মৃগেন শর্মা
মেজাংকৰী বস্ত্র বৰ সুন্দৰ ৷ অসমীয়া সমাজত ইয়াৰ বৰ আদৰ ৷ আমি এই বস্ত্রৰ বিষয়ে আলোচনা কৰিম ৷ কিন্তু তাৰ আগতে অসমীয়া বস্ত্রশিল্পৰ ওপৰত আলোকপাত কৰিব লৈছোঁ ৷
অতি প্রাচীন কালৰ পৰাই অসমত বস্ত্রশিল্পৰ প্রচলন আছিল ৷ ই অসমৰ আটাইতকৈ পুৰণি আৰু সর্ববৃহৎ শিল্প আছিল ৷ অসমৰ ৰেচম শিল্প পৃথিৱীৰ ভিতৰতে লেখত লবলগীয়া স্থান অধিকাৰ কৰিছিল ৷ মৌর্য যুগৰ পৰাই অসমত পাট, মেজাংকৰী আদি শিল্প থকাৰ কথা বুৰঞ্জীয়ে আমাক দিয়ে ৷ ভাস্ক্ৰ বর্মাৰ ৰাজত্বকালত উপঢৌকনৰ ভিতৰত মিহি উৎকৃষ্ট আৰু উজ্জ্বল বৰণৰ ৰেচমী কাপোৰৰ নাম পোৱা যায়৷ অসমৰ ৰেচম শিল্প ইমান বিখ্যাত আছিল যে পোতাশালৰ বন্দীকো মোকলাই বুলি এটা প্রবচন সৃষ্টি হৈছিল ৷
এইখিনিতে অসমীয়া মহিলাসকলে পৰিধান কৰা মেখেলাৰ ওপৰত চমু আলোকপাত কৰিব লৈছে, কাৰণ মেজাংকৰী বস্ত্রৰ লগত মেখেলাৰ সম্পর্ক আছে ৷
জ্যোৎস্না দাসে লিখিছে মেখেলা শব্দ মূল সংসৃক্ত মেখেলা ৷ অধোবস্ত্র আৰু কঁকালত মেৰোৱা মেখেলাৰ ধাৰণাটো বৈদিক যুগৰে ৷ এটা কালত অধোবস্ত্র ৰূপে মেখেলা স্ত্রী–পুৰুষ নির্বিশেষে পৰিধান কৰিছিল ৷ অজন্তা–হলোৰাৰ চিত্রত বুকুত মেথনি মৰা গাভৰুৰ জীৱন্ত ছবি আজিও দৃশ্যমান ৷ অসমীয়া তিৰোতায়ো এটা কালত মেথনি মাৰিছিল ৷ কামাখ্যাৰ ভাস্ক্র্যত বুকুত মেথনি মৰা নাৰীৰ জীৱন্ত ৰূপ দেখা যায় ৷ অসমীয়া তিৰোতাই পৰিধান কৰা মেখেলাবোৰ হল
†কিংখাপ বা সিংখাপৰ মেখেলা ঃ চীনা চীন–চি বা আৰবী কিম খোৱাব শব্দৰ পৰা উদ্ভূত সিংখাপেৰে বোৱা মেখেলাৰ দীঘ–বাণিত কিংখাপ দিয়াৰ লগতে মেখেলাখন বওঁতে বাণি গুণা সূতাৰে গোটেহখন কাপোৰ আৱৰি দিয়াটো উল্লেখযোগ্য ৷
† কার্চিপৰ বনকৰা মেখেলা ঃ বুৰঞ্জীত উল্লেখ আছে ইছলামধর্মীয় লোকৰ প্রভাৱত অসমীয়া তিৰোতাই পৰিধান কৰা এই মেখেলাত বিশেষ বেজীৰে গুণা বা ৰূপালী সূতাৰে ফুল তোলে ৷
†গুণাকটা মেখেলা ঃ এই মেখেলাৰ নিম্নাংশত গুণাৰে ফুল তোলা হৈছিল ৷
†গাঁৰি দিয়া মেখেলা ঃ কপাহী সূতাৰে বোৱা এহ মেখেলাৰ দীঘ–বাণিৰ মাজে মাজে সমান দূৰত্বত ৰঙীন সূতাৰে গাঁৰি দি বোৱাটো অন্যতম বৈশিষ্ট্য ৷
†গোমচেং মেখেলা ঃ একপ্রকাৰৰ ৰেচম সূতাৰে বোৱা কলা মেখেলা ৷
