মাণিক পাল
ইংৰাজ কবি টমাছ হুডে কৈছিল মোৰ কিতাপবোৰে মোক সদায় জুৱাৰীৰ আড্ডা, মদাহীৰ সংগ আৰু ধোদৰ পচলা নিষ্কৰ্মাবোৰৰ মেলৰ পৰা আঁতৰাই ৰাখে ৷ যি মানুহে পোপ আৰু এডিছনৰ সান্নিধ্য পাহছে, যি মানুহে মিচ্টন আৰু শ্বেক্সপীয়েৰৰ নীৰৱ কিন্তু মহৎ চিন্তাধাৰাৰ অংশ লোৱাৰ সুযোগ পাইছে, তেওঁ নিষ্চয় অসৎ আৰু হীন সংসর্গ কেতিয়াও সহ্য কৰিব নোৱাৰে ৷ টমাছ হুডে কোৱাৰ দৰে সঁচাকৈয়ে কিছুমান কিতাপে আমাৰ জীৱনৰ গতিপথ আৰু উদ্দেশ্য দুয়োটাই সলনি কৰি আমাৰ জীৱনক সফলতাৰ শিখৰত স্থাপিত কৰিব পাৰে ৷ তেনেকুৱা এখন কিতাপে মই কিছুদিন পূর্বে অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰোঁ ৷ কিতাপখনৰ নাম এজ এ মেন থিংকেথ মানুহে যি ভাবে আৰু কিতাপখন লিখিছে জেমছ এলেন(James Allen) নামৰ এজন ইংৰাজ লেখকে ৷ মোৰ মতে জীৱনক সফল আৰু সুখময় কৰিবলৈ হলে সকলোৱে এবাৰ হলেও কিতাপখন পঢ়িব লাগে ৷ কিতাপখনৰ বিষয়ে জনাৰ আগতে আমি কিতাপখনৰ লেখক জেমছ এলেনৰ বিষয়ে কিছু কথা জানি লোৱা অতিকৈ প্রয়োজনীয় ৷
জেমছ এলেন আছিল এজন ইংৰাজ দার্শনিক লেখক আৰু তেওঁ বিখ্যাত আছিল নিজৰ প্রেৰণাদায়ক কিতাপ আৰু কবিতাৰ বাবে ৷ ইয়াৰ উপৰি তেওঁ বিখ্যাত আছিল আত্মসহায়ক আন্দোলনৰ বাবে ৷ তেওঁৰ জন্ম হৈছিল ১৮৬৪ চনৰ ২৮ নৱেম্বৰত ইংলেণ্ডৰ লেইচেষ্টাৰ(Leicester) নামৰ ঠাহত এটা শ্রমিক পৰিয়ালত ৷ এলেন আছিল ঘৰৰ জ্যেষ্ঠ পুত্র ৷ তেওঁৰ মাতৃয়ে লিখিব আৰু পঢ়িব নাজানিছিল ৷ তেওঁৰ পিতৃ উইলিয়াম এজন কাৰখানাত কাম কৰা বয়ন শিল্পী আছিল ৷ কিন্তু ১৮৭৯ চনত যেতিয়া চেন্ট্ৰেল ইংলেণ্ডৰ বয়ন ব্যৱসায়ত মন্দা অৱস্থা আৰম্ভ হয়, তেতিয়া এলেনৰ দেউতাক অকলে আমেৰিকাত যায়, নতুন কাম আৰু পৰিয়ালৰ বাবে নতুন ঘৰৰ সন্ধান কৰিবলৈ ৷ কিন্তু আমেৰিকাত যোৱাৰ দুদিন পিছতে নিউয়র্ক চিটী চিকিৎসালয়ে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ বিভিন্ন তথ্য মতে ডকাইতে লুণ্ঠন কৰি তেওঁক হত্যা কৰে ৷ দেউতাকৰ অকাল মৃত্যুৰ ফলত পৰিয়ালৰ জ্যেষ্ঠ সন্তান হিচাপে মাত্র ১৫ বছৰ বয়সতে পৰিয়ালৰ সম্পূর্ণ বোজা এলেনৰ কান্ধত আহি পৰে ৷ ইয়াৰ ফলত তেওঁ শিক্ষা আধাতে এৰি কামৰ সন্ধান কৰিবলৈ বাধ্য হয় ৷ ১৮৯০ চনত এলেনে এজন ব্যক্তিগত সচিব আৰু ই বিক্রেতা হিচাপে কাম কৰে ইংলেণ্ডৰ বহু নির্মাতা