ৰতন টাটা এক আলোস্তম্ভ 

212

মাণিক পাল

“জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা বন্ধুৰে বছৰেৰে নহয়” – লক্ষ্যধৰ চৌধুৰী।

ৰতন টাটা আৰু শান্তনু নাইডুৰ বন্ধুত্বই লক্ষ্যধৰ চৌধুৰীৰ কথাষাৰ সত্য প্ৰমাণিত কৰিলে । কাৰণ যি সময়ত দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে তেতিয়া দুয়োৰে বয়সৰ মাজত বহু ব্যৱধান আছিল। শান্তনু নাইডুৱে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া ৰতন টাটাক প্ৰথমবাৰৰ বাবে টাটা গ্ৰুপৰ কাৰ্যালয়ত লগ পায় তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৩ বছৰ আৰু ৰতন টাটাৰ বয়স আছিল ৭৯ বছৰ। এই বন্ধুত্বক লৈ বিভিন্ন সময়ত বিভিন্ন বুবু-বাবা ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। যাৰ দ্বাৰা ময়ো প্ৰভাৱিত হৈছিলোঁ। কিন্তু যেতিয়া শান্তনু নাইডুৰ ‘I came upon a lighthouse’ গ্ৰন্থখন পঢ়ো তেতিয়া তেওঁলোকৰ বন্ধত্বক লৈ মোৰ মনত থকা সকলো ভুল ধাৰণাৰ আঁৰ কাপোৰখন নিজে নিজে আঁতৰি যায়। কাৰণ তেওঁলোকৰ বন্ধুত্বৰ লগত জড়িত সকলো সৰু-ডাঙৰ কথা, কাহিনী আৰু ঘটনাক এই গ্ৰন্থখনত শান্তনু নাইডুৱে নিজে প্ৰকাশ কৰিছে। আৰু ৰতন টাটায়ে ইয়াক নিজে মানি লৈছে প্ৰকাশৰ আগত পাণ্ডুলিপিখন পঢ়ি তাৰ প্ৰকাশৰ সন্মতি প্ৰদান কৰি ।

কিতাপখনৰ বিষয়ে ব্যাখ্যা কৰি ৰতন টাটাই লিখিছে, “বাটে-ঘাটে ভোকে-পিয়াহে ঘুৰি ফুৰা গৃহস্থৰ দ্বাৰা বিতাৰিত আৰু ত্যাগ কৰা কুকুৰ আৰু মেকুৰীৰ প্ৰতি থকা আমাৰ দুয়োৰে সহানুভূতিয়ে মোক আৰু শান্তনুক ওচৰ চপাই আনিলে। শান্তনু আৰু তেওঁৰ কিছু যুৱ বন্ধুৱে মিলি এই পীড়িত জীৱ-জন্তুৰ খাদ্য আৰু যত্নৰ বাবে মহাৰাষ্ট্ৰৰ পুনেত এখন সৰু ষ্টাৰ্ট-আপৰ ভেঁটি স্থাপন কৰিবলৈ গৈ আছিল। এই জীৱ-জন্তুবোৰৰ প্ৰতি শান্তনুৰ আবেগ আৰু মমতা ইমান বেছি আছিল যে তেওঁ এইবোৰ জীৱ-জন্তুৰ ডিঙিত পিন্ধিব পৰাকৈ এনে কলাৰৰ (গলাবন্ধ) সৃষ্টি কৰিছিল, যিবোৰ ৰাতিৰ আন্ধাৰত জিলিকি উঠিছিল। এই নিৰীহ জীৱ-জন্তুবোৰক পথ দুৰ্ঘটনাত থেতেলিয়াই পেলোৱাৰ পৰা ৰক্ষা কৰিছিল এই কলাৰবোৰে। এই কামটোৰ বাবে শান্তনুৰ দলটোৱে ইতিমধ্যে এক নতুন পৰিচয় লাভ কৰিছিল।

কুকুৰৰ প্ৰতি থকা মোৰ মৰম আৰু সহানুভূতিৰ বিষয়ে জানিব পাৰি তেওঁলোকে মোৰ অফিচলৈ চিঠি লিখে। তেওঁলোকে অৱশ্যে এই চিঠিৰ প্ৰত্যুত্তৰৰ আশা কৰা নাছিল। কিন্তু শান্তনু আৰু তেওঁৰ কলেজৰ বন্ধুসকলে আৰম্ভ কৰা কামটোৱে মোক বাৰুকৈ প্ৰভাৱিত কৰে। তেওঁলোকে নিজৰ বহুমূল্য সময় আৰু নিজৰ হাতত থকা সকলো সম্পদ ইয়াত ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ দয়া আৰু কৰুণাই মোক ভবাই তুলিছিল। সেয়ে মই তেওঁলোকৰ ষ্টাৰ্ট-আপত বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াৰ ফলত তেওঁলোকে কেৱল সহায়ে লাভ কৰা নাছিল বৰং আগলৈ আগবাঢ়ি যোৱাৰ উৎসাহ লাভ কৰিছিল।

