তৃপ্তি–তৃপ্তি

পপী কলিতা

সকলো মানুহৰে জীৱনত কমবেছি পৰিমাণে তৃপ্তিতৃপ্তি থাকে৷ মানুহৰ নিজৰ কামৰ মাজতে থাকে তৃপ্তিতৃপ্তি৷ কেতিয়াবা আমি এটা কামত যদি তৃপ্তি বা সন্তুষ্টি অনুভৱ কৰোঁ, আকৌ কেতিয়াবা কিবা এটা কামত নাহবা কিবা এটা কাৰণত অতৃপ্তি বা অসন্তুষ্টি অনুভৱ কৰোঁ৷ কিন্তু আমি অতৃপ্তিৰ পিছত নতুনকৈ আকৌ কিবা এটা কৰাৰ হেঁপাহ হেৰুৱাহ পেলাওঁ৷ হতাশাৰ ফলত উদ্ভৱ হোৱা এক বিৰাট শূন্যতা পূর্ণ কৰিবৰ বাবে এক ধৰণৰ নতুনত্বৰ প্রয়োজন আৰু এহ নতুনত্বৰ মাজতে লুকাহ থাকে সৃষ্টিৰ বীজ৷ এটা কথা ঠিক যে অতৃপ্তিয়ে আমাক উত্তৰণৰ বাট দেখুৱায় আৰু সম্ভাৱনাৰ দিশে ধাৱিত হোৱাত সহায় কৰে৷

পৃথিৱীৰ প্রতিজন শিল্পীসাহিত্যিকৰ অৱচেতন মনত বহু চিন্তাৰ হেন্দোলনিয়ে দোলা দি থাকে৷ সেহ অবিৰত হেন্দোলনিৰ প্রকাশ ঘটে কলম, কণ্ঠ, ৰংতুলিকা আদি বিভিন্ন মাধ্যমত৷ কিন্তু সৃষ্টিমূলক কর্মত জডিত লোকসকলৰ অতৃপ্তি থাকেহ৷ সেয়ে চিত্রশিল্পী এজনে নিজৰ শিল্পকর্মক লৈ শেষ মুহূর্তপর্যন্ত সন্তুষ্ট নহয়৷ গায়কগায়িকা আৰু গীতিকাৰ এজনেও ৰেকর্ডিং কৰাৰ পিছতো নিজৰ গীতক বা সুৰক লৈ সন্তুষ্ট নহয়৷ মানুহৰ অন্তহীন অতৃপ্ত আশাআকাংক্ষা, যুগে যুগে সাহিত্যৰ অফুৰন্ত উৎস হৈ আহিছে৷ সেয়ে লেখকলেখিকাসকলো কেতিয়াবা নিজৰ সৃষ্টিক লৈ অসন্তুষ্ট হয়৷ লি টলষ্টয়ে লেখক হিচাপে সফল হোৱাৰ পিছতো তেওঁ নিজৰ লিখামেলাক লৈ কেতিয়াও সন্তুষ্ট হব পৰা নাছিল৷ বিশ্ব সাহিত্যত তেওঁৰ ৱাৰ এণ্ড পীচ আজিও সমাদৃত৷ টলষ্টয়ে ৱাৰ এণ্ড পীচ উপন্যাসখনৰ একোটা পৃষ্ঠা লিখি উলিয়াহ দহ পৃষ্ঠা কাটিবলগীয়া হৈছিল৷ মনে ভবাৰ দৰে সন্তোষ হব পৰা নাছিল নিজৰ লেখাত৷ এজন সফল লেখক হবলৈ বুলি খুব কম সময়তে তেওঁ ফৰাচী, গ্রীক আদি ভাষা শিকি পেলাহছিল৷ তেওঁ জনপ্রিয়তা লাভ কৰাৰ পিছতো নিজে কেতিয়াও সার্থক কিবা লিখা বুলি বিশ্বাস কৰিব পৰা নাছিল৷ এক অসন্তুষ্টিত ভুগি তেওঁ লিখামেলা বন্ধ কৰিবলৈ ওলাহছিল৷

নিজৰ লিখামেলাক লৈ এণ্টন চেখভ কেতিয়াও সন্তুষ্ট হব পৰা নাছিল৷ জীৱনৰ এছোৱা সময় নিজৰ সৃষ্টিকর্মক লৈ তীব্র অন্তর্দ্বন্দ্বত ভুগিছিল চেখভ৷ তেওঁ অকল গল্প লেখকেহ নাছিল৷ চেখভ এজন প্রসিদ্ধ নাট্যকাৰো৷ সমুদ্র বিহংগে তেওঁৰ এখন প্রসিদ্ধ নাটক৷ তিনি ভনী, চেৰী বাগান আদি চেখভৰ জনপ্রিয় নাটক৷ সেহদৰে বিখ্যাত ঔপন্যাসিক  এ জে ক্রনিনে তেওঁৰ দ্য চিটাডেল শীর্ষক যুগজয়ী উপন্যাসখন লিখি সন্তুষ্ট হব পৰা নাছিল৷

