হাৰ্ট লেম্প

5

মাণিক পাল

“মোৰ বাবে গৱেষণাৰ অৰ্থ অধিক তথ্য সংগ্ৰহ কৰা নহয়, মোৰ হৃদয়খনেই হ’ল গৱেষণাগাৰ ।” – বানু মুস্তাক।

নিজৰ হৃদয়খনকে গৱেষণাগাৰ বুলি ঘোষণা কৰা ভাৰতীয় লেখিকা আৰু বিশিষ্ট কানাড়া সাহিত্যিক ‘বানু মুস্তাক’ক তেওঁৰ চুটি গল্পৰ সংকলন ‘হাৰ্ট লেম্প’ৰ বাবে ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা প্ৰদান কৰা হৈছে। এই বঁটা লাভ কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় লেখিকা। ইয়াৰ আগতে ২০২২ চনত গীতাঞ্জলি শ্ৰীক তেওঁৰ উপন্যাস ‘ৰেট সমাধি’ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা লাভৰ এটা মূল চৰ্ত হ’ল যে কিতাপখন ইংৰাজী ভাষাত হ’ব লাগিব, লাগিলে গ্ৰন্থখন মূলত আন ভাষাত ৰচনা নহওক কিয়। সেয়ে হাৰ্ট লেম্পক ইংৰাজীত অনুবাদ কৰা ‘দীপা ভাস্তি’কো এই বঁটা প্ৰদান কৰা হৈছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় অনুবাদক। তদুপৰি হাৰ্ট লেম্প চুটি গল্পৰ প্ৰথমখন সংকলন যাক এই পুৰস্কাৰ প্ৰদান কৰা হৈছে। মূলত কানাড়া ভাষাত ৰচিত এইখন প্ৰথম গ্ৰন্থ যিখনক এই বঁটা প্ৰদান কৰা হৈছে।

বিশ্ব সাহিত্যৰ অন্যতম মৰ্যদাসম্পন্ন আৰু অস্কাৰ অৱ সাহিত্য নামে পৰিচিত বঁটা বিধেই হ’ল আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা । এই বঁটা ১৯৬৭ চনত প্ৰথম বাৰৰ বাবে সূচনা কৰা হয় । সেই সময়ত ইয়াৰ নাম আছিল ‘ বুকাৰ মেকক’নেল প্ৰাইজ’। ইংৰাজী ভাষাতে লিখা আৰু গ্ৰেট ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশিত উপন্যাসৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয় । বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যনে গঠন কৰি দিয়া সাতজনীয়া বিচাৰকৰ দলে বুকাৰ বঁটাৰ বাছনি কৰে । ভাৰতৰ পৰা ইতিমধ্যে চাৰিজনকৈ লিখকে এই বঁটা লাভ কৰিছে । তেওঁলোক হ’ল – ১৯৮১ চনত ‘ মিডনাইট চিলড্ৰেনছ ’ উপন্যাসৰ বাবে ‘সলমান ৰুশদি’ , ১৯৯৭ চনত ‘দ্য গড অৱ স্মল থিং’ উপন্যাসৰ বাবে অৰুন্ধতী ৰায় , ২০০৬ চনত ‘দ্য ইনহেৰিটেঞ্চ ল’ছ’ উপন্যাসৰ বাবে কিৰণ দেশায় আৰু ২০০৮ চনত ‘দ্য হুৱাইট টাইগাৰ’ উপন্যাসৰ বাবে অৰবিন্দ আদিগা । কিন্তু এওঁলোক সকলোৱে এই বঁটা লাভ কৰে নিজৰ নিজৰ ইংৰাজী কিতাপৰ বাবে । কিন্তু ২০২২ চনৰ এই বঁটা গীতাঞ্জলি শ্ৰীয়ে লাভ কৰিছিল নিজৰ হিন্দী উপন্যাসৰ বাবে । সঁচাকৈয়ে ই হিন্দী ভাষা আৰু সাহিত্যৰ বাবে আনন্দ আৰু গৰ্বৰ খবৰ আছিল।২০২৫ চনৰ আকৌ এবাৰ এক আনন্দৰ খবৰ কঢ়িয়াই আনিলে দুগৰাকীকৈ ভাৰতীয় লেখিকাই। কাৰণ এইবাৰৰ অৰ্থাৎ ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ সন্মান কঢ়িয়াই আনিলে কানাড়া লেখিকা বানু মুস্তাক আৰু অনুবাদক দীপা ভাস্তিয়ে ।এই বঁটাৰ সৈতে তেওঁলোকে যৌথভাৱে লাভ কৰিব ৫০ হাজাৰ পাউণ্ড অৰ্থাৎ ৬৯ হাজাৰ ডলাৰ , ভাৰতীয় টকা মতে প্ৰায় ৫৬ লাখ টকা । এইবাৰৰ বুকাৰ বঁটাৰ বাবে চুড়ান্ত বাচনিত ‘হাৰ্ট লেম্প’ৰ বাহিৰে বিবেচিত হোৱা গ্ৰন্থকেইখন আছিল – Solvej Balle ৰ দ্বাৰা ৰচিত  On the calculation of volume (Book 1) আৰু গ্ৰন্থখন ডেনীয় (Danish) ভাষাৰ পৰা অনুবাদ কৰিছে Barbara J Haveland ; Vincent Delecroix ৰ দ্বাৰা ৰচিত Small Boat আৰু গ্ৰন্থখন ফৰাচী ভাষাৰ পৰা অনুবাদ কৰিছে Helen Stevenson ; Hiromi Kawakami ৰ দ্বাৰা ৰচিত Under the eye of the Big bird আৰু গ্ৰন্থখন জাপানী ভাষাৰ পৰা অনুবাদ কৰিছে Asa Yoneda; Vincent Latronico ৰ দ্বাৰা ৰচিত perfection আৰু গ্ৰন্থখন ইটালী ভাষাৰ পৰা অনুবাদ কৰিছে Sopie Hughes ; Anne Serre ৰ দ্বাৰা ৰচিত A leopard Skin hat আৰু গ্ৰন্থখন ফৰাচী ভাষাৰ পৰা অনুবাদ কৰিছে Mark Hutchinson এ।

