অনিন্দিতাৰ প্রচণ্ড খং উঠিে!
এয়া অৱশ্যে খং নহয়, মনৰ মাজত লুকাই থোৱা প্রচণ্ড ক্ষোভখিনিৰহে স্পষ্ট প্রতিফলন ওলাইছে তাই বহি থকা সন্মুখৰ দাপোণখনত ৷ কি কাৰণে এই বিক্রিয়া ৷ এতিয়া ৰাতি প্রায় ডেৰটা বজাত অকলে, অক্লান্ত অৱয়ৱেৰে আইনাৰ সন্মুখত বহি, নীৰৱে অভিযোগ প্রকাশ কৰিছে অনিন্দিতাই অপমান যদিও পাইছে, কিন্তু কাৰ ওপৰত এই ক্ষোভ, নিজৰ ওপৰত, গিৰীয়েকৰ ওপৰত নে তাইৰ মনৰ মাজত গোপনে অংকুৰণ লোৱা সেই অকথ্যটোৰ ওপৰত যদিও অনিন্দিতাৰ হাতত এডাল উজলাই থকা হীৰাৰ হাৰ ৷
এই হাৰডালেই যত অনর্থৰ মূল ৷ যোৱা দুদিন ধৰি অনিন্দিতাই শান্তিত খাব পৰা নাই, শুব পৰা নাই, একমাত্র কাৰণ এই হীৰাৰ হাৰডাল ৷ এই দুদিন অৱশ্যে অনিন্দিতাৰ খং বা বিৰক্তি একোৱেই নাছিল, বৰং হাৰডালৰ কাৰণে ভিতৰি এক গর্ব তথা অবুজ ৰোমাঞ্চিত অনুভৱ এটাহে মনৰ মাজত অনবৰত খেলাই আছিল ৷ কিন্তু এতিয়া হাৰডাল হাতত লৈয়ে অনিন্দিতাহ ভাবিছে বহু কথা, চিন্তিত হৈছে তাইৰ ভৱিষ্যৎ সম্পর্কে ভাবি !
আজি অনিন্দিতাৰ বিবাহ বার্ষিকী আছিল, সেই গতিকে সিহঁতৰ ঘৰলৈ আলহীৰ আগমন হৈছিল পুৱাৰে পৰা আৰু বেছ ভালদৰেই পাৰ হৈছিল গোটেই দিন আৰু ৰাতিৰ পার্টীখিনিও ৷ তাহঁতেও মানে দুয়ো গিৰীয়েক–ঘৈণীও সুন্দৰভাৱে পৰিচালিত কৰিছিল অনুষ্ঠানটো আৰু প্রশংসিতও হৈছিল অনিন্দিতা, ইমানবোৰ কাম তাই অকলে সুচাৰুৰূপে কৰা দেখি ৷ উপস্থিত আলহীসকলৰো মন আজি আনন্দৰে ভৰি আছিল, মাথোঁ শান্তি পাব পৰা নাছিল অনিন্দিতাই, আলহী আগমনৰ পিছৰে পৰাই মন বিচলিত হব ধৰিছিল অনিন্দিতাৰ ৷
দুদিন আগৰ কথা, গিৰীয়েক অফিচ তথা একমাত্র লৰাটো স্কুললৈ যোৱাৰ পিছত অনিন্দিতাই কাপোৰ কেইটামান ইস্ত্রি কৰি আলমাৰিত ভৰাব লওঁতেই ভিতৰত চাবি লাগি থকা অৱস্থাত দেখিলে লকাৰটো ৷ অনুসন্ধিৎসু মনেৰে তাহ বাধ্য হৈ খুলি পেলালে লকাৰটো আৰু কি আছে বুলি চাব লওঁতেই চকুত পৰিল এডাল হীৰাৰ হাৰ ৷ আচলতে বৰ সযতনে লুকুৱাই থোৱা আছিল হাৰডাল ৷ উৎফুল্লিত হৈ সেইডাল অনিন্দিতাই হাতত তুলি ললে, নিৰেখি চাই থাকিল হীৰাৰ টুকুৰাৰ চিকমিকনি, মনোমোহাকৈ সজোৱা হাৰডালৰ প্রতিটো কাৰু–কার্য ৷ লগে লগে তাই বেগাবেগীকৈ খোজ পেলালে ড্রেছিং টেবুল সংযুক্ত আইনাখনৰ উদ্দেশ্যে, সন্মুখত বহি তাই সেইডাল ডিঙিৰ আগত তুলি ধৰিলে আৰু মনৰ মাজত জুকি পেলালে হাৰডালে তাইক শুৱাইছেনে কেনেকুৱা বাৰু দেখাইছে তাইক
