ৰাজীৱ কাশ্যপ
অষ্টিপৰছিছ হাড়ৰ এনেকুৱা এটা সমস্যা, যত হাড়ত থকা খনিজ পদার্থসমূহ হ্রাস পায় আৰু হয়াৰ বাবে হাড়ৰ ঘনত্ব কমি যায় আৰু সামান্য আঘাত পালে হাড় ভাঙি যায় ৷ আজিকালি বহুত মানুহে এই সমস্যাত ভোগা দেখা যায় ৷ ভাৰতবর্ষত বছৰে ১০ মিলিয়ন লোক এই সমস্যাত ভোগে ৷ অষ্টিপৰছিছ হাড়বোৰ ঠুনুকা হয় ৷ এই সমস্যাটোত ভুগিলে সচৰাচৰ কোনো ধৰণৰ শাৰীৰিক লক্ষণ দেখা পোৱা নাযায় ৷ দেহৰ হাড় যদি কেতিয়াবা সামান্য আঘাত পালে ভাঙি যায়, তেতিয়াহে হাড়বোৰৰ অষ্টিপৰছিছ হোৱা বুলি অনুমান কৰিব পাৰি ৷ এক্সৰে কৰিলে এই সমস্যাটো গম পোৱা যায় ৷ ইয়াৰ বাহিৰেও হাড়ৰ ঘনত্ব পৰীক্ষা কৰিলেও অষ্টিপৰছিছ বেমাৰটো চিনাক্ত কৰিব পাৰি ৷
অষ্টিপৰছিছ বা হাড়ৰ ঘনত্ব কমি যোৱা সমস্যাটো বহুতো কাৰকৰ ওপৰত নির্ভৰ কৰে ৷ সেইবোৰ হৈছে
¨বয়স আৰু লিংগঃ কম বয়সৰ ব্যক্তিৰ তুলনাত বয়সস্থ লোকৰ অষ্টিপৰছিছ অধিক হয় ৷ মতা মানুহৰ তুলনাত মাইকী মানুহৰ এই সমস্যা অধিক হোৱা দেখা যায় ৷ মাইকী মানুহৰ ৰজোনিবৃত্তিৰ পিছত এই সমস্যা বেছিকৈ হোৱা দেখা যায় ৷
¨বংশগত কাৰকঃ মাক বা দেউতাকৰ অষ্টিপৰছিছৰ সমস্যা থাকিলে লৰা–ছোৱালীৰো বয়স বাঢ়িলে এই সমস্যাত ভোগা দেখা যায় ৷
¨বহুদিন ধৰি শয্যাশায়ী হৈ থকা লোকসকলৰ অষ্টিপৰছিছ হোৱা দেখা যায় ৷ তদুপৰি ভৰি বা ৰাজহাড়ৰ অস্ত্রোপচাৰৰ কাৰণে বহুদিন লৰচৰ নকৰাকৈ বিছনাত থাকিলে কম বয়সৰ লোকৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷
¨হৰমনৰ তাৰতম্যৰ বাবেঃ আমাৰ শৰীৰত কিছুমান হৰমনৰ ক্ষৰণ বাঢ়ি গলে বা কিছুমান হৰমনৰ ক্ষৰণ কমি গলেও অষ্টিপৰছিছ হোৱা দেখা যায় ৷ সেইবোৰ হৈছে
- যৌন হৰমনৰ ক্ষৰণ কমি গলেঃ মাইকী মানুহৰ ৰজোনিবৃত্তিৰ সময়ত দেহত ইষ্টোজেন হৰমনৰ পৰিমাণ কমি যায় আৰু এহ কাৰণে প্রধানতঃ মাইকী মানুহৰ অষ্টিপৰছিছ হোৱা দেখা যায় ৷ মতা মানুহৰ ক্ষেত্রত বয়সৰ লগে লগে দেহত টেষ্টোষ্টেৰনৰ পৰিমাণ কমি যায় আৰু ইয়াৰ বাবেও অষ্টিপৰছিছ হব পাৰে ৷ মতা মানুহৰ প্রষ্টেটৰ কর্কট ৰোগৰ চিকিৎসাৰ সময়ত দেহত টেষ্টোষ্টেৰন কমি যায় আৰু সেহদৰে মাইকী মানুহৰো স্তনৰ কর্কট ৰোগৰ চিকিৎসাৰ সময়তো দেহত হষ্টোজেনৰ পৰিমাণ কমি যায় ৷ সেই কাৰণে এনে ৰোগীসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷
