মাণিক পাল
“বাৰে বাৰে আমি কৰা কামটোৱেই আমাৰ পৰিচয়। শ্ৰেষ্ঠত্ব এটা কাম নহয়, ই এক অভ্যাস ।” – এৰিষ্ট’টল ।
যিকোনো সফলতাৰ মূল ভেঁটিটোৱে হ’ল ভাল অভ্যাস। কেনেকৈ কথাখিনি আমি ‘জেমছ ক্লেয়াৰ’ৰ দ্বাৰা ৰচিত ‘এটমিক হেবিট’ শীৰ্ষক বিখ্যাত গ্ৰন্থখনৰ জৰিয়তে বুজিবলৈ যত্ন কৰিম।
লেখকৰ মতে অভ্যাস হ’ল আত্ম-সংশোধনৰ চক্ৰবৃদ্ধি সুত। যিদৰে চক্ৰবৃদ্ধি সুতৰ দ্বাৰা টকা বাঢ়ি গৈ থাকে, ঠিক তেনেকৈ অভ্যাসৰ পুনৰাবৃত্তি হ’লেও পৰিণাম বহু গুণে বাঢ়ি গৈ থাকে। যিকোনো কাম এদিন কৰিলে তাৰ ফলাফল লাভ কৰা কঠিন হৈ পৰে, কিন্তু যেতিয়া আপুনি কামটোত ধৈৰ্য সহকাৰে অবিৰতভাৱে লাগি থাকিব আৰু ভুলবোৰৰ সংশোধন কৰি গৈ থাকিব তেতিয়া ফলাফল হ’ব সমৃদ্ধ আৰু বৃহৎ। দুই, পাঁচ বা হয়তো বছৰৰ পাছত যেতিয়া আপুনি পিছলৈ ঘূৰি চাব তেতিয়াহে আপুনি ভাল অভ্যাসৰ মূল্য আৰু বেয়া অভ্যাসৰ কু-ফল বুজি উঠিব। কথাখিনি এটা বাস্তৱ ঘটনাৰে বুজিবলৈ যত্ন কৰোঁ।
২০০৩ চনত হঠাৎ ব্ৰিটিছ চাইকেলিঙৰ ভাগ্য সলনি হ’ল । গ্ৰেট ব্ৰিটেইনৰ পেছাদাৰী চাইকেলিঙৰ সঞ্চালক সংগঠনে ডেভ ব্ৰেইলছফ’ৰ্ডক (Dave Brailsford) নতুন প্ৰদৰ্শক সঞ্চালক হিচাপে নিযুক্ত কৰে। গ্ৰেট ব্ৰিটেইনৰ পেছাদাৰী চাইকেল আৰোহীসকলে প্ৰায় এশ বছৰ ধৰি বিফলতাৰ কবলত বন্দী হৈ আছিল। ১৯০৮ চনৰ পৰা ব্ৰিটিছ চাইকেল আৰোহীসকলে অলিম্পিকত মাত্ৰ এটা সোণৰ পদক লাভ কৰিছিল। চাইকেলিঙৰ আটাইতকৈ বৃহৎ প্ৰতিযোগিতা ‘টুৰ দা ফ্ৰান্স’ত (Tour de France ) তেওঁলোকৰ প্ৰদৰ্শন আৰু অধিক শোচনীয় আছিল, কাৰণ ১১০ বছৰত এজনো বৃটিছ চাইকেল আৰোহীয়ে এই প্ৰতিযোগিতাত জয়ী হ’ব পৰা নাছিল।
আচলতে ব্ৰিটিছ চাইকেল আৰোহীসকলৰ প্ৰদৰ্শন ইমানেই বেয়া আছিল যে ইউৰোপৰ শীৰ্ষ আৰু জনপ্ৰিয় চাইকেল নিৰ্মাতা কোম্পানীয়ে ব্ৰিটিছ চাইকেলিং দলক নিজৰ চাইকেল বিক্ৰী কৰিবলৈও অস্বীকাৰ কৰিছিল। কোম্পানীয়ে ভয় খাইছিল যদি আন পেছাদাৰীসকলে ব্ৰিটিছ চাইকেল আৰোহীক তেওঁলোকৰ চাইকেল চলাই থকা দেখে তেন্তে তেওঁলোকৰ বিক্ৰী কমি যাব ।