কোম্পানীত ৷ ১৮৯৩ চনত তেওঁ লণ্ডনত আৰু তাৰ পিছত দক্ষিণ ৱেলছত যায় সাংবাদিক হিচাপে কাম কৰিবলৈ ৷ দক্ষিণ ৱেলছত তেওঁ লগ পায় লিলি লৌছিয়া ওৰামক,( Lily Lousia Oram) যাক তেওঁ বিয়া কৰায় ১৮৯৫ চনত ৷ ১৮৯৮ চনত তেওঁ প্রথমবাৰৰ বাবে জীৱিকাৰ সন্ধান লাভ কৰে এজন আধ্যাত্মিক লেখক হিচাপে এখন আলোচনীত ৷ ১৯০২ চনত এলেনে নিজে নিজৰ আধ্যাত্মিক আলোচনী The light of reason প্রকাশ কৰিবলৈ আৰম্ভ কৰে ৷ পিছলৈ আলোচনীখনৰ নাম The Epoch ৰখা হয় ৷ এলেনে এজ এ মেন থিংকেথৰ উপৰি ফ্রম পোভার্টি টু পাৱাৰ (১৯০১), অল দিছ থিংকছ এডেড (১৯০৩), থ্রো দ্য গেট অৱ গুড (১৯০৩), বাহ ৱেহজ অৱ ব্লেছডনেছ (১৯০৪), আউট ফ্রম দ্য হার্ট (১৯০৪), দ্য মাষ্টাৰি অৱ ডেছটিনি (১৯০৯), মর্নিং এণ্ড হভিনিং থটছ (১৯০৯), ফ্রম পেশ্বন টু পিচ (১৯১০) নামৰ গ্রন্থও ৰচনা কৰে ৷ কিন্তু তেওঁ এজন লেখক হিচাপে জনপ্রিয়তা অর্জন কৰে ১৯০৩ চনত প্রকাশিত এজ এ মেন থিংকেথ নামৰ গ্রন্থখনৰ বাবে ৷ তেওঁক আধুনিক প্রেৰণা আৰু আত্মসহায়ক সাহিত্য চিন্তাৰ জনক বুলিও কোৱা হয় ৷ কিন্তু মাত্র ৪৭ বছৰ বয়সত ১৯১২ চনৰ ২৪ জানুৱাৰীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
এলেনে এজ এ মেন থিংকেথ গ্রন্থখনত মুঠ সাতটা অধ্যায় সন্নিৱিষ্ট কৰিছে
- চিন্তা আৰু চৰিত্র
- পৰিস্থিতিৰ ওপৰত চিন্তাৰ প্রভাৱ
- স্বাস্থ্য আৰু শৰীৰৰ ওপৰত চিন্তাৰ প্রভাৱ
- চিন্তা আৰু উদ্দেশ্য
- সফলতাৰ ওপৰত চিন্তাৰ প্রভাৱ
- দর্শন আৰু আদর্শ
- নীৰৱতা বা শান্তি৷
মুঠতে গ্রন্থখন মানুহৰ চিন্তাশক্তিৰ ওপৰত আধাৰিত ৷ চিন্তাই এজন ব্যক্তিৰ জীৱনক কেনেকৈ প্রভাৱিত কৰে, তাক লেখকে সুন্দৰ আৰু সহজ–সৰল উপমাৰে পাঠকক বুজাবলৈ যত্ন কৰিছে সম্পূর্ণ গ্রন্থখনত ৷ আমি সাধাৰণতে ভাবোঁ যে আমি কৰা চিন্তাবোৰে আমাৰ জীৱনত কোনো প্রভাৱ বিস্তাৰ নকৰে ৷ কিন্তু সেয়া সত্য নহয়, আমাৰ চিন্তাই আমাৰ জীৱনত কেনেকৈ প্রভাৱ বিস্তাৰ কৰে, তাকে লেখকে এইখন গ্রন্থৰ জৰিয়তে বুজাবলৈ যত্ন কৰিছে ৷