হাৰ্ট লেপ্পত মুঠ ১২ টা চুটি গল্প সন্নিৱিষ্ট কৰা হৈছে। বানু মুস্তাকে এই গল্পবোৰত দক্ষিণ ভাৰতৰ পুৰুষতান্ত্ৰিক মুছলমান সমাজৰ মহিলা আৰু ছোৱালীৰ দৈনন্দিন জীৱন সংগ্ৰামক বন্দী কৰিছে। তেওঁ গল্পবোৰৰ জৰিয়তে মুছলিম মহিলাসকলৰ জটিলতা, জীৱন সংগ্ৰাম আৰু তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক আৰু ধাৰ্মিক পৰিস্থিতিবোৰ সাধাৰণ মানুহৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। ১৯৯০ চনৰ পৰা ২০২৩ চনলৈ কানাড়া ভাষাত লিখা এই গল্পবোৰত মহিলাসকলে তেওঁলোকৰ অধিকাৰৰ বাবে কৰা আপ্ৰাণ যুঁজ আৰু জাতিবাদ আৰু ধাৰ্মিক উৎপীড়নৰ বিৰুদ্ধে কৰা তেওঁলোকৰ বিৰোধ প্ৰতিফলিত হৈছে। হাৰ্ট লেম্পৰ গল্পবোৰ তেওঁৰ ছটা গল্প সংকলনত সন্নিৱিষ্ট প্ৰায় ৫০ টকা গল্পৰ পৰা বাচনি কৰা হৈছে। হাৰ্ট লেম্পত সন্নিৱিষ্ট গল্পবোৰ হ’ল – Stone slabs for Shaista Mahal, Fire rain, Black cobras, A decision of the heart, Red lungi, Heart lamp, High heeled shoe, soft whispers, a taste of heaven, the shroud, the Arabiac teacher and Gobi Manchuri, Bea woman once, oh lord.

