ইনাৰ ইঞ্জিনিয়াৰিং

মাণিক পাল

“যেতিয়া মই এজন মানুহ আছিলোঁ
মই এটা পাহাৰত উঠিছিলোঁ
কাৰণ মোৰ হাতত অতিবাহিত কৰিবলৈ সময় আছিল
কিন্তু মই সকলো হেৰুৱালোঁ
যিবোৰ বস্তু মই আৰু মোৰ আছিল
মই আৰু মোৰ যোৱাৰ পিছত
মোৰ সকলো সংকল্প আৰু দক্ষতা হেৰুৱাইছিলোঁ
এতিয়া মই খালী পাত্ৰৰ সমান
ঐশ্বৰিক ইচ্ছাৰ দাস
আৰু অসীম দক্ষতাৰ

মাইছোৰ (Mysore) চহৰত এটা প্ৰচলন আছিল। যদি আপোনাৰ হাতত কৰিবলৈ কাম থাকে তেন্তে চামুণ্ডি পাহাৰত যাওক আৰু যদি কৰিবলৈ কোনো কাম নাই তেন্তেও আপুনি চামুণ্ডি পাহাৰলৈ যাওক। যদি আপুনি কাৰোবাৰ প্ৰেমত পৰিছে তেন্তে চামুণ্ডি পাহাৰত যাওক আৰু যদি আপুনি প্ৰেমত প্ৰতাৰিত হৈছে তেন্তে চামুণ্ডি পাহাৰলৈ যে যাৱ সেয়াও নিশ্চিত।

এদিন আবেলি মোৰ হাততো কৰিবলৈ একো কাম নাছিল আৰু অলপতে ময়ো প্ৰেমত প্ৰতাৰিত হৈছিলোঁ, সেয়ে ময়ো চামুণ্ডি পাহাৰলৈ গ’লো আৰু এটা ডাঙৰ শিলত বহি পৰিলোঁ। সেই শিলটো আছিল মোৰ ‘ধ্যান কৰা শিল’। সেই শিলত বহিয়ে সমগ্ৰ চহৰখনৰ মনোৰম দৃশ্যবোৰ চাব পাৰি। সেই সময়ত মোৰ শৰীৰ আৰু মনৰ দুয়ো ‘মই’ হৈ গৈছিল আৰু সমগ্ৰ পৃথিৱীখন মোৰ ‘বাহিৰৰ’ জগত হৈ পৰিছিল। কিন্তু হঠাৎ মই পাহৰি গ’লো মই কি আছিলোঁ আৰু কি নাছিলোঁ। মই যি বায়ু সেৱন কৰি আছিলোঁ আৰু যি শিলত বহি আছিলোঁ সকলো ‘মই’ হৈ গৈছিল। তাত থকা সকলো বস্তুৱে মই হৈ গৈছিল। মই সচেতন হৈও চেতন নাছিলোঁ। বস্তুৰ পাৰ্থক্য জানিব পৰা ইন্দ্ৰীয় প্ৰকৃতি হেৰুৱাই পেলাইছিলোঁ । মুঠতে যি হৈ আছিল সেয়া অৱৰ্ণনীয়। মোৰ ‘মই’ সকলো ঠাইতে বিস্তৃত হৈ পৰিছিল। যেতিয়া মোৰ চেতনা উভতি আহিছিল ভাবিছিলোঁ হয়তো মাত্ৰ দহ মিনিট সময় অতিবাহিত হৈছে। কিন্তু ঘড়ীটো চাই দেখিলোঁ সন্ধিয়া সাত বাজি গৈছিল অৰ্থাৎ তেনেকৈ বহি থাকিয়ে চাৰে চাৰি ঘণ্টা সময় অতিবাহিত হৈছিল। চকু খুলি দেখিলোঁ আন্ধাৰ হৈ গৈছিল। সেই সময়ত মোৰ বয়স আছিল ২৫ বছৰ।

