জোনাকী দেৱী কাশ্যপ
তুমি কেনেকুৱা ছোৱালী ! সকলোৱে ৰং–ধেমালিৰে নাচ–গান কৰি আছে আৰু তুমি ইয়াত নদীৰ পাৰত অকলে অকলে বহি আছা তুমি ইমান লাজকুৰীয়া কিয় ! ঘৰলৈ অহা আলহীৰ লগত দুআষাৰ ভালকৈ কথা কবলৈ নাজানা আমাৰ সমাজৰ কিছুসংখ্যক লোকে সদায় এনেকুৱা ধৰণৰ কথা শুনিয়েই জীৱন যাত্রাত আগুৱাই যাব লগা হয় ৷ আমি বুজা উচিত যে সকলো মানুহৰ ব্যক্তিত্ব একে নহয় ৷ প্রত্যেক ব্যক্তিয়ে সুকীয়া ব্যক্তিত্বৰ অধিকাৰী ৷
ব্যক্তিত্বৰ ইংৰাজী প্রতিশব্দ‘ Personality’ শব্দটো লেটিন ভাষাৰ ‘persona’ নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে ৷ ইয়াৰ অর্থ হল ভাৱৰীয়াৰ মুখা (a players mask) ৷ ব্যক্তিত্বৰ নির্দিষ্ট গ্রহণযোগ্য সূত্র দিয়াটো সহজ নহয় ৷ ব্যক্তিত্বৰ বিস্তৃত অধ্যয়নকাৰী মনোবিজ্ঞানী আলপর্টৰ (Allport) মতে, সামাজিক উদ্দীপনসমূহৰ প্রতি ব্যক্তিৰ বৈশিষ্ট্যপূর্ণ প্রতিক্রিয়া আৰু পৰিৱেশৰ সামাজিক গাঁথনিৰ প্রতি তেওঁ কৰা উপযোজনৰ (Adaptation) মান বা গুণেই হৈছে ব্যক্তিত্ব ৷
মানুহৰ ব্যক্তিত্বৰ ভিন্নতা থাকে, হয়ে আনৰ চকুত স্বকীয় বৈশিষ্ট্যৰে ধৰা দিয়ে ৷ ভিন ভিন মনোবিজ্ঞানীয়ে ব্যক্তিত্বৰ ভিন ভিন শ্রেণীবিভাজন কৰিছে ৷ সেইসমূহৰ ভিতৰতCarl Jungৰ শ্রেণীবিভাজন অন্যতম জনপ্রিয় ৷ তেওঁ ব্যক্তিত্বৰ প্রধানকৈ দুটা ভাগ কৰিছে বহিঃমুখী ব্যক্তিত্ব আৰু অন্তর্মুখী ব্যক্তিত্ব৷ অন্তর্মুখী ব্যক্তিৰ বৈশিষ্ট্য
- নতুন পৰিৱেশ আৰু পৰিস্থিতিত নিজকে খাপ খুৱাই লব নোৱাৰাটো এনে লোকৰ প্রধান দুর্বলতা ৷
- অত্যধিক চিন্তাপ্রৱণতাৰ বাবে এনে লোকে আনৰ সৈতে বেছি হলিগলি ভাল নাপায় ৷
- আৱেগ–নুভূতি অত্যন্ত প্রবল কিন্তু প্রকাশ কৰিব নোৱাৰে ৷
- বহুত বন্ধুৰ সলনি এজন অন্তৰংগ বন্ধুহে বিচাৰে ৷
- সৃষ্টিশীল স্বাধীন মনৰ গৰাকী হয় ৷
- আধ্যাত্মিক সুখ–আনন্দই এওঁলোকক অধিক আকর্ষিত কৰে ৷
- কিতাপ এওঁলোকৰ প্রিয় সংগী ৷
- লিখা–মেলাৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্রকাশ কৰিব বিচাৰে ৷
- কল্পনাশক্তি প্রখৰ হয় ৷
সামাজিকভাৱে সক্রিয় নোহোৱাৰ বাবে অন্তর্মুখী ব্যক্তিসকল বহু ক্ষেত্রত পৰিয়ালত বা সমাজত তিৰস্কাৰৰ সন্মুখীন হব লগা হয় ৷ এনে কৰাটো একেবাৰে অনুচিত ৷ বহু বিখ্যাত ব্যক্তি অন্তর্মুখী স্বভাৱৰ আছিল ৷
