় ৷ জালুকৰ গুড়ি প্রস্তুত কৰিবলৈ কোম্পানীয়ে এটা অনন্য প্রক্রিয়া অনুসৰণ কৰে ৷ প্রথমে বটা জালুকৰ গুড়িখিনি চালনীৰ দ্বাৰা ফিচ্ঢাৰ কৰি অৱশিষ্টখিনি দ্বিতীয়বাৰৰ বাবে গুড়ি কৰা হয় ৷ পৰিপূর্ণতাৰ বাবে পাউডাৰখিনি এইবাৰ এখন টেবুল ফেনৰ সহায়েৰে পুনৰ ফিচ্ঢাৰ কৰা হয় ৷ পাউডাৰখিনি ফেনৰ সন্মুখত থৈ এটা পাত্রৰ পৰা আন এটা পাত্রলৈ স্থানান্তৰিত কৰা হয়, যাতে জালুকগুড়িৰ অতি পাতল আৰু সূক্ষ্মতম অংশখিনিহে বতাহে উৰুৱাই নি সংৰক্ষিত কৰে৷ এই প্রক্রিয়া কেৱল ৱাশি আৰু নাচিকতহে সম্পন্ন কৰিব পাৰি ৷ হিং আৰু জালুকৰ গুড়ি মাটিমাহৰ মিশ্রণৰ সৈতে মিহলাই শেষৰ পদক্ষেপত নিমখীয়া পানী প্রস্তুত কৰা হয় ৷ ইয়াৰ পিছত পাপৰ বেলিবলৈ আটা বা ময়দাৰ দৰে লদা প্রস্তুত কৰি কর্মচাৰীসকলৰ মাজত বিতৰণ কৰা হয় ৷ প্রতিটো অঞ্চলৰ পৰা পাপৰৰ সমান আকাৰ নিশ্চিত কৰিবলৈ কর্মচাৰীসকলে এখন নির্দিষ্ট জোখৰ বেলনা আৰু বেলনা–মাৰি লাভ কৰে ৷ গুণগতমান পৰীক্ষা কৰিবলৈ শাখাৰ সদস্যসকলে প্রায়েই তেওঁলোকৰ কর্মচাৰীসকলক আকস্মিক পৰিদর্শন কৰে আৰু পাপৰবোৰ সঠিকভাৱে আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন অৱস্থাত শুকুওৱা হৈছে নে নাই পৰীক্ষা কৰে ৷ শেষত মুম্বাইত থকা তেওঁলোকৰ পৰীক্ষাগাৰত প্রস্তুত সামগ্রীসমূহ পৰীক্ষা কৰি কড কৰা হয় ৷
পথ প্রদর্শক এই সংস্থাটোৱে কেইবাবছৰৰ পিছতো আর্ত মহিলাসকলৰ বাবে কর্মসংস্থান সৃষ্টি কৰিবলৈ নিজৰ শিপা খামুচি ৰৈছে ৷ আচৰিত কথা নহয় যে সংস্থাটোৱে মেচিনচালিত ব্যৱস্থাৰ জৰিয়তে কৰিব পৰা ব্যাপক উৎপাদন সদায় অগ্রাহ্য কৰি আহিছে ৷ মহিলাসকলৰ ঠাইত প্রযুক্তিক আদৰি নলৈ সমবায়খনে সুস্থিৰ জীৱিকা নিশ্চিত কৰিছে ৷ কেৱল আত্মনিয়োগ নহয়, আত্মনির্ভৰশীলতা, আত্মসবলীকৰণ আৰু আত্মসন্মান সমানেই গুৰুত্বপূর্ণ ৷ শ্রীমহিলা গৃহ উদ্যোগ লিজ্জত পাপৰে SMGULP আৰম্ভ কৰা আন্দোলনে ভাৰতীয় মহিলাৰ প্রকৃত শক্তিক প্রতিনিধিত্ব কৰে৷ লিজ্জতৰ অংশস্বৰূপ মহিলাসকল পূর্বতে সাক্ষৰ নাছিল যদিও এতিয়া তেওঁলোকে বিশেষকৈ সন্তানৰ শিক্ষাৰ গুৰুত্ব জানে ৷ এই কথাটোৰ উপলব্ধিয়েই নিজৰ বাবে এক ডাঙৰ বিকাশ বিশিষ্ট বিজ্ঞানী ৰঘুনাথ মাশেলকাৰে মন্তব্য কৰে৷ সমবায়ৰ প্রতিগৰাকী সদস্যক পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰা হয় আৰু তেওঁ কেইবাটাও সুবিধা লাভ কৰে ৷ উদাহৰণস্বৰূপে, প্রতিগৰাকী কর্মচাৰীক নিজৰ কামৰ ক্ষেত্রখন বাছি লবলৈ দিয়া হয় ৷ এগৰাকী কর্মচাৰী নির্বাচনৰ গণতান্ত্রিক প্রক্রিয়াৰ জৰিয়তে পৰিচালনা সমিতিৰ অংশ হব পাৰে ৷ আন আন সুবিধাসমূহৰ ভিতৰত ঋণৰ আবেদন, সন্তানৰ বাবে লিজ্জত বৃত্তিৰ বাছনি আৰু প্রতিটো শাখাতে মৌলিক সাক্ষৰতাৰ কার্যসূচী আছে ৷ কর্মচাৰীসকলৰ প্রচেষ্টাক কোম্পানীটোৱে সদায় শলাগ লয় আৰু পুৰসৃক্ত কৰে ৷ উদাহৰণস্বৰূপে, ২০০২ চনত ৰাজকোটৰ কর্মচাৰীসকলে ৪ হাজাৰ টকাকৈ বোনাছ লাভ কৰিছিল, আনহাতে মুম্বাই আৰু থানে শাখাত থকা কর্মচাৰীসকলে ৫ গ্রাম সোণৰ মুদ্রা লাভ কৰে ৷ লিজ্জতে ঘৰুৱা কাম–কাজৰ জৰিয়তে অর্থনৈতিক সুযোগ প্রদান কৰে ৷ এই কামৰ লগত জড়িত হলে মহিলাসকলে সন্মানজনকভাৱে ধন ঘটাৰ লগে লগে আত্মবিশ্বাস আৰু মর্যাদা লাভ কৰে আৰু উদ্যমী, দায়িত্বশীল আৰু অভিজ্ঞ সদস্যসকলে প্রশাসনিক জখলা বগাইওপৰলৈ উঠিব পাৰে ৷ লিজ্জতে সাধাৰণ মহিলাৰ পৰা নেতাৰ শাৰীলৈ উন্নীত হবলৈ এক অসাধাৰণ পন্থাৰ উদাহৰণ দাঙি ধৰে ৷ এম্পাৱাৰমেণ্ঢকেছ ষ্টাডিজ শ্রীমহিলা গৃহ উদ্যোগ লিজ্জত পাপৰৰ এটানুচ্ছেদত এই কথাফাঁকিৰ উল্লেখ আছে ৷
লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা টিভিৰ বিজ্ঞাপনটোত দেখা যায় যে কোনো তাৰকা বা বিশেষ ব্যক্তিয়ে আমাক পাপৰ কিনিবলৈ আহ্বান জনোৱা নাই ৷ ই এটা অতি সহজ আৰু নূ্ন্য়তম বিজ্ঞাপন, যিটোৱে দিনটোৰ যিকোনো সময়ত কেনেকৈ এখন পাপৰে আমাক সহায় কৰিব পাৰে, তাকে প্রচাৰ কৰিছে ৷ পাপৰৰ সৈতে শহাপহুটো অৱশ্যে এটা আকর্ষণীয় সংযোজন ৷ একেদৰে লিজ্জত উদ্যোগটো সচেতনভাৱে ব্রেণ্ডলঞ্চ, ছচিয়েল মিডিয়াৰ উপস্থিতি, হুলস্থূলীয়া উদযাপন ইত্যাদিৰ পৰা সদায় আঁতৰি আছে ৷ দিনটোৰ শেষত কর্মচাৰী আৰু গ্রাহকসকলক সন্তুষ্ট কৰাটোৱেই তেওঁলোকৰ পৰম তৃপ্তি ৷ আজিৰ টেক্–চেভি আৰু বিজ্ঞাপনৰ যুগত এনে মিনিমালিজিম্ অতি বিৰল ৷ অনেক প্রতিযোগী থকা সত্ত্বেও লিজ্জত পাপৰে আজিৰ দিনত কেনেকৈ ব্যৱসায় অক্ষুণ্ণ ৰাখিছে, সেই কথা মন কৰিবলগীয়া ৷ ইয়াৰ অন্যতম কাৰণ হল মানুহৰ নষ্টালজিয়া আৰু লিজ্জত পাপৰৰ সেই পেকেটবোৰৰ প্রতি থকা বিশ্বাস আৰু অনুভূতি ৷ গ্রাহকৰ বাহিৰেও এই ব্রেণ্ডটোৱে হাজাৰ হাজাৰ লোকৰ জীৱন প্রভাৱিত কৰা গর্বিত স্বদেশী কোম্পানী হিচাপে চিৰস্থায়ী চিহ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ লগতে একাধিক উপায়ে সকলোৰে জীৱনৰ এক নীৰৱ অথচ অবিচ্ছেদ্য অংশ হব পাৰিছে ৷
ফোন +৯৬৮-৯৯৬৭-২৭৮১
Comments are closed, but trackbacks and pingbacks are open.