মাণিক পাল
ধৰক আপুনি এখন সেউজীয়া মনোৰম বাগিচাত বহি আছে। যিখন বাগিচা এনেকুৱা কিছুমান অসাধাৰণ ফুলেৰে ভৰি আছে যিবোৰ আপুনি হয়তো আগতে কেতিয়াও দেখা নাই। বাগিচাৰ পৰিৱেশ নিস্তব্ধ আৰু শান্তিময়। বাগিচাত বহি এনেকৈ ইন্দ্ৰিয়সুখৰ ৰস পান কৰক যেনিবা পৃথিৱীত থকা কেইদিন এই প্ৰাকৃতিক মৰুদ্যানতে আনন্দ উপভোগ কৰিব পাৰে। যদি আপুনি ভালদৰে লক্ষ্য কৰে তেন্তে এই চমৎকাৰী বাগিচাৰ মাজভাগত ছয় মহলযুক্ত এখন দীপস্তম্ভ (Light house) দেখিবলৈ পাব। হঠাৎ বাগিচাৰ শান্তি ভঙ্গ হয়, দীপস্তম্ভৰ একেবাৰে তলৰ মহলৰ দৰ্জা খোলাৰ শব্দত। দৰ্জাখনেৰে ন ফুট দীঘল আৰু ন শ পণ্ডৰ এজন জাপানী ছুমো পালোৱান ওলাই আহে। তেওঁ মাজে মাজে বাগিচাখনত ঘূৰি ফুৰে। পালোৱানজন নগ্ন আছিল যদিও নিজৰ গুপ্ত অংগক গোলাপী ৰঙৰ তাঁৰেৰে ঢাকি ৰাখিছিল। যেতিয়া পালোৱানজনে বাগিচাত ঘূৰি ফুৰে তেতিয়া তেওঁ সোণৰ উজ্বল ৱাল ঘড়ী এটা দেখা পায়, যিটো ঘড়ীক কোনোবাই বহু বছৰ আগতে এৰি থৈ গৈছিল। তেওঁ এই ঘড়ীটোত পিছলি ভয়ংকৰ শব্দ এটা কৰি মাটিত পৰি অচেতন হৈ পৰে। আপুনি হয়তো ভাবিব পালোৱানজন মৰিছে। কিন্তু ওপৰতে ফুলি থকা গোলাপ ফুলৰ সুগোন্ধত কিছুসময় পিছত পালোৱানজন সাৰ পাই উঠি থিয় হয় আৰু চাৰিওপিনে চাবলৈ ধৰে। হঠাৎ তেওঁৰ চকুত জোপোহাৰ মাজেৰে পকাই যোৱা পথ এটাত পৰে। যিটো পথ অসংখ্য হীৰাৰে ঢাকি আছিল। পালোৱানজনে সেই পথটোৰে যাবলৈ আৰম্ভ কৰে। সেই পথটোৱে পালোৱানজনক কেতিয়াও অন্ত নোহোৱা আনন্দ আৰু সুখপূৰ্ণ জীৱন এটালৈ লৈ যায়।
দেখাত সাধাৰণ যেন লগা উপৰোক্ত কাহিনীটোত নিহিত হৈ আছে সাতটা গুৰুত্বপূৰ্ণ পাঠ বা শিকনীয় দিশ। এই কাহিনীৰ প্ৰতিটো তত্ত্বত নিহিত হৈ আছে জীৱন জীয়াৰ অসীম নীতি আৰু গভীৰ অৰ্থ। কাহিনীটোৰ বাগিচা, দীপস্তম্ভ, ছুমো পালোৱান, গোলাপী তাঁৰ, ঘড়ী, গোলাপ ফুল, হীৰাৰে ঢাকি থকা পথ আদিবোৰ হ’ল জ্ঞানৰ দ্বাৰা প্ৰকাশিত জীৱন জীয়াৰ সাতটা প্ৰতীক।
