পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন

70

মাণিক পাল 

আমেৰিকাৰ বিখ্যাত সাংবাদিক আৰু লেখক বি. চি. ফৰ্বচে কৈছিল – “বুৰঞ্জীয়ে দেখুৱাইছে যে প্ৰায়বোৰ প্ৰসিদ্ধ সফল ব্যক্তিয়ে সাধাৰণতে জয়লাভৰ আগতে অতি বিপদজনক বাধাৰ সন্মুখীন হৈছিল। তেওঁলোকে জয়লাভ কৰিছিল এই কাৰণেই যে পৰাজয়ে তেওঁলোকক নিৰাশ কৰিব পৰা নাছিল।”

বি চি ফৰ্বচৰ কথাখিনি হুবহু ভাৱে প্ৰতিফলিত হৈছিল পৃথিৱীৰ আটাইতকৈ সুখী মানুহ এডি জাকুৰ জীৱন সংগ্ৰামত। কাৰণ সুখী মানুহ হোৱাৰ বাবে তেওঁ অতিক্ৰম কৰিবলগীয়া হৈছিল এক নৰক যন্ত্ৰণাক । যি নৰক যন্ত্ৰণাক অতিক্ৰম কৰি সুখী হোৱাটো এজন সাধাৰণ মানুহৰ বাবে অসম্ভৱ। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিছিল এডি জাকুৱে নিজৰ জীৱনমুখী চিন্তা, মনোভাৱ আৰু মানসিকতাৰে। সেয়ে এইবাৰ মই আইনা জীৱনৰ আলোচনীখনৰ পাঠকসকলৰ বাবে আলোচনা কৰিবলৈ ওলাইছো এডি জাকুৰে এখন বিশ্ব প্ৰসিদ্ধ গ্ৰন্থ ‘পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন’ৰ বিষয়ে। এইখন তেওঁৰ আত্মজীৱনী। যিখন আত্মজীৱনীৰ মূলমন্ত্ৰ হ’ল – ‘জীৱনৰ সংঘাতবোৰক পৰাজিত কৰি কেনেকৈ সুখী হ’ব পাৰি’। তেওঁৰ আত্মজীৱনীয়ে যিকোনো ব্যক্তিক জীৱনমুখী হ’বলৈ শিকাব । মৃত্যুক পৰাজিত কৰি কেনেকৈ জীৱনত আগবাঢ়িব পাৰি তাৰো এক বাস্তৱ ছবি আপুনি তেওঁৰ আত্মজীৱনীত লাভ কৰিব পাৰিব ।

এডি জাকুৰ প্ৰকৃত নাম আছিল – আব্ৰাহম ছলোমন জকুবোৱিকজ (Abraham Salomon Jakubowicz) । তেওঁৰ জন্ম হৈছিল ১৯২০ চনত পূব জাৰ্মানীৰ লিপজিগ (Leipzig) নামৰ নগৰত। তেওঁৰ পিতৃৰ নাম আছিল ইছিডোৰ আৰু মাতৃৰ নাম আছিল লীনা। এডিৰ দেউতাকে নিজকে এজন জাৰ্মান নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰিছিল। তেওঁ পোলেণ্ডৰ পৰা অহা এজন অনুপ্ৰৱেশকাৰী আছিল আৰু জাৰ্মানীত বসতি স্থাপন কৰিছিল। তেওঁ প্ৰথমে পোলেণ্ড এৰি টাইপৰাইটাৰ নিৰ্মাতা কোম্পানী ৰেমিংটনৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এপ্ৰেন্টিছ হৈছিল। যিহেতু তেওঁ জাৰ্মান ভাষা বৰ ভালকৈ জানিছিল আৰু ক’ব পাৰিছিল সেয়ে তেওঁ জাৰ্মান বনিক জাহাজত কাম কৰি থাকোঁতে আমেৰিকাত উপস্থিত হৈছিল। আমেৰিকাত তেওঁৰ ব্যৱসায় বহুত ভালেই চলি আছিল যদিও তেওঁ পৰিয়ালটোক হেৰুৱাবলৈ ধৰিছিল আৰু সেয়ে তেওঁ আন এখন জাৰ্মান বণিক জাহাজত উঠি ইউৰোপলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে আৰু আহি পোৱাৰ লগে লগে প্ৰথম বিশ্বযুদ্ধত আৱদ্ধ হৈ পৰিলে । যিহেতু তেওঁ পোলেণ্ডৰ পাছ প’ৰ্টত যাত্ৰা কৰিছিল, সেয়ে তেওঁক জাৰ্মান চৰকাৰে অবৈধ বিদেশী হিচাপে আৱদ্ধ কৰি ৰাখিছিল। কিন্তু জাৰ্মান চৰকাৰে তেওঁ যে এজন দক্ষ মেকানিক সেই কথা জানিব পাৰিলে আৰু তেওঁৰ গৃহবন্দীক প্ৰত্যাহাৰ কৰি লিপজিগৰ এটা কাৰখানাত কাম কৰিবলৈ অনুমতি দিলে। ইয়াত যুদ্ধৰ বাবে উপযোগী গধুৰ অস্ত্ৰ নিৰ্মাণ কৰা হৈছিল। ইয়াত কাম কৰি থাকোঁতেই তেওঁ লীনা আৰু জাৰ্মানী দুয়োৰে প্ৰেমত পৰে। তেওঁ লিপজিগত এটা কাৰখানা খোলে আৰু লীনাক বিয়া কৰায়। ইয়াৰ পিছতে এডি জাকু আৰু তেওঁৰ ভনীয়েক জোহানাৰ জন্ম হয়।

