প্ৰতি মঙ্গলবাৰে মোৰীৰ সৈতে

72

মাণিক পাল

আমেৰিকান লেখক, সাংবাদিক আৰু সংগীতজ্ঞ মিচ এলবম (Mitch Albom) যেতিয়া যুৱক আছিল তেতিয়া তেওঁ তেওঁৰ বৃদ্ধ অধ্যাপক মোৰী শোৱাটৰ্জক (Morrie Scwartz) প্ৰতি মঙ্গলবাৰে লগ ধৰিছিল আৰু জীৱন সম্পৰ্কে বিভিন্ন শিক্ষা লাভ কৰিছিল। তেওঁ নিজৰ শিক্ষাগুৰুক প্ৰতি মঙ্গলবাৰে লগ ধৰি যিবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিছিল সেই আলোচনাবোৰক কিতাপ আকাৰে সন্নিৱিষ্ট কৰি লিখি উলিয়াইছে ‘প্ৰতি মঙ্গলবাৰে মোৰীৰ সৈতে’ নামৰ গ্ৰন্থখন। যিখন গ্ৰন্থই প্ৰকাশৰ লগে লগে সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰে। কিতাপখনৰ মূলমন্ত্ৰ হ’ল – ‘জীয়াই থকা মানেই হ’ল দান’। লেখকে যেনেকৈ মোৰীৰ শিক্ষাৰে শিক্ষিত হৈ নিজৰ জীৱন শৈলী আৰু উদ্দেশ্য পৰিৱৰ্তন কৰিলে ঠিক তেনেকৈ আন মানুহবোৰেও যাতে তেওঁৰ বৃদ্ধ অধ্যাপকৰ শিক্ষাৰে শিক্ষিত হৈ অনুপ্ৰাণিত হ’ব পাৰে সেই উদ্দেশ্যৰেই তেওঁ এই গ্ৰন্থখন ৰচনা কৰিছে।

প্ৰথম মঙ্গলবাৰে লেখকে বৃদ্ধ অধ্যাপকজনৰ পৰা চাৰিওফালৰ বিশ্বত সংঘটিত হোৱা ঘটনাবোৰৰ বিষয়ে শিকে। লেখকে যেতিয়া অধ্যাপক জনক কয় আপুনি এতিয়াও বাতৰি কাকত পঢ়েনে? তেতিয়া অধ্যাপকজনে কয়– “তুমি কি ভাবিছা মোৰ মৃত্যু কাষ চাপি আহিছে কাৰণে মই বিশ্বৰ খবৰ ল’ব নালাগে। বৰং যেতিয়াৰ পৰা মই অসুস্থ হৈ মৃত্যুৰ সৈতে যুঁজিছোঁ তেতিয়াৰ পৰা মই আগৰ তুলনাত আনৰ দুখবোৰ বেছিকৈ অনুভৱহে কৰিছোঁ। এদিন মই টিভিত বোস্নিয়াৰ মানুহবোৰক ৰাস্তাত দৌৰি থকা, গুৰিত মৰি দেখি আছিলোঁ, মৰি যোৱা নিৰিহ লোকবোৰক দেখি মোৰ চকুৰে চকুলো বৈ পৰিছিল। তেওঁলোকৰ দুখবোৰক দেখি এনে লাগিল যেনিবা সেইবোৰ মোৰ নিজৰ দুখ। মই কিন্তু তেওঁলোকৰ কাকো চিনি নাপাও তথাপিও মোৰ মন তেওঁলোকৰ পিনে আকৰ্ষিত হৈছিল।”

অধ্যাপকজনৰ কথা শুনি লেখকে ভাবিলে মৃত্যুৱেই হ’ল সেই মহান তত্ত্ব যাৰ কাৰণে অচিনাকি মানুহ এজনেও আন এজন মানুহৰ বাবে চকুলো টুকে। অধ্যাপকজনে আকৌ ক’লে, “মোৰ বেমাৰে মোক শিকাইছে আনক কেনেকৈ মৰম কৰিব লাগে আৰু আনৰ সৈতে আন্তৰিকতা গঢ়ি তুলিব লাগে।” সেয়ে হয়তো লেবিনে কৈছিল – “প্ৰেম হ’ল একমাত্ৰ যুক্তিসংগত কাম।”

