ৰেচিপি

কৰবী গগৈ শর্মা

 চুজিৰ কেক 

উপকৰণ

কণী ৪টা

চুজি  কাপ

গুড / কাপ মিহিকৈ কুটা

বেকিং  চামুচ 

মিক্স ড্রাহ ফ্রুহট / কাপ

আমূল তাজা গাখীৰ  কাপ 

কমলাৰ জেষ্ঠ

বাটাৰ ১০০ গ্রাম

যিকোনো ফ্লেভাৰৰ এচেনঞ্চ 

প্রণালীঃ  প্রথমে  শুকান বস্তুবোৰ একেলগে মিক্স কৰি লব৷ এতিয়া  কাটি লোৱা গুড়খিনি দি ভালদৰে মিক্স কৰিব ৷ বাটাৰখিনি মেচ্ট কৰি দিব ৷ গাখীৰ দিব ৷ বেকিং পাউডাৰ দিব ৷  ড্রাই ফ্ৰূইট, কমলাৰ জেষ্ঠ দিব ৷ এতিয়া কণীকেইটা ভাঙি ভালদৰে বেল্ডাৰেৰে ফেটি লব ৷ তাৰ পিছত কেকৰ বাটিটোত ৰিফাইন সানি অলপ শুকান ময়দা ছটিয়াই মিশ্রণটো ঢালি দিব, বাটিটোত মিশ্রণটো চেট হবলৈ দিয়ক ৷ অটিজীত ১৮০ ডিগ্রী চেঃগ্রেডত বেক হবলৈ দিয়ক প্রায় ৪০ মিনিট সময় ৷ সম্পূর্ণ সিজি উঠিলে টুকুৰা টুকুৰকৈ কাটি গৰম চাহৰ লগত পৰিৱেশন কৰক ৷

 

গাজৰ কেক 

উপকৰণ

গাজৰ ৰোকা একাপ

ময়দা একাপ

চেনি গুড়ি একাপ

ৰিফাইন একাপ

বেকিং ডেৰ চামুচ

হলাচি গুড়ি আধা চামুচ

বেকিং ছডা / চামুচ

গাখীৰ আধা কাপ

কণী ৩টা

ভেনিলা এচেঞ্চ এচামুচ

প্রণালীঃ  ময়দা, বেকিং, বেকিং ছডা চালনিৰে চালি লব ৷ কণীকেইটা বাটিত ভাঙি ফেটিব, গুডি চেনি মিক্স কৰিব, ৰিফাইন মিক্স কৰিব ৷ এতিয়া মিশ্রণটোত ময়দাখিনি দি একেলগে ভালদৰে ব্লেড কৰিব ৷ এতিয়া  ৰোকা গাজৰখিনি দি ভালদৰে মিক্স কৰিব ৷ হলাচি গুড়ি দি গোটেইখিনি ভালকৈ মিক্স কৰি ৰিফাইন সনা কেক টিনত সমানকৈ ঢালি দিব ৷ প্রিহিট অভেনত ১৮০ ডিগ্রী চেঃগ্রেডত বেক কৰক ৩৫ মিনিট৷ সম্পূর্ণ বেক হলে চাহৰ লগত পৰিৱেশন কৰক ৷

 ৰসমলাই কেক

উপকৰণ

একাপ ময়দা

একাপ গুড়ি চেনি

একাপ ৰিফাইন

৩টা কণী

এক চাহ চামুচ বেকিং পাউডাৰ

হালধীয়া ফুড কালাৰ 

পিষ্টা

ৰেডিমেড ৰসমলাই

কেশৰ

প্রণালীঃ কণীকেইটা এটা বাউলত ফেটি লব ৷ গোটেহখিনি সামগ্রী মিক্স কৰিব ৷ ব্লেডাৰেৰে ভালদৰে মিক্স কৰি কেক টিনত ৰিফাইন সানি ঢালি দিব ৷ এতিয়া কেকটো মাজত  ভাগ কৰি কাটিব ৷ এতিয়া হুইপ ক্রীম হুইপ কৰি লব ৷ এক ড্রপ হালধীয়া ফুড কালাৰ মিক্স কৰিব৷ আইচিং কৰিব ৷ এতিয়া ষ্টাৰ নজেল দি আহছিঙৰ ওপৰত ৰজেত ফুল বনাই তাত ওপৰত গোল্লা এটা  দিব ৷ পিষ্টা মিহিকৈ কাটি ছটিয়াই দিব ৷

 

পকাকলৰ কেক 

পকা কল ২টা

কণী ৩টা

ৰিফাইন তেল / কাপ

কাজু, কিচমিচ / কাপ ইচ্ছা কৰিলে

ময়দা একাপ

বেকিং পাউডাৰ এক চাহ চামুচ

নিমখ এচিকুট

বাটাৰ

প্রণালীঃ  কলকেইটা খুউব মিহিকৈ পিটিকি লব ৷ কণীকেইটা ব্লেণ্ড কৰি লব ৷ গুড়ি চেনি, ময়দা, বেকিং পাউডাৰ ভালদৰে মিক্স কৰি লব ৷ এটা বাউলত সকলোখিনি সামগ্রী খুউব ভালকৈ ফেটি লব ৷ কলখিনিও মিক্স কৰিব ৷ ড্রাই ফ্ৰূইটখিনি মিক্স কৰিব নতুবা ইচ্ছা কৰিলে চেৰীও দিব পাৰে ৷ এতিয়া এটা কেক টিনত ভালদৰে তেল সানি মিশ্রণটো দিব ৷ অভেনত ১৮০ ডিগ্রীত ৩০৪০ মিনিট বেক কৰিব ৷ কাটা চামুচেৰে খুচি চাওক ভালদৰে বেক হৈছেনে ৷ চাহৰ লগত জুতি লওক কেইবাদিনলৈকে ৷ 

 

আটাৰ কেক

আশীর্বাদ ৰঙা আটা একাপ

কণী ৩টা

চেনি আধাকাপতকৈ অলপ বেছি গুড়ি কৰি লব ৷

ৰিফাইন বা বাটাৰ আধা কাপ

যিকোনো ফুলফেট লিকুহড গাখীৰ /২বেকিং পাউডাৰ এচামুচ

ছডা আধা চামুচ

চেৰী বা ড্রাই ফ্ৰূইট কেইটামান

নিমখ এচিকুট

প্রণালীঃ প্রথমে আটাখিনি চালি লব ৷ বেকিং পাউডাৰ আৰু ছডা মিক্স কৰিব ৷ এটা বাউলত কণীকেহটা ভাঙি লৈ চেনি গুডি, ৰিফাইন, লিকুইড গাখীৰ মিলাই খুউব ভালদৰে মিক্স কৰি ব্লেণ্ডাৰে ব্লেণ্ড কৰিব ৷ এতিয়া আটাখিনি অলপ অলপকৈ চালি চালি ঢালি দিব ৷ নিমখ এচিকুট দিব ৷ এতিয়া কেক বনোৱা টিনটোত অলপ তেল সানি মিশ্রণখিনি ঢালি দিব ৷ ওপৰত ড্রাই ফ্ৰূইট বা চেৰীখিনি দিব ৷ প্রিহিট অভেনত টিনটো ১৮০ডিগ্রীত বেক কৰক ৩০/৪০ মিনিট 

ফোনঃ  ৭০০২১৫৩৮৩০

You might also like
Leave A Reply

Your email address will not be published.