হৰে কৃষ্ণ প্ৰত্যাহ্বান 

4

মাণিক পাল

গীতা হ’ল ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক কীৰ্তিস্তম্ভ। ভাৰতত এনে কোনো মানুহ নাই যিজনে জীৱন সংগ্ৰামৰ মুখামুখি হৈ গীতাক স্মৰণ কৰা নাই। কাৰণ গীতাৰ উদ্দেশ্যই হ’ল জীৱন সংগ্ৰামক সঠিক পথেৰে পৰিচালিত কৰা, অজ্ঞানতাৰ অন্ধকাৰৰ পৰা মানুহক উদ্ধাৰ কৰা। ইয়াৰ বাবে প্ৰয়োজন কেৱল ভগৱান শ্ৰীকৃষ্ণই গীতাত নিৰ্দেশিত পথবোৰ অনুসৰণ কৰা। সেয়ে অভয় চৰণৰবিন্দ ভক্তি বেদান্ত স্বামী প্ৰভুপাদে ‘শ্ৰীমদ্ভগৱদ্গীতা’ৰ পাতনিত লিখিছে – “ঔষধ সেৱন কৰাৰ সময়ত আমি আমাৰ ইচ্ছামতে ঔষধ কিনি খাব নোৱাৰোঁ, চিকিৎসকৰ নিৰ্দেশ বা ঔষধৰ বটলত দিয়া নিৰ্দেশ অনুসৰণ কৰিব লাগে। তেনেকৈ ভগৱদ্গীতাকো গ্ৰহণ কৰিব লাগিব ঠিক যেনেকৈ তাৰ বক্তাই তাক গ্ৰহণ কৰাৰ নিৰ্দেশ দি গৈছে আৰু ভগৱদ্গীতাৰ বক্তা হ’ল স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। ভগৱদ্গীতাৰ প্ৰতিটো পৃষ্ঠাত শ্ৰীকৃষ্ণক পৰমেশ্বৰ ভগৱান বুলি উল্লেখ কৰা হৈছে। ভগৱান শব্দটো অৱশ্যে কেতিয়াবা কোনো শক্তিমান পুৰুষ অথবা কোনো দেৱতাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়। ইয়াত কিন্তু ভগৱান শব্দটোৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণক মহাপুৰুষৰূপে বৰ্ণনা কৰা হৈছে, কিন্তু তাৰ সৈতে আমি এয়াও জনা উচিত যে শ্ৰীকৃষ্ণই হ’ল পৰমেশ্বৰ ভগৱান। ভগৱান শ্ৰীকৃষ্ণই যে পৰমেশ্বৰ, সেয়া স্বীকাৰ কৰিছে সকলো মহান আৰ্যসকল যেনে – শংকৰাচাৰ্য, ৰামানুজাচাৰ্য, মাধৱাচাৰ্য, নিম্বাৰ্কাচাৰ্য, শ্ৰীচৈতন্য মহাপ্ৰভু আৰু ভাৰতৰ আন বহু বৈদিক জ্ঞানৰ তত্ত্বদৰ্শী মহাপুৰুষসকলে । শ্ৰীকৃষ্ণই নিজেই গীতাত কৈ গৈছে যে তেৱেঁই স্বয়ং ভগৱান। সেয়ে ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ নিৰ্দেশ দি গৈছে, ঠিক তেনেকৈয়ে ভগৱদ্গীতাক আমি গ্ৰহণ কৰিব লাগিব।”

         গীতাত ভগৱান শ্ৰীকৃষ্ণই নিৰ্দেশিত পথবোৰ এৰি আজিৰ সমাজখনে কেনেকৈ জুৰে-শাঁতে ভুল পথ অভিমুখে আগবাঢ়ি গৈছে তাক উদঙাবলৈ স্বামী প্ৰভুপাদে ‘হৰে কৃষ্ণ প্ৰত্যাহ্বান’ (The Hare Krishna challenge) নামৰ এখন সৰু কিন্তু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে। সৌভাগ্য ক্ৰমে গ্ৰন্থখন মই অলপতে উৰিষ্যাৰ পুৰীত যাওঁতে সংগ্ৰহ কৰোঁ। কিতাপখন পঢ়ি ইমান ভাল লাগে যে একেবহাই পঢ়ি অঁতাই পেলাও। গ্ৰন্থখন সাম্প্ৰতিক সমাজ জীৱনৰ বাবে বৰ উপকাৰী সেয়ে পঢ়ি অনুভৱ কৰা কথাখিনি আপোনালোকৰ সৈতে ভগাই ল’বলৈ এই প্ৰবন্ধটো যুগত কৰি উলিয়াও । গ্ৰন্থখনৰ বিশেষত্ব হ’ল – আধ্যাত্মিকতাৰ মাজেৰে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই নিৰ্দেশিত পথৰ মাজেৰে কেনেকৈ অৰ্থপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰি তাৰে বাৰ্তা সমাজৰ মাজত বিলাই দিয়া। কথাবোৰ শ্ৰীল প্ৰভুপাদে তেওঁৰ অন্তৰঙ্গ শিষ্যসকলৰ লগত হোৱা প্ৰশ্ন-উত্তৰ অৰ্থাৎ কথা-বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিছে।

