মাণিক পাল
আল মুস্তাফা নামৰ এজন মহাপুৰুষে ১২ বছৰ ধৰি বিদেশৰ এখন চহৰত বসবাস কৰাৰ পিছত ঘৰলৈ উভতি অহাৰ বাবে জহাজত উঠাৰ বাবে প্ৰস্তুত, এনে সময়তে এদল মানুহে আহি তেওঁক আগুৰি ধৰে আৰু জীৱনৰ ৰহস্যবোৰ জনাৰ বাবে তেওঁলোকে মহাপুৰুষজনক বিভিন্ন প্ৰশ্ন কৰে আৰু মহাপুৰুষজনে উত্তৰ দি যায়। তেওঁলোকৰ ভিতৰত আলমিতৰা নামৰ মহিলা এগৰাকীয়ে প্ৰথমে, ‘ভালপোৱা বা প্ৰেম’ৰ বিষয়ে জানিব বিচাৰে। মহাপুৰুষজনে ক’লে– “ভালপোৱাৰ পথ সকলোৱে অনুসৰণ কৰে যদিও সেই পথ কঠিন আৰু দৰ্বিষহ। আৰু যেতিয়া ইয়াৰ বিস্তাৰে ঢাকি পেলায় তেতিয়া তোমালোকে আত্মসমৰ্পন কৰা, যদিও ইয়াৰ ডেউকাত লুকাই থকা তৰবাৰিয়ে তোমাক আহত কৰিব পাৰে। তাৰ লগতে প্ৰেমে তোমাৰ উন্নতি আৰু অধোনতিও কৰিব পাৰে। শস্য চপোৱাৰ দৰে প্ৰেমে তোমাক নিজৰ ওচৰত চপোৱাব পাৰে, তোমাক নিকা কৰি নিৰাবৰণ কৰিব পাৰে, আবৰ্জনাৰ পৰা উলিয়াই আনি মুক্ত কৰিব পাৰে, ঘঁহি পৰিষ্কাৰ কৰিব পাৰে, মুঠতে নমনীয় নোহোৱালৈকে প্ৰেমে তাৰ অত্যাচাৰ চলাই যায়। তাৰ পিছত প্ৰেমে তোমাক পবিত্ৰ অগ্নিৰ ওচৰত নিবেদন কৰে, যাতে তুমি ঈশ্বৰৰ পবিত্ৰ খাদ্য হ’ব পাৰা।
প্ৰেমৰ এইবোৰ অভিজ্ঞতাৰ জৰিয়তে তুমি প্ৰেম নামৰ হৃদয়ৰ গোপন অনুভূতি সম্পৰ্কে জানিব পাৰিবা । কিন্তু যদি তুমি প্ৰেমৰ পৰা কেৱল শান্তি বা আনন্দ কামনা কৰা তেন্তে প্ৰেমৰ পৰা দূৰত থকাই ভাল। প্ৰেম সেই ঋতুহীন পৃথিৱী য’ত তুমি হাঁহিবা বা কান্দিবা, কিন্তু সকলো হাঁহি-কন্দোনক নিঃশেষ নকৰিবা । প্ৰেমে নিজৰ বাহিৰে আন কোনো বস্তু দিব বা নিব নাজানে। প্ৰেম কেতিয়াও অধিকাৰ নকৰে বা অধিকৃতও নহয় । প্ৰেম একমাত্ৰ প্ৰেমৰে পূৰ্ণতা। প্ৰেম নিবেদনৰ সময় কেতিয়াও ক’ব নালাগে – ‘ঈশ্বৰ মোৰ হৃদয়ত’ বৰং ক’ব লাগে ‘মই ঈশ্বৰৰ হৃদয়ত’। কেতিয়াও নাভাবিবা তুমি প্ৰেমক পথ দেখুৱাব পাৰা বুলি । যদি তুমি যোগ্যতা অৰ্জন কৰা তেন্তে প্ৰেমেই তোমাক পথ দেখুৱাব । নিজক চৰিতাৰ্থ কৰাৰ বাহিৰে প্ৰেমৰ আন কোনো উদ্দেশ্য নাই। কিন্তু যদি তুমি প্ৰেমত পৰা আৰু যদি বাসনাৰ প্ৰয়োজন অনুভৱ হয় তেন্তে সেই বাসনা হ’ব লাগিব তলত দিয়া ধৰণৰ –