এই কাহিনীৰ বাগিচাটো হ’ল আমাৰ মস্তিষ্কৰ প্ৰতীক। যদি আপুনি নিজৰ মস্তিষ্কৰ যত্ন কৰে, পুষ্টি প্ৰদান কৰে আৰু বাগিচাখনৰ দৰেই যত্ন কৰে তেন্তে এইটোৱে আপোনাৰ আশাবোৰক বিকশিত কৰিব। আনহাতে যদি আপুনি আপোনাৰ মস্তিষ্কত কেৱল অপতৃণ বা ঘাঁহ-বন গজিবলৈ দিয়ে তেন্তে আপোনাৰ মনৰ অসীম শক্তি আৰু গভীৰ আন্তৰিক একাত্মতাও চিৰদিনৰ বাবে আঁতৰি যাব। সেয়ে শ্ৰেষ্ঠ মালীসকলে নিজৰ বাগিচাখনক স্বাভিমানী সৈন্যৰ দৰে ৰক্ষা আৰু যত্ন কৰে যাতে কোনো ধৰণৰ দূষিত বস্তুৰ প্ৰৱেশ নঘটে। কিন্তু অধিকাংশ মানুহে নিজৰ মস্তিষ্ক নামৰ বাগিচাখনক প্ৰতিদিনে সমস্যা, চিন্তা, অতীতৰ স্মৃতিক লৈ কন্দা-কটা, ভৱিষ্যতকলৈ উদ্বিগ্নতা, স্বনিৰ্মিত ভয় আদি নেতিবাচক বস্তুৰে ভৰি ৰাখে। জীৱনক পূৰ্ণভাৱে উদযাপন কৰিবলৈ হ’লে আপুনি নিজৰ মন ৰূপী বাগিচাখনৰ দ্বাৰত পহৰা দিব লাগিব আৰু কেৱল ইতিবাচক বস্তু আৰু বাৰ্তাবোৰক প্ৰৱেশ কৰিবলৈ দিব লাগিব। এটাও নেতিবাচক বস্তু বা বাৰ্তা যাতে প্ৰৱেশ কৰিব নোৱাৰে। আপোনাৰ জীৱনত সংঘটিত হোৱা ঘটনাবোৰৰ সঠিক উত্তৰ আপুনি নিজেই দিব পাৰিব, যেতিয়া আপোনাৰ অভ্যাস সকলো পৰিস্থিতিতে ইতিবাচক বস্তু বা বাৰ্তাত নিহিত হৈ থাকিব। প্ৰাকৃতিক নিয়মবোৰৰ ভিতৰত এইটো আটাইতকৈ শ্ৰেষ্ঠ। আপোনাৰ বাহিৰৰ জগতখন আপোনাৰ ভিতৰৰ জগতখনৰ প্ৰতিবিম্ব। যিবোৰ চিন্তা আপুনি কৰে সেইবোৰক নিয়ন্ত্ৰিত কৰি আৰু জীৱনত ঘটিবলগীয়া ঘটনাবোৰৰ প্ৰতি থকা আপোনাৰ দৃষ্টিভংগীৰেই আপোনাৰ ভাগ্যক নিয়ন্ত্ৰিত কৰিবলৈ ধৰে। জীৱনত কোনো ভুল বোলা শব্দ বা ধাৰণা নাই– কেৱল শিক্ষাহে আছে। অৰ্থাৎ জীৱনত আমি কৰা ভুলবোৰৰ পৰা শিক্ষাহে গ্ৰহণ কৰিব লাগে। জীৱনত নেতিবাচক অনুভৱ বুলি কোনো বস্তু নাই কেৱল আগবাঢ়ি যোৱাৰ সুযোগহে আছে, শিকাৰ বাবে আৰু আত্ম-নিয়ন্ত্ৰিত পথেৰে আগবাঢ়ি যোৱাৰ বাবে। সংঘৰ্ষৰ পৰা শক্তি লাভ কৰিব পাৰি আৰু দুখবোৰে আমাৰ জীৱনত এজন শিক্ষকৰ ভূমিকা পালন কৰে। আমাৰ মস্তিষ্ক এক আচৰ্য্যজনক চাকৰ কিন্তু এক ভয়ানক স্বামীও। যদি আপুনি এজন নেতিবাচক চিন্তাশীল ব্যক্তি হয় তেন্তে ভাবিব আপুনি আপোনাৰ মস্তিষ্কৰ যত্ন লোৱা নাই। মস্তিষ্কৰ সঠিক প্ৰয়োগৰ বাবে পোন প্ৰথমে আপুনি জানিব লাগিব আপুনি কি কৰি ভাল পায় আৰু তাৰ পিছত নিজৰ সম্পূৰ্ণ শক্তি ভালপোৱা কামটোত নিয়োগ কৰিব লাগিব। যদি আপুনি এবাৰ সাহসেৰে এই কামটো কৰিব পাৰে তেন্তে সফলতা নিজে নিজে আপোনাৰ কাষ চাপি আহিব।
