মাণিক পাল
সন্ন্যাসী বুলি কোৱাৰ লগে লগে আমাৰ মানসপটত সাধাৰণতে ভাহি উঠে গেৰুৱা বস্ত্ৰধাৰী এনে এজন ব্যক্তিৰ ছবি যিজনে ঘৰ-সংসাৰ এৰি, সাংসাৰিক মোহ-মায়া ত্যাগ কৰি মঠ-মন্দিৰ আৰু পাহাৰে-পৰ্বতে ঘূৰি ফুৰে। মানুহ আৰু মানৱতাৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সহানুভূতি বা সমবেদনা নাই। লগতে তেওঁলোকে অকলে থাকিয়ে ভাল পায়। কিছুমানে আকৌ ভাবে সন্ন্যাসী মানেই হ’ল ভেল্কীবাজি। সেয়ে আজি আমি এনে এখন গ্ৰন্থৰ বিষয়ে আলোচনা কৰিম যিখন গ্ৰন্থই সন্ন্যাসী সম্পৰ্কে থকা আপোনাৰ সকলো ভ্ৰমক চিৰদিনৰ বাবে দূৰ কৰিব। কিতাপখনৰ নাম হ’ল – জয় শেট্টীৰ ‘থিংক লাইক এ মংক’ অৰ্থাৎ সন্ন্যাসীৰ দৰে চিন্তা কৰক। গ্ৰন্থখনৰ মূল উদ্দেশ্য হ’ল – এজন সন্ন্যাসীৰ দৃষ্টিভংগীৰে প্ৰতিদিনে আপুনি আপোনাৰ মনটোক শান্তি আৰু উদ্দেশ্যৰ বাবে কিদৰে আৰু কেনেকৈ প্ৰশিক্ষিত কৰিব তাক শিকোৱা। ইতিমধ্যে এই গ্ৰন্থখনে সমগ্ৰ বিশ্বতে পাঠক সমাজৰ পৰা বিপুল সমাদৰ লাভ কৰিছে।
‘সন্ন্যাসীৰ দৰে চিন্তা কৰক’ গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰত আছে লেখকৰ বাস্তৱ অভিজ্ঞতা। কাৰণ লেখক জয় শেট্টীয়ে কলেজীয়া শিক্ষা শেষ কৰি জীৱনৰ তিনিটা বছৰ ভাৰতৰ মুম্বাইত থকা আশ্ৰমত কটাইছিল। য’ত তেওঁ সন্ন্যাসীসকলৰ সান্নিধ্যত থাকি বিভিন্ন ধৰণৰ পৌৰাণিক গ্ৰন্থ যেনে – বেদ-উপনিষদ, শ্ৰীমদ্ভগৱদগীতা, পুৰাণ আদি গভীৰভাৱে অধ্যয়ন কৰি সন্ন্যাসীৰ মানসিকতাক আয়ত্ত কৰি লৈছিল। সন্ন্যাসীৰ জীৱন ধাৰণৰ প্ৰতি তেওঁ প্ৰথমবাৰৰ বাবে আকৰ্ষিত হৈছিল আধ্যাত্মিক গুৰু গৌৰাঙ্গ দাসৰ বক্তৃতা শুনি। সেয়ে সন্ন্যাসী ৰূপত জীৱনৰ তিনিটা গুৰুত্বপূৰ্ণ বছৰ আশ্ৰমত অতিবাহিত কৰাৰ পাছত গৌৰাঙ্গ দাসৰ পৰামৰ্শ মতেই আশ্ৰম ত্যাগ কৰি সন্ন্যাসী হিচাপে লাভ কৰা অভিজ্ঞতাবোৰ সাধাৰণ মানুহৰ মাজত বিলাই দিবলৈ তেওঁ ব্ৰত হয়। সম্প্ৰতি সন্ন্যাসীৰ জীৱনক অপ্ৰাসংগিক বুলি ভবা হয় যদিও এতিয়াও আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰবোৰত যে সন্ন্যাসীৰ মানসিকতাই কাম কৰি আছে সেই কথা লেখকে সন্ন্যাসী হিচাপে কটোৱা চমু জীৱনটোৰ পৰা বাৰুকৈয়ে উপলব্ধি কৰে। সন্ন্যাসীৰ মানসিকতাই এতিয়াও কেনেকৈ আমাৰ মাজৰ প্ৰতিজন ব্যক্তিৰ জীৱনত ক্ৰিয়া কৰে, প্ৰভাৱ বিস্তাৰ কৰে সেই কথা বুজাবলৈয়ে লেখকে এই গ্ৰন্থখন ৰচনা কৰিছে।
