মাণিক পাল
আমি যদি আমাৰ চাৰিওফালৰ মানুহবোৰলৈ লক্ষ্য কৰোঁ, তেন্তে দেখিম যে মৌলিক প্রয়োজনসমূহৰ অভাৱত যিমান মানুহ অসুখী হয়, তাতকৈ বেছি মানুহ এহবোৰ থকাৰ পিছতো অসুখী অনুভৱ কৰে৷ সহজ কথাত কবলৈ গলে সম্প্রতি দৰিদ্র মানুহতকৈ ধনী মানুহবোৰ বেছি অসুখী৷ আমি সাধাৰণতে ভাবোঁ যে গা ভালে থাকিলে আৰু পেট ভৰাই খাব পাৰিলেহ মানুহ সুখী৷ কিন্তু সম্প্রতি এহ ধাৰণা সম্পূর্ণ যুক্তিহীন৷ কাৰণ আজিৰ দিনত সৰহভাগ মানুহেহ একমাত্র তেনে অৱস্থাতে সুখী নহয়৷ এতিয়া প্রশ্ন হল তেন্তে আজিৰ দিনত কোনো অভাৱ নথকাৰ পিছতো মানুহ অসুখী হয় কিয় এহ প্রশ্নটোৰে সন্ধান আজি আমি বাৰ্টাণ্ড ৰাছেলৰ দ্য কনকুৱেষ্ট অৱ হেপিনেছ(The coquesof happiness) নামৰ গ্রন্থখনৰ জৰিয়তে জানিবলৈ যত্ন কৰিম৷ এজন অসমীয়া পাঠক হিচাপে মোৰ বাবে আটাহতকৈ ভাল লগা কথাটো হল বাৰ্টাণ্ড ৰাছেলৰ এহ মূল্যৱান গ্রন্থখন ইতিমধ্যে অসম প্রকাশন পৰিষদৰ উদ্যোগত সুৰেন চৌধুৰীয়ে সুখৰ সন্ধান নামেৰে অসমীয়াত অনুবাদ কৰিছে৷
বাৰ্টাণ্ড ৰাছেল আছিল এজন ব্রিটিছ দার্শনিক, যুক্তিবিদ, গণিতবিদ, সমাজকর্মী, অহিংসাবাদী আৰু সমাজ সমালোচক৷ যদিও তেওঁ জীৱনৰ অধিকাংশ সময় হংলেণ্ডত কটাহছিল, তেওঁৰ জন্ম হৈছিল ৱেলছত আৰু তাতেই তেওঁ ৯৭ বছৰ বয়সত মৃত্যুবৰণ কৰে৷ ৰাছেলে ১৯০০ চনৰ আৰম্ভণিত ব্রিটিছসকলৰ আদর্শবাদৰ বিৰুদ্ধে বিদ্রোহৰ নেতৃত্ব দিছিল৷ তেওঁক বিশ্লেষণী দর্শনৰ অন্যতম প্রতিষ্ঠাতা বিবেচনা কৰা হয়৷ তেওঁ আছিল এজন প্রখ্যাত যুদ্ধবিৰোধী ব্যক্তিত্ব৷ তেওঁ জাতিসমূহৰ মাজত মুক্ত বাণিজ্যক বিশ্বাস কৰিছিল৷ তেওঁ সাম্রাজ্যবাদৰো বিৰোধী আছিল৷ তেওঁ তেওঁৰ অহিংস মতবাদৰ প্রচাৰৰ বাবে প্রথম বিশ্বযুদ্ধৰ সময়ত জেলত বন্দী হবলগীয়া হৈছিল৷ তেওঁ হিটলাৰৰ বিৰুদ্ধে মাত মাতে, ছোভিয়েট টোটালিটাৰিয়ানিজম আৰু ভিয়েটনাম যুদ্ধত আমেৰিকাৰ অংশগ্রহণৰ সমালোচনা কৰে আৰু পৰমাণু নিৰস্ত্রীকৰণৰ পক্ষত আছিল৷ ১৯৫০ চনত ৰাছেলে সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল৷ তেওঁৰ আন কিছুমান উল্লেখযোগ্য গ্রন্থ হল এ বি চি অৱ ৰিলেটিভিটি, হিষ্টৰী অৱ ৱেষ্টার্ন ফিলছফী, দ্য এনালাইছিছ অৱ মাহণ্ড, অথৰিটি এণ্ড হণ্ডিভিজুৱেল হিউমেন নলেজ, ইটছ স্কোপ এণ্ড ভেলু, লজিক এণ্ড নলেজ, মেৰিজ এণ্ড মৰেলছ, অন ইডুকেচন, পাৱাৰ, প্রিন্সিপল অৱ মেথামেটিকছ, ৰড টু ফ্রীডম, হুৱাহ ডিজায়াৰ আৰ পলিটিকেল ইমপৰটেণ্ট ইত্যাদি৷
ৰাছেলে গ্রন্থখনক দুটা খণ্ডত বিভক্ত কৰিছে৷ প্রথম খণ্ডটো জড়িত হৈ আছে সেহবোৰ কাৰণৰ বর্ণনাৰ লগত যিবোৰৰ বাবে মানুহ অসুখী হয় আৰু দ্বিতীয় খণ্ডটো জড়িত হৈ আছে সেইবোৰ কাৰণৰ বর্ণনাৰ লগত যিবোৰৰ বাবে মানুহ সুখী হয়৷ মুঠতে আপুনি অসুখী হোৱা কাৰণবোৰ জানি সুখী হোৱাৰ পথ বিচাৰি পাব এহ গ্রন্থখনত৷ লেখকৰ মতে মানুহ অসুখী হোৱাৰ কাৰণবোৰ হল বাইৰনসুলভ অশান্তি, প্রতিযোগিতা, উদাসীনতা আৰু উত্তেজনা, অৱসাদ, ঈর্ষা, পাপবোধ, আতংক মনোবিকাৰ আৰু জনমতৰ বাবে আশংকা বা ভয়৷ আনহাতে তেওঁৰ মতে মানুহ সুখী হোৱাৰ কাৰণবোৰ হল উদ্দীপনা, মৰম–চেনেহ, পৰিয়াল, কাম, নৈর্ব্যক্তিক আকর্ষণ, উৎসাহ আৰু ভাগ্যবৰণ হত্যাদি৷ এই গ্রন্থখন পপাৰ সময়ত আপুনি এজন পাঠক হিচাপে সদায় মনত ৰাখিব লাগিব যে হয়াত সেহসকল লোকৰ দুখ–দুর্দশাৰ আলোচনাক অন্তর্ভুক্ত কৰা হৈছে, যিসকল লোক নিজৰ মৌলিক প্রয়োজনসমূহ পূৰণ হোৱাৰ পিছতো অসুখী হয়৷
গ্রন্থখনৰ আৰম্ভণিতে লেখকে নিজে কেনেকৈ অসুখী জীৱনৰ পৰা সুখী জীৱনলৈ যাত্রা কৰিলে, সেহ কথা ব্যাখ্যা কৰি লিখিছে, মই সোণ–ৰূপৰ চৰুত হাত দি সুখী হৈ জন্ম লোৱা নাছিলোঁ৷ লৰাকালতে মোৰ প্রিয় গীত আছিল
পার্থিৱ বস্তুৰ ক্লান্ত, নিজৰ পাপত ভাৰাক্রান্ত