“স্বেচ্ছাই আনন্দৰ সৈতে ৰক্তপাত হ’বলৈ দিয়া, হৃদয়ৰ ডেউকাত ভৰ দি ব্ৰহ্ম মুহূৰ্তত উঠা আৰু আন এটা প্ৰেমৰ পিনে ধন্যবাদ দিয়া, দ্বিপ্ৰহৰত বিশ্ৰামৰ মাজেৰে প্ৰেমৰ ধ্যান কৰা, কৃতজ্ঞচিত্তে সন্ধিয়া গ্ৰহ-প্ৰত্যাৱৰ্তন কৰা আৰু হৃদয়ত প্ৰাৰ্থনা লৈ নিদ্ৰামগ্ন হোৱা ।”
এজন মহিলাই নিজৰ সন্তানক কোলাত লৈ সন্তানৰ বিষয়ে জানিব বিচৰাত, মহাপুৰুষজনে ক’লে– “তোমালোকৰ সন্তানসকল তোমালোকৰ নহয় । সিহঁত জীৱনৰ নিজস্ব আকাংক্ষাৰ সন্তান। তোমালোকৰ জৰিয়তে সিহঁতৰ জন্ম, কিন্তু তোমালোকৰ পৰা নহয়। সিহঁত তোমালোকৰ লগত থাকিলেও তোমালোকৰ নহয়। তোমালোকে সিহঁতক ভাল পাব পাৰা কিন্তু তোমালোকৰ ভাৱনা জাপি দিব নোৱাৰা। কাৰণ সিহঁত নিজস্ব চিন্তাৰ অধিকাৰী। তোমালোকে সিহঁতৰ শাৰীৰক আশ্ৰয় দিব পাৰা, কিন্তু আত্মাক নহয় । কাৰণ সিহঁতৰ আত্মাৰ বাস ভৱিষ্যতৰ গৰ্ভত, য’ত তোমালোকৰ প্ৰৱেশৰ অধিকাৰ নাই, আনকি সপোনতো নাই। তোমালোকে সিহঁতৰ দৰে হ’ব পাৰা কিন্তু সিহঁতক তোমালোকৰ দৰে কৰিব নিবিচাৰিবা । কাৰণ জীৱন কেতিয়াও পিছুৱাই নাযায় বা অতীতকো আঁকোৱালি ল’ব নিবিচাৰে। তোমালোকে সেই ধেনু, য’ৰ পৰা শিশুসকল সন্মুখৰ পিনে নিক্ষিপ্ত হয় । ধনুৰ্ধাৰীয়ে অসীমত এটি চিহ্ন দেখিবলৈ পায় আৰু ঈশ্বৰে নিজৰ শক্তি প্ৰয়োগ কৰি তোমালোকক নত কৰে, যাতে সিহঁতৰ কাঁড়বোৰ দ্ৰুত স্থানত যায়। সানন্দে ধনুৰ্ধাৰীৰ হাতত নত হোৱাক মানি লওক, কাৰণ ঈশ্বৰে যেনেকৈ ধাৱমান কাঁড়ক ভালপায়, তেনেকৈ সেই ধনুৰ্ধাৰীকো ভালপায়, যিজন স্থিৰ।
এজন কৃষকে কাম সম্পৰ্কে জানিব বিচৰাত মহাপুৰুষজনে ক’লে – তোমালোকে কাম কৰা বিশ্বব্ৰহ্মাণ্ডৰ আত্মাৰ সৈতে তাল-মিল ৰখাৰ বাবে। কাৰণ প্ৰকৃত জীৱনযাপনৰ অৰ্থ হ’ল সময়ৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব নোৱাৰা, জীৱনৰ মূল ছন্দ হেৰুৱাই পেলোৱা, জীৱনৰ অপাৰ মহিমাৰ সৈতে একসূত্ৰত গাঁথা আৰু অনন্তৰ প্ৰতি বিনম্ৰ নিবেদন। কামৰ সময়ত তোমালোক সেই বাঁহী, যাৰ হৃদয়ৰ মাজেৰে সময়ৰ অনুচ্চ কণ্ঠস্বৰ পৰিৱৰ্তিত হয় সংগীতত