সন্ন্যাসীৰ দৰে চিন্তা কৰা মানে হ’ল – জীৱনটোক অনুভৱ কৰা আৰু যাপন কৰাৰ এক পৃথক পদ্ধতি। যি পদ্ধতিত নিহিত হৈ আছে বিদ্ৰোহ, অনাসক্তি, উদ্ভাৱন, উদ্দেশ্য, একাগ্ৰতা, অনুশাসন আৰু সেৱা কৰাৰ মানসিকতা। সন্ন্যাসী মানসিকতাৰ লক্ষ্য হ’ল এনে এক জীৱন, যি জীৱন অহংকাৰ, ঈৰ্ষা, লোভ, চিন্তা, ক্ৰোধ, কটুতা, অনাৱশ্যকীয় চাপ আদিৰ পৰা সম্পূৰ্ণ উন্মুক্ত। গতিকে জীৱনত সুখ, স্থিৰতা আৰু শান্তি পাবলৈ হ’লে আমি সন্ন্যাসী মানসিকতাক গ্ৰহণ কৰিবই লাগিব। এজন ব্যক্তিয়ে সন্ন্যাসী মানসিকতাক নিজৰ জীৱনত তিনিটা অৱস্থাৰ জৰিয়তে প্ৰণয়ন কৰিব পাৰে। প্ৰথমটো হ’ল – একধৰণৰ চাফাই অভিযান, যাৰ জৰিয়তে আমি কিছুমান বস্তুক ত্যাগ কৰিম, নিজকে বাহিৰা প্ৰভাৱ, আন্তৰিক বাধা আৰু ভয়ৰ পৰা উন্মুক্ত কৰিম, যিবোৰে আমাক পিছফালৰ পৰা টানি ধৰিছে। দ্বিতীয় অৱস্থাত আমি নিজকে উন্নত আৰু বিকাশ কৰিম। নিজৰ জীৱনটোক এক ধৰণৰ আকাৰ দিবলৈ যত্ন কৰিম, যাতে আমি উদ্দেশ্য, লক্ষ্য আৰু আত্মবিশ্বাসৰ সৈতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। তৃতীয় অৱস্থাত আমি আমাৰ সমাজ আৰু মানুহৰ বাবে দান কৰাৰ অভ্যাস কৰিম, কৃতজ্ঞতাৰ অনুভূতিক বিস্তাৰ কৰিম আৰু আমি আমাৰ সম্বন্ধৰ বান্ধোনক কটকটীয়া কৰিম। সেৱাৰ জৰিয়তে জীৱনটোক কেনেকৈ অৰ্থপূৰ্ণ কৰিব পাৰি সেই সম্পৰ্কেও আমি জানিম। এই অৱস্থা তিনিটাৰ ওপৰতে ভিত্তি কৰি লেখকে গ্ৰন্থখনক তিনিটা ভাগত বিভক্ত কৰিছে।
সমাজ বিজ্ঞানী চাৰ্লছ হৰ্টনে ১৯০২ চনত লিখিছিল, “মই সেইটো নহয় যিটো মই ভাবোঁ যে মই হয়, আৰু মই সেইটোও নহয়, যিটো আপুনি ভাবে যে মই হয়। মইতো সেইটো হয়, যিটো মই ভাবোঁ যে আপুনি ভাবে মই হয়।” অৰ্থাৎ আমি নিজকে সেই ধৰণে গঢ়িব বিচাৰোঁ যিধৰণে আনে বিচাৰে। আমি আমাৰ নিজৰ পৰিচয়ক আনে আমাৰ বিষয়ে কি ভাবে তাৰ মাজত আবদ্ধ কৰি ৰাখোঁ। ফলস্বৰূপে আমি আমাৰ নিজৰ অস্তিত্বক হেৰুৱাই পেলাও। যেতিয়া আমি আনৰ সপোনৰ পিছত দৌৰি থাকিম তেতিয়া নিজকে কেনেকৈ চিনি পাম আৰু নিজে কোনটো বস্তুত বা কামত সুখী হ’ম কেনেকৈ জানিম। আজিৰ দিনত প্ৰতিটো মুহূৰ্ততে পিতৃ-মাতৃ, বন্ধু, শিক্ষা, সামাজিক মাধ্যম, সংবাদ আদিৰ দ্বাৰা উৎপন্ন হোৱা শব্দ বা হুলস্থুলবোৰে আমাৰ মস্তিষ্কত আঘাত কৰে। অৰ্থপূৰ্ণ জীৱন জীয়াৰ একমাত্ৰ উত্তম পদ্ধতি হ’ল এই শব্দ বা হুলস্থুলবোৰৰ পৰা নিজকে আঁতৰাই ৰখা আৰু নিজৰ ভিতৰত নিজে চোৱা। এয়া হ’ল সন্ন্যাসী মানসিকতাৰ পিনে আগবঢ়াৰ প্ৰথম পদক্ষেপ। অৰ্থাৎ সৰ্বপ্ৰথমে আমি সেইবোৰ বস্তুৰ বাধাক দূৰ কৰিম যিবোৰে আমাক বিকাশৰ পথত চলাত বাধা দিয়ে।
