ভিটামিন–ডিৰ প্রয়োজনীয়তা

ৰাজীৱ কাশ্যপ 

সুস্থ–সবল আৰু নিৰোগী এটা দেহৰ অধিকাৰী হবলৈ খাদ্যত প্রটিন, কার্বইড্ৰেট আৰু তেল বা চর্বিৰ লগতে ভিটামিন আৰু খনিজ পদার্থ যথেষ্ট পৰিমাণে থকা উচিত ৷ এই আটাইবোৰ উপাদান উপযুক্ত পৰিমাণে খাদ্যত থাকিলে, তেনে খাদ্যক সুষম খাদ্য বোলে ৷ কার্বহাইড্ৰেটৰ পৰা আমি শক্তি পাওঁ, প্রটিনৰ দ্বাৰা মাংসপেশীৰ বৃদ্ধি হয়, হৰমন, উৎসেচক আদি প্রস্তুত হয়, আৰু তেল বা চর্বিৰ পৰাও আমি শক্তি পাওঁ ৷ ইয়াৰ উপৰি ভিটামিন আৰু খনিজ পদার্থই দেহত বহুত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ৷ এই দুবিধ উপাদানে হাড় মজবুত কৰে, ঘা শুকুৱাই, ৰোগ প্রতিৰোধ ক্ষমতা ভালে ৰাখে আৰু বিপাক বা মেটাবলিজম প্রক্রিয়াত সহায় কৰে ৷  ভিটামিন দুহ ধৰণৰ থাকে, এবিধ হল চর্বি বা তেলত দ্রবণীয় আৰু এবিধ পানীত দ্রবণীয় ৷ পানীত দ্রবণীয় ভিটামিন হৈছে ভিটামিন–বি আৰু ভিটামিন–চি৷ এই দুবিধ ভিটামিন ফলমূল, শাক–পাচলি, গাখীৰ আৰু মাংসৰ পৰা পোৱা যায় ৷ আনহাতে চর্বি বা তেলত দ্রবণীয় ভিটামিনকেইটা হৈছে ভিটামিন–এ, ভিটামিন–ডি, ভিটামিন– ই আৰু ভিটামিন–কে ৷ গাখীৰ, শাক–পাচলি, মাছ, কণীৰ কুহুম আদি এহকেইটা ভিটামিন উৎস ৷ তেল বা চর্বিত দ্রবণীয় ভিটামিনসমূহৰ ভিতৰত আমি ভিটামিন–ডিৰ বিষয়ে কিছু কথা জানো আহক ৷

ভিটামিন–ডিক হাড় আৰু দাঁতৰ ভিটামিন বুলিও কব পাৰি ৷ ভিটামিন–ডিয়ে হাড় আৰু দাঁত মজবুত কৰাৰ উপৰি ৰোগ প্রতিৰোধ ক্ষমতা ববাই ইনছুলিনৰ নিঃসৰণ বৃদ্ধি কৰে ৷ ভিটামিন–ডি বুলি কলে ইয়াত কেইবাটাও ভিটামিন থাকে ৷ ইয়াৰ ভিতৰত মানৱ শৰীৰত ভিটামিন–ডিচ্ আৰু ভিটামিন–ডি ৰ ভূমিকা অতি গুৰুত্বপূর্ণ ৷ ভিটামিন–ডি ক কলিকেলছিফেৰল (Cholecalciferol) আৰু ভিটামিন–ডি ক আৰগকেলছিফেৰল (Ergocalciferol) বুলি কোৱা হয় ৷ দৈনিক দেহত প্রয়োজনীয় ভিটামিন–ডি অধিকাংশ সূর্যৰ পোহৰৰ সহায়ত দেহত প্রস্তুত হয় ৷ সূর্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি গাত পৰিলে ছালৰ হপিডাৰমিছ(Epidermis) নামৰ তৰপটোৱে ভিটামিন–ডি প্রস্তুত কৰে ৷ খাদ্য আৰু ঔষধৰ দ্বাৰাও শৰীৰত ভিটামিন–ডি যোগান ধৰিব পাৰি ৷ পুৱা ৯ বজাৰ আগৰ ৰদ ১৫-২০ মিনিট দেহত পৰিব দিলে আমাৰ ছালখনে প্রয়োজনীয় আটাইখিনি ডি ভিটামিন প্রস্তুত কৰি লয় ৷ কিছুমান খাদ্যৰ পৰাও ভিটামিন–ডি পোৱা যায় ৷ সেইবোৰ হৈছে চর্বিযুক্ত মাছৰ ছাল, কণীৰ কুহুম, চীজ, কাঠফুলা, গাখীৰ আদি ৷ খাদ্যৰ দ্বাৰা আমি দেহৰ বাবে প্রয়োজনীয় ভিটামিন–ডিৰ মাত্র ২০ শতাংশ পাওঁ ৷ বাকী ৮০ শতাংশৰ কাৰণে সূর্যৰ পোহৰ নিতান্তই প্রয়োজনীয় ৷