তোমালোকে সদায় শুনি আহিছা কাম এক অভিশাপ আৰু শ্ৰম দুৰ্ভগীয়াৰ বাবে। কিন্তু মই তোমালোকক ক’ব বিচাৰোঁ, কামৰ মাধ্যমেৰে তোমালোকে ধৰিত্ৰীৰ সুদূৰতম সেই সপোন বাস্তৱ কৰি তোলা, যি দায়িত্ব তোমালোকৰ সপোনটোৰ জন্মৰ মুহূৰ্ততেই দিয়া হৈছিল। আৰু শ্ৰমৰ জৰিয়তে জীৱনৰ পৰম সত্যক ভালপোৱা। আৰু শ্ৰমৰ জৰিয়তে জীৱনটোক ভালপোৱাৰ অৰ্থ হ’ল নিবিড়ভাৱে জীৱনৰ গহীন সত্যৰ কাষত অহা।
তোমালোকে যদি জন্মৰ কথা ভাবি যন্ত্ৰণা পোৱা আৰু পৰিতাপ কৰা, যদি ভাবা তেজ-মাংসৰ এই শৰীৰটো এক অভিশাপ তেন্তে মই একো নকওঁ, কিন্তু কপালত জমি থকা শ্ৰমৰ ঘামে সেই লিখন মচি দিব। লগতে মই এয়াও ক’ম যে স্বতঃপ্ৰণোদন অবিহনে জীৱন অন্ধকাৰ, যাৱতীয় চালিকা শক্তিই অন্ধ, যদি তাত জ্ঞানৰ পোহৰ নাথাকে। আনহাতে সকলো জ্ঞান অসাৰ, যদি তাত শ্ৰম নাথাকে। আকৌ যিকোনো শ্ৰম অন্তঃসাৰশূন্য, যদি তাত ভালপোৱা নাথাকে।
যদি তুমি ভালপাই কাম কৰা, তোমাৰ নিজস্ব সত্তাৰ সৈতে তুমি মিলি যোৱা, এজনে আনজনৰ লগত যুক্ত হয় আৰু ঈশ্বৰৰ সৈতে যুক্ত হয় । এতিয়া কথা হ’ল ভালপাই কাম কৰা কেনেকুৱা ? ভালপাই কাম কৰা মানে হ’ল– হৃদয়ৰ তন্তু দি তোমাৰ প্ৰিয়াৰ বাবে পোছাক তৈয়াৰ কৰা, ভালপোৱাৰে তৈয়াৰ কৰা এটা ঘৰ, য’ত তোমাৰ প্ৰমিকা বসবাস কৰে, পৰম আনন্দৰে বীজ ৰোপন কৰা, যাতে তোমাৰ প্ৰিয়জনে আহাৰ লাভ কৰে, জীৱনযাপনৰ আত্মিক শক্তিৰে পুনৰজ্জীৱিত কৰি লোৱা ইত্যাদি।
এজনী মহিলাই আনন্দ আৰু সুখৰ বিষয়ে জানিব বিচৰাত মহাপুৰুষজনে ক’লে – দুঃখৰ সন্মুখৰ পৰা পৰ্দা আঁতৰি গ’লে সেয়া হৈ উঠে তোমাৰ আনন্দ আৰু যি উৎসৰ পৰা তোমালোকৰ হাঁহি স্থানান্তৰিত হৈছে, প্ৰায়ে সেয়া তোমালোকৰ চকুলোৰে পূৰ্ণ । যেতিয়া তোমালোকে আনন্দিত হৃদয়ৰ গভীৰত চোৱা, তেতিয়া বুজিব পাৰিবা দুখ আৰু সুখৰ উৎস একেই। যেতিয়া তুমি দুঃখ অভিহত আৰু এবাৰ আভ্যন্তৰত চোৱা, তেন্তে উপলব্ধি কৰিবা, যিটোৱে তোমাক আনন্দ দিছে, তাৰ বাবেই তুমি কান্দিছা। তোমালোকৰ কিছুমানে কয়- ‘সুখ দুখতকৈ ডাঙৰ’ আকৌ আন কিছুমানে কয়– ‘নহয়, দুখ অধিক মহৎ’। কিন্তু মই তেওঁলোকক কওঁ দুখ আৰু সুখ অবিচ্ছেদ্য। ইহঁত একেলগে হাত ধৰি আহে। যেতিয়া এজনে নিভৃতে তোমাৰ সৈতে বহে, মনত ৰাখিব আনজন তোমাৰ বিছনাত নিদ্ৰামগ্ন। মুঠতে দুখ আৰু সুখৰ মাজত তুমি তুলাচালনীৰ দৰে দুলি থাকা। যেতিয়া তুমি কেৱল অন্তৰৰ পৰা শূন্য, তেতিয়াই তুমি স্থিৰ আৰু ভাৰসাম্য।