মানসিক তৃপ্তি বুলি কলে ,যিয়ে যি কর্ম কৰি ভাল পাহ সেহ দিশত খোজ দিয়াটো৷ সেহ দিশত আগুৱাহ যোৱাটো৷ মানসিক তৃপ্তি হৈছে জীৱনৰ একপ্রকাৰ মহৌষধ৷ আচলতে, তৃপ্তি মনৰ এক অৱস্থা৷ যিজনৰ চিন্তা ভাল, তেওঁহে সন্তোষ অনুভৱ কৰে৷ কোনো পার্থিৱ বস্তুৱেহ সন্তোষৰ ঊধর্বত হব নোৱাৰে৷ আমি যদি প্রত্যেকেহ লক্ষ্য স্থিৰ কৰি উৎসাহেৰে কাম কৰি যাওঁ, তেতিয়া হলে দেখিব তাতেহ জীৱনৰ সন্তুষ্টি সোমাহ আছে৷ সেয়ে হিথাৰ ছাকে কৈছিল তুমি জীৱনক লৈ সন্তুষ্ট নহলে কর্মৰ পৰাও প্রকৃত সন্তুষ্টি লাভ কৰিব নোৱাৰা৷ সন্তুষ্টিৰ আন এটা নামেহ হৈছে সুখ৷ যিজন মানুহ তৃপ্ত হব নাজানে, তেওঁ সুখী হবও নাজানে৷ সৰু সৰু অসন্তুষ্টিয়ে যেনেকৈ জীৱনটো বিমর্ষ অশ্রু বিস্বাদ কৰি তুলিব পাৰে, ঠিক তেনেকৈ সৰু সৰু সন্তুষ্টিয়েও  জীৱনটোক বহু পৰিমাণে সহনশীল কৰি ৰাখিব পাৰে৷ আচলতে সৰু সৰু সন্তুষ্টি, সৰু সৰু উৎসবোৰ আমি নিজেহ সৃষ্টি কৰি লব লাগে৷ তেতিয়াহে আমি জীৱনৰ আনন্দ অনুভৱ কৰিব পাৰিম৷

কর্ম সন্তুষ্টিয়ে মানুহক সফলতাৰ শিখৰলৈ লৈ যায়৷ এজন মানুহ যিটো কামৰ কাৰণে উপযোগী আৰু যিটো কাম তেওঁ নিয়াৰিকৈ কৰিব পাৰে, কেৱল সেহটো কাম কৰিয়েহ তেওঁ সন্তুষ্ট হৈ থাকিবলৈ শিকা উচিত৷ কিয়নো মানসিক সন্তুষ্টি অবিহনে কোনো কামতেহ সফলতা লাভ কৰিব নোৱাৰি৷ আচলতে আমি যি কর্ম কৰোঁ, তাক যদি অন্তৰৰ পৰা ভাল পাব পাৰোঁ, তেতিয়াহে আমি সুখী হব পাৰিম৷ অতৃপ্ত মনত তৃপ্তি দিব পাৰে সীমাহীন কল্পনাহ৷ কিয়নো আমাৰ মনত যি হচ্ছা, আৱেগ, উদ্দীপনা জাগে, সেয়া কল্পনাৰ পৰাহ জাগে৷  বাস্তৱ পৃথিৱীত মানুহৰ আশাআকাংক্ষা অপূৰণীয় বা অতৃপ্ত থাকিলে সেহবোৰ কল্পনাৰ জগতত ৰূপায়িত হোৱা দেখা পাহ মানুহে নিজৰ মনটোক অনামী তৃপ্তি প্রদান কৰে৷ সেয়ে কিবা এটা কাম কৰাৰ আগতে মনৰ মাজত কল্পনা কৰি আগবািি যাব লাগে৷ এনে কৰিলে কামটো কৰিবলৈ সহজ হৈ পৰে৷

