ডিব্রুগড় জিলাখনত আছে পর্যটনৰ অলেখ সমল ৷ মহাবাহু ব্রহ্মপুত্রৰ পাৰত অৱস্থিত ডিব্রুগড় জিলাৰ দক্ষিণ–পূব কোণত অৱস্থিত নাহৰকটীয়া বিধানসভা সমষ্টি পর্যটন ক্ষেত্রত অধিক চহকী৷ নাহৰকটীয়া সমষ্টিৰ অন্তর্গত অসম–ৰুণাচল সীমান্তত বুুীদিহিং আৰু দিচাং নদীৰ পাৰে পাৰে প্রকৃতিপ্রদত্ত মেটমৰা সম্ভাৰেৰে ভৰপূৰ দুই চহৰ জয়পুৰ আৰু নামৰূপ৷
সমষ্টিৰ অন্তর্গত অসম–ৰুণাচল সীমান্তত অৱস্থিত তথা আহোম বুৰঞ্জীৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী বহন কৰা জয়পুৰক প্রকৃতিয়ে বিভিন্ন সমলেৰে ভৰপূৰ কৰি নির্মাণ কৰিছে৷ পাটকাই পাহাৰক আবৰি সৃষ্টি হোৱা জয়পুৰ সংৰক্ষিত বনাঞ্চলে শেহতীয়াভাৱে ৰাষ্ট্রীয় উদ্যানৰ খিতাপো লাভ কৰিছে ৷ জয়দিহিং বনাঞ্চলক কেন্দ্র কৰি অসম–ৰুণাচল সীমান্তত অৱস্থিত জয়পুৰৰ পূব দিশ আগুৰি থকা বর্ষাৰণ্য সম্প্রতি বিশ্বৰ অন্যতম পর্যটনথলী ৷ পূবৰ আমাজন হিচাপে খ্যাত বর্ষাৰণ্য কেৱল এক পর্যটনৰ ক্ষেত্রই নহয় ই দেশ–বিদেশৰ গৱেষকৰ গৱেষণাৰো কেন্দ্রবিন্দু ৷ ইয়াৰ লগতে নামচাং আৰু বুুীদিহিঙৰ পাৰত অৱস্থিত জয়পুৰ, বুুীদিহিঙৰ বালিচাপৰি, বুুীদিহিঙৰ মাজত থকা সীতাকুঞ্জ, কানাই বৰশী বোৱা শিল, তৰাজানৰ বৃহৎ গছজোপা আদি পর্যটকৰ বাবে আকর্ষণৰ থল যদিও এহ স্থানসমূহলৈ যাত্রা অতি দুর্গম৷ ইফালে পাটকাই প্রদেশৰ এখন মনোৰম ঠাহ নামচাং বুুীদিহিঙৰ পাৰৰ এক সুন্দৰ স্থান ৷ অপৰূপ প্রাকৃতিক পৰিৱেশেৰে শোভিত নামচাং জয়পুৰ বর্ষাৰণ্যৰো এক অংশ সামৰি লৈছে ৷ জয়পুৰ দেওমালীলৈ আগবাঢ়ি প্রায় তিনি কিঃমিঃ আগবাঢ়ি এক উপপথে সংযোজন কৰিছে নামচাঙক ৷ পথৰ দাঁতিত দুর্লভ প্রজাতিৰ অর্কিড নামচাঙৰ গৌৰৱ ৷ হতিমধ্যে নামচাঙত বহু পর্যটকৰ ভ্রমণ সম্পন্ন হৈছে যদিও বাটপথ আজিও উন্নত হোৱা নাই ৷ দুর্ভাগ্যজনক যে বনকর্মীয়ে এনে দুর্গম পথেৰেই চোৰাং চিকাৰীৰ বিৰুদ্ধে চলাব লাগে অভিযান ৷ গুৰুত্বপূর্ণ যে জয়পুৰ দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যান ঘোষণাৰ পিছত বনাঞ্চলৰ ভিতৰত বাটপথ নির্মাণৰ পৰিকল্পনা কৰিছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ৷ আহোম বুৰঞ্জীৰ সাক্ষী বহন কৰা টিপাম আৰু ইয়াৰ আশেপাশে থকা অঞ্চলটো পর্যটনৰ অন্যতম থলী ৷ প্রবাদ আছে যে ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাহ সম্বন্ধত একো নাছিল বুলি চর্চিত যদিও আছিল আত্মীয়তা ৷ প্রবাদ বচনত উল্লেখিত ভাদৈ ঐতিহ্যমণ্ডিত টিপামৰ কাষতে অৱস্থিত এক জনবহুল অঞ্চল ৷ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ চাৰিআলিৰ পৰা গড়কাপ্ঢানী পথেৰে প্রায় চাৰি কিঃমিঃ অতিক্রমি বুুীদিহিঙৰ সিপাৰে আৰম্ভ হৈছে অন্য এক ইতিহাসপ্রসিদ্ধ সমলেৰে সমৃদ্ধ টিপামৰ অঞ্চল ৷ ইতিহাসৰ পৃষ্ঠাই দি যোৱা তথ্য অনুসৰি চাওলুং চুকাফাই পাটকাই পর্বত অতিক্রম কৰি টিপামৰ দেউশালী পাহাৰৰ সুউচ্চ টিলা চকমকত উচ্চাৰণ কৰিছিল মুং চুন চূণ খ্যাম অর্থাৎ সোণোৱালী শহচৰ দেশ ৷ এহ টিপামতে চুকাফাহ দুই তিনি বছৰ কাল পাৰ কৰি অৱশেষত টিপমীয়া ৰজাক দায়িত্ব অর্পণ কৰে ৷ এই টিপামতে চুকাফাই বহু ৰাজকীয় ভাস্ক্র্য স্থাপন কৰি থৈ গৈছে ৷
১২২৮ খ্রীষ্টাব্দত পাটকাই পর্বত পাৰ হৈ জয়পুৰৰ টিপামতে প্রথম অস্থায়ী ৰাজধানী পাতি ছশ বছৰীয়া ৰাজত্বৰ পাতনি মেলিছিল চাওলুং চুকাফাই ৷ লৰা ৰজাৰ শাসনৰ দিনত গদাধৰ সিংহয়ো আত্মগোপন কৰি আছিল এই টিপামতে ৷ চন্দ্রকান্ত সিংহৰ দিনত মানক বাধা দিবলৈ বন্ধোৱা শিয়ান গড, ৰাজেশ্বৰ সিংহৰ দিনৰ ৰজাপুখুৰী, ইয়াৰ উপৰি দেউশালী পাহাৰ, বাৰুদৰ ঘৰৰ ধবংসাৱশেষ আদি সুন্দৰকৈ সজাই–পৰাই তুলিলে পর্যটনৰ লগতে অসম বুৰঞ্জীৰ কীর্তিচিহ্ণসমূহ সজীৱ হৈ থাকিব ৷ ইয়াৰ উপৰি বুুীদিহিঙৰ মাজত থকা সীতাকুণ্ড সতীকুণ্ড কানাই বৰশী বোৱা শিল আদিকো ঐতিহাসিক কীর্তিচি হিচাপে চিহ্ণত কৰিব পৰা যায় ৷
জিলাখনৰ পৰা প্রায় সত্তৰ কিঃমিঃ দূৰৈত অসম–ৰুণাচল সীমান্তত অৱস্থিত এক বিখ্যাত চহৰ নামৰূপ ৷ নামৰূপ সাৰ কাৰখানা, তাপবিদ্যুৎ কেন্দ্র, অসম পেড্রকেমিকেলছ লিমিটেডক কেন্দ্র কৰি গঢ়ি উঠা উদ্যোগ নগৰী নামৰূপৰ দক্ষিণ–পূব কোণত অৱস্থিত এক মনোমোহা অঞ্চল দিল্লী ঘাট ৷ মূলতঃ দিল্লী নদীক কেন্দ্র কৰিয়েই এই স্থানৰ নাম হৈছে দিল্লী ঘাট ৷ পাটকাইৰ পাদদেশৰ পৰা নামি অহা দিচাং নদীখনে সমতললৈ নামি আহি নাম লৈছে দিল্লী নদী ৷ দিল্লী সংৰক্ষিত বনাঞ্চল আৰু জয়পুৰ সংৰক্ষিত বনাঞ্চলক বিভক্ত কৰি বৈ যোৱা দিল্লী নৈখনক কেন্দ্র কৰি সৃষ্টি হোৱা দিল্লী ঘাট অঞ্চলটো ৰাজ্যখনৰ ভিতৰতে এক প্রমুখ পর্যটন ক্ষেত্র ৷ সৰু–বৰ ভিন্নৰঙী শিলেৰে ভৰা নদীখনৰ পাৰতে আছে ঐতিহাসিক দিল্লী ঘাট শিৱ মন্দিৰ ৷ এজোপা বৃহৎ আঁহত গছৰ ধোণ্ডত অৱস্থিত শিৱ মন্দিৰটোৰ আছে এক জয়াল ইতিহাস ৷ চৰাহদেউ জিলা আৰু ডিব্রুগড়় জিলাৰ সীমা নির্ধাৰণ কৰা এই দিল্লী নদীৰ পাৰতে পর্যটকৰ দৃষ্টি আকর্ষণৰ বাবে নির্মাণ কৰা আছে ৰূপহী আহদেউ উদ্যান ৷ অসমৰ প্রথমগৰাকী অভিনেত্রী আহদেউ সন্দিকৈৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে নির্মাণ কৰা এই উদ্যানখনে ৰাজ্যৰ বিভিন্ন ঠাইৰ বনভোজৰ দলসমূহক আকর্ষিত কৰা দেখা যায় ৷