         বিশ্বব্যাপী হৰে-কৃষ্ণ আন্দোলনৰ প্ৰতিষ্ঠাপক অভয়চৰণৰবিন্দ ভক্তি বেদান্ত স্বামী প্ৰভুপাদে (জনপ্ৰিয়ভাৱে শ্ৰীল প্ৰভুপাদ নামেৰে পৰিচিত)  ১৯৬৫ চনত ভাৰত এৰি নিউয়ৰ্কলৈ যাত্ৰা কৰে, য’ত তেওঁ এবছৰ পাছত আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমিতি গঠন কৰে। তেওঁৰ উদ্দেশ্য আছিল কৃষ্ণ চেতনা, ঈশ্বৰৰ প্ৰেম বিকাশৰ ব্যৱহাৰিক আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া আৰু বৈদিক শাস্ত্ৰত নিৰ্ধাৰিত প্ৰক্ৰিয়াবোৰক প্ৰচাৰিত কৰা। এই শাস্ত্ৰসমূহৰ ওপৰত তেওঁ কৰা ধাৰাবাহিক অনুবাদসমূহে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ধৰ্ম পণ্ডিত হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেওঁ কৰ্তৃত্বশীলভাৱে ভগৱান শ্ৰীকৃষ্ণৰ বিজ্ঞান, দৰ্শন আৰু লীলাক ৮৩ খনতকৈও অধিক গ্ৰন্থত উপস্থাপন কৰি একে সময়তে সমগ্ৰ বিশ্বতে হৰে কৃষ্ণ আন্দোলনক এক আধ্যাত্মিক শক্তি ৰূপে প্ৰতিষ্ঠা কৰে।

    শ্ৰীল প্ৰভুপাদৰ আধ্যাত্মিক মূল্যবোধৰ পৰা বঞ্চিত সমাজৰ আধ্যাত্মিক বিকল্প হিচাপে কৃষ্ণ চেতনাৰ গতিশীল উপস্থাপনে বিশেষকৈ পাশ্চাত্য যুৱক-যুৱতীসলক আকৰ্ষণ কৰিছিল। এই যুৱকসকলৰ বহুতেই জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি ফুৰিছিল। কাৰণ তেওঁলোকে ভোগবাদী বস্তুবাদ, শূণ্যবাদী, নাস্তিকতাবাদ আৰু আৱেগিক ভণ্ডামি অৰ্ধ-ঈশ্বৰবাদৰ দ্বাৰা অসুস্থ হৈ পৰিছিল। শ্ৰীল প্ৰভুপাদে বস্তুবাদী সমাজৰ বিৰুদ্ধে মাত মাতিছিল, যিয়ে মানুহক তেওঁলোকৰ প্ৰকৃত আধ্যাত্মিক প্ৰয়োজনীয়তাৰ প্ৰতি অন্ধ কৰি ৰখাৰ লগতে নিত্য বৃদ্ধি পোৱা জটিলতাৰ দাসত্বত ৰাখিছে।

    শ্ৰীল প্ৰভুপাদে কু-অভিপ্ৰায়ৰ পৰা দূৰত থাকি আধুনিক সমাজৰ আধ্যাত্মিক ৰোগৰ বিৰুদ্ধে শক্তিশালী, স্পষ্ট আৰু ধাৰাবাহিকভাৱে মাত মাতিছিল। তেওঁ কেতিয়াও কাকো নিৰ্বিচাৰে সমালোচনা কৰা নাছিল, শিষ্যসকলকো তেনে কৰিবলৈ দিয়া নাছিল। তেওঁ সদায় আনৰ ভাল কামবোৰক প্ৰশংসা কৰিছিল আৰু বেয়াক নিন্দা কৰাটো এৰাই চলিছিল।