বানু মুস্তাকৰ লিখন শৈলী বিভিন্ন ফুলেৰে সজ্জিত হৈ থকা এখন বাগিচাৰ দৰে। য’ত বিভিন্ন ফুল সদৃশ অনুভূতি, ৰসবোধ, সজীৱতা, জীয়া ছবি আৰু কটু সমালোচনাও আছে। তেওঁৰ গল্পৰ চৰিত্ৰবোৰে নিজৰ ভাষাতে কথা কয়। সেয়ে তেওঁৰ গল্পৰ চৰিত্ৰৰ অনুভূতিবোৰে যিকোনো পাঠকক সহজে আকৃষ্ট কৰিব পাৰে। তেওঁৰ চৰিত্ৰবোৰত ভিন্নতা আৰু বিস্তাৰ আছে। তেওঁৰ গল্পৰ চঞ্চল শিশু, সাহসী আইতা, মুৰ্খ মৌলবী, দুষ্ট ভাই, হেবাং পতি আৰু আই আদিৰ দৰে চৰিত্ৰবোৰে জীয়াই থকাৰ বাবে অসাধাৰণ দুখ-কষ্ট সহ্য কৰে, জীৱনৰ বাবে জীৱনৰ সৈতে সংগ্ৰাম কৰে। এই চৰিত্ৰবোৰৰ জৰিয়তে নিজৰ মনৰ ভাববোৰ প্ৰকাশ কৰি লেখিকাই নিজৰ মানৱপ্ৰেমী সত্তাক প্ৰতিফলিত কৰিছে।

হিতেশ ডেকাই তেওঁৰ জনপ্ৰিয় উপন্যাস ‘ভাৰা-ঘৰ’ৰ পাতনিত লিখিছে – “বাস্তৱ অভিজ্ঞতা নাথাকিলে উকা কল্পনাকে লৈ লিখা সাহিত্য সপোন-বুলীয়া হ’লেও হৃদয়গ্ৰাহী হোৱা কঠিন; সেয়েহে লিখকৰ বাস্তৱ অভিজ্ঞতা লিখাৰ ক্ষেত্ৰত অপৰিহাৰ্য। অভিজ্ঞতা যিমানেই পূৰঠ হ’ব, কল্পনা হ’ব তিমানে তীব্ৰ – সৃষ্টি হ’ব তিমানেই প্ৰাণস্পৰ্শী ।” হিতেশ ডেকাৰ এই মূল্যৱান কথাখিনিৰ প্ৰতিফলন আপুনি দেখিবলৈ পাব বানু মুস্তাৰ গল্পবোৰত। কাৰণ বানু মুস্তাকেও নিজৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ সৈতে কল্পনাৰ ৰহণ সানি যি উন্নত মানদণ্ডৰ গল্প ৰচনা কৰিছে, সেইবোৰে যিকোনো মানুহকে আকৃষ্ট কৰিব পাৰে। তেওঁৰ গল্পবোৰত যে তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাবোৰৰ প্ৰতিফলন হৈছে সেয়া আমি তেওঁৰ বাস্তৱ জীৱন সংগ্ৰামৰ পৰা সহজে অনুধাৱন কৰিব পাৰোঁ। বানু মুস্তাকৰ জন্ম ১৯৪৮ চনত কৰ্ণাটকৰ হাছানত এটা মুছলমান পৰিয়ালত হৈছিল। বানু মুস্তাকৰ লগত ছোৱালীবোৰৰ প্ৰায়ভাগেই উৰ্দু ভাষাত কোৰাণ পঢ়িছিল। কিন্তু বানু মুস্তাকৰ দেউতাক এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱা বাবে তেওঁৰ কন্যাক ৮ বছৰ বয়সতে কানাড়া ভাষাৰ মিচনাৰী স্কুলত নামভৰ্তি কৰি দিছিল। ভৰ্তিৰ সময়ত তেওঁক ছয় মাহৰ ভিতৰত কানাড়া ভাষা পঢ়িব আৰু লিখিব পাৰিব লাগিব বুলি চৰ্ত দিয়া হৈছিল। তেওঁ খুব কম দিনৰ ভিতৰতে কানাড়া ভাষা শিকি নিজকে বিদ্যালয়ৰ যোগ্য প্ৰমাণিত কৰে। এই বিদ্যালয়তে বানু মুস্তাকে কানাড়া ভাষাত সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী হৈ উঠে। কলেজত গৈ এই আগ্ৰহ আৰু অধিক প্ৰৱল হয় আৰু গল্প ৰচনা কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ চুটিগল্পবোৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশ হ’বলৈ আৰম্ভ কৰে। ২৬ বছৰ বয়সতে তেওঁ বিবাহ পাশত আৱদ্ধ হয় যদিও বৈবাহিক জীৱন সুখকৰ নহয় । নিজৰ বৈবাহিক জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰি এবাৰ তেওঁ এটা সাক্ষাৎকাৰত কয় – “মই সদায়ে লিখিবলৈ বিচাৰিছিলোঁ, কিন্তু লিখিব পৰা নাছিলোঁ। কাৰণ হঠাতে মোৰ প্ৰেম বিবাহ হৈছিল। মোক বোৰ্খা পিন্ধিবলৈ দিয়া হৈছিল আৰু ঘৰুৱা কাম-কাজত নিজকে উৎসৰ্গা কৰিবলৈ নিৰ্দেশ দিছিল। ২৯ বছৰ বয়সতে মাতৃ হৈ মই হতাশাত ভুগিছিলোঁ।”