মোৰ জন্ম হৈছিল মাইছোৰত। মোৰ দেউতা এজন চিকিৎসক আৰু মা গৃহিণী আছিল। পাঁচ ভাই-ভনীৰ ভিতৰত মই আটাইতকৈ সৰু। স্কুলত মই বিৰক্ত হৈ পৰিছিলো আৰু মোৰ বাবে শ্ৰেণী কক্ষত বহি থকা অসম্ভৱ আছিল। কাৰণ শিক্ষকসকলে যি শিকাইছিল সেইবোৰ তেওঁলোকৰ জীৱনৰ বাবেই মূল্যহীন আছিল। যেতিয়া মোৰ বয়স চাৰি বছৰ আছিল তেতিয়া আয়াই মোক স্কুলৰ গেইটৰ সন্মুখত এৰি দিলেই মই স্কুলত নগৈ দৌৰি ওচৰতে থকা গিৰিখাতত গৈছিলোঁ, য’ত অসংখ্য জীৱন অৰ্থাৎ জীৱ জীয়াই আছিল। মই দেউতাৰ ঔষধৰ খালী বটলবোৰত বিভিন্ন ধৰণৰ পোক-পৰুৱা, ভেকুলী আৰু সাপ আদি একত্ৰিত কৰিবলৈ ধৰিলোঁ । কেইমাহ মান পিছত যেতিয়া মা ঔষধ-দেউতাই জানিলে যে মই স্কুল নগৈ বাহিৰত টলৌ-টলৌ কৈ ঘূৰি ফুৰো তেতিয়া তেওঁলোকে মোৰ ওপৰত বৰ খং কৰিলে।

পিছৰ বৰ্ষবোৰত মই হাবি-বনত ঘূৰি, সাপ, মাছ ধৰি আৰু পাহাৰৰ গছবোৰত উঠি সময় অতিবাহিত কৰিবলৈ ধৰিলোঁ । মাজে মাজেই মই পাহাৰত থকা গছৰ হেলনীয়া ডালত শুই পৰিছিলোঁ। কেতিয়াবা ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৪.৩০ টালৈকে গছৰ ডালতে শুই আছিলোঁ। পিছলৈ গৈ হে অনুভৱ কৰিলোঁ যে মই মোৰ অজানিতে ধ্যান কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ইয়াৰ পিছতে মই মোৰ চাইকেলেৰে সদায় প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰিবলৈ আৰম্ভ কৰোঁ আৰু চাৰিওফালৰ প্ৰাকৃতিক বুজিবলৈ যত্ন কৰোঁ। সেই সময়ত মোৰ মন-মস্তিষ্কত হাজাৰ হাজাৰ প্ৰশ্নই আহি খুন্দিয়াইছিল যদিও মই নিজকে সেই প্ৰশ্নবোৰৰ সমাধান বিচাৰি হেৰুৱাই পেলোৱা নাছিলোঁ। অতি সোনকালেই মই বুজি পালোঁ যে মই কোনো বস্তুৰ বিষয়ে একো নাজানো। ফলত যি বস্তুৱে মোৰ সমুখত আহিছিল তাকে চাই ধ্যান মগ্ন হৈ পৰিছিলোঁ কেতিয়াবা গোটেই ৰাতি আন্ধাৰত বহি ধ্যানমগ্ন হৈ আন্ধাৰকে চাই থাকিছিলোঁ। দেউতাই এজন চিকিৎসক হিচাপে ভাবিছিল যে মোৰ নিশ্চয় মনোবৈজ্ঞানিক পৰীক্ষাৰ প্ৰয়োজন।