এডি জাকুৰ দেউতাক এজন দেশপ্ৰমী লোক আছিল। ‌সেয়ে তেওঁ যেতিয়া নিগাজীকৈ জাৰ্মানীত থাকিবলৈ ল’লে তেতিয়া তেওঁ জাৰ্মানীকে নিজৰ দেশ বুলি মনে-প্ৰাণে ভাল পাবলৈ ধৰিলে। এডিৰ সমগ্ৰ পৰিয়ালটোৱে নিজকে সদায় এজন জাৰ্মানী হিচাপে থকা পৰিচয়টোক প্ৰাধান্য দিছিল, তাৰ পাছতহে ইহুদী হিচাপে নিজকে ভাবিছিল। তেওঁলোকৰ মতে ধৰ্মত কৈ বেছি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ আছিল জাৰ্মানৰ এজন সৎ নিষ্ঠাবান নাগৰিক হোৱা। তেওঁলোকে নিজৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক পালন কৰিছিল যদিও তেওঁলোকৰ বাবে সদায় প্ৰথম স্থানত আছিল জাৰ্মানীৰ প্ৰতি থকা প্ৰেম আৰু আনুগত্য। তেওঁলোকে নিজকে জাৰ্মানীৰ নাগৰিক হিচাপে পৰিচয় দি গৰ্ব অনুভৱ কৰিছিল। সুখেৰে জীৱন অতিবাহিত কৰি থকা পৰিয়ালটোৰ ওপৰত হঠাৎ দুখৰ পাহাৰ নামি আহিল । প্ৰথমটো দুখৰ পাহাৰ নামি আহিছিল আৰ্থিক সংকটৰ। যিটো সংকট প্ৰথম বিশ্বযুদ্ধৰ পৰাজয়ৰ পাছত সমগ্ৰ জাৰ্মান দেশৰ ওপৰত পৰিছিল। নাজী দল আৰু হিটলাৰে এই সংকটৰ পৰা জাৰ্মানীক উদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতি দিলে আৰু ১৯৩৩ চনত ক্ষমতাত আহিলে। তেওঁ যেতিয়া ক্ষমতাত আহে তেতিয়া লগত লৈ আহে ইহুদী বিৰোধী ঢৌ । সেই সময়ত এডিৰ বয়স আছিল মাত্ৰ তেৰ বছৰ।