পাঁচ বছৰ বয়সতে মোৰ মনত উদয় হৈছিল যদি মই সত্তৰ বয়সলৈকে জীয়াই থাকোঁ তেন্তে আমাৰ সমুখত আকাশ–পাতাল বিয়পি থকা এই বিৰাট অৱসাদ সহ্য কৰাহ টান হৈ পৰিব৷ চেঙেলীয়া অৱস্থাত মোৰ জীৱনৰ প্রতি বেছি বিতৃষা লাগিছিল আৰু আপোনঘাতী হোৱা বাসনা লাহে লাহে বাঢ়ি আহিছিল৷ ভাগ্যে জানিবা গণিত শাস্ত্রত বিশেষ ব্যুৎপত্তি লাভ কৰাৰ আকাংক্ষাত মহ আত্মহত্যা কৰাৰ পৰা বিৰত থাকিলোঁ৷ ফলত এতিয়া মই জীৱন উপভোগ কৰিছোঁ৷ মোৰ জীৱনৰ অতি হেঁপাহৰ বস্তুনো কি, তাক জানিব পৰাৰ কাৰণেহ কিছু পৰিমাণে জীৱনৰ সুখ ভোগ কৰা সম্ভৱ হৈছে আৰু লাহে লাহে সেইবিলাকৰ বেছিভাগেই ভালকৈ বুজি–বাজি লব পৰা হৈছোঁ৷ আৰু কিছুমান বস্তু একে চোহাই এৰি দিব পৰাটোও ইয়াৰ আন এটা কাৰণ৷ এই পৰিৱর্তনৰ আন এটা কাৰণ হৈছে যে মই নিজৰ বিষয়ে চিন্তা ভালেখিনি কমাহ দিব পৰা হৈছোঁ৷ তাৰ পিছত নিজৰ বিষয়ে আৰু মোৰ নিজৰ অভাৱ–নাটনৰ বিষয়ে লাহে লাহে উদাসীন হবলৈ শিকিলোঁ৷
লেখকৰ মতে মানুহ অসুখী হোৱাৰ আঁৰত লুকাহ থাকে আত্মমগ্নতা৷ আত্মমগ্নতাক পাপী, আত্মপ্রেমিক আৰু আত্মম্ভৰি উন্মাদ আদি শ্রেণীত বিভক্ত কৰিব পাৰি৷ যিসকলে কেৱল মাথোন কেউফালে পাপকেহে দেখা পায় সেহসকলেহে পাপী৷ এনে মানুহক তেওঁৰ কামত সদায় তেওঁৰ প্রবৃত্তিয়ে বাধা দিয়ে৷ আৰু যদি তেওঁ ধার্মিক হয়, তেন্তে কব যে সেহ বাধা ঈশ্বৰৰেহ ইচ্ছা৷ তেওঁ নিজে কেনে হোৱা উচিত সেই বিষয়ে তেওঁৰ এটা নিজস্ব ধাৰণা আছে৷ সেই ধাৰণা আৰু তেওঁ নিজে যি ধৰণৰ, এহ দুয়োৰে ভিতৰত অবিৰাম যুঁজ চলিয়েই থাকে৷ যি যুঁজে তেওঁক অসুখী কৰি তোলে৷ আত্মপ্রেম হৈছে অভ্যাসজাত পাপবোধৰ বিপৰীতধর্মী৷ এই আত্মপ্রেম সোমাহ থাকে নিজকে ভালপোৱাৰ অভ্যাসত আৰু আনৰ দ্বাৰা ভালপোৱাৰ বাসনাত৷ যি বাসনাই এজন ব্যক্তিক অসুখী কৰি তোলে৷ আকৌ আত্মম্ভৰিসকল মানুহৰ প্রিয়পাত্র হোৱাতকৈ ক্ষমতাশালী হবলৈ বেছি হচ্ছা কৰে, আৰু আনে তেওঁলোকক ভাল পোৱাতকৈ ভয় কৰাটোহে বাঞ্ছা কৰে৷ বুৰঞ্জীপ্রসিদ্ধ বেছিভাগ মহৎ লোক আৰু ভালেমান বলিয়া এই শ্রেণীৰ ভিতৰত পৰে৷ মহাবীৰ আলেকজেণ্ডাৰ এই বলিয়াৰ শাৰীতে পৰিব৷ যদিও তেওঁ বলিয়াৰ সপোন দিঠকত পৰিণত কৰিবৰ জোখাৰে সামর্থ্য আছিল, কিন্তু সেই সপোন দিঠকত পৰিণত কৰিব নোৱাৰিলে৷