অঞ্চলটোত পর্যটকক আকর্ষিত কৰা আন এক স্থান হল দিল্লী সংৰক্ষিত বনাঞ্চলত অৱস্থিত শিল ঘাগৰী জলপ্রপাত ৷ দিল্লী নদীখনৰ ঠিক পাৰতে চৰাহদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চল আৰম্ভ ৷ জিলাখনৰ প্রাকৃতিক প্রাচুর্যৰে ভৰপূৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰ অসম–ৰুণাচল সীমান্তত অৱস্থিত তথা হালোৱা খণ্ড বন বিভাগৰ এলেকাত প্রাকৃতিক নৈসর্গিক পৰিৱেশৰ মাজেৰে বৈ গৈছে এটি সৰু জুৰি ৷ পাহাৰ–ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি বনাঞ্চল, গছ, বন, পশু, পক্ষী সকলোৰে লগত আত্মীয়তা গঢ়ি কুলু কুলু সুৰে বৈ যোৱা জুৰিটোৰ বুকুতে সৃষ্টি হৈছে শিল ঘাগৰী জলপ্রপাত ৷ দিল্লী সংৰক্ষিত বনাঞ্চলৰ অনবদ্য অৱদানত সৃষ্ট এহ শিল ঘাগৰী জলপ্রপাতটো এটা নহয় দুটা নহয় ছটা খলপেৰে সৃষ্ট অনন্য সৌন্দর্যই ইতিমধ্যে আকর্ষিত কৰিছে পর্যটকক ৷ ঐতিহাসিক লাইদৈগড় পথৰ পৰা প্রায় তিনি কিঃমিঃ ভিতৰলৈ, দিল্লীঘাট এলেকাৰ পৰা আঠ কিঃ মিঃ নিলগত, অৰুণাচল সীমান্তৰ পৰা প্রায় আঠ কিঃ মিঃ দূৰৈত থকা আৰু সমতল পৰা চাৰি পাঁচশ ফুট উচ্চতাত থকা এই জলপ্রপাতটোৰ চৌদিশে আছে দিল্লী সংৰক্ষিত বনাঞ্চল ৷ একালত ভিন্ন প্রজাতিৰ অর্কিড, হাইঠা, পুৰঘুমা, হৰিণ, বাঘ আদি জীৱ–জন্তুৰে ঠাই খাই আছিল যদিও বনজ সম্পদসমূহ সংৰক্ষণৰ অভাৱত কিছু পৰিমাণে হ্রাস পোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে বনাঞ্চল বনদস্যুৰ লালসাৰ বলি হোৱাত বন সম্পদৰ পৰিমাণ হ্রাস পালেও প্রাকৃতিক সৌন্দর্য হ্রাস পোৱা নাহ ৷ বনাঞ্চলৰ ঐতিহ্য প্রদর্শিত কৰি আছে এই শিল ঘাগৰী জলপ্রপাতে ৷ অৱশ্যে শেহতীয়াভাৱে চৰকাৰে জলপ্রপাতটোলৈ যোৱা পথছোৱা কিছু পৰিমাণে নির্মাণ কৰি দিয়াত ছটা খলপেৰে সৃষ্টি হোৱা জলপ্রপাতটো পর্যটকৰ আকর্ষণৰ বিন্দু হৈ পৰিছে ৷ আনহাতে এই জলপ্রপাতটোৰ চৌপাশে আছে ঐতিহাসিক লাহদৈগড় পথ, ধোদৰ আলি, নাহৰ আলি, কনচেং বৰপাত্র গোহাঁহ বাৰী, পুখুৰী আদি অলেখ প্রাচীন কীর্তিচিহ্ণ ৷
