মৰমৰ আইনাৰ অকণিহঁত, মৰম লবা ৷ যোৱা কেইদিনমান ধৰি টিভি আৰু বাতৰিকাকতবোৰত খবৰ আহিছিল যে সুনীতা উইলিয়ামছ নামৰ মহিলা মহাকাশচাৰীগৰাকীয় তৃতীয়বাৰৰ বাবে আর্ন্তজাতিক মহাকাশ ষ্টেচনটোলৈ যাবৰ কাৰণে নির্বাচিত হৈছে ৷ তোমালোকে নিশ্চয় জানা যে লেবৰেটৰী বা গৱেষণাগাৰবোৰত নানা বিষয়ৰ গৱেষণা কৰা হয় ৷ সেই বিষয়বোৰ হব পাৰে কোনো বেমাৰৰ বীজাণু, উদ্ভিদ, বিভিন্ন ঠাইৰ মাটি, পানী, বিভিন্ন শস্যৰ খেতি আৰু শস্যৰো হব পৰা ৰোগ, যিকোনো জীৱ মুঠতে বহুতো বিষয়ত গৱেষণাবোৰ চলিয়েই থাকে ৷ নিশাৰ আকাশত জিকমিকাই থকা তৰাবোৰ যে দেখা পোৱা, সেইবোৰৰ ওপৰতো গৱেষণা চলি থাকে৷ খালী চকুৰে আমি দেখা সেই উজ্জ্বল তৰাবোৰ সূর্যৰ দৰে একোটা নক্ষত্র আৰু আমাৰ সূর্যটোৰ চাৰিওপিনে যেনেকৈ আমাৰ পৃথিৱীখনৰ দৰে বুধ, শুক্র, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আদি গ্রহবোৰে ঘূৰি থাকে, সেই উজ্জ্বল তৰাবোৰকো নিজৰ গ্রহবোৰে প্রদক্ষিণ কৰি থাকে ৷ আমাৰ মূৰৰ ওপৰত থকা আকাশখনত কোটি কোটি গ্রহ–নক্ষত্র আছে ৷ বিজ্ঞানীসকলে সেইবোৰৰ বিষয়ে গৱেষণা কৰে৷ কেৱল বিজ্ঞানীসকলেই নহয়, আমিও আশা কৰোঁ যে কোনোবা গ্রহত বাৰু মানুহৰ দৰে প্রাণী অথবা আন ধৰণৰ প্রাণী নিশ্চয় আছে ৷ অৱশ্যে কোনোবা গ্রহত প্রাণী থাকিবলৈ হলে, তাত পানী থাকিবই লাগিব ৷
আনহাতে, আমাৰ পৃথিৱীৰ মাটিত থকা গৱেষণাগাৰবোৰত মহাকাশৰ বিষয়ে গৱেষণা কৰিবলৈ অসুবিধা হয় ৷ কাৰণ পৃথিৱীখনৰ ওপৰত বহুত উচ্চতালৈকে ধূলি, ধোঁৱা, গেছবোৰে আৱৰি থকাৰ কাৰণে আমি মহাকাশত থকা বহুত গ্রহ–নক্ষত্রক দেখাই নাপাওঁ ৷ তদুপৰি পৃথিৱীখনৰ মধ্যাকর্ষণ বা সকলোকে নিজৰ পিনে টানি থকা শক্তিটোৰ বাবে কিছুমান ধৰণৰ গৱেষণা পৃথিৱীত কৰাৰ কাৰণে অসুবিধা হয় ৷ গতিকে আমেৰিকাৰ নাছা নামৰ মহাকাশ গৱেষণা সংস্থা, ইউৰোপীয় মহাকাশ সংস্থা, বয়িং কোম্পানীকে ধৰি মুঠতে পাঁচটা মহাকাশ গৱেষণা সংস্থাই মিলি এটা গৱেষণাগাৰ নির্মাণ কৰি মহাকাশত স্থাপন কৰিছে ৷ এই মহাকাশ গৱেষণাগাৰটোক আন্তর্জাতিক মহাকাশ ষ্টেচন বুলিয়েই কোৱা হয় ৷ আচলতে এই মহাকাশ ষ্টেচনটো এটা কৃত্রিম উপগ্রহহে আৰু ই আন উপগ্রহবোৰৰ দৰে আমাৰ পৃথিৱীখনক নিয়মিতভাৱে প্রদক্ষিণ কৰি আছে৷ এই আন্তর্জাতিক মহাকাশ ষ্টেচনটো আমাৰ পৃথিৱীখনৰ পৰা চাৰিশ আঠ কিলোমিটাৰ ওপৰত আছে আৰু ই প্রতি ছেকেণ্ডত পৃথিৱীখনক ৭.