তেওঁৰ গল্পবোৰত যে বাস্তৱ অভিজ্ঞতাবোৰৰ সৈতে কল্পনাৰ সংমিশ্ৰণ ঘটিছিল তাক আমি তেওঁৰ গল্পৰ কেইটামান শাৰীৰ জৰিয়তে বুজিবলৈ যত্ন কৰোঁ আহক- “অহো, মই দেখুন পাহৰিয়ে গৈছোঁ। মই আপোনাক মুজাহিদৰ বিষয়ে সকলো ক’ব বিচাৰিছোঁ, হয় নে ? মুজাহিদ মোৰ ঘৰৰ মানুহজন। অহো, এয়া আচৰিত লাগিছেনে। সাধাৰণতে পত্নীসকলেই ঘৰত থাকে, সেয়ে তেওঁলোক ঘৰুৱা হৈ পৰে। হয়তো মুজাহিদ মোৰ অফিচৰ মানুহ। ছিঃ ! মই পুনৰ ভুল কৰিলোঁ। আচলতে অফিচো দেখুন মোৰ নহয় । মই ইয়াক আৰু কেনেকৈ কওঁ। তেন্তে মই ‘গন্দা’ শব্দ ব্যৱহাৰ কৰোঁ? সেয়াও দেখুন বৰ গভীৰ শব্দ, যেনিবা মোৰ বাবে এক ভয়ংকৰ সংকট আহি আছে। কিন্তু কিয় ইমান চিন্তা কৰোঁ? আপুনি হয়তো উপদেশ দিব পাৰে মই ইয়াৰ বাবে ভাল শব্দ ‘পতি’ ৰ ব্যৱহাৰ কৰোঁ, কিন্তু পুনৰ আপোনাৰ ঘৰত আহিবলগীয়া কোনো মহিলাই নকয় যে, ‘এওঁ মোৰ পতি’ – হয়নে ? এই শব্দটো কোনো সাধাৰণ শব্দ নহয়। এয়া এক পুথিগত শব্দ। যদি কোনোবাই ‘পতি’ শব্দটোক কয়, তেন্তে দেৱতাক সাঙোৰাৰ ইচ্ছা হয়, নিজৰ পতিক ভগৱানৰ সৈতে তুলনা কৰা। মই মুজাহিদক ইমান উচ্চ আসন দিবলৈ প্ৰস্তুত নহয়।”

