মৃগেন শর্মা
প্রাচীন অসমত ৰঞ্জন শিল্পৰ ব্যাপক প্রচলন আছিল ৷ অসমৰ জীয়াৰী–বোৱাৰীসকলে প্রকৃতিজাত গছ–লতাৰ পাত, ডাল, ফুল, ফল আদিৰ পৰা ঘৰতে ৰং তৈয়াৰ কৰিছিল ৷ এই ৰং ঘৰৰ তাঁতশালত বোৱা নানা বস্ত্রৰ সূতাত লগাই ৰঙীন কৰিছিল ৷ এইদৰে ৰং কৰি বোৱা সূতা দেখিবলৈ সুন্দৰ হোৱাৰ লগতে দীর্ঘস্থায়ী হৈছিল ৷ এইবোৰ ৰং কাপোৰতো লগাইছিল ৷ কাপোৰতো এনে ৰং দীর্ঘস্থায়ী হৈছিল ৷
জয়ন্ত দেৱশর্মাই লিখিছে পণ্ডিতসকলৰ মতে ৰঞ্জন কলাই শিল্প হিচাপে প্রথমে প্রতিষ্ঠা লাভ কৰিছিল ভাৰতত ৷ কিন্তু ভাৰতীয় সাহিত্যত ৰঞ্জন কলাৰ কোনো গ্রন্থ নথকাত এই কথা কমসংখ্যক লোকৰহে জ্ঞাত৷ তথাপি মহেঞ্জোদাৰোত আৱিষৃক্ত ৰঙীন বস্ত্রৰ টুকুৰা আৰু বিভিন্ন বিদেশী পৰিব্রাজকৰ ভ্রমণ টোকাই ইয়াৰ ঐতিহ্য প্রমাণ কৰে ৷ অতি পুৰণি কালৰে পৰা ভাৰতত চলি অহা ৰঞ্জক দ্রব্যৰ প্রস্তুতিৰ বিষয়ে টোকাসমূহত উল্লেখ পোৱা যায়৷ অতীজত ৰং লগোৱা কপাহী কাপোৰে বিশ্বৰ অনেক দেশত সুনাম অর্জন কৰিছিল ৷ খ্রীষ্টপূর্ব ২০০ চনতে ৰোমান সাম্রাজ্যৰ জাহাজ আহি পশ্চিম ভাৰতৰ বন্দৰ নগৰীত লংগৰ পেলাইছিল একমাত্র ভাৰতীয় ৰঙীন কপাহী কাপোৰৰ অন্বেষণত ৷
সাধাৰণতে উদ্ভিদ আৰু প্রাণীৰ দেহকলাত থকা ৰঙীন পদার্থক ৰঞ্জক কণিকা বোলে ৷ অন্য যিকোনো পদার্থৰ গাত ৰং সানিব পৰা পদার্থক ৰঞ্জক পদার্থ বোলে ৷
১৮৫৬ চনত ছাৰ উইলিয়াম হেন্ৰি পার্কিন নামৰ ৰসায়ন বিজ্ঞানীজনে প্রথমবাৰৰ বাবে সংশ্লেষিত পদ্ধতিৰে মাহভেন নামৰ এবিধ ডাঠ বেঙুনীয়া ৰঙৰ ৰঞ্জক দ্রব্য পৰীক্ষাগাৰত প্রস্তুত কৰি উলিয়াইছিল ৷ এইবিধ পদার্থই বিশ্বৰ প্রথম বাণিজ্যভাৱে উৎপাদিত ৰঞ্জক পদার্থ৷ ৰাসায়নিকভাৱে তৈয়াৰী এই কৃত্রিম ৰঙৰ আৱিষ্কাৰ আৰু সহজলভ্যতাৰ ফলত প্রাকৃতিক ৰঞ্জক পদার্থৰ ব্যৱহাৰ ক্রমে কমিবলৈ ধৰে ৷ কাৰণ এইবোৰ ৰঙৰ উৎপাদনত যথেষ্ট সময়ৰ প্রয়োজন হয় ৷