মই শান্তনুৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ দ্বাৰা প্ৰভাৱিত হওঁ, সেয়ে তেওঁৰ পঢ়া শেষ হোৱাৰ পিছত মই তেওঁক নিজৰ অফিচতে চাকৰিৰ প্ৰস্তাৱ দিওঁ। শান্তনুৱে ইয়াক গ্ৰহণ কৰে আৰু মোৰ অফিচৰ সৈতে জড়িত হয়। তেওঁ আমাৰ পৰোপকাৰী কাৰ্যকলাপবোৰত সহায় কৰাৰ লগতে টাটা ট্ৰাষ্টৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু ষ্টাৰ্ট-আপ বিনিয়োগৰ প্ৰস্তাৱত সহায় কৰে। তেওঁ এনে এটা দলৰ সদস্য হৈছিল, যিটোৱে আনৰ সহায় কৰাৰ ইচ্ছাৰে প্ৰেৰিত হৈ কাম কৰে। যি কামে প্ৰতিদিনে শিকাৰ সমল কঢ়িয়াই আনে আৰু প্ৰতিদিনে আনৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব পৰা সন্তুষ্টি লৈ আহে। কেতিয়াবা কৰিব নোৱাৰাৰ অনুশোচনাও লৈ আহে।

মই আশা কৰোঁ শান্তনু কৰুণাৰ এনে এক চাকি হ’ব পাৰে, যিটো সঁচা অন্তৰেৰে কাম কৰিবলৈ প্ৰেৰিত হৈ থাকিব আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁ হৃদয়ৰ গভীৰতাৰ পৰা আনক সহায় কৰিবলৈ সক্ষম ।”

শান্তনু নাইডুৱে নিজৰ এই কিতাপখনৰ পৰিচয় পাঠকৰ আগত দাঙি ধৰি লিখিছে, “এই কিতাপখন প্ৰকৃততে নিজৰ মনৰ কথা আৰু কাহিনীক মানুহৰ আগত দাঙি ধৰাৰ ইচ্ছাৰ পৰিণামস্বৰূপ, কোনো লেখাৰ দক্ষতাৰ ফল নহয় । মই নিষ্ঠাসহকাৰে নিজ কাহিনীৰ প্ৰকাশ কৰিছোঁ, যিবোৰক আপোনালোকে ৰোমাঞ্চকৰ বুলি গণ্য কৰিব পাৰে, কিছুমানে ইয়াক প্ৰবন্ধ হিচাপে গণ্য কৰিব পাৰে আৰু আপোনালোকৰ বহুতেই হয়তো ইয়াক জীৱনৰ এক চলন্ত নথি বুলিও গণ্য কৰিব পাৰে।

বহুতেই কিতাপখন ৰতন টাটাৰ বিষয়ে জানিবলৈ পঢ়িব পাৰে। কিন্তু মই বিচাৰোঁ, মই যি দৃষ্টিৰে তেওঁক দেখোঁ তাৰ দ্বাৰা যাতে তেওঁক সম্পূৰ্ণৰূপে জানিবলৈ সফল হওঁ। এই কিতাপখন মোৰ জীৱনৰ সেই সৰু অংশটোৰ স্মৃতিগ্ৰন্থ, যিটো অংশ মই ৰতন টাটাৰ সান্নিধ্যত কটাইছোঁ ।

এই কাহিনীবোৰ এইদৰে কিতাপ আকাৰে মানুহৰ সন্মুখলৈ আনিবলৈ সাহসৰ প্ৰয়োজন আছিল। নিজৰ জীৱনৰ স্মৃতিবোৰক সকলোৰে সন্মুখত লৈ অহা আৰু মনোযোগেৰ কেন্দ্ৰবিন্দু কৰাটো বিপদযুক্ত এক কাম কিন্তু এই কাহিনীবোৰক আপোনালোকৰ সন্মুখত লৈ অহাৰ উদ্দেশ্যটো হ’ল- এজন ব্যক্তিৰ বিভিন্ন দিশবোৰ আপোনালোকক বৰ্ণনা কৰা, যিজন মোৰ সংৰক্ষক, বন্ধু, দয়ালু আৰু বুদ্ধিমান পথ প্ৰদৰ্শক। তেওঁৰ যিবোৰ দিশৰ বিষয়ে পৃথিৱীখন অপৰিচিত আৰু তেওঁক কেৱল এজন প্ৰিয় উদ্যোগপতি হিচাপে জানে।