ব্ৰেইলছফ’ৰ্ডক ব্ৰিটিছ চাইকেলিঙক উন্নত কৰাৰ বাবে নিযুক্ত কৰা হৈছিল। আগৰ প্ৰশিক্ষকসকলৰ সৈতে তেওঁৰ বৃহৎ পাৰ্থক্য আছিল। ব্ৰেইলছফ’ৰ্ডে প্ৰশিক্ষণৰ ক্ষেত্ৰত সদায় এটা কৌশল মানি চলিছিল আৰু সেয়া আছিল ‘আংশিক লাভৰ সংগ্ৰহ’ । এই কৌশলৰ মূল উদ্দেশ্য আছিল – প্ৰতিটো বস্তুত বা ক্ষেত্ৰত সৰু সৰু পৰিৱৰ্তন কৰি অবিৰতভাৱে উন্নত হোৱা। ব্ৰেইলছফ’ৰ্ডে কৈছিল, “সম্পূৰ্ণ সিদ্ধান্তটো সেই ধাৰণাৰ পৰা আহিলে যে যদি আপুনি চাইকেল চলোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোক কেইবাটাও খণ্ডত বিভক্ত কৰে আৰু সেই প্ৰতিটো খণ্ডক এক শতাংশকৈ উন্নত কৰি গৈ থাকে তেন্তে প্ৰতিটো খণ্ডত হোৱা পৰিৱৰ্তনক যেতিয়া একত্ৰিত কৰিব তেতিয়া আপুনি গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব।”
ব্ৰেইলছফ’ৰ্ড আৰু তেওঁৰ সতীৰ্থসকলে সৰ্বপ্ৰথমে পেছাদাৰী চাইকেলিঙত কিছু সৰু সৰু পৰিৱৰ্তন কৰি আৰম্ভণি কৰে। তেওঁলোকে চাইকেলৰ ছিটবোৰক নতুনকৈ প্ৰস্তুত কৰি আগতকৈ বেছি আৰামদায়ক বনায় আৰু চাইকেলৰ টায়াৰবোৰত এলক’হল সানে যাতে চাইকেলৰ গ্ৰিপ ভাল হয়। চাইকেল চলোৱাৰ সময়ত আৰোহীসকলৰ আদৰ্শ পেশীৰ উষ্ণতা বজাই ৰাখিবলৈ ব্ৰেইলছফ’ৰ্ডহঁতে তেওঁলোকক বৈদ্যুতিকভাৱে গৰম কৰা অভাৰশ্বৰ্ট পিন্ধিবলৈ কয় । তেওঁলোকে বায়’ফিডবেক চেন্সৰ ব্যৱহাৰ কৰি প্ৰতিজন খেলুৱৈয়ে এটা বিশেষ ৱৰ্ক আউটৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো নিৰীক্ষণ কৰিছিল। দলটোৱে বতাহৰ সুৰংগত (Wind tunnel) কেইবাটাও বিন্যাস পৰীক্ষা কৰিছিল আৰু ইয়াৰ পিছত তেওঁলোকে নিজৰ বাহিৰৰ আৰোহীসকলক ইনডোৰ ৰেচিং ছুট পিন্ধাইছিল, যিবোৰ অধিক পাতল আৰু অধিক বায়ুগতিশীল বুলি প্ৰমাণিত হৈছিল।
কিন্তু তেওঁলোক ইয়াতেই থমকি ৰোৱা নাছিল। ব্ৰেইলছফ’ৰ্ড আৰু তেওঁৰ দলটোৱেও অপ্ৰত্যাশিত অঞ্চলবোৰতো এক শতাংশ উন্নতকৰণত লাগি থাকিল, যিবোৰক সাধাৰণতে আওকাণ কৰা হয় । বিভিন্ন ধৰণৰ মালিচ জেল পৰীক্ষা কৰি জানিছিল কোনটোত পেশীবোৰ দ্ৰুত গতিত আৰোগ্য লাভ কৰে। তেওঁলোকে এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ নিয়োগ কৰিছিল যিজনে প্ৰতিজন চাইকেল আৰোহীক চৰ্দি হোৱাৰ সম্ভাৱনা কম কৰিবলৈ হাত ধোৱাৰ সৰ্বোত্তম উপায় শিকাইছিল। তেওঁলোকে প্ৰতিজন চাইকেল আৰোহীৰ বাবে সৰ্বোত্তম টোপনিৰ সুবিধা প্ৰদান কৰা আঠুৱা আৰু বিছনা বাছি লৈছিল। তেওঁলোকে দলটোৰ ট্ৰাকখনৰ ভিতৰৰ অংশ চাফা কৰি দিছিল, যাৰ ফলত স্বাভাৱিক পৰিস্থিতিত দেখা নোপোৱা ক্ষুদ্ৰ ধূলিৰ কণাবোৰ দেখা পোৱাত সহায় হৈছিল, যিবোৰে চাইকেলবোৰৰ প্ৰদৰ্শন দুৰ্বল কৰিব পাৰিলেহেঁতেন।
যেতিয়া এইধৰণৰ সৰু সৰু পদক্ষেপবোৰ একত্ৰিত হয়, তেতিয়া পৰিণাম ইমান দ্ৰুত গতিত আহে যে তাৰ কল্পনাই কৰিব নোৱাৰি। ব্ৰেইলছফ’ৰ্ডে দায়িত্ব গ্ৰহণৰ মাত্ৰ পাঁচ বছৰৰ পিছতে ব্ৰিটিছ চাইকেলিং দলে ২০০৮ চনৰ বেইজিং অলিম্পিকত ‘ৰোড এণ্ড ছাইকেলিঙ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ চাৰি বছৰ পাছত হোৱা লণ্ডন অলিম্পিকতো দলটোৱে নিজৰ প্ৰদৰ্শন আৰু অধিক উন্নত কৰে। তেওঁলোকে ২০১৫, ২০১৬ আৰু ২০১৭ চনত ‘টুৰ দা ফ্ৰান্স’ প্ৰতিযোগিতাতো জয়ী হয়। ২০০৭ চনৰ পৰা ২০১৭ চনলৈকে দলটোৱে ১৭৮ টা বিশ্ব চেম্পিয়নশ্বিপ শিতাপ লাভ কৰে। এইদৰে সৰু সৰু পৰিৱৰ্তনৰ দ্বাৰা এদিন আমি বৃহৎ সফলতা লাভ কৰিব পাৰোঁ।
কিন্তু দৈনিক জীৱনত এই ধাৰণাৰ মহত্ত্ব বুজা বৰ কঠিন। আমি প্ৰায়ে সৰু-সুৰা পৰিৱৰ্তনবোৰক অৱহেলা কৰোঁ কাৰণ সেই সময়ত সেই পৰিৱৰ্তনৰ মহত্ত্ব দেখা নাযায়। আজি যদি আপুনি নিজৰ সন্তানৰ চৰিত্ৰ গঠনৰ বাবে সৰু এটা পৰিৱৰ্তন বা পদক্ষেপ গ্ৰহণ কৰে তেন্তে তাৰ ফলাফল আপুনি লগে লগে নাপায় কিছুদিন যোৱাৰ পাছতহে তাৰ প্ৰভাৱ দেখিবলৈ পাব। অভ্যাসৰ ক্ষেত্ৰত আপুনি এই মুহূৰ্তত সফল হয় নে নহয় তাৰ কোনো অৰ্থ বা গুৰুত্ব নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনাৰ অভ্যাসে আপোনাক সফলতাৰ দিশত লৈ গৈছে নে নাই! আপুনি আপোনাৰ বৰ্তমান পৰিণামৰ সলনি আপোনাৰ বৰ্তমানৰ দিশটোৰ প্ৰতি বহুত বেছি চিন্তিত হোৱা উচিত। আপুনি এজন ধনী ব্যক্তি কিন্তু যদি