১৯৩৩ চনত এডিয়ে নিজৰ হাই স্কুলীয়া শিক্ষা সমাপ্ত কৰি লাইবনিজ জিমনেজিয়াম (Leibniz Gymnasium) স্কুলত পঢ়িবলৈ আৰম্ভ কৰে। যদি সকলো ঠিকেঠাকে থাকিলেহেঁতেন তেন্তে তেওঁ ১৮ বছৰ বয়সলৈকে তাতেই পঢ়িলেহেঁতেন, কিন্তু এদিন হঠাৎ এটা অঘটন ঘটিল আৰু তেওঁৰ পঢ়াত ব্যাঘাত জন্মিল। কাৰণ ইহুদী হোৱা বাবে তেওঁক স্কুল কৰ্তৃপক্ষই স্কুলৰ পৰা নাম কাটি দিলে। কিন্তু এডিৰ দেউতাকে এই কথাষাৰ মানিব পৰা নাছিল। সেয়ে এডিৰ জেদী দেউতাকে তাৰ শিক্ষাৰ বাবে বিকল্প ব্যৱস্থাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। এডিৰ দেউতাকে ৱাল্টাৰ শ্বলেইফ (Walter Schleif) নামেৰে এডিৰ বাবে ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰিলে আৰু এজন পাৰিবাৰিক বন্ধুৰ সহায়ত লেইপজিগৰ দক্ষিণে থকা টুটলিংগেনৰ (Tuttligen) মেকানিকেল ইঞ্জিনিয়াৰিং কলেজ, জেটাৰ উণ্ড শ্বিয়েৰাৰত (Jeter Und Shearer) এডিৰ নামভৰ্তি কৰোৱায়। এইদৰে ৱাল্টাৰ শ্বলেইফ ছদ্মনামেৰে এডিয়ে নিজৰ পৰিয়ালৰ পৰা পাঁচ বছৰ দূৰত থাকি নিজৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰে। এই পাঁচ বছৰ এডিয়ে বৰ কষ্টৰে এক অকলশৰীয়া জীৱন কটায় । পৰিয়ালৰ সকলো জীয়াই থকাৰ পাছতো এজন অনাথ ছাত্ৰৰ জীৱন কটাবলগীয়া হয়। কাৰণ তেওঁ ইহুদী আছিল আৰু হিটলাৰে ইহুদীসকলৰ শিক্ষাত নিষেধাজ্ঞা প্ৰদান কৰিছিল। সেয়ে তেওঁ ৱাল্টৰ শ্বলেইফ নামৰ এজন অইহুদী অনাথৰ ছদ্মনাম ধাৰণ কৰিবলগীয়া হৈছিল, নিজৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ।

ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পাছত এডিয়ে যেতিয়া ১৯৩৮ চনৰ ৯ নৱেম্বৰত ঘৰলৈ উভতি আহে তেতিয়া তেওঁ ঘৰত কাকো লগ নাপায় কাৰণ তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে নাজী বাহিনীৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মগোপন কৰে। তেওঁ যেতিয়া ঘৰলৈ যায় তেতিয়া তেওঁক ধৰি কিছুমান লোকে বৰ বেয়াকৈ মাৰ-ধৰ কৰে আৰু বাহুত স্বস্তিকাৰ চিহ্ন আঁকি দিয়ে। তাৰ পিছত তেওঁক ঘৰৰ পৰা টানি চোঁচৰাই বাহিৰলৈ লৈ আহে আৰু তেওঁৰ সন্মুখতে তেওঁলোকৰ ঘৰটোক ধ্বংস কৰে। এইদৰে এডিয়ে ইহুদী হোৱাৰ এক যন্ত্ৰণাময় জীৱন যাত্ৰাৰ পাতনি মেলে। এই ঘটনাৰ পাছতে এডিয়ে সন্মান, স্বাধীনতা আৰু মানৱতাৰ প্ৰতি থকা নিজৰ বিশ্বাসক হেৰুৱাই পেলায়। এডিয়ে সেই সকলোবোৰ বস্তু চকুৰ সন্মুখতে হেৰুৱাই পেলায় যিবোৰৰ বাবে তেওঁ জীয়াই আছিল। আচলতে সেই দিনাখন লিপজিগৰ সকলো ইহুদী লোকৰ ওপৰত অত্যাচাৰ কৰি ঘৰ-দুৱাৰ ভাঙি দিয়া হৈছিল। কেৱল নাজী সৈন্যই এই অত্যাচাৰ চলোৱা নাছিল, সাধাৰণ নাগৰিকেও ইহুদীসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। এডিৰ বাবে আটাইতকৈ দুখলগা কথাটো আছিল তেওঁৰ ঘৰৰ ওচৰত থকা বন্ধু আৰু চুবুৰীয়া লোকসকলো এই অত্যাচাৰত লিপ্ত আছিল। হিটলাৰৰ নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত ৯ আৰু ১০ নৱেম্বৰত (১৯৩৮ চনত) চলোৱা অত্যাচাৰক ক্ৰিষ্টালনাচট (Kristallnacht) বুলি কোৱা হয়। শেষত লোকসকলে এডিক এটা ট্ৰাকৰ ভিতৰত ভৰাই দিয়ে