এই ঘটনাবোৰৰ মাজতে সদায় মই এটা বস্তু নিয়মীয়াভাৱে কৰি গৈছিলো সেয়া হ’ল যোগ অভ্যাস। ১২ বছৰ বয়সত মোৰ যোগ অভ্যাস আৰম্ভ হয় । প্ৰতি বছৰে গৰমৰ বন্ধত ককাকৰ পৈত্ৰিক ঘৰত মই আৰু মোৰ সকলো ভাই-ভনী (খুৰা আৰু জেঠাৰ ল’ৰা-ছোৱালী) একত্ৰিত হওঁ । এই ঘৰৰ পিছফালে ১৫০ ফুট গভীৰ এটা কুঁৱা আছিল। যেতিয়া ভন্টিহঁতে লুকা-ভাকু খেলিছিল তেতিয়া আমি ভাইহঁতে এই কুঁৱাত নমা-উঠা খেলিছিলোঁ । কুঁৱাত নমা আৰু উঠা দুয়োটাই প্ৰত্যাহ্বানপূৰ্ণ আছিল। এদিন ৭০ বছৰীয়া বৃদ্ধ ব্যক্তি এজন সেই কুঁৱাৰ ওচৰত আহে আৰু তাত জপিয়াই পৰে। তেওঁ মোতকৈও তিব্ৰ গতিত কুঁৱাৰ পৰা উঠি আহে। মই তেওঁক সুধিলোঁ , “আপুনি এয়া কেনেকৈ কৰিলে?” তেওঁ উত্তৰ দিলে, “বোলা যোগ শিকোঁ”। মই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰোঁ আৰু এইদৰে মল্লাডি হল্লী স্বামীৰ শিষ্য হওঁ। প্ৰথম অৱস্থাত ৰাতিপুৱা উঠাটো এটা কষ্টকৰ কাম আছিল। কিন্তু যোগ আৰম্ভ কৰাৰ তিনি মাহ পিছত ৰাতিপুৱা ৩.৩০ মিনিটত উঠাটো মোৰ বাবে এক সাধাৰণ কাম হৈ পৰে।

আনুষ্ঠানিক শিক্ষাৰ প্ৰতি মোৰ বিশেষ কোনো আকৰ্ষণ নাছিল। সেয়ে হাই স্কুলীয়া শিক্ষা শেষ কৰি মাইছোৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত নিজে নিজৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰোঁ। সেয়ে সদায় ৰাতিপুৱা ৯ বজাত পুথিভঁৰালত প্ৰৱেশ কৰি ৰাতি ৮.৩০ মিনিটত আটাইতকৈ শেষত ওলাই আহোঁ । এই সময়ছোৱাত মই আটাইতকৈ অধিক কিতাপ পঢ়ো আৰু এবছৰ দিনৰ খাদ্য গ্ৰহণ নকৰোঁ। কাৰণ সেই সময়ছোৱাত কিতাপে মোৰ জীৱন হৈ পৰে। সেই সময়ত মই হোমাৰৰ পৰা জনপ্ৰিয় মেকানিক্স, কাফাকাৰ পৰা কালিদাস, ডান্টেৰ পৰা ডেনিছ দ্য মেনক সকলো ধৰণৰ কিতাপ পঢ়োঁ।

কিন্তু শেষত মোৰ মাকৰ চকুপানীয়ে পুনৰ বাধ্য কৰে মাইছোৰ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য পঢ়িবলৈ। বিশ্ববিদ্যালয়ৰ শিক্ষা পূৰ্ণ হোৱাৰ আগতেই মই সমগ্ৰ দেশ ভ্ৰমণ কৰোঁ। এই সময়তে মোৰ মনত উদয় হোৱা কিবা এটা কাম কৰাৰ ইচ্ছা, যাতে ঘূৰি ফুৰাৰ ধন উপাৰ্জন কৰিব পাৰোঁ। সেয়ে মই কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰোঁ। কিন্তু মোৰ দেউতাই এই কামটোক পছন্দ নকৰে। কিন্তু মই মোৰ চেষ্টাৰে কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰোঁ আৰু বহু টকা লাভো কৰোঁ। মই সদায় ৰাতিপুৱা চাৰি ঘণ্টা নিজৰ কামটোত অতিবাহিত কৰোঁ আৰু বাকী সময় পঢ়া, কবিতা লিখা, ধ্যান কৰা, গছৰ ডালত উঠি শুই থকা আদি কামত অতিবাহিত কৰোঁ। ইয়াৰ পিছত দেউতাৰ আপত্তিৰ বাবে কুকুৰা পালনৰ ব্যৱসায় এৰি ইঞ্জিনিয়াৰ বন্ধু এজনৰ লগত মিলি ভৱন নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰোঁ। পাঁচ বছৰৰ ভিতৰত আমাৰ ব্যৱসায়ে মাইছোৰৰ বিখ্যাত কনষ্ট্ৰাকচন কোম্পানীত ৰূপান্তৰিত হয়। ইয়াৰ পিছতে ১৯৮২ চনৰ ডিচেম্বৰত অৰ্থাৎ ২৫ বছৰ বয়সত পাহাৰত সংঘটিত হোৱা ঘটনাটো ঘটে।