দ্বিতীয় মঙ্গলবাৰে লেখকে অধ্যাপকজনক সুধিলে নিজৰ অক্ষমতা অৰ্থাৎ অসুস্থতাৰ বাবে আনৰ সহায় লৈ জীয়াই থকা জীৱনটোক লৈ দুখ বা অনুশোচনা হয়নে? তেতিয়া তেওঁ উত্তৰ দিলে – “হয়, ৰাতিপুৱাৰ সময়ত মই মোৰ শাৰীৰিক অক্ষমতাবোৰৰ বাবে কিছু অনুশোচনা কৰোঁ যদিও পিছ মুহূৰ্ততে মই এইবোৰক লৈ কান্দিবলৈ বন্ধ কৰোঁ আৰু ভাল ইতিবাচক কথাবোৰত নিজৰ মনটোক কেন্দ্ৰিত কৰোঁ। সেইসকল লোকৰ কথা ভাবোঁ যিসকলে মোক লগ ধৰিব আহে। সেইবোৰ কাহিনীত নিজৰ মনটোক কেন্দ্ৰীভূত কৰোঁ যিবোৰ মই মানুহৰ পৰা শুনো আৰু মঙ্গলবাৰে তোমাৰ কথা ভাবোঁ কাৰণ প্ৰতি মঙ্গলবাৰে তুমি মোক সঙ্গ দিয়া।”

আচলতে মোৰীয়ে নিজৰ শাৰীৰিক অসহায়তাক লৈ, যিবোৰ অসহায়তা তেওঁক ‘এল এল এছ’ নামৰ ৰোগটোৱে প্ৰদান কৰিছে, কিছু সময় অসুবিধা অনুভৱ কৰিলেও তাৰ প্ৰতি তেওঁৰ বিশেষ কোনো আগ্ৰহ নাই। কাৰণ তেওঁ এই অৱস্থাতো জানিছিল কেনেকৈ মৃত্যুৰ ভয়ক পৰাজিত কৰি জীৱনটোক উদযাপন কৰিব লাগে। অধ্যাপকজনৰ মতে, বহু সময়ত আমি যি দেখোঁ তাক বিশ্বাস নকৰোঁ। আমি সেই কথাবোৰকে বিশ্বাস কৰিব লাগে যাক তুমি অনুভৱ কৰা। যদি তুমি বিচৰা মানুহে তোমাৰ কথা বিশ্বাস কৰক, তেন্তে তুমিও অনুভৱ কৰিব লাগিব যে তুমি তেওঁক বিশ্বাস কৰিব পাৰা।

তৃতীয় মঙ্গলবাৰে তেওঁলোকে অনুশোচনাৰ বিষয়ে আলোচনা কৰে। অনুশোচনাৰ বিষয়ে ব্যাখ্যা কৰি অধ্যাপকজনে কয় – ‘সংস্কৃতিয়ে আমাক তেতিয়ালৈকে অনুশোচনাৰ বাবে উৎসাহিত নকৰে, যেতিয়ালৈকে আমি মৰিবলৈ নাপাওঁ। আমি অহংকাৰৰ লগত জড়িত কথা, জীৱিকা, পৰিয়াল, ধন-সম্পত্তিৰ ইচ্ছা, নতুন গাড়ীৰ সপোন আদিক লৈ ইমান ব্যস্ত হৈ পাৰোঁ যে এইবোৰক বজাই ৰাখিবলৈ বহু সৰু-সুৰা কাম কৰিবলগীয়া হৈ পৰে। সেয়ে আমি কিছু সময় ৰৈ নিজৰ বাবে অনুশোচনা কৰিবলৈও সময় নাপাও। কেতিয়া চিন্তা নকৰোঁ – ‘মই এয়াই বিচাৰিছিলোঁ নে বা কিবা হেৰুৱালোঁ নে ?’ লেখকৰ মতে আমি যিবোৰ বিষয়ক লৈ জীৱনত যুঁজি থাকোঁ, ‌সেইবোৰ হ’ল – মৃত্যু , ভয়, বাঢ়ি যোৱা বয়স, লোভ, বিচাৰ, পৰিয়াল, সমাজ, ক্ষমাশীলতা আৰু অৰ্থপূৰ্ণ জীৱন।