প্রথম অধ্যায়ত লেখকে চিন্তা আৰু চৰিত্রৰ সম্পর্কক সুন্দৰকৈ ব্যাখ্যা কৰিছে ৷ এজন ব্যক্তিয়ে যি চিন্তা কৰে তাৰে প্রতিফলন তেওঁৰ জীৱনত হয় ৷ তেওঁ তেওঁৰ চিন্তা অনুসৰিয়ে জীৱনৰ বিভিন্ন পৰিস্থিতিক জীৱনৰ লগৰীয়া হিচাপে লাভ কৰে ৷ তেওঁৰ চৰিত্র তেওঁৰ চিন্তাৰ দ্বাৰাই পৰিচালিত হয় ৷ যেনেকৈ বীজৰ পৰা গছ হয়, গছৰ পৰা ফুল আৰু তাৰ পিছত ফল হয়, ঠিক তেনেকৈ, মানুহৰ বা ব্যক্তিৰ সকলো ক্রিয়া বা কর্ম চিন্তা নামৰ বীজৰ পৰাই উৎপন্ন হয় ৷ কর্ম চিন্তাৰ ফুল আৰু সুখ–দুখ হয়াৰ ফল৷ আমাৰ চিন্তাই আমাক তৈয়াৰ কৰে, আমি যি ধৰণৰ চিন্তা কৰোঁ সেই ধৰণৰে আচৰণ কৰোঁ ৷ যদি এজন ব্যক্তিয়ে সদায় নেতিবাচক চিন্তা কৰি থাকে তেন্তে তেওঁৰ জীৱন সদায় দুখ–কষ্ট আৰু বেদনাৰে উপচি পৰে ৷ আনহাতে যদি এজন ব্যক্তিয়ে সদায় ইতিবাচক চিন্তা কৰে তেন্তে তেওঁৰ জীৱন সুখ–সমৃদ্ধ, আনন্দ আৰু সফলতাৰে উপচি পৰে ৷ মানুহ বা ব্যক্তি নীতি–নিয়মৰ দ্বাৰাহে সৃষ্টি হয়, কু–কর্ম বা দুর্নীতিৰ দ্বাৰা নহয় ৷ গতিকে এজন ব্যক্তিৰ জীৱনৰ সুখ, সমৃদ্ধ, আনন্দ আৰু হাঁহি নির্ভৰ কৰে ব্যক্তিজনৰ চিন্তাৰ ওপৰত ৷ ভাল আৰু সৎ চিন্তাই এজন ব্যক্তিৰ জীৱন সুখময় কৰি গঢ়ি তোলে আৰু বেয়া আৰু অসৎ চিন্তাই এজন ব্যক্তিক চয়তান হিচাপে গঢ়ি তোলে ৷
দ্বিতীয় অধ্যায়ত লেখকে মানুহৰ চিন্তাই পৰিস্থিতিৰ ওপৰত কিদৰে প্রভাৱ পেলায়, তাক ব্যাখ্যা কৰিছে ৷ ইয়াত লেখকে মানুহৰ মস্তিষ্ক্ক এখন বাগিচাৰ লগত তুলনা কৰিছে ৷ এজন ব্যক্তিয়ে যদি নিজৰ মস্তিষ্ক্ নামৰ বাগিচাখনক চহ কৰি ভাল বীজ ৰোপণ নকৰে, তেন্তে তাত বিভিন্ন ধৰণৰ অপতৃণ নিজে নিজে গজি উঠিব ৷ যিদৰে এজন মালীয়ে নিজৰ বাগিচাত উৎপন্ন হোৱা অপতৃণবোৰক পৰিষ্কাৰ কৰি কেৱল দৰকাৰী গছবোৰ ৰাখে, ঠিক তেনেকৈ মানুহেও নিজৰ মগজুত উৎপন্ন হোৱা অসৎ, অদৰকাৰী চিন্তাবোৰক পৰিষ্কাৰ কৰি সদায় সৎ, মহৎ আৰু দৰকাৰী চিন্তাবোৰৰ খেতি কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা এজন ব্যক্তি জানিবলৈ সামর্থ্য হয় যে তেৱেঁহ হল তেওঁৰ আত্মাৰ মালী আৰু জীৱনৰ নির্মাতা ৷ যদি এজন ব্যক্তিয়ে সঁচাকৈয়ে নিজৰ মস্তিষ্ক্ত সৎ আৰু মহৎ চিন্তাৰ গছবোৰ ৰোপণ কৰে, তেন্তে তেওঁ জানিবলৈ সামর্থ্য হয় কেনেকৈ চিন্তা, চৰিত্র আৰু পৰিস্থিতিয়ে তেওঁৰ ভাগ্য নির্মাণ কৰে ৷ চৰিত্র যেনেকৈ পৰিস্থিতি আৰু পৰিৱেশৰ মাজত থাকিয়ে নির্মাণ কৰিব পাৰি, ঠিক তেনেকৈ মানুহৰ বাহ্যিক পৰিস্থিতি আভ্যন্তৰীণ চিন্তাৰ ওপৰতে নির্ভৰ কৰে ৷ যিজন ব্যক্তিয়ে দীর্ঘদিন ধৰি আত্মসংযমৰ অনুশীলন কৰিছে, তেওঁ নিশ্চয় বুজিব পাৰে যে পৰিস্থিতি চিন্তাৰ পৰাই উৎপন্ন হয় ৷ প্রতিটো চিন্তাৰ বীজ, যাক আমি নিজৰ মস্তিষ্ক্ত ৰোপণ কৰোঁ, সেই বীজে শিপাৰ বিস্তাৰ কৰে আৰু নিজৰ পৰিস্থিতি আৰু সুযোগ উৎপন্ন কৰে ৷ কোনো ব্যক্তিয়ে পৰিস্থিতিৰ দাসত্ব হৈ অপৰাধ নকৰে, বৰং নিজৰ চিন্তাৰ দ্বাৰা পৰিচালিত হৈহে অপৰাধ কৰে ৷