কাহিনীটোৰ দীপস্তম্ভই আপোনাক নিশ্চিত স্পষ্ট আৰু উদ্দেশ্যপূৰ্ণ লক্ষ্য নিৰ্ধাৰিত কৰাৰ শক্তি আৰু বিশেষকৈ সেই লক্ষ্যৰ শক্তি অনুসৰি কাম কৰাৰ সামৰ্থ্যক মনত পেলাই দিব। জীৱনৰ উদ্দেশ্যই হ’ল উদ্দেশ্যপূৰ্ণ জীৱন। যিসকল ব্যক্তিয়ে জ্ঞান লাভ কৰিছে তেওঁলোকে জানে কেনেকৈ ভাৱনাত্মক, ভৌতিক, শাৰীৰিক আৰু আধ্যাত্মিক স্তৰত জীৱনৰ পৰা কি বিচাৰিছে। যেতিয়া আপুনি স্পষ্টকৈ জানিব আপোনাৰ জীৱনৰ লক্ষ্য কি, লাগিলে সেই লক্ষ্য ভৌতিক, ভাৱনাত্মক, শাৰীৰিক বা আধ্যাত্মিকে নহওক কিয়, তেতিয়া আপুনি নিজৰ সময়ক সেই লক্ষ্য প্ৰাপ্তিত নিয়োগ কৰে আৰু শেষত আপুনি এক আনন্দপূৰ্ণ জীৱন লাভ কৰে। ইয়াৰ বাবে প্ৰথমে আপুনি নিজৰ জীৱনৰ লক্ষ্যক জানিব লাগিব আৰু ইয়াক লাভ কৰিবৰ বাবে অবিৰত চেষ্টা অব্যাহত ৰাখিব লাগিব। লক্ষ্য পূৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নীতি হ’ল দৃঢ়তা। মানুহে নিজৰ সমগ্ৰ জীৱন অধিক সুখ, সমৃদ্ধি আৰু উৎসাপূৰ্ণ জীৱন জীয়াৰ সপোন দেখি কটাই দিয়ে। কিন্তু কেতিয়াও নিজৰ জীৱনৰ লক্ষ্যক লিখাত আৰু বুজাত গুৰুত্ব নিদিয়ে। সাধাৰণতে এজন ব্যক্তিয়ে এদিন গড়ে ৬০,০০০ চিন্তা কৰে। এটা কাগজৰ টুকুৰাত নিজৰ ইচ্ছা আৰু লক্ষ্যক লিখাৰ পিছত আপুনি নিজৰ অৱচেতন মনত প্ৰেৰণ কৰে যে বাকী ৫৯,৯৯৯ চিন্তাতকৈ এই চিন্তাটো বেছি গুৰুত্বপূৰ্ণ। তেতিয়া আপোনাৰ মস্তিষ্কই এখন নিৰ্দেশিত মিচাইলৰ দৰে আপোনাৰ লক্ষ্য পূৰণৰ বাবে সকলো সম্ভাৱনাৰ সন্ধান আৰম্ভ কৰে। এয়া এক বৈজ্ঞানিক প্ৰক্ৰিয়া। সেয়ে সদায় নিজৰ লক্ষ্যক এটুকুৰা কাগজত লিখি তাক সদায় ৰাতি শুৱাৰ সময়ত আৰু পুৱা টোপনিৰ পৰা উঠিয়ে আওৰাব লাগে। এটা কথা মনত ৰাখিব আপুনি যি বস্তুৰ আশা কৰে তাকে লাভ কৰে। লক্ষ্য প্ৰাপ্তিৰ পাঁচটা প্ৰধান পদক্ষেপ হ’ল– ১) পৰিণামৰ এটা স্পষ্ট চিত্ৰ প্ৰস্তুত কৰা ২) নিজৰ ওপৰত নিশ্চয়াত্মক চাপ গঢ়ি তোলা ৩) লক্ষ্য প্ৰাপ্তিৰ সময়-সীমা নিৰ্ধাৰণ কৰা ৪) ২১ দিনৰ অভ্যাস গঢ়ি তোলা অৰ্থাৎ এবাৰ যদি আপুনি কোনো লক্ষ্য প্ৰাপ্তিৰ বাবে ২১ দিন অবিৰতভাৱে কাম কৰে তেন্তে সেই কামটো অভ্যাসত পৰিণত হয় ৫) অসীমিত প্ৰফুল্লতাৰে লক্ষ্য প্ৰাপ্তিৰ বাবে আগবাঢ়ক।