এটা আত্মসন্তুষ্টিৰ হাঁহি মুখত লৈ অনিন্দিতাই হাৰডাল ডিঙিৰ পৰা নমাই আনিলে আৰু কিছু সময় চকুৰ পলক নেপেলোৱাকৈয়ে সেইডাল চাই থাকিল ৷ ভাবি থাকিল এই হাৰডাল গিৰীয়েকে তাইৰ কাৰণেই আনিছে, দুদিন পিছতে সিহঁতৰ বিবাহ বার্ষিকী, গতিকে এইবাৰ দামী হাৰডালেই কিজানি উপহাৰ হিচাপে দিব অনিন্দিতাক ৷
অনিন্দিতাৰ বিয়া হোৱা আজি প্রায় পাঁচ বছৰমানেহ হল ৷ মধ্যবিত্ত এটা পৰিয়ালৰ গিৰীয়েকে কিন্তু আজিলৈকে তাইক আচৰিত কৰি এনেকুৱা গোপনভাৱে একো উপহাৰে দিয়া নাই ৷ সৰু সুৰা দুই–এপদ বস্তু তাই পাইছে যদিও এইডাল সকলোতকৈ দামী, শ্রেষ্ঠ উপহাৰ ৷ এইডাল যেন সিহঁতৰ প্রেমৰ চিন৷ অনিন্দিতাৰ গিৰীয়েকে তাইৰ বাবে অনা এই হাৰডাল দেখি গিৰীয়েকৰ প্রতি তাইৰ প্রেমৰ অনুৰাগ আৰু বেছি গাঢ় হৈ উঠিল ৷ ভাবিছে তাই, গিৰীয়েকে উপযুক্ততাৰ চিনৰূপে পোনেই এই দামী উপহাৰটিয়ে দিব তাইক, তাই এতিয়া মাকৰ ঘৰলৈ গর্বৰে যাব পাৰিব, ফেৰ মাৰিব পাৰিব ওচৰ–চুবুৰীয়াৰ লগত, দেখুৱাব পাৰিব এতিয়া গিৰীয়েকৰ তাইৰ প্রতি থকা মৰম, ভালপোৱা ৷
কিন্তু অনিন্দিতাই হাৰডাল পুনৰ আগৰ ঠাইতে যিদৰে আছিল ঠিক তেনেদৰেই থৈ দিলে ৷ হয়তো তাই ভাবিলে, উপহাৰটি নিশ্চয় গিৰীয়েকে অনুষ্ঠানৰ দিনা পিন্ধিবলৈ কব তাইক, হয়তো উপস্থিত সকলোকে লগতে তাইকো আচৰিত কৰি গিৰীয়েকে নিজে আহি আলফুলকৈ অনিন্দিতাৰ ডিঙিত পিন্ধাই শোভাবর্ধন কৰাব তাইৰ সৌন্দর্যতা ৷ আৰু তেতিয়ালৈকে তাই একো নজনা ভাবত মনে মনে থাকিব ৷ অনিন্দিতায়ো দেখুৱাব যে তাই বৰ আচৰিত হৈছে মূল্যৱান এই হাৰডাল দেখি, যিটো তাইৰ বাবে সম্পূর্ণ অপ্রত্যাশিত ৷
ৰাতি টোপনি নহালৈকে অনিন্দিতাৰ মনৰ মাজৰ পৰা মচি যোৱা নাছিল হীৰাৰ হাৰডাল, বাৰে বাৰে মনত পৰিছিল আলমাৰিটোৰ ভিতৰত সংলগ্ণ থকা লকাৰটোৰ কথা, গিৰীয়েকে তাহৰ কাৰণে অনা প্রেমৰ উপহাৰটোৰ কথা৷ তাই নীৰৱে থাকিও ৰোমাঞ্চিত হৈ আছিল গোটেই দিনটো আৰু শেষ ৰাতি অহা টোপনিৰ চৰম মুহূর্তলৈকেও ৷ গিৰীয়েকৰ প্রতি হোৱা অনিন্দিতাৰ নতুন অনুৰাগে জন্ম দিছিল সিহঁতৰ মাজত নতুন প্রেমৰ আৰু সেই দিনাখন অনিন্দিতাই সিহঁতৰ তিনি বছৰীয়া লৰাটোকো সোনকালে শুৱাইছিল ৷