পিছত পাহাৰত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে যেতিয়া মই মোৰ বন্ধুসকলক ক’লো তেতিয়া তেওঁলোকে কয়, “পাগল হৈছা নেকি?” “তুমি কোনো নিচা কৰিছা নেকি?” ইয়াৰ পিছতে পাহাৰত সংঘটিত হোৱা ঘটনাটো মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰে অৰ্থাৎ ধ্যান মগ্ন হৈ সময়ৰ হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাটো মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰে। এদিন এই অনুভৱ ১৩ দিনলৈকে চলে। মোৰ লগত হৈ থকা ঘটনাবোৰ যে আধ্যাত্মিক আছিল সেয়া বুজিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। মই অনুভৱ কৰিলোঁ যে মোৰ শৰীৰত হোৱা পৰিৱৰ্তন আচলতে মই মোৰ সম্পূৰ্ণ আন্তৰিক সংৰচনাৰ পুনৰ গঠন আছিল। মই ১২ বছৰ বয়সৰ পৰাই ‘হাঠ যোগৰ’ (Hatha Yoga) অভ্যাস কৰি আহিছোঁ। ১৩ বছৰ বয়স ধৰি কৰি থকা যোগৰ প্ৰভাৱ মোৰ শৰীৰত ২৫ বছৰ বয়সত হ’বলৈ ধৰে। যোগ হ’ল আচলতে শৰীৰ পুনৰ নিৰ্মাণৰ এটা প্ৰক্ৰিয়া। যাতে আপুনি ডাঙৰ লক্ষ্য প্ৰাপ্তি কৰিব পাৰে। এইদৰে যোগৰ মাধ্যমেৰে মই মোৰ জীৱনৰ উদ্দেশ্য লাভ কৰোঁ ‘ইনাৰ ইঞ্জিনিয়াৰিঙৰ’ জৰিয়তে আৰু এই ‘ইনাৰ ইঞ্জিনিয়াৰিঙ’ প্ৰক্ৰিয়াক আনৰ মাজত বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ”।

এইদৰে ভাৰতৰ জনপ্ৰিয় ধৰ্মগুৰু আৰু লেখক ‘সদগুৰু জাগ্গী বাসুদেৱে’ নিজৰ ব্যক্তিগত জীৱনত লাভ কৰা ‘ইনাৰ ইঞ্জিনিয়াৰিঙ’ৰ প্ৰক্ৰিয়াৰ বৰ্ণনাৰে আৰম্ভ কৰিছে ‘ইনাৰ ইঞ্জিনিয়াৰিঙ’ গ্ৰন্থখন । যিখন গ্ৰন্থই সমগ্ৰ বিশ্বতে চাঞ্চল্য সৃষ্টি কৰি ‘নিউ ইয়ৰ্ক টাইমছৰ’ ৱেষ্টছেলাৰ কিতাপ হিচাপে পৰিগণিত হৈছে। লেখকে গ্ৰন্থখন দুটা খণ্ডত বিভক্ত কৰিছে। প্ৰথম খণ্ডটোত যোগ অভ্যাসৰ ৰাস্তা বা পথ প্ৰস্তুত কৰা হৈছে আৰু দ্বিতীয় খণ্ডটোত সেই পথত কেনেকৈ চলিব তাৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম খণ্ডত কিছুমান মৌলিক অন্তৰ্দৃষ্টিক বিশ্লেষণ কৰিবলৈ যত্ন কৰা হৈছে যাতে দ্বিতীয় খণ্ডত ইয়াৰ আধাৰ প্ৰস্তুত কৰা যায়। যি আধাৰৰ ওপৰত অভ্যাস ঘৰ এটা প্ৰস্তুত কৰা যায়। এই অন্তৰ্দৃষ্টি কোনো সিদ্ধান্ত বা উপদেশ নহয় বৰং লেখকৰ ব্যক্তিগত জীৱন অভ্যাসৰ পৰা জন্মা এক বীজহে।