কাহিনীটোৰ ছুমো পালোৱানজন কাইজেন অভ্যাসৰ প্ৰতীক। কাইজেন হ’ল জাপানী শব্দ আৰু ইয়াৰ অৰ্থ হ’ল অবিৰত আৰু অনন্ত বিকাশ। আচলতে এজন ব্যক্তিয়ে তেতিয়াহে বাহ্যিক সফলতা লাভ কৰিব যেতিয়া তেওঁ আভ্যন্তৰীণ সফলতা লাভ কৰিব। যদি আপুনি নিজৰ বাহ্যিক জগতখনৰ উন্নয়ন বিচাৰে অৰ্থাৎ আপোনাৰ স্বাস্থ্য, সম্বন্ধ আৰু আৰ্থিক অৱস্থাৰ উন্নয়ন বিচাৰে তেন্তে সৰ্বপ্ৰথমে আপোনাক নিজৰ ভিতৰখনক উন্নত কৰিব লাগিব। এইক্ষেত্ৰত আত্মানুসন্ধানৰ অবিৰত প্ৰয়াস কৰাই হ’ল আটাইতকৈ শ্ৰেষ্ঠ পদ্ধতি। স্ব-আধিপত্যই হ’ল জীৱন নিয়ন্ত্ৰণৰ ডি এন এ। কাইজেন এনে এক নীতি যি নীতিয়ে আপোনাৰ ভিতৰৰ পৰা শক্তিশালী কৰি গঢ়ি তুলিব। কাইজেন আমাক সুস্থ জীৱনৰ দহটা প্ৰক্ৰিয়াক শিকায়। সেইবোৰ হ’ল– ১) একাগ্ৰ সাধনা– ইয়াৰ উদ্দেশ্য হ’ল আত্মনবীকৰণ। ২) শাৰীৰিক ক্ৰিয়া– ইয়াৰ উদ্দেশ্য হ’ল আপোনাক শাৰীৰিকভাৱে সুস্থ ৰখা। ৩) জীৱিত পোষণ– ইয়াৰ উদ্দেশ্য হ’ল সঠিক খাদ্যবস্তুৰ সন্ধান অৰ্থাৎ স্বাস্থ্যসন্মত খাদ্যৰ জ্ঞান। ৪) অধিক জ্ঞানৰ প্ৰক্ৰিয়া– ইয়াৰ উদ্দেশ্য হ’ল সমগ্ৰ জীৱন শিকা আৰু জ্ঞানৰ ভাণ্ডাৰ সমৃদ্ধ কৰা। ৫) ব্যক্তিগত বিচাৰ শক্তি– ইয়াৰ উদ্দেশ্য হ’ল নিজক জনাৰ বাবে সময় উলিওৱা। ৬) পুৱা সোনকালে উঠা– ইয়াৰ উদ্দেশ্য হ’ল আকাংক্ষিত পৰিণামৰ বাবে প্ৰশিক্ষিত কৰা। ৭) সংগীত– ইয়াৰ উদ্দেশ্য হ’ল সৰ্বোত্তম সক্ৰিয়তা প্ৰদান কৰা। ৮) কোৱা শব্দ– ইয়াৰ উদ্দেশ্য হ’ল মস্তিষ্কক উচ্চতৰ স্তৰলৈ প্ৰভাৱিত কৰা। ৯) যোগ্য চৰিত্ৰ প্ৰক্ৰিয়া– ইয়াৰ উদ্দেশ্য হ’ল চৰিত্ৰ নিৰ্মাণ । ১০) সৰলতা– ইয়াৰ উদ্দেশ্য হ’ল জীৱনক উচ্চতম স্তৰলৈ লৈ যোৱা।
কাহিনীটোৰ গোলাপী তাঁৰে এক অধিক সমৃদ্ধ, প্ৰসন্ন আৰু জ্ঞানপূৰ্ণ জীৱনৰ নিৰ্মাণত আপোনাক আত্ম-নিয়ন্ত্ৰণ আৰু অনুশাসনৰ কথা মনত পেলাই দিব। ইচ্ছাশক্তিক লোৰ দৰে মজবুত বনাবলৈ, ব্যক্তিগত অনুশাসনৰ গুণক বৃদ্ধি কৰিবলৈ আমি সৰু সৰু কামবোৰ কৰা জৰুৰী। নিয়মিতভাৱে কৰা সৰু সৰু কামবোৰ একত্ৰিত হৈ প্ৰচুৰতাৰ আন্তৰিক শক্তি উৎপন্ন কৰে। যেতিয়া