লেখকৰ মতে প্রেমক মূল্য দিয়া উচিত, প্রথমত, এই কাৰণে যে ই নিজেই এটি আনন্দৰ উঁহ আৰু এইটোৱেই প্রেমৰ উচ্চতম মূল্য নহলেও এইটো সঁচা যে জীৱনৰ আন সকলো কামতেহ প্রেম হল এটি অতি আৱশ্যকীয় আহিলা৷ প্রেম অকল আনন্দৰ উঁহেহ নহয়, হ নহলেও জীৱনত কেৰোণ লাগে৷ দ্বিতীয়তে প্রেমৰ মূল্য এহ কাৰণেহ স্বীকাৰ কৰা প্রয়োজন যে হ সংগীত, পর্বতৰ সিপাৰে সূর্যোদয় আৰু পূর্ণিমাৰ নিশাত জোনাকী সমুদ্র আদিৰ দৰে অতি ধুনীয়া বস্তুবোৰৰ সৌন্দর্য দুগুণে চৰায়৷ যি পুৰুষে তেওঁৰ প্রণয়িনীৰ কাষত বহি ধুনীয়া বস্তু কেতিয়াও উপভোগ কৰি পোৱা নাহ, তেওঁ সেহ বস্তুবোৰত লুকাই থকা যাদুকণৰো সম্ভেদ পোৱা নাই৷ হয়াৰ বাহিৰেও প্রেমে মানুহৰ অহং ভাবটো ধবংস কৰি পেলাবলৈ সক্ষম৷ কাৰণ প্রেম জৈৱিক সহযোগিতাৰেহ এটা ৰূপ, ইয়াত এজনৰ প্রকৃতিজাত উদ্দেশ্য চৰিতার্থ কৰিবৰ বাবে আন এজনৰ মনৰ আৱেগৰ আৱশ্যক৷
আপুনি যদি আমেৰিকা বা ইংলেণ্ডৰ যেই সেই এজন সাধাৰণ মানুহক জীৱন উপভোগৰ পথত কিহে আটাহতকৈ বেছি বাধা দিয়ে বুলি প্রশ্ন কৰে, তেন্তে তেওঁলোকে উত্তৰ দিব জীৱন সংগ্রামে৷ অৱশ্যে এই জীৱন সংগ্রামৰ সন্মুখীন হব লগা হোৱাটো সঁচা কথা৷ আমাৰ ভিতৰত দুর্কপলীয়াবোৰৰ প্রত্যেকেহ এই জীৱন–সংগ্রাম চলাব লাগিব৷ উদাহৰণস্বৰূপে কনৰাডৰ কাহিনীৰ নায়ক ফকৰ কথাকে চাওকচোন৷ তেওঁৰ কপালতো এহ জীৱন সংগ্রাম লিখা আছিল৷ তেওঁ আছিল এখন পৰিত্যক্ত জাহাজৰ দুজন নাৱিকৰ মাজৰ এজন৷ দুয়োজনৰেই হাতত আগ্নেয়াস্ত্র আছিল৷ কিন্তু খোৱা বস্তুৰ বেলিকা হলে জাহাজৰ আন মানুহবোক খোৱাৰ বাহিৰে তেওঁলোকৰ আন একোৱেই নাছিল৷ অৱশেষত দুয়োজনেহ একমত হৈ যি বীভৎস খাদ্যকথা খাবলৈ ধৰিলে সেহখিনি শেষ কৰাৰ পাছতহে সিহঁত দুজনৰ প্রকৃত জীৱন–যুদ্ধ আৰম্ভ হল৷ সেই দুজনৰ ভিতৰত অৱশ্যে ফকৰেহ জয় হল৷ কিন্তু তাৰ পাছৰ পৰা চিৰদিনৰ কাৰণে ফকৰ নিৰামিষভোজী হলগৈ৷ কিন্তু সেইবুলি এতিয়া কোনো ব্যৱসায়ীয়ে জীৱন সংগ্রামৰ কথা কলে তেওঁ এনে ধৰণৰ জীৱন সংগ্রামৰ কথা নাভাবে৷ অর্থাৎ যিটো বস্তুৱে প্রতিজন ধনী মানুহক অসুখী কৰি তোলে সেয়া হল প্রতিযোগিতা৷ যি প্রতিযোগিতাক তেওঁলোকে জীৱন সংগ্রাম বুলি কৈ নিজকে দোষমুক্ত কৰিব বিচাৰে৷