অসমীয়া মানুহে অতীতৰে পৰা থলুৱাভাৱে বিভিন্ন প্রাকৃতিক আৰু আন পদার্থৰ সংমিশ্রণেৰে নানা ৰং প্রস্তুত কৰি নিজৰ সাজ–পোছাক, নিত্য ব্যৱহার্য আহিলা–পাতিত আৰু সুকুমাৰ কলাত প্রয়োগ কৰিছিল ৷ বাণভট্টৰ হর্ষচৰিতত আছে কুমাৰ ভাস্ক্ৰবর্মাই হর্ষবর্ধনলৈ পঠিওৱা উপঢৌকনসমূহৰ ভিতৰত এবিধ আছিল ভোজপত্রৰ দৰে কোমল জাইফুল বৰণীয়া পাট কাপোৰ৷ ১৬২০ শকত কছাৰী ৰজাই আহোম স্বর্গদেউক এখন ৰংচঙীয়া ফুলাম পাটী উপহাৰ দিছিল ৷
প্রাচীন কালৰে পৰা ৰঞ্জন শিল্পত ব্যৱহাৰ হোৱা প্রাকৃতিক উপাদানবোৰক আমি তলত দিয়া ধৰণে ভাগ কৰিব পাৰোঁ
১. ফুল– পলাশ, ধঁতুৰা, কুসুম, কুম্কুম, শিমলু, শেৱালি আদি ৷ বৃক্ষ–লতাদিৰ মূল– হৰিদ্রা বা হালধি, মঞ্জিঠা আদি৷
2. গছৰ কাঠ আৰু বাকলি– কঁঠাল, চন্দন কাঠ আদি ৷
৩. ফল– কমলা, লটকান আদি ৷
৪. গছৰ পাত– নীল, জেতুকা আদি ৷
বিভিন্ন ৰঙৰ ফুল, গুটিৰ বাকলি আৰু পাত, ফল আৰু কোনো কোনো ক্ষেত্রত ৰাসায়নিক পদার্থও কাপোৰত ৰং দিবৰ বাবে ব্যৱহাৰ হৈছিল ৷ এইবোৰৰ ভিতৰত ৰঙা জবা ফুল, শেৱালি ফুল, জলফাই টেঙা, সুমথিৰা টেঙা, মাটিকঁঠাল, ভোমৰতীৰ পাত, বৰুণ গছৰ পাত, বেলৰ খোলা, আমলখি, কর্দৈ গছৰ ছাল, কুসুম ফুল, কেন্দু গছৰ ছাল, জামুক গছৰ ছাল, ডালিমৰ গুটি আৰু ছাল, তেঁতেলি, থেকেৰা, নাহৰ ফুল, মদাৰ ফুল, মধুৰি গছৰ ছাল আৰু পাত, ৰঘুমলা, লেতেকু গছৰ ছাল, শিলিখা, টেপৰ গছৰ ছাল, ৰম গছৰ পাত আদি অন্যতম ৷
ফুল–চন্দন নামৰ গ্রন্থত বেণুধৰ শর্মাই লিখিছে মজাঠি, জৰঠ, জেতুকা, পলাশৰ ছাল–ফুল, নীল, কেহেৰাজৰ ৰস, পূৰৈ শাক, জামুকৰ ছাল, কুহুম ফুলৰ গুটি এইবোৰেৰেই কাপোৰ বোলোৱা হৈছিল ৷
প্রাকৃতিক উপাদানেৰে ৰং প্রস্তুতঃ
হটা ৰংঃ জাতিকৰৈ গছৰ বাকলিৰ সৈতে দাগল গছৰ পাত মিলাই সিজালে ইটা ৰং পোৱা গৈছিল ৷
ফাকু বা ৰঙচুৱা ৰংঃ জেতুকাৰ পাতৰ পৰা পোৱা যায় ৷
কলা ৰংঃ আম, মধুৰি, শিলিখা আৰু জামুগছৰ বাকলি গুড়ি কৰি প্রস্তুত কৰা হৈছিল ৷ আমলখি ফল, শিলিখাৰ বাকলিৰে সিজাই কলা ৰং পোৱা যায় ৷ আকৌ কেহেৰাজৰ পাতৰ পৰাও এই ৰং পাব পাৰি ৷