চতুৰ্থ মঙ্গলবাৰে তেওঁলোকে মৃত্যু সম্পৰ্কে আলোচনা কৰে। মৃত্যুৰ বিষয়ে ব্যাখ্যা কৰি অধ্যাপকজনে কয় – “আমি সকলোৱে জানো মৃত্যু অনিবাৰ্য, তথাপিও আমি ইয়াক মানি ল’ব নিবিচাৰোঁ। আমি যদি এই শাশ্বত সত্যক মানি ল’ব পাৰোঁ তেন্তে আমাৰ কৰ্ম প্ৰক্ৰিয়াই সলনি হৈ যাব। আপুনি যদি মৃত্যুৰ বাবে প্ৰস্তুত হ’ব বিচাৰে তেন্তে বৌদ্ধ ধৰ্মৰ লোকসকলে যি কৰে তাক অনুকৰণ কৰক । প্ৰতি দিনে আপোনাৰ কান্ধত এটা চৰাই ৰাখক, যিটোৱে আপোনাক সুধিব, ‘আজিয়ে সেই দিনটো হয়নে? মই প্ৰস্তুত নে ? মই সেইবোৰ কাম কৰি আছোঁ নে যিবোৰ মোৰ কৰিবলগীয়া? মই সেইজন মানুহ হৈ আছোঁ নে যিজন মই হ’ব বিচাৰোঁ? আজিয়ে সেই দিনটো হয়নে যিদিনা মই মৰিম।’ মুঠতে এবাৰ যদি আপুনি স্বীকাৰ কৰি লয় যে এদিন নহয় এদিন মৃত্যু অনিবাৰ্য তেন্তে আপুনি জীয়াবলৈ শিকি যাব ।

যেতিয়া লেখকে অধ্যাপকজনক প্ৰশ্ন কৰে আপুনি অসুস্থ হোৱাৰ আগতে মৃত্যুৰ বিষয়ে ইমান চিন্তা কৰিছিলনে ? তেতিয়া তেওঁ উত্তৰ দিয়ে – নাই, ময়ো আনৰ দৰেই আছিলোঁ। এবাৰতো ৬০ বছৰ বয়সত অতি উৎসাহত বন্ধু এজনক কৈয়ে পেলালোঁ, ‘মই হ’লো বিশ্বৰ আটাইতকৈ সুস্থ বৃদ্ধ ব্যক্তি।’ তেতিয়া লেখকে অধ্যাপকজনক কয়, ‘যদি সকলোৱে জানে যে তেওঁ এদিন নহয় এদিন মৰিবই তথাপিও কিয় মৰাৰ কথা চিন্তা কৰিবলৈ অসুবিধা পায় ?’ তেতিয়া অধ্যাপকজনে কয় – ‘আমাৰ মাজৰ অধিকাংশ লোক এনেকৈ ঘূৰি থাকে যেনিবা তেওঁ টোপনিত চলিছে। আমি আমাৰ চাৰিওফালৰ জগতখনকে ভালদৰে অনুভৱ কৰিব নোৱাৰোঁ, কাৰণ আমি অৰ্ধনিদ্ৰাত চালোঁ । আমি কামবোৰক স্ব-চালিত যন্ত্ৰৰ দৰে এনেকৈ কৰোঁ, যেনিবা আমাক এইটো কৰিবই লাগিব। যেতিয়া তুমি জানিবা যে মৃত্যু অনিবাৰ্য তেতিয়া তুমি প্ৰতিটো কামে বেলেগ ধৰণে কৰিবলৈ আৰম্ভ কৰিবা । মৰিবলৈ শিকিলে, জীয়াবলৈও শিকি যাবা।