পিছদিনাখনো অনিন্দিতাৰ মন পুলকিত হৈয়েহ থাকিল ৷ ব্রহ্মপুৱাতে সোনকালে কোনেও নুঠোতেই উঠি তাই গৈ এবাৰ হাৰডাল চাহ আহিল ৷ তাৰ পিছত দিনটোৰ নিত্য–নৈমিত্তিক কর্ম, লৰাটোক স্কুললৈ পঠিওৱা, গিৰীয়েকৰ অফিচৰ টিফিন প্রস্তুত কৰা আদিবোৰ সুচাৰুৰূপেই কৰিছিল আটাহবোৰ কাম ৷ সেইদিনাখন অনিন্দিতাৰ ব্যস্ততাৰ মাজত কোনো বিৰক্তিৰ ছাপ নাছিল, আনকি সদায় এইখিনি সময়ত গিৰীয়েকক এজনী ঘৰৰ কামজনা ছোৱালী আনিবৰ কথা কোৱাও তাই পাহৰি পেলাইছিল ৷
দিনত যেতিয়া ঘৰত কোনো নাছিল, অনিন্দিতাই আকৌ এবাৰ হাৰডাল লকাৰৰ পৰা উলিয়াই আনিলে আৰু আইনাৰ সন্মুখত অলংকৃত হৈ নিজকে লক্ষ্য কৰিলে ৷ এইবাৰ অৱশ্যে ডিঙিত কেৱল হীৰাৰ হাৰডালেহ নহয়, লগতে আছিল যোৱা পৰহি গিৰীয়েকৰ লগত ফাঁচীবজাৰৰ নিউ মার্কেটলৈ গৈ অনা দামী বেনাৰসী শাৰীখন ৷ এই সেউজীয়া শাৰীখনৰ লগত হীৰাৰ হাৰডালে তাইক অপূর্ব দেখাইছিল আৰু মনতে কল্পনা কৰি লৈছিল তাই যেন কোনোবা দেশ এখন বা কল্পকাহিনী এটাৰ সদ্যো উপযুক্তা মহাৰাণী ৷
পিছদিনা মানে আজি অনিন্দিতাৰ বিবাহ বার্ষিকী ৷ পুৱাৰে পৰা লানি নিছিঙা কামৰ ব্যস্ততাই অনিন্দিতাক হীৰাৰ হাৰডালৰ পৰা বিচিছন্ন কৰি ৰাখিলে যদিও তাহৰ অৱচেতন মনে হাৰডালৰ ওপৰত নিজৰ অধিকাৰৰ কথা বাৰে বাৰে সোঁৱৰাই থাকিল আৰু অপেক্ষা কৰি ৰল কেতিয়ানো গিৰীয়েকে আহি তাহক আচৰিত কৰি ঘোষণা কৰিব সিহঁতৰ প্রেমৰ উপহাৰটিৰ কথা, কেতিয়াকৈনো গিৰীয়েকে আহি আটোমটোকাৰিকৈ পিন্ধাই দিব মূল্যৱান সেই হীৰাৰ হাৰডাল ৷
লাহে লাহে সৰু–বৰ আলহীৰে ভৰি পৰিছিল অনিন্দিতাহঁতৰ ঘৰখন ৷ গোটেই ঘৰটো বিভিন্ন খোৱা বস্তু, ৰঙা–নীলা বেলুন, লাহট আদিৰে সু–সজ্জিত হৈ পৰিছিল ৷ মানুহবোৰৰো আহোঁতে সৰু–ডাঙৰ একোটা উপহাৰৰ পেকেটেৰে হাত আছিল ৷ সকলোকে আজি সুন্দৰ দেখাইছে, সকলোৱেই যেন আজি ভালৰো ভাল কাপোৰযোৰ পিন্ধি আহিছে ৷ অনিন্দিতাকো আজি দেখাত কম ধুনীয়া লগা নাছিল, তাহৰ সেউজীয়া বেনাৰসী শাৰীখনে সঁচাকৈয়ে তাইক কোনো ৰাণীৰ মর্যাদাই দিছিল, মাথোঁ অভাৱ আছিল তাইৰ ডিঙিত একমাত্র সেই হীৰাৰ হাৰডাল ৷
তাই অপেক্ষাত ৰল, যিকোনো মুহূর্ততে গিৰীয়েকে আচৰিত কৰি হয়তো পিন্ধাব পাৰে এতিয়াই তাইক হাৰডাল ৷ কিন্তু তাই ভবা ধৰণে নহল ৷ অনিন্দিতাই ধৈর্য ধৰিয়ে আগ্রহেৰে অপেক্ষা কৰি ৰল হাৰডালৰ উপযুক্তা উত্তৰাধিকাৰী ঘোষণা হোৱাৰ বিষয়ে জানিব৷ কিন্তু সময় আগবাঢ়ি থাকিল, হাৰডাল পিন্ধা দূৰৰে, তাই সেইডাল এবাৰ চাবলৈকেও আহৰি নাপালে ৷ অনুষ্ঠানৰ মাজতে ভাবিলে অনিন্দিতাই যে হয়তো গিৰীয়েকে পাহৰিছে কিজাি! তাই গৈ মনত পেলাই দিব নেকি গিৰীয়েকক ! নে তাই নিজে গৈ হাৰডাল পিন্ধি আহি ! কিন্তু অনিন্দিতাই দুয়োটাৰে এটাও নকৰিলে ৷