প্রাকৃতিক পৰিৱেশ আৰু ঐতিহাসিক জনজাতীয় সমলেৰে পৰিপূর্ণ নাহৰকটীয়া সমষ্টিৰ কেহবাখনো জনজাতীয় গাঁৱক কেন্দ্র কৰি ক্রমে পর্যটন উদ্যোগ গঢ়ি উঠাৰ পথত অগ্রসৰ হৈছে ৷ টিপাম ফাঁকিয়াল গাঁও, নাম ফাঁকিয়াল গাঁও, বুঞ্জীদিহিং নদীৰ পাৰৰ নক্তে নগা গাঁও আদি গাঁওসমূহে জনজাতীয় সমাজৰ পৰম্পৰাগত সকলো সংসৃক্তি আজিও বর্তাহ ৰাখিছে ৷ ইয়াত শেহতীয়াকৈ জনপ্রিয় হোৱা নামফাকে বা টাই–ফাকে অসমৰ ডিব্রুগড় জিলা নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তর্গত অৱস্থিত এখন সৰু গাঁও ৷ বুুীদিহিং নদীৰ দক্ষিণ পাৰৰ এই সুন্দৰ গাঁওখনত অসমৰ টাহ ফাকে নামৰ জনগোষ্ঠীয়ে বাস কৰে ৷ এইখন অসমৰ সর্ববৃহৎ টাই–ফাকে গাঁও আৰু ইয়াত প্রায় ১৫০টা টাই–ফাকে পৰিয়ালে বসবাস কৰে ৷
১৮ শতিকাত (১৭৭৫) ম্যানমাৰৰ হুকৱাং উপত্যকাৰ শান ৰাজ্যৰ পৰা অসমলৈ প্রব্রজন কৰিছে টাই জনগোষ্ঠীয়ে ৷ মূলতঃ চীনৰ হউনান জিলাৰ পৰা ম্যানমাৰলৈ প্রব্রজন হৈছিল এই টাইসকল৷ তেওঁলোকে প্রায় ৪০০ বছৰ বার্মাৰ হুকৱাং উপত্যকাত বাস কৰিছিল ৷ এই উপত্যকা যেতিয়া বার্মা ৰজাৰ আধিপত্যৰ অধীনলৈ আহিছিল, তেতিয়া বার্মা ৰজাৰ অৰাজক প্রশাসনৰ বাবে তেওঁলোকে চিম্ফোৰ সৈতে সেই ঠাই এৰি আন কোনোবা ঠাইলৈ প্রব্রজন কৰাৰ সিদ্ধান্ত লৈছিল ৷ তেওঁলোকে পাটকাই পাহাৰৰ মাজেৰে আহি জয়পুৰ অঞ্চলতে ক্রমে গাঁও পাতি বাস কৰিবলৈ লয় ৷ গৌতম বুদ্ধক ইষ্ট হিচাপে বিশ্বাস কৰা ফাঁকিয়ালসকলৰ এটা অতি সুন্দৰ বৌদ্ধ মঠ এই অঞ্চলত অৱস্থিত ৷ নামফাকে মঠ অসমৰ অন্যতম পুৰণি আৰু সন্মানীয় বৌদ্ধ মঠ ৷ ইয়াৰ অনন্য শান্ত প্রাকৃতিক পৰিৱেশৰ বাবে ই অসমৰ অতি বিখ্যাত পর্যটনস্থলী হিচাপেও কাম কৰে ৷ ইয়াৰ উপৰি এই অঞ্চলসমূহৰ আন আকর্ষণসমূহ হল মুছুলিণ্ডা টেংক, অশোক স্তম্ভ, পেগোডা, পৰম্পৰাগত ষ্টিচ্ট ঘৰ ইত্যাদি ৷
এইসকলৰ সাজপাৰ, খাদ্যাভাষ শেহতীয়াভাৱে অতি জনপ্রিয় হৈ পৰিছে দেশী–বিদেশী পর্যটকৰ৷ সময়ে সময়ে গাঁওসমূহত দেশ–বিদেশৰ সমাজ বিজ্ঞানৰ, ইতিহাসৰ গৱেষক ছাত্র–ছাত্রীয়ে ভিৰ কৰেহি ৷
উপসংহাৰঃ অসমৰ ভিতৰতে পর্যটকক আকর্ষণ কৰিব পৰা অধিক সমল আছে ডিব্রুগড়ৰ নাহৰকটীয়া সমষ্টিত ৷ কিন্তু এক সুস্থিৰ পৰিকল্পনাৰে এইসমূহক বিশ্বৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ সজাই–পৰাই তোলাৰ মানসিকতাৰ অভাৱ পৰিলক্ষিত হয় ৷
স্মৃতিৰেখা কলিতা
ফোনঃ ৬০০৩৮-৩১৭৯৭
Comments are closed, but trackbacks and pingbacks are open.