- দেহত থাহৰয়ড হৰমনৰ ক্ষৰণ বাঢ়িলেও অষ্টিপৰছিছ হোৱা দেখা যায় ৷
- পেৰাথাইৰয়ড আৰু এড্রিনেল হৰমনৰ ক্ষৰণ অধিক হলেও হাড়ত থকা খনিজ পদার্থৰ পৰিমাণ কমি যায় আৰু অষ্টিপৰছিছ হোৱা দেখা যায় ৷
¨পুষ্টিৰ অভাৱ হলেঃ আমি খোৱা খাদ্যত কেলছিয়াম, ফচফৰাছ আদি খনিজ পদার্থ যিবোৰ হাড় গঠনৰ বাবে অতি প্রয়োজনীয়ৰ অভাৱ হলে হাড়বোৰ দুর্বল হব পাৰে ৷ বিভিন্ন পেটৰ অসুখ বা যিকোনো অসুখৰ বাবে ভালদৰে খোৱা–বোৱা কৰিব নোৱাৰিলে দেহত এইবোৰ খনিজ পদার্থৰ অভাৱ হোৱা দেখা যায় ৷ যিসকল ব্যক্তিৰ দেহৰ ওজন কম থাকে তেনে ব্যক্তিৰ শৰীৰতো কেলছিয়ামৰ অভাৱ দেখা পোৱা যায় ৷
¨ভিটামিন–ডিৰ অভাৱ হলেঃ হাড়ৰ গঠন মজবুত হবলৈ ভিটামিন–ডি অতি প্রয়োজনীয় ৷ ভিটামিন–ডিয়ে হাড়ৰ বাবে প্রয়োজনীয় উপাদান কেলছিয়াম, ফচফৰাচ, মেগনেছিয়াম আদি খাদ্যৰ পৰা অৱশোষণ কৰোৱায় ৷ আমি খোৱা খাদ্য হজম হোৱাৰ পিছত ক্ষুদ্রান্তত অৱশোষণ হয় আৰু তাৰ পিছত শৰীৰে পুষ্টি লাভ কৰে ৷ খাদ্যৰ খনিজ পদার্থসমূহ অৱশোষণ হবলৈ ভিটামিন–ডি অতি প্রয়োজনীয় ৷ খাদ্যত কেলছিয়াম, ফচফৰাছ আদি যথেষ্ট পৰিমাণে থাকিলেও যদি সেইবোৰ ক্ষুদ্রান্তত অৱশোষিত নহলে দেহত এইবোৰ উপাদানৰ অভাৱ হয় আৰু হাড়বোৰ দুর্বল হৈ অষ্টিপৰছিছ হব পাৰে ৷
¨কিছুমান গেষ্ট্রো–ইনষ্টেছটেনে ছার্জাৰী(Gastrointestinal Surgery)ৰ কাৰণে কেতিয়াবা পাকস্থলীৰ আকাৰ সৰু হৈ যায় আৰু হয়াৰ বাবে ক্ষুদ্রান্তই দেহৰ বাবে প্রয়োজনীয় পুষ্টি আৰু খনিজ পদার্থসমূহ সম্পূর্ণকৈ অৱশোষণ কৰিব নোৱাৰে ৷ ইয়াৰ ফলত দেহৰ ওজন কমে আৰু হাড়ৰ অষ্টিপৰছিছ হয় ৷
¨ষ্টেৰয়ড আৰু অন্য কিছুমান দৰবৰ বাবেঃ মুখেৰে খোৱা বা বেজীৰে দীঘলীয়া সময়ৰ বাবে কর্টিটোষ্টৰয়ডযুক্ত্ ঔষধ গ্রহণ কৰিলেও হাড়ৰ অষ্টিপৰছিছ হয় ৷ ইয়াৰ উপৰি কিছুমান ৰোগ যেনে– মৃগী ৰোগ, বাত–বিষ, বৃক্ক আৰু কলিজাৰ ৰোগ, বিভিন্ন ধৰণৰ কর্কট ৰোগ আদিৰ দৰব সেৱনৰ ফলতো অষ্টিপৰছিছ হব পাৰে ৷
¨অষ্টিআর্থৰাহটিছ, বাত বিষ আদি গাঁঠিৰ বিষত ভুগি থকা ৰোগীসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷
¨জীৱন ধাৰণৰ শৈলীঃ জীৱন ধাৰণৰ শৈলীৰ বাবেও অষ্টিপৰছিছৰ সমস্যাটো দিনে দিনে বাঢ়ি গৈছে ৷ প্রযুক্তিবিদ্যাৰ উন্নতি সাধন হোৱাৰ লগে লগে আমাৰ শাৰীৰিক পৰিশ্রম কমি আহিছে ৷ শাৰীৰিক পৰিশ্রম কৰা লোকসকলৰ তুলনাত পৰিশ্রম নকৰা লোকসকলৰ অষ্টিপৰছিছৰ সমস্যা বেছি হোৱা দেখা যায় ৷ তদুপৰি পৰিশ্রমহীন জীৱন যাপনৰ বাবে বহু মানুহে দেহৰ ওজন বৃদ্ধি আৰু মেদবহুলতাৰ দৰে সমস্যাৰ চিকাৰ হৈছে ৷ ইয়াৰ ফলতো অষ্টিপৰছিছ সমস্যা বাঢ়ি গৈছে ৷ তদুপৰি দৈনিক মদ্যপান কৰা আৰু ধঁপাতজাতীয় বস্তু সেৱন কৰা লোকসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷
অষ্টিপৰছিছ পৰা হব পৰা প্রধান জটিলতা হৈছে সাধাৰণ আঘাততে হাড় ভঙা ৷ প্রধানতঃ ভৰিৰ নিতম্বৰ হাড় অৰু ৰাজহাড় বেছিকৈ ভঙা দেখা যায় ৷ হাতৰ আৰু মণিবন্ধৰ গাঁঠিৰ হাড় প্রায়ে ভঙা দেখা যায় ৷ কেতিয়াবা কোনো ধৰণৰ আঘাত নোপোৱাকৈ ৰাজহাড় গঠন কৰা কশেৰুকা ভাঙি যায় আৰু হয়াৰ ফলত কঁকাল, পিঠিত বিষ হয়, ব্যক্তিৰ উচ্চতা কমি যোৱা আদি লক্ষণ দেখা দিয়ে ৷
অষ্টিপৰছিছৰ যিহেতু কোনো বাহ্যিক লক্ষণ দেখা নাযায়, গতিকে প্রাৰম্ভিক অৱস্থাত ইয়াক সচৰাচৰ চিনাক্ত কৰিব পৰা নাযায় ৷ দৰবৰ দ্বাৰা অষ্টিপৰছিছ ভাল কৰিব নোৱাৰি ৷ ইয়াৰ চিকিৎসাৰ বাবে যিবোৰ দৰব ব্যৱহাৰ কৰা হয়, সেইবোৰ হাড় নাভাঙিবলৈহে ব্যৱহাৰ কৰা হয় ৷ গতিকে আমাৰ দেহৰ হাড়বোৰ অষ্টিপৰছিছ নোহোৱাকৈ ৰাখিব পৰাটোৱে ইয়াৰ প্রধান চিকিৎসা ৷ ইয়াৰ বাবে আমি কেইটামান কথাত সদায় গুৰুত্ব দিব লাগে ৷ সেইকেইটা হলঃ
- প্রটিনযুক্ত খাদ্য গ্রহণঃ হাড়ৰ গঠনৰ বাবে প্রটিন এটা প্রধান উপাদান ৷ আমি খাদ্যত যথেষ্ট পৰিমাণে প্রটিন গ্রহণ কৰিব লাগে ৷ প্রটিন থকা খাদ্য হৈছে মাছ, মাংস, কণী, গাখীৰ, চয়াবিন, মটৰ, বিন, ৰাজমাহ, উৰহী, দাইলজাতীয় খাদ্যত প্রটিন থাকে ৷ বয়সস্থ লোকসকলে যদি কিবা ৰোগৰ বাবে এই প্রটিনযুক্ত খাদ্যসমূহ খাব নোৱাৰে, তেনেহলে ডাক্তৰৰ পৰামর্শ অনুসৰি কিছুমান প্রটিন ছাপ্লিমেণ্ট গ্রহণ কৰিব পাৰে ৷
- দেহৰ ওজন নিয়ন্ত্রিত কৰিব লাগেঃ দেহৰ ওজন প্রয়োজনতকৈ বেছি কম থাকিলে নাইবা বহুত বেছি থাকিলে শৰীৰৰ হাড়বোৰৰ অষ্টিপৰছিছ হব পাৰে ৷ সেয়েহে দেহৰ ওজন নিয়ন্ত্রিত কৰি ৰখাটো অতি প্রয়োজনীয় ৷