আপুনি উপাৰ্জনতকৈ খৰচ বেছি কৰে তেন্তে আপুনি ভুল দিশত গৈ আছে। যদি আপুনি আপোনাৰ খৰচ নকমায় তেন্তে পিছলৈ গৈ বিপদ নিশ্চিত। ইয়াৰ বিপৰীতে আপুনি বৰ মৃতব্যয়ী আৰু প্ৰতি মাহে অলপ অলপ কৈ সঞ্চয় কৰে, তেন্তে আপুনি বিত্তীয় সুস্থিৰতাৰ দিশে আগবাঢ়িছে। ফলাফল বা পৰিণাম হ’ল আপোনাৰ অভ্যাসৰ ভিত্তি, যিবোৰ পিছলৈ দৃষ্টিত আহে। আপোনাৰ সম্পত্তি হ’ল আপোনাৰ আৰ্থিক অভ্যাসৰ পৰিণাম, যিবোৰ পিছলৈ দৃষ্টিত পৰে। আপোনাৰ ওজন হ’ল আপোনাৰ খাদ্য খোৱাৰ অভ্যাসৰ পৰিণাম, যিবোৰ পিছলৈ দৃষ্টিত পৰে । আপোনাৰ জ্ঞান হ’ল আপোনাৰ শিকাৰ অভ্যাসৰ পৰিণাম, যিবোৰৰ প্ৰভাৱ আপুনি পৰৱৰ্তী সময়ত লাভ কৰিব। মুঠতে আৰম্ভণিতে আপুনি যিকোনো অভ্যাসৰ পৰিণাম লাভ নকৰিব, যদিহে তাক অবিৰতভাৱে চলাই নাথাকে।
আচলতে আমি যেতিয়া এটা অভ্যাস আৰম্ভ কৰোঁ, তেতিয়া ভাবো যে তাৰ প্ৰভাৱ কিছুদিনতে দেখিবলৈ পোৱা যাব। কিন্তু যেতিয়া কিছু দিন বা সপ্তাহ পাৰ হৈ যায় আৰু কোনো প্ৰভাৱ দেখিবলৈ পোৱা নাযায় তেতিয়া আপুনি কুণ্ঠিত হৈ পৰে আৰু ভাবে যে এই অভ্যাসৰ কোনো লাভ নাই আৰু আপুনি অভ্যাসটো এৰি দিয়ে। ইয়াৰ ফলতে আমি যিকোনো অভ্যাসক দীৰ্ঘদিন বজাই ৰাখিবলৈ টান পাওঁ আৰু তাতেই ডাঙৰ ভুল কৰোঁ। মানুহে প্ৰায়ে কিছুমান পৰিৱৰ্তন নিজৰ অভ্যাসত লৈ আহে কিন্তু যেতিয়া কিছুদিনৰ ভিতৰত তাৰ প্ৰভাৱ দেখিবলৈ পোৱা নাযায় তেতিয়া তাক এৰি দিয়ে। সেয়ে মনত ৰাখিব যিকোনো অভ্যাসৰ সাৰ্থক ফলাফল লাভ কৰিবলৈ হ’লে অভ্যাসটোক আপুনি তেতিয়ালৈকে চলাব লাগিব যেতিয়ালৈকে ‘সুপ্ত সম্ভাৱনাৰ মালভূমিক’ স্পৰ্শ নকৰে। সুপ্ত সম্ভাৱনাৰ মালভূমিৰ সহজ অৰ্থ হ’ল তেতিয়ালৈকে অভ্যাসটো চলাই যাওক যেতিয়ালৈকে ইয়াৰ প্ৰভাৱ আপোনাৰ দৃষ্টিত ধৰা নপৰে। কিছুমান ক্ষেত্ৰত এই সুপ্ত সম্ভাৱনাৰ মালভূমিৰ সময়সীমা কম হয় আকৌ কিছুমান ক্ষেত্ৰত বেছি হয়। মুঠতে যিকোনো অভ্যাসৰ সুফল পাবলৈ হ’লে আপুনি ধৈৰ্য সহকাৰে লাগি থাকিব জানিব লাগিব।