এজন শিক্ষকে যেতিয়া শিক্ষা সম্পৰ্কে জানিব বিচাৰে তেতিয়া মহাপুৰুষ আলমুস্তাফাই কয়– “তোমালোকৰ জ্ঞান লাভৰ ঊষালগ্নত কোনেও অৰ্ধ-জাগ্ৰত কোনো বস্তুৰ বাবে আন একো প্ৰকাশ কৰিব নোৱাৰে। যিজন শিক্ষকে মন্দিৰৰ ছত্ৰছায়াত তেওঁৰ অনুগামীসকলৰ মাজত খোজকাঢ়ি যায়, তেওঁ কেতিয়াও জ্ঞান বিতৰণ নকৰে, বিশ্বাস আৰু ভালপোৱাক বিলাই দিয়ে। যদি তেওঁ সঁচাকৈয়ে জ্ঞানী হয়, তেন্তে তেওঁ কেতিয়াও তোমালোকক নিজৰ জ্ঞানৰ ভুৱনত প্ৰৱেশ কৰাৰ আদেশ নিদিয়ে, বৰং তোমালোকৰ আপোন হৃদয়ৰ দুৱাৰ মুখত উপনীত কৰিব। জ্যোতিৰ্মণ্ডল সম্পৰ্কে তেওঁৰ উপলব্ধিৰ কথা তোমালোকক ক’ব পাৰে, কিন্তু তেওঁৰ উপলব্ধি তোমালোকক দান কৰিব নোৱাৰে।
গায়ক এজনে হয়তো সকলোকে বিৰাজমান ছন্দত গান গাব পাৰে, কিন্তু তেওঁ তোমালোকৰ সেই শ্ৰৱণেন্দ্ৰিয়, যিটোৱে সেই ছন্দক গ্ৰহণ কৰিব পাৰে বা সেই কণ্ঠ, য’ত সেয়া ধ্বনিত হয়, দান কৰিব নোৱাৰে। আকৌ সংখ্যা বিজ্ঞানীয়ে ওজন বা মাপ সম্পৰ্কে ক’ব পাৰে, কিন্তু তোমালোকক সেই জ্ঞানৰ জগতত উপনীত কৰিব নোৱাৰে। কাৰণ এজনৰ দৃষ্টিভঙ্গীয়ে আনজনক উৰিবলৈ ডেউকা দিব নোৱাৰে। আৰু যদি তোমালোক প্ৰত্যেকেই ঈশ্বৰ চেতনাত একাকী, তোমালোকৰ প্ৰত্যেককেই ঈশ্বৰ সম্বন্ধে আপোন জ্ঞান আৰু পৃথিৱী সম্পৰ্কে নিজৰ উপলব্ধিৰ ক্ষেত্ৰত অকলশৰীয়া হ’ব লাগিব।
এজন যুৱকে বন্ধুত্ব সম্পৰ্কে জানিব বিচৰাত মহাপুৰুষজনে ক’লে– “তোমাৰ বন্ধুৱে হ’ল তোমাৰ প্ৰয়োজনৰ উত্তৰ। তেওঁ তোমাৰ সেই ভূমি, য’ত তুমি ভালপোৱাৰ বীজ ৰোপন কৰা আৰু ধন্যবাদৰ শস্য লাভ কৰা। তেওঁ তোমাৰ আহাৰ আৰু বাসস্থানৰ বন্দোবস্ত কৰে। তুমি ক্ষুধা লৈ তাৰ ওচৰত যোৱা আৰু শান্তিৰ বাবে তাৰ সান্নিধ্য কামনা কৰা। তোমাৰ বন্ধুয়ে যেতিয়া তাৰ মনৰ কথা তোমাক কয়, তুমি ‘না’ শব্দটো উচ্চাৰণ কৰিবলৈ ভয় পোৱা, আকৌ ‘হা’ শব্দটোও বান্ধি ৰাখিব নোৱাৰা । তোমাৰ বন্ধু যেতিয়া ৰৈ যায়, তোমাৰ হৃদয়ো তেতিয়া তাৰ হৃদয়ৰ বাণী শুনাৰ পৰা বিৰত হয়। কাৰণ বন্ধুত্বত কথাৰ বাদে সকলো ভাবনা, কামনা, প্ৰত্যাশাৰ জন্ম হয়, যাক ভাগ কৰি লোৱা হয় অযাচিত আনন্দত।