সেই ট্ৰাকেৰে আন ইহুদীলোকৰ সৈতে এডিকো লৈ যোৱা হয় বুচেনৱাল্ডৰ নিৰ্যাতন শিবিৰলৈ (Concentration camp)। ইয়াৰ পৰাই এডিৰ জীৱনত আৰম্ভ হয় শিবিৰৰ ভিতৰত চলা এক কষ্টকৰ জীৱন। আনহাতে এডিৰ পিতৃ-মাতৃয়ে ক্ৰিষ্টালনাচটৰ ঘটনাৰ পিছত লিপজিগত উভতি আহে আৰু ধৈৰ্য সহকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ অপেক্ষা কৰে। ইফালে পাঁচ মাহ পাছত এডিক এটা কাৰাগাৰত কাম কৰাৰ বাবে নিৰ্যাতন শিবিৰৰ পৰা মুকুলি কৰি দিয়া হয়। তেতিয়া এডিৰ দেউতাকে এডিক শিবিৰৰ পৰা লৈ গৈ জাৰ্মান সীমা পাৰ কৰি বেলজিয়ামলৈ পলায়ন কৰে। বেলজিয়ামত যোৱাৰ পিছত বেলজিয়ামৰ পুলিচে আকৌ ইহুদী হোৱাৰ বাবে নহয়, জাৰ্মান শৰণাৰ্থী হোৱা বাবে তেওঁক আটক কৰে। বেলজিয়াম চৰকাৰক আবেদন কৰাৰ পিছত তেওঁক বেলজিয়াম চৰকাৰে এক পৰিচয় পত্ৰ প্ৰদান কৰি এৰি দিয়ে। ইয়াত তেওঁ প্ৰায় এবছৰ অৰ্থাৎ ১৯৪০ চনৰ ১০ মে’ পৰ্যন্ত থাকে। তাৰ পিছত জাৰ্মানীয়ে যেতিয়া বেলজিয়ামৰ ওপৰত আক্ৰমণ কৰে তেতিয়া তেওঁ ফ্ৰান্সলৈ গুচি যায়। ফ্ৰান্সত তেওঁ প্ৰায় ১১ মাহ থাকে। তাৰ পিছত তেওঁক ফ্ৰান্সৰ লিয়োনত (Lyon) গ্ৰেপ্তাৰ কৰা হয় আৰু গুৰ্ছ (Gurs) নিৰ্যাতন শিবিৰত পঠিয়াই দিয়া হয় । তাত সাত মাহ থকাৰ পিছত ভিচি ফ্ৰান্সে ( Collaboration Head of state) ইহুদীসকলৰ নিৰ্বাসন আৰম্ভ কৰে। তাৰ পৰা আন ইহুদীসকলৰ সৈতে এডিক আউচৱিটজত (Auschwitz) যোৱা ট্ৰেইনত ভৰাই দিয়া হয়। এই ট্ৰেইনৰ পৰা এডিয়ে আন আঠজন কয়েদীৰ সৈতে নিজৰ প্ৰাণক সংকটত পেলাই পলাবলৈ সক্ষম হয়। ইয়াৰ পৰা পলাই তেওঁ পুনৰ বেলজিয়ামলৈ যায়। য’ত তেওঁ নিজৰ পৰিয়াল অৰ্থাৎ পিতৃ-মাতৃ আৰু ভনীয়েকক লগ পায়। তেওঁলোকৰ লগত তেওঁলোকৰ দুই মাহীয়েকো দুমাহ সময় ধৰি থাকিছিল। কিন্তু এদিন যেতিয়া মাহীয়েক দুজনীয়ে ব্ৰেছল্ছত থকা পুৰণি ঘৰখনলৈ গৈছিল তেতিয়া তেওঁলোকক হিটলাৰৰ নাজী বাহিনীয়ে গেছ চেম্বাৰত ভৰাই মাৰি পেলাইছিল।