এতিয়া প্ৰশ্ন হ’ল বেয়া অভ্যাস অব্যাহত ৰখা ইমান সহজ কিয় ? আনহাতে ভাল অভ্যাস গঢ়া ইমান কঠিন কিয় হয়? লেখকৰ মতে বেয়া অভ্যাসবোৰক পৰিৱৰ্তন কৰাটো দুটা কাৰণত কঠিন হয় – ১) আমি ভুল বা বেয়া অভ্যাসবোৰক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰোঁ।
২) আমি আমাৰ অভ্যাসবোৰক ভুল পথেৰে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰোঁ।
আমাৰ প্ৰথম ভুলটো হ’ল আমি ভুল বা বেয়া অভ্যাসবোৰক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰোঁ। এই ভুলৰ দ্বাৰা লেখকে কি বুজাব বিচাৰিছে তাক বুজিবলৈ হ’লে পৰিৱৰ্তনৰ তিনিটা স্তৰৰ বিষয়ে জানিব লাগিব –
প্ৰথম স্তৰে আপোনাৰ ফলাফল বা পৰিণামক পৰিৱৰ্তন কৰে । ওজন কমোৱা, কিতাপ প্ৰকাশ কৰা, চেম্পিয়নশ্বিপ জয় কৰা আদিৰ দৰে আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰে, তাৰে বেছিভাগৰে সম্বন্ধ এই স্তৰৰ আচৰণ পৰিৱৰ্তনৰ সৈতে জড়িত।
দ্বিতীয় স্তৰে আপোনাৰ প্ৰক্ৰিয়াক পৰিৱৰ্তন কৰে। এই স্তৰৰ সম্বন্ধ আপোনাৰ অভ্যাস আৰু ব্যৱস্থাক পৰিৱৰ্তন কৰাৰ সৈতে। ব্যায়ামৰ বাবে নতুন সময় তালিকা প্ৰস্তুত কৰা, ভাল কামৰ বাবে টেবুলত থকা আৱৰ্জনাবোৰ চাফা কৰা, ধ্যানৰ অভ্যাস কৰা আদিৰ দৰে গঢ়ি তোলা বেছিভাগ অভ্যাস এই স্তৰৰ সৈতে জড়িত।
তৃতীয় স্তৰে আপোনাৰ পৰিচয়ক পৰিৱৰ্তন কৰে। এই স্তৰৰ সম্বন্ধ আপোনাৰ বিশ্বাস যেনে – আপোনাৰ বিশ্ব দৃষ্টিভংগী, আপোনাৰ আত্ম-ভাবমূৰ্তি, নিজৰ আৰু আনৰ প্ৰতি থকা আপোনাৰ মূল্যায়ন আদিৰ পৰিৱৰ্তনৰ সৈতে জড়িত। আপোনাৰ বেছিভাগ বিশ্বাস, অনুমান আৰু পক্ষপাতিত্ব এই স্তৰৰ সৈতে জড়িত।
পৰিণামৰ অৰ্থ হ’ল – যিটো আপুনি লাভ কৰে। প্ৰক্ৰিয়াৰ অৰ্থ হ’ল যিটো আপুনি কৰে। পৰিচয়ৰ অৰ্থ হ’ল যিটো আপুনি বিশ্বাস কৰে। অভ্যাস গঢ়াৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ স্তৰবোৰত কোনো সমস্যা নাই সমস্যা আছে পৰিৱৰ্তনৰ দিশত। কিছুমান লোকে মনে বিচৰা বস্তুটোৰ ওপৰত ধ্যান কেন্দ্ৰীত কৰি অভ্যাস পৰিৱৰ্তনৰ বাবে যত্ন কৰে। ইয়াৰ ফলত আমি পৰিণাম আধাৰিত অভ্যাসত গুৰুত্ব