     অশুভ শক্তিৰ অস্তিত্ব সম্পৰ্কে ব্যাখ্যা কৰি তেওঁ কয় – অশুভ শক্তি হ’ল শুভ শক্তিৰ অনুপস্থিতি, ঠিক যেনেকৈ আন্ধাৰ হ’ল সূৰ্যৰ পোহৰৰ অনুপস্থিতি। যদি আপুনি সদায় নিজকে পোহৰৰ মাজত ৰাখে তেন্তে আন্ধাৰৰ প্ৰশ্নই নাহে। ঈশ্বৰ মানেই হ’ল সকলো ভাল। সেয়ে যদি আপুনি নিজকে সদায় ঈশ্বৰৰ চেতনাত বিলীন ৰাখে তেন্তে অশুভ শক্তিয়ে আপোনাৰ কেতিয়াও ক্ষতি কৰিব নোৱাৰে। অশুভ শক্তিৰ উৎপত্তি হয় কাৰণ কিছুমান মানুহে পৃথিৱীত আহি বস্তুগত জগতখন উপভোগ কৰিব বিচাৰে। এজন পিতৃয়ে যেনেকৈ নিজৰ ভাল-বেয়া দুয়োটা সন্তানকে সমান সুযোগ দিয়ে। ঠিক তেনেকৈ ঈশ্বৰেও ভাল-বেয়া বা শুভ-অশুভ দুয়োটা শক্তিক সমান সুযোগ দিয়ে।

     তেওঁৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ চেতনা বাৰ্তা আধ্যাত্মিকজগতৰ পৰাই আহে। ই বস্তুগত জগতৰ পৰা নাহে। সেয়ে কিছুমান মানুহে ইয়াক ভুল বুজে। আনকি তেওঁলোকে আত্মা কি সেয়াও বুজি নাপায়। ডাঙৰ ডাঙৰ বিজ্ঞানী আৰু দাৰ্শনিকেও বুজি নাপায়। তেওঁলোকে আত্মা আৰু আধ্যাত্মিকতা সম্পৰ্কে একো নাজানে। সেয়ে তেওঁলোকে ইয়াক বুজাত ভুল কৰে। তেওঁৰ মতে ‘বেদ’ ধৰ্ম নহয়। ‘বেদ’ মানে হ’ল ‘জ্ঞান’ । গতিকে যদি আপুনি জ্ঞানৰ ইতিহাস বিচাৰি উলিয়াব পাৰে তেন্তে, বেদৰ উৎপত্তি সম্পৰ্কেও জানিব। বেদৰ ইতিহাস তেতিয়াই আৰম্ভ হৈছে যেতিয়া বস্তুগত পৃথিৱীৰ উৎপত্তি হৈছে। কোনেও পৃথিৱীৰ উৎপত্তি বা সৃষ্টিৰ তাৰিখ ক’ব নোৱাৰে। এই জগতখনৰ সৃষ্টি হৈছে ব্ৰহ্মাৰ জন্মৰ লগে লগে আৰু আপুনি ব্ৰহ্মাৰ এদিনৰ দৈৰ্ঘ্যও হিচাপ কৰিব নোৱাৰে। কিন্তু বিশ্বৰ ক্ষুদ্ৰ মানৱবোৰে বেদৰ তাৰিখ সম্পৰ্কে গৱেষণা কৰে, এয়া বৰ হাস্যকৰ।

    বহু এনে জীৱাণু আছে যিবোৰ এৰাতিৰ ভিতৰতে ডাঙৰ হৈ মৃত্যুও হয়। এটা ৰাতিয়ে সিহঁতৰ জীৱনকাল। আমাৰ জীৱনটোও তেনেকুৱা। আপুনি কি ইতিহাস লিখিব পাৰে? সেয়ে বৈদিক কৰ্তৃপক্ষৰ পৰা আমি বৈদিক জ্ঞান লাভ কৰোঁ। এজন মানুহ কেতিয়াও ভেকুলী দাৰ্শনিক হোৱা উচিত নহয় । ভেকুলী দাৰ্শনিকে কেতিয়াও আটলান্টিক মহাসাগৰ দেখা নাছিল আৰু কোনোবাই তেওঁক জনাইছিল, “মই ইমান বিশাল সাগৰ দেখিছোঁ।” তেতিয়া দাৰ্শনিক ভেকুলীয়ে ক’লে, “সেইটো এই কুঁৱাটোতকৈও বিশাল আছিল নে ?” এই ভেকুলী দাৰ্শনিকৰ দৰে কিছুমান মানুহ আছে যিসকলে কুঁৱাটোকে আটলান্টিক মহাসাগৰ বুলি ভাবে। তেওঁলোকে কেতিয়াও বৈদিক জ্ঞানৰ বিশালতাক বুজি নাপায়।

