দীক্ষিতা চৌধুৰী
সৰুতে মায়ে মূৰত হাত বুলাই কৈছিল ভালকৈ পঢ় ডাঙৰ মানুহ হব লাগিব ৷ তোক লৈ মোৰ বহুত সপোন আছে ৷ আমাৰ জীৱনৰ এটি ধুনীয়া পৃষ্ঠাৰ নামেই হল সপোন ৷ সপোনৰ পৰাই আমাৰ জীৱনৰ এটি এটি নতুন অধ্যায়ৰ আৰম্ভ হয় ৷ সপোন আছে বাবেই আশা আছে আৰু যত আশা আছে সেই ঠাইত জীৱনটো উপভোগ কৰাৰ মাদকতাই বেলেগ ৷ সপোন দেখা আৰু পূৰণ কৰাৰ মাজত যথেষ্ট পার্থক্য আছে ৷ তাৰ বাবে প্রয়োজন নিজৰ ওপৰত দৃঢ়বিশ্বাস আৰু অদম্য সাহস ৷
মানুহ কল্পনাপিয়াসী ৷ কল্পনা জগতখনতে যেন উটি–ভাহি ভাল লাগে ৷ আৰু সেই কল্পনাবোৰৰ পৰাই সৃষ্টি হয় একোটাকৈ ধুনীয়া সপোনৰ ৷ সেই সপোনৰ পিছতেই যেন মানুহৰ জীৱন ৷ সপোনবোৰ কেতিয়াবা পূৰণ হয়, কেতিয়াবা আকৌ আধৰুৱা আৰু কেতিয়াবা আকৌ সাকাৰ নহয় ৷ কিন্তু সপোন সকলোৰেই থাকে ৷ সপোনবোৰ যেতিয়া ভাগে তাৰ পৰাই আৰু যেন এটা নতুন অধ্যায়ৰ আৰম্ভণি হয় আৰু সেই আৰম্ভণি সদায় বিশেষ ৷ বিশেষ এইবাবেই কৈছোঁ কাৰণ যেতিয়া এজন বিফল ব্যক্তিয়ে নতুনকৈ সপোন ৰচে তেওঁ আগতকৈ আৰু বেছি অভিজ্ঞ হয় আৰু অভিজ্ঞতাই মানুহৰ সপোনৰ পথ সুনিশ্চিত কৰাত সদায় সহায় কৰি আহিছে ৷
লৰালিৰ দিকচৌ বাটেৰে দেখা সপোনবোৰৰো এক বেলেগ আমেজ থাকে ৷ সোণালী শৈশৱৰ হেঁপাহবোৰে ভৱিষ্যতৰ স্বপ্নৰ উচ্চতাৰ বাট দেখুৱায় ৷ সময়ৰ সোঁতত অৱশ্যে সপোনৰ সংজ্ঞা সলনি হয় ৷ জীৱনত সফল হবলৈ হলে সপোন দেখাটো নিতান্তই প্রয়োজন ৷ সৰুতে দেউতাই কৈছিল সপোনবোৰ খুব দূৰলৈকে দেখিব লাগে, তেতিয়াহে অতিক্রম কৰিব পাৰিবগৈ ৷ Choler is one of the four cardinal humoless or fluids is the body ambition is like chaler৷ বেকনে কৈছিল উচ্চাকাংক্ষা হল এক পিত্ত ৷ যিয়ে মানুহৰ মনটো নির্ভৰ কৰে শৰীৰত থকা এই ৰস বা পদার্থৰ ওপৰত ৷ কিন্তু উচ্চাকাংক্ষা থাকিলেহে ডাঙৰ মানুহ হব পাৰে নেকি বহু ক্ষেত্রত ডাঙৰ মানুহ হোৱাৰ সপোন নেদেখাজনেও কিন্তু এখন গধুৰ আসন গ্রহণ কৰি সমাজত এজন সুপ্রতিষ্ঠিত ব্যক্তিৰূপে স্থান অধিকাৰ কৰি আছে ৷ এইক্ষেত্রত আলোচনা সময়ে সময়ে হৈ আহিছে ৷ মুঠতে জীৱন মানেই ৰঙীন সপোনৰ সমাহাৰ ৷ প্রত্যেকজন ব্যক্তিয়েই সপোন দেখে ৷
