জুতি জীৱনৰঃ লিচু

লিচুৰ আচাৰ

মফিদা ৰহমান

উপকৰণঃ

১.  লিচু দুই বাটি গুটি গুচাই টুকুৰা কৰি লোৱা

২. চেনি এবাটি

৩.  মিঠাতেল ৪ টেবুল চামুচ

৪.  কলা নিমখ এচামুচ

৫.  জলকীয়া গুড়ি ২-৩ চামুচ

৬.  পাঁচ ফুৰণ এচামুচ

৭. শুকান জলকীয়া গোটা ৬-৭টা

৮.  ভজা জিৰা গুড়ি এচামুচ

৯.  হালধি গুড়ি আধা চামুচ

প্রণালীঃ  কেৰাহীত মিঠাতেল গৰম হব দি পাঁচ ফুৰণ আৰু শুকান জলকীয়াকেইটা দি অলপ লৰাই লিচুখিনি দি ভালদৰে ভাজিলোঁ ৷ হালধি গুডি, জলকীয়া গুডি, নিমখ, চেনি দি আৰু কিছু সময় ভালদৰে ভাজিব ৷ শেষত জিৰা গুড়িখিনি দি ভালদৰে লৰাই তেল বিৰিঙি আহিলে নমাই থব ৷

লিচু ষ্টাফড ৰাবৰি

উপকৰণঃ

১.  গাখীৰ এক লিটাৰ

২.  লিচু ১০-১২টা গুটি গুচাই লোৱা

৩.  চেনি ৫-৬ চামুচ

৪.  মাৱা আধা কাপ

৫.  ড্রাই  ফ্ৰূইট অলপ সৰুকৈ কটা

৬. কেশৰ অলপ

৭.  ইলাচি গুডি এচামুচ

৮.  শুকান নাৰিকলৰ গুড়ি ৪ চামুচ

৯.  কমলা ৰং ফুড কালাৰ সামান্য

প্রণালীঃ  লিচুৰ গুটিবোৰ সাৱধানে উলিয়াই ললোঁ ৷ কেৰাহীত গাখীৰখিনি কম জুইত লাহে লাহে লৰাই তাত চেনি, ড্রাই  ফ্ৰূইটছ, কেশৰ  দি  গাখীৰখিনি ঘন হৈ অহালৈ ঘনাই লৰাই থাকিব ৷ যেতিয়া গাখীৰখিনি কমি ঘন হৈ আহিব, তেতিয়া নমাই ঠাণ্ডা হব দিব ৷ আন এখন কেৰাহীত মাৱাখিনি দি কম জুইত ভাজি তাত চেনি, নাৰিকলৰ গুড়ি, ফুড কালাৰ, ড্রাই ফ্ৰূইটছ দি কিছু সময় ভাজি গোট মাৰি আহিলে নমাই থব ৷ এতিয়া লিচুৰ ভিতৰত মাৱাৰ মিশ্রণ অলপ অলপ ভৰাই দিব ৷ বাটি এটাত পূৰ ভৰোৱা লিচুবোৰ ভালদৰে থৈ ওপৰত ৰাবৰিখিনি দি ইলাচি গুড়িখিনি ছটিয়াই ফ্রীজত কিছু সময় ঠাণ্ডা হব দি পৰিৱেশন কৰিব ৷

ৰ’জ ফ্লেভাৰ লিচুৰ চৰবত

উপকৰণঃ

১.  লিচু ১০টা গুটি গুচাই লৈ মিক্সিত পেষ্ট কৰি লৈ চাকি লোৱা

২.  ৰজ ছিৰাপ ৫-৬ চামুচ

৩. নেমু ৰস ৪-৫ চামুচ

৪.  বৰফৰ টুকুৰা

৫.  চেনিৰ গুড়ি প্রয়োজন অনুসৰি

৬.  কলা নিমখ অলপ

৭.  ছডা বটল এটা

প্রণালীঃ  লিচুৰ ৰস, চেনি, ৰজ ছিৰাপ, নেমু ৰস, নিমখখিনি দি ভালদৰে লৰাই গ্লাছ এটাত বৰফৰ টুকুৰাবোৰ দি লিচুৰ ৰসখিনি দি ওপৰত ছডা ঢালি ভালদৰে লৰাই পৰিৱেশন কৰিব ৷

লিচুৰ আহচক্রীম

উপকৰণঃ

১.  লিচু ২ কাপ গুটি গুচাই মিক্সিত পেষ্ট কৰি লোৱা

২. হুইপড ক্রীম ৩ কাপ ব্লেণ্ডাৰত ফেটি লোৱা

৩.  কনডেঞ্চ মিল্ক আধা কাপ

৪. লিচুৰ পাল্প অলপ মান

প্রণালীঃ  হুইপড ক্রীমখিনিৰ লগত লিচুৰ পেষ্ট, কনডেঞ্চ মিল্ক, লিচুৰ পাল্পখিনি দি ভালদৰে মিলাই, এয়াৰ টাইট বাটি এটাত ঢালি, ৭-৮ ঘণ্ঢা ফ্রীজত থৈ পৰিৱেশন কৰিব ৷

ফোনঃ  ৮৬৩৮৭-৫৮৩২৮

You might also like
Leave A Reply

Your email address will not be published.