আপুনি নিজৰ ইচ্ছাশক্তিক স্বাধীন কৰে তেতিয়া আপুনি ব্যক্তিগত জীৱনৰ স্বামী হৈ পৰে। যেতিয়া আপুনি স্ব-শাসন কলাক অভ্যাসত পৰিণত কৰে তেতিয়া এইটোৱে আপোনাৰ বাবে যিকোনো বাধাক পৰাজিত কৰাৰ শক্তি প্ৰদান কৰে। যাৰ ফলত যিকোনো বাধাক আপুনি হেলাৰঙে পৰাজিত কৰিব পাৰে। আত্মানুশাসনে আপোনাক মানসিক শক্তিৰ ভাণ্ডাৰ প্ৰদান কৰিব। ইচ্ছাশক্তিৰ অভাৱ হ’ল একধৰণৰ মানসিক ৰোগ। যদি আপুনি এই বেমাৰৰ দ্বাৰা আক্ৰান্ত তেন্তে ইয়াক অতি সোনকালে নিজৰ জীৱনৰ পৰা উঘালি পেলাওক। যিবোৰ ব্যক্তিয়ে জীৱনত সফল হৈছে তেওঁলোকে ইচ্ছাশক্তি আৰু অনুশাসনত সদায় গুৰুত্ব দিছিল।
কাহিনীটোৰ উজ্বল সোণৰ ঘড়ীটো হ’ল সময়ৰ প্ৰতীক। সময় অবিহনে নিৰ্ণায়ক চিন্তা, লক্ষ্য নিৰ্ধাৰণ আৰু আত্মনিয়ন্ত্ৰণৰ কোনো মহত্ব নাই। সময় সদায় আমাৰ হাতৰ পৰা বালিৰ দৰে পিছলি পৰে, যি সময় কেতিয়াও ঘূৰি নাহে। যিসকল লোকে জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা সময়ৰ সদ্ব্যৱহাৰ কৰে তেওঁলোকে তাৰ ফলস্বৰূপে সন্মান, উৎপাদক আৰু সন্তুষ্টিৰ জীৱন লাভ কৰে। যিসকল লোকে নাজানে যে ‘সময়ৰ ওপৰত নিয়ন্ত্ৰণ মানেই হ’ল জীৱনৰ ওপৰত নিয়ন্ত্ৰণ’ তেওঁলোকে কেতিয়াও বিশাল মানৱীয় ক্ষমতাক বুজি নাপায়। সময় এক মহান সমতাবাদী। যিটো গুণে সফল ব্যক্তিসকলক আন লোকৰ পৰা পৃথক কৰে সেয়া হ’ল সময়ৰ সদ্ব্যৱহাৰ। আপোনাৰ জীৱনৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰিব আপুনি আপোনাৰ মূল্যৱান সময়ক কেনেকৈ পৰিচালনা কৰে। সময়ৰ সৈতে নিষ্ঠুৰ হ’বলৈ শিকক। ‘না’ কৰিবলৈ বা ক’বলৈ শিক্ষক। অৰ্থাৎ যিসকল লোকে অবাবতে আপোনাৰ বহুমূল্য সময় নষ্ট কৰে তেওঁলোকক না ক’বলৈ শিকক।
কাহিনীটোৰ সুগন্ধি গোলাপ ফুলে আপোনাক চীনৰ প্ৰাচীন প্ৰবাদ এটাৰ কথাক মনত কৰি দিব, সেয়া হ’ল – ‘যিখন হাতে তোমাক গোলাপ ফুল প্ৰদান কৰে তাত কিছু সুগন্ধ সদায় লাগি থাকে।’ অৰ্থাৎ যেতিয়া আপুনি আনৰ জীৱনক উন্নত বা পৰিৱৰ্তন কৰিবলৈ কাম কৰে তেতিয়া পৰোক্ষভাৱে আপুনি আপোনাৰ নিজৰ জীৱনক উৎকৰ্ষ কৰে। যেতিয়া আপুনি প্ৰতিদিনে সৰু-সুৰা পৰোপকাৰৰ কাম কৰাৰ অভ্যাস গঢ়ি তোলে তেতিয়া আপোনাৰ নিজৰ জীৱন অধিক সমৃদ্ধ আৰু মহত্বপূৰ্ণ হৈ উঠিবলৈ ধৰে। প্ৰতি দিনৰ পৱিত্ৰতা আৰু ধাৰ্মিকতা বজাই ৰাখিবলৈ আনৰ সেৱা কৰিব লাগে।