লেখকৰ মতে আমনি লগা ভাব দুই প্রকাৰৰ৷ এক প্রকাৰ ফলদায়ক আৰু আন প্রকাৰ নিৰর্থক৷ ফলদায়ক বিৰক্তিৰ উদ্ভৱ হয় ৰাগীৰ অভাৱত আৰু নিৰর্থক বিৰক্তিৰ উদ্ভৱ হয় প্রয়োজনীয় কর্মৰ অভাৱত৷ যি জীৱন অফুৰন্ত উত্তেজনাৰ মাজেদি উপভোগ কৰা হৈছে, সেহ জীৱন দ্রুতগতিৰে টুটি আহিছে৷ তেনে ধৰণৰ জীৱনত দিনে দিনে আৰু চোকা উত্তেজকৰ আৱশ্যক৷ কাৰণ, এই উত্তেজকে সৃষ্টি কৰা পুলকখিনিতে মানুহে জীৱনৰ সুখ–শান্তি লুকাই আছে বুলি ভাবে৷ যিজন মানুহৰ জলকীয়াৰ নিমিত্তে অতিপাত লোভ, সেহজন মানুহে অৱশেষত বৰ বেছি পৰিমাণৰ জলকীয়া খায়ো তৃপ্তি নাপায়, অথচ সিমানখিনি জলকীয়া খালে যেহ কোনো মানুহ উশাহ বন্ধ হৈ মৰিব৷ অতিপাত উত্তেজনা উপভোগত লিপ্ত থকা মানুহজনৰ অৱস্থাও ঠিক সেহ মানুহজনৰ নিচিনাহ৷ কম–বেছি পৰিমাণে আমনি লগা জীৱন সহ্য কৰাৰ অভ্যাস সৰুকালতেহ কৰিব লাগিব৷ এহ সম্পর্কে আজিকালিৰ মাক–বাপেককেহ বেছি দোষ দিব পাৰি৷ তেওঁলোকে লৰা–ছোৱালীবিলাকক নানান চিনেমা–থিয়েটাৰ দেখুৱাই বা ভাল ভাল খোৱা বস্তু দি এনে কিছুমান নিষ্ক্রিয় আমোদ–প্রমোদৰ ব্যৱস্থা কৰে, যত লৰা–ছোৱালীবোৰৰ নিজৰ কৰিবলৈ একো নাই৷ এহ মাক–বাপেকবোৰে বুজিব নোৱাৰে যে কোনোবা বিশেষ পর্বৰ দিনৰ বাহিৰে লৰা–ছোৱালীৰ দিনবোৰ গতানুগতিকভাৱে পাৰ হোৱা যে কিমান গুৰুত্বপূর্ণ৷ লৰালি কালৰ উপভোগবিলাক প্রধানতঃ এনে হোৱা উচিত যে যাতে সিহঁতে চেষ্টা কৰি নিজৰ বুদ্ধিৰে নিজ পৰিৱেশৰ পৰাই নিজে নিজেই সেই আনন্দ উপভোগ কৰিব পাৰে৷
লেখকৰ মতে মানুহ অসুখী হোৱাৰ আন এটা ডাঙৰ কাৰণ হল অৱসাদ৷ অৱসাদ বহু প্রকাৰৰ৷ হয়াৰ ভিতৰৰ কিছুমান মানুহৰ জীৱনৰ সুখ–শান্তিৰ বাটত বৰ ডাঙৰ হেঙাৰ৷ নির্ধাৰিত সীমাৰ ভিতৰত থাকিলে সম্পূর্ণৰূপে শাৰীৰিক ক্লান্তি বা ভাগৰেও মানুহক সুখী কৰাত সাহায্য কৰে৷ এই ভাগৰৰ ফলত বৰ ভাল টোপনি আহে, নিয়ম