এগৰা ফবিয়া

প্রাঞ্জল প্রতীম বৰা

আপোনাৰ কোনো বহুত মানুহৰ সমাগম হোৱা ভিৰ ঠাই, বজাৰ, বহুত গাড়ী–মটৰ চলা ঠাই, মিটিং, পার্টী আদিত যাবলৈ ভয় ভয় লাগে নেকি বা গা বেয়া কৰে নেকি বা এনেবোৰ ঠাইৰ পৰা আপুনি দূৰতে থাকে নেকি আমাৰ মাজত এনেকুৱা বহুতো লোক আছে যিসকলে কোনো বিশেষ ঠাইত যাবলৈ বা কোনো বিশেষ পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হলে উৎকণ্ঠাত ভোগে বা ভয় কৰে ৷ যেনে কিছুমান মানুহে বহুত মানুহ গোট খাই থকা ঠাই বজাৰ, মিটিং, পার্টী আদিত যাবলগীয়া হলে গভীৰ উৎকণ্ঠাত ভোগে ৷ এনেকুৱা মনৰ ভাবো তেওঁলোকৰ মনত আহে যেন তাত গোট খাই থকা মানুহবোৰে তেওঁৰ বিষয়ে কি বা কয় ৷ কিছুমান লোকে আকৌ বাছ বা কোনো গাড়ী আদিত উঠিব নোৱাৰে, ভয় ভয় লাগে ৷  মনত এনেকুৱা ভাব আহে যেন কিবা এটা নহবলগীয়া ঘটনা তেওঁৰ লগত ঘটিব ৷ বহুত মানুহ থকা গাড়ীত উঠিলে সেইবাবে তেওঁ অসুস্থৰ দৰে অনুভৱ কৰে৷ আন কিছুমান লোক দেখা যায় যিসকলে যত আন দহজন লোক লগ হৈ কথা পাতি থাকে, তাৰ পৰা সদায় দূৰতে থাকিব খোজে ৷ সদায় অকলশৰীয়া হৈ থাকিয়েই ভাল পায় ৷ তেওঁৰ মনত এনেকুৱা ভাব আহে যেন কথা পাতি থকা লোককেইজনে তেওঁৰ বিষয়েই কথা পাতি আছে ৷ এনেধৰণে কোনো বিশেষ ঠাই বা পৰিস্থিতিৰ মুখামুখি হবলৈ এজন মানুহৰ ভিতৰত যি ভয়ৰ সৃষ্টি হয়, তাক জনা যায় ফবিয়া বুলি ৷ আৰু অতি বেছি এনে ফবিয়া বা ভয় আৰু উৎকণ্ঠা যদি এজন মানুহৰ মাজত দেখা যায়, তেনেহলে বহুত বেছি সম্ভাৱনা থাকে এজন লোক এগৰা ফবিয়া ( Agoraphobia) নামৰ এক মানসিক অৱস্থাত ভোগাৰ ৷ অৱশ্যে কেতিয়াবা কিছুমান ঠাইত গৈ আমি কম সময়ৰ বাবে ভয় খাব পাৰোঁ ৷ যেনে– কোনো মেলাত গৈ ঘূৰি থকা চকৰিটোত উঠি ভয় খোৱাটো কিছুমানৰ বাবে স্বাভাৱিক কথা ৷ কিন্তু দেখা যায় এনে ধৰণে ভয় খোৱা প্রতি তিনিজন লোকৰ মাজত এজন লোক এগৰাফবিয়াত ভোগে ৷

