কৰবী গগৈ শর্মা
হিমালয়ৰ পাদদেশত অৱস্থিত সৰু আৰু বিচিত্র দেশখনেই হৈছে ভূটান ৷ আমাৰ নিচেই ওচৰত থকা দেশখন দেখাত সৰু যদিও বৈচিত্র্যৰে ভৰা ৷ অসংখ্য মা লভূমি, সুউচ্চ পর্বতমালা, বৌদ্ধ মঠৰে ভৰপূৰ ভূটান দেশখন ভ্রমণবিলাসীসকলৰ্ বাবে এখন উপযুক্ত ঠাই ৷ সুন্দৰ ভৌগোলিক অৱস্থিতি, চালে চকু ৰৈ যোৱা নান্দনিক দৃশ্যই ভ্রমণবিলাসীসকলক্ সততেই দেশখনে আকর্ষিত কৰি আহিছে ৷ ৰজাৰ দ্বাৰা পৰিচালিত ভূটান দক্ষিণ এছিয়াৰ এখন অত্যন্ত সুখী দেশ হিচাপে হতিমধ্যেই বিশ্বত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ ভূটানৰ পর্যটন ক্ষেত্র, সংসৃক্তি, উৎসৱ–পার্বণ, পাৰম্পৰিক খাদ্য সম্ভাৰ যথেষ্ট উন্নত যদিও ৰাজতান্ত্রিক দেশ হিচাপে দেশখনৰ শাসন ব্যৱস্থা বহুত ক্ষেত্রত যথেষ্ট কঠোৰ ৷ দেশখনৰ নীতি–নিয়ম প্রতিজন নাগৰিকে খুব শ্রদ্ধাসহকাৰে পালন কৰে ৷ বছৰৰ যিকোনো সময়তে ভূটান ভ্রমণ কৰিব পাৰি যদিও এপ্রিলৰ পৰা অক্টোবৰলৈ ভ্রমণৰ উপযুক্ত সময় বুলি কব পাৰি ৷ খুব কম খৰচ আৰু সহজতেই ভূটান ভ্রমণ সম্ভৱ ৷ বিমানেৰে যাত্রা কৰিলে গুৱাহাটীৰ পৰা ভূটানৰ পাৰো বিমানবন্দৰত অৱতৰণ সুবিধা উপলব্ধ ৷ ড্রেইনেৰে যাত্রা কৰিলে আলিপুৰদুৱাৰৰ পৰা ফুণ্টচেলিং যাব পাৰি ৷ ফুণ্টচেলিঙৰ পৰা পাৰপত্র সংগ্রহ কৰি ভূটানৰ যিকোনো ঠাইলৈ গৈ ইয়াৰ সৌন্দর্য উপভোগ কৰিব পাৰি ৷ নিজা গাড়ীৰেও ভূটান ভ্রমণ অত্যন্ত সুবিধাজনক ৷
সুউচ্চ পর্বতমালাৰ মাজে মাজে ভূটান ভ্রমণ যেনেকৈ যথেষ্ট ৰোমাঞ্চকৰ, ঠিক তেনেকৈ ইয়াৰ খাদ্য সম্ভাৰো যথেষ্ট বৈচিত্র্যৰে ভৰা৷ দেশখনৰ খাদ্য প্রণালীত দক্ষিণ এছিয়া কুজিনৰ প্রভাৱ যথেষ্ট যদিও ভূটানৰ খাদ্য ৰন্ধন প্রণালী অন্য দেশৰ তুলনাত সম্পূর্ণ ব্যতিক্রম৷ ভূটানীসকলে উচ্চ হাৰত হমা জলকীয়া আৰু স্থানীয়ভাৱে তৈয়াৰী মহবা য়াকৰ চীজ ব্যৱহাৰ কৰে, যিয়ে তেওঁলোকৰ খাদ্যক এক সুকীয়া পৰিচয় দিছে ৷ ভূটানীসকল খাদ্যৰ প্রতি অতি চৌখিন আৰু নিৰামিষ, আমিষ সকলো ধৰণৰ খাদ্যই তেওঁলোকে গ্রহণ কৰে ৷ ভূটানৰ কেইবিধমান মুখ্য খাদ্য হল হমা ডাচি, কেৱা ডাচি, খাটেম তিতাকেৰেলা বাটাৰেৰে ভজা জাজু একপ্রকাৰৰ চুপ, ইনটে একপ্রকাৰৰ ড্রাম্পলিং, ফাকচাপা গাহৰিৰ মাংসৰে তৈয়াৰী একপ্রকাৰৰ ব্যঞ্জন আদি অনেক ব্যতিক্রমী খাদ্যৰ সমাহাৰ ভূটানত দেখিবলৈ পোৱা যায় ৷ ভূটানৰ মুখ্য ব্যঞ্জন(signature dish) ইমাডাচি হৈছে একপ্রকাৰৰ জলকীয়া আৰু চীজেৰে প্রস্তুত কৰা ব্যঞ্জন ৷