যিমানবোৰ মঠ-মন্দিৰ আছে প্ৰায়ভাগৰে পৰম্পৰাৰ বুনিয়াদ হ’ল সেই বিক্ষিপ্ততাবোৰক আঁতৰোৱা যিবোৰে গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোযোগ দিয়াত বাধা প্ৰদান কৰে। অৰ্থাৎ শাৰীৰিক আৰু মানসিক ইচ্ছাবোৰক জয় কৰি জীৱনৰ অৰ্থৰ সন্ধান কৰা। কিছুমান পৰম্পৰাত মৌন ব্ৰত থাকে, কিছুমানত যৌনতাক ত্যাগ কৰা হয়, কিছুমানত সাংসাৰিক বস্তুবোৰক ত্যাগ কৰা হয় আৰু কিছুমানত এই তিনিওটা বস্তুকে ত্যাগ কৰা হয়। আশ্ৰমত কেৱল আপুনি সিমানখিনি বস্তুৱে পাব যিমানখিনি আপোনাৰ প্ৰয়োজন। যেতিয়া আমি অপ্ৰয়োজনীয় বস্তুবোৰৰ মাজত ব্যস্ত থাকো তেতিয়া আমি পাহৰি যাওঁ আচলতে কোনটো গুৰুত্বপূৰ্ণ। লেখকৰ মতে সেই বুলি আমি সন্ন্যাসীৰ দৰে সকলো ত্যাগ কৰিব নালাগে, কেৱল সেইবোৰ বাহিৰা বস্তুক জানি লওক যিবোৰে আপোনাৰ বিকাশত বাধা দিয়ে আৰু পিছফালৰ পৰা টানি ধৰে। এবাৰ সেইবোৰ বস্তুক জানি লোৱাৰ পিছত আপুনি নিজে সেইবোৰক এৰাই চলি বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰিব। আপুনি যদি সঁচাকৈয়ে বিকাশৰ পথত অগ্ৰসৰ হ’ব বিচাৰে তেন্তে নিজকে লোভ, কাম, ক্ৰোধ, অহংকাৰ, মায়া আৰু ঈৰ্ষাৰ দৰে ছটা নিম্ন আদৰ্শৰ পৰা আঁতৰাই ৰাখিব জানিব লাগিব। যিটো কাম সন্ন্যাসীসকলে ভালকৈ জানে। আমি প্ৰায়ে আনৰ বিষয়ে ভাবি বা আলোচনা কৰি ভাল পাওঁ। যিটোৱে আমাৰ নিজৰে ক্ষতি কৰে। কাৰণ আপুনি যিমানে আনৰ বিষয়ে কমকৈ চিন্তা কৰিব নিজৰ বিষয়ে চিন্তা কৰাৰ সিমানে বেছি সময় পাব। মুঠতে কিতাপখনৰ প্ৰথম ভাগত, সন্ন্যাসী মানসিকতাৰে আপুনি আপোনাক কেনেকৈ চিনিব, বিভিন্ন বাধাবোৰক কেনেকৈ দূৰ কৰিব, নিজকে নেতিবাচক বস্তু আৰু চিন্তাৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব, ভয়ক কেনেকৈ পৰাজিত কৰিব সেই সম্পৰ্কে বিতংকৈ জানিবলৈ পাব।
লেখকৰ মতে ধৰ্ম হ’ল বৰ্ণ আৰু সেৱাৰ মিশ্ৰণ। বৰ্ণ মানে হ’ল আবেগ আৰু যোগ্যতাৰ মিশ্ৰণ। সেৱা মানে হ’ল সংসাৰৰ প্ৰয়োজনীয়তাবোৰক বুজা আৰু নিঃস্বাৰ্থভাৱে আনৰ সহায় কৰা। যেতিয়া আপোনাৰ স্বাভাৱিক যোগ্যতা আৰু আৱেগ সংসাৰৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত হয় আৰু ই আপোনাৰ জীৱনৰ উদ্দেশ্য হয় তেতিয়া আপুনি ধৰ্ম অনুসৰি জীয়াই আছে। যেতিয়া আপুনি আপোনাৰ সময় আৰু শক্তি ধৰ্ম অনুসৰি জীয়াই থকাত নিয়োগ কৰে, তেতিয়া আপুনি সন্তুষ্টি পাব যে আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ যোগ্যতাৰ ব্যৱহাৰ কৰিছে আৰু এনে এটা কাম কৰি আছে, যিটো সমগ্ৰ জগতখনৰ বাবে গুৰুত্বপূৰ্ণ। নিজৰ ধৰ্ম অনুসৰি জীৱন-যাপন কৰাটোৱেই হ’ল সন্তুষ্টিৰ নিশ্চিত পথ।