ফর্বছ আলোচনীয়ে যুগুত কৰা পৃথিৱীৰ তেৰজন বিখ্যাত অন্তর্মুখী মানুহৰ তালিকাখনত চকু ফুৰাওঁ আহক আপেক্ষিকতাবাদৰ উদ্ভাৱক, পদার্থ বিজ্ঞানী, নবেল বঁটা বিজয়ী এলবার্ট আহনষ্টাইন, বার্কশ্বায়াৰ হাথৱেৰ মুখ্য কার্যবাহী বিষয়া তথা বিশ্বৰ অন্যতম ধনী মানুহ ৱাৰেন বাফেট, ১৯ শতিকাৰ পলেণ্ডৰ সুৰকাৰ আৰু পিয়ানোবাদক ফ্রেডেৰিক ছপিন, বিৱর্তনবাদৰ বাটকটীয়া চার্লছ ডাৰউইন, অহিংসাকেই পৰম ধর্ম হিচাপে গণ্য কৰা মহাত্মা গান্ধী, প্রাক্তন আমেৰিকান উপ–ৰাষ্ট্রপতি এল গোৰে, ছাৰ আহজাক নিউটন, গুগ্লৰ সহঃ প্রতিষ্ঠাতা লেৰি পেহজ, নাগৰিক অধিকাৰ আন্দোলনৰ অগ্রণী আমেৰিকান নেত্রী ৰোজা পার্কছ, প্রাক্তন আমেৰিকান প্রথম মহিলা ফার্ষ্ট লেডী হলিয়নেৰ ৰুজভেচ্ট, হেৰি পটাৰ চিৰিজৰ লেখিকা জে কে ৰাউলিং, হলীউডৰ প্রথিতযশা পৰিচালক ষ্টিভেন স্পিলবার্গ, জনপ্রিয় এপলৰ সহঃ নির্মাতা ষ্টিভ অজনিয়েক ৷
শৈশৱকালত কিছুসংখ্যক শিশু অন্তর্মুখী স্বভাৱৰ থাকে ৷ অভিভাৱকে তেওঁলোকক জোৰ কৰি বহির্মুখী স্বভাৱৰ কৰিবলৈ বিচৰাটো একেবাৰে সঠিক নহয় ৷ পৰিৱেশ–পৰিস্থিতিত পৰি তেওঁলোকে পিছলৈ কিছু পৰিমাণে নিজে নিজে বহির্মুখী হয় ৷
এজন মানুহ সম্পূর্ণ অন্তর্মুখী অথবা সম্পূর্ণ বর্হিমুখী হব নোৱাৰে ৷
অন্তর্মুখী ব্যক্তিক সঠিক দিশত আগুৱাহ নিয়াৰ কেইটামান উপায়
- তেওঁলোকৰ প্রতি কেতিয়াও অপমানসূচক মন্তব্য কৰিব নালাগে ৷
- তেওঁলোকে কৰিবলৈ নিবিচৰা কোনো কাম কৰিবলৈ শাৰীৰিক তথা মানসিক হেঁচা নিদিব ৷
- সৃষ্টিশীল কর্মক উৎসাহিত কৰিব লাগে ৷
- কল্পনাশক্তি সঠিক দিশত আগবাঢ়িবলৈ প্রশিক্ষণ দিয়াৰ ব্যৱস্থা লোৱাটো জৰুৰী ৷
- কেতিয়াও অইনৰ লগত তুলনামূলক মন্তব্য দিয়াটো উচিত নহয় ৷
বিভিন্ন উৎসৰ অধ্যয়নৰ পৰা কব পাৰি যে অন্তর্মুখী ব্যক্তিত্ব সৃষ্টিশীলতাৰ প্রতীক ৷ আমাৰ অলপমান মৰম আৰু সঁহাৰিয়ে ইয়াক বহুদূৰ আগুৱাহ লৈ যাব পাৰে ৷ সকলো ব্যক্তিৰে নিজৰ নিজৰ ব্যক্তিত্ব সুস্থ দিশত অগ্রসৰ হওক, সকলো কুশলে থাকক
ফোনঃ ৮৭২৪০-৮৬৬৩০
Comments are closed, but trackbacks and pingbacks are open.