তৃতীয় অধ্যায়ত লেখকে এজন ব্যক্তিৰ চিন্তাই কিদৰে ব্যক্তিজনৰ স্বাস্থ্য আৰু শৰীৰৰ ওপৰত প্রভাৱ পেলায়, তাক সুন্দৰকৈ ব্যাখ্যা কৰিছে ৷ লেখকৰ মতে মানুহৰ শৰীৰ মস্তিষ্ক্ৰ চাকৰ, গতিকে শৰীৰে সদায় মস্তিষ্ক্ৰ নির্দেশ মতেই কাম কৰে ৷ অসৎ, কুৎসিৎ আৰু বদ চিন্তাবোৰে দ্রুতগতিত আমাৰ শৰীৰক ৰুগ্ন কৰি তোলে ৷ আনহাতে সৎ, সুন্দৰ আৰু সজ চিন্তাবোৰে আমাৰ শৰীৰক সুস্থ–সবল কৰি ৰাখে ৷ উদ্বিগ্নতাই শৰীৰক বেমাৰৰ মাজত প্রৱেশ কৰিবলৈ এৰি দিয়ে আৰু অশুদ্ধ চিন্তাবোৰে শৰীৰৰ স্নায়ুতন্ত্রৰ ক্ষতি সাধন কৰে ৷ এজন ব্যক্তিয়ে যিমানে অশুদ্ধ আৰু অসৎ চিন্তা কৰি থাকিব সিমানে তেওঁৰ তেজ বিষাক্ত হৈ থাকিব ৷ শুদ্ধ মনেহে শুদ্ধ শৰীৰ আৰু জীৱন গঢ়িব পাৰে ৷ যদি এজন ব্যক্তিয়ে সুস্থ শৰীৰ বিচাৰে তেন্তে কেৱল পুষ্টিকৰ খাদ্য খালেই নহব, মনৰ চিন্তাবোৰো সৎ, শুদ্ধ আৰু সজ কৰিব লাগিব ৷ শৰীৰক সকলো বেমাৰৰ পৰা মুক্ত কৰি ৰখাৰ প্রধান অস্ত্র হল সৎ আৰু শুদ্ধ চিন্তা ৷ চতুর্থ অধ্যায়ত লেখকে মানুহৰ চিন্তাবোৰে কিদৰে জীৱনৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰে তাক বুজাবলৈ যত্ন কৰিছে ৷ তেওঁ লিখিছে যদি এজন ব্যক্তিৰ চিন্তা নিজৰ জীৱনৰ লক্ষ্যৰ লগত জড়িত হৈ নাথাকে, তেন্তে তেওঁ জীৱনত নিজৰ লক্ষ্যত উপনীত হব নোৱাৰে ৷ যি ব্যক্তিৰ জীৱনত কোনো লক্ষ্য বা উদ্দেশ্য নাথাকে তেওঁ সহজে ভয় আৰু সমস্যাৰ কবলত পৰে ৷ যিবোৰে শেষত জীৱনটোক বিফলতা, দুখ–কষ্ট আৰু দুর্বলতাৰ মাজত ঠেলি দিয়ে ৷ সেয়ে প্রতিজন ব্যক্তিৰ জীৱনৰ এটা নির্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকিব লাগে আৰু তেওঁ সেই লক্ষ্যত উপনীত হবলৈ চিন্তা কৰিব লাগে ৷ যেনেকৈ শাৰীৰিকভাৱে দুর্বল ব্যক্তি এজনে ব্যায়ামৰ জৰিয়তে নিজকে শক্তিশালী কৰি গঢ়ি তুলিব পাৰে, ঠিক তেনেকৈ দুর্বল ব্যক্তি এজনেও উপযুক্ত চিন্তাৰে নিজকে শক্তিশালী কৰি গঢ়ি তুলিব পাৰে ৷ ভয় আৰু সন্দেহৰ চিন্তাবোৰে আমাৰ লক্ষ্যক দুর্বল কৰে ৷