†তিতাকৰীয়া মেখেলা ঃ কপাহী সূতাৰে বোৱা এই সূতা তিয়াই তিয়াই বোৱা হৈছিল ৷
†নৰা মেখেলা ঃ নৰা জনজাতিৰ তিৰোতাই পৰিধান কৰা এইবিধ মেখেলা পিছত অসমীয়া তিৰোতায়ো পৰিধান কৰিছিল ৷
†বনকৰা মেখেলা ঃ ৰেচম সূতাৰে ফুল বছা বিশেষ ধৰণৰ মেখেলা ৷
†বুটা বছা মেখেলা ঃ এই মেখেলাত তিলক বৃত্ত অথবা চাৰিকোণীয়া ফুলেৰে গোটেইখন মেখেলাৰ নিম্নাংশ বা সমস্ত মেখেলাখন সুশোভিত কৰি তোলা হয় ৷
†মেজাংকৰী মেখেলা ঃ মেজাংকৰী পাটেৰে বোৱা দামী মেখেলাৰ নাম মেজাংকৰী মেখেলা ৷
†মুগা মেখেলা ঃ মুগা বা মুগাবৰণীয়া সূতাৰে বোৱা উকা বা ফুলবছা মেখেলাৰ নাম ৷
আকৌ আহিছো মেজাংকৰী বস্ত্রৰ প্রসংগলৈ ৷ লিংচি নামৰ এগৰাকী চীনা দেশৰ ৰাণীয়ে প্রথমতে পাট বা ৰেচম শিল্প আৱিষ্কাৰ কৰি ৰোম দেশলৈ নিয়ে বুলি প্রবাদ আছে ৷ কাশ্মীৰৰ কোনোবা এজন ৰজাই হেনো এগৰাকী চীনা ৰাণীক বিয়া কৰাইছিল ৷ সেই ৰাণীগৰাকীয়ে পাট পলুৰ সঁচ অসমলৈ আনে বুলি কথিত আছে ৷ কাশ্মীৰৰ পৰা ই পোনতে বংগ দেশলৈ আৰু তাৰ পিছত ই ভাৰতৰ অন্যান্য ঠাহলৈ বিয়পি পৰে ৷
অসমত ৰেচম শিল্পৰ প্রচলন কেতিয়াৰ পৰা হল সেই কথাৰ সঠিক খবৰ পোৱা নগলেও আহোম ৰাজত্বৰ যুগত যে এই শিল্পৰ ওপৰত ৰাজকীয়ভাৱেই জোৰ দিয়া হৈছিল, তাৰ বিৱৰণ বুৰঞ্জীবোৰত পোৱা যায়৷ ৰজাঘৰীয়া চোমনীত পাট–মুগা পলু পোহা হৈছিল ৷ সেইবোৰ চাবৰ বাবে বিভিন্ন বিষয়া নিয়োগ কৰা হৈছিল ৷
মুগা আৰু পাট দীর্ঘস্থায়ী কাপোৰ৷ ই বহুদিন টিকে ৷ আহোম যুগত চপাপতীয়া আৰু মেজাংকৰী বুলি দুবিধ বৰ দামী আৰু মানী কাপোৰ আছিল ৷ নিজে মুগা পোহা সাধাৰণ মানুহৰ ঘৰতো মেজাংকৰী আৰু চপাপতীয়া কাপোৰ ব্যৱহাৰ হৈছিল ৷ মুগা আৰু পাট পলুৱে সাধাৰণতে গছৰ পাত খায় ৷ মেজাংকৰী গছক আদাকৰি গছ নামেৰেও জনা যায়৷ মুগা পলু মেজাংকৰী গছত পুহিলে তাৰ পৰা উজ্জ্বল, মিহি, টান আৰু সোণবৰণীয়া হয় ৷ এই সূতাৰে তৈয়াৰী কাপোৰ দেখিবলৈ বৰ ধুনীয়া হয় ৷ সেইবাবে ৰজাঘৰীয়া আৰু আঢ্যৱন্ত পৰিয়ালৰ মানুহেহে এই কাপোৰ ব্যৱহাৰ কৰিছিল ৷ মেজাংকৰী কাপোৰ তৈয়াৰ কৰাটো বৰ কষ্টকৰ ৷
মেজাংকৰী বস্ত্র বৰ সুন্দৰ ৷ ইয়াক পৰিধান কৰিলে অসমীয়া জীয়াৰী–বোৱাৰীৰ সৌন্দর্য দুগুণে বৃদ্ধি পায় ৷
ফোন ঃ ৯৬৭৮১-৭৯৩৪৬