দিওঁ। পৰিচয় আধাৰিত অভ্যাস গঢ়া ইয়াৰ বিকল্প। পৰিচয় আধাৰিত অভ্যাসৰ ক্ষেত্ৰত আমি যিটো হ’ব বিচাৰোঁ তাত গুৰুত্ব দিওঁ। ব্যৱহাৰ বা আচৰণৰ প্ৰকৃত পৰিৱৰ্তন মানে হ’ল পৰিচয়ৰ পৰিৱৰ্তন। এজন ল’ৰাই মনৰ আনন্দত এবাৰ বা দুবাৰ জিম যোৱা বা স্বাস্থ্যকৰ খাদ্য খোৱাৰ নিৰ্ণয় ল’ব পাৰে, কিন্তু যেতিয়ালৈকে ল’ৰাজনে সেই আচৰণৰ পৰিৱৰ্তনৰ আঁৰত থকা বিশ্বাসক পৰিৱৰ্তন নকৰে, তেতিয়ালৈকে দীৰ্ঘকালীন পৰিৱৰ্তন অব্যাহত ৰখাটো বৰ কঠিন হৈ পৰে। পৰিৱৰ্তন তেতিয়ালৈকে অস্থায়ী হয়, যেতিয়ালৈকে ই আপোনাৰ পৰিচয়ৰ অংশ নহয়।
নতুন অভ্যাস এটা গঢ়াৰ প্ৰক্ৰিয়াক চাৰিটা পদক্ষেপত ভাগ কৰিব পাৰি – ১) সংকেত ২) আকাংক্ষা বা ইচ্ছা ৩) প্ৰতিক্ৰিয়া ৪) পুৰস্কাৰ। এই চাৰিটা পদক্ষেপৰ আৰ্হিটোৱেই হ’ল প্ৰতিটো অভ্যাসৰ মেৰুদণ্ড। আপোনাৰ মস্তিষ্কই প্ৰতিবাৰেই একে ক্ৰমত এই চাৰিটা পদক্ষেপৰ মাজেৰে পাৰ হৈ যায়। এই পদক্ষেপবোৰৰ সৰ্বপ্ৰথমে আহে সংকেত আৰু এই সংকেতে আপোনাৰ মস্তিষ্কক এটা আচৰণ আৰম্ভ কৰিবলৈ প্ৰেৰিত কৰে। সংকেত হ’ল সেই তথ্য যিয়ে পুৰস্কাৰৰ ভৱিষ্যদ্বাণী কৰে। দ্বিতীয় পদক্ষেপ হ’ল ইচ্ছা আৰু ই হ’ল প্ৰতিটো অভ্যাসৰ পিছত থকা চালিকা শক্তি। যদি ইচ্ছা নাথাকে তেন্তে কাম কৰাৰ কোনো কাৰণ আমাৰ হাতত নাথাকে। মনত ৰাখিব আপোনাৰ মনত অভ্যাস গঢ়াৰ কোনো ইচ্ছা নাথাকে, আপোনাৰ মনত অভ্যাস পৰিৱৰ্তনৰ হে ইচ্ছা থাকে। উদাহৰণস্বৰূপে নিচাযুক্ত বস্তুৰ কথা ক’ব পাৰি। কাৰণ এইবোৰ বস্তু সেৱনৰ ইচ্ছা আমাৰ নাথাকে কিন্তু ইয়াৰ পৰা লাভ কৰা সকাহৰ অনুভূতিৰ ইচ্ছাৰ বাবেহে আমি ইয়াৰ সেৱন কৰোঁ। তৃতীয় পদক্ষেপ হ’ল প্ৰতিক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ অৰ্থ হ’ল কিবা কৰা । প্ৰতিক্ৰিয়া হ’ব নে নাই, সেয়া নিৰ্ভৰ কৰে আপুনি কিমান প্ৰেৰিত আৰু সেই কামটো কৰাত কিমান কঠিন। যদি কোনো কাম কৰাত বৰ কঠিন আৰু অধিক শাৰীৰিক আৰু মানসিক শাক্তিৰ প্ৰয়োজন হয়, তেন্তে হয়তো আপুনি কামটো নকৰে। আপোনাৰ প্ৰতিক্ৰিয়া আপোনাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিক্ৰিয়াৰ অন্তত আপুনি পুৰস্কাৰ লাভ কৰে। পুৰস্কাৰ হ’ল সকলো অভ্যাসৰ অন্তিম লক্ষ্য। সংকেত হ’ল পুৰস্কাৰক দেখা বা অনুভৱ কৰা। ইচ্ছা হ’ল পুৰস্কাৰ বিচৰা। প্ৰতিক্ৰিয়া পুৰস্কাৰক লাভ কৰাৰ এক প্ৰয়াস। আমি পুৰস্কাৰ বিচাৰোঁ, কাৰণ ই আমাৰ দুটা উদ্দেশ্য পূৰণ কৰে –
ক) ই আমাক সন্তুষ্টি দিয়ে। খ) ই আমাক শিকায়।
ব্যৱহাৰ বা আচৰণ পৰিৱৰ্তনৰ চাৰিটা নিয়ম ব্যৱহাৰ কৰি আমি উন্নত অভ্যাস গঢ়ি তুলিব পাৰোঁ। সেইবোৰ হ’ল –
১) ইয়াক স্পষ্ট কৰা ।
২) ইয়াক আকৰ্ষণীয় কৰি গঢ়ি তোলা।
৩) ইয়াক সহজ কৰা।
৪) ইয়াক সন্তুষ্টিদায়ক কৰা ।
যেতিয়াই আপুনি আপোনাৰ আচৰণক পৰিৱৰ্তন কৰিব বিচাৰে তেতিয়া আপুনি নিজকে কেৱল তলত দিয়া প্ৰশ্নবোৰ কৰিব পাৰে –
• মই ইয়াক কেনেকৈ স্পষ্ট কৰিব পাৰোঁ?
• মই ইয়াক কেনেকৈ আকৰ্ষণীয় বনাব পাৰোঁ?
• মই ইয়াক কেনেকৈ সহজ কৰিব পাৰোঁ?
• মই ইয়াক কেনেকৈ সন্তুষ্টিদায়ক বনাব পাৰোঁ?
আপুনি কেতিয়াবা ভাবিছেনে, আপুনি কিয় মনে বিচৰা কামটো কৰিব পৰা নাই? কিয় মই বেয়া অভ্যাসবোৰ এৰিব পৰা নাই? কিয় মই গুৰুত্বপূৰ্ণ কামটো কৰিবলৈ সময় পোৱা নাই? এই সকলো প্ৰশ্নৰ উত্তৰ আপুনি এই চাৰিটা নিয়মৰ ভিতৰতে ক’ৰবাত পাই যাব ।
অভ্যাস গঠনৰ ক্ষেত্ৰত পৰিৱেশেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিৱেশেই হ’ল সেই অদৃশ্য হাত, যিয়ে মানৱ আচৰণক নিৰ্ধাৰণ কৰে। প্ৰতিটো অভ্যাসে এটা সংকেতৰ পৰা আৰম্ভ হয় আৰু আমি সেই সংকেতবোৰত গুৰুত্ব দিওঁ যিবোৰ অকণমান ভিন্ন। দুৰ্ভাগ্যৱশত আমি যিবোৰ পৰিৱেশত থাকো আৰু কাম কৰোঁ, সেইবোৰে আমাক ভাল কাম কৰিবলৈ প্ৰেৰিত নকৰে। কাৰণ সেই আচৰণক প্ৰেৰিত কৰাৰ কোনো স্পষ্ট সংকেত নাথাকে। তলত কিছুমান উপায় উল্লেখ কৰা হ’ল যাৰ দ্বাৰা আপুনি আপোনাৰ পৰিৱেশক নতুন ধৰণে গঢ়ি তুলিব পাৰিব আৰু নিজৰ পছন্দৰ অভ্যাসবোৰৰ সংকেতক অধিক স্পষ্ট কৰিব পাৰিব-
• যদি আপুনি অধিক সময় গিটাৰ বজোৱাৰ অভ্যাস কৰিব বিচাৰে, তেন্তে নিজৰ গিটাৰটোক ‘বেডৰুম’ৰ বিছনাৰ কাষতে ৰাখিব ।