পঞ্চম মঙ্গলবাৰে তেওঁলোকে পৰিয়াল সম্পৰ্কে আলোচনা কৰে । পৰিয়াল সম্পৰ্কে ব্যাখ্যা কৰি মেৰীয়ে কয় – পৰিয়ালে হ’ল সেই শক্তিশালী আধাৰ, যাৰ শক্তিৰ সহায় লৈ ব্যক্তি এজন সমাজত বৰ্তি থাকে আৰু সুৰক্ষিত হয়। যিজন ব্যক্তিৰ পৰিয়াল নাই তেওঁৰ একোৱে নাই। অসুস্থ হোৱাৰ পিছত ইয়াক মই আৰু ভালকৈ বুজি পাওঁ। বাস্তৱত যদি পৰিয়ালৰ সহযোগ, প্ৰেম, স্নেহ আৰু শুশ্ৰূষা আপুনি নাপায় তেন্তে আপোনাৰ একোৱে নাই। পৰিয়ালৰ প্ৰেমৰ অবিহনে আমি দেউকা বিহীন চৰাইৰ দৰে। পৰিয়াল থকা মানে আপুনি অনুভৱ কৰিব আপোনাৰ যত্ন ল’বলৈ সদায় কোনবা নহয় কোনোবা আপোনাৰ লগত আছে আৰু আপোনাৰ আধ্যাত্মিক সুৰক্ষা আছে।

ষষ্ঠ মঙ্গলবাৰে মোৰী আৰু মিচে আৱেগৰ বিষয়ে আলোচনা কৰে। আৱেগৰ বিষয়ে আলোচনা কৰি মোৰীয়ে কয় – বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ মতে বস্তুৰ প্ৰতি মোহ নাৰাখিবা, কাৰণ সকলো বস্তুৱেই অস্থায়ী। আমি সদায় জীৱনক অনুভৱ কৰিব লাগে আৰু নিজক সদায় আনৰ পৰা ভিন্ন কৰিব লাগে। কাৰণ যেতিয়া আপুনি নিজক আনৰ পৰা অন্তৰেৰে পৃথক কৰি ৰাখিব তেতিয়া তাক আপুনি সহজে এৰিবলৈও সামৰ্থ্য হ’ব । যেতিয়ালৈকে তুমি কোনো দুখ বা কষ্টৰ মাজেৰে পাৰ নহ’বা তেতিয়ালৈকে তুমি তাৰ পৰা পৰিত্ৰাণৰ পথো বিচাৰি নাপাবা । যদি তুমি দুখ-কষ্টক ভয় কৰা তেন্তে নিজকো ভয় কৰিবা । তুমি প্ৰেমৰ বাবে উৎপন্ন হ’বলগীয়া অনিশ্চিয়তাকো ভয় পাবা ।

সপ্তম মঙ্গলবাৰে তেওঁলোকে ভয়ৰ বিষয়ে আলোচনা কৰে। দিন বাগৰি যোৱাৰ লগে লগে মোৰীৰ স্বাস্থ্য আৰু অধিক অৱনতি হ’বলৈ ধৰে আৰু নিজৰ সকলো কামৰ বাবে তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। তাকে দেখি মিচে সুধে, ‘এই অৱস্থাতো আপুনি নিজকে কেনেকৈ ইতিবাচক কৰি ৰাখে।’ উত্তৰত মোৰীয়ে কয় – “মই এজন মুক্ত মনৰ মানুহ। সেয়ে সদায় মোৰ ধ্যান এইবোৰৰ সৈতে যুদ্ধ কৰাত আছিল। যদিও মই প্ৰতিটো কামত আনৰ সহায় ল’বলৈ প্ৰথম অৱস্থাত লাজ অনুভৱ কৰিছিলোঁ, পিছলৈ মই সেই লাজক বিসৰ্জন দিলোঁ আৰু আনৰ সহায় আৰু নিৰ্ভৰতাক উপভোগ কৰিবলৈ আৰম্ভ কৰিলোঁ। কোনোবাই মোৰ কাপোৰ সলাই দিলে, গা ধুৱাই দিলে, মুখত ক্ৰিম লগাই দিলে মই চকু বন্ধ কৰি তাৰ আনন্দ ল’বলৈ ধৰিলোঁ। এনেকুৱা কৰি মই পুনৰ নিজৰ বাল্য কালক ৰোমন্থন কৰিবলৈ ধৰিলোঁ ।”