তোমাৰ বন্ধুত্বৰ সৈতে যেতিয়া তোমাৰ বিচ্ছেদ ঘটে দুখ নকৰিবা। কাৰণ তাৰ যিটো গুণে তোমাক আটাইতকৈ বেছি আকৃষ্ট কৰে তাৰ অনুপস্থিতিতে সেয়া বেছিকৈ অনুভৱ হয় । পৰ্বতাৰোহীৰ বাবে যেনেকৈ সমতলৰ পৰা পৰ্বতক আটাইতকৈ বেছি স্পষ্ট লাগে। বন্ধুত্বক সুদৃঢ় কৰাৰ বাহিৰে বন্ধুত্বত যেন আন কোনো উদ্দেশ্য নাথাকে। কাৰণ যি ভালপোৱাই তাৰ ৰহস্যৰ উন্মোচনৰ বাহিৰে কোনো জাগতিক লাভৰ কথা ভাবে, সেয়া ভালপোৱা নহয়, কোনো বিশেষ প্ৰত্যাশাত কৰা জাল নিক্ষেপহে, যাতে অবাঞ্চিত বস্তু ধৰা পৰে। আৰু তোমাৰ শ্ৰেষ্ঠ বস্তুটো যেন তোমাৰ বন্ধুৰ বাবে ৰাখি থোৱা থাকে। যদি তাক তোমাৰ জীৱনৰ ভাটাৰ টানটো প্ৰত্যক্ষ কৰিব লগা হয়, সি যেন জোৱাৰৰ কথাটোও জানিব পাৰে। সেইজন তোমাৰ কেনে বন্ধু যাক তুমি অলপ সময়ৰ ভিতৰত হেৰুৱাব বিচৰা? তোমাৰ সকলো দি তাৰ সান্নিধ্য কামনা কৰা। কাৰণ, সি তোমাৰ প্ৰয়োজন পূৰণ কৰিব, তোমাৰ শূন্যতাক নহয় । আৰু কেৱল বন্ধুত্বৰ মাজতে থাকক হাঁহি আৰু থাকক আনন্দ ভাগ কৰি লোৱা। কাৰণ সৰু সৰু বস্তুৰ ওপৰত যি নিয়ৰৰ টোপাল জমাহৈ থাকে, হৃদয়ে তাতেই বিচাৰি পায় তাৰ উষা লগ্ন আৰু পুনৰ উজ্জীৱিত হয়।
এজন জ্যোতিৰ্বিদে সময় সম্পৰ্কে জানিব বিচৰাত মহাপুৰুষজনে ক’লে– “তোমালোকে সময়ক জুখিব বিচৰা, যাক প্ৰকৃতাৰ্থত জুখিব পৰা নাযায়। প্ৰহৰ আৰু ঋতু অনুযায়ী তোমালোকে তোমালোকৰ ব্যৱহাৰ সলনি কৰি লোৱা, আনকি তোমালোকৰ আত্মাৰ গতিপথো নিৰ্দিষ্ট কৰা। সময়ৰ পৰা তোমালোকে যি প্ৰবাহ তৈয়াৰ কৰা, যাৰ তীৰত বহি আকৌ সেই সময়কে বৈ যোৱা চোৱা। তথাপিও তোমালোকৰ মাজত যি অশেষ, তেওঁ জীৱনৰ অসীম ব্যাপ্তি সম্পৰ্কে সচেতন। তেওঁ জানে কালি আজিৰ স্মৃতি আৰু কালৈ আজিৰ সপোন বাদে একো নহয়।