জীৱনলৈ যন্ত্রণা আহে অতৃপ্তিৰ পৰা৷ জীৱন পৰম ৰহস্যময়৷ কাৰণ তাৰ আনন্দৰ উৎস হল চিৰ অতৃপ্তিৰ বিষাদ৷ আমি আমাৰ জীৱনটো বিচৰা ধৰণে সুন্দৰ নহবও পাৰে৷ কিন্তু প্রতিটো মুহূর্ত অপ্রাপ্তি, দুখবেদনাবোৰক ভাবি থাকিলে যিখিনি পালোঁ, সেয়াও উপভোগ কৰিব নোৱাৰিম৷ জীৱন কচুপাতৰ পানীৰ দৰে৷ আজি আছে কাহলৈ নাহ৷ গতিকে পোৱাখিনিতে সন্তুষ্ট হবলৈ শিকক৷ হতাশ, অসন্তুষ্টি আদি মনলৈ আহিলে গাপ দিয়াৰ সলনি সেহবোৰৰ কাৰণ বিশ্লেষণ কৰক আৰু হতিবাচক দৃষ্টিভংগীৰে নিৰষণ কৰক৷ নিজৰ যি আছে তাক লৈয়েহ সন্তুষ্ট হবলৈ শিকক৷ নোপোৱাৰ আক্ষেপ এৰি জীৱনত যিখিনি পাহছে, তাক লৈয়েহ সন্তুষ্ট থাকিবলৈ শিকক৷ তেতিয়া জীৱন হয় সুখী, সন্তোষী৷ আচলতে, এজন মানুহে যেতিয়া নিজৰ সামর্থ্য আৰু সীমাবদ্ধতা আৱিষ্কাৰ কৰিব পাৰে, তেতিয়াহ তেওঁ আচল সন্তুষ্টি লাভ কৰিবলৈ আৰম্ভ কৰে৷ সঁচার্থত কবলৈ গলে, এজন মানুহে জীৱন যাত্রাত, যেতিয়ালৈকে নিজে সুখী আৰু সন্তুষ্ট হোৱাৰ বাট বিচাৰি লব নোৱাৰে, তেতিয়ালৈকে জীৱনত বিচাৰিব লাগিব জীৱনৰ অন্বেষণ৷ উহলিয়াম হেজলিটে কৈছিল নিজে সন্তুষ্ট হবলৈ শিকাটোৱেহ হৈছে আনক সন্তুষ্ট কৰাৰ প্রধান উপায়৷ অসন্তুষ্ট হলে জীৱনৰ সৰু সৰু সুখবোৰ অগ্রাহ্য কৰিলে আৰু অধিক পোৱাৰ আশাত থকাখিনিও উপভোগ নকৰিলে জীৱন কেৱল এক বোজা হৈ পৰিব৷

আচলতে, যত প্রাপ্তিৰ একো আকাংক্ষা নাথাকে, তাত অপ্রাপ্তিৰ অতৃপ্তিও নাথাকে৷ সেহদৰে অধিক প্রাপ্তিৰ প্রত্যাশাত প্রাপ্তিৰ তৃপ্তিও যন্ত্রণাদায়ক৷ প্রকৃতার্থত কবলৈ গলে, চিৰ অতৃপ্তিয়ে হল মানৱ জীৱনৰ ঘাহ চালিকাশক্তি৷ মনৰ অতৃপ্ত আশাখিনি পূৰণ হোৱাটো সকলোৱে বিচাৰে৷ কিয়নো অপেক্ষাৰ অন্তত পোৱা প্রাপ্তিৰ তৃপ্তি বৰ মধুৰ৷ কিন্তু মানুহ যেতিয়াহ তৃপ্ত আৰু সন্তুষ্ট হৈ থমকি ৰব, তেতিয়াহ মানুহৰ বিনাশ ঘটিব৷ মানুহৰ অস্থিৰতাৰ এটা প্রধান কাৰণ হল যে এহ যে তেওঁ প্রকৃততে কি বিচাৰে, সেহ কথা তেওঁ নিজেহ নাজানে৷ অথবা একে সময়তে তেওঁ বহুত বস্তু বিচাৰে, অথবা তেওঁ নিজে যিটো মানুহ, সেহটো মানুহ হবলৈ বিচৰাৰ পৰিৱর্তে আন এটা মানুহ হবলৈ বিচাৰে৷ এহখিনিতে মনত পৰিছে টমাছ আলভা এডিছনে কোৱা কথা এষাৰ অস্থিৰতা মানেহ অসন্তুষ্টি আৰু অসন্তুষ্টি হল উন্নতিৰ প্রথম চর্ত৷ এজন সম্পূর্ণৰূপে পৰিতৃপ্ত মানুহক মোৰ আগত থিয় কৰাহ দিয়া, মহ তোমাক দেখুৱাহ দিম অকৃতকার্যতাৰ এটা প্রতিমূর্তি৷

গতিকে আহক, অতৃপ্তিয়ে উদাসীনতাৰ সৃষ্টি কৰিলেও, অতৃপ্তিৰ সঠিক ৰূপৰেখাতে জীৱনটোক মহীয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ৷

ফোন ঃ ৯৮৬৪৩-৬৪৯৯৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.