সম্পর্কৰ প্রাণ সময়

সম্পর্ক যাক ইংৰাজীত ৰোৱা হয় relationship ৷ এই মধুৰ শব্দটোতেই লুকাই থাকে আত্মীয়তাবোধ৷ যাক আমি সঁচাকৈ আপোন বুলি ভাবোঁ, তেওঁক খং, অভিমান কৰিব পাৰি, কিন্তু মনৰ যি বান্ধোন সেয়া কেতিয়াও ছিঙিব নোৱাৰি ৷ এই সম্পর্কৰ মূল খুঁটিডালেই হল বিশ্বাস ৷ এবাৰ বিশ্বাসৰ সেই ক্ষীণ সূতাডাল ছিগিলে তাক যোৰা দি ৰাখিব পাৰি, কিন্তু আগৰ সেই মসৃণতা নোহোৱা হয় আৰু লাহে লাহে সেই আগৰ আত্মীয়তাবোধবোৰো হেৰাই যায় ৷

সময় গতিশীল আৰু সময়ৰ পাকচক্রত সম্পর্কবোৰো সলনি হৈ থাকে৷ ভাল সময়, বেয়া সময় এইবোৰ সকলোৰে জীৱনলৈ আহে আৰু সকলো সময়ত কাষত থিয় দি হোৱা মানুহজনকে আমি আমাৰ জীৱনসংগী হিচাপে নির্ধাৰণ কৰোঁ ৷ ঠিক তেনেদৰে জীৱন পৰিক্রমাৰ দুজন মানুহ মনৰ মিল হোৱা সত্ত্বেও কর্মসূত্রেই হওক বা নিজৰ ব্যক্তিগত কামৰ বাবেই হওক একেলগে এখন চহৰত বা এটা নির্দিষ্ট ঠাইত থকাটো সম্ভৱ হৈ নুঠে৷ আৰু এই সম্পর্কটোৱেই হৈছে long distance relationship. এই সম্পর্ক এটাক সফল ৰূপ দিয়াটো ইমান বেছি সহজ কথা নহয় বুলি মই ভাবো, কিন্তু অসম্ভৱো নহয় ৷ এটা সুস্থ সম্পর্কই সকলো সময়তে মানুহৰ মনক উৎসাহ যোগায় নিজৰ কামৰ প্রতি আৰু বেছি আগ্রহী হবলৈ ৷ আগৰ সময়ত এই ধৰণৰ সম্পর্ক নিয়ন্ত্রণ কৰাটো সহজ নাছিল যদিও বর্তমান ডিজিটেল যুগত যোগাযোগৰ সুব্যৱস্থাৰ বাবে long distance মেনেজ কৰাত বহু বেছি সকাহ হৈছে ৷ কিন্তু আন সম্পর্কতকৈ এই সম্পর্কত আৰু অলপ বেছি চেষ্টাৰ প্রয়োজন দুয়োটা ফালৰ পৰা ৷ কাৰণ দুটা বেলেগ বেলেগ মন, দুজনৰে আশা–আকাংক্ষা, জীৱনটোক চোৱাৰ দৃষ্টিভংগী, সকলো বেলেগ ধৰণৰ ৷ সেইবাবে দুয়োজনৰে বুজাবুজি থকাটো বহুত বেছি প্রয়োজন ৷ প্রেম কৰাটো যিমান সহজ ইয়াক আগবঢ়াই লৈ যোৱাটো সিমানেই কঠিন সেই কাৰণে এনেদৰে কোৱা হয় ৷

দীর্ঘ দূৰত্বই সম্পর্ক এটাক বহুতো ধৰণে প্রভাৱ পেলায় ৷ কাৰণ ওচৰত থাকিলে কথাবোৰ বুজাবুজিত যিমান সুবিধা হয়, সেয়া দূৰত থাকিলে বহুক্ষেত্রত অসুবিধাৰ মুখামুখি হোৱাও দেখা যায়৷ এইক্ষেত্রত যদি ধৈর্য নাথাকে সম্পর্কবোৰ বহু ক্ষেত্রত ভাগি যাওঁতেও বৰ বিশেষ সময়ৰ প্রয়োজন নাই ৷ সেইবাবে সম্পর্কত থকা মানুহ দুজনৰ কথা পতাটো বহুত বেছি প্রয়োজন ৷ নিজৰ মনৰ অনুভূতিবোৰ এজনে আনজনৰ লগত আদান–প্রদান কৰাটো বহুত বেছি প্রয়োজন, তেতিয়া দূৰত থাকিলেও সেই দূৰত্ব বহুত কমকৈ অনুভৱ হয় ৷