লেখকে যেতিয়া মোৰীক বাঢ়ি অহা বয়সৰ ভয়ৰ কথা কয় তেতিয়া মেৰীয়ে কয় – “মই বাঢ়ি অহা বয়সক উৎসাহৰ সৈতে আলিঙ্গন কৰোঁ। কাৰণ আপুনি যিমান ডাঙৰ হৈ গৈ থাকে সিমানে নতুন নতুন কথা শিকি গৈ থাকে। যদি আপুনি সদায় ২২ বৰ্ষীয় হৈ থাকে তেন্তে আপুনি সিমানে অজ্ঞানী হৈ থাকিব যিমান ২২ বছৰ বয়সত আছিল। বয়স বাঢ়ি যোৱা মানে ক্ষয় নহয় বৰং বিকাশ হে। বাঢ়ি অহা বয়স কোনো নেতিবাচক লক্ষণ নহয় বৰং এক ইতিবাচক লক্ষণ হে, যিটো লক্ষণে নিশ্চিত কৰে যে মৃত্যু অনিবাৰ্য। ইয়াৰ ফলত আপুনি আৰু অধিক আনন্দৰে জীয়াবলৈ শিকে। সদায় মনত ৰাখিব অসন্তুষ্ট জীৱন মানে হ’ল অপূৰ্ণ জীৱ। এনে এক জীৱন যাৰ কোনো অৰ্থ নাই। কাৰণ যদি আপুনি আপোনাৰ জীৱনৰ অৰ্থ বুজি পায় তেন্তে কেতিয়াও পিছুৱাই যাব নিবিচাৰিব, সদায় আগবাঢ়ি যাব বিচাৰিব। আপুনি আগবাঢ়িব বিচাৰে কাৰণ আপুনি আৰু অধিক জানিব বিচাৰে, চাব বিচাৰে। গতিকে বাঢ়ি অহা বয়সৰ ভয় নিৰৰ্থক।

অষ্টম মঙ্গলবাৰে তেওঁলোকে টকাৰ বিষয়ে আলোচনা কৰে। লেখকে যেতিয়া মোৰীৰ পৰা মানুহৰ ধন-সম্পত্তিৰ অধিক লালসাৰ বিষয়ে জানিব বিচাৰে তেতিয়া মোৰীয়ে কয়, “আচলতে আমি আমাৰ মূল্যবোৰক ভুল বস্তুৰ ওপৰত নিয়োগ কৰোঁ। যিটোৱে জীৱনৰ পৰা সম্পূৰ্ণৰূপে মোহভঙ্গৰ পিনে লৈ যায়। অধিক ধন, অধিক মাটি, অধিক ব্যৱসায় মুঠতে অধিক মানেই হ’ল ভাল। এই অধিকৰ লালসাই যে আমাৰ জীৱনটোক নিৰস কৰি পেলায় তাক আমি পাহৰিয়ে যাওঁ । আজিকালিৰ মানুহ প্ৰেমৰ বাবে ইমান ভোকাতুৰ যে ভৌতিক বস্তুবোৰতে প্ৰেম বিচাৰি ফুৰে। যিটো কেতিয়াও সম্ভৱ নহয়। আপুনি কেতিয়াও ভৌতিক বস্তুৰ সলনি, প্ৰেম, সজ্জনতা, বিনম্ৰতা আদি লাভ কৰিব নোৱাৰে। ধন বিনম্ৰতাৰ বিকল্প হ’ব নোৱাৰে। ধন বা ক্ষমতাই তোমাক সেই অনুভূতি দিব নোৱাৰে, যাৰ প্ৰয়োজন আপুনি অনুভৱ কৰে। আচলতে সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল আমি কি বিচাৰোঁ আৰু আমাৰ প্ৰয়োজন কি তাৰ মাজত থকা পাৰ্থক্যক বুজি নাপাওঁ। আচলতে প্ৰকৃত সুখ লুকাই থাকে আনক সেই বস্তুটো দিয়াৰ মাজত যিটো বস্তু আপুনি দিব পাৰে অৰ্থাৎ দানৰ মাজত। এই দান কেৱল ধনৰ লগত জড়িত নহয়। কেতিয়াবা আমি আনক কিছু সময় দিওঁ সুখী কৰিব পাৰোঁ, নজনা কথা শিকায়ো সুখী কৰিব পাৰোঁ, নিসংগক সংগ দিয়ো সুখী কৰিব পাৰোঁ। মুঠতে দান মানে কেৱল অৰ্থ প্ৰদানক নুবুজায়।”