মানৱ দেহৰ বাবে ভিটামিন–ডিৰ প্রয়োজনীয়তা

  • ভিটামিন–ডিৰ প্রধান প্রয়োজনীয়তা হৈছে যে ইয়াৰ সহায়ত দাঁত আৰু হাড়ৰ গঠন মজবুত হয় ৷ আমি খোৱা খাদ্যত থকা কেলছিয়াম, ফচফৰাছ, মেগনেছিয়াম আদি খনিজ পদার্থসমূহ পাচনতন্ত্রৰ ক্ষুদ্রান্তত অৱশোষণ হবলৈ ভিটামিন–ডিৰ প্রয়োজন হয় ৷ ক্ষুদ্রান্তত অৱশোষণ হোৱাৰ পিছত কেলছিয়াম, ফচফৰাছ আদি তেজেৰে গৈ হাড় আৰু দাঁতৰ গঠনত ব্যৱহাৰ হয় ৷ ভিটামিন–ডিৰ অভাৱ হলে খাদ্যত থকা খনিজ পদার্থ অৱশোষণ নহয় আৰু শৰীৰত এইবোৰৰ অভাৱ হয় ৷
  • ইনফ্লুৱেঞ্জা, ফ্লু আদি ৰোগ প্রতিৰোধ কৰাত ভিটামিন–ডিয়ে সহায় কৰে ৷
  • নৱজাতকৰ স্বাস্থ্য গঠনত ভিটামিন–ডিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ৷
  • ভিটামিন–ডিয়ে দেহৰ ইনছুলিন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে ৷ দেহত ইনছুলিনৰ অভাৱ হলে মধুমেহ ৰোগ হয় ৷ ভিটামিন–ডিয়ে এই হৰমনৰ ক্ষৰণ বৃদ্ধি কৰি মধুমেহ ৰোগ প্রতিৰোধ কৰাত সহায় কৰে ৷
  • শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ভিটামিন–ডিয়ে সহায় কৰে ৷
  • মগজু আৰু স্নায়ুতন্ত্রই সুচাৰুৰূপে কাম কৰিবলৈ এই  ভিটামিনে সহায় কৰে ৷
  • ভিটামিন–ডিয়ে হাওফাঁওৰ লগতে শ্বাসতন্ত্র আৰু ৰক্ত পৰিবহণ তন্ত্র কার্যক্ষম কৰি ৰাখে ৷
  • সুস্থ গর্ভধাৰণত ভিটামিন–ডিয়ে সহায় কৰে ৷

ভিটামিন–ডিৰ অভাৱ হলে আমাৰ শৰীৰত কিছুমান লক্ষণ দেখা দিয়ে ৷ সেইবোৰ হল

¨ভাগৰ লাগি থকা ৷

¨মূৰ ঘূৰোৱা বা ভার্টিগ ৷

¨ওজন বৃদ্ধি হোৱা ৷

¨গাঁঠি আৰু মাংসপেশী বিষোৱা ৷

¨ঘা শুকাওঁতে পলম হোৱা ৷

¨সঘনাই বিভিন্ন  ধৰণৰ ৰোগৰ সংক্রমণ হোৱা আৰু অসুস্থ হোৱা ৷

¨নিদ্রাহীনতা আৰু চুলি সৰা ৷

¨মন বেয়া লগা আৰু কোনো ধৰণৰ কামত মন নবহা  ৷

উপৰিউক্ত লক্ষণসমূহ দেখা দিলে আমি তেজত ভিটামিন–ডি পৰীক্ষা কৰিলে ইয়াৰ অভাৱ হোৱাটো নিশ্চিত কৰিব পাৰোঁ ৷ দীর্ঘদিন ধৰি শৰীৰত ভিটামিন–ডিৰ অভাৱ হৈ থাকিলে ইয়াৰ পৰা কিছুমান ৰোগৰ সৃষ্টি হব পাৰে ৷  সেইবোৰ হল