আৰু এতিয়া ৰাতি ডেৰটা বজাত মনৰ ক্ষোভ উজাৰি, অভিযোগ, অপমানত হাৰডাল হাতত লৈ বেজাৰ মনে বহি অনিন্দিতাই ভাবিব ধৰিছে বহু কথা৷ শুৱনি মুখমণ্ডলত বিষাদৰ কলা ডাৱৰে মেঘাচ্ছন্ন কৰি ৰাখিছে আৰু যিকোনো মুহূর্ততে হয়তো তুষাৰ বৃষ্টিপাত নামি আহিব অনিন্দিতাৰ দুগালেৰে দুধাৰি লোটকৰ ৰূপেৰে ৷ পিন্ধনত এতিয়াও তাহৰ নতুন বেনাৰসী শাৰীখন ৷ কাপোৰ খোলাৰ ইচ্ছাকণো তাইৰ এতিয়া মনৰ মাজৰ পৰা লুপ্ত হৈ পৰিছে ৷ তাই মাথোঁ ভাবিছে কাৰ কাৰণে আনিব পাৰে গিৰীয়েকে হীৰাৰ এই হাৰডাল তাইৰ নিশ্চয় নহয! অনিন্দিতাৰ হোৱাহেঁতেন এতিয়ালৈকে সেইডালে তাইৰ ডিঙিৰ শোভাবর্ধন কৰিলে হয! অনিন্দিতাৰ কল্পনা সপোন হৈয়েই ৰল ৷
অনিন্দিতাই তাইৰ জীৱনৰ আহিবলগীয়া ধুমুহাটিৰ কথাও ভাবিলে ৷ কিজানি গিৰীয়েকৰ আন কোনোবা এগৰাকী প্রেমাস্পদে আছে কিজানি সিহঁতৰে প্রেমৰ চিন পৰিচিতি ৰূপে এই হাৰডাল আৰু সেয়ে অনিন্দিতাক একো নজনাকৈয়ে গিৰীয়েকে সযতনে লুকুৱাই ৰাখিছে হাৰডা ! হয়তো এয়েই শেষ এটা সম্পর্কৰ, এটা পৰিয়ালৰ, এটা সুন্দৰ ভৱিষ্যতৰ ৷
আনটো কোঠাৰ পৰা অনিন্দিতাৰ গিৰীয়েক ভাগৰুৱা খোজেৰে ভিতৰ সোমাই আহিল ৷ অনিন্দিতাৰ বিমর্ষ এহ মূর্তিময় অৱস্থা, তাইৰ মনৰ মাজৰ হাহাকাৰ আদি একো ধৰিব নোৱাৰিলে ৷ গিৰীয়েকে লক্ষ্য কৰিলে, অনিন্দিতাৰ হাতত তেওঁ সযতনে লুকুৱাই থোৱা সেই হীৰাৰ হাৰডাল ৷ কিন্তু গিৰীয়েকে ভয়, অপমান, অভিযোগ একোৱেই মনত প্রশ্রয় নিদিলে আৰু বেছ হাঁহি হাঁহি দ্বিধাহীনভাৱেহ কলে– অ হাৰডাল দেখিলা নেকি তোমাক কব পাহৰিছিলোঁৱে, এইডাল মোৰ বন্ধু এজনে তেওঁৰ ঘৈণীয়েকলৈ অনা জন্মদিনৰ উপহাৰ ৷ বন্ধুজনে ঘৈণীয়েকক আচৰিত কৰি জন্মদিনৰ দিনা উপহাৰটো দিবৰ বাবে মোৰ তাত লুকুৱাই ৰাখিছে ৷ তেওঁৰ ঘৰত থাকিলে হেনো ঘৈণীয়েকে আগতীয়াকৈ গম পাব আৰু আচৰিত কৰি উপহাৰ দিয়াৰ একো মজাই নাথাকিব৷
কথাখিনি শুনি অনিন্দিতাৰ ওঁঠৰ ফাঁকেৰে এটা শেঁতা হাঁহি ওলাই আহিল ৷ কিজানি তাই সকাহ পাহছে, একেলগেই দুখো অনুভৱ কৰিছে! গিৰীয়েকে অনিন্দিতাক উদ্দেশ্যি আৰু কিবাকিবি কৈ থাকিল যদিও তাই একো নুশুনিলে ৷ অনিন্দিতাই হাৰডাল অযতনভাৱেহ ড্রেছিং টেবুলৰ ওপৰত থলে আৰু পিন্ধি থকা সেউজীয়া বেনাৰসী শাৰীখন লাহে লাহে খুলিব ধৰিলে ৷