কিতাপখনৰ পাণ্ডুলিপি পঢ়ি তেওঁ মোলৈ এখন চিঠি লিখি কয় যে – ‘এই কাহিনীবোৰক লিখিত ৰূপত কাগজত পঢ়ি মোৰ হৃদয় ভৰি যায়।’ চিঠিখনক মই বৰ যত্নৰে ৰাখোঁ। চিঠিখনৰ আটাইতকৈ ভাল লগা শাৰীবোৰ হ’ল – য’ত তেওঁ জে. আৰ. ডি টাটাৰ বিষয়ে লিখে – ‘জেহ (জে আৰ ডি টাটাক প্ৰায়ে এই নামেৰে মতা হৈছিল) মোক জকাই বৰ ভাল পাইছিল, কিন্তু এয়া আমাৰ দুয়োৰে মাজত থকা প্ৰেম আৰু ভালপোৱা, যিটো দিনক দিনে বাঢ়ি গৈছিল। তোমাৰ ভিতৰতো বহু ভাল গুণ আছে, যাক মই প্ৰশংসা কৰোঁ। তুমি মোৰ ল’ৰা আৰু সৰু ভায়েকৰ দৰে। তোমাৰ সঙ্গই মোক বহু আনন্দ দিয়ে।’

মই কেৱল এয়াই বিচাৰোঁ আপোনালোকে কিতাপখন পঢ়ি যেন ভাল পায় আৰু কিবা লাভ কৰিব পাৰে। লগতে মই ইয়াক যেনেকৈ ব্যক্ত কৰিছোঁ তেনেকৈয়ে যেন গ্ৰহণ কৰে।

আমাক ওচৰ চপাই অনা সময়বোৰৰ আনন্দৰ স্বৰূপে এই কিতাপখনৰ পৰা লাভ কৰা ধনক প্ৰয়োজন সম্পন্ন জন্তুবোৰৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব । ইয়াৰ বাবে আপোনাক হৃদয়েৰে ধন্যবাদ জনাইছোঁ।”

শান্তনু নাইডুৱে ৰতন টাটাক ‘আলোকস্তম্ভ’ বুলি অভিহিত কৰিছিল। কাৰণ ৰতন টাটাই তেওঁক নিজৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হিচাপে আগবঢ়াই নিছিল। প্ৰথম লগ পোৱাৰ দিনৰে পৰা শান্তনুৱে ৰতন টাটাৰ ব্যক্তিত্বৰ পৰা সদায় শিকি গৈছিল। প্ৰথম লগ পোৱাৰ দিনতে ৰতন টাটাৰ দয়া আৰু শব্দৰ কোমলতাই শান্তনুক বাৰুকৈ প্ৰভাৱিত কৰিছিল। এজন বন্ধু হিচাপে শান্তনুৱে ৰতন টাটাৰ পৰা মৰম, সহানুভূতি আৰু পৰোপকাৰিতা সম্পৰ্কে শিকে। আনহাতে এজন সহায়ক হিচাপে শান্তনুৱে ৰতন টাটাৰ পৰা অনুশাসন, কাম কৰাৰ ধৰণ, নিয়মানুবৰ্তিতা, দূৰদৰ্শিতা, পৰ্যবেক্ষণ, সৰলতা, বিদেশ ভ্ৰমণত কেনেকৈ কাম কৰিব লাগে, সহযোগী কৰ্মচাৰী হিচাপে কেনেকৈ এজনে আনজনৰ চিন্তা কৰিব লাগে আৰু একতাৰ সৈতে কেনেকৈ আগবাঢ়িব লাগে সেই সম্পৰ্কে শিকিছিল। শান্তনুৰ মতে ৰতন টাটা এনে এজন ব্যক্তি যিজনে নিজৰ সামৰ্থ্য, দক্ষতা, সহানুভূতি, ব্যক্তিত্ব আৰু মানৱীয় গুণেৰে সমগ্ৰ সমাজখনকে আলোকস্তম্ভৰ দৰে পোহৰাই তুলিব পাৰে।