নৱম মঙ্গলবাৰে তেওঁলোকে প্ৰেম সম্পৰ্কে আলোচনা কৰে। প্ৰেমৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি মোৰীয়ে কয় – “মই সদায় সম্পূৰ্ণৰূপে উপস্থিত থাকি ভাল পাওঁ অৰ্থাৎ মই যেতিয়া যিজন ব্যক্তিৰ সৈতে উপস্থিত থাকোঁ তেতিয়া মোৰ সম্পূৰ্ণ মনোযোগ সেই ব্যক্তিজনৰ ওপৰতে কেন্দ্ৰিত হৈ থাকে। এতিয়া যিহেতু মিচ মই তোমাৰ সৈতে আছোঁ গতিকে মোৰ সম্পূৰ্ণ ধ্যান তোমাৰ ওপৰতে আছে।”

দশম মঙ্গলবাৰে মোৰীয়ে বিবাহ সম্পৰ্কে ব্যাখ্যা কৰি মিচক কয় – “আজিকালি বিবাহ নামৰ বিষয়টোক লৈ বেছিভাগ লোকেই সমস্যাত আছে। কিছুমানে বিবাহ কৰি সমস্যাত আছে আনফালে কিছুমানে বিবাহ বিচ্ছেদ কৰি সমস্যাত আছে। এই সমস্যাৰ মূলতে আছে মানুহৰ স্বাৰ্থ আৰু সিদ্ধান্ত গ্ৰহণৰ চঞ্চলতা। নিজৰ জীৱন সঙ্গীৰ সন্ধানত আমি সতৰ্ক হ’ব লাগে কাৰণ উপযুক্ত জীৱন সঙ্গী নাপালে জীৱনৰ অন্তিম সময়বোৰ কষ্টকৰ হৈ পৰে। বিবাহ হ’ল একধৰণৰ পৰীক্ষা, যি পৰীক্ষাই প্ৰমাণিত কৰে তুমি কোন আৰু তোমাৰ সন্মুখত থকা মানুহজন কোন ? আৰু আনৰ সৈতে কেনেকৈ মিলিজুলি থাকে তাৰো পৰীক্ষা হয় । বৈবাহিক সম্পৰ্কক সফল কৰাৰ মূল মন্ত্ৰটো হ’ল – এজনে আনজনক সন্মান কৰিব জানিব লাগিব।”

এইদৰে মিচ আৰু তেওঁৰ অধ্যাপক মোৰীয়ে একাদশ মঙ্গলবাৰে সংস্কৃতি, দ্বাদশ মঙ্গলবাৰে ক্ষমাশীলতা আৰু অন্তিম মঙ্গলবাৰে এটা পূৰ্ণ দিনৰ বিষয়ে আলোচনা কৰে। এইদৰে আপুনি গ্ৰন্থখনৰ জৰিয়তে ব্যৱহাৰিক জীৱনৰ এক বাস্তৱ আৰু জীয়া ছবি লাভ কৰিব। যি ছবিয়ে আপোনাক ভবাই তুলিব নিজৰ জীৱনটোক আত্মবিশ্লেষণ কৰিবলৈ।

ফোন : ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.