নীলা ৰংঃ নীল গছৰ পাত খুন্দি পানীৰে সৈতে মিহলালে এই ৰং পোৱা যায় ৷
ৰঙা ৰংঃ কেইবাটাও পদ্ধতিৰে ৰঙা ৰং উৎপাদন কৰা হয়
মধুৰিআমৰ পাত সিজোৱা পানীৰে কহ দি আচু–কঢ়ি গছৰ ছাল সিজাই সেই পানীৰে সূতাৰ ৰঙা ৰং কৰা গৈছিল ৷ শুকাই যোৱা মদাৰ ফুল উতলালেও ৰঙা ৰং পোৱা যায় ৷
সেউজীয়া ৰংঃ পলাশ ফুল উহোৱা পানীৰে কপাহী সূতা ৰং কৰিলে সেউজীয়া ৰং পোৱা যায় ৷
বেঙুনীয়া ৰংঃ মঞ্জিঠা বা মদাৰৰ লগত লো মিহলাই বেঙুনীয়া ৰং পোৱা যায় ৷
মটীয়া ৰংঃ এই ৰঙৰ বাবে প্রয়োজনীয় দ্রব্যবোৰ হল– ভোমোৰা গুটি, কেন্দু গছৰ আধা পকা গুটি, অমাৰি গছৰ ছাল, খৈৰা গছৰ ছাল, ভোমৰতীৰ পাত, বৰুণ গছৰ গুটি ৷
ৰং কৰিবলৈ বিশুদ্ধ পানী বাছি লোৱা হয় ৷ ৰং আৰু পানীৰ ঘনত্ব অনুসৰি ৰঙৰ বৰণ কম–বেছি হব পাৰে ৷ কাপোৰ বা সূতা ৰং কৰাৰ আগতে ধুই পৰিষ্কাৰ কৰি লব লাগে ৷
বর্তমান কাপোৰ বা সূতা পৰিষ্কাৰ কৰি ৰং কৰিবলৈ চাবোনেৰে ধুই লোৱাৰ আগতে তাহানি কালত প্রাকৃতিক উপায়েৰে ধোৱা হৈছিল ৷
কাপোৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা প্রাকৃতিক পদ্ধতিঃ
বহুতো উদ্ভিদৰ কাপোৰ পৰিষ্কাৰ কৰিব পৰা গুণ আছে ৷ এনে গুণ থকা এবিধ গছ হল মণিছাল ৷
মণিছাল খৰালি কালত পাত সৰা এবিধ গছ ৷ এই গছ সৰুৰ পৰা মজলীয়া আকাৰৰ হয় ৷ গছজোপা ২০ মিটাৰলৈকে ওখ হব পাৰে ৷
মণিছালৰ ফলৰ শাইখিনি গুচাই পানীত তিয়াই থৈ কিছু সময় লৰচৰ কৰিলে চাবোনৰ দৰে ফেনৰ উৎপত্তি হয় ৷ তেতিয়া ইয়াক চাবোনৰ দৰে কাপোৰ ধোৱা কামত ব্যৱহাৰ হয় ৷ ৰেচম, ঊণ, কপাহী, এৰী আদি কাপোৰ ধোৱাৰ উপৰি সোণৰ অলংকাৰ–পাতি এই দ্রবত ধুই পৰিষ্কাৰ কৰা হয় ৷
কলাখাৰো কাপোৰ ধোৱা কামত ব্যৱহাৰ হয় ৷ কলগছৰ পৰা কৰা কলাখাৰৰো কাপোৰ পৰিষ্কাৰ কৰিব পৰা গুণ অধিক ৷
এনেদৰে তাহানি কালত কাপোৰ আৰু সূতাত প্রাকৃতিকভাৱে ৰং কৰা হৈছিল ৷ সেই সময়ত ৰঞ্জন শিল্প প্রায় ঘৰে ঘৰে আছিল ৷
ফোন- ৯৬৭৮১-৭৯৩৪৬