সন্ন্যাসী এজন যাত্ৰী। কিন্তু এই যাত্ৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ যাত্ৰা। যি যাত্ৰাই আমাক আমাৰ আটাইতকৈ সত্য আৰু শক্তিশালী স্ব অভিমুখে লৈ যায়। নিজৰ আত্মজীৱনীত আন্দ্ৰে আগাছীয়ে লিখিছে – বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ, আঠ বাৰৰ গ্ৰেণ্ড স্লেম বিজয়ী আৰু স্বৰ্ণ পদক বিজয়ী আগছীয়ে টেনিছ খেলিবলৈ ভাল নাপাইছিল। তেওঁৰ দেউতাকে তেওঁক টেনিছ খেলিবলৈ বাধ্য কৰাইছিল যদিও তেওঁ খেলটোত সফলো হৈছিল। কিন্তু তেওঁ ইয়াক ভাল পোৱা নাছিল। তেওঁ টেনিছ খেলত সফল হৈ বহু ধন উপাৰ্জন কৰিলে। এয়া তেওঁৰ ধৰ্ম নাছিল যদিও তেওঁ সফল হৈ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰি জমা ধনেৰে তেওঁ পৰোপকাৰী কামত জড়িত হৈ পৰিছিল। এইদৰে আগাছীয়ে জীৱনৰ শেষৰ পিনে নিজৰ ধৰ্মৰ সন্ধান কৰি বিকাশৰ পথত অগ্ৰসৰ হয়। লেখকৰ মতে সুখী হোৱাৰ তিনিটা পথ আছে আৰু তিনিওটা পথেই জ্ঞানৰ ওপৰত নিৰ্ভৰশীল। সেই পথবোৰ হ’ল – শিকা, প্ৰগতি কৰা আৰু উপলব্ধি কৰা। যেতিয়াই আমি উন্নতি বা বিকাশ কৰোঁ তেতিয়া আমি সুখী হওঁ আৰু ভৌতিক আশংকাৰ পৰা মুক্ত হওঁ। যদি আপুনি অসন্তুষ্ট বা নিজৰে সমালোচনা কৰি আছে বা নিৰাশ অনুভৱ কৰি আছে, তেন্তে ইয়াৰ বাবে থমকি নৰ’বা। কেনেকৈ বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে তাৰ সন্ধান কৰক। মনটোক সুস্থ কৰি, অহংকাৰক দূৰ কৰি জীৱনৰ উদ্দেশ্যৰ সন্ধানৰ বাবে আপুনি কেনেকৈ দিনটো অতিবাহিত কৰিব সেই সম্পৰ্কে খুব সুন্দৰ এক ব্যাখ্যা আপুনি কিতাপখনৰ দ্বিতীয় অংশত পাব।
কৃতজ্ঞতা মানে কেৱল ধন্যবাদ সূচক শব্দ নহয়। কৃতজ্ঞতা সুস্থ মানসিক স্বাস্থ্য, স্ব-সজাগতা, ভাল সম্বন্ধ আৰু সন্তুষ্টিৰ অনুভূতিৰ সৈতে জড়িত। কৃতজ্ঞতাই আমাক কটুতা আৰু কষ্টৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে। কৃতজ্ঞতাই কেৱল আমাৰ মনকে সুস্থ নকৰে, ই আমাৰ শৰীৰকো সুস্থ কৰে। কৃতজ্ঞতাই আমাৰ স্বাস্থ্যৰ ওপৰত কেনেকুৱা ইতিবাচক প্ৰভাৱ পেলায় সেই সম্পৰ্কে ব্যাখ্যা কৰি ডিয়ুক বিশ্ববিদ্যালয় মেডিকেল চেন্টাৰৰ ডিভিজন অৱ বায়োলজিক ছাইক’লজিৰ প্ৰধান ডাঃ পি মুৰলী দোৰাইস্বামীয়ে কৈছিল – “যদি কৃতজ্ঞতা কোনো ঔষধ হ’লহেঁতেন তেন্তে এইটো বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰী হ’লহেঁতেন, যিটোৱে মানুহৰ প্ৰতিটো অংগক সুস্থ কৰি ৰাখিলেহেঁতেন।”