১৯৪৩ চনৰ অক্টোবৰত এডিক পৰিয়ালৰ সৈতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু আউচৱিটজৰ নিৰ্যাতন শিবিৰলৈ পঠিওৱা হয়। ইয়াতেই তেওঁৰ পিতৃ-মাতৃক গেছ চেম্বাৰত ভৰাই হত্যা কৰা হয়। কিন্তু এডিয়ে নিজৰ ইঞ্জিনিয়াৰিঙৰ দক্ষতাৰ বাবে বাচি যায়। আউচৱিটজৰ নিৰ্যাতন শিবিৰ আছিল এক জীৱন্ত দুঃস্বপ্ন, অকল্পনীয় ভয়াৱহ এক স্থান। য’ত জীৱনৰ মূল্য আছিল শূন্য, মানৱ আৰু মানৱতা আছিল অৰ্থহীন। নাজী বাহিনীৰ পাশৱিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি বহু লোকে আত্মহত্যাও কৰিছিল। যি ইচ্ছা এডিৰ মনতো জাগিছিল। কিন্তু কাৰ্টৰ (Kurt) বন্ধুত্বই তেওঁক জীয়াবলৈ শিকাইছিল। এই শিবিৰৰ পৰাও এডিয়ে পলাবলৈ সক্ষম হৈছিল যদিও এজন পোলিছ (Polish) কৃষকৰ গুলি খাই পুনৰ শিবিৰলৈ উভতি আহিবলৈ বাধ্য হয়। ১৯৪৫ চনত যেতিয়া ছোভিয়েট সৈন্য বাহিনী আউচৱিটজৰ নিৰ্যাতন শিবিৰ অভিমুখে আগবাঢ়ি আহিছিল তেতিয়া শিবিৰক খালী কৰোৱা হৈছিল। হাজাৰ হাজাৰ বন্দী ইহুদীক খাদ্য আৰু পানীৰ অবিহনেই দিন-ৰাতি খোজ কাঢ়িবলৈ বাধ্য কৰোৱা হৈছিল। এইবোৰ আছিল মৃত্যুৰ সমদল । এডিয়ে এই মৃত্যু সমদলৰ পৰাও নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁক সৰু শিবিৰ এটাৰ কাৰখানাত কাম কৰিবলৈ পঠিওৱা হৈছিল। য’ত এডিক ২০০ টা মেচিনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। এই কাৰখানাতেই তেওঁ তেওঁৰ ভনী জোহানাক লগ পায়। এই শিবিৰটোও যেতিয়া নাজী বাহিনীয়ে খালী কৰিবলৈ বাধ্য হয় তেতিয়া এডিয়ে পলাবলৈ সক্ষম হয় আৰু হাবিৰ এটা গুহাত প্ৰায় দুমাহ সময় আবদ্ধ হৈ থাকে। য’ত তেওঁ জীয়াই থাকিবলৈ শামুক পৰ্যন্ত খাইছিল। তাত নিজৰাৰ বিষাক্ত পানী খাই তেওঁ বৰ বেয়াকৈ অসুস্থ হৈ পৰিছিল যদিও কষ্ট কৰি মাটিৰ সহায়ত চোঁচৰি-চোঁচৰি হাইৰোডত আহিবলৈ সক্ষম হৈছিল। য’ৰ পৰা এজন আমেৰিকান সৈন্যই তেওঁক ১৯৪৫ চনত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাৰণ সেই সময়ত যুদ্ধ সমাপ্ত হৈ পৰিছিল। এডিয়ে সুস্থ হৈ বেলজিয়ামলৈ উভতি আহে। বেলজিয়ামত তেওঁ ফ্লোৰ মোলহো (Flore Molho) নামৰ মহিলাৰ প্ৰেমত পৰে আৰু বিয়া কৰোৱায়। অৱশেষত তেওঁলোকে ১৯৫০ চনত বেলজিয়ামৰ পৰা অষ্ট্ৰেলিয়ালৈ গুচি আহে। এইদৰে এডিয়ে মৃত্যুক পৰাজিত কৰি জীয়াই থাকিবলৈ সক্ষম হয়।