• যদি আপুনি অধিক অধ্যয়নৰ অভ্যাস কৰিব বিচাৰে তেন্তে প্ৰয়োজনীয় কিতাপবোৰ সদায় নিজৰ কোঠাত সহজে দেখিব পৰা ঠাইত ৰাখিব।
কোনো বেয়া বা বদ অভ্যাসক ত্যাগ কৰাৰ এটা ব্যৱহাৰিক উপায় হ’ল যে – য’ৰ পৰা সেই অভ্যাসটো উৎপন্ন হয় সেই উৎসটোৰ সৈতে সম্পৰ্ক ত্যাগ কৰা । উদাহৰণস্বৰূপে –
ক) যদি আপুনি ভাবে যে ম’বাইল ফ’নৰ বাবে আপুনি ভালকৈ পঢ়িব পৰা নাই তেন্তে ফ’নটো কেই ঘণ্টামানৰ বাবে বেলেগ ৰুম এটাত থৈ আহক ।
খ) যদি ভাবে যে বিভিন্ন সামাজিক মাধ্যমবোৰে আপোনাৰ শক্তিৰ অপচয় কৰিছে তেন্তে সেইবোৰৰ পৰা আপুনি একেবাৰে ওলাই আহক বা সামাজিক মাধ্যমৰ একাউণ্টবোৰক ডিটেকটিভেট কৰি পেলাওক ।
ভাল অভ্যাস গঢ়াৰ কিছুমান উৎকৃষ্ট পদ্ধতি হ’ল –
• কম প্ৰয়াসত অধিক লাভ গ্ৰহণ কৰা। অৰ্থাৎ মানুহ হিচাপে আমি সদায় সেই কামবোৰ কৰি ভাল পাওঁ যিবোৰত পৰিশ্ৰম কম হয় । সেয়ে নিজৰ অভ্যাসক সহজ কৰিবলৈ প্ৰথমে আপুনি আপোনাৰ পৰিৱেশক সহজ কৰি গঢ়ি তুলক। উদাহৰণস্বৰূপে নতুন অভ্যাস এটাৰ আৰম্ভণি ক’ত কৰিব, সেই নিৰ্ণয় গ্ৰহণ কৰাৰ সময়ত আপুনি এনে এটা ঠাইৰ নিৰ্বাচন কৰক যিটো আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হয়।
• দুই মিনিটৰ নিয়ম । অৰ্থাৎ আপুনি এনে কিছুমান অভ্যাস গঢ়ি তুলক যিবোৰ কৰোঁতে খুব কম সময় লাগে। কাৰণ কেইবা ছেকেণ্ডৰ অভ্যাসো পিছলৈ গৈ আপোনাৰ জীৱনত বৃহৎ প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে প্ৰতিদিন ৰাতি যেতিয়া শুৱাৰ সময়ত আপুনি দুই মিনিটকৈ এখন কিতাপ পঢ়াৰ অভ্যাস কৰিব তেতিয়া দেখিব কিতাপ পঢ়াৰ এই অভ্যাসটো কেতিয়া দুই মিনিটৰ পৰা গৈ আধা ঘন্টা, আধা ঘন্টাৰ পৰা গৈ এঘন্টা হৈছে নিজেও ধৰিব নোৱাৰিব।
মুঠতে জেমছ ক্লেয়াৰৰ এই গ্ৰন্থখন যদি আপুনি এবাৰ হৃদয়ঙ্গম কৰিব পাৰে তেন্তে এইটোৱে আপোনাৰ জীৱনৰ গতিপথক এনে এটা পৰ্যায়লৈ লৈ যাব পাৰিব য’ৰ পৰা সফল হোৱাট আপোনাৰ বাবে সহজ আৰু সম্ভৱ হৈ উঠিব ।
ফোন : ৯৮৬৪২৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.