তেওঁ এগৰাকী লেখিকা, অধিবক্তা আৰু মহিলাৰ অধিকাৰৰ বাবে কাম কৰা সমাজকৰ্মী। তেওঁ ১৯৭০ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত এগৰাকী লেখিকা হিচাপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়। জাতি আৰু বৰ্গ ব্যৱস্থাৰ সমালোচনাৰ পৰা জন্ম হোৱা ‘বন্দেয়া সাহিত্য’ আন্দোলনে বহু প্ৰভাৱশালী দলিত আৰু মুছলমান‌ লেখকৰ জন্ম দিয়ে, মুস্তাকো সেই লেখকসকলৰ ভিতৰৰে এজন। বন্দেয়া সাহিত্য আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল কৰ্ণাটকৰ মৌলবাদী চিন্তা আৰু সামাজিক অন্যায় দূৰ কৰা। ২০০০চনত তেওঁ মুছলিম মহিলাসকলক মছজিদত প্ৰৱেশৰ অধিকাৰ দিয়াৰ বাবে যুঁজে । যাৰ ফলত তেওঁক আৰু তেওঁৰ পৰিয়ালক তিনিমাহৰ বাবে ‘সামাজিক বহিষ্কাৰ’ৰ ঘোষণা কৰা হয়। সেই সময়ত তেওঁক বহুবাৰ বহু লোকে প্ৰাণনাশৰ ভয় দেখুৱাই ফোনকলো কৰে । আনকি এজন পুৰুষে এবাৰ তেওঁক হত্যা কৰাৰোঁ প্ৰয়াস কৰে। তেওঁ এতিয়ালৈকে ছখন গল্প সংকলন, এখন উপন্যাস, এখন প্ৰবন্ধ সংকলন আৰু এখন কবিতা পুথি ৰচনা কৰিছে। তেওঁ মূলতঃ কানাড়া ভাষাত লেখা-মেলা কৰে। কানাড়া ভাষাত আগবঢ়োৱা সাহিত্য অৱদানৰ বাবে ইতিমধ্যে তেওঁ কৰ্ণাটক সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে। তদুপৰি তেওঁ ‘ডানা চিন্তামণি অট্ৰিমাবে’ বঁটাৰ লগত কেইবাটাও স্থানীয় আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ২০২৪ চনত মুস্তাকৰ ইংৰাজীলৈ অনুদিত ৫ টকা চুটিগল্পৰ সংকলন ‘হাছিনা এণ্ড আডাৰ ষ্ট’ৰিজ’ এই পেন অনুবাদ বঁটা লাভ কৰিছে। তেওঁ কানাড়া ভাষাৰ উপৰিও হিন্দী, দক্ষিণী উৰ্দু আৰু ইংৰাজী ভাষাও জানে।

আনহাতে দীপা ভাস্তি দক্ষিণ ভাৰতৰ কোডাগুত থাকে। তেওঁ এগৰাকী লেখক আৰু অনুবাদক। তেওঁ লিখা বিভিন্ন স্তম্ভ, প্ৰবন্ধ আৰু সাংস্কৃতিক সমালোচনাৰ বহু লেখা দেশ-বিদেশৰ বহু প্ৰতিষ্ঠিত কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ ইয়াৰ আগতে কোটা শিৱৰাম কাৰান্থৰ এখন উপন্যাস আৰু কোডাগিনা গৌৰাম্মাৰ চুটি গল্পৰ সংকলনক অনুবাদ কৰিছে।

শেষত আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ পিছত বানু মুস্তাকে কোৱা কথাখিনিৰে সামৰিছোঁ – “এই ক্ষণ একে আকাশক পোহৰাই তোলা হাজাৰ হাজাৰ জোনাকী পৰুৱাৰ দৰে লাগিছে, সংক্ষিপ্ত উৎকৃষ্ট আৰু সম্পূৰ্ণৰূপে সামূহিক। এয়া ব্যক্তিগত উপলব্ধিতকৈ বহু উৰ্ধত, এয়া এক নিশ্চতকৰণ যে আমি ব্যক্তিগতভাৱে আৰু এক বৌদ্ধিক সমাজ হিচাপে তেতিয়া সফল হ’ব পাৰিম যেতিয়া আমি বিচিত্ৰতাক গ্ৰহণ কৰিম, নিজৰ মনবিৰোধক উদযাপন কৰিম আৰু এজনে আনজনক উদ্ধাৰ কৰিম। একেলগে মিলি আমি এটা জগতৰে সৃষ্টি কৰোঁ, য’ত সকলোৰে মাত শুনা হয়, সকলো গল্পই সন্মান পায় আৰু সকলো ব্যক্তিৰ মাজত আপোনভাব থাকে।”

ফোন : ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.