কাহিনীটোৰ হীৰাৰে ঢাকি থকা পথটো হ’ল– বৰ্তমানক আঁকোৱালি লোৱাৰ প্ৰতীক। আমি সাধাৰণতে ডাঙৰ ডাঙৰ সুখ আৰু সমৃদ্ধি পাবলৈ গৈ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ উপভোগ কৰিবলৈ পাহৰি যাওঁ আৰু তাতেই কৰি পেলাও জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ আপুনি তেতিয়াই উপভোগ কৰিব পাৰিব যেতিয়া আপুনি বৰ্তমানত জীয়াবলৈ শিকিব। আমি সকলোৱে কিবা নহয় কিবা বিশেষ কামৰ বাবেই জন্মগ্ৰহণ কৰিছোঁ সেয়ে নিজৰ জীৱনক অতীতৰ হাতত বন্দী নকৰি নিজৰ ভৱিষ্যতৰ নিৰ্মাতা নিজে হওক।
এইদৰে কানাডাৰ মানৱতাবাদী লেখক ৰবিন শৰ্মাৰ জনপ্ৰিয় গ্ৰন্থ ‘দ্য মংক হু ছোল্ড হিজ ফেৰাৰি’ৰ মুখ্য চৰিত্ৰ সন্ন্যাসীজনে নিজৰ সহযোগী উকিলজনক এটা সৰু কাহিনীৰে জীৱন জীয়াৰ মন্ত্ৰ শিকায়। যি শিক্ষা সন্ন্যাসীজনে হিমালয় পৰ্বতত থকা সিবানা সাধুসকলৰ পৰা লাভ কৰিছিল। সন্ন্যাসীজন কিন্তু প্ৰথম অৱস্থাত এজন ডাঙৰ প্ৰতিষ্ঠিত উকিল আছিল আৰু তেওঁৰ নাম আছিল জুলিয়ান মানটলে। জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত তেওঁ ইমান ব্যস্ত আছিল যে কামৰ বাহিৰে একো বুজি পোৱা নাছিল। কিন্তু এদিন হঠাৎ অসুস্থ হোৱাত তেওঁ উপলব্ধি কৰে যে ধন-সম্পত্তি বা খ্যাতিয়ে তেওঁক মনে বিচৰা সুখ দিব পৰা নাই, সেয়ে তেওঁ জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি নিজৰ সকলো ধন-সম্পত্তি বিক্ৰী কৰি এজন সন্ন্যাসী ৰূপে ভাৰত ভ্ৰমণলৈ যায় আৰু তাৰে পৰাই তেওঁ এজন বৃদ্ধ পুৰোহিতৰ পৰামৰ্শমতে সিবানা সাধুসকলক বিচাৰি হিমালয়লৈ গুচি যায়। য’ত তেওঁ লাভ কৰে জীৱন জীয়াৰ প্ৰকৃত মূলমন্ত্ৰ।
মুঠতে গ্ৰন্থখনে আপোনাক পূৰ্ণ স্বাস্থ্য, অসীম শক্তি, স্থায়ী প্ৰসন্নতা আৰু মানসিক শান্তি লাভৰ মন্ত্ৰশক্তি প্ৰদান কৰিব। সুন্দৰ আৰু অৰ্থপূৰ্ণ জীৱন জীয়াব বিচৰা প্ৰতিজন ব্যক্তিকে এই গ্ৰন্থখন পঢ়িবলৈ মই অনুৰোধ কৰিম।
ফোন : ৯৮৬৪২-৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.