মতে ভোক লাগে আৰু বন্ধৰ দিনৰ আনন্দকণৰ যেন ৰংহে চৰাহছে৷ কিন্তু এহ ক্লান্তিৰ মাত্রা চৰি গলেই আকৌ ভয়ানক অনিষ্টহে কৰে৷ যথেষ্ট উন্নত সমাজৰ বাহিৰে প্রায়ভাগ খেতিয়ক তিৰোতাসকল ডেৰকুৰিতেহ বুুঢ়ী হয়৷ হাডভগা খাটনিৰ ফলত তেওঁলোকৰ দেহত বার্ধক্যৰ চাপ পৰে৷ শিল্পযুগৰ প্রথম কালছোৱাতে অতিপাত পৰিশ্রমৰ ফলত সৰু লৰা–ছোৱালীবিলাক মুজুৰা পৰি থাকে আৰু অকালতে ঘনাহ মৃত্যুমুখত পৰে৷ বর্তমান প্রগতিশীল সমাজত যি প্রকাৰৰ অৱসাদ অতি ভয়ানক, সি হৈছে স্নায়ৱিক অৱসাদ৷ এহটো অতি আচৰিত কথা যে এই স্নায়ৱিক অৱসাদ আঢ্যৱন্ত লোকৰ মাজতেহ আকৌ বেছিকৈ দেখা যায় আৰু ব্যৱসায়ী আৰু মস্তিষ্ক্জীৱীসকলক শ্রমিকসকলৰ মাজত বহুতো কম৷ এইবোৰৰ উপৰি ধনী মানুহক ঈর্ষা, পাপবোধ, আতংক মনোবিকাৰ আৰু জনমতৰ আশংকায়ো অসুখী কৰি তোলে৷
লেখকৰ মতে সুখ দুই প্রকাৰৰ৷ যদিও দুয়োটা প্রকাৰৰ বহুতো মধ্যৱর্তী পর্যায় আছে৷ তেওঁ যি দুটা প্রকাৰৰ কথা কব খুজিছে সেহবিলাক হৈছে প্রত্যক্ষ আৰু কাল্পনিক নাহবা দৈহিক আৰু আত্মিক নাহবা হূদয়জাত বা মস্তিষ্ক্জাত৷ এহ দুহ প্রকাৰৰ সুখৰ পার্থক্য বর্ণনা কৰাৰ সহজাত উপায় হৈছে এক প্রকাৰৰ সুখৰ পথ যিকোনো মানুহৰ বাবে লক্ষ্য আৰু আনটো কেৱল লিখা–পপা জনাসকলৰ বাবেহে লভ্য৷ লৰালি কালতে তেওঁ সুখত উৎফুল্ল হোৱা এজন মানুহৰ কথা জানিছিল তেওঁৰ কাম আছিল কুঁৱা খন্দা৷ তেওঁৰ দেহৰ গঠন বেছ ওখ–পাখ আছিল আৰু মাংসপেশী আছিল অবিশ্বাস্যভাৱে সবল, তেওঁ লিখিবও নাজানিছিল, পিিবও নাজানিছিল আৰু যেতিয়া ১৮৮৫ চনত তেওঁলোকে সভাত ভোট দিয়াৰ অধিকাৰ পালে তেতিয়াহে প্রথম জানিব পাৰিলে যে এনে ধৰণৰ এটা প্রতিষ্ঠান আছে৷ তেওঁৰ সুখ কোনো বুদ্ধিজাত উপকৰণৰ ওপৰত নির্ভৰশীল নাছিল, তেওঁৰ সুখ প্রকৃতিক নীতি–নিয়ম, বা নিম্নস্তৰৰ পদার্থৰ পূর্ণতা প্রাপ্তিৰ সম্ভাৱনা, বা জনহিতকৰ বিষয়বিলাকৰ জননিয়ন্ত্রণ স্বত্ব যীশুখ্রীষ্টৰ পুনৰ আৱির্ভাৱ বিশ্বাসীসকলৰ জয় আদি বুদ্ধিজীৱীসকলৰ বিবেচনাত জীৱনক উপভোগ্য কৰিবলৈ অন্যান্য যিবিলাক বিশ্বাসৰ প্রয়োজন এহবিলাকৰ কোনোটোৰ ওপৰতে ভিত্তি কৰি গঢ়ি উঠা নাই৷ তেওঁৰ সুখৰ ভিত্তি আছিল দৈহিক বল, প্রচুৰ কর্ম আৰু শিলৰ দৰে দুর্লংঘ্য বাধাবিলাক অতিক্রম কৰাত৷ মোৰ বাগিচাৰ মালীজনৰ সুখো সেই একে ধৰণৰ৷