ভূটানেই এনেকুৱা এখন দেশ, যত জলকীয়াক তেওঁলোকৰ ভাষাত হমা খাদ্য তালিকাত মুখ্য পাচলি হিচাপে গ্রহণ কৰে ৷ কেঁচা বা শুকান জলকীয়াক দীঘলীয়া আকাৰত কাটি স্থানীয় চীজ ব্যৱহাৰ কৰি হমা ডাচি প্রস্তুত কৰা হয় ৷ লগত সামান্য মাখন খাদ্যৰ সুগন্ধ আৰু স্বাদৰ বাবে ব্যৱহাৰ কৰা হয় ৷ হমাডাচিৰ পিছতেহ কেৱা ডাচি হৈছে ভূটানৰ আন এটি জনপ্রিয় ব্যঞ্জন ৷ ভূটানত কেৱা মানে হৈছে আলু ৷ হিমালয়ৰ হিমবাহৰ পানীৰে পুষ্ট বাবে এহ অঞ্চলৰ আলুবোৰ প্রাকৃতিকভাৱে সামান্য ৰঙচুৱা বৰণৰ ৷ কেৱাডাচি ৰান্ধিবলৈ আলু আৰু চীজৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় ৷ আমিষভোজীসকলৰ মাজত চিকম পা নামৰ এবিধ ব্যঞ্জন খুবেই জনপ্রিয় ৷ শুকান গাহৰিৰ মাংস, ৰঙা শুকান জলকীয়াৰ লগত ভজা হয় আৰু লগত এবিধ বিশেষভাৱে তৈয়াৰী চাটনিৰে চিকম পা পৰিৱেশন কৰা হয় ৷ স্থানীয় ভাষাত গাহৰিৰ চর্বিযুক্ত মাংসক চিকম বোলা হয় ৷ আলহী, অতিথিক ভূটানীসকলে চুজা নামৰ এবিধ বিশেষ পাৰম্পৰিক পানীয়ৰে সম্ভাষণ জনায় ৷
চুজা ভিন্ন প্রকাৰৰ চাহগছৰ পাত, গাখীৰ আৰু বাটাৰেৰে তৈয়াৰ কৰা একপ্রকাৰৰ নিমখীয়া সোৱাদৰ পানীয় ৷ জাৰকালি প্রচণ্ড শীতপ্রৱাহ আৰু বৰফেৰে আবৃত হোৱাৰ বাবে ভূটানৰ কিছু কিছু এলেকাত শাক–পাচলিৰ উৎপাদন কমি যায় ৷ এই সময়ৰ অভাৱখিনি আঁতৰাবলৈ চালগোমৰ পাত লগতে কিছুমান শাক–পাচলি শুকুৱাই বছৰটোলৈ সংৰক্ষণ কৰি ৰাখে ৷ তেনে শুকান চালগোমৰ পাতেৰে প্রস্তুত কৰা এবিধ ব্যঞ্জন হৈছে লম ৷ পুষ্টি আৰু সোৱাদেৰে ভৰা লম প্রতিজন ভূটানীৰে অত্যন্তপ্রিয় ৷ ভূটানৰ লোকসকলে সদায়ে সম্পূর্ণ জৈৱিক পদ্ধতিৰে খাদ্য–শস্য উৎপাদনত গুৰুত্ব দিয়ে ৷ দেশখনৰ প্রতিজন নাগৰিকেহ প্রকৃতি আৰু গছ–গছনিক অত্যন্ত ভাল পায় আৰু প্রাকৃতিক ভাৰসাম্য যাতে নষ্ট নহয়, তাৰ প্রতি বিশেষভাৱে মনোযোগ দিয়ে ৷
ফোনঃ ৭০০২১-৫৩৮৩০
Comments are closed, but trackbacks and pingbacks are open.