  • আগতে উল্লেখ কৰি আহিছোঁ যে ভিটামিন–ডি কেলছিয়াম, ফচফৰাছ আদি খাদ্যৰ পৰা অৱশোষণ কৰি হাড়ৰ গঠনত সহায় কৰে ৷ সেয়েহে ভিটামিন–ডিৰ দীর্ঘদিন ধৰি অভাৱ হৈ থাকিলে হাড়ৰ ঘনত্ব কমিবলৈ ধৰে ৷ ইয়াৰ ফলত হাড়ত অষ্টিপৰছিছ (Osteoporosis) হয় আৰু হাড়বোৰ ঠুনুকা হয় আৰু সামান্য আঘাত পালে ভাঙি যায় ৷ শিশুৱে দীর্ঘদিন ধৰি ভিটামিন–ডি ৰ অভাৱত ভুগিলে ৰিকেট নামৰ একপ্রকাৰৰ হাড়ৰ বেমাৰ হয় ৷ ভাৰতত এই বেমাৰবিধ আজিকালি কমকৈ দেখা যায় ৷ নৱজাতকৰ শৰীৰত ভিটামিন–ডি ৰ অভাৱ হলে দেহ তথা হাড়ৰ বৃদ্ধি বাধাগ্রস্ত হয় আৰু দদাত গজোঁতে পলম হয় ৷ তদুপৰি ভিটামিন–ডিৰ অভাৱত শিশুৰ দৈহিক বৃদ্ধিত প্রভাৱ পেলায় আৰু শিশুৰ ৰোগ প্রতিৰোধ ক্ষমতা কমি যায় আৰু সঘনাই শিশুটো চর্দি, ৰ আৰু শ্বাস–প্রশ্বাসজনিত ৰোগত ভোগে ৷ সেয়েহে আজিকালি শিশু জন্ম হোৱাৰ ৬ সপ্তাহ পিছৰে পৰা ভিটামিন–ডি দৰব খুৱাব দিয়া হয় আৰু এবছৰলৈ এই দৰব খুৱাবলৈ পৰামর্শ দিয়া হয় ৷
  • ভিটামিন–ডিৰ অভাৱত প্রাপ্তবয়স্ক্সকলৰো ৰোগ প্রতিৰোধ ক্ষমতা কমি যায় ৷ সেয়েহে যিকোনো ধৰণৰ ৰোগৰ সংক্রমণ সহজে হব পাৰে ৷ এনে ব্যক্তিৰ হাঁওফাঁও আৰু শ্বাসতন্ত্রৰ সংক্রমণ বেছিকৈ হোৱা দেখা যায় ৷
  • দীর্ঘদিন ধৰি ভিটামিন–ডিৰ অভাৱত ভোগা ব্যক্তিৰ ৰক্ত পৰিবহণ তন্ত্রত প্রভাৱ পৰে আৰু তেনে ব্যক্তি হূদযন্ত্রৰ বিভিন্ন ৰোগত আক্রান্ত হোৱা দেখা যায় ৷
  • ভিটামিন–ডিৰ অভাৱে মগজু আৰু স্নায়ুতন্ত্রৰ ওপৰত প্রভাৱ পেলায় ৷ ইয়াৰ ফলত হতাশা, বিশাদগ্রস্ততা, নিদ্রাহীনতা আদি সমস্যা হব পাৰে ৷ বয়সস্থ লোকৰ ভিটামিন–ডিৰ অভাৱ হৈ থাকিলে এলজাহমাৰ, ডিমেনচিয়া আদি ৰোগৰো কাৰক হব পাৰে ৷
  • ভিটামিন–ডিৰ অভাৱ হলে দেহৰ ওজন বৃদ্ধি হয় আৰু মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে ৷
  • ভিটামিন–ডিৰ অভাৱত দীঘলীয়া সময়ৰ বাবে ভুগিলে মতা মানুহৰ লিংগ উত্থানৰ সমস্যা(Erectile  dysfunction) হব পাৰে ৷
  • ভিটামিন–ডিৰ অভাৱত প্রষ্টেট গ্লেণ্ড, ডিম্বাশয় আৰু হাড়ৰ কর্কট ৰোগ (Myeloma) ৰ কাৰক হব পাৰে ৷

মুঠৰ ওপৰত কবলৈ হলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ভিটামিন–ডি অতি প্রয়োজনীয় ৷ বর্তমান সময়ত শিশুৰ পৰা বয়সস্থ লোকৰ মাজত ভিটামিন–ডিৰ অভাৱত ভোগা লোকৰ সংখ্যা বাঢ়ি গৈ আছে ৷ মাত্র ১৫-২০ মিনিট প্রতিদিনে দেহত ৰদ লগালে প্রয়োজনীয় ভিটামিন–ডি আমি পাব পাৰোঁ ৷ বর্তমান সময়ত আধুনিক জীৱনশৈলীৰ বাবে আমি প্রায়ে ৰদৰ পৰা বঞ্চিত হওঁ ৷ সেয়েহে বহু মানুহে হাড়ৰ ঘনত্ব কমি যোৱা আৰু ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস হোৱা সমস্যাত ভোগা দেখা গৈছে ৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ভিটামিন–ডি অতি প্রয়োজনীয় ৷ সেয়েহে আমি সকলোৱে যাতে আমাৰ শৰীৰৰ প্রয়োজনীয় ভিটামিন–ডিখিনি পাব পাৰোঁ, তাৰ বাবে কিছু সময়ৰ বাবে হলেও ৰদলৈ ওলাওঁ আৰু প্রকৃতিয়ে দিয়া বিনামূলীয়া ভিটামিন–ডি গ্রহণ কৰোঁ ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.