ৰতন টাটা আৰু শান্তনুৰ মাজত যিটো বস্তুৱে সম্পৰ্ক স্থাপন কৰে সেইটো হ’ল – কুকুৰৰ প্ৰতি থকা দুয়োৰে মৰম, চিন্তা আৰু সহানুভূতি। শান্তনুৱে প্ৰতি দিনে ঘৰৰ পৰা অফিচলৈ মটৰ চাইকেলেৰে অহা-যোৱা কৰিছিল, সেই সময়ত তেওঁ টাটা এল. এ. চি. ত এজন অট’ম’টিভ ডিজাইন ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। মটৰ চাইকেলেৰে আহি থাকোঁতে এদিন তেওঁ দেখিলে কিদৰে গাড়ী এখনে নিৰ্মমভাৱে কুকুৰ এটাক থেতেলিয়াই থৈ গ’ল । ৰাস্তাত মৰি থকা কুকুৰটোৰ গাৰ ওপৰেৰে এটাৰ পিছত এটা গাড়ীয়ে যেতিয়া পাৰ হ’বলৈ ধৰে তেতিয়া অলপ সময়ৰ ভিতৰতে কুকুৰটোৰ অস্তিত্ব নোহোৱা হৈ পৰে। ঘটনাটো দেখি শান্তনুৱে বৰ দুখ পায় আৰু দুৰ্ঘটনাৰ পৰা কেনেকৈ বাটৰুৱা কুকুৰবোৰক ৰক্ষা কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ ধৰে। কিছুদিন চিন্তাৰ পাছত তেওঁৰ মনৰ পৰা উৎপন্ন হ’ল ‘মট’পজ’ নামৰ আঁচনিৰ। শান্তনুৰ এই কামত সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁৰ অন্তৰঙ্গ বন্ধু সুকৃত, মিহিৰা আৰু কল্যাণী। এই আঁচনি মতে তেওঁলোকে এনে এটা গলাবন্ধ তৈয়াৰ কৰে যিটো গাড়ীৰ হেডলাইটৰ পোহৰত জ্বলি উঠে। এই কলাৰক বা গলাবন্ধক তেওঁলোকে বাটৰুৱা কুকুৰবোৰৰ গলত বান্ধি দিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কুকুৰবোৰৰ জীৱন ৰক্ষা পৰিবলৈ ধৰে। লাহে লাহে মট’পজৰ সদস্য সংখ্যা ১৫ জনলৈ বৃদ্ধি হয় আৰু ই এটা সামাজিক সংগঠনলৈ পৰিণত হয়। যাৰ উদ্দেশ্য আছিল বাটৰুৱা কুকুৰবোৰক আকস্মিক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা। এই সংগঠনৰ মুখ্য নেতা আছিল শান্তনু ।

 প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ পকেটৰ ধন খৰচ কৰিয়ে কুকুৰবোৰক ৰক্ষা কৰিবলৈ যত্ন কৰে কিন্তু পিছলৈ গৈ তেওঁলোক আৰ্থিক সংকটত পৰে। এই আৰ্থিক সংকটৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ৰতন টাটাৰ ওচৰ চাপিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত প্ৰথম পৰামৰ্শ হিচাপে শান্তনুৰ দেউতাকে ৰতন টাটাক চিঠি এখন লিখিবলৈ কয়। কাৰণ তেওঁ জানিছিল যে ৰতন টাটাই কুকুৰ বৰ ভাল পায় । তদুপৰি শান্তনুৰ পৰিয়ালটোৰ সৈতে টাটা গ্ৰুপৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। কাৰণ শান্তনুৰ পিতামহ টাটা পাৱাৰত কাম কৰিছিল। শান্তনুৰ ককা টাটা ইলেকট্ৰিকেলত কাম কৰিছিল আৰু দেউতাক টাটা ম’টৰ্ছত কাম কৰি আছে। সম্প্ৰতি শান্তনুৱে নিজে টাটা এল. এ. চি. ত কাম কৰি আছে। মুঠতে পাঁচটা প্ৰজন্ম ধৰি শান্তনুৰ পৰিয়াল টাটা গ্ৰুপৰ সৈতে জড়িত। তেওঁলোকে টাটা পৰিয়ালক ঈশ্বৰৰ স্বৰূপ বুলি ভাবিছিল। সেয়ে তেওঁলোকৰ মন্দিৰত জামছেদজী টাটাৰ ফটো থকা ৰূপৰ মূদ্ৰা এটা এতিয়াও আছে। কিন্তু ৰতন টাটাই তেওঁৰ পৰিয়ালৰ কোনো লোককে চিনি নাপাইছিল।