পঞ্চম অধ্যায়ত লেখকে এজন ব্যক্তিৰ সফলতা আৰু বিফলতা কিদৰে ব্যক্তিজনৰ চিন্তাৰ ওপৰত নির্ভৰ কৰে, তাক বুজাবলৈ যত্ন কৰিছে ৷ লেখকৰ মতে এজন ব্যক্তিৰ সফলতা আৰু বিফলতা হল ব্যক্তিজনৰ চিন্তাৰ ফলাফল ৷ এজন ব্যক্তিৰ শক্তি, ভাল–বেয়া, দুর্বলতা সেই ব্যক্তিজনৰ নিজৰ হাততে থাকে, তাত অন্য ব্যক্তিৰ কোনো হাত নাথাকে ৷ উদাহৰণস্বৰূপে এজন শক্তিশালী ব্যক্তিয়ে আন এজন দুর্বল ব্যক্তিক কেতিয়াও সহায় কৰিব নোৱাৰে, যদিহে দুর্বল ব্যক্তিজনে নিজে তেওঁৰ সহায় গ্রহণ নকৰে ৷ ষষ্ঠ অধ্যায়ত লেখকে সপোন দেখিব পৰা ব্যক্তিসকলকেই বিশ্বৰ ৰক্ষক বুলি কৈছে ৷ যেনেকৈ আমি দেখি থকা বিশ্বখন এটা অলৌকিক অদৃশ্য শক্তিৰে পৰিচালিত হৈ আছে, ঠিক তেনেদৰে এজন ব্যক্তিয়ে নিজৰ জীৱনক পৰিচালিত কৰিব পাৰে অন্তৰৰ মাজত লুকাই থকা সপোনেৰে ৷ মানৱতাৰ সপোন দেখা ব্যক্তিসকলক পাহৰিব নোৱাৰি আৰু তেওঁলোকৰ আদর্শ সদায় অমৰ হৈ থাকে৷ সংগীতকাৰ, মূর্তিকাৰ, চিত্রকাৰ, কবি, সাহিত্যিক, ঋষি আদি হল স্বর্গৰ নির্মাতা ৷ কাৰণ পৃথিৱীখন এতিয়াও ধুনীয়া হৈ আছে এইসকল ব্যক্তিৰ বাবে ৷ উদাহৰণস্বৰূপেকল এক নতুন পৃথিৱীক নিজৰ চিন্তাৰে দর্শন কৰে আৰু তাক তেওঁ আৱিষ্কাৰো কৰে ৷ আচলতে আমি আমাৰ অন্তৰত লুকাই থকা সৌন্দর্যক আৱিষ্কাৰ কৰিবলৈ যত্ন কৰিব লাগে ৷ অন্তিম অধ্যায়ত লেখকে নীৰৱতা আৰু শান্তিৰ শক্তি কিমান তাক প্রতিফলিত কৰিছে ৷ লেখকৰ মতে মস্তিষ্ক শান্তি জ্ঞানৰ সুন্দৰ ৰত্নবোৰৰ মাজত এটা ৷ আত্মসংযমৰ বাবে লাভ কৰা দীঘলীয়া আৰু শান্ত প্রচেষ্টাৰ ফল হল শান্তি ৷ শান্তিৰ উপস্থিতিয়ে হল ব্যক্তিজনৰ পৰিপক্ব তাৰ নিদর্শন ৷ শান্ত ব্যক্তি তৃষ্ণাতুৰ ভূমিক ছাঁ প্রদান কৰা বৃক্ষৰ দৰে ৷
মুঠতে কিতাপখনে যিকোনো ব্যক্তিৰ জীৱনত এক নতুন গতিপথ কঢ়িয়াই আনিব পাৰে ৷ শেষত কিতাপখন পপাৰ সময়ত মোৰ অন্তৰ স্পর্শ কৰা কিছু শাৰী হুবহু কিতাপখনৰ পৰা আপোনালোকলৈ আগবঢ়ালোঁ “A man’s mind may be likened a garden, which may be intelligently cultivated or allowed to run wild, but whether cultivated or neglected, it must and will, bring forth. If no useful seeds are put into it, then an abundance of useful weed seeds will fall therein and will continue to produce their kind.”
ফোনঃ ৮৬৩৮৯-৪৭২৯২