৬৬ কিলোমিটাৰ গতিবেগেৰে প্রদক্ষিণ কৰি আছে৷ ইয়াৰ আটাইতকৈ বেছি গতিবেগ হৈছে ঘণ্টাত ২৮০০০ কিলোমিটাৰ ৷ ১৯৯৮ চনৰ ২০ নৱেম্বৰত ইয়াক মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল বা পঠিওৱা হৈছিল ৷ তেতিয়াৰে পৰা ই মহাকাশত আজিলৈকে পঁচিশ বছৰ, পাঁচ মাহ পঁচিছ দিন ৰপ্ত মে, ২০২৪ তাৰিখলৈকে ধৰি আমাৰ পৃথিৱীখনক প্রদক্ষিণ কৰি আছে ৷ ইয়াক নির্মাণ কৰোঁতে পোন্ধৰ হাজাৰ কোটি মূল্যৰ আমেৰিকান ডলাৰ খৰচ হৈছিল ৷ বর্তমান পৃথিৱীৰ নানা দেশৰ পৰা যোৱা ৭জন মহাকাশচাৰীয়ে ইয়াত গৱেষণা কৰি আছে ৷ আন্তর্জাতিক মহাকাশ ষ্টেচনটোৰ বাহিৰেও মহাকাশত থকা আন কেইটামান সৰু আকাৰৰ মহাকাশ ষ্টেচন হল ৰাছিয়াৰ মিৰ, চীনৰ টিয়াংগং, আমেৰিকা যুক্তৰাষ্ট্রৰ স্কাইলেব আদি ৷ পিছে ১৯৭৩ চনত মহাকাশলৈ পঠিওৱা স্কাইলেব মহাকাশ ষ্টেচনটো মহাকাশৰ পৰা ১৯৭৯ চনৰ ১২ জুলাইত ভাৰত মহাসাগৰত খহি পৰে ৷ বর্তমান আমি খালী চকুৰে নিশাৰ আকাশত আটাইবোৰ মহাকাশ ষ্টেচনতকৈ ডাঙৰ আকাৰৰ আন্তর্জাতিক মহাকাশ ষ্টেচনটোকহে দেখা পাওঁ ৷
এতিয়া পুনৰ সুনীতা উইলিয়ামছৰ কথা কব খুজিছেছা ৷ তেওঁৰ জন্ম আমেৰিকাতে হলেও তেওঁৰ ককা–আইতাক হল ভাৰতবর্ষৰ গুজৰাট ৰাজ্যৰ ৷ সেয়েহে প্রথমবাৰ মহাকাশ ষ্টেচনৰ পৰা উভতি অহাৰ পিছত সুনীতাই ভাৰতবর্ষৰ গুজৰাটলৈ আহিছিল আৰু মাথোন গুজৰাট ৰাজ্যখনেই নহয়, ভাৰতবর্ষৰ সকলোৱেই তেওঁক গৌৰৱেৰে আদৰণি জনাইছিল ৷ আমি সকলো ভাৰতীয়ই তেওঁক লৈ গৌৰৱান্বিত ৷ তোমালোকে এটা কথা জানি ভাল পাবা যে আমাৰ ভাৰতবর্ষৰ মহাকাশ গৱেষণা সংস্থাই ইছৰো অলপতে মহাকাশলৈ এখন মানৱবিহীন মহাকাশযান পঠিয়াইছেহ্ল, যাতে ভৱিষ্যতে ভাৰতবর্ষৰ পৰাও সুকলমে মহাকাশলৈ নানা উদ্দেশ্যেৰে মহাকাশচাৰীসকলক পঠিয়াব পৰা হয় ৷
অকণিহঁত, তোমালোকৰ বাৰু মহাকাশচাৰী হৈ গ্রহ–নক্ষত্রবোৰলৈ যাবলৈ মন নেযায়নে দিনে দিনে বিজ্ঞানৰ যি খৰগতিৰে উন্নতি হৈছে, তোমালোকৰ মহাকাশ ভ্রমণ বৰ সহজ হবগৈ বুলি ধৰি লৈছোঁ ৷
মৰমেৰে
তোমালোকৰ মাহী
বন্দিতা ফুকন
Comments are closed, but trackbacks and pingbacks are open.