কেনেধৰণে হয় এগৰা ফবিয়া

এগৰা ফবিয়াত ভোগা লোক এজনৰ পাঁচ প্রকাৰৰ ভয়ৰ সৃষ্টি হব পাৰে ৷

  •  প্রথম পৰিবহণৰ ভয়ঃ অর্থাৎ গাড়ী, ৰেল, উৰাজাহাজ আদিত উঠিবলৈ ভয় ৷ এনে ভাব এটা তেওঁৰ মনত থাকে যেন কিবা এটা ঘটনা ঘটিব তেওঁৰ লগত ৷ এনে বহুতো লোকে গাড়ীৰ প্রথমটো ছীটেই নির্বাচিত কৰে বহিবলৈ, কাৰণ এনে এটা ভাব থাকে যেন কিবা হলেই গাডীৰ পৰা বাহিৰলৈ যাব লাগিব ৷ বহুতো লোকে জীৱনত উৰাজাহাজত উঠিব নোৱাৰে ৷ এনে নহয় যে তেওঁৰ সামর্থ্য নাই ৷ কাৰণ তেওঁ ভাবে যে এবাৰ ওপৰলৈ উৰাজাহাজেৰে যোৱাৰ পিছত তেওঁ আৰু তললৈ আহিব নোৱাৰে ৷
  • খোলা ঠাহৰ প্রতি ভয়ঃ  অর্থাৎ মুকলি ঠাই, দলঙৰ ওপৰ, বহুত মানুহ গোট খাই থকা ঠাই আদিৰ প্রতি ভয় ৷
  • বন্ধ ঠাইৰ প্রতি ভয়ঃ  অর্থাৎ কোঠাৰ ভিতৰত দুৱাৰ বন্ধ কৰি থাকিবলৈ ভয় ৷ চিনেমা হল, থিয়েটাৰ আদিত গলেও ভিতৰলৈ সোমাবলৈ ভয়, সদায় দুৱাৰমুখতে বহিবলৈ বিচাৰিব ৷
  •  শাৰী বা লাহন পাতিবলৈ ভয়ঃ  অর্থাৎ কোনো ঠাইত লাইন পাতিবলগীয়া হলে ভয় ভয় লাগে, গা বেয়া কৰে ৷
  • আৰু শেষত ঘৰৰ পৰা বাহিৰ ওলাহ যাবলৈ ভয় ৷ এই অৱস্থা পোৱা মানে এগৰা ফবিয়া একেবাৰে উচ্চ সীমাত পোৱা ৷ তেওঁ ঘৰৰ ভিতৰতে সীমাবদ্ধ হৈ পৰে ৷  তেওঁৰ এজন নির্দিষ্ট লগ থাকে, যাক কোৱা হয় Phobic companion৷ আৰু তেওঁ সেই লোকজনৰ ওপৰতে নির্ভৰশীল হৈ পৰে৷ যিকোনো কামৰ বাবে তেওঁ নিজৰ সলনি সেই লোকজনকে পঠিয়াবলৈ চেষ্টা কৰে ৷

এগৰা ফবিয়াত ভোগা লোক এজনৰ ওপৰত কোৱা লক্ষণসমূহৰ যিকোনো এটাও থাকিব পাৰে বা এটাতকৈ অধিকো থাকিব পাৰে ৷ তদুপৰি এই লক্ষণবোৰ দুই ধৰণে আহে, এটা হল ৰ With panic attack আৰু আনটো চ্ Without panic attack৷Panic attack মানে উৎকণ্ঠাৰ উচ্চ সীমা ৷ ইয়াত তেওঁৰ হূদস্পন্দন বাঢ়িব পাৰে, উশাহ চুটি হব পাৰে, বুকুৰ বিষ, মূৰ ঘূৰণি, অত্যধিক ঘাম, পেটৰ অসুবিধা, নিজৰ ওপৰত নিয়ন্ত্রণ হেৰুওৱা, মৃত্যুভয় আদিয়ে দেখা দিব পাৰে ৷

এতিয়া জানো আহক এগৰা ফবিয়াৰ যত্ন আৰু চিকিৎসাৰ বিষয়ে ৷ এগৰা ফবিয়াৰ চিকিৎসা দুই ধৰণে কৰা হয়

  • এটা হল ড্রাগ্ থেৰাপী বা ঔষধৰ সহায়ত কৰা চিকিৎসা আৰু আনটো হল চাহকথেৰাপী ৷
  • চাহকথেৰাপীতBehaviour Therapy, Exoposure Therapy আৰুCognitive Reconstruction Therapyৰ সহায়ত এগৰা ফবিয়াত ভোগা লোক এজনৰ মানসিক উৎকণ্ঠা লাহে লাহে আঁতৰ কৰা হয় ৷
  • এগৰা ফবিয়াত ভুগিলে কোনো ঠাই বা পৰিস্থিতিৰ প্রতি এজন লোকৰ মনত ভয় সোমাই যায়৷ ফলত তেওঁ সেই ঠাই লাহে লাহে এৰাই চলে ব avoid কৰে৷ যিমাে avoid কৰিব সিমানে ভয় বাঢ়িহে যাব ৷ গতিকে আপোনাৰো যদি কোনো ঠাইত যাবলৈ ভয় লাগে, তেনেহলে তাক avoid নকৰি লাহে লাহে সন্মুখীন হবলৈ চেষ্টা কৰক ৷ প্রয়োজনত নিজৰ ভাল পোৱা লোক বা পৰিয়ালৰ লোকৰ লগত যাওক ৷
  • আপোনাৰ ভয়ৰ কাৰণটো যে এক মানসিক সমস্যাহে, আচলতে তাত কোনো ভয়ৰ কাৰণ নাহ, তাক বুজিবলৈ চেষ্টা কৰক ৷
  • ভয়ৰ ভাব আহিলে লগে লগে মন ভাল লগা কথা মনত পেলাওক,Deep breathing কৰক বা দীঘলকৈ উশাহ লবলৈ চেষ্টা কৰক ৷
  • কিছুমানStretching exercise আৰুMuscle relaxation exercise দৈনিক কৰা প্রয়োজন ৷

বহুতো লোকে গমেই নাপায় যে তেওঁলোকৰ সৰু সৰু ভয় বা উৎকণ্ঠা কিছুমান মানসিক সমস্যাৰ লক্ষণো হব পাৰে ৷ এগৰা ফবিয়াক ৰোগ বুলি নধৰি হয়াৰ প্রতি যত্ন আৰু প্রয়োজনত চিকিৎসা লওক ৷ এশ শতাংশই এনে সমস্যাৰ পৰা মুক্ত হব ৷

ফোনঃ  ৮৬৩৮৩-৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.