তোমালোকৰ মাজত কোন এনে আছে, যিজনে ভালপোৱাৰ সীমাহীন ক্ষমতা অনুভৱ নকৰে ? আৰু সময় কি ভালপোৱাৰ দৰে অবিভাজ্য গতিহীন নহয় ? কিন্তু তোমালোকৰ ভাবনাত যদি সময়ক ঋতুচক্ৰৰে পৰিমাপ কৰিবলগীয়া হয়, প্ৰতিটো ঋতু যেন আন ঋতুৰে আগুৰি থাকে। আৰু বৰ্তমানক যেন অতীতক সমগ্ৰ স্মৃতিৰ সৈতে আৰু ভৱিষ্যতক আকাংক্ষাৰ সৈতে আলিঙ্গন কৰিব পাৰে।
এজন ধৰ্ম যাজকে যেতিয়া প্ৰাৰ্থনা সম্পৰ্কে জানিব বিচাৰে তেতিয়া মহাপুৰুষজনে কয় – তোমালোকে সাধাৰণতে দুখৰ সময়ত আৰু প্ৰয়োজনতহে প্ৰাৰ্থনা কৰা। তোমালোকে ইচ্ছা কৰিলে আনন্দৰ সময়তো প্ৰাৰ্থনা কৰিব পাৰা। জীৱিত পৰিমণ্ডলৰ মাজত তোমালোকৰ সম্প্ৰসাৰণৰ বাহিৰে প্ৰাৰ্থনা আৰু কি ? আৰু যদি সান্ত্বনা পোৱাৰ বাবে শূন্যতাৰ মাজত তোমালোকৰ আন্ধাৰ ঢালি দিয়া, আনন্দিত হোৱাৰ বাবে হৃদয়ৰ ভাল সময়খিনি দিব পৰা সেয়াও প্ৰাৰ্থনা। আৰু যেতিয়া প্ৰাৰ্থনা কৰাৰ বাবে তোমালোকৰ আত্মাৰ মাত আহে আৰু কন্দাৰ বাহিৰে তোমালোকৰ কোনো উপায় নাথাকে, তেওঁ তোমালোকৰ কন্দাৰ মাজতো বাৰে বাৰে উদ্দীপ্তি কৰে, যেতিয়ালৈকে তোমালোকে হাঁহিবলৈ আৰম্ভ নকৰা।
প্ৰাৰ্থনাৰ সময়ত তোমালোকে এটা স্তৰত তেওঁলোককেই দেখা পোৱা, যিসকল সেই সময়ত প্ৰাৰ্থনাৰত আৰু যিসকলক প্ৰাৰ্থনাৰ সময়ৰ বাহিৰে তোমালোকে হয়তো দেখিব নোপোৱা । গতিকে অদৃশ্য সেই মন্দিৰত তোমালোকৰ উপস্থিতিৰ ফল যেন শূন্য নহৈ পৰম আনন্দ আৰু মধুৰ আলাপ হৈ উঠে। কাৰণ তোমালোকে যদি কেৱল প্ৰশ্ন কৰাৰ বাবে মন্দিৰত প্ৰৱেশ কৰা আৰু কোনো উদ্দেশ্য নাথাকে, তোমালোকৰ মোনা শূন্যই থাকিব। আৰু যদি তোমালোকে তাক কেৱল নত হোৱাৰ বাবে প্ৰৱেশ কৰা তেন্তে তোমালোকৰ উত্তৰণ নঘটিব। আনকি তোমালোকে যদি তাত আনৰ উপকাৰৰ বাবে ভিক্ষা কৰিবলৈ যোৱা, তোমালোক বিফল হ’বা। অদৃশ্যভাৱে মন্দিৰত প্ৰৱেশেই যথেষ্ট। শব্দৰে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, সেয়া মই তোমালোকক শিকাব নোৱাৰিম কিন্তু তোমালোকৰ যিসকলে পৰ্বতমালা, অৰণ্য অথবা সমুদ্ৰৰ পৰা জন্মিছা, তেওঁলোকে নিজ হৃদয়তে প্ৰাৰ্থনা বিচাৰি পাব। আৰু তোমালোকে যদি নিশাৰ স্তব্ধতাত প্ৰাৰ্থনা শুনিব পোৱা, তোমালোকে শব্দহীনতাৰ মাজতো তাক শুনিব পাৰিবা। আমি ঈশ্বৰৰ ওচৰত একো বিচাৰিব নোৱাৰোঁ, কাৰণ আমাৰ মাজত চাহিদা তৈয়াৰ হোৱাৰ আগতেই তেওঁ সেই বিষয়ে সম্পূৰ্ণ জ্ঞাত। তেওঁ আমাৰ সকলো চাহিদাৰ স্ৰষ্টা আৰু যিমান দিন নিজকে আমাৰ মাজত বিলাই দিয়ে, সিমানে তকা পৰিপূৰ্ণভাৱে আমি পাওঁ।