সপোন পূৰণৰ ৰাস্তাটো প্রকৃততে বহু দীঘলীয়া এক পৰিক্রমা ৷ এই পথত পথৰ কাঁইট বহুতো থাকিব, কিন্তু সেয়া অতিক্রম কৰি লক্ষ্যস্থান প্রাপ্ত কৰাজনকে সকলোৱে আঁকোৱালি লয় ৷ সপোন সন্দর্ভত মোক আটাইতকৈ বেছি আকর্ষিত কৰা ডঃ এ পি জে আব্দুল কালামৰ এক শাৰী বাক্য হল সপোন সেইটো নহয় যিটো তুমি টোপনিত দেখা, সপোন সেইটোহে যিটোৱে তোমাক শুব নিদিয়ে ৷
এটা জীয়া বাস্তৱৰ নামেই যেন সপোন ৷ আচলতে ইয়াক পূৰণ কৰিব পৰা গুণ, সাহস আৰু ধৈর্য যেন সকলোৰে নাথাকে ৷ এই পথৰ বাধাবোৰ আঁতৰাই আগুৱাব পৰাজন বহুতৰ বাবে আদর্শ হৈ পৰে ৷ সেইবাবেই কৈছোঁ এই সাহস, এই ধৈর্য সকলোৰে নাথাকে ৷ কম–বেছি পৰিমাণে সপোন সকলোৱে ৰচে মনৰ এক বিক্ষিপ্ত কোণত ৷ কিন্তু সমাজৰ এচাম এনেকুৱা লোক আছে যাক আমি মধ্যবিত্ত বুলি কওঁ, তেওঁলোকৰ সপোন বহুত থাকে, কিন্তু সেই সপোন তেওঁলোকে নিজক লৈ নেদেখি নিজৰ আত্মীয়ৰ বাবেহে যেন ৷ তেওঁলোকৰ এই সৰু সৰু সপোনবোৰতেই যেন সম্পূর্ণ জীৱন উছর্গা ৷ নিজৰ প্রিয় মানুহবোৰৰ মুখৰ হাঁহি বিৰিঙোৱাটোৱেই যেন তেওঁলোকৰ সকলোতকৈ ডাঙৰ সপোন ৷ আৰু তাতেই যেন তেওঁলোকৰ সমস্ত সুখ নিহিত ৷ সেইবাবেই সকলোৰে সপোনৰ সংজ্ঞা বেলেগ বেলেগ ৷ প্রেমৰ লগতো যেন সপোনৰ ওতপ্রোত সম্পর্ক, যত সপোন আছে তাত প্রেমো থাকিব ৷ প্রেমে যেনেদৰে কেতিয়াবা কন্দুৱায় আৰু কেতিয়াবা হঁহুৱায়, ঠিক তেনেদৰে সপোনবোৰো একেই ৷ সেইবাবে সপোন পূৰণৰ ৰাস্তাত যদি আপোনৰ সাহস হৈ কোনোবা প্রিয় মানুহ থিয় হয়, সেই পথ বহুখিনি মসৃণ হৈ পৰে ৷
সাঁচি থৈছোঁ সপোনৰ দস্তাবেজত
তোমাৰ ৰঙীন দস্তখত ৷
হবানে লগৰী তুমি মোৰ এই ৰঙীন সপোন জগতত ৷
সপোনবোৰৰ অন্ত নাই৷ জীৱন চলা মাত্রাই সপোনৰ ডেউকা দুখনি কেতিয়াবা অলপ সময়ৰ বাবে অৱসৰ ললেও কেতিয়াও স্তব্ধ নহয় ৷ মানুহ আশাবাদী আৰু এই আশাবাদী মনটোৱে সৃষ্টি কৰে একোটাকৈ ৰঙীন সপোনৰ ৷ কেতিয়াবা সৰু সৰু সপোনবোৰ পূৰণ হলেও মনবোৰে বহুত সন্তুষ্টি লাভ কৰে ৷ আৰু মানুহ অধিক উৎসাহী হয় আগন্তুক জীৱন যুজৰ বাবে ৷ চাওঁতে চাওঁতে আমাৰ জীৱনৰ এটা বর্ষ আৰু পূর্ণ কৰিলোঁ ৷ আশা কৰোঁ নতুন বর্ষটো সকলোৰে মনে বিচৰা ধৰণৰ হওক ৷ সকলোৰে আশা–ভৰসা, সপোন পূৰণৰ ৰাস্তাটোত থকা বাধাবোৰ আঁতৰাই যাব পৰাকৈ মসৃণ হৈ পৰক এই আশাৰে ৷