     লেখকৰ মতে প্ৰকৃত জীৱন মানে হ’ল শাৰীৰিক ক্ৰিয়াকলাপবোৰ কমাই কিছু সময় উলিয়াই নিজকে আধ্যাত্মিক জ্ঞানৰ বাবে সমৰ্পণ কৰা। শাৰীৰিক ভোগৰ ওপৰত বৰ্তমানৰ যি সভ্যতা গঢ়ি উঠিছে সেয়া হ’ল প্ৰাণীসকলৰ জীৱন। এয়া সভ্য বা শুদ্ধ জীৱন নহয়। সভ্য জীৱন তেতিয়াই আৰম্ভ হয় যেতিয়া এজন ব্যক্তিয়ে আত্মাৰ উদ্যম লাভ কৰে। যেতিয়া এজন ব্যক্তিয়ে আত্মাৰ উদ্যম লাভ কৰিবলৈ অসামৰ্থ্য হয় তেতিয়া তেওঁৰ জীৱন কুকুৰ আৰু মেকুৰীৰ দৰে হয় । বৈদিক জীৱনে আমাক শাৰীৰিক যন্ত্ৰণা আৰু ভোগৰ পৰা মুক্ত কৰে। সেয়ে বৈদিক শিক্ষা আৰম্ভ হয় ব্ৰহ্মচাৰ্যৰ জৰিয়তে।

     লেখকৰ মতে পাশ্চাত্য সভ্যতা হ’ল অপ্ৰীতিকৰ । কৃত্ৰিমতাই জীৱনৰ প্ৰয়োজনীয়তাবোৰ বৃদ্ধি কৰিছে। উদাহৰণস্বৰূপে আমি বৈদ্যুতিক বাল্বৰ কথা ক’ব পাৰোঁ। বৈদ্যুতিক বাল্ব জ্বলাবলৈ জেনেৰেটৰ লাগিব, আকৌ জেনেৰেটৰ চলাবলৈ পেট্ৰোল লাগিব। পেট্ৰোলৰ যোগান বন্ধ হোৱাৰ লগে লগে সকলো বন্ধ হ’ব । আনহাতে পেট্ৰোল পাবলৈ আপুনি পৰিশ্ৰম কৰিব লাগিব, ভূ-গৰ্ভ খান্দিব লাগিব। এইটো এটা উগ্ৰ কৰ্ম অৰ্থাৎ ভয়ংকৰ কাম । সেই একেটা কামকে অৰ্থাৎ তেল উলিওৱা কামটো আপুনি এৰা গছৰ গুটিৰ পৰাও কৰিব পাৰে। এৰা গছৰ গুটিৰ পৰা ওলোৱা তেলখিনি চাকি এটাত ভৰাই পোহৰ সৃষ্টি কৰিব পাৰে। এই তেল উলিওৱা কামটোৰ দৰে আমি আমাৰ জীৱনৰ সঠিক পথৰ পৰা বিচলিত হৈ জীৱনটোক অসহনীয় কৰি গঢ়ি তুলি আছোঁ। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল আমি জন্ম-মৃত্যুৰ পাক চক্ৰৰ পৰা ওলাব পৰা নাই। আত্ম-উপলব্ধিৰ বাবে আপোনাৰ উন্নত বুদ্ধিমত্তা আছে, কিন্তু আত্ম-উপলব্ধিৰ বাবে আপোনাৰ উন্নত বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপুনি ইয়াক আন কামতহে ব্যৱহাৰ কৰিছে। সেয়ে আপুনি আপোনাৰ জীৱন প্ৰক্ৰিয়াটোক নতুন বৃন্দাবন কৰি গঢ়ি তোলক আৰু মুকলি ঠাইত বাস কৰক, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰক, সময় বচাওক আৰু কৃষ্ণ নাম লওক। মুঠতে সহজ-সৰল জীৱন যাপন আৰু উচ্চ চিন্তাই হ’ল আদৰ্শ জীৱন। কিন্তু যদি আপুনি বিলাসীতাত জীৱন কটাই কৃষ্ণ নাম ল’বলৈ পাহৰে তেন্তে সেয়া হ’ল আত্মহত্যাৰ দৰে। সেয়ে আমি এই আত্মহত্যামূলক জীৱন প্ৰণালীৰ পৰা আঁতৰি আহিব লাগে। সেই বুলি আমি আধুনিক প্ৰযুক্তিৰ বিকাশৰ দিশৰ পৰা পিছুৱাই আহিব নালাগে। সেই ফালেও আগবাঢ়িব লাগে, লগতে কৃষ্ণ নামো লৈ থাকিব লাগে। মুঠতে উন্নয়নৰ সমান্তৰালে কৃষ্ণ চেতনাৰ প্ৰতিও সচেতন হ’ব লাগে।