দেউতাকৰ পৰামৰ্শ মতে শান্তনুৱে টাটা ট্ৰাষ্টৰ কাৰ্যালয়ত ৰতন টাটা লৈ এখন চিঠি লিখে। বহু দিনলৈ চিঠিখনৰ কোনো প্ৰত্যুত্তৰ নহাত শান্তনু নিৰাশ হৈ নিজৰ কামত ব্যস্ত হৈ পৰে। কিন্তু কিছুদিন পাছতে শান্তনুৱে ৰতন টাটাৰ পৰা এখন চিঠি লাভ কৰে, য’ত তেওঁ লিখে –

“প্ৰিয় শান্তনু,

আপোনাৰ ই-মেইল আৰু তাত ব্যক্ত কৰা কোমল ভাবনাবোৰৰ বাবে ধন্যবাদ।

‘মট’পজ’ নামৰ এই অগতানুগতিক অভিযানৰ সাফল্যপূৰ্ণ আৰম্ভণিৰ বাবে আপোনাৰ সমৰ্পিত প্ৰয়াসৰ বিষয়ে জানি মই বৰ ভাল পালোঁ। ‘পজ ফ’ৰ এ কজ’ অভিযানৰ বিষয়ে জানি বৰ সুখ অনুভৱ কৰিছোঁ। পশু কল্যাণ এনে এটা বিষয়, যাক লৈ মই বৰ সংবেদনশীল। এই বিষয়ত আলোচনাৰ বাবে আপোনাক লগ ধৰিব পাই আনন্দিত হ’ম । লগ ধৰিবলৈ অনুগ্ৰহ কৰি আপুনি মোৰ কাৰ্যালয়ৰ সৈতে আলোচনা কৰি সময় ঠিক কৰি লওক।

শুভকামনাৰে আপোনাৰ

ৰতন এন. টাটা ।”

অৱশেষত লগ ধৰাৰ বাবে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত দিন ঠিক হয় । শান্তনু আৰু সুকৃত ৰতন টাটাক লগ ধৰি ‘মট’পজ’ৰ বিষয়ে বিৱৰি কয় । এই মিটিঙৰ অন্তত ৰতন টাটাই শান্তনুৰ দেউতাকক কথা দিয়ে যে, “আপুনি চিন্তা নকৰিব, ছাৰ মই আপোনাৰ ল’ৰাৰ যত্ন ল’ম ।” ইয়াৰ পাছতে শান্তনুৰ ‘মট’পজ’ ৰতন টাটাৰ দ্বাৰা সমৰ্পিত ‘ষ্টাৰ্ট-আপ’ হৈ পৰে। মট’পজৰ বাবে ৰতন টাটাই আগবঢ়োৱা অনুদানেৰে শান্তনুহঁতে ইয়াক ১১ টা নতুন চহৰলৈ বিস্তাৰিত কৰে। সম্প্ৰতি দেশত ইয়াৰ ১৫ টা স্বতন্ত্ৰ ‘ইউনিট’ আছে। তিনিটা ভিন্ন উৎপাদন সুবিধা আছে। তদুপৰি নেপাল আৰু বাংলাদেশতো আন্তঃৰাষ্ট্ৰীয় ইউনিটে কাম কৰি আছে।

মট’পজৰ সহায়ৰ পিছত ৰতন টাটাই শান্তনুক বিদেশত পঢ়াৰ ক্ষেত্ৰতো সহায় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ, ইথাকাত থকা ক’ৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰি ৰতন টাটাৰ সহায়ক হিচাপে তেওঁৰ কাৰ্যকালত যোগদান কৰে। এইদৰে শান্তনু আৰু ৰতন টাটাৰ মাজত থকা বন্ধুত্বই মালিক আৰু কৰ্মচাৰীৰ স্বৰূপ লাভ কৰে।