যদি আপুনি আনৰ ভালৰ বাবে কোনো বস্তু ত্যাগ কৰে, তেন্তে আপুনি অতি সহজে সেই প্ৰয়াস আৰু শক্তিক অনুভৱ কৰে, যিটো আনে আপোনাক দিয়ে। ইয়াৰ অৰ্থ হ’ল আপোনাৰ দয়ালুতাৰ কামবোৰে আপোনাক শিকাই দিয়ে যে দয়ালু হ’বলৈ কোনবোৰ বস্তুৰ প্ৰয়োজন হয়। সেয়ে আপোনাৰ দয়ালুতাই আপোনাক সঁচাকৈয়ে কৃতজ্ঞ অনুভৱ কৰাত সক্ষম কৰি তোলে। দয়ালুতাই কৃতজ্ঞতাৰ পাঠ শিকায়। দয়ালুতাৰ পিছত কৃতজ্ঞতাৰ সোঁতে এজন ব্যক্তিক বিকাশৰ পথত আগবাঢ়ি যোৱাত সহায় কৰে। সেৱাই ক্ৰোধ, বিষাদ, ঈৰ্ষা আৰু নিৰাশাৰ দৰে নেতিবাচক ভাববোৰক কৃতজ্ঞতালৈ পৰিৱৰ্তন কৰে। কাৰণ সেৱাই আমাক প্ৰকৃত দৃষ্টিকোণ প্ৰদান কৰে। মুঠতে কৃতজ্ঞতা হ’ল সকলো ভাল গুণৰ জননী। যেনেকৈ মাকে জন্ম দিয়ে, ঠিক তেনেকৈ কৃতজ্ঞতাই আন সকলো ইতিবাচক গুণ যেনে – কৰুণা, আত্মবিশ্বাস, উৎসাহ, স্থিতিস্থাপকতা আদিৰ জন্ম দিয়ে।
নেলছন মেণ্ডেলাই নিজৰ আত্মজীৱনী ‘লং ৱক টু ফ্ৰিডম’ত কৈছিল – “যিকোনো মানুহে জন্মৰ সময়তে আন এজন ব্যক্তিক তেওঁৰ গাৰ ছালৰ ৰং বা তেওঁৰ পৃষ্ঠভূমি বা তেওঁৰ ধৰ্মৰ বাবে ঘৃণা নকৰে। আনক ঘৃণা কৰিবলৈ মানুহে শিকিব লাগে। আৰু যদি তেওঁ ঘৃণা কৰিবলৈ শিকিব পাৰে তেন্তে প্ৰেম কৰাও শিকিব পাৰে, কাৰণ প্ৰেম মানুহৰ হৃদয়ৰ বাবে বেছি স্বাভাৱিক।” যিদৰে মেণ্ডেলাই বিশ্বাস কৰে যে মানুহৰ জন্ম প্ৰেম কৰিবলৈহে হয়, ঘৃণা কৰিবলৈ তাক শিকোৱা হয়, ঠিক সেইদৰে সন্ন্যাসীসকলেও বিশ্বাস কৰে যে আমাৰ জন্ম আনৰ সেৱা কৰিবলৈহে হয়। কিন্তু বাহ্যিক জগতৰ জাকজমকতাবোৰৰ বাবে আমি আমাৰ জীৱনৰ মূল উদ্দেশ্যক পাহৰি যাওঁ। গতিকে গ্ৰন্থখনৰ তৃতীয় অংশই আপোনাক আনৰ বাবে জীয়াবলৈ শিকাব।
মুঠতে আপুনি আপোনাৰ জীৱনটোক সন্ন্যাসীৰ মানসিকতাৰে কেনেকৈ সমৃদ্ধ কৰিব পাৰিব তাৰ বিষয়ে এক সুন্দৰ বিশ্লেষণ গ্ৰন্থখনৰ জৰিয়তে লাভ কৰিব। লগতে কেনেকৈ নিজকে পৰিৱৰ্তন কৰি বিকাশৰ পথত অগ্ৰসৰ হৈ আনৰ বাবে জীৱনটোক সমৰ্পিত কৰিব পাৰি তাৰো এক পাঠ গ্ৰন্থখনে আপোনাক শিকাব।
ফোন: ৯৮৬৪২৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.