আপোনাৰ সকলো সমস্যাৰ সমাধান আপোনাৰ মাজতে আছে। আমি সাধাৰণতে যিমানবোৰ কাম কৰোঁ তাৰ অন্তৰালত নিহিত হৈ থাকে এটাই কাৰণ সেয়া হ’ল আমি কেনেকৈ সুখ বা আনন্দত থাকিব পাৰোঁ। কিন্তু এই সুখী হোৱাৰ যাত্ৰাত আমি সদায়ে সমস্যাত পাৰোঁ। কাৰণ আমি সদায় সুখ বিচাৰি ফুৰোঁ বাহিৰৰ জগতত, নিজৰ মাজত নহয়। প্ৰকৃততে সুখ বা আনন্দৰ বীজ সদায় নিজৰ মাজতে অংকুৰিত হয় বাহিৰৰ জগতত নহয়। যদি আপোনাৰ শৰীৰে সুখী অনুভৱ কৰে তেন্তে তাক স্বাস্থ্য কোৱা হয়। যদি আপোনাৰ মন সুখী হয় তেন্তে তাক শান্তি বুলি কোৱা হয়। যদি আপোনাৰ আৱেগ সুখী হয় তেন্তে তাক প্ৰেম বুলি কোৱা হয়। যদি আপোনাৰ আৱেগ বহুত বেছি সুখী হয় তেন্তে তাক কৰুণা বা সমবেদনা বুলি কোৱা হয়। যদি আপোনাৰ জীৱনৰ শক্তি সুখী হয় তেন্তে তাক আশীৰ্বাদ বুলি কোৱা হয়। যদি আপোনাৰ জীৱনৰ শক্তি বহু বেছি সুখী হয় তেন্তে তাক পৰমানন্দ বুলি কোৱা হয়। যিটো আপুনি সদায় বিচাৰি থাকে আপোনাৰ ভিতৰ আৰু বাহিৰত। যদি মধুৰতা বা সুখ আপোনাৰ ভিতৰত থাকে তেন্তে তাক শান্তি, আনন্দ, ৰং বুলি কোৱা হয়। আনহাতে যদি আপুনি সুখ আপোনাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বিচাৰে তেন্তে তাক সফলতাৰ নাম দিয়া হয়। যদি আপুনি নিজৰ ভিতৰৰ পৰা সুখী হয় তেন্তে কোনো বাধাই আপোনাক অসুখী কৰিব নোৱাৰে।

লেখকৰ মতে আমি নিজে নিজৰ ভাগ্য বিধাতা। মানুহ হোৱাৰ অৰ্থই হ’ল আপুনি যি পৰিস্থিতিত বাস কৰিছে তাক যেনেকৈ বিচাৰে তেনেকৈ গঢ়ি তুলিব পাৰে। কিন্তু আপুনি এই কামটো তেতিয়াহে কৰিব পাৰিব যেতিয়া আপুনি নিজক ভালকৈ জানিব। আপুনি অজানিতে নিজেই নিজৰ ভাগ্য লিখে। যদি আপুনি আপোনাৰ ভৌতিক শৰীৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে তেন্তে আপোনাৰ ১৫-২০ শতাংশ জীৱন আৰু ভাগ্য নিজৰ হাতৰ মুঠিতে থাকিব। যদি আপুনি আপোনাৰ মন বা মস্তিষ্কৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে তেন্তে আপোনাৰ ৫০-৬০ শতাংশ জীৱন আৰু ভাগ্য আপোনাৰ হাতৰ মুঠিত থাকিব। যদি আপুনি আপোনাৰ জীৱন শক্তিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে তেন্তে আপোনাৰ ১০০ শতাংশ জীৱন আৰু ভাগ্য আপোনাৰ হাতৰ মুঠিত থাকিব।