লেখকৰ মতে ধনী মানুহক সুখী কৰাৰ প্রধান কাৰকবোৰ হল উদ্দীপনা, মৰম–চেনেহ, পৰিয়াল, কাম, উৎসাহ আৰু ভাগ্যবৰণ৷ যিজন মানুহ অসুখী তেওঁ সাধাৰণতে দুখৰ মতবাদকে বিশ্বাস কৰে৷ আকৌ আনহাতে সুখী মানুহজনে সুখৰ মতবাদহে বাছি লয়৷ এহ দুয়োজনে সুখ বা দুখৰ কাৰণে নিজৰ বিশ্বাসকে দায়ী কৰে৷ কিন্তু দৰাচলতে সঠিক কাৰণটো একেবাৰে বিপৰীত৷ কিছুমান বস্তু সৰহভাগ মানুহৰে সুখৰ কাৰণে অপৰিহার্য৷ কিন্তু এহবোৰ হৈছে নিচেহ সাধাৰণ বস্তু৷ যেনে– আহাৰ, বাসস্থান, স্বাস্থ্য, প্রেম, জীৱনৰ সফলতা আৰু নিজ নিজ সম্প্রদায়ৰ পৰা পোৱা শ্রদ্ধা আদি৷ কোনো কোনো মানুহৰ বাবে পিতৃত্ব আৰু মাতৃত্বও অতি আৱশ্যকীয়৷ যি ক্ষেত্রত এই বস্তুবোৰৰ অভাৱ দেখা যায় তাত অতি অসাধাৰণ মানুহেহে সুখী হব পাৰে৷ কিন্তু যত এই বস্তুবোৰ অনায়াসে ভোগ কৰিব পাৰি, তাতো যদি কোনোবা মানুহ অসুখী হয়, তেন্তে বুজিব লাগিব যে সেই মানুহজন নিষ্চয় কিবা মনস্তত্ত্বমূলক অসমতা ৰোগত ভুগিছে৷ যিজন মানুহ সুখী তেওঁ মন্ময় নহয় তন্ময়, অর্থাৎ যিজনে কল্পনাৰ ৰহণ সানি ধৰাক বাউলী নকৰে, সত্যক সত্য বুলিয়েই ভাবে, যাৰ আসক্তি অবাৰিত আকর্ষণ সুদূৰ বিয়পা৷ আনন্দ লাভৰ গুপ্ত তত্ত্ব হৈছেঃ আপোনাৰ আকর্ষণ যিমানদূৰ সম্ভৱ ব্যাপক হওক, আৰু আপোনাৰ যিবিলাক বিষয় বা ব্যক্তিৰ প্রতি আকর্ষণ আছে তেওঁলোকৰ প্রতিক্রিয়া আপোনাৰ ওপৰত শত্রুভাবাপন্ন নহৈ বৰঞ্চ বন্ধু ভাবাপন্ন হওক৷
মুঠতে গ্রন্থখনৰ জৰিয়তে আপুনি সুখ নামৰ দুর্বোধ্য অনুভূতিৰ স্বৰূপ কি আৰু মানুহক কিহে অসুখী কৰে, তাক বিতংভাৱে সঠিক উপমাৰ সৈতে জানিব পাৰিব৷
ফোনঃ ৯৮৬৪২-৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.