ৰতন টাটাৰ পৰোপকাৰী আৰু মানৱীয় গুণবোৰৰ প্ৰতিফলনো আপুনি এই গ্ৰন্থখনত লাভ কৰিব। শান্তনু নাইডুৰ ম’টপজক সহায় কৰাৰ দৰে ৰতন টাটাই দেশৰ বহু ‘ষ্টাৰ্ট-আপ’ক এইদৰে অনুদান আগবঢ়াই আগবাঢ়ি যোৱাত সহায় কৰিছিল। ক’ভিড – ১৯ মহামাৰীৰ সময়ত ৰতন টাটাই টাটা ট্ৰাষ্টৰ জৰিয়তে পুলিচ কৰ্মীসকলক খাদ্যৰ যোগান ধৰিছিল। তদুপৰি মহামাৰীৰ সময়ত মুঠ ১৫০০ কোটি টকা খৰচ কৰাৰ ঘোষণা কৰিছিল। এই টকাৰ ৫০০ কোটি সুৰক্ষা উপকৰণ, টেষ্টিং কিট আৰু ভেনটিলেটৰ আদি কিনাত খৰচ কৰা হৈছিল।

এই গ্ৰন্থখনৰ ‘লিলী’ নামৰ অধ্যায়ত শান্তনুৱে ৰতন টাটাৰ হৃদয়ৰ গাড়ী ‘নেনো’ সম্পৰ্কে যিখিনি ব্যাখ্যা আগবঢ়ালে সেইখিনি পঢ়ি ভাবুক হৈ পৰোঁ। কাৰণ গাড়ীখন ৰতন টাটাই এক বিশেষ উদ্দেশ্য আগত ৰাখি মানৱীয় দৃষ্টিকোণেৰে সৃষ্টি কৰিছিল। কিন্তু বৰ পৰিতাপৰ বিষয় যে গাড়ীখনে ভবা ধৰণে সফলতা লাভ নকৰিলে। কাৰণ ৰতন টাটাই যিখিনি মানুহৰ কথা ভাবি গাড়ীখন বনাইছিল সেই মানুহখিনিয়েই তাক গুৰুত্ব নিদিলে। যিটো কথাই ৰতন টাটাক বৰ দুখ দিছিল।  নেনো গাড়ীৰ বিশেষত্বৰ বিষয়ে বৰ্ণনা কৰি শান্তনুৱে লিখিছে – “ইয়াৰ চালখন আন কিছুমান গাড়ীতকৈ কিছু ওখ আছিল আৰু চালকৰ উপৰিও চাৰিজন যাত্ৰীৰ বাবে যথেষ্ট ঠাই আছিল। মই জানিছিলোঁ যে মোৰ সিদ্ধান্ত একেবাৰে সঠিক। নেনো গাড়ীখন চলাবলৈ বৰ আৰামদায়ক। ইয়াৰ খিৰিকী আৰু সন্মুখৰ কাঁচেৰে বাহিৰৰ সম্পূৰ্ণ দৃশ্য স্পষ্টকৈ চাব পাৰি। সৰু আৰু সংকীৰ্ণ বাটত ইয়াক চলাবলৈ সুবিধা। যদি আপোনালোকে ভাবিছে যে নেনো গাড়ীৰ প্ৰচাৰৰ বাবে মই কথাখিনি কৈছোঁ তেন্তে এয়া আপোনালোকৰ ভুল ধাৰণা কাৰণ বৰ্তমান টাটা ম’টৰ্ছে ইয়াক বনাবলৈ বন্ধ কৰিছে।”

ৰতন টাটাৰ সাধাৰণ জীৱনশৈলীৰ বিষয়েও আপুনি গ্ৰন্থখনত এক আভাস পাব। উদাহৰণস্বৰূপে আমি তেওঁৰ জন্মদিনৰ বিষয়ে ক’ব পাৰোঁ। ইমান ডাঙৰ উদ্যোগপতি হৈও নিজৰ জন্মদিনটোক একেবাৰে সাধাৰণভাৱে উদযাপন কৰিছিল। এই বিষয়ে শান্তনুৱে লিখিছে – “কোনো ডাঙৰ সমাৰোহ বা পাৰ্টি একো নাই। তেওঁ তেওঁৰ জন্মদিনটোক সদায় সৰলতাৰে উদযাপন কৰি আহিছে। কিছু ঘনিষ্ঠ বন্ধুৰ সৈতে।” ৰতন টাটাই শান্তনুৰ সৈতেও কেইবাবাৰো এইদৰে সাধাৰণভাৱে জন্মদিন উদযাপন কৰিছিল।

মুঠতে গ্ৰন্থখন হ’ল ৰতন টাটা আৰু শান্তনু নাইডুৰ এক অগতানুগতিক বন্ধুত্বৰ দলিল। যি বন্ধুত্বত আছিল মৰম, শাসন, বিশ্বাস আৰু সহানুভূতি।

ফোন  – ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.