চুলিৰ গুৰি চাফা কৰাৰ উপায়

বর্ণালী ভট্টাচার্য

আমাৰ চুলিখিনি দেখাত ভাল লাগিবৰ কাৰণে বহুত ধৰণৰ উপায় অৱলম্বন কৰোঁ ৷ কিন্তু তাৰ পিছতো কেতিয়াবা সুফল লাভ কৰিব নোৱাৰোঁ ৷ যাৰ ফলত কেতিয়াবা আমি হতাশ হব লগা হয় ৷ আমি সকলোৱেই কিছু পৰিমাণে হলেও জানো যে আমাৰ চুলিখিনি তিনিটা তৰপেৰে গঠিত ৷ যেনে cuticle, cortex,Medulla. এই তিনিটা তৰপৰ কাম বেলেগ বেলেগ ৷ আমাৰ চুলিখিনিৰ উজ্জ্বলতা অটুট ৰাখিব হলে আমি চুলিখিনিৰ গুৰিটো ভালদৰে যত্ন লব লাগিব ৷ তাৰ বাবে কেইটামান কাম কৰিব লাগিব ৷

প্রথমে আমি চুলিৰ গুৰিটো চাফা কৰি ৰখাৰ ক্ষেত্রত গুৰুত্ব দিব লাগিব ৷  বহুতে ভাবে যে চুলি সদায়েহ ধুলে চুলি বেয়া হয় ৷ এইটো একেবাৰে ভুল ধাৰণা ৷ কিয়নো আমি গাড়ীত যাওঁ বা খোজকাঢ়িয়েই যাওঁ, আমাৰ চুলিখিনিত যি ধূলি–বালি সোমায়, তাৰ বাবে চুলি শুকান ভাব হয়, উফি সমস্যা, চুলি সৰা আদি নানান সমস্যাৰ সন্মুখীন হব লগাত পৰিবলগীয়া হয় ৷ ইয়াৰ কাৰণ বাহিৰৰ পৰা আহি মূৰৰ গুৰিত জমা হৈ থকা লেতেৰা চাফা নকৰাৰ ফলত ৷ ইয়াৰ উপৰি বহুতে মূৰত চেম্পু বা কণ্ডিছনাৰ লগোৱাৰ পিছত বহুত জোৰেৰে চুলি গুৰি ধোৱে৷ সদায় লাহে লাহে সাৱধানে মূৰৰ পৰা চেম্পু গুচাব লাগে ৷

দিনটোত পাঁচ–ছয়বাৰকৈ মূৰ আঁচুৰিব লাগে, যাতে চুলিৰ গুৰিত থকা লেতেৰাসমূহ আঁতৰি যায়৷ সপ্তাহত তিনি দিন মূৰত তেল অলপ কুহুমীয়াকৈ লগাই মালিচ কৰি ৰাতিটো ৰাখিব ৷ পুৱাই ধুব ৷ তেল লগাই দিনত নাথাকিব ৷ নহলে দিনৰ ধূলি–মাকটিবোৰ চুলিত লাগি বেছি লেতেৰা কৰিব ৷

  • সপ্তাহত মাজে মাজে চুলি Apple cider vinegar পানীৰ লগত মিহলাই পাঁচ মিনিট ৰাখি চুলিখিনি চেম্পু কৰিব ৷
  • চাউল ধোৱা পানীত ঔটেঙাৰ বীজ মিহলাই মূৰত পেক হিচাপে আধা ঘণ্টামান ৰাখি ধুই দিব ৷ নেমু ৰসৰ লগত জবাফুল, পাত, ছালকুঁৱৰীৰ বাজী, মিহলাই পেক বনাই লগাব ৷
  • নৰসিংহৰ পাত, নয়নতৰা পাত, ফুল, কফি পাউডাৰ, কণী, বাট মিহলাই পেক বনাই গোটেই চুলিত লগাই আধা ঘণ্টামান ৰাখি ধুই দিব ৷
  • নেমুৰ ৰসত প্রচুৰ পৰিমাণে চাইড্রিক এচিড থাকে, যিয়ে মূৰৰ ছাল আৰু চুলিৰ পি এইচ স্তৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক ৷ আনহাতে দৈয়ে ক্ষতি মেৰামতি কৰি চুলিক জিলিকি থকা আৰু স্বাস্থ্য প্রদান কৰে ৷ এই হেয়াৰ পেকে উফি আৰু হয়াৰ লগত অহা সকলো খজুৱতি আৰু শুকানতা দূৰ কৰাত সহায় কৰে ৷

আধা কাপ দৈ, এচামুচ নেমুৰ ৰস, এচামুচ মৌ সকলো মিহলাই মসৃণ পেষ্ট এটা বনাব ৷ চুলিৰ গুৰিত সম্পূর্ণৰূপে লগাওক আৰু আধা ঘণ্টাৰ পিছত ছালফেটবিহীন চেম্পু ব্যৱহাৰ কৰি ধুই পেলাওক ৷ সপ্তাহত দুবাৰকৈ এইটো ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যায় ৷

  • গ্রীন টী আৰু পেপাৰমিণ্ট অইল, উফিৰ পৰা মুক্তিৰ ক্ষেত্রত দুয়োটা ফলপ্রসূ ৷ দুয়োটাই উফি সৃষ্টিকাৰী বেক্টেৰিয়াক বাহিৰ কৰি দিয়ে আৰু এই প্রক্রিয়াত মূৰৰ ছালখন ঠাণ্ডা আৰু শান্ত কৰে, একে সময়তে চুলিক হেৰুওৱা জিলিকনি ঘূৰাই পোৱাত সহায় কৰে ৷
  • ২ চামুচ এলোভেৰা, ২ চামুচ মৌ, ডেৰ চামুচ নেমুৰ ৰস সকলো উপাদান একেলগে মিহলাহ এইটো আপোনাৰ মূৰত প্রয়োগ কৰক ৷ মূৰৰ ছালত মালিচ কৰক আৰু ১৫ মিনিট ৰাখি তাৰ পিছত ভালদৰে ধুব ৷

এনেদৰেই ঘৰতে হেয়াৰ পেক বনাই লগাব ৷ মাহে এবাৰকৈ চুলিখিনি ড্রিম কৰাব ৷ চুলিখিনিৰ ধোৱাৰ পিছত পৰাপক্ষত হেয়াৰ ড্রায়াৰ ব্যৱহাৰ নকৰিব ৷  গৰমত ৰদত ওলালে এখন মূৰত পাতল কাপোৰ মেৰিয়াই লব, ৰদৰ তাপৰ পৰা চুলিখিনি বচাই ৰাখিব ৷ পানী বেছি পৰিমাণে খাব ৷  ৰাসায়নিক পদার্থ বেছিকৈ চুলিকোছাত নলগাই, ঘৰতে বনাই লোৱা পেক লগাই নিজৰ চুলিখিনক যত্ন লবলৈ চেষ্টা কৰক ৷

ফোনঃ  ৯৭০৬০-৬২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.