- খাদ্যত প্রয়োজনীয় কেলচিয়াম গ্রহণঃ হাড়ৰ বাবে কেলচিয়াম অতি প্রয়োজনীয় উপাদান ৷ ১৮ৰ পৰা ৫০ বছৰৰ পুৰুষ আৰু মহিলাই দৈনিক খাদ্যত ১০০০ মিলিগ্রাম কেলচিয়াম গ্রহণ কৰিব লাগে ৷ ৫০ৰ পৰা ৭০ বছৰৰ মহিলাসকলে প্রায় ১২০০ মিলিগ্রাম কেলচিয়াম গ্রহণ কৰিব লাগে ৷ কেলচিয়ামযুক্ত খাদ্য হৈছে গাখীৰ, কণী, মাংস, সেউজীয়া শাক–পাচলি, গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য আদি ৷ খাদ্যত প্রয়োজনীয় কেলচিয়াম নাপালে কিছুমান কেলচিয়ামৰ দৰব বা ছাপ্লিমেণ্ট গ্রহণ কৰা উচিত ৷
- ভিটামিন ডি গ্রহণঃ আগতে উল্লেখ কৰি আহিছোঁ যে ভিটামিন ডিয়ে খাদ্যৰ কেলচিয়াম অৱশোষণ কৰি হাড়ত জমা কৰে৷ শৰীৰত ভিটামিন–ডিৰ অভাৱ হলে হাড়বোৰ দুর্বল হয় ৷ সূর্যৰ পোহৰ আমাৰ শৰীৰত পৰিলে আমাৰ ছালখনে ভিটামিন–ডি প্রস্তুত কৰি লয় ৷ পুৱা সময়ৰ ৰদ মাত্র ১৫-২০ মিনিট আমাৰ দেহত পৰিলে প্রয়োজনীয় ভিটামিন–ডিখিনি ছালে প্রস্তুত কৰি লয় ৷ ইয়াৰ উপৰি কিছুমান খাদ্যতো কিছু পৰিমাণে ভিটামিন–ডি পোৱা যায় ৷ সেইবোৰ হৈছে চর্বিযুক্ত মাছৰ ছাল, কণীৰ কুহুম, চিজ, কাঠফুলা, গাখীৰ আদি ৷ সকলো ভিটামিনৰ ভিতৰত ভিটামিন–ডি অতি সহজলভ্য যদিও বর্তমান সময়ত সৰু লৰা–ছোৱালীৰ, যুৱক–যুৱতী, বয়সস্থ সকলো বয়সৰ লোকে হয়াৰ অভাৱত ভোগা দেখা যায় ৷ আমাৰ অত্যাধুনিক জীৱনশৈলীয়ে ইয়াৰ বাবে জগৰীয়া ৷ বহুতো ব্যক্তিয়ে সপ্তাহতো ১০-১৫ মিনিটৰ বাবে ৰদত নোলায় আৰু খাদ্যৰ পৰা সম্পূর্ণ প্রয়োজনীয় ভিটামিন–ডি পাব নোৱাৰি ৷ সেয়েহে ৰদ দেহত লগোৱা সকলো মানুহৰ বাবে অতি প্রয়োজনীয় ৷ তেজত ভিটামিন–ডি পৰীক্ষা কৰিব পাৰি আৰু ইয়াৰ পৰিমাণ অধিক কমি গলে দৰব খোৱা উচিত ৷
- ব্যায়ামঃ হাড়বোৰ শক্তিশালী কৰিবলৈ ব্যায়াম অতি প্রয়োজনীয় ৷ মাংসপেশীৰ জোৰ বঢ়াবলৈ কৰা ব্যায়ামে হাড়বোৰ মজবুত কৰে ৷ ইয়াৰ উপৰি বেগাই খোজ কা, দৌৰা, জগিং কৰা, স্কিপিং কৰা আদি ব্যায়ামে ভৰিৰ হাড় তথা ৰাজহাড় সবল কৰে ৷ ওজন দঙা, পুচ–আপ, ছিট–আপ আদি ব্যায়ামেও হাড় মজবুত কৰে ৷ অৱশ্যে অষ্টিপৰছিছ হোৱাত বাধা দিবলৈ সাঁতোৰা বা চাইকেল চলোৱা ব্যায়াম সিমান উপকাৰী নহয় ৷ দেহৰ ভাৰসাম্য ঠিক ৰাখিবলৈ কিছুমান ব্যায়াম আছে ৷ সেইবোৰ কৰিলে মানুহ এজন সহজে নপৰে ৷ বয়সস্থ লোকৰ বাবে এই ব্যায়াম অতি উপকাৰী হয় ৷
মুঠতে নিয়মিত ব্যায়াম, উপযুক্ত খাদ্যগ্রহণ আৰু জীৱনশৈলীৰ কিছু পৰিৱর্তন কৰি আমি অষ্টিপৰছিছৰ সমস্যাটোৰ পৰা হাত সাৰিব পাৰোঁ ৷
ফোনঃ ৮৬৩৮২-৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.