লেখকৰ মতে যোগ কোনো অভ্যাস নহয়, কোনো ব্যায়াম নহয় বা কোনো কৌশলো নহয়, বৰং যোগ হ’ল এনে এক বিজ্ঞান যি বিজ্ঞানে আপোনাক ভিতৰৰ পৰা তেনেকৈ গঢ়ি তুলিব যেনেকুৱা আপুনি নিজে বিচাৰে। যেতিয়া আপুনি নিজক এনেকৈ গঢ়ি তোলে, য’ত আপোনাৰ ভিতৰৰ সকলো বস্তুৱে বৰ সুন্দৰকৈ কাম কৰে, তেতিয়া আপোনাৰ সৰ্বশ্ৰেষ্ঠ ক্ষমতা স্বাভাৱিক ৰূপতে প্ৰকট হ’বলৈ আৰম্ভ কৰে। যোগে আপোনাৰ শৰীৰ, মন আৰু শক্তিৰ স্তৰত সুখী কৰাতকৈও গভীৰ স্তৰত কাম কৰে। যোগৰ শব্দগত অৰ্থ হ’ল ‘মিলন’। অৰ্থাৎ যেতিয়া আপুনি যোগ কৰে তেতিয়া আপোনাৰ অনুভৱত সকলো এক হৈ যায়। এয়াই হ’ল যোগ বিজ্ঞানৰ সাৰাংশ।

কিতাপখনৰ দ্বিতীয় খণ্ডটো আৰু অধিক গুৰুত্বপূৰ্ণ। এই খণ্ডটোৱে আপোনাক মানুহৰ পৰিচয়ৰ তিনিটা মূল কোষ- অন্নময়, মনোময় আৰু প্ৰাণময়ৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব। এই তিনিটা এনে কোষ যাক লৈ সকলো মানুহ সজাগ হয়। সেয়ে কিতাপখনৰ দ্বিতীয় খণ্ডক – শৰীৰ, মন আৰু শক্তি নামেৰে আকৌ তিনিটা খণ্ডত বিভক্ত কৰা হৈছে। তিনিওটা খণ্ডতে মানুহৰ শৰীৰক, মনোবৈজ্ঞানিক আৰু শক্তি সম্বন্ধীয় বিচাৰবোৰক বিস্তৃত ৰূপত আলোচনা কৰা হৈছে।

লেখকৰ মতে মানুহৰ ভৌতিক শৰীৰ আত্মনিৰ্ভৰ যন্ত্ৰ। এই বিশ্বত শৰীৰ আটাইতকৈ জটিল আৰু পৰিস্কৃত যন্ত্ৰ। মুঠতে আপুনি যোগৰ জৰিয়তে নিজৰ শৰীৰ আৰু মনক সুস্থ ৰাখি কেনেকৈ শক্তিশালী হৈ উঠিব তাৰে এক বহল, বিস্তৃত আৰু যুক্তিপূৰ্ণ আলোচনা কিতাপখনৰ দ্বিতীয় খণ্ডত হৃদয়ঙ্গম কৰিব পাৰিব।

মুঠতে গ্ৰন্থখনে আপোনাক শিকাব নিজৰ ভিতৰখনক সুস্থ-সৱল কৰি এক আনন্দ আৰু সুখী জীৱন উপভোগ কৰিবলৈ। এই গ্ৰন্থখনেৰে আপুনি নিজেই নিজৰ ভিতৰৰ ‘ছফ্টৱেৰক’ ‘আপডেট’ কৰিব পাৰিব ।

ফোন : ৯৮৬৪২৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.