     আমাৰ অস্তিত্ব সম্পৰ্কে ব্যাখ্যা কৰি তেওঁ নিজৰ শিষ্যসকলক কৈছে – আমাৰ দুই ধৰণৰ দেহ আছে – এটা হ’ল পৃথিৱী, পানী, অগ্নি, বায়ু আৰু ইথাৰৰ স্থূল শৰীৰ আৰু আনটো হ’ল মন, বুদ্ধিমত্তা আৰু অহংকাৰৰ সূক্ষ্ম শৰীৰ। আপুনি বাৰু কেতিয়াবা নিজৰ মন, বুদ্ধিমত্তা, অহংকাৰী আদিক অৰ্থাৎ সূক্ষ্ম শৰীৰক দেখিছেনে? নিশ্চয় দেখা নাই। ঠিক তেনেকৈয়ে আমাৰ শৰীৰত আত্মা আছে কিন্তু আমি দেখা নাপাওঁ। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল –

“দেহিনোদৃস্মিন্ যথা দেহে কৌমাৰং যোবনং জৰা ।

তথা দেহান্তৰ প্ৰাপ্তি ধীৰশুত্ৰন মুহ্যতি।। (দ্বিতীয় অধ্যায়, ১৩ নং শ্লোক)

অৰ্থাৎ যিহেতু প্ৰত্যেকটো জীৱই স্বতন্ত্ৰ আত্মা, সেয়ে প্ৰতি মুহূৰ্ততে প্ৰত্যেকৰে দেহ পৰিৱৰ্তন হৈছে কেতিয়াবা শিশুৰূপে, কেতিয়াবা যুৱক ৰূপে আৰু কেতিয়াবা বৃদ্ধৰূপে। কিন্তু জীৱৰ প্ৰকৃত সত্তা আত্মাৰ কোনো পৰিৱৰ্তন নহয় । মৃত্যুৰ সময়ত এই আত্মাই দেহ ত্যাগ কৰি আন এটা দেহ ধাৰণ কৰে। আত্মাক কেতিয়াও বিভক্ত কৰিব নোৱাৰি।

     লেখকৰ মতে পৃথিৱীখন হ’ল সপোন। আমি সকলোৱে হ’লো এই পৃথিৱীৰ ভ্ৰমণকাৰী। আৰু ভ্ৰমণকাৰী হিচাপে আমি সদায় নতুন নতুন সপোন দেখো। আমাৰ আত্মাই কেৱল প্ৰকৃত আৰু সত্য, বাকী আমাৰ শৰীৰ আৰু চাৰিওফালৰ বস্তুবোৰ হ’ল সপোন, যি আজি আছে কালি নাই। আমি প্ৰায়ে নিজকে আন প্ৰাণীতকৈ ভিন্ন আৰু উচ্চ বুলি ভাবোঁ কিন্তু এবাৰ ভাবি চাওকচোন আন প্ৰাণীসকলে যেনেকৈ আহাৰ, বিশ্ৰাম, প্ৰজনন আৰু সুৰক্ষাৰ বাবে সংগ্ৰাম কৰিছে আমিও তো সেই একেই বস্তুবোৰৰ বাবে সংগ্ৰাম কৰিছোঁ তেন্তে আমি কেনেকৈ আন প্ৰাণীতকৈ উচ্চ বা ভিন্ন হ’লো । প্ৰাণীবোৰে যেনেকৈ মৰে আমিও মৰো। পাৰ্থক্য কেৱল এটাই আন প্ৰাণীবোৰৰ আয়ু আমাতকৈ কম । সেয়ে গোটেই পৃথিৱীখনেই সপোন। কেৱল আমাৰ অৰ্থাৎ মানুহৰ সপোনবোৰ অকণমান দীঘলীয়া হয়।

     এইদৰে লেখকে গ্ৰন্থখনত নিজৰ শিষ্যসকলৰ লগত হোৱা মুঠ ২৬ টা আলোচনাৰে ভগৱান শ্ৰীকৃষ্ণ আৰু গীতাৰ সহায়ত জীৱনটো কেনেকৈ আগবঢ়াই নিব লাগে তাক বুজাবলৈ যত্ন কৰিছে। মুঠতে আধ্যাত্মিক পথেৰে যাত্ৰা কৰি কেনেকৈ বস্তুগত জগতখনৰ পৰা মুক্তি পাব পাৰি তাৰেই মন্ত্ৰস্বৰূপ হ’ল এই গ্ৰন্থখন।

ফোন : ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.