এইদৰে কাহলিল জিব্ৰানে নিজ গ্ৰন্থ ‘দ্য প্ৰফেট’ত প্ৰেম, বিবাহ, সন্তান, দান, খোৱা আৰু পান, কাম, আনন্দ আৰু দুখ, বাসস্থান, পোছাক, কিনা-বেচা, অপৰাধ আৰু শাস্তি, আইন, স্বাধীনতা, যুক্তি আৰু আবেগ, বেদনা, আত্মজ্ঞান, শিক্ষা, বন্ধুত্ব, কথা কোৱা, সময়, ভাল আৰু বেয়া, প্ৰাৰ্থনা, আনন্দ, সৌন্দৰ্য, ধৰ্ম, মৃত্যু আদিকে ধৰি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লিখা মুঠ ২৬ টা কাব্যিক ৰচনা আৰু নিজে আঁকা ছবিৰ দ্বাৰা জীৱন দৰ্শনক বৰ্ণনা কৰে। যিবোৰ জিব্ৰানিজম নামেৰে পৰিচিত। এই গ্ৰন্থখন নিখুঁতভাৱে প্ৰস্তুত কৰোঁতে তেওঁৰ সময় লাগিছিল ১১ বছৰ।
কাহলিল জিব্ৰানৰ জন্ম হৈছিল ১৮৮৩ চনৰ ৬ জানুৱাৰীত লেবাননৰ বিশাৰি গাঁৱত। যেতিয়া তেওঁৰ বয়স ১২ বছৰ তেতিয়া দৰিদ্ৰতাৰ পৰা মুক্তি পোৱাৰ বাবে পৰিয়ালৰ সৈতে আমেৰিকাত গুচি আহে। একেধাৰে শিল্পী, কবি আৰু লেখক জিব্ৰানে তৰুণ বয়সতে ইংৰাজী ভাষাত পাৰদৰ্শী হৈ উঠে। পেৰিছত পঢ়া-শুনা শেষ কৰি নিউয়ৰ্কলৈ উভতি আহে।
বৰ কম সময়তে তেওঁ আৰ্বি ভাষাত লিখিবলৈ আৰম্ভ কৰে আৰু পিছলৈ ইংৰাজীত । তেওঁ লিখা মুঠ কিতাপৰ সংখ্যা ২৫ টা। দ্য প্ৰফেট, দ্য গাৰ্ডেন অৱ দ্য প্ৰফেট আৰু দ্য ডেথ্ অৱ দ্য প্ৰফেট তেওঁৰ বিখ্যাত ট্ৰিলজি। দ্য প্ৰফেটৰ বিষয়বস্তু হ’ল মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক আৰু শেষৰ ৰচনাত তেওঁ বিশ্লেষণ কৰিছে মানুহৰ সৈতে ঈশ্বৰৰ সম্পৰ্ক। তেওঁৰ গ্ৰন্থবোৰে আমাৰ জীৱন সম্পৰ্কে পৰম জ্ঞান লাভ কৰিবলৈ শিকায়। দ্য প্ৰফেটে হ’ল তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি। শ্বেইকছপীয়েৰ আৰু লাও-ৎচু’ৰ পিছত তেৱেঁই সেই কবি, যাৰ লেখা সৰ্বাধিক পঠিত। মাত্ৰ ৪৮ বছৰ বয়সত লিভাৰৰ বেমাৰত ১৯৩১ চনত তেওঁৰ মৃত্যু হয়।
ফোন : ৯৮৬৪২৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.