যিমানেই দীর্ঘ দূৰত্ব নহওক কিয় দুয়োজনৰ সময়, সুবিধা মিলাই লগ হোৱাটো এটা সম্পর্কৰ বাবে বহুত বেছি প্রয়োজন ৷ কাৰণ ভালপোৱা মানুহজনক ওচৰৰ পৰা পোৱাৰ হেঁপাহ সকলোৰে থাকে আৰু নিজৰ প্রিয় মানুহজন ওচৰত থকাৰ অনুভূতিয়েই বেলেগ ৷ তাৰ বাবে যদি অলপ অপেক্ষাও কৰিব লগা হয়, সেয়া মানিব পাৰি, কিন্তু এই সৰু এটা পর্যায়ে সম্পর্কটো বহুত বেছি ধুনীয়া কৰি তোলে ৷ কিন্তু সকলো ফালৰ পৰা বিবেচনা কৰি চালে এটা সম্পর্কত দূৰত্ব কেতিয়াও সম্পর্কটো বেয়া হোৱাৰ কাৰণ হব নোৱাৰে ৷ দুয়োজনৰ মাজত সঁচা অর্থত ভালপোৱা থাকিলে এইবোৰ অতিক্রম কৰি সম্পর্কটোক নাম দিয়াত কোনেও বাধা দিব নোৱাৰে ৷

সম্পর্ক এটা ভাল কৰি ৰখাৰ দায়িত্ব একান্ত নিজৰ নিজৰ ওপৰত নির্ভৰ কৰে৷ কাৰণ সকলো মানুহৰ জীৱন যাপন কৰা ধৰণবোৰ একে নহয় আৰু নিজৰ সময় সুবিধা মিলাই এজনে আনজনৰ বাবে সময় উলিওৱাটো বহুত বেছি প্রয়োজন৷ নিজৰ সৰু সৰু কথাৰ পৰা আৰম্ভ কৰি সকলো কথা, মনৰ অনুভূতিবোৰ ভাগ–বাটোৱাৰা কৰিব পাৰিলে মনবোৰ বহুত বেছি ভাল হৈ থাকে আৰু লগতে নিজৰ ব্যক্তিগত কামবোৰ কৰিও ভাল লাগে তেতিয়া৷ সেইবাবে দূৰত থাকিলেও যাতে দূৰত্বৰ অনুভৱ দুয়োজনৰে কমকৈ হয়, তাৰ বাবে চেষ্টা কৰাটো বহুত বেছি প্রয়োজনীয়৷ পৃথিৱীখনত ইমান মানুহৰ মাজৰ পৰা কোনোবা বিশেষ এজন বা এজনীকহে ভাল লাগে আৰু সেই ভালপোৱাজনক গুৰুত্ব দিয়াটো আৰু ভালপোৱাবোৰ ভাল লগাই ৰখাটোও নিজৰ দায়িত্ব হিচাপে ললে সম্পর্কবোৰ বহুত ধুনীয়াকৈ চলি যায়৷

ভালপোৱাবোৰ সদায় ধুনীয়া৷ নিজৰ ভালপোৱা মানুহজনৰ সাহস হোৱাটো বহুত বেছি প্রয়োজন৷ এইক্ষেত্রত দূৰত্বই বৰ বিশেষ একো প্রভাৱ পেলাব নোৱাৰে বুলি আমি বিশ্বাসী৷ দূৰত থাকিও বিশেষজনক সদায় বিশেষ কৰি ৰাখিবৰ বাবে চেষ্টা অব্যাহত থাকক, সম্পর্কৰ বান্ধোন যুগমীয়া হওক৷

You might also like
Leave A Reply

Your email address will not be published.