অষ্ট্ৰেলিয়াত এডি জাকুৱে নিজৰ পৰিয়ালৰ সৈতে সুখেৰে জীৱন কটাই আছিল। নিৰ্যাতন শিবিৰত তেওঁ যিবোৰ কষ্টকৰ দিন কটাইছিল তাৰ পিছত অষ্ট্ৰেলিয়াৰ এই দিনবোৰ তেওঁৰ বাবে স্বৰ্গত কৈ কোনো গুণে কম নাছিল। এডিৰ ল’ৰাবোৰ ডাঙৰ হৈ গৈছিল, তেওঁলোকৰো সন্তান জন্ম হৈছিল। এডি বৰ সুখত আছিল যদিও ভিতৰত ক’ৰবাত এটা দুখৰ ছাঁ বিৰাজমান আছিল। কাৰণ তেওঁৰ পিতৃক যেতিয়া হত্যা কৰা হৈছিল, তেতিয়া এডিৰ বয়স আছিল মাত্ৰ ১২ বছৰ । আমি ইমানবোৰ দুখ কিয় সহ্য কৰিবলগীয়া হ’ল ? কেৱল এজন ব্যক্তিৰ ক্ষমতাৰ বাবে, বিনা কাৰণত । সেই ষাঠি লাখ ইহুদী যিসকলৰ প্ৰতিভাৰ কোনো অভাৱ নাছিল তেওঁলোকক বিনা কাৰণতে হত্যা কৰা হ’ল । কেৱল এজন ব্যক্তিৰ কথাতে নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলালে।

ইয়াৰ পিছতে এডি জাকুৱে নিজৰ জীৱনৰ অভিজ্ঞতাক লৈ জীৱনমুখী বক্তৃতাৰ জৰিয়তে সাধাৰণ মানুহক জীৱনৰ মূল্য শিকাবলৈ আৰম্ভ কৰিলে। এডিয়ে জীৱনৰ অন্তিম সময়ত অনুভৱ কৰিলে যে হিংসা হ’ল যিকোনো ৰোগৰ আৰম্ভণি যেনে কেঞ্চাৰ। যিটোৱে আপোনাৰ শত্ৰুক মাৰিব পাৰে, কিন্তু এই প্ৰক্ৰিয়াত আপুনি নিজেও ধ্বংস হৈ যাব । নিজৰ দুৰ্ভাগ্য আৰু বিফলতাৰ বাবে আনক দোষ নিদিব। কোনেও কোৱা নাই যে জীৱন সৰল, কিন্তু যদি আপুনি জীৱনক ভাল পায়, তেন্তে ই সৰল হ’ব পাৰে। যদি আপুনি আপোনাৰ জীৱনক ঘৃণা কৰে তেন্তে জীয়াই থকা অসম্ভৱ হৈ পৰে। সেয়ে এডিয়ে সদায় উদাৰ হ’বলৈ যত্ন কৰিছিল আৰু পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হৈ পৰিছিল। যি সুখে তেওঁক ১০১ বছৰ জীয়াই থাকিবলৈ শক্তি দিছিল। কাৰণ এডিয়ে ১০১ বছৰ বয়সত অৰ্থাৎ ২০২১ চনৰ ১২ অক্টোবৰত অন্তিম নিশ্বাস ত্যাগ কৰে।

মুঠতে এডিৰ জীৱন সংগ্ৰামে আপোনাক দুখক পৰাজিত কৰি সুখী হ’বলৈ